• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

শ্ৰীশ্ৰীচণ্ডী

লেখক: বিপ্ৰ ৰুচিনাথ

by Anjan Sarma
November 7, 2021
in Literature
Reading Time: 23 mins read
0
শ্ৰীশ্ৰীচণ্ডী
Share on FacebookShare on TwitterShare on LinkedIn

–লেখক: বিপ্ৰ ৰুচিনাথ |

শ্ৰীশ্ৰীচণ্ডী।

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
                কবি ৰুচিনাথ ভণিত


                           ##

                        । জাননী।

যদি আপোনাক নানাপ্ৰকাৰ নতুন বাই চাইকেল বা তাৰ যি কোনো আহিলা পাতিৰ আৱশ্যক হয় তেনে আনলৈ লিখাৰ পূৰ্ব্বে এবাৰ আমালৈ লিখি দৰ ভাও বুজক। আমি বিখ্যাত বিখ্যাত চাইকেলৰ এজেঞ্চীলৈ সকলো প্ৰকাৰ চাইকেল কলিকাতাৰ দবতে বিক্ৰী কৰো চাইকেলৰ অৰ্ডাৰ দিওঁতে অনুমানিক দামৰ চাৰি ভাগৰ এভাগ ধন অৰ্ডাৰৰ লগতে পঠাব লাগে। বাকী ধন ভিঃ পিঃ কৰি আদায় কৰা হয়।

পৰীক্ষা প্ৰাৰ্থনীয়ঃ—
ঠিকানাঃ—
লক্ষ্মীগোপাল এজেঞ্চী কোং
পোঃ আঠঘৰীয়া, আসাম।

                    ###


               । শ্ৰীশ্ৰীচণ্ডী।
              । অসমীয়া পদ।



                •বিপ্ৰ ৰুচিনাথ



                    সম্পাদক

           । শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।

•প্ৰকাশক

নবীনচন্দ্ৰ ভট্টাচাৰ্য্য
লক্ষ্মীগোপাল এজেঞ্চি।
পোঃ আঃ আঠঘৰীয়া।
কামৰূপ।

দুই আনা বৃদ্ধি।
মূল্য- ৸৹ অনা মাত্ৰ।

                  ###

প্ৰিণ্টাৰ-শ্ৰীৰাজেন্দ্ৰলাল সৰকাৰ
কাত্যায়নী মেসিন প্ৰেস
২৬নং কৰ্ণওয়ালিশ ষ্ট্ৰীট, কলিকাতা।

                   ###


                  পাতনি

                      ১

               •চণ্ডী মাহাত্ম্য•

চণ্ডী হিন্দুবিলাকৰ প্ৰখ্যাত ধৰ্মগ্ৰন্থ। দেবী-উপাসনা এই গ্ৰন্থৰ প্ৰধান কথা। হিন্দু দৰ্শনে পুৰুষ প্ৰকৃতি এই দুই বিধ তত্ব স্বীকাৰ কৰে। ‘পুৰুষ’ সাকাৰ কল্পনা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আদি, বিভুমূৰ্তি। আৰু প্ৰকৃতিৰ সাকাৰ কল্পনা দুৰ্গা, চণ্ডী, কালী আদি বিভুমূৰ্তি।

বেদতো প্ৰকৃতি বা দেবী মাহাত্ম্যৰ উল্লেখ দেখা যায়। যেনে, দেবীৰ উক্তিঃ–“দেৱতা আৰু মানব সমাজে যি ব্ৰহ্মতত্ত্ব বিচাৰে মই নিজে তাৰ কথা কওঁ শুনা। মই যাৰ প্ৰতি তুষ্ট হওঁ তেওঁক ব্ৰহ্মত্ব, বিষ্ণুত্ব আদি দান কৰোঁ, মহৰ্ষি কৰোঁ, আৰু অতি মেধাবী তত্ত্বদৰ্শী কৰোঁ।”

অহমেব স্বয়মিদং বদামি
জুষ্টং দেবেভিৰুত মানুষেভিঃ।
যং কাময়ে তং তমুগ্ৰং কৃণোমি
তং ব্ৰহ্মাণং তমৃষিং সুমেধাম্॥
(ঋগ্বেদ, ১০, মণ্ডল)

“পৰমাত্মাৰ উত্তমাঙ্গৰ তুল্য এই আকাশ মই প্ৰসব কৰিলোঁ, পৰমাত্মা স্বৰূপ মোৰ মূল তত্ত্বব পৰা আকাশাদি সকলো ভূতকে নিৰ্মাণ কৰিলোঁ। মই চৈতন্যৰূপে এই বিশ্বব্ৰহ্মাণ্ড ব্যাপি আছোঁ। আৰু প্ৰকৃতি স্বৰূপেও সকলো পদাৰ্থতে অনুপ্ৰবিষ্ট থাকোঁ।”
অহং সুবে পিতৰমস্য মূৰ্ধ
মম যোনিৰপ্ সন্তঃ সমুদ্ৰে।
ততো বিতিষ্ঠে ভুবনানুবিশ্বো
তামূন্দ্যাং বৰ্ষ্মনোপশৃশামি॥
(ঋগ্বেদ ১০ম মণ্ডল)

চণ্ডীৰ লক্ষ্যও পৰম তত্ত্ব লাভ। এই গ্ৰন্থত চণ্ডী বা দুৰ্গা দেবীৰ লীলা আৰু মহিমা বৰ্ণোৱা আছে। চণ্ডী গ্ৰন্থৰ চণ্ডী দেবী সৰ্বশক্তিমতী, সৃষ্টি স্থিতি সংহাৰকৰ্ত্ৰী, তেওঁ ব্ৰহ্মা, বিষ্ণু, শিব প্ৰভৃতিৰ জনয়িত্ৰী।

ব্ৰহ্মাৰ উক্তি :—“হে চণ্ডী দেবি! তুমি বিষ্ণু, শিৱ আৰু মোক সৃজন কৰিছা, এতেকে কোন শক্তিৰে মই তোমাক স্তুতি কৰিম? মই উপযুক্ত স্তুতি কৰিবলৈ অসমৰ্থ।”

বিষ্ণুঃ শৰীৰগ্ৰহণমহমীশান এবচ
কাৰিতাস্তে যতোহতত্ত্বাং কঃ স্তোতুং
শক্তিমান্ ভবেৎ॥

এইজনা দেবীয়ে বিশ্বব্ৰহ্মাণ্ড সৃজন কৰিছে, চৰাচৰ সকলো পদাৰ্থ তেওঁৰ পৰা উৎপন্ন হৈছে, পূজা সেৱাত তুষ্ট হলে তেওঁ সকলো সুখ সম্পত্তি দান কৰে, আন নালাগে মুক্তিও তেওঁৰ হাতৰ মুঠিৰ বস্তু।
তয়া বিসৃজতে বিশ্বং জগদেচ্চবাচৰম।
সৈষা প্ৰসন্না বৰদা নৃণাং ভবতি মুক্তয়ে॥

এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেক অণুপৰমাণুতে তেওঁ চৈতন্যৰূপে বৰ্তমান আছে, তেওঁ নাথাকা বস্তু একোৱে নাই। তেওঁ সকলোকে ব্যাপি আছে আৰু তেওঁ নিত্য।

“চিতিৰূপেন যা কৃৎস্নং এতদ্ব্যাপ্য স্থিতা জগৎ।
নিত্যৈব সা জগন্মৃতিস্তয়া সৰ্বমিদং ততম্॥”

নিত্য হৈয়ে দেৱতা সকলৰ বিশেষ কাৰ্য সাধনব নিমিত্তে তেওঁ যেতিয়া যেতিয়া আবিৰ্ভূত হয়, সেই সেই সময়ত লোকসকলে তেওঁক ওপজা বুলি কয়।

দেবানাং কাৰ্য-সিদ্ধ্যৰ্থমাবিৰ্ভবতি সা যদা
উৎপন্নেতি তদা লোকে সা নিত্যাপ্যভিধীয়তে॥

তেঁও সৰ্ব দেবময়ী। এৱেই বিষ্ণু-ৰূপিণী এৱেই আন আন অৱতাৰো উদ্ভৱ।

শঙ্খ-চক্ৰ-গদা-শাৰ্ঙ্গ গৃহীত-পৰমায়ুধে।
প্ৰসীদ বৈষ্ণবীৰূপে নাৰায়ণি নমোহস্তুতে॥
গৃহীতোগ্ৰমহাচক্ৰে দংষ্ট্ৰোদ্ধৃ তবসুন্ধৰে।
বহ ৰূপিণি শিবে! নাৰায়ণি নমোহস্তুতে॥

ধৰ্মদ্বেষী আৰু ন্যায় বিৰোধী দৈত্য দানৱ আদিৰ পৰা যি সমবত ধৰ্ম আৰু সৎপথত বাধা উপস্থিত হয়, সেই সময়ত এওঁ আবিৰ্ভূত হৈ সকলো বিপদ বিঘিনি দূৰ কৰে।

ইথং যদা যদা বাধা দানবোথা ভবিষ্যতি।
তদা তদাবতীৰ্য্যাহং কৰিষ্যামৰি সংক্ষয়ম্॥

ইন্দ্ৰকে আদি কৰি দেৱতা সকলে দেবী স্তুতি কৰিছিল এইদৰে,

হে দেবি! তুমি সমস্ত জগতৰে মূল কাৰণ, এই বিশাল বিশ্বৰ ধৰণী, আৰু এই অসীম বিশ্ব ব্ৰহ্মাণ্ড তোমাৰ ব্যাপক মূৰ্তিৰ এটা অংশহে মাথোন। তোমাৰ তত্ব আমি নালাগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও বুজা টান। তুমি অচিন্ত্য। তুমিয়েই আদ্যা প্ৰকৃতি।

হেতুঃ সমস্ত জগতাং ত্ৰিগুণাপি দৌষেঃ
ন জ্ঞায়সে হৰিহৰাদিভিৰপ্যপাৰা।
সৰ্বাশ্ৰয়াখিলমিদং জগদংশ-ভূতম্
অব্যাকৃতাহি পৰম প্ৰকৃতিস্ত্বমাদ্যা॥

                    ২

চণ্ডী গ্ৰন্থৰ উৎপত্তি

অতীতত ব্যাস দেৱৰ জৈমিনি নামে এজন শিষ্য আছিল। তেওঁ ব্যাসদেৱৰ ওচৰত অধ্যয়ন কৰি বেদ-বেদাঙ্গাদি সকলো শাস্ত্ৰ পাৰদৰ্শী হয়। কোনো এক সময়ত মহাভাৰতৰ কোনো কোনো কথা তেওঁৰ মনত সন্দেহ উপস্থিত হয় আৰু তাৰ ভঞ্জনৰ হেতু ব্যাসদেৱৰ সমীপ চাপিবলৈ ইচ্ছা কৰে। কিন্তু গুৰুক সহজে লাগ ধৰিব নোৱাৰি মাৰ্কণ্ডেয় মুনিৰ ওচৰ চাপি কলে, “মহাত্মন্, আপোনাৰ পৰা মই কেইটিমান কথাৰ সিদ্ধান্ত পাম বুলি আশা কৰি ইয়ালৈ আহিছোঁ। এতিয়া আপুনি অনুগ্ৰহ কৰি মোৰ এই প্ৰশ্ন কেইটিৰ সমাধান দিয়ক। মোৰ প্ৰথম প্ৰশ্ন এই যে, ভগবান ত্ৰিভুবনৰ অধিপতি আৰু সৰ্বশক্তিমান হৈয়ো কি নিমিত্তে মানবৰূপে পৃথিবীত অৱতীৰ্ণ হৈছিল। ইয়াত বাহিৰে মোৰ আন আন প্ৰশ্নও আছে।”

জৈমিনিৰ কথা শুনি মাৰ্কণ্ডেয় মুনিয়ে কলে যে তেওঁৰ সময় নাই। কিন্তু জৈমিনি বিন্ধ্য পৰ্বতলৈ যাক। তাত মুনিকুমাৰ চাৰিজন পিতৃশাপত পক্ষী-ৰূপ ধৰি আছে। তেওঁলোকে জৈমিনিৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব।

জৈমিনি বিন্ধ্য পৰ্বতলৈ গল। আৰু পক্ষীৰূপী মুনিকুমাৰ সকলক লগ ধৰি সকলো কথাৰ উত্তৰ পালে আৰু তেওঁৰ সন্দেহ দূৰ হল।

সেই মুনিকুমাৰ চাৰিটিৰ নাম, পিঙ্গাখ্য, বিৰাধ, সুপুত্ৰ আৰু সুমুখ আছিল। তেওঁলোকে এই প্ৰসঙ্গতে চতুৰ্দশ মনুৰ কথা কৈছিল।

তাতে মুনিকুমাৰ সকলে এই কথাটোও কৈছিল। এই কথা ভাগেই মূল চণ্ডী গ্ৰন্থ।

স্বাৰোচিষ নামেৰে দ্বিতীয় মনুৰ দিনত চৈত্ৰ নামেৰে এজন ক্ষত্ৰিয় ৰজা আছিল। তেওঁৰ বংশত সুৰথ ৰজাই জন্ম গ্ৰহণ কৰে। সুৰথে মেধস মুনিৰ উপদেশ মতে আদ্যাশক্তি দুৰ্গা দেবীৰ উপাসনা কৰে। আৰু দেবীৰ বৰত সূৰ্য্যৰ সবৰ্ণা নামে ভাৰ্য্যাৰ গৰ্ভত উপজি সাবণি নামেৰে অষ্টম মনু হয়।

                   ৩

           চণ্ডীৰ পদ

প্ৰাচীন কামৰূপীয় কবি সকলে অনেক সংস্কৃত গ্ৰন্থ নিজ ভাষাত অনুবাদ কৰিছিল। চণ্ডীৰ দৰে মূল্যবান ধৰ্ম গ্ৰন্থ তেওঁলোকৰ দৃষ্টিত নপৰা কৈ থাকা অসম্ভৱ। কিন্তু বৰ্তমান যি পদ প্ৰকাশ কৰা হল তাক ১৭৫৯ খৃষ্টাব্দত লিখা। অনুমান কৰিব পাৰি যে ইয়াৰ পূৰ্বে আৰু কোনো কবিয়ে চণ্ডীৰ পদ কৰিছিল, যদিও তেনে পদ আমাৰ হাতত পৰাহি নাই।

গীতা বিষয়ত প্ৰাচীন অসমীয়া গ্ৰন্থ কেইবাখানো আছে। চণ্ডীৰ মূল্য হিন্দুসকলৰ মনত গীতৰ সমান। চণ্ডী বিষয়তো আৰু পুৰণি গ্ৰন্থ আছে বুলি অনুমান কৰা অযৌক্তিক নহয়।

                  (৪)

         কবিৰ পৰিচয়

এতিয়া প্ৰকাশ কৰা এই পদৰ কবি বিপ্ৰ ৰুচিনাথ। তেওঁৰ পৰিচয় এইৰূপঃ—

ৰত্ন কন্দলি (ধৰ্মাচাৰ্য্য)

এওঁৰ বংশত

ৰমাপতি।
ৰঘুপতি।
বলোৰাম।
ৰামন্যায়িক
কৃষ্ণাচাৰ্য্য।
ৰুচিনাথ (চণ্ডীৰ কবি) কবিৰ মূল পুৰুষ জনৰ নাম ৺ ৰত্ন কন্দলি।

