শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস
যুগান্ত বায়ন

অসমীয়া জাতীয় জীৱনক সম্বৃদ্ধিশালী কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱকে ধৰি পুজনীয় মহাপুৰুষসকলৰ চিন্তা-চেতনা, আদৰ্শ আৰু কৃষ্টি-সংস্কৃতি ৰাজ্যখনৰ একাংশ লোকে বিজতৰীয়া ৰূপত পৰিৱেশন কৰা প্ৰতিযোগিতাত নামি পৰা সময়তে জাতিটোৰ চিন্তা-চেতনাক জাগ্ৰত কৰিবলৈ দক্ষিণ ভাৰতৰ এটা মন্দিৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পাঁচ শতিকাৰো আগতে ৰচনা কৰা কোনো আ-কাৰ ই-কাৰ নথকা “কৰতল কমল কমল দয় নয়ন, ভবদব দহন গহন গণ শয়ন” এই কোমল কবিতাটোক প্ৰাৰ্থনা হিচাপে পৰিৱেশন কৰি গুৰুজনাক জগত সভালৈ লৈ যোৱাৰ বাবে এক ইতিহাস সৃষ্টি কৰাৰ সময়তে গুৰুজনাৰ জন্মস্থান অসমতেই আজি যেন তেওঁৰ জ্ঞান-গৰিমাক অৱহেলা কৰাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ লোকে গ্ৰহণ কৰা ব্যৱস্থাৱলীয়ে জাতীয় জীৱনৰ এই দুৰ্যোগপূৰ্ণ মূহুৰ্তত জাতিটোলৈ আন এক বিপদৰ আগজাননী কঢ়িয়াই আনিছে।

