• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, December 4, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

ASSAMESE SECTION / Special Report

by Juganta Bayan
November 14, 2025
in ASSAMESE SECTION, Special Report
Reading Time: 3 mins read
0
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস
Share on FacebookShare on TwitterShare on LinkedIn

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

Kochbihar Raas 1

যুগান্ত বায়ন

Juganta Bayan
যুগান্ত বায়ন
অসমীয়া জাতীয় জীৱনক সম্বৃদ্ধিশালী কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱকে ধৰি পুজনীয় মহাপুৰুষসকলৰ চিন্তা-চেতনা, আদৰ্শ আৰু কৃষ্টি-সংস্কৃতি ৰাজ্যখনৰ একাংশ লোকে বিজতৰীয়া ৰূপত পৰিৱেশন কৰা প্ৰতিযোগিতাত নামি পৰা সময়তে জাতিটোৰ চিন্তা-চেতনাক জাগ্ৰত কৰিবলৈ দক্ষিণ ভাৰতৰ এটা মন্দিৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পাঁচ শতিকাৰো আগতে ৰচনা কৰা কোনো আ-কাৰ ই-কাৰ নথকা “কৰতল কমল কমল দয় নয়ন, ভবদব দহন গহন গণ শয়ন” এই কোমল কবিতাটোক প্ৰাৰ্থনা হিচাপে পৰিৱেশন কৰি গুৰুজনাক জগত সভালৈ লৈ যোৱাৰ বাবে এক ইতিহাস সৃষ্টি কৰাৰ সময়তে গুৰুজনাৰ জন্মস্থান অসমতেই আজি যেন তেওঁৰ জ্ঞান-গৰিমাক অৱহেলা কৰাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ লোকে গ্ৰহণ কৰা ব্যৱস্থাৱলীয়ে জাতীয় জীৱনৰ এই দুৰ্যোগপূৰ্ণ মূহুৰ্তত জাতিটোলৈ আন এক বিপদৰ আগজাননী কঢ়িয়াই আনিছে।

          অতি সম্প্ৰতি সনাতনী সংস্কৃতি ৰক্ষাৰ দোহাই দি মহাপুৰুষসকলে দেখুৱাই যোৱা সেই সোণোৱালী পথটোক ৰুদ্ধ কৰি নিজৰ স্বাভিমান, জাতীয়তাবাদক নস্যাৎ কৰিবলৈ আমি যেন উদ্বাউল হৈ পৰিছো। শাৰদীয় বতৰ আৰম্ভ হোৱাৰে পৰা “ভোলে বোম”ৰ নামত ৰাজ্যখনক আৱৰি ধৰা অপসংস্কৃতিয়ে ৰাজ্যখনৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য লৈ প্ৰত্যাহ্বান নমাই আনিছে। এনে অপসংস্কৃতিয়ে গোটেই শাৰদীয় বতৰটোকে অসমীয়া জন জীৱনৰ মূল সত্ত্বাৰ পৰা বিচ্ছিন্ন কৰাৰ এক পৰিৱেশ গঢ়ি উঠিছে।

            শেহতীয়াকৈ ৫ নৱেম্বৰৰ পৰা বিশেষকৈ নামনি অসমৰ মৃন্ময় মূৰ্তিৰ আলমত উৎযাপন হ’বলগীয়া ৰাস উৎসৱসমূহত অসমৰ স্বকীয় পৰম্পৰা আৰু ৰাস উৎযাপন হ’বলগীয়া অঞ্চলসমূহৰ পৰম্পৰা আৰু ৰীতি-নীতিক একাষৰীয়া কৰি থৈ অন্য কোনো অপসংস্কৃতিয়ে যাতে ৰাস উৎসৱৰ শৃংখলা আৰু শালিনতাক বিঘ্নিত কৰিব নোৱাৰে তাৰবাবে সতৰ্ক হোৱাটো অতি প্ৰয়োজন। নহ’লে অতি গোলকীকৰণ আৰু সনাতন সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ আমি আমাৰ শতিকা পুৰণি সাংস্কৃতিক সমলসমূহক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব।

RelatedPosts

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 4, 2025
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025

           অসমত এনে দোমোজাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ সময়তে অসমৰ দাঁতিকাষৰীয়া উত্তৰ-বংগত কোচবিহাৰত উৎযাপন হৈ থকা ৰাস উৎসৱে আজিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ আৰু মতবাদক অতি গৌৰৱেৰে প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পুৰণি বৰ অসমৰ অভিন্ন অংগ কোচবিহাৰৰ ৰাসৰ মূল আধাৰ বিন্দু শ্রীকৃষ্ণ নহয়, ‘মদন মোহন’। বিষ্ণুৰূপী অদ্বৈত ৰূপ এই মদন মোহনৰ। মদন মোহন কোচবিহাৰৰ ৰাজবংশৰ ইষ্ট দেৱতা।

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি শ্ৰীমন্ত শংকৰদেৱৰ নাম। মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্রই হ’ল ‘এক শৰণ’। ৰাধাবিহীন মদন মোহন (কৃষ্ণ)ৰ পূজা-অর্চনা তথা মাহাত্ম্য প্রচাৰে শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ মূল কথা। অনেক ঘাত-প্রতিঘাতৰ মাজত শংকৰদেৱে কোচ মহাৰজা নৰনাৰায়ণৰ আশ্রয়ত থাকিবলৈ লৈছিল। এই বিষয়ত মুখ্য ভূমিকা পালন কৰিছিল মহাৰাজৰ ভাতৃ সেনাপতি বীৰ চিলাৰায়ে। যিজনা বীৰ শুক্লধ্বজ হিচাপেও পৰিচিত।