এওঁ ধৰ্মাচাৰ্য্য বা গোঁসাই-মহন্ত আছিল। এওঁৰ বসতি আছিল লক্ষীমপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থাকা নাৰায়ণপুৰত।

লোহিত্যৰ উত্তৰ কুলত অনুপাম।
দেশ এক আছে নাৰায়ণীপুৰ নাম॥

তাত বহুত বামুণৰ বসতি আছিল। কন্দলি কাশ্যপ গোত্ৰৰ বামুণ আছিল।

তথাতে আছিলা ৰত্ন কন্দলি ধৰ্ম্মাদি
কাশ্যপ গোত্ৰত জাত বিপ্ৰ সত্যবাদী॥

সেই বংশত ৰমাপতিৰ জন্ম হয়। কাৰণবশে তেওঁ তামোলবাৰীত বসতি কৰে। এওঁ পদ কৰাত বৰ পটু আছিল বুলি জানা যায়। কিন্তু তেওঁৰ পদ পুথি কিবা আছে যদিও এতিয়া লেকৈ পোৱা হোৱা বহুদিনলৈকে সতি-সন্ততি নোহোৱাৰ কাৰণে তেওঁক মানুহে বন্ধ্যা কটকী বুলি মাতিছিল। বহুদিনৰ মূৰত তেওঁৰ এটা লৰা ওপজে। লৰাৰ নাম ৰঘুপতি ৰাখা হয়। তেওঁৰ পুতেক বলোৰাম, বলোৰামৰ পুতেক ৰামন্যায়িক। ৰামন্যায়িকৰ পুতেক কৃষ্ণাচাৰ্য্য। এওঁ তামোল- বাৰীত বেচি দিন থাকিব নালাগিল। সেই সময়ত মহাৰাজ গদাধৰ সিংহৰ পুতেক মহাৰাজ ৰুদ্ৰসিংহ ৰজা হয়। ৰজা হৈ তেওঁ ৰংপুৰত নতুনকৈ নগৰ পাতে আৰু তালৈ বহুত বামুণ নি বসতি কৰিবলৈ সুবিধা কৰি দিয়ে। এই ব্ৰাহ্মণসকলক মহাৰাজাই যথেষ্ট বৃত্তি বিধান দিছিল। সেই বামুণবিলাকৰ ভিতৰত কৃষ্ণাচাৰ্য্য প্ৰধান আছিল। এওঁ ৰুক্মিণী দেৱীক বিয়া কৰায়।

এওঁলোকৰ গুণী পুত্ৰই চণ্ডীৰ কবি ৰুচিনাথ বিপ্ৰ। কবিয়ে চণ্ডী লেখাৰ পূৰ্বে কল্কি পুৰাণৰ পদ কৰা বুলি লেখিছে। এই পুথিও আমি দেখা নাই।

কল্কি পুৰাণৰ পদ কৰিলোহাঁ আগে।
ৰচিলো চণ্ডীৰ পদ আবে অনুৰাগে।

                  (৫)

কবিৰ সময়ঃ

কবিয়ে চণ্ডীৰ পদ ‘একাহি’ শকত সমাপ্ত কৰে।
চণ্ডীব চৰণ চিন্তি মই মূঢ়মতি।
একাহি শকত পদ লেখিলোঁ সম্প্ৰতি॥

এই একাহি শব্দ একাশীৰ ৰূপান্তৰ মাত্ৰ। একাশী শকৰ লগত শতাব্দী দিয়া নাথাকিলেও তাক নিৰ্ণয় কৰা সহজ।

কবিয়ে ৰুদ্ৰসিংহ মহাৰাজৰ সিংহাসন প্ৰাপ্তিৰ পাছত গ্ৰন্থ লেখে। ৰুদ্ৰসিংহ ৰজা হয় ১৬১৭ শকাব্দত (১৬৯৫ খৃঃ)। মহাৰাজাই নি ৰংপুৰত স্থাপন কৰা কৃষ্ণাচাৰ্য্যৰ পুতেক কবিয়ে যি একাশী শকত কিতাপ লেখে সি ১৬৮১ শকাব্দই হব। গতিকে এই পদ কৰাৰ সময় ১৬৮১ শকাব্দ বা ১৮৫৯ খৃষ্টাব্দ;—ৰাজেশ্বৰসিংহ স্বৰ্গ দেৱৰ সময়।

গ্ৰন্থত কবিৰ সমসাময়িক ৰজা বা কোনো ৰাজ-পুৰুষৰ একো উল্লেখ নাথাকাৰ পৰা বুজা যায়, তেওঁ কোনো ৰাজ অনুগ্ৰহ পাই পুথি লিখা নাছিল। অনুৰাগ হেতুকেই এই গ্ৰন্থ লিখিছিল।

                      ৬

             কবিৰ কবিত্ব

ৰুচিনাথ এজন নিপুণ কবি। সংস্কৃত ভাষাত তেওঁৰ বিশেষ ব্যুৎপত্তি আছিল। চণ্ডীৰ পদ বিলাক মূলানুগত। মূলৰ কথা ভাৱ আৰু অৰ্থ ঠিক ৰাখি পদ্যত অনুবাদ কৰা সহজ কথা নহয়। যি কথা মূলৰ পৰা বুজিব নোৱাৰি, অৰ্থাৎ উপাখ্যানটো পূৰা নহলে, কবিয়ে তাত কালিকা পুৰাণ, ব্ৰহ্মবৈবৰ্ত পুৰাণ আদিৰ কথা আনি যোগ দি দিছে।

এই দৰে যোগ দিয়া কথা কোন খিনি, মূলৰ কথাই বা কোন ডোখৰ তাক বুজিবৰ সুবিধা কৰি, মূল শ্লোকৰ অনুবাদত আমি শ্লোকৰ সংখ্যা দি দেখুৱাই দিছোঁ; আৰু যোগ দিয়াখিনিত তেনে সংখ্যা দিয়া নাই।

কবিৰ কবিত্বৰ কেইটামান নমুনা তলত দিয়া হলঃ—

মূলৰ লগত মিলঃ—

প্ৰথম মাহাত্ম্য

মাৰ্কণ্ডেয় উবাচঃ—
মূল—সাবৰ্ণিঃ সূৰ্য্য-তনয়ো যো মনুঃ কথ্যতেহষ্টমঃ।
নিশাময় তদুৎপত্তিং বিস্তবাত গদতো মম॥২
মহামায়ানুভাবেন যথা মন্বন্তৰাধিপঃ
স বভূব মহাভাগঃ সাবৰ্ণিস্তনয়ো ৰবেঃ॥৩
পদ— ভাগুৰিব আগে মাৰ্কণ্ডেয় নিগদতি।
অষ্টম মনুৰ জন্ম কহিবো সম্প্ৰতি॥১
নামত সাবৰ্ণি তেন্তে সূৰ্য্যৰ তনয়।
দেবীৰ প্ৰসাদে মনু ভৈল যেন নয়॥২
প্ৰপঞ্চ কৰিয়া কহো সি সব আখ্যান।
শুনিয়ো ভাগুৰি তুমি হুয়ো সাবধান॥ ২

         । দ্বিতীয় মাহাত্ম্য।

মূল—ইথং নিশম্য দেবানাং বচাংসি মধুসূদনঃ।
চকাৰ কোপং শম্ভুশ্চ ভৃকুটীকুটিলাননৌ॥৯
ততোহতিকোপপূৰ্ণস্য চক্ৰিণো বদনাত্ততঃ।
নিশ্চক্ৰাম মহাতেজো ব্ৰহ্মণঃ শঙ্কৰস্যচ॥১০
পদ-মেধস বদতি কথা শুনা নৃপবৰ।
দুখৰ কাহিনী শুনি দেবতাগণৰ।
হৰিহৰ দুহন্তৰ কোপ উপজিলা॥
ভ্ৰূকুটী কুটিল মুখ দুহন্তৰ ভৈলা॥ ৯
ব্ৰহ্মা বিষ্ণু শঙ্কৰৰ ক্ৰোধ গুৰুতৰ
তেজপুঞ্জ বাজ ভৈলা তিনিৰো মুখৰ॥১০

যোগ দিয়া কথাঃ—

চতুৰ্থ পদত চৈত্ৰ শব্দ আছে আৰু এই চৈত্ৰৰ বংশত সুৰথ ৰাজাৰ জন্ম হয় বুলি কোৱা আছে। কিন্তু চৈত্ৰ কোন একো বিবৰণ নাই। সেই দেখি কবিয়ে তৃতীয় শ্লোকৰ পদ আৰু চতুৰ্থ শ্লোকৰ পদৰ মাজত এই খিনি পদ সুমাই দিছেঃ—

পূৰ্ব্বে দেব গুৰু বৃহস্পতিৰ ভাৰ্যাত।
চন্দ্ৰয় তনয় ভৈলা বুধ নামে খ্যাত॥
তাহান তনয় ভৈলা চৈত্ৰ মহামতি।
সপ্তদ্বীপ পৃথিবীৰ তেন্তে অধিপতি॥

দ্বিতীয় মাহাত্মত মহিষাসুৰৰ দুৰ্দান্ত প্ৰতাপাদিৰ কথা আছে, কিন্তু জন্ম বিবৰণ নাই। সেই বাবে কবিয়ে তাত তাক সুমাই দিছে। যেনেঃ—
শুনিয়োক আৰ কহিবো দুৰ্গাৰ
অদভূত চৰিত্ৰক।
ৰম্ভা নামে এক পূৰ্ব্বে আছিলেক
দৈত্য সিটো অপুত্ৰক। ইত্যাদি।

এনে দৰে যত যি কথা নাই অথচ আৱশ্যকীয়, কবিয়ে তাত সেই কথাবিলাক সুমাই দি গ্ৰন্থখন সাধাৰণ পাঠকৰ অধিগম্য কৰি তুলিছে।

যি দৰে কোনো কথা যোগ দিয়া হৈছে, সেই দৰে মূলৰ কিছু কথা সংক্ষেপ কৰিও লিখা হৈছে। এই সংক্ষেপ কৰাত কবিয়ে বিচক্ষণ বিবেচনাৰ পৰিচয় দিয়া দেখা যায়।

অনুবাদৰ বাহিৰে কবিয়ে অলপ অলপ যি নিজা পদ লিখিছে, সিও প্ৰাঞ্জল আৰু কবিত্ব পূৰ্ণ।

যেনেঃ—পূৰ্ণিমাৰ চন্দ্ৰ জিনি মুখে ধৰে কান্তি।
তাতে প্ৰকাশয় দন্ত মুকুতাৰ পান্তি॥
উন্নত কঠিন পীন শোভে দুই স্তন।
কামৰ চাবুক বাৰি কামুকৰ ধন॥
তাৰ ভৰে হালে যেন খীণ মধ্য কায়।
বহল নিতম্ব দেশ অধিক শুৱাই॥

কটাক্ষ ভঙ্গীয়ে চাওঁতে লৰয় কুণ্ডল।
তাৰ কান্তি লাগি শোভা কৰে গণ্ডস্থল॥
ভ্ৰূব যুগ শোভে যেন মদনৰ ধনু।
তপ্ত সুবৰ্ণৰ বৰ্ণ প্ৰকাশয় তনু॥
মুখে মন্দ মন্দ হাসি আয়ত লোচন।
গুণে বন্দী কৰিবাক পাৰয় পবন॥
তান এক অঙ্গে দৃষ্টি পৰে একবাৰ।
তাক ছাড়ি আৰ অঙ্গে নপাৰে চাবাৰ॥
দেহৰ শোভায়ে শোভি আছে দিশ পাশ।
হিমবন্ত পৰ্বতকো কৰিছে প্ৰকাশ॥
আছোক পুৰুষ যদি হোৱে নাৰীজন।
তাহাক দেখিলে তাসম্বাৰ ছলে মন॥

                    ৭

             । গ্ৰন্থ প্ৰকাশ।

এই গ্ৰন্থ আঠঘৰীয়াৰ শ্ৰীযুক্ত নবীনচন্দ্ৰ ভট্টাচাৰ্য্য মহাশয়ে প্ৰকাশ কৰিলে। এই সম্পৰ্কে অলপমান কথা নকলে পাতনি অসম্পূৰ্ণ থাকে।

১৯০৯ খৃষ্টাব্দত মই কলিকতাৰ কলেজত পঢ়োঁ‌। তেতিয়াই ভট্টাচাৰ্য্য মহাশয়ে এই গ্ৰন্থ সম্পাদন আৰু ছাপা কৰিবলৈ মোলৈ পঠিয়াই দিয়ে। সেই সময়ত ইয়াৰ পাঁ‌চটা ফৰ্মা ছাপা হল।

তাৰ পাছত যি প্ৰেছত ইয়াক ছপোৱা হৈছিল সেই প্ৰেছৰ অধিকাৰীৰ কিছুমান বিপদ হল। এনেতে ময়ো কলিকাতাৰ পৰা আহিলোঁ। আগৰ ছাপা হোৱা আৰু নোহোৱা কিতাপৰ সকলো খিনি অংশ প্ৰেছৰ পৰা পাবলৈ বৰ টান হল।

কিন্তু ভট্টাচাৰ্য মহাশয়ৰ অধ্যৱসায়ৰ গুণত কোনো প্ৰকাৰে আজি একৈশ বছৰৰ মূৰত এই গ্ৰন্থ সম্পূৰ্ণকৈ প্ৰকাশ হৈ উঠিল।

সম্পাদনৰ আন অনেক ত্ৰুটিৰ ভিতৰত তলত উল্লেখ কৰা কথা দুটা বিশেষকৈ মোৰ মনত লাগি আছে।

প্ৰথম,—মুঠে এখান হাতে লিখা পুথিৰপৰা ইয়াৰ নকল তৈয়াৰ কৰা হৈছে। সেইখন পুথিও বহুদিনীয়া নহয়। গতিকে ভাষা আৰু শব্দগত পাঠান্তৰ তুলনা কৰিবৰ সুযোগ হোৱা নাই।

দ্বিতীয়তে, এই গ্ৰন্থৰ প্ৰথম পাঁচ ফৰ্মাৰ টীকা আদি ২১ বছৰ পূৰ্বে লিখা; আৰু বাকী খিনি এতিয়া লিখা। ইয়াৰ ভিতৰত তাৰতম্য ঘটা স্বাভাৱিক।

শেষত, গ্ৰন্থৰ শেষৰ ফালে ১০৫ পিঠিত দুটা শব্দৰ অৰ্থ দিব পাৰা নাছিলোঁ। তাৰে এটা শব্দৰ অৰ্থ এতিয়া পোৱা হল।

নিবাজন-সংস্কৃত নীৰাজন—সামৰিক সন্মান প্ৰদৰ্শন। দশহৰাৰ দিনা সামৰিক বিধিৰে কৰা উৎসৱ।

যোৰহাট।
দৌলপূৰ্ণিমা ১৮৫১শক
১৪ মাৰ্চ, ১৯৩০ ইং।

                       •শ্ৰীশৰৎচন্দ্ৰ গোস্বামী

                  ####


                      [ ১ ]


