• তনয় চক্ৰৱৰ্তী
শ্ৰীজগন্নাথ মন্দিৰৰ সমীপত গুপ্তধন:
উৰিষ্যাৰ পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰৰ পূব প্ৰান্তত শিল দলিয়াই ঢুকি পোৱা দূৰত্বত আছে এমাৰ মঠ। ২০১১ চনত এই এমাৰ মঠ এলেকাত প্ৰথমবাৰৰ বাবে পোৱা গৈছিল ১৮ টন ওজনৰ ৰূপৰ টুকুৰা। ২০১১ চনত মঠটোৰ ভিতৰত উদ্ধাৰ হোৱা ১৮ টন ওজনৰ ৫২২ টুকুৰা ৰূপৰ ধাতুখিনিৰ মূল্য প্রায় ৯০ কোটি টকা আছিল৷ তাৰপিছত ডেৰবছৰ ধৰি মঠৰ খননকাৰ্য চলাই উদ্ধাৰ কৰা হৈছিল কোটি কোটি টকাৰ সম্পদ।
মঠটোৰ কর্তৃপক্ষ আৰু লগতে ইতিহাসবিদসকলে সন্দেহ কৰে যে মঠটোৰ প্রাংগণত বহু মূল্যৱান সম্পদৰ এটা গোপন ভাণ্ডাৰ আছে৷ পূর্বতে আৱিষ্কাৰ কৰা দুটা ভাণ্ডাৰে এই সন্দেহ দৃঢ় কৰিছে৷ যোৱা বছৰৰ এপ্রিলৰ আগভাগত মঠটোৰ ভিতৰত আৰু ৪৫টা ৰূপৰ ধাতুপিণ্ড (ইংগট) পোৱা গৈছিল৷ প্রতিটো পিন্ডৰ ওজন আছিল ৩৫ কিল’গ্রামকৈ৷ তাৰোপৰি এজোপা ৰূপৰ গছ আৰু ৰূপৰ ভালেমান ফুল, প্রায় ১৬খন তৰোৱাল আৰু ব্রঞ্জেৰে নির্মিত গৰুৰ ভাস্কর্য এটাও উদ্ধাৰ কৰা হৈছিল৷
সেই মঠত খনন কাৰ্য চলোৱা ‘আৰ্কিওলজিকেল চাৰ্ভে অব ইন্ডিয়া’ই অন্তিমবাৰৰ বাবে খনন কাৰ্য চলাই এই সিদ্ধান্তত উপনীত হৈছিল যে মঠ সংলগ্ন ভূমিত পুনৰ কোনো সম্পদ উদ্ধাৰ নহ’ব। কিন্তু হঠাৎ, বিগত কেইমাহমান ধৰি দীঘলীয়া পৰীক্ষা নীৰিক্ষা চলাই আৰু মেটেল ডিটেক্টৰ আদিৰে সংলগ্ন ভূমিত পৰীক্ষা কৰাৰ পিছত বিশেষজ্ঞসকলৰ এতিয়া বদ্ধমূল ধাৰণা হৈছে যে মঠ সংলগ্ন ভূমিৰ কোনো কোণত আছে বিশাল পৰিমাণৰ গুপ্তধন।
উল্লেখযোগ্য যে এই মঠটো ১০৫০ খ্রীষ্টাব্দত স্থাপন কৰিছিল ৰামানুজাচার্যই ৷ তেওঁ ৰামানুজ পন্থৰ ১৮টা মঠ পুৰীত স্থাপন কৰিছিল৷ আটাইকেইটা মঠৰেই শ্ৰীজগন্নাথ মন্দিৰৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছে৷ এমাৰ মঠৰ প্রথম পুৰোহিত আছিল ৰামানুজাচার্জৰ সম্পর্কীয় ভাতৃ গোবিন্দাচার্য বা গোবিন্দ জীয়াৰ৷ গোবিন্দাচার্যক এম. পেৰু মান্নাৰ নাম দিয়া হৈছিল৷ তামিল ভাষাত, ইয়াৰ অর্থ ‘মোৰ ঈশ্বৰ’ (মাই লর্ড)৷ কিন্তু এচাম শিষ্যই নামটোৰ বিৰোধিতা কৰিছিল আৰু অৱশেষত ইয়াক ‘এমাৰ’লৈ সলনি কৰা হৈছিল৷
যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখ (২০২২) বৃহস্পতিবাৰে ভূমি জৰীপ সংক্ৰান্তীয় সকলো কাম সমাপ্ত কৰিছে আৰ্কিওলজিকেল চাৰ্ভে অব ইন্ডিয়াই। সম্ভৱতঃ অতি শীঘ্ৰে পুনৰ খননকাৰ্য আৰম্ভ কৰা হ’ব। এতিয়া সমগ্ৰ অঞ্চল ঘেৰি লৈ সম্পদ ৰক্ষাৰ নামত বিশাল পুলিচ বাহিনী মোতায়ন কৰা হৈছে।
এনেদৰে শুনা যায় যে ২০০৮-০৯ চনত পুৰীৰ মন্দিৰৰ সংস্কাৰ সাধনৰ নামত মন্দিৰ সংলগ্ন বহুত এলেকা তথা বাসগৃহ দখল লোৱাৰ সময়তে এমাৰ মঠতো খননকাৰ্য চলোৱা হৈছিল। তেতিয়াই সন্দেহভাজন দুজন ৰাজমিস্ত্ৰীৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰিছিল স্থানীয় বাসিন্দাসকলে। সেই দুজনৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছিল প্ৰায় ১৮ কিলোগ্ৰাম ওজনৰ ৰূপৰ দুটাকৈ টুকুৰা।
পুলিচৰ জেৰাত সেই শ্ৰমিক দুজনে জনাইছিল যে মঠৰ ভূমিত খনন কৰি থাকোতেই তেওঁলোকে ৰূপৰ সামগ্ৰী উদ্ধাৰ কৰিছে। প্ৰথমতে পুলিচে বিশ্বাস কৰা নাছিল যদিও পিছত এলেকাটোত অনুসন্ধান চলাবলৈ আৰ্কিওলজিকেল চাৰ্ভে অৱ ইন্ডিয়াৰ সহায় বিচাৰিছিল। তাৰ পিছতেই পোহৰলৈ আহে যে মঠৰ পূব প্ৰান্তত প্ৰচুৰ পৰিমাণৰ গুপ্তধন আছে। সেই ঘটনাৰ কেইমাহমানৰ পাছতেই আৰম্ভ হয় খননকাৰ্য। কিন্তু মঠৰ বিশালাকাৰ ভূমিত খননকাৰ্য নচলাই এক নিৰ্দিষ্ট অঞ্চলৰ ভূমিত খননকাৰ্য চলাই ১৮ কোটি টকাৰ সোণ আৰু ৰূপ উদ্ধাৰ কৰা হৈছিল। তাৰ পিছৰে পৰাই মঠৰ এলেকা পুলিচৰ কটকটীয়া পহৰাৰ মাজত ৰখা হৈছিল। কিন্তু কেইবছৰমান আগৰ পৰা লাহে লাহে পুলিচৰ সংখ্যা ক্ৰমশঃ কমি আহে আৰু এসময়ত পুলিচ দেখা নোপোৱা হৈ পৰে।
যোৱা বৃহস্পতিবাৰে, ১৭ ফেব্ৰুৱাৰী তাৰিখৰ পৰা পুনৰ আৰ্কিওলজিকেল চাৰ্ভে অৱ ইন্ডিয়াই সেই এলেকাত গৱেষণা আৰম্ভ কৰাৰ লগে লগে পুনৰ পুলিচে এলেকাটো ঘেৰি পেলাইছে। ঐতিহাসিক সকলৰ অনুমান, ইংৰাজৰ আমোলত বা প্ৰাকৃতিক দুৰ্যোগৰ ( যেনে, ১৮৬৭ চনৰ উৰিষ্যাৰ ভয়ংকৰ খৰাং আৰু দুৰ্ভিক্ষৰ দিন) সময়ত মঠৰ সম্পত্তি ৰক্ষা কৰিবলৈ মঠৰ কোনো ভূমিত খনন কৰি মূল্যবান ধন- ৰত্ন পুতি থোৱা হৈছিল। ২০১১ চনত খননকাৰ্য চলাওতে বৃটিছৰ দিনৰ কেইটামান সোণৰ মুদ্ৰাও পোৱা হৈছিল। এতিয়া নতুনকৈ আৰম্ভ কৰা খননকাৰ্যই কি কি পোহৰলৈ আনে – সেয়া সকলোৱে অপেক্ষা কৰিছে।