• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Drama

শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

শ্ৰীমন্ত শংকৰদেৱ

by Monoswini Sarmah
October 12, 2024
in Drama, Dance, Literature, Remembrance
Reading Time: 4 mins read
0
Sankardeva
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 12, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026

শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

মনস্বিনী শৰ্মা 

manaswini Sarma
মনস্বিনী শৰ্মা 

  “ জয় গুৰু‌ শংকৰ সৰ্বগুণাকৰ

               যাকেৰি নাহিকে উপাম।

               তোহাৰি চৰণ ৰেণুশতকোটি

               বাৰেক কৰোহো‌ প্ৰণাম।।”

     নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰীমন্ত শঙ্কৰদেৱে আছিল বহুমুখী প্ৰতিভাৰ আকৰ। অসমীয়া জাতীয় সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা ধৰ্ম প্ৰচাৰক,সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ যি অৱদান আগবঢ়াই গ’ল তাৰ বাবে তেওঁক মহাপুৰুষ আখ্যা দিয়া হয়।

১৪৪৯ চনত কুসুম্বৰ ভূঞাৰ ঔৰষত আৰু সত্যসন্ধাৰ গৰ্ভত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজিয়ে অসমীয়া সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।ধৰ্মত অৱলম্বন কৰিয়ে তেওঁ অসমীয়া জাতি গঠন কৰাৰ লগতে অসমীয়া সাহিত্য সংস্কৃতিৰো স্বৰ্ণ সৌধ নিৰ্মাণ কৰি থৈ গৈছে। 

Sankardev

     মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা ৰীতি-ৰূপ অনুসৰি ছটা ভাগত ভগাব পাৰি। সেয়া হ’ল:

১। কাব্য:- হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ,বলিছলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ ।

২। ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ:- ভক্তিপ্ৰদীপ, ভক্তি ৰত্নাকৰ,নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন ।

৩।অনুবাদমূলক:- ভাগৱত ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান),৮ম(বলিছলন, অমৃত মথন),উত্তৰাকাণ্ড ৰামায়ণ ।

৪।অংকীয়া নাট:– পত্নীপ্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।

৫।গীত:- বৰগীত, ভটিমা,টোটয় আৰু চপয়।

৬। নাম প্ৰসংগ:-কীৰ্তন আৰু গুণমালা ।

      হৰিচন্দ্ৰ উপাখ্যান কাব্যৰ মূল বিষয়বস্তু মাৰ্কণ্ডেয় পুৰণাৰ ৭ ম ৮ম অধ্যায় পৰা লৈছে।ৰুক্মিণী হৰণ কাব্যৰ মূল কাহিনী হৰিবংশ পুৰণা আৰু ভাগৱতৰ পৰা লোৱা হৈছে।’ভক্তি ৰত্নাকৰ’ সংস্কৃত ভাষাত ৰচিত ।ইয়াত শ্ৰৱন, কীৰ্তন, অৰ্জন, বন্দন আদি নৱবিধা ভক্তিৰ কথা উল্লেখ কৰি গৈছে। সেইদৰে ‘নিমি নৱসিদ্ধ সংবাদৰ’ বিষয়বস্তু ভাগৱতৰ একাদশ স্কন্ধৰ পৰা লোৱা হৈছে ।ইয়াত আধ্যাত্মিক আৰু ভক্তিভাবৰ কথা উল্লেখ কৰি গৈছে।

শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

‘কীৰ্তন ঘোষা’ মহাপুৰুষৰ সাহিত্যিক কীৰ্তিস্তম্ভ ।অসমত নৱবৈষ্ণৱ ধৰ্মৰ মহাপুৰুষ জনাৰ কীৰ্তন ঘোষা প্ৰতি আদৰ সাদৰ জনপ্রিয় আছে।বতমানৰ কীৰ্তন ২৭ টা স্বয়ংপূৰ্ণ খণ্ডৰ সমষ্টি। ‘গুণমালা’ পুথিখনত গুৰু জনাৰ বৰ্ণনা শক্তিৰ পৰিচয় পোৱা যায় ।ভাগৱতৰ সাৰ পৰা সংগ্ৰহ কৰা ছয় আখৰীয়া কুসুমমালা ছন্দত ৰচনা কৰা ৩৩৭ টা পদৰ গ্ৰন্থ।

    শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহ দুটা ভাগত বিভক্ত কৰা হৈছে :- বৰগীত আৰু ভটিমা। বিষয়বস্তুৰ মহত্বৰ, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষে ৰচিত এই গীতসমূহক সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰপৰা পৃথক কৰিছে ।বৰগীত মহাপুৰুষৰ অন্যতম অভিনৱ অৱদান ।’

‘বৰগীত ‘ নামকৰণ অৱশ্যে মহাপুৰুষে কৰা নাই, পৰবর্তী বৈষ্ণৱ ভক্তইহে মহাপুৰুষ দুজনে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক উক্ত আখ্যা দিয়ে। ‘ভটিমা’ হ’ল এক প্ৰকাৰৰ গুণগৰিমা প্ৰকাশক গীত ।প্ৰকাশভংগীৰ গাম্ভীৰ্য ইয়াৰ বিশেষ লক্ষণ।। ভটিমাৰ প্ৰকাৰ সমূহ হ’ল: নাট ভটিমা,দেৱ ভটিমা,ৰাজ ভটিমা আৰু ‘গুৰু ভটিমা’ (মাধৱদেৱ)।

শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

   তেওঁৰ সৃষ্টি সমূহত অতি সহজ অথচ সুন্দৰ ভাৱে বৰ্ণনা কৰিছে অসমৰ চিনাকি প্ৰাকৃতিক পৰিৱেশৰ।শঙ্কৰদেৱৰ কাব্যিক সংবেদনশীলতাই মানুহৰ হৃদয়ক আধ্যাত্মিক উপলদ্ধিৰ স’তে একাত্ম হ’বলৈ যেন সহজ কৰি দিলে। কেইবাখনো গ্ৰন্থৰ সংমিশ্ৰণত সৃষ্টি কৰা ‘কীৰ্ত্তন’ পুথিখনেই হ’ল শঙ্কৰদেৱৰ কাব্যিক প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন। 

     শাৰদীয় পূৰ্ণিমা ৰাতিক তেওঁৰ কাব্যিক অনুভূতিৰে সজাই-পৰাই যেন মহাৰাসৰ বাবে পৰিৱেশ সৃষ্টি কৰিছে :

“শৰত কালৰ ৰাত্ৰি অতি বিতোপন।

ৰাসক্ৰিড়া কৰিবাৰ কৃষ্ণৰ ভৈল মন ।।

অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি ।

কুকুঁমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি ।।”

1000255117

     শঙ্কৰদেৱৰ সংস্কৃত ভাষাত টোটয় ছন্দত লিখা ‘দেৱ ভটিমা’ নামৰ কবিতাটিয়ে প্ৰত্যেকজন স্পৰ্শকাতৰ পাঠক বা শ্ৰোতাকে বিস্ময় বিমুগ্ধ কৰি তোলে:-

“মধু দানৱ দাৰণ দেৱ ৱৰং ।

ৱৰ ৱাৰিজ লোচন চক্ৰ ধৰং ।।

ধৰণি ধৰ ধাৰণ ধেয় পৰং ।

পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং ।।”

     তেৰাৰ সাহিত্যৰ মূল উদ্দেশ্যই আছিল ভগৱদ্ভক্তি প্ৰচাৰ কৰি জনগনক ঈশ্বৰ মুখী কৰা।তেৰাৰ সাহিত্যত লৌককতাপূৰ্ণ বা তামসিক বৰ্ণনাৰ একেবাৰে স্থান দিয়া নাছিল ।তেৰাই সচৰাচৰ ৰচনাৱলীত সততে শাস্ত্ৰৰ দোহাই দি ধৰ্মীয় বিশ্বাসত পতিয়ন নিয়াবলৈ চেষ্টা কৰি জনতাক শাস্ত্ৰমুখী তথা ঈশ্বৰ মুখী কৰিবলৈ চেষ্টা কৰিছিল।

      শ্ৰীমন্ত শংকৰদেৱ অসমীয়া নাট্যসাহিত্যিৰ জনক।তেখেতৰ আগতে কোনো প্ৰকাৰ নাটক ৰচিত হোৱাৰ প্ৰমাণ পোৱা নাযায় ।তেওঁ নিজ হাতে নাট ৰচনা, পৰিচালনা আৰু অভিনয় কৰিছিল।

তেওঁৰ প্ৰতিভাত নিহিত হৈ আছিল এক সাংস্কৃতিক বিপ্লৱৰ বীজ। যি বিপ্লৱৰ উদ্দেশ্য আছিল ধৰ্মান্ধতা, গোড়ামী, সংকীৰ্ণতা আৰু সামন্তবাদী ভেদাভেদৰ সীমা অতিক্ৰম কৰি মানৱীয় আদৰ্শৰে মানুহক উদ্বুদ্ধ কৰা। তাৰ বাবে তেওঁ বাছি লৈছিল সাহিত্য, সঙ্গীত, চিত্ৰকলা, অভিনয়, নৃত্য আদি সৃষ্টিমূলক কলা। এই কলা সমূহৰ মাধ্যমেৰে তেওঁ মানুহৰ হৃদয়ত আধ্যাত্মিক ভাৱৰ ঝংকাৰ তুলিবলৈ সক্ষম হৈছিল।

শংকৰদেৱে “এক শৰণ নাম ধৰ্ম” নামে নতুন ধৰ্মীয় আন্দোলনৰ সূচনা কৰি ভক্তি আন্দোলনৰ অংশ হিচাপে বহু সাহিত্যিক আৰু সাংস্কৃতিক কৃতি সৃষ্টি কৰিছিল।তেওঁৰ সাহিত্যকর্মসমূহে ভক্তি আৰু ধৰ্মীয় আধ্যাত্মিকতাৰ ভিত্তিত এক নৱীন সাহিত্যিক ধাৰা প্ৰৱৰ্তন কৰে।

শংকৰদেৱৰ সাহিত্যৰ দ্বাৰা অসমীয়াৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ প্ৰাণবন্ত এক পৰিৱৰ্তন ঘটিছিল। তেওঁ মূলত: অসমীয়া ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু তেওঁৰ ভাষা প্ৰাঞ্জল, সুন্দৰ, আৰু সহজ পৰিবেদ্য আছিল। শংকৰদেৱৰ সাহিত্যক অসমীয়া জাতি আজিও গৌৰৱ আৰু ভক্তিৰে স্মৰণ কৰে। 

Sankardev1

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

Why Hitler Hated Jews: Origins of the Holocaust
History

Why Hitler Hated Jews: Origins of the Holocaust

by Kakali Das
May 12, 2026
0

Why Hitler Hated Jews: Origins of the Holocaust Hitler’s rise, Nazi ideology, antisemitism, and how it led to genocide in...

Read moreDetails
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d