            । ওঁ নমো গণেশায়।

                । শ্ৰীশ্ৰীচণ্ডী।


             । শ্ৰীশ্ৰীদুৰ্গায়ৈ নমঃ।

“নমস্তে সৰ্ব্বমঙ্গল্যে নমস্তে সৰ্বসিদ্ধিদে।
নমস্তে সৰ্ব্বদেবেশি দুৰ্গে দেবি নমোহস্তুতে॥

মঙ্গলাচৰণ।

জয় নমো ভগৱতী দেবী মহামায়া।
ভকত-জনৰ বন্ধু শঙ্কৰৰ জায়া॥
অপাৰ সংসাৰ-সিন্ধু তৰিবাৰ হেতু।
দানব-কুলৰ সাক্ষাতে ধূম্ৰকেতু॥
পতিত-পাবনা মাতা অগতিৰ গতি।
নে ভবানীৰ পাৱে কৰোঁহো প্ৰণতি॥
মাৰ্কণ্ডেয় পুৰাণৰ স্তব সপ্তশতি।
পদবন্ধে ৰুচিনাথ বিপ্ৰে নিগদতি॥
পৰমা গহীন ইটো পুৰাণতে সাৰ।
নহোঁ যোগ্য আমি পদ ৰচিতে ইহাৰ॥

                    [ ২ ]

তথাপিতো আৰম্ভিলোঁ শুনা অভিপ্ৰায়।
দুৰ্ল্লভ মনুষ্য-জন্ম বৃথা বহি যায়॥
নজানিলোঁ ধৰ্ম্ম-কৰ্ম্ম বিষয়ৰ ভোলে।
দুৰ্জ্জ মৃত্যুয়ে আসি চাপিলন্ত কোলে॥
যেন তেন মতে হৌক গোঁসানীৰ কথা।
যাক শুনি ভণি নৰে তৰয়ে সৰ্ব্বথা॥
আকে জানি দেৱী-লীলা শুনা অনুৰাগে।
আমি অজ্ঞানীৰ দোষ ক্ষমিবাক লাগে॥
পৰক নিন্দিলে তাত সিজে কোন কাম।
সদায় ভাবিয়ো ভবানীৰ গুণ-নাম॥

                      ###

পূৰ্ব কথাঃ

পূৰ্ব্বত জৈমিনী নালে তপোধন মুনি।
পুছিলা শঙ্কাতে মাৰ্কণ্ডেয়ত আপুনি॥
মাৰ্কণ্ডেয় বোলে মোৰ নাহি অবসৰ।
বিন্ধ্য-পৰ্ব্বতক প্ৰতি যায়ো মুনিবৰ॥
ধৰ্ম্ম পক্ষী চাৰি গোট তথাতে আছয়।
তাৰা সবে ইটো কথা সমস্তে জানয়।
সিটো চাৰি ঋষি-পুত্ৰ নাহিকে অন্যথা।
শুনা তাসম্বাৰ পূৰ্ব্ব জনমৰ কথা॥
পূৰ্ব্বতে তপস্বী মহামুনিৰ নন্দন।
সুকৃস তম্বুৰ নামে ভৈলা দুইজন॥

                       [ ৩ ]

সুকৃস মুনিৰ পাছে বিন্ধ্য-পৰ্ব্বতত।
ভৈলা চাৰি পুত্ৰ পিতৃ-মাতৃৰ ভকত॥
একদিন প্ৰতি ইন্দ্ৰে আইল ছদ্ম কৰি।
দুই পক্ষ ভগ্ন বৃদ্ধ-পক্ষী-ৰূপ ধৰি॥
সুকৃসৰ সত্য-ধৰ্ম্ম জিজ্ঞাসিবে প্ৰতি।
ঋষিক সম্বুদ্ধি পাছে পক্ষী নিগদতি॥
বিন্ধ্য-গিৰি-শিখৰত মোৰ বাস-ঠাই।
তৈতে একগোট পক্ষী পৰিল উড়াই॥
দাৰুণ দুৰ্জ্জয় পক্ষী তাৰ পাক্ষি বাই।
অলক্ষিত বেগে মোক নিলেক উড়াই॥
তাৰ চোঁতে পৃথিবীত পড়ি সাত দিন।
মূৰ্চ্ছা গৈয়া আছিলোঁহো ভৈলোঁ বলহীন॥
অষ্টম দিনত আজি লভিয়া চেতন।
ভোখে প্ৰাণ যাই আমি লৈলোঁহো শৰণ॥
দিওক আহাৰ মোক লাগি কিছুমান।
যেন তেন মতে মোৰ ৰক্ষা পৰে প্ৰাণ॥
ঋষি বোলে দিবোঁ আমি যথেষ্ট আহাৰ।
কহ কিবা বস্তু খাইবে লাগায় তোমাৰ॥
পক্ষী বোলে নৰ-মাংস মোৰ প্ৰিয়কৰ।
মুনি বোলে হৰি হৰি কিনো অথন্তৰ॥
হেন বৃদ্ধ হুয়া পক্ষী নৰ-মাংস চাই।
জানিলোঁ কূৰূৰ বুদ্ধি উপশান্তি নাই!
অঙ্গীকাৰ কৰি আছোঁ আহাৰ দিবাৰ।
দেওঁ নৰ- মাংস কাৰ্য্য নাহি বুলিবাৰ॥

                      [ ৪ ]

মায়াবী পক্ষীক এহি বুলি মহাঋষি।
চাৰিও পুত্ৰক বুলিলন্ত বিমৰশি॥
আমি তোমাসাৰ পিতা হওঁ গুৰুজন।
শুদ্ধমনে পালিবাহা আমাৰ বচন॥
পুত্ৰগণে বোলে বাপ কৰোঁ নমস্কাৰ।
আজ্ঞা কৰা কিবা লাগে কৰিবোঁ তোমাৰ॥
বাপে বোলে ইটো পক্ষী অতিথি আমাৰ।
ভোজন দিবাক কৰি আছোঁ অঙ্গীকাৰ॥
মাংস-ৰুধিবক তোৰা দিয়ো তাকে খাই।
স্বস্থ হৌক পক্ষী ক্ষুধা-তৃষ্ণাক এড়াই॥
মুনি-পুত্ৰগণে ভয়ে কম্পমান হই।
বোলে ইটো কথা কৰিবাক যোগ্য নুই॥
যেহি পুত্ৰ সেহি বাপ ইটো বেদ-বাক
কেনে পৰ-অৰ্থে চাহা পুত্ৰ মাৰিবাক॥
তযু দেনা পিতৃ-ঋণ সুজিবোঁ আপুনি।
দেহাকে দিবেক পুত্ৰে কৈত আছা শুনি॥
জীৱন্তে থাকিসে কৰিবাক পাৰি ধৰ্ম্ম।
বেদে কহে আপুনাৰ সেই বড় কৰ্ম্ম॥
বিপ্ৰে বোলে পুত্ৰ হুয়া নমানাস বাপ।
পাইবাহা পক্ষী জন্ম দিলোঁ এহি শাপ॥
এহি বুলি আপুনাৰ তেখনে আপুনি।
প্ৰেত-কাৰ্য্য কৰি পাছে বুলিলন্ত মুনি॥
সত্য বাক্য নছাড়িলে তাকে বিপ্ৰ বুলি।
যজ্ঞত অধিক ফল পাইবে সমূলী॥

                    [ ৫ ]

আপন সত্যক পালি দিলোঁ নিজ-কায়া।
ক্ষুধা-তৃষ্ণা জিনি সুস্থ হৌক মোক খায়া॥
ঋষিৰ কৰ্ম্মক দেখি লভিয়া বিস্ময়।
ইন্দ্ৰে বোলে হেৰা মোক মাংস নলাগয়॥
মই ইন্দ্ৰ ছদ্ম কৰি আইলোঁ পক্ষী-বেশে।
তুষ্ট ভৈলো পৰীক্ষিয়া চৰিত্ৰ আৱেসে॥
ক্ষমিবাহা ইটো দোষ বৰ দেওঁ আৰ।
আজি ধৰি দিব্য-জ্ঞান হৈবেক তোমাৰ॥
ধৰ্ম্ম-তপ আচৰন্তে বিঘ্ন নুহুবেক।
এহি বুলি ইন্দ্ৰে নিজ-থানক গৈলেক।
পাছে পুত্ৰগণে প্ৰণমিয়া যাই শিৰে।
বাপক সম্বুদ্ধি বুলিলন্ত ধীৰে ধীৰে॥
মোহে অন্ধ হৈয়া আমি-আচৰিলোঁ পাপ।
মৃত্যু-ভয়ে তযু বাক্য নকৰিলোঁ বাপ॥
হুয়োক প্ৰসন্ন আৱে গুচায়োক শাপ।
পক্ষী-জন্ম ধৰি যেন নলভিবোঁ তাপ
সুকৃস বদতি কিনো দৈব-বল ঘোৰ।
মিলাইলে অকৰ্ম্ম চিত্ত থিৰ নহে মোৰ॥
কদাচিতো মোৰ বাক্য নুহিবে অন্যথা।
প্ৰসন্ন কৰিলা মোক শুনা,আৰ কথা॥
পক্ষী হুয়া মোৰ অনুজ্ঞায় হৈবা জ্ঞানী।
লভিবা সিদ্ধিক পাছে পৰমাৰ্থ জানি॥
ঋষিৰ শাপৰ কথা এহি মানে থওঁ।
যাৰ বংশে জন্ম ভৈলা তাৰ কথা কওঁ॥

                 [ ৬ ]

মন্দপাল নামে যিটো মুনি সৰ্ব্বজান।
পৃথিবীত নথাকিলা তাহাৰ সন্তান॥
পক্ষী বেশে অল্পকালে হোৱয় সন্ততি।
এহি চিন্তি পক্ষী হুয়া ভৈলা উতপত্তি॥
জৰিতা লপিতা নামে তানে দুই নাৰী
জৰিতাৰ গৰ্তে ভৈলা পাছে পুত্ৰ চাৰি॥
জৰিতাৰি সাৰিসক্ৰ বড় দুই জন।
স্তম্বুমিত্ৰ দ্ৰোণ দুই কনিষ্ঠ নন্দন॥
দুৰ্ব্বাসাৰ শাপে বপু নামে অপেশ্বৰী।
তাৰ্ক্ষা নামে কন্যা ভৈলা পক্ষী জন্ম ধৰি॥
গৰুড়-বংশত জাত সেহি কন্যাখানি।
সবাতে কনিষ্ঠ দ্ৰোণে বিহাইলন্ত আনি॥
সুকৃসে শাপিছে যিটো পুত্ৰ চাৰিজন।
তাৰ্ক্ষাৰ গৰ্ভত তাৰা ভৈলা উপাসন॥
ষোল্ল বৰিষত তাৰ্ক্ষা গৰ্ভৱতী ভৈলা।
অনুক্ৰমে সাত পক্ষ কাল বহি গৈলা॥
কুৰুক্ষেত্ৰ লাগি তাৰ্ক্ষা গৈলা তাত পৰে।
দেখিলা দুৰ্ঘোৰ যুদ্ধ কুৰু পাণ্ডবৰে॥
ভগদত্ত সহিতে অৰ্জ্জুনে যুদ্ধ কৰে।
আকাশ নিঃসন্ধি ভৈলা দুহন্তৰ শৰে॥
তাৰ শৰ লাগি তাৰ্ক্ষা ভৈলা দুই খণ্ড।
গৰ্ভ হৈতে খৰি গৈলা চাৰি গুটি অণ্ড॥
মানুষৰ তেজে মাংসে ছন্না বসুন্ধৰী।
নভাঙ্গিলা অণ্ড তাৰ উপৰত পৰি॥

                   [ ৭ ]

ভগদত্ত ৰাজাৰ হস্তীৰ ঘণ্টা এক।
সেহি বেলা অৰ্জ্জুনে কাটিয়া ফেলাইলেক॥
সেহি ঘণ্টা ঢাকি থৈলা অণ্ড চাৰি গুটি।
সিহেতু সমৰ মাজে নগৈলেক ফুটি॥
কুৰু-পাণ্ডবৰ যুদ্ধ ভৈলা অবসান।
সশিষ্যে সমিক মুনি আইল সেই স্থান॥
চাৰি গুটি পক্ষী-ছাৱ তৈতে আছে হৈয়া
তাৰ চিঁউ চিঁউ নাদ শুনিলন্ত গৈয়া॥
চিউ-ঢ়প-ঢ়প পাছে কিসে কৰে বুলি।
সমিকে চাহিলা পাছে ঘণ্টা গোট তুলি॥
পিঙ্গাক্ষ বিৰাধ আৰু সুপুত্ৰ সুমুখ।
এই চাৰি ধৰ্ম্ম-পক্ষী পায়ে বড় দুঃখ॥
দেখিয়া সমীকে তাসম্বাক নিলা ঘৰে।
ভুঞ্জায় আহাৰ তুলিলন্ত দয়াভৰে॥
সিটো পক্ষী আৱে বিন্ধ্য-পৰ্ব্বতত আছে।
ছেদিবে সংশয় যায়ো তাসম্বাৰ কাছে॥
হেন শুনি জয়মিনী বিন্ধ্য-গিৰি যাই।
পুছিলা অনেক কথা সিসবক পাই॥
পক্ষী সকলয়ো তাক কহিলা প্ৰত্যেক।
চৌদ্ধয় মনুৰ জন্ম তাতে কহিলেক।
তাৰ প্ৰসঙ্গত চণ্ডী কহিলা সমুলি।
মাৰ্কণ্ডেয়-ভাগুৰীৰ সংবাদ দেওঁ বুলি॥
সেহি সপ্তশতিকাৰ আৰম্ভিৰ্লোঁ পদ।
একচিত্ত হুয়া শুনিয়োক সভাসদ॥

                    [ ৮ ]


                । শ্ৰীশ্ৰীচণ্ডী।

               । প্ৰথম মাহাত্ম্য।

ভাগুৰিৰ আগে মাৰ্কণ্ডেয় নিগদতি।১
অষ্টম মনুৰ জন্ম কহিবে সম্প্ৰতি॥
নামত সাবৰ্ণি তেন্তে সূৰ্য্যৰ তনয়।২
দেবীৰ প্ৰসাদে মনু ভৈল যেন নয়॥
প্ৰপঞ্চ কৰিয়া কহোঁ সিসব আখ্যান।
শুনিয়ো ভাগুৰি তুমি হুয়ো সাৱধান॥৩
পূৰ্ব্বে দেৱ-গুৰু বৃহস্পতিৰ ভাৰ্য্যাত।
চন্দ্ৰৰ তনয় ভৈল বুধ নামে খ্যাত॥
একদিনপ্ৰতি বুধে নন্দন-বনত।
পৰ্য্যটি ফুৰিয়া আছে কৌতুকে মনত॥
তান আগে এক আসি কন্যা ভৈল থিৱ।
ঘৃতাচীৰৰ গৰ্ভে জীৱ কুবেৰৰ জীৱ॥
চিত্ৰা নামে কন্যা সিটো যুৱতী সুন্দৰী।
ত্ৰৈলোক্যত ৰূপে-গুণে বাৰ নাহি সৰি॥

                   [ ৯ ]