অতি সম্প্ৰতি সনাতনী সংস্কৃতি ৰক্ষাৰ দোহাই দি মহাপুৰুষসকলে দেখুৱাই যোৱা সেই সোণোৱালী পথটোক ৰুদ্ধ কৰি নিজৰ স্বাভিমান, জাতীয়তাবাদক নস্যাৎ কৰিবলৈ আমি যেন উদ্বাউল হৈ পৰিছো। শাৰদীয় বতৰ আৰম্ভ হোৱাৰে পৰা “ভোলে বোম”ৰ নামত ৰাজ্যখনক আৱৰি ধৰা অপসংস্কৃতিয়ে ৰাজ্যখনৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য লৈ প্ৰত্যাহ্বান নমাই আনিছে। এনে অপসংস্কৃতিয়ে গোটেই শাৰদীয় বতৰটোকে অসমীয়া জন জীৱনৰ মূল সত্ত্বাৰ পৰা বিচ্ছিন্ন কৰাৰ এক পৰিৱেশ গঢ়ি উঠিছে।
শেহতীয়াকৈ ১৫ নৱেম্বৰৰ পৰা বিশেষকৈ নামনি অসমৰ মৃন্ময় মূৰ্তিৰ আলমত উৎযাপন হ’বলগীয়া ৰাস উৎসৱসমূহত অসমৰ স্বকীয় পৰম্পৰা আৰু ৰাস উৎযাপন হ’বলগীয়া অঞ্চলসমূহৰ পৰম্পৰা আৰু ৰীতি-নীতিক একাষৰীয়া কৰি থৈ অন্য কোনো অপসংস্কৃতিয়ে যাতে ৰাস উৎসৱৰ শৃংখলা আৰু শালিনতাক বিঘ্নিত কৰিব নোৱাৰে তাৰবাবে সতৰ্ক হোৱাটো অতি প্ৰয়োজন। নহ’লে অতি গোলকীকৰণ আৰু সনাতন সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ আমি আমাৰ শতিকা পুৰণি সাংস্কৃতিক সমলসমূহক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব।
অসমত এনে দোমোজাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ সময়তে অসমৰ দাঁতিকাষৰীয়া উত্তৰ-বংগত কোচবিহাৰত উৎযাপন হৈ থকা ৰাস উৎসৱে আজিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ আৰু মতবাদক অতি গৌৰৱেৰে প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পুৰণি বৰ অসমৰ অভিন্ন অংগ কোচবিহাৰৰ ৰাসৰ মূল আধাৰ বিন্দু শ্রীকৃষ্ণ নহয়, ‘মদন মোহন’। বিষ্ণুৰূপী অদ্বৈত ৰূপ এই মদন মোহনৰ।
মদন মোহন কোচবিহাৰৰ ৰাজবংশৰ ইষ্ট দেৱতা। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি শ্ৰীমন্ত শংকৰদেৱৰ নাম। মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্রই হ’ল ‘এক শৰণ’। ৰাধাবিহীন মদন মোহন (কৃষ্ণ)ৰ পূজা-অর্চনা তথা মাহাত্ম্য প্রচাৰে শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ মূল কথা। অনেক ঘাত-প্রতিঘাতৰ মাজত শংকৰদেৱে কোচ মহাৰজা নৰনাৰায়ণৰ আশ্রয়ত থাকিবলৈ লৈছিল।
এই বিষয়ত মুখ্য ভূমিকা পালন কৰিছিল মহাৰাজৰ ভাতৃ সেনাপতি বীৰ চিলাৰায়ে। যিজনা বীৰ শুক্লধ্বজ হিচাপেও পৰিচিত। ৰজা নৰনাৰায়ণে শংকৰদেৱক অকল ধর্মগুৰু হিচাপে মানি লোৱা নাছিল, ৰজাই শংকৰদেৱক কোচবিহাৰৰ উপকণ্ঠ অঞ্চলত সত্র স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ কাৰণে সুবিধা কৰি দিছিল। ৰজা নৰনাৰায়ণে শংকৰদেৱৰ শিস্য হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল যদিও মহাপুৰুষজনাই ৰজাৰ গুৰু হ’বলৈ অস্বীকাৰ কৰিছিল।
ইয়াৰ পৰিৱৰ্তে ৰজা নৰনাৰায়ণক এটা বিষ্ণু মূর্তি স্থাপন কৰি অনন্ত কন্দলিক পূজা- অৰ্চনা কৰিবলৈ শংকৰদেৱে দায়িত্ব দিয়ে। এই বিগ্রহকেই পৰৱৰ্তীকালত “মদন মোহন-লক্ষ্মীনাৰায়ণ” নামে জনা যায়। কোচবিহাৰৰ ৰাস মহাপুৰুষ শংকৰদেৱৰ বৃহত্তৰ ধ্যান-ধাৰণা আৰু সংস্কৃতিৰ এক নব্য ৰূপ। ৰাস চক্ৰৰ নিৰ্মাণ কার্যত মুছলিম পৰিয়ালো জড়িত হৈ পৰিছে। ৰাস চক্ৰৰ মাজত বিদ্যমান হিন্দু, বৌদ্ধ আৰু ইছলামীয় প্রভাৱ।
অতীত কালত কোচবিহাৰ আৰু পার্শ্বৱর্তী বৃহত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল। এই প্রসংগত ‘দামোদৰ চৰিত’ত পোৱা যায়- ‘লক্ষ্মীনাৰায়ণ পুত্র-পত্নী/লৈলেক শৰণ দামোদৰ চৰণত।’ মহাৰাজ নৰনাৰায়ণ বৈষ্ণব ধর্মত দীক্ষিত হ’লেও তেওঁ শিৱৰ প্রতি সমানে অনুৰক্ত আছিল। লক্ষ্মীনাৰায়ণৰ পুত্র মহাৰজা বীৰ নৰনাৰায়ণৰ শাসন কালত (১৬২১-১৬২৫ খ্রীঃ) বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হয়।

সেই সময়তেই শংকৰদেৱৰ প্রিয় শিষ্য মাধবদেৱে কোচবিহাৰলৈ আহিছিল। অষ্টাদশ শতিকাৰ শেষ ভাগত মহাৰজা হৰেন্দ্ৰ নাৰায়ণৰ সময়ত শংকৰদেৱ প্রৱর্তিত ‘একশৰণ’ বৈষ্ণৱ মত আৰু গৌড়ীয় বৈষ্ণৱ মত তথা আদৰ্শৰ অপূর্ব সমন্বয় ঘটে। অন্য দিশে অষ্টাদশ শতিকাৰ শেষ ভাগত গৌড়ীয় বৈষ্ণৱ আদৰ্শৰ প্রভাব বৃদ্ধি হোৱাত শংকৰদেৱৰ আদৰ্শৰ প্রভাৱ স্তিমিত হ’বলৈ ধৰে।

কিন্তু কোচবিহাৰৰ মদন মোহন মন্দিৰত উৎযাপন হৈ অহা ৰাস উৎসৱে শংকৰী ধাৰাক সাৰথি কৰি একশৰণ, আদর্শ, মত, বিশ্বাস আৰু ইতিহাস চেতনাক কেইবাদশক ধৰি আদর্শ হিচাপে গ্রহণ কৰি কোচবিহাৰৰ বৃহত্তৰ ৰাস উৎসৱে আজিও মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ বিজয় নিচান উৰুৱাই আহিছে।
যুগান্ত বায়ন; ফোন: ৮৮৭৬৪-১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.