ৰজা নৰনাৰায়ণে শংকৰদেৱক অকল ধর্মগুৰু হিচাপে মানি লোৱা নাছিল, ৰজাই শংকৰদেৱক কোচবিহাৰৰ উপকণ্ঠ অঞ্চলত সত্র স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ কাৰণে সুবিধা কৰি দিছিল। ৰজা নৰনাৰায়ণে শংকৰদেৱৰ শিস্য হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল যদিও মহাপুৰুষজনাই ৰজাৰ গুৰু হ’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ৰজা নৰনাৰায়ণক এটা বিষ্ণু মূর্তি স্থাপন কৰি অনন্ত কন্দলিক পূজা- অৰ্চনা কৰিবলৈ শংকৰদেৱে দায়িত্ব দিয়ে। এই বিগ্রহকেই পৰৱৰ্তীকালত “মদন মোহন-লক্ষ্মীনাৰায়ণ” নামে জনা যায়।

কোচবিহাৰৰ ৰাস মহাপুৰুষ শংকৰদেৱৰ বৃহত্তৰ ধ্যান-ধাৰণা আৰু সংস্কৃতিৰ এক নব্য ৰূপ। ৰাস চক্ৰৰ নিৰ্মাণ কার্যত মুছলিম পৰিয়ালো জড়িত হৈ পৰিছে। ৰাস চক্ৰৰ মাজত বিদ্যমান হিন্দু, বৌদ্ধ আৰু ইছলামীয় প্রভাৱ। অতীত কালত কোচবিহাৰ আৰু পার্শ্বৱর্তী বৃহত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল। এই প্রসংগত ‘দামোদৰ চৰিত’ত পোৱা যায়- ‘লক্ষ্মীনাৰায়ণ পুত্র-পত্নী/লৈলেক শৰণ দামোদৰ চৰণত।’

Kochbihar Raas 3

মহাৰাজ নৰনাৰায়ণ বৈষ্ণব ধর্মত দীক্ষিত হ’লেও তেওঁ শিৱৰ প্রতি সমানে অনুৰক্ত আছিল। লক্ষ্মীনাৰায়ণৰ পুত্রৰ শাসন কালত (১৬২১-১৬২৫ খ্রীঃ) বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হয়। সেই সময়তেই শংকৰদেৱৰ প্রিয় শিষ্য মাধবদেৱে কোচবিহাৰলৈ আহিছিল। অষ্টাদশ শতিকাৰ শেষ ভাগত মহাৰজা হৰেন্দ্ৰ নাৰায়ণৰ সময়ত শংকৰদেৱ প্রৱর্তিত ‘একশৰণ’ বৈষ্ণৱ মত আৰু গৌড়ীয় বৈষ্ণৱ মত তথা আদৰ্শৰ অপূর্ব সমন্বয় ঘটে।

অন্য দিশে অষ্টাদশ শতিকাৰ শেষ ভাগত গৌড়ীয় বৈষ্ণৱ আদৰ্শৰ প্রভাব বৃদ্ধি হোৱাত শংকৰদেৱৰ আদৰ্শৰ প্রভাৱ স্তিমিত হ’বলৈ ধৰে। কিন্তু কোচবিহাৰৰ মদন মোহন মন্দিৰত উৎযাপন হৈ অহা ৰাস উৎসৱে শংকৰী ধাৰাক সাৰথি কৰি একশৰণ, আদর্শ, মত, বিশ্বাস আৰু ইতিহাস চেতনাক কেইবাদশক ধৰি আদর্শ হিচাপে গ্রহণ কৰি কোচবিহাৰৰ বৃহত্তৰ ৰাস উৎসৱে আজিও মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ বিজয় নিচান উৰুৱাই আহিছে। 

লেখকৰ ফোন: ৮৮৭৬৪-১৫০৮৯

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Juganta Bayan

Juganta Bayan

Related Posts

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role
News

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

by PAHARI BARUAH
December 4, 2025
0

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role PAHARI BARUAH Pahari Baruah The “Hidden” Elements...

Read moreDetails
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025
How is India defeating Naxalism?

How is India defeating Naxalism?

December 3, 2025
Lebanon Welcomes Pope Leo XIV: A Visit That Transcends Protocol and Touches a Nation’s Wounded Heart

Lebanon Welcomes Pope Leo XIV: A Visit That Transcends Protocol and Touches a Nation’s Wounded Heart

December 3, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 4, 2025
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16865 shares
    Share 6746 Tweet 4216
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8451 shares
    Share 3380 Tweet 2113
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    988 shares
    Share 395 Tweet 247
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3250 shares
    Share 1300 Tweet 813
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    821 shares
    Share 328 Tweet 205
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2622 shares
    Share 1049 Tweet 656
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6155 shares
    Share 2462 Tweet 1539
  • মাধৱদেৱৰ সাহিত্যকৃতি

    391 shares
    Share 156 Tweet 98
  • মিচিং সমাজ আৰু সংস্কৃতি

    3333 shares
    Share 1333 Tweet 833
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1270 shares
    Share 508 Tweet 318
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d