নিৰ্জ্জন বনত বুধে তাঙ্ক লাগ পাইল।
গান্ধৰ্ব্ব বিধিয়ে সেহি কন্যা বিহাইল॥
তাহান তনয় ভৈল চৈত্ৰ মহামতি।
সপ্তদ্বীপ পৃথিবীৰ তেন্তে অধিপতি॥
ব্ৰাহ্মণক লাগি দিল বহুবিধ দান।
সদায়ে মিষ্টান্ন দিব্য কৰায়ে ভোজন॥
যৈসানি আছিলা মনু স্বাৰোচিষ নাম।
তৈসানি ভৈলেক চৈত্ৰ ৰাজা অনুপাম॥
চৈত্ৰৰ তনয় অধিৰথ নৰপতি।
সুৰথ নামেতে ভৈল তাহান সন্ততি॥
মহা কীৰ্তিৱন্ত চক্ৰবৰ্ত্তী নৰেশ্বৰ।৪
পুত্ৰৱতে পালিলন্ত প্ৰজা নিৰন্তৰ॥
এহিমতে সুৰথৰ বহুকাল গৈলা
পাছে দুষ্ট ৰাজাগণ তান শত্ৰু ভৈলা॥
ধ্ৰুবৰ তনয় নন্দী নামে নৰপতি।
মহাবলী স্বায়ম্ভৱ মনুৰ সন্ততি॥
এক শত অক্ষৌহিণী সেনাক যণ্টাই!
পুনঃ বৰিষেক তেন্তে যুঝিলেক যাই॥
দেখিয়া সুৰথে যুদ্ধ দিলা কৰি খঙ্গ।
দুৰ্ব্বল শক্ৰত ৰাজা হৈলা ৰণভঙ্গ॥
কোলা নামে সুৰথৰ যিটো পুৰীখান।
তাক সিটো ৰাজাগণে কৰিলা নিৰ্য্যান॥।
চিৰজীৱী ৰাজা সিটো নন্দী বলৱন্ত।
সুৰথ ৰাজাক সমৰত জিনিলন্ত। ৫-৬

               [ ১০ ]

সুৰথেও শত্ৰু-হাতে পৰাজয় পাই।
ৰাজা হুয়া নিজ-পুৰে থাকিলন্ত যাই॥৭
ইটো বলহীন হেন দেখিয়া ৰাজাক।
মহাবলী দুষ্টমতি নিজ-মন্ত্ৰীঝাক॥
ধন-জন কাঢ়ি লৈলা দিলেক নিকাৰ।৮
হেন দেখি সুৰথেও ত্যজি ৰাজ্য-ভাৰ।
মৃগয়াৰ ছদ্ম কৰি ঘোটকত চড়ি।
একাকী গৈলেক ঘোৰ অৰণ্যক লড়ি॥৯
মেধস ঋষিৰ তৈতে আশ্ৰমেক আছে।
তথাতে পশিলা গৈয়া সুৰথে আপোছে॥
সৰ্প আদি যত জন্তু আছয় সিঠাৱে।
কাকো কেহো নিহিংসয় ঋষিৰ প্ৰভাৱে॥
ঋষি-শিষ্যগণে সুশোভিত সিটো স্থান।১০
তথাতে বঞ্চিলা ৰাজা দিন কতোমান॥
মুনিয়ো কৰিলা মান নৃপতিক পাই।
ৰাজাও ফুৰন্ত তৈতে নানা থান চাই॥১১
এহিমতে তৈত থাকন্তেয়ো নৃপতিৰ।
স্নেহে-মোহে-বিয়াকুল-চিত্ত নোহে থিৰ॥
বনক আসিলা পূৰ্ব্বে যাক পৰিহৰি।
চিন্তিবে লাগিলা ৰাজা সিসবক স্মৰি॥১২
পূৰ্ব্বকালে মোৰ পিতৃ-পিতামহগণে
পালিলেক যিটো ৰাজ্য পৰম যতনে॥
হেনয় ৰাজ্যক মই আইলোঁ পৰিহৰি।
নজানোহো ভৃত্যগণে পালে কেন কৰি॥

                [ ১১ ]

দুৰাচাৰ মোৰ সিটো ভৃত্য সমুদায়।
স্বধৰ্ম্মে পালয় কিবা কৰয় অন্যায়॥১৩
আমাৰ প্ৰধান হস্তী যিটো মহাবল।
হৃষ্ট পুষ্ট সৰ্ব্বকালে স্ৰৱে মদ-জল॥১১
মোৰ শত্ৰুবৰ্গে কাঢ়ি লৈয়া আছে তাক।
নজানো কিমত ভোগ পায়ে ভুঞ্জিবাক॥১৪
আৰো মোৰ সেৱকিয়া লোক-জন যত।
অন্নে বস্ত্ৰে দানে-মানে পুষিলোঁ সতত॥
কি জানি সিসবে যাৱে আমাত নৈৰাশে।
জীৱিকাৰ অৰ্থে অন্য ৰাজাক উপাসে॥১৫
মহাকষ্টে সঞ্চি থৈলোঁ যতেক ভাণ্ডাৰ।
তাক মোৰ সিটো ভৃত্যগণ দুৰাচাৰ॥
অকাৰ্য্যত ৰাত্ৰি-দিনে কৰিবেক ব্যয়।
সিসব ভাণ্ডাৰ অল্পকালে হৈব ক্ষয়॥১৬
এহিমতে আপোনাৰ আপদ অনেক।
চিন্তিতে চিন্তিতে ৰাজা ব্যাকুল ভৈলেক॥
সি ঠাৱতে পুষ্পভদ্ৰা নদীৰ কাষত।
এক গোটা বৈশ্য আসি ভৈল উপগত॥১৭
ডুমিন বৈশ্যৰ পুত্ৰ অবিনীত অতি।
কলিঙ্গ দেশৰ ৰাজা বিৰাধৰ নাতি॥
ডুমিনয়ো পুস্কৰত দেৱক আৰাধি।
যাক পুত্ৰ কৰি পাইলা নামত সমাধি॥
দিনে দিনে সিটো বৈশ্য পৰম মহন্ত।
বিপ্ৰক লাগিয়া কোটী সুবৰ্ণ দিয়ন্ত॥

                [ ১২ ]

ভাৰ্য্যা-পুত্ৰে বাধিলেও নুশুনেয়ো হাক।
হেন দেখি ভাৰ্য্যা পুত্ৰে নিকালিলে তাক॥
গৃহ ছাড়ি সমাধিয়ে পুষ্কৰত পশি।
মেধসৰ আশ্ৰমক পাইলা মহাযশি॥
তথাতে ভ্ৰমন্তে দেখিলন্ত নৰনাহা।
সম্বুদ্ধি বোলয় তুমি কৈক লাগি যাহা॥
কোন তুমি কি কাৰণে আইলা ঘোৰ বনে।
কেনে শোক কৰা কেনে দুস্খ কৰা মনে॥১৮
বৈশ্যে বোলে সমাধি নামত মই খ্যাত।
ধনৱন্ত বৈশ্য-কুলে ভৈলোঁ মই জাত॥
অতি মন্দমতি মোৰ ভাৰ্য্যা-পুত্ৰগণ।
ত্যজিলা লোভত মোক কাঢ়ি লৈলা ধন॥১৯-২১
ধনহীন ভৈলোঁ ছাড়িলেক বন্ধুজনে।
পায়া দুঃখ অপমান চলি আইলোঁ বনে॥২২
ঐত থাকন্তেয়ো মোৰ নুগুছয় শোক।
তাহাৰ চিন্তায়ে অহৰ্নিশে দহে মোক॥
মোৰ সিটো বন্ধু-পুত্ৰ-ভাৰ্য্যা-মিত্ৰ যত।
নজানো কিমতে আৱে আছয় গৃহত॥
কুশলে আছয় কিবা কষ্ট আছে পায়।
ধৰ্ম্মক কৰয় কিবা কৰয় অন্যায়॥২৩-২৪
ৰাজা বোলে ইটো কথা নেদেখোঁ যুগুত।
অধম নিস্খল তযু বন্ধু ভাৰ্য্যা যত॥
কেৱলে ধনৰ লোভে ত্যজি আছে আগে।
হেন নিষ্ঠুৰত স্নেহ কি কাৰণে লাগে॥২৫-২৬

                   [ ১৩ ]

বৈশ্য নিগদতি বুলিলা সত্য হয়।
কিন্তু নিদাৰুণ হৈবা নপাৰোঁহো ময়॥২৭-২৮
আশকতি মোত নাহি একমতি।
ধনৰ লোভত মোক দিলেক দুৰ্গতি॥
ইষ্ট মিত্ৰ জন হুয়া নেদে মোক লাগ।
ধনহীন দেখি মোক কৰিলেক ত্যাগ॥২৯
নিদাৰুণ বুলি জানো এতু বাঢ়ে স্নেহ।
তাৰাক সুমৰি মোৰ দগ্ধ কৰে দেহ॥৩০
নিষ্ঠুয়ত প্ৰীতি কৰি কষ্ট পাওঁ মনে।
শোকত বজায় দীৰ্ঘ নিশ্বাস সঘনে॥
নজানোহো কোনে হেন অকাৰ্য্য মিলাই।
কি কৰিলে খণ্ডে শোক নেদেখোঁ উপায়॥৩১
মাৰ্কণ্ডেয় মুনি বোলে মুনি দ্বিজবৰ।৩২
নৃপতিয়ে অৱস্থাক শুনিয়া বৈশ্যৰ॥
সঙ্গত বৈশ্যক লৈয়া গৈলা তেতিক্ষণে।
মেধস ঋষিৰ আগে ভৈলা উপাসনে॥ ৩৩
ঋষিক প্ৰণমি দুয়ো বসিলা আসনে।
সম্ভাষা কৰিলা অন্যে-অন্যে তিনিজনে॥৩৪
ৰাজা বোলে পোছোঁ মই কথা একখানি।
জানান্তেয়ো কেনে আমি হয়োঁ অজ্ঞানী।
কাঢ়ি লৈলা ধন-জন মন্ত্ৰিয়ো আমাৰ।
চাৰিলোঁহো ৰাজ্য তাত নাহি অধিকাৰ॥
তথাপিতো তাকে মই ৰাজ্য ধন বুলি।
মনত চিস্তিয়া দুষ্খ‌ পাইলোঁ সমুলি॥

                   [ ১৪ ]

কোনে দেই এহিমত মদ-কষ্ট ঘোৰ।
কেনে একোমতে চিত্ত বশ্য নোহে মোৰ॥৩৫-৩৭
আৰো দেখা বৈশ্য ইটো পৰম উদাৰ।
ভাৰ্য্যা-পুত্ৰগণে আক দিলেক নিকাৰ॥
তেজিলে বান্ধবে তভো নোপোজে বিবেক।
তাসম্বাতে কৰে মাত্ৰ স্নেহ অতিৰেক॥৩৮
এহিমতে বড় দুঃখ পায়ে দুইজনে।
দোষক দেখিয়া তাকে ন ধৰোঁহো মনে॥৩৯
অজ্ঞানীৰ হোয়ে মোহ হৈবাক উচিত।
জ্ঞানীৰো উপজে মোহ কিনো বিপৰীত॥
ইহাৰ কাৰণ কহিয়োক মহামানী।৪০
ঋষিয়ে বোলন্ত আক নোবোলয় জ্ঞানী॥৪১
বিষয়ৰ জ্ঞানে মোহ নপাৰে খণ্ডিতে।
পৰমাৰ্থ জানিলেসে হোয় পণ্ডিতে॥
সমস্ত জন্তুৰ আছে বিষয়ত জ্ঞান।
পৃথকে পৃথকে শুনা যাৰ যত স্থান॥৪২
ফেঞ্চা-আদি কৰি জীৱজন্তু অসংখ্যাত।
দিনত নেদেখে কিন্তু দেখয় নিশাত॥
নিশাত নেদেখে কাক-আদি জন্তুচয়।
কেবলে দিনত মাত্ৰ সিসবে দেখয়॥
ব্যাঘ্ৰক প্ৰমুথে জন্তু শৃগাল-বিড়াল।
কিবা দিবা কিবা ৰাত্ৰি দেখে সৰ্ব্বকাল॥ ৪৩
ইসব জন্তুৰ কিন্তু আছে অতিৰেক।
স্বৰূপত মানুষৰ আছয় বিবেক॥

                  [ ১৫ ]

সিয়ো জ্ঞান পশু-পক্ষী-মৃগাদিৰ থান।
যত বিষয়ৰ বোধ নুহি তত্ত্ব-জ্ঞান॥
আহাৰ-মৈথুন নিদ্ৰা-আদি-কৰ্ম্মচয়।
জ্ঞানৱন্ত হুয়া নৰে আকেসে কৰয়॥
সেহি কৰ্ম্ম আচৰয় পশু-পক্ষীগণে।
এতহন্তে জ্ঞানী তাক বোলে কোন জনে॥ ৪৪-৪৫
দেখা দেখা নৰেশ্বৰ ইটো পক্ষী যত।
সেহি জ্ঞান থাকিতেও মোহে হুয়া হত॥
ক্ষুধাই পীড়িত হই আপুনি নাখায়।
নিজ শিশুসমস্তক আহাৰ ভূঞ্জায়॥৪৬
মনুষ্যেও উপকাৰ পাইবে কৰি আশ॥
পুত্ৰক লাগিয়া কৰে বড় অভিলাষ॥
আপুনি কি নজানাস! কি কহিবোঁ আক।
জানিও নাপাৰে নৰে ধৈৰ্য্য ধৰিবাক॥৪৭
মাধৱৰ মহামায়া বলে জোড় নাই।
তেন্তে সমস্তক মোহ-গৰ্ত্তত ফেলাই॥
তথাতে মমতা নামে আছে চক্ৰপাক।
কাহাৰ শকতি আছে তাক তৰিবাক॥৪৮
নিজ বলে বিষ্ণু-মায়া জগত মোহয়।
সি কাৰণে নকৰিবা ইহাত বিস্ময়॥৪৯
জ্ঞানীৰ মনক মোহি-ভ্ৰমায়ে সংসাৰ।
সামান্য জনৰ কথা কি কহিবোঁ আৰ॥৫০
তেহেন্তেসে ইটো চৰাচৰ-সৃষ্টিকৰ।
বন্ধন-মোক্ষৰ হেতু নাহি তান্তপৰ॥৫১

                 [ ১৬ ]

তান অনুগ্ৰহ ভৈলে সংসাৰক তৰি।
ব্ৰহ্মা-আদি-দেৱতাতো তেহন্তে ঈশ্বৰী॥৫২
ৰাজায়ো বোলন্ত কাক বোলে মহামায়া।
কেনমতে ভৈলা জাত কহিয়ো বুজায়া॥
তান ৰূপ কেনমত কোন কৰ্ম্ম কৰে।
কি মত স্বভাৱ কাতহন্তে জন্ম ধৰে॥
দেৱৰ তত্ত্বক জানা সবে মহামুনি।
কহিয়ো ইসব কথা আমি থাকোঁ শুনি॥৫৩-৫৫
মেধস বদতি তান উতপত্তি নাই।
নিত্য বস্তু মহামায়া আছন্ত সদাই॥
সমস্তকে ব্যাপি আছে দেৱী ভগৱতী।
তথাপি বহুত কয়োঁ তান উতপত্তি॥৫৬-৫৭
দেৱতা-বৰ্গৰ কাৰ্য্য সাধিবাক প্ৰতি।
যি বেলাত যি ৰূপ ধৰন্ত পাৰ্ব্বতী॥
সিবেলাত সেহিৰূপে জন্ম বোলে তাক।
হেনয় জন্মৰ কথা কহোঁ শুনিয়োক॥৫৮
যৈসানি ব্ৰহ্মাৰ কল্প ভৈলা অবসান।
সাত সমুদ্ৰৰ জল ভৈলা এক থান॥
তৈসানি বিষ্ণুৰ কৰ্ণহন্তে মল আনি।
প্ৰলয় জলৰ মাঝে খেপিলা ভবানী॥
পাছে সেহি কৰ্ণ-মল ভৈলা দুই খণ্ড।
তাতহন্তে ভৈলা পাছে অসুৰ প্ৰচণ্ড॥
মধুৰ বৰণ আঁখি দেখি মনোহৰ।
সেহিসে কাৰণে মধু নাম ভৈলা তাৰ॥

                [ ১৭ ]

আৰ গোটা জন্মি ভৈলা কীটৰ আকাৰ।
সিহেতু কৈটভ নাম ভৈলেক প্ৰচাৰ॥
উপজিলে দুই দৈত্য দেখিলে পাছে।
বিষ্ণু-নাভি-কমলত ব্ৰহ্মা বসি আছে॥
কোপত ৰাতুল আঁখি বলে সম নাই।
ব্ৰহ্মাক বধিতে দুয়ো দৈত্যে গৈলা ধাই॥
ঘোৰ দুই দৈত্য দেখি ব্ৰহ্মা ভৈলা ভয়।
দেখন্ত মাধৱে নিদ্ৰা কৰন্তে আছয়॥৫৯-৬১
যোগিনী মাও মহামায়া জগত ঈশ্বৰী।
বিষ্ণুৰ নেত্ৰত আছে অধিস্থান কৰি॥
হৰিক জগাইবে প্ৰতি কৰি অভিপ্ৰায়।
একচিত্তে তাঙ্ক স্তুতি কৰিলা ব্ৰহ্মাই॥৬২-৬৪
ব্ৰক্ষ্মাই বোলন্ত নমো নমো সনাতনি।
জগত-আধাৰ তুমি জগত-জননী॥
শ্ৰাদ্ধ হোম যজ্ঞ দান কৰ্ম্ম নিৰন্তৰ।
সিসবৰ মন্ত্ৰ তুমি তুমিসে অক্ষৰ॥
তুমি সুজা তুমি পালা কৰাহা সংহাৰ।
সৃষ্টি স্থিতি লয় তুমি স্বৰূপ তোমাৰ॥
তুমি জ্ঞান তুমি মোহ তুমি মহামায়া।
গুণত্ৰয়স্বৰূপিৰ্ণী তুমি বিশ্বকায়া॥৬৫-৭৩
তুমি শান্তি তুমি শ্ৰেষ্ঠা পৰমা সুন্দৰী।৭৫
লক্ষ্মী লজ্জা বুদ্ধি আদি ৰূপ আছা ধৰি॥৭৪
যৈত যৈত যিবা বস্তু আছেসে যতেক।
সবাত শকতি-ৰূপে আছাহা প্ৰত্যেক॥

                  [ ১৮ ]

যিটো কৰে জগতৰ সৃষ্টি-স্থিতি-লয়।
তাকো তুমি নিদ্ৰাতুৰ কৰিছা নিশ্চয়॥
মঞি আৰু হৰি-হৰ আমাৰ তিনিৰ।
তোমাত হন্তেসে হোন্ত ত্ৰিতয় শৰীৰ॥
কিবা স্তুতি কৰিবোঁহো হেনয় তোমাক।
কেনেবা সমৰ্থ হোৱে স্তুতি কৰিবাক॥
যি কিছো বৰ্ণালোঁ গুণ আতে তুষ্ট হুই।
শুনিয়োক নাও ইটো দুষ্ট দৈত্য দুই॥৭৮-৮০ [১]
ইটো মধুকৈটভক বধিবাক প্ৰতি।
শীঘ্ৰ কৰি জগাওক দেৱ লক্ষ্মীপতি॥৮১-৮২
মেধস বদতি কথা শুনা নৃপবৰ।
দেৱীক কৰিলা হুতি যেৱে সৃষ্টিকৰ॥৮৩-৮৪
হৰিৰ দেহাক ছাড়ি ব্ৰহ্মাৰ আগত।
তামসিক ৰূপে দেৱী ভৈলেক বেকত॥৮৫-৮৬
নিদ্ৰাও ছাড়িলা যদি দেৱ নাৰায়ণ।
অনন্ত-শয্যাত হন্তে উঠিলা তেখন॥
নয়নক মেলি হৰি দেখিলন্ত পাছে।
ব্ৰহ্মাক খাইবাক লাগি দুই দৈত্য আসে॥৮৭-৮৮
সেই দুই সমে পাঞ্চ হাজাৰ বৎসৰ।
ঘোৰ বাহু-যুদ্ধ কৰিলন্ত দামোদৰ॥
পাছে দেৱী দোহন্তৰ মুহিলন্ত নন।
বলৰ দৰ্পত মত্ত ভৈলা দুইজন॥৯০

                  [ ১৯ ]

হৰিক সম্বুদ্ধি মধু-কৈটভ বদতি।
কোন বৰ লাগে দেওঁ লয়োক সম্প্ৰতি॥৯১
মাধৱে বোলন্ত শুনিয়োক নিশাচৰ।
তুষ্ট হুই তোৰা দুই দিয়ো এহি বৰ॥
মোৰ হাতে পৰি দুয়ো চলা যম থান।
এহিমান মাত্ৰ লাগে নলাগয় আন॥৯২-৯৪
হেন শুনি সিটো দুই দৈত্য মহামানী।
আপোনাক হৰিয়ে বঞ্চিলে হেন জানি॥
দেখয় সাগৰে আছে জগত বুৰাই।
হৰিক বঞ্চিতে দুইৰো ভৈলা অভিপ্ৰায়॥৪৯৫-৯৬
পাছে দুই দৈত্য বোলে আমি দিলোঁ বৰ।
যাতে বড় তুষ্টি দিলা কৰিয়া সমৰ॥
আমাসাক বধিবাক তুমি হোৱা পাত্ৰ।
কিন্তু একখানি কথা কৰিবাহা মাত্ৰ॥
যথাতে নুহিকে জল-অপ্লাবিত ভূমি।
সেহি স্থানে আমাসাক বধিবাহা তুমি॥৯৭-৯৮
মেধস বদতি কথা শুনা মহীপাল।
সবে হৰিময় স্বৰ্গ-পৃথিবী-পাতাল॥
আকে নজানিয়া দৈত্য বুলিলা হেলায়।
ঈশ্বৰৰ মহিমা নাজানে দুৰাশয়॥
অনন্তৰে এহি হৌক বুলি চক্ৰপাণি।
দুহান্তক জঘনত তুলি লৈলা আনি॥
চক্ৰহানি দুহান্তৰো ছেদিলন্ত শিৰ।
মৰি গৈলা দুই গোটা দৈত্য মহাবীৰ॥ ৯৯-১০০

                 [ ২০ ]

মধু-কৈটভৰ ৰধ ভৈলা সমাপতি।
পদ বন্ধে ৰুচিনাথ বিপ্ৰে নিগদতি॥
ৰাজাৰ বৈশ্যৰ জন্ম-কৰ্ম্ম-কথা যত।
ব্ৰহ্ম-বৈবৰ্ত্তৰ আছে প্ৰকৃতি-খণ্ডত॥
যেনমতে জাত ভৈলা ধৰ্ম্ম-পক্ষীচয়।
মাৰ্কণ্ডেয়-পুৰাণত ই কথা আছয়॥
ইসব কথাক আত দিলোঁ মিশ্ৰ কৰি।
বিৰচিলোঁ পদ বাহুল্যক পৰিহৰি॥
ভবানীৰ গুণ-নাম মোক্ষ-হেতু জানি।
নিৰন্তৰে নৰে বোলা শঙ্কৰ ভবানী।[২]

ইতি দেবীমাহাত্ম্যে মধূকেটভ বধঃ।

                 [ ২১ ]


           । দ্বিতীয় মাহাত্ম্য।

পূৰ্ব্বকথা।

মেধস বদতি, শুনিয়ো নৃপতি,
গোঁসানীৰ জন্ম-কথা।
আপুনি ব্ৰহ্মাই, গুণক বৰ্ণাই,
স্তুতি কৰিলন্ত যথা॥
শুনিয়োক আৰ, কহিবোঁ দুৰ্গাৰ,
অদভূত চৰিত্ৰক।
ৰম্ভা নামে এক, পূৰ্ব্বে আছিলেক,
দৈত্য সিটো অপুত্ৰক॥
পুত্ৰক বাঞ্ছয়, সিটো দৈত্যৰায়,
উগ্ৰতপ আচৰিলা।
অনেক বৎসৰ, পাৰ্ব্বতী-শঙ্কৰ,
দুহন্তক আৰধিলা॥
তাৰ তপস্যাত, আপুনি সাক্ষাত,
তুষ্ট ভৈলা মহেশ্বৰ।
দেখা দিয়া আসি, বুলিলন্ত হাসি,
লৈয়োক বাঞ্চিত বৰ॥
পাছে ৰম্ভাবীৰে, নমি জানু শিৰে,
বুলিলন্ত স্তুতি-বাণী।
অগতিৰ গতি, তুমি পশুপতি,
নমো দেৱ শূলপাণি॥

                 [ ২২ ]

তোমাতে শৰণ, পশে যিটো জন,
পায়ে সিটো নব নিধি।
জগত-আশ্ৰয়, নমো কৃপাময়,
তুমি বিধাতাৰ বিধি।
এমতে অনেক, স্তুতি কৰিলেক,
পাছে বুলিলন্ত বাণী।
মোক লাগি যেৱে, দয়া আছে তেৱে,
দিয়ো পুত্ৰ এক খানি॥
চিৰজীৱী ধীৰ, অবধ্য শৰীৰ,
সত্যবাদী যশৱন্ত।
দৈত্য-দেৱতাক, পাৰে জিনিবাক,
হৈব হেন বলৱন্ত॥
বিভূতি অনেক, পুত্ৰৰ হৈবেক,
হৈব সৰ্ব্বগুণে গুণী।
তিনি জনমত, পুত্ৰ এহি মত,
হৈবাহা তুমি আপুনি॥
শঙ্কৰে বোলয়, তোমাৰ তনয়,
হৈবেক ই নিষ্ঠে জান।
এহি বুলি হৰে, তাত অনন্তৰে,
ভৈলা তেন্তে অন্তৰ্দ্ধান॥
পায়া এহি বৰ, সিটো নিশাচৰ,
নিজ থানে গৈলা পাছে।
যাহন্তে পথত দেখিলা বনত,
মহিষ এক গোটা আছে॥

               [ ২৩ ]

চিত্ৰবৰ্ণ কায়, অধিকে শুৱাই;
দেখিবাক অতি ভাল।
বৰিষ ত্ৰিতয়, বয়স হোৱয়,
হৈয়া আছে ঋতুকাল॥
দেখি কাম ভোলে অসুৰ নিস্খলে,
দানৱে দুই হাত মেলি।
মহিষীক ধৰি, আলিঙ্গন কৰি,
কৰিলন্ত তথা-কেলি॥
সেহি বীৰ্য্যে জাত, জগতে প্ৰখ্যাত,
ভৈলেক মহিষাসুৰ।
দানবগণৰ ভৈলেক ঈশ্বৰ,
অসুৰৰ সি দুন্দুৰ।
একদিন প্ৰতি, মহিষ দুৰ্ম্মতি,
হিমালয়-গিৰি-কাছে।
পশিলেক বন; যৈত কাত্যায়ন,
মুনিৰ আশ্ৰম আছে॥
ধৰি নাৰী-কায়া; মোহিলেক যায়া,
ৰৈদ্ৰোস্ব নামে মুনিক।
ভৈলা তপ-ভঙ্গ; দেখি কৰি খঙ্গ;
কাত্যায়নে শাপিলেক॥
যিটো ৰূপ ধৰি, আসি চদ্মকৰি,
শিষ্যক মোহিলি মোৰ।
শুন ৰে-দুৰ্ম্মতি, এমত যুৱতী,
মাৰ চিন্তিবেক তোৰ॥

                 [ ২৪ ]

পায়া ঋষি-শাপ, নাই অনুতাপ,
দানব নিস্খল আতি।
যত চৰাচৰ, প্ৰাণী নিৰন্তৰ,
পীড়া কৰে দিনে ৰাতি॥
বলৰ দৰ্পত, হুয়া উনমত,
স্বৰ্গ কাঢ়ি লৈবে প্ৰতি।
চতুৰঙ্গ দল সাজি মহাবল,
মহিষে কৰিলা মতি॥
সিবেলা দেৱৰ, ৰাজা পুৰন্দৰ,
সহিতে বিৰোধ ভৈলা।
দেৱ-দানবৰ, শতেক বৎসৰ,
সমৰ কৰন্তে গৈলা। ১-২
পাছে মহাবল, অসুৰ সকল,
দেৱক জিনিলা ৰণে।
মহিষ-দানব, স্বৰ্গত বাসব,
আপুনি ভৈলা তেখনে॥
হাৰিয়া সমৰ দেৱ নিৰন্তৰ,
বিধাতাৰ আগ কৰি।
চলিয়া গৈলন্ত, যথাতে আছন্ত,
শঙ্কৰে সহিতে হৰি॥ ৪
গৈয়া দেৱতাক, পশিয়া সভাক,
গোচৰ কৰিবে লৈলা।

               [ ২৫ ]

হেৰা হৰি হৰ, দেৱ সমস্তৰ,
পৰম আপদ ভৈলা॥ ৫
দেখি দেৱবৰ্গ, কাঢ়ি লৈলা স্বৰ্গ,
মহিয নামে অসুৰে।
মানুষৰ ন্যায়, হুয়া দেৱচয়,
আৱে পৃথিবীত ফুৰে॥
অগ্নি, বায়ু, ইন্দ্ৰ, যম, সূৰ্য্য, চন্দ্ৰ,
বৰুণ আদি যতেক।
সবে দেৱতাৰ, লৈলা অধিকাৰ,
আপুনি দেৱ ভৈলেক॥৬-৭
কহিলোঁ সকলে, মহিষ নিস্খলে,
কৰিলে যত অন্যায়।
আৱেদেবগণে, পশিল শৰণে,
তোমাসাৰ আসি ঠাই॥
কেনমতে আক, পাৰি বধিবাক,
চিন্তিয়ো হেন উপায়।
অনেক নিকাৰ দিলা দুৰাচাৰ,
সহন আৰ নাযায়॥
শুনা সভাসদ, পুৰাণৰ পদ,
সিজিবে বাঞ্ছিত কাম।
দেৱীৰ চৰণে, পশিয়ো শৰণে,
বোলা দুৰ্গা শিব ৰাম॥

               [ ২৬ ]

মেধস বদতি কথা শুনা নৃপবৰ।
দুঃখৰ কাহিনী শুনি দেৱতাগণৰ॥
হৰি-হৰ দুহন্তৰ কোপ উপজিলা।
ভ্ৰুকুটি- কুটিল মুখ দুহন্তৰ ভৈলা॥৯
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ ক্ৰোধ গুৰুতৰ।
তেজ-পুঞ্জ বাজ ভৈলা তিনিৰো মুখৰ॥১০
ইন্দ্ৰ আদি কৰি যত দেৱতাগণ।
বাজ ভৈলা তেজ-পুঞ্জ দেৱতাগণৰ॥
এহি মতে সমস্ত দেৱৰ তেজৰাশি।
একস্থান হুয়া ভৈলা ভিন্নে ভিন্নে আসি॥১১
প্ৰভাতৰ সূৰ্য্য যেন জ্বলে তেজচয়।
তাৰ কান্তি লাগি দিশ-পাশ প্ৰকাশয়॥
অদ্ভুত দেখিয়া দেৱগণে চাহি আছে।
সিটো তেজ-পুঞ্জ একস্থান হুয়া পাছে॥
তথাতে ভৈলেক নাৰীগোটা তেতিক্ষণ।
তাৰ কান্তি বিয়াপিল তিনিয়ো ভুবন॥ ১২-১৩
শঙ্কৰৰ তেজে তাৰ ভৈলেক বদন।
অগনিৰ তেজে ভৈলা ত্ৰিতয় নয়ন॥
সন্ধ্যাদেৱ তাৰ তেজে ভ্ৰূব ভৈলা জাত।
কুবেৰৰ তেজে ভৈলা নাসিকা সাক্ষাত॥
প্ৰজাপতি–দেৱতাৰ তেজে ভৈলা দম্ভ।
পৃথিবীৰ তেজে তাৰ নিতম্ব ভৈলন্ত॥
বায়ু-তেজে কৰ্ণ ভৈলা যম-তেজে কেশ।
বাসবৰ তেজে ভৈলা তাৰ মধ্যদেশ॥

                [ ২৭ ]

জঙ্ঘা-উৰু বৰুণৰ তেজে উতপন।
বিষ্ণু-তেজে বাহু ভৈলা চন্দ্ৰ-তেজে স্তন॥
ভৈলেক ব্ৰহ্মাৰ তেজে চৰণ যুগল।
সূৰ্য্য-তেজে তাৰ ভৈলা অঙ্গুলীসকল॥
ভৈলেক বসুব তেজে হস্তৰ অঙ্গুলি।
অন্য দেৱৰ তেজে ভৈলা শৰীৰ সমূলি॥১৪-১৮[৩]
সমস্ত দেৱৰ তেজ মিলি এহিমত।
উপজিলা দেবী দেখি আছে দেব যত॥
জানিলোঁ আমাৰ শত্ৰু ভ্ৰূব হৈব ক্ষয়।
এহি বুলি আনন্দিত হৈল দেবচয়॥১৯
শূলহন্তে শূল পাটি কাঢ়ি আনি হৰে।
ভবানীক প্ৰতি দিলা তাৰ অনন্তৰে॥
উদ্ধৰিয়া চক্ৰগোট নিজ চক্ৰ হন্তে।
দুৰ্গাক লাগিয়া দিলা কৃষ্ণ ভগৱন্তে॥২০
বৰুণে দিলেক শঙ্খ আৰ নাগপাশ।
শক্তি নামে অস্ত্ৰ আনি দিলন্ত হুতাশ॥
বায়ুয়ে [৪] দিলন্ত ধনু দেৱীক সাদৰি।
দিলা দুই গোটা তূণ অস্ত্ৰে আছে ভৰি॥২১
ঐৰাৱত হন্তো ঘণ্টা দিলা দেৱৰাজ।
বজ্ৰকো দিলন্ত বজ্ৰহন্তে কৰি বাজ॥২২

                 [ ২৮ ]

অক্ষমালা-কমণ্ডলু দিলা সৃষ্টিকৰ।
পদ্ম এক গোট আনি দিলন্ত সাগৰ॥২৩ [৫]
ৰোম-কূপ সকলত ভবানী মাওৰ।
আপোনাৰ ৰশ্মিচয় দিলা দিবাকৰ॥
কালে দিলা খঙ্গা-চৰ্ম্ম পৰম নিৰ্ম্মল।২৪
ক্ষীৰ-সমুদ্ৰেয়ো দিলা দুইটি কুণ্ডল॥
দিব্য বস্ত্ৰ দুইখানি দিব্য এক হাৰ।
নূপুৰ-যুগল গলপাতা অলঙ্কাৰ॥
চূড়ামণি অৰ্দ্ধচন্দ্ৰ দিলা সুশোভন।
সমস্ত বাহুত তাৰ দিলা বিতোপন॥
অঙ্গুলি সবাত দিলা ৰত্নৰ অঙ্গুৰী।
হস্তত বলয়া দিলা অতি যত্ন কৰি॥২৫-২৭
যমে দিলা যম-দণ্ড জ্বলে অতিৰেক।[৬]
অনন্তৰে বিশ্বকৰ্ম্মা কুঠাৰ দিলেক॥
অভেদ্য কৱচ দিলা অস্ত্ৰ নানা খান।২৮
অম্লান পদ্মৰ মালা দিলা দুইখান।
মাথাত পিন্ধিলা দেৱী মাল একখান।
হিয়াত কৰিলা মালান্তৰ পৰিধান॥ ২৯[৭]

               [ ২৯ ]

হিমালয়ে দিলা সিংহ দেৱীৰ বাহন।
দিলা অতি মনোৰম বিবিধ ৰতন॥
সুৰাসমে পান-পাত্ৰ দিলা ধনেশ্বৰ।৩০
অনন্তে দিলন্ত মনোহৰ দিব্যহাৰ॥৩২
আনো দেৱবৰ্গে তাঙ্ক কৰি সতকাৰ।
দিলা অস্ত্ৰ-শস্ত্ৰ নানাবিধ অলঙ্কাৰ॥
পাছে দেৱী অট্টহাস কৰিলা অপাৰ।
কৰিলা প্ৰচণ্ড সিংহে নাদ বহুতৰ।৩২
সেহি নাদে পূৰিলেক সমস্ত আকাশ।
তাৰ ঘোৰ প্ৰতিধ্বনি গৈলা দিশ-পাশ॥৩৩
ক্ষোভ ভৈলা সবে লোক ভূমিকম্প যাই।
খলকিলা সাগৰ পৰ্ব্বতক কম্পাই॥৩৪
জয় দুৰ্গা বুলি ঘোষে দেৱ-মুনিগণ।
ভক্তিভাৱে স্তুতি কৰিলন্ত মুনিগন॥৩৫
কি ভৈলা ইগোট বুলি কোপে দৈত্যৰায়। –
সেই শবদকে লক্ষ্য কৰি গৈলা ধাই॥
চৌ-পাশে দানব সৈন্য আবৰিয়া যাই।
কতোক্ষণে পাইলা গৈয়া গোঁসানীৰ ঠাই॥৩৬-৩৭
দেখিলা মহিষে গৈয়া আছন্ত ভবানী।
সহস্ৰেক ভুজে আছে দশোদশে চানি॥
তিনি লোক ব্যাপি জ্বলে শৰীৰৰ কান্তি।
চৰণে আক্ৰমি আছে পৃথিবীক যান্তি॥
কিৰীটিয়ে আকাশ-পথক আছে জুৰি।
ধনুৰ শবদে আছে পাতালক পূৰি॥৩৮ ৩৯

                 [ ৩০ ]

অস্ত্ৰৰ শস্ত্ৰৰ তেজে চাহান নযাই।
দেদ-সুৰগণে স্তুতি কৰিছে বিনাই॥
হেন দেখি দৈত্যগণে নুশুনিলা তাক।
ধৰ মাৰ ৰোল কৰি বেঢ়িলা দুৰ্গাক॥
তাত অনন্তৰে সিটো অসুৰগণৰ।
দেৱীয়ে সহিতে ঘোৰ লাগিল সমৰ॥
নানা অস্ত্ৰ-শস্ত্ৰ প্ৰহৰিলা আসৰিশ।
তাৰ কান্তি লাগি প্ৰকাশিত ভৈলা দিশ॥৪০
মহিষৰ সেনাপতি নামত চামৰ।
চতুৰঙ্গ সেনা লৈয়া কৰিলা সমৰ॥
নামত চিক্ষুৰ যিটো সেনাপতি তাৰ।
সমদলে সাজি সিটো দৈত্যে দিল লৰ॥৪১
বাস্কল অসুৰে লৈয়া ষাঠি লক্ষ ৰথ।
ধায়া গৈলা লক্ষ্য কৰি সংগ্ৰামৰ পথ॥
ষাঠি সহস্ৰেক ৰথ লৈয়া নিজ সঙ্গে।
উদগ্ৰ দানব যুঝিবাক গৈলা খঙ্গে। ৪২
এক কোটি ৰথ সমে হনু মহাবীৰ।
সমৰত পশি বুঝিবাক ভৈলা থিৰ॥
অসিলোম নাম যিতো দৈত্য মহাবলী।
পঞ্চকোটি ৰথ লৈয়া সিটো গৈলা চলি॥৪৩
ৰথ পটি হয় হস্তী অনেক হাজাৰ।
লগে লৈয়া যুদ্ধ দিলা দৈত্য পৰিবাৰ।৪৪ [৮]

                [ ৩১ ]

পঞ্চাশ অৰ্ব্বুদ ৰথ সঙ্গত ঘণ্টাই।
বিড়ালাক্ষ দৈত্য যুঝিবাক গৈলা ধাই॥৪৫
আনো বীৰ লৰি গৈলা অযুত নিযুত।
সবাৰো সঙ্গত চলে পদাতি বহুত॥৪৬
হাতী ঘোৰা ৰথ তাৰ সীমা সংখ্যা নাই।
সিসবে সমৰ দিলা গোঁসানীক পাই॥
চলিলা মহিষাসুৰ সমৰক মনে।
চৌপাশে আবৰি যাই মহাবীৰগণে॥৪৭
আগে পাছে কোটি কোটি সহস্ৰ অনেক।
গজ বাজি অপৰ্য্যন্ত ৰথ চলিলেক॥
দানব সকলে পাছে দিলেক সমৰ।
হানিলা পৰশু শূল মূষল তোমৰ॥
ভিন্দি পাল পট্টিশ খড়গক প্ৰহাৰিলা।
আনো দৈত্য ধনুকত টঙ্কাৰ কৰিলা॥
কেহো দৈত্য গোঁসানীক বধিবাক মনে।
খড়গখান প্ৰহাৰিলা পৰম যতনে॥
কেহোজনে শূলপাট হাতে তুলি আনি।
গোঁসানী দেৱীক প্ৰতি মাৰিলন্ত টানি॥৪৮-৪৯
যুজন্তে দেৱীৰ কিছু নাহিকে ভাগৰ।
দেৱ-মুনিগণে স্তুতি কৰিলা বিস্তৰ॥
সিটো দৈত্য সকলক সুদুৰ্ব্বল মানি।
অলক্ষিতে অস্ত্ৰ-শস্ত্ৰ হানিলা ভবানী॥৫০-৫১
দেৱীৰ বাহন সিংহে পাছে গৈলা ধাই।
অসুৰক প্ৰতি খঙ্গে কেশক কম্পাই॥

                 [ ৩২ ]

দানব-সৈন্যৰ মাজে পশি সেহি চেগে।
তৃণক আগুনি যেন দহিলন্ত বেগে॥৫২
যুঝন্তে দেৱীয়ো যিটো নিশ্বাস তেজিলা।
সিয়ো সঙ্গে দেৱীগণ হুয়া উপজিলা॥
লক্ষে লক্ষে উপজিলা গণ অপৰ্য্যন্ত। ৫৩
গোঁসানীৰ তেজে পাছে ভৈলা বলৱন্ত॥
সি সবে পৰশু আদি নানা অস্ত্ৰ ধৰি।
বধিলা বহুত দৈত্য ঘোৰ যুদ্ধ কৰি॥৫৩
কতো গণসমে পশি যুদ্ধ মহাৰঙ্গে।
বজাইবে লাগিলা শঙ্খ-পটহ-মৃদঙ্গে॥৫৫
বৰষিয়া শক্তি আদি শূল গদা বাণ।
শত শত অসুৰৰ দেৱী লৈলা প্ৰাণ॥৫৬
প্ৰচণ্ড ঘণ্টাৰ কোবে কৰি বিমোহিত।
কতোহো দৈত্যক দেৱী পেলাইলা ভূমিত॥
কাকো পাশে বান্ধি দেৱী ঘোঁষাইলেক টানি।৫৭
খণ্ড খণ্ড কৰিলন্ত কাকো খড়গে হানি॥
ভূমিত পেলাইলা কাকো গদা ঘায়ে বান্তি।৫৮
কাবো জঘনক ভাঙ্গে কাৰো দন্ত-পান্তি॥
শূলৰ চোটত কাৰো ভৈলা তেজ বান্তি। [৯]
শূলে হিয়া বিদাৰিলা কেহো পৰি গৈলা।
নিসন্ধি কৰিয়া কাকো শৰে হানি থৈলা॥
প্ৰাণক চাৰিয়া বহুতৰ দৈত্য-বীৰ।
কাৰো কাটা গৈল স্কন্ধ বাহু জঙ্ঘা শিৰ॥
আৰু দৈত্য অনেক কাটা গৈল শিৰ।৫৯-৬২
তথাপি উঠিলা ধৰি কবন্ধ-শৰীৰ॥৮৩

                 [ ৩৩ ]

অস্ত্ৰ-শস্ত্ৰ ধৰি সিটো কবন্ধ বিস্তৰ।
দেবীয়ে সহিতে সিটো কৰিলা সমৰ॥
সমৰত পশি আৰ বহুত কবন্ধে।
নাচিলা বাদ্যৰ চেৱ ধৰি নানা বন্ধে॥৬৪
কতো দানবৰ শিৰ কাটন্ত দুৰ্গাই।
তথাপিতো পুনু তাৰ শিব জোৰা যাই॥
শিৰ যোৰা গৈলে উঠি অস্ত্ৰক উচ্ছাই।
থাক থাক বুলি পুনঃ সমৰক ধাই॥৬৫
মায়বীৰ মায়াক দেৱীয়ে কৰি চূৰ।
দানব সেনাক পেশিলন্ত যমপুৰ। [১০]
হয় হস্তী ৰথ পদাতিৰ শৱ পৰি।
নৰৰ দুৰ্গম সিটো ভৈলা বসুন্ধৰী॥৬৬
সিবেলা সৈন্যৰ মাজে বেগতে আছয়।
বহিবে লাগিয়া শোণিতৰ নদীচয়॥৬৭
সুখান তৃণক যেন প্ৰচণ্ড আগুনি।
ক্ষেণেকে দৈত্যৰ সেনা দহিলা পৰাণি॥৬৮
সিংহেয়ো চাবিলা নাদ কেশক কম্পাই।
যাকে শুনি দানবৰ ধাতু উৰি যাই॥৬৯
দেৱীৰ গণৰ যুদ্ধে দেৱ তুষ্ট ভৈলা।
আকাশত থাকি পুষ্প বৰষিবে লৈলা॥৭০
ইতি দেৱীমাহাত্ম্যে মহিষাসুৰ-সৈন্যবধঃ।

                [ ৩৪ ]


           । তৃতীয় মাহাত্ম্য।

মেধস বদতি কথা শুনিয়ো নৃপতি।
নামত চিক্ষুৰ মহিষৰ সেনাপতি॥
সৈন্য হত দেখি সিটো কোপ কৰি মনে।
দেৱীক যুঝিতে লাগি চলিলা তেখনে॥ ২
দুৰ্গাক ঢাকিয়া সিটো বৰষিলা শৰে।
মেকৰ শৃঙ্গত যেন মেঘে বৃষ্টি কৰে॥৩
লীলায়ে ছেদিলা দেৱী তাব সিটো বাণ।
ৰথ ঘোৰা পদাতিৰ পাছে লৈলা প্ৰাণ॥৪
ধ্বজ ধনু কাটিলা ভবানী চিক্ষুৰৰ।
শৰ বৃষ্টি কৰি থাসিলন্ত কলেৱৰ॥৫
পাছে খঙ্গ চৰ্ম্ম ধৰি দৈত্য দিলা লৰ।৬
সিংহৰ মাথাত দিলা খড়্গৰ প্ৰহাৰ॥
পাছে ঘাৱ দিলা ৰাম ভুজত দুৰ্গাৰ।৭
বাহুত পৰিয়া খঙ্গ ভাঙ্গি গৈলা তাৰ॥
খড়্গ ভাঙ্গা দেখি কোপে নয়ন ৰাতুল।
দেৱীক লাগিয়া দৈত্য প্ৰহাৰিলা শূল॥৮
সূৰ্য্য় যেন জ্বলি আসে আকাশক চানি
শূলপাট আসিবৰ দেখিয়া ভবানী॥৯
দেৱীয়ো হানিলা শূল পৰম প্ৰচণ্ড।
চিক্ষুৰৰ শূলক কৰিলা খণ্ড খণ্ড॥
দৈত্যৰ শূলক নাশি অলক্ষিত বেগে।
গোঁসানীৰ শূলে ধায়া গৈলা সেহি চেগে॥

                   [ ৩৫ ]

লাগপায়া চিক্ষুৰ দৈত্যৰ লৈলা প্ৰাণ।
শূল-ঘায়ে সিটো দৈত্য ভৈলা খান খান॥১০
ৰণত পৰিলা যদি দানব চিক্ষুৰ।
অনন্তৰে যুদ্ধ দিলা চামৰ অসুৰ॥
হস্তীৰ স্কন্ধত চৰি চামৰ দুৰ্ম্মতি।১১
গোঁসানীক লক্ষ্য কৰি হানিলা শকতি॥
শক্তিপাট আসে দেখি দেৱীও ত্বৰিত।
হুহুঙ্কাৰ শব্দে ভাঙ্গি পেলাইলা ভূমিত॥১২
দেখি মহাকোপে শূল হানিলা চামৰে।
তাকো দেৱী কাটিলন্ত বহুতৰ শৰে॥১৩
পাছে গোঁসানীৰ সিংহ লাম্ফ এক দিলা।
দৈত্যৰ হস্তীৰ কুম্ভ-ভূমিত উঠিলা॥
পৰম আতোপে সিংহ ভথায় ৰহিতে।
কৰিলন্ত বাহু যুদ্ধ চামৰ সহিতে॥১৪
যুজন্তে হস্তীত হন্তে খসি দুয়োজন।
পৃথিবীত পৰিলেক আসিয়া তেখন॥
খঙ্গে যুজিলেক দুয়ো কতোক্ষণ মান।
দুয়ো দুইকো প্ৰহাৰিণা দাৰূণ সন্ধান॥১৫ [১১]
বাস্কল দৈত্যক দিলা ভিন্দিপাল-চোট।
দেৱীৰ অস্ত্ৰত মৰি গৈলা দৈত্যগোট॥
উগ্ৰবীৰ্য্য মহাহনু উগ্ৰাস্য অসুৰ।
তিনিকো ত্ৰিশূল-ঘায়ে নিলা যমপুৰ॥ [১২]

                   [ ৩৬ ]

এহিমতে দৈত্য-সেনা ক্ষয় হন্তে আছে।
দেখিয়া মহিষাসুৰে ক্ৰোধিলন্ত পাছে॥
মহিষ-মূৰ্ত্তিক ধৰি দানব দুৰ্জ্জয়।
দেৱী-গণ সকলোক দিলা মহা ভয়॥২১
ভূমিত পেলাইলা পাছে খোথোমাৰ ঘায়ে।
কাকো পাৰি থৈলা দৈত্যে প্ৰহাৰিয়া পায়ে॥
কাকো লাগ পায়া দিল লাঙ্গুলৰ বাৰি।
কাহাকো শৃঙ্গৰ ঘায়ে থৈলেক বিদাৰি॥২২
মোহিত কৰিয়া কাকো বেগক দেখাই।
নিশ্বাসৰ বেগে কাকো নিলা উৰুয়াই॥
দিলেক আটাস কতো তাতে হোন্তৰিলা।
বিমোহিত হুয়া সবে ভূমিত পৰিলা॥
কাকো পাক ঘুৰি বীৰে পেলাই ভূমিত। ২৩
এহি মতে দেৱী-গণ পৰিলা ত্বৰিত॥
সিংহক বধিতে পাছে দৈত্য ধাই গৈলা।
দেখিয়া দেৱীৰ তাক প্ৰতি কোপ ভৈলা॥২৪
মহাবলী মহিষেও গোঁসানীক বুলি।
উচ্ছ্ৰিত পৰ্ব্বতচয় দুই শৃঙ্গে তুলি॥
মহাকোপে প্ৰহাৰিলা চানিয়া আকাশ।
পৰম আটোপে পাছে দিলেক আটাস॥২৫
মহাকোপে পাক ফুৰে দৈত্য দুৰাচাৰে।
ভাঙ্গি যায় ভুমি যেন সহিতে নাপাৰে॥
লেজ-ঘায়ে সাগৰক তাৰিলা অসুৰে।
জল উঠলিয়া তল গৈলা বহুদূৰে॥২৬

                   [ ৩৭ ]

কম্পাইয়া শৃঙ্গ সিটো দানব প্ৰচণ্ড।
তাৰ ঘায়ে মেঘগণ ভৈলা খণ্ড খণ্ড॥
নিশ্বাসৰ বায়ে গিৰি উঠিলা অনেক।
পুনঃ আকাশত হন্তে আসি পৰিলেক॥২৭
এহিমতে কোপত জ্বলিলা দৈত্য ৰায়।
ধায় আসে তাক পাই পাছে দুৰুগাই॥
দৈত্যক বধিতে প্ৰতি খঙ্গিলা ভবানী।২৮
মহিষক বান্ধি থৈলা নাগপাশ হানি॥
বান্ধিবাৰে জানি দৈত্যে কৰিয়া আস্ফোট।
তাৰো গোঁসানীয়ে কাটিলন্ত মাথা গোট॥
তেতিক্ষণে সিংহ গুছি ভৈলা পুৰুষেক।
খড়গ চৰ্ম্ম ধৰি সিটো আইলা যুঝিবাক॥২৯-৩০
পুৰুষ গুছিয়া পাছে দৈত্য বলিবৰ।
মহা হস্তী গোট হুয়া গৰ্জ্জিলা অপাৰ॥ ৩১
দেৱীৰ সিংহক অঝুৰিলা সিংহে ধৰি।
খড়গ হানি শুণ্ড তাৰ কাঢিল ঈশ্বৰী॥৩২
শুণ্ড কাটা গৈলে সিটো দানব দুৰ্ব্বাৰ।
হস্তী ছাড়ি ভৈলা সিটো মহিষ আকাৰ॥

*[ ২৯ৰ পৰা ৩২ শ্লোকলৈকে এইখিনিৰ অৰ্থ পদৰ পৰা ভালকৈ বুজিৱ নোৱাৰি। দেৱী নাগ পাশ হানি” মহিষক বান্ধি থোৱাৰ পাছত সি মাহিষ রূপ এৰি সিংহ হ’ল (“তত্যাজ মাহিষং ৰূপং” আৰু “ততঃ সিংহোহভবৎ সদ্যো”)। তাৰো “মাথাগোট’ কাটিলত, সি তেতিয়া “খড়গপাণি পুৰুষ” হ’ল। আৰু দেৱী যেতিয়া সেই পুৰুষক বাণেৰে ছেদন কৰিলে তেতিয়া “মহ হস্তীগোট’ হ’ল। ৩৮ ]

পুনৰপি পূৰ্ব্বৱত দেখায় যমক।
তিনিয়ো লোকত দৈত্যে লগায়ে চমক॥
চমকিলা চৰাচৰ ভৈলা হুলস্থূল। ৩৩
দেখিয়া ক্ৰোধিলা দেৱী হইলা বাতুল॥
মধু পান কৰি মায়ে হাসিল অপাৰ।
ভৈলা মায়ো মধু-মদে অৰুণ আকাৰ॥৩৪
ক্ৰীড়িয়া দৈত্যেও বোলে হুয়া উনমত্ত।
শৃঙ্গে তুলি ক্ষেপিলেক অসংখ্য পৰ্ব্বত॥৩৫
পৰ্ব্বত-বৃষ্টিক তাৰ আপুনি ঈশ্বৰী।
চুৰ্ণ কৰিলন্ত নিজ শৰ-বৃষ্টি কৰি॥
মধু-মদে মত্ত দেৱী থিৰ নোহে বাণী।
সম্বুধিয়া মহিষক বুলিলা গোঁসানী॥ ৩৬-৩৭
অৰে মূঢ় মধু (?) আবে মধু কৰি পান।
খানিক গৰ্জ্জস তবে বাঞ্ছা যত মান॥
এখনে পঠাবোঁ তোক যমৰ কাৰণ।
পাছে ইঠাৱতে গৰ্জ্জিবেক দেৱগণ॥৩৮
মেধসে বোলন্ত কথা শুনিয়ো নৃপতি। ৩৯
এহি বুলি গাছে লাম্ফ দিয়া ভগৱতী॥
দৈত্যৰ উপৰ চৰি গলে ভৰি দিয়া।
আক্ৰমি ধৰিয়া শূলে বিদাৰিলা হিয়া॥ ৪০
মহিষক ধৰি আছা আবে পায়ে জান্তি (?)।
তথাপি এড়াইবা লাগি কৰিলা আক্ৰান্তি॥
আপোনাৰ মূখ হন্তে পাছে দৈত্যৰাজ।
তেতিক্ষণে আদ খানি দেহ ভৈলা ৰাজ॥

                   [ ৩৯ ]

ৰাজ হৈতে নপাৰিল তাৰ শেষ কায়া।
নিজ-তেজে নিৰোধি ৰাখিলা মহামায়া॥৪১
তথাপিতো অৰ্দ্ধ কায়া যুঝে সীটো বীৰ।
খড়গে হানি তাৰ দেৱী ছেদিলন্ত শিৰ॥
এহিমতে দুষ্ট দৈত্য গৈলা যম-ঘৰ।
গুছিল। দুৰ্গতি দুঃখ সমস্ত লোকৰ॥১২
মহিষ মৰিলা জানি সেনাগণে তাৰ।
পলায় গৈলেক সবে কৰি হাহাকাৰ॥
লভিলা দেৱগণে পৰম হৰিষ। ৪৩
দেৱ-মুনি স্তুতি কৰিলন্ত অসদৃশ॥
গন্ধৰ্ব্বে গাইলা গীত সুললিত কৰি।
নাছিলা উৰ্ব্বশী আদি দেৱ-অপেশ্বৰী॥৪৪

ইতি দেৱী-মাহাত্ম্যে মহিষাসুৰবধঃ।

                  [ ৪০ ]


           । চতুৰ্থ মাহাত্ম্য।

আনন্দেতে দেৱগণে ৰোমাঞ্চিত কায়া।
স্তুতি আৰম্ভিলা মাথা ভূমিত নমায়া॥ ১-২[১৩]
প্ৰণামো পাৰ্ব্বতী পাপ-ভয় কৰা হতা
আমাৰ কুশল কৰা পালা ত্ৰিজগত॥
নিজ-শকতিয়ে ব্যাপি আছা চৰাচৰ।
দেৱতাৰ তেজে ধৰি আছা কলেৱৰ॥৩
তোমাৰ প্ৰভাৱ তেজ বৰ্ণাইবাক প্ৰতি।
ব্ৰহ্মা-হৰ-অনন্তৰো নাহিকে শকতি॥
কিমতে বৰ্ণাইবোঁ আমি ক্ষুদ্ৰ দেৱলোক।
তুমি দেৱ মূৰ্ত্তিমান প্ৰসন্ন হুয়োক॥
দেৱকো জিনিলা দৈত্যে, তাৰ ভৈলা যম।
হেন তযু বিক্ৰমৰ কৈত আছে সম॥
বিপক্ষৰ ভয়ঙ্কৰ, দেখিতে সুঠাম।
অচিন্ত্য তোমাৰ ৰূপ নাহি উপমান॥
জগত-কাৰণ তুমি জগত আধাৰ।
সবলোক তযু অংশ তুমি নিৰাকাৰ॥
হৰি-হৰাদিও তত্ত্ব নাজানে তোমাৰ।
তুমি মূল মন্ত্ৰ পিতৃ দেৱ জপিবাৰ॥

               [ ৪১ ]

বিবেকৰ বিদ্যা তুমি সংসাৰকো তাৰা।
তোমাৰ স্বভাৱ হেন দুষ্টক সংহৰা॥
তুমি লক্ষ্মী তুমি গৌৰী পূজে দেৱ-মুনি।
শ্ৰদ্ধা লজ্জা বুদ্ধি আদি হবাহা আপুনি॥৪-১১[১৪]
পূৰ্ণ চন্দ্ৰ সম মুখ তাতে মন্দ হাসি।
হেনয় তোমাৰ ইটো মুখ দেখি আসি॥
কিমতে কৰিলা কোপ দৈত্য দুৰাচাৰ।
কিনো অদভূত তোমাক কৰিলে প্ৰহাৰ॥ ১২
কুটি-কুটিল আৰ মুখ কোপে কত।
উদয় কালৰ পূৰ্ণ চন্দ্ৰমাৰ মত॥
হেন তযু মুখ দেখি ৰম্ভাৰ তনয়।
তেখানে নভৈলা নষ্ট এহিসে বিষ্ময়॥
ক্ৰোধাবিষ্ট অন্তকৰ আগে হুয়া থিৱ।
হেন কোন আছে যেন নচাৰিবে জীৱ॥১৩[১৫]
তুমি ৰুষ্ট হৈলে মাগো হোৱে কুলক্ষয়।
সাক্ষাতে দেখিলোঁ মাগো দৈত্যৰ প্ৰলয়॥
তুমি তুষ্ট ভৈলে হোৱে যশ ধৰ্ম্ম ধন।
পাৱে মান্য বৈশ্য হোৱে ভাৰ্য্যা পুত্ৰ জন॥১৫
তযু অনুগ্ৰহে কৰি ধৰ্ম্ম স্বৰ্গে যায়।
ইহ পৰকালে ফল-দাতা তুমি আই॥ ১৬

                   [ ৪২ ]

স্মৰন্তা জনৰ ভয় হৰা ভগৱতী।
স্বস্থে সুমৰিলে তাক দিয়া শুভগতি॥
নমস্ত প্ৰাণীৰ সৰ্ব্ব কালে উপকাৰী।
তুমি বিনে কোন জন আছে দুঃখ হাৰি॥
দৃষ্টি মাত্ৰে সংহৰিতে পাবে দৈত্যচয়।
তথাপি যুঝিলা তাৰ জানিলোঁ আশয়॥
ইটো দৈত্যগণে পাপ কৰিলা সদায়।
অস্ত্ৰত মাৰিলে তেৱে স্বৰ্গে স্থান পায়॥১৮-১৯
যুদ্ধত তোমাৰ তেৱে অস্ত্ৰ তেজ লাগি॥
মহিষৰ কেনে অসি নগৈলেক ভাগি॥
জানিলোঁ তোমাৰ ইটো মুখ চন্দ্ৰমাৰ।
দৰশনে ভৈলা দিব্য ঔষধ ইহাৰ॥২০
বাহিৰে নষ্ঠুৰ অন্তৰত দায়া ভাৱ।
শত্ৰুতো দেখিলো কৃপা তোমাৰেসে মাৱ॥
ৰাখিলা জগত দৈত্য কৰিলা সংহাৰ।
আমাৰো নাশিলা ভয় কৰোঁ নমস্কাৰ॥
খঙ্গ আৰু অস্ত্ৰ ধৰি ৰাখা মহামায়া।
চতুৰ্দ্দিকে ৰক্ষা কৰা শূলক ভ্ৰমায়া॥
ঘোৰ ৰূপ শান্ত ৰূপ মূৰ্ত্তি যত মান।
সিসবে আমাক ৰাখা ৰাখা ভূমি খান॥২১-২৭

মূলত, যথা,-
দাৰিদ্ৰদুঃখভৱহাৰিণী কা ত্বদন্যা,
সৰ্ব্বোপকাৰ্কৰণায় সদাৰ্দ্ৰ চিত্তা।

*[এইখিনিও মূলৰ সাৰাংশ হে। এই দেৱী-স্তুতিৰ মুঠতে সাৰাংশ খিনি হে ইয়াত দিছে। ৪৩ ]

আনো নানা স্তুতি দেৱে কৰিলা অনেক।
সংক্ষেপ পদত তাক লেখিবো কতেক॥
শুনিয়োক সভাসদ গোঁসানীৰ কথা।
তৰিব দুৰ্গতি তাত নাহিকে অন্যথা॥
বাক সুমৰিয়া দেৱে তৰিলা দুৰ্গতি।
অবজ্ঞা কৰিয়া দৈত্যে লভিলা বিপত্তি॥
আকে জানি নিৰন্তৰে সামাজিক লোক।
ডাক চাৰি দুৰ্গা শিব দুৰ্গা ঘুষিয়োক॥

মেধসে কহন্ত কথা, পাছে দেৱগণে তথা,
এহিমতে স্তুতি কৰিলেক।
নন্দন পুষ্প দিয়া, চন্দনক নিবেদিয়া,
গন্ধে ধূপে, পূজিলা দেৱীক॥২৮-২৯
তুষ্ট হুয়া ভগৱতী বুলিলা দেৱক প্ৰতি,
তোমাক বাঞ্ছিত দিবোঁ বৰ।
শুনি এহি স্তুতি চয় আতি তুষ্ট ভৈলোঁ মই,
কিবা লাগে কহিয়ো সত্বৰ॥৩০ -৩২
দেৱে বোলে আমাসাৰ, প্ৰয়োজন নাহি আৰ,
ভৈলা কাৰ্য্য বধিলা দৈত্যক। ৩৩-৩৪
তুমি বৰ দিয়া যেৱে, স্মৰিবা মাত্ৰকে তেৱে,
আমাৰ আপদ নাশিবেক॥৬৫
আৰো দিয়া এক বৰ, স্তুতি কৰে যিটো নৰ,
এহি স্তুতি পঢ়িয়া তোমাক।

                   [ ৪৪ ]

তাৰ ভাৰ্য্যা পুত্ৰ জন, বঢ়াইবা বিভব ধন,
জানি দায়া কৰিছা আমাক॥৩৬ ৩৭
বদতি মেধস মুনি, দেৱৰ প্ৰাথন৷ শুনি,
এহি হৌক বুলিলা ঈশ্বৰী।
জগতৰ অৰ্থ মাগি, বৰ আপোনাক লাগি,
লৈলা দেৱে তাক স্তুতি কৰি॥
বৰ দিয়া সেহি থান, দেৱী ভৈলা অন্তৰ্দ্ধান,
দেৱগণ গৈলা নিজ থানে।
মহিষ দানবপতি, বধ-কথা সমাপতি,
পদ বন্ধে ভৈলা এহি মানে॥৩৮-৩৯

ইতি দেৱী-মাহাত্ম্যে মহিষাসুৰবধঃ সমাপ্তঃ।।

                     ####

এহিমতে মহিষৰ, উতপত্তি শাপ বৰ,
ভৈলেক তিনিয়ো জনমত।
তৃতীয় জন্মক পাই যি কৰিলা দৈত্যৰায়,
সিটো কথা কৰিবোঁ বেকত॥
এক দিন৷ নিদ্ৰা যাই, দেখিলা দানব ৰায়,
দাৰুণ সোপন বিপৰীত।
কোপে কালবাত্ৰি মায়ে শিৰ ছেদি খড়গ-ঘায়ে,
মহিষৰ পিলেক শোণিত॥
প্ৰভাতে উঠিয়া বীৰ, ভয়ে গাৱ নহে স্থিৰ,
গোঁসানীক আৰাধিবে লৈলা।

                  [ ৪৫ ]

নিজ-জন লৈয়া সঙ্গে, দেৱীক পূজিলা ৰঙ্গে,
চিৰকাল দেৱী তুষ্ট ভৈলা॥
সিবেলাত মহেশ্বৰী, ষোড়শ ভুজক ধৰি,
ভদ্ৰকালী ৰূপে দেখা দিলা।
তাঙ্ক দেখি মহাবীৰে, প্ৰণমিয়া জানু শিৰে,
নম্ৰ হুয়া বুলিবে লাগিলা।
সপোনত খঙ্গ-ঘায়, মোৰ মাথা কাটি যাই,
পিলা তুমি শোণিতক ৰাগে।
পূৰ্ব্বে মুনি কাত্যায়নে, সাপি আছে সিকাৰণে,
তুমি মোক বধিবাক লাগে॥
জানিলোঁহি নিজ পাপে, পাইলে আসি সেহি শাপে,
নাশ-কাল মিলিলা আমাৰে।
অৱশ্যে মাৰিবা মোক, জানি নকৰোঁহো শোক,
দৈৱক বাধিবে কোনে পাৰে॥
বাপে আৰাধিয়া হৰ, মোৰ অৰ্থে লৈলা বৰ,
ময়ো তাঙ্ক ভজিলোঁ যতনে।
তিনি মন্বন্তৰ কালে, ভোগ ভুঞ্জিলোঁহো ভালে,
ইলোঁ ইন্দ্ৰ ই তিনি ভুবনে॥
প্ৰাৰ্থিবাক লাগি আন, নাহি মোৰ কিছুমান,
কিন্তু দুই বৰ মাগোঁ আই।
যৱে সূৰ্য্য থাকে তাৱে সেৱা ৰৌক তযু পাৱে,
যজ্ঞ-ভাগ লভিবোঁ সদাই॥
দেৱী বোলে সমৰত, এহিবাৰ হুয়া হত,
স্থান পাইবা মেৰ চৰণত

                 [ ৪৬ ]

দুৰ্গাৰূপে অৱতৰি, দশভুজ অস্ত্ৰ-ধৰি,
ইবাৰ কৰিবোঁ তোক হত॥
উগ্ৰচণ্ডা-ৰূপ ধৰি, অষ্টাদশ ভূজ ধৰি,
তোমাকে বধিলোঁ প্ৰথমত।
ষোল্লভুজে অনুপাম, লৈয়া ভদ্ৰকালী নাম,
ইবাৰ কৰিবোঁ তোক হত॥
ইটো দুই মূৰ্ত্তি ধৰি, পূৰ্ব্বে তোক বধ কৰি,
পদতলে নেদিলোঁহো ঠাই॥
আৱে মোৰ বৰ পাই, পদ-তলে লৈ ঠাই,
সিয়ো দুই মূৰ্ত্তিত সদাই॥
আমাক পূজয়ে যৈত, তোমাক পূজিবে তৈত,
যজ্ঞ-ভাগ দিলোঁ এহিমান।
দেৱ-বৰ্গ গাৱে গাৱে, নিজ যজ্ঞ-তাগ খাৱে,
ততে তোক দিতে নাহি থান॥
দিয়া মোক এহি বৰ, অঠৰ যুগ আতপৰ,
কল্প তিনি অৰ্ব্বুদ হাজাৰ।
শঙ্কৰ বচনে আন, লৈৰে তযু নিজ প্ৰাণ,
হইবেক জনম তোমাৰ (?)।
বৰ পায়া দৈত্যপতি, কৰিলেক স্তুতি নতি,
গোঁসানীয়ে অন্তৰ্দ্ধান ভৈলা।
পাছে মহিষক প্ৰতি, মোহি থৈলা ভগৱতী,
তেৱে সিটো নিজ থানে গৈলা॥
কতোদিন অনন্তৰে, দেৱীক সম্বুদ্ধি হৰে,
বুলিলন্ত কৰিয়া বিচাৰ।

                      [ ৪৭ ]

শুনিয়োক মহামায়া, মোহোৰেসে ইটো কায়া,
যিটো দৈত্য মহিষ-আকাৰ॥
সত্য হৌক ঋষি-বাক্য, নাৰী হুয়া বধোক্‌ তোক,

(তাক?)

হৌক সিটো বাহন তোমাৰ।
পাছে দৈত্য অপকাৰ, আচৰিলা দেৱতাৰ,
তেৱে দেৱী কৰিলা সংহাৰ॥
আপুনি দেৱীয়ে তাক, বুলি আছা সত্য বাক্,
তাতে শিবে অনুমতি দিলা।
এহিতেও ঠাকুৰাণী, মহিষ দেহাক আনি,
চৰণত আপনি ধৰিলা॥

                    ####

গ্ৰন্থকাৰৰ পৰিচয়ঃ

বাসবৰ অংশে জাত, ৰুদ্ৰসিংহ নামে খ্যাত,
সৌমাৰ-পীঠৰ অধিপতি।
কামৰূপৰ অধিকাৰী, দুৰ্জ্জনৰ দণ্ডধাৰী,
গদাধৰসিংহৰ সন্ততি॥
কচাৰি জয়ন্তিপুৰ, জিনি গৰ্ব্ব কৰি চুৰ,
দুয়ো ৰাজা নিলা বন্দী কৰি।
বলে বীৰ্য্যে দানে মানে, ৰূপে গুণে কলা জ্ঞানে,
একোৰূপে যাৰ নাহি সৰি॥
বঙ্গপুৰ নামে এক, তেন্তে পূৰ কৰিলেক,
থাপিলেক তৈতে বিপ্ৰগণ!

                  [ ৪৮ ]

নানা থান হৈতে নিয়া, বৃত্তি-বিধানক দিৰা,
থাপিলেক অনেক ব্ৰাহ্মণ॥
সিঠাৱতে বিপ্ৰবৰ, নানা গুণে গুণাকৰ,
ভৈলা কৃষ্ণাচাৰ্য্য শুদ্ধমতি।
তান পুত্ৰ ৰুচিনাথে, দুৰ্গাক সেবিয়া মাঠে,
চণ্ডী-পদ ৰচিলোঁ সম্প্ৰতি॥
মহিষৰ জন্ম-কথা, শাপ-বৰ পাইলা যথা,
সংক্ষেপে ৰচিলোঁ পদ কৰি।
কালিকা পুৰাণ চাই, আত দিলে মিহলাই,
পূৰ্ব্ব কৰি পথ অনুসৰি॥
নমো নমো ভগৱতী, তুমি অগতিৰ গতি,
কৃপাকৰা পতিত পাবনি।
বিপ্ৰ ৰুচিনাথে ভণে, সবে সমাজিক জনে,
ঘুষিয়ো শঙ্কৰ নাৰায়ণী॥

                [ ৪৯ ]


        । পঞ্চম মাহাত্ম্য।

মেধসে বেলন্ত এহিমতে ভগৱতী।
দেৱতাৰ দেহাহন্তে ভৈলা উতপত্তি॥
পুনৰপি জগতৰ সাধি উপকাৰ।
শুম্ভ আদি দুষ্ট দৈত্য কৰিলা সংহাৰ॥
দনু নামে কাশ্যপৰ ভাৰ্য্যা মহাশুচি।
তানে তিনি পূত্ৰ শুম্ভ, নিশুম্ভ, নমুছি॥
অস্ত্ৰে শস্ত্ৰে নমুছিৰ মৃত্যু নাহি জানি।
বাসবে মাৰিলা সাগৰৰ ফেন হানি॥
তাৰ দুই ভাই শুম্ভ নিশুম্ভ দুৰ্ব্বাৰ।
ভ্ৰাতৃ-বৈৰী বাসবক কোপে দিলা ধাৰ॥
পাছে দেৱগণে যুদ্ধ দিলা কৰি খঙ্গ।
শুম্ভ নিশুম্ভৰ হাতে ভৈলা ৰণ ভঙ্গ।
লৈলা দৈত্যে বাসবৰ তিনিয়ো জগত।
নদ-বলে কাঢ়ি গৈলা যাগ-যজ্ঞ যত॥ ১-২
সূৰ্য্য চন্দ্ৰ অগ্নি বায়ু বৰুণৰ কৰ্ম্ম।
দুহন্তে কৰিলা যন কুবেৰৰ ধৰ্ম্ম॥৩
যাৰ যিবা অধিকাৰ দেৱত বৰ্গৰ।
দুই দৈত্যে কাঢ়ি লৈলা যতেক স্বৰ্গৰ॥৪
পৰ্য্যণ্টি ফুৰন্তে দুয়ো পৃথিবীক আইলা।
ৰক্তবীজ দানবক তৈতে লাগ পাইলা॥

                     [ ৫০ ]

সম্বুদ্ধি বোলয়ে আবে তুমি কোন জন।
ৰক্তবীজে বোলে শুনা কুলেৰ নন্দন॥
মহিষাসুৰৰ আছিলোঁহো সেনাপতি
মোৰ পূৰ্ব্ব কথা আৱে শুনিয়ো নৃপতি॥
পূৰ্ব্বত কৰম্ভা ৰম্ভা আছিলা দুই ভাই।
আছিলা দুৰ্জ্জয় মহাবলী দৈত্যৰায়॥
তনয়ৰ অৰ্থে সিটো দুয়ো দৈত্যবৰ।
আচৰিলা উগ্ৰ তপ অনেক বৎসৰ॥
পঞ্চ-তপ আচৰিলা ৰম্ভা মহাযশি।
কৰন্তে আছিলা পঞ্চ-নদ জলে পশি॥
গ্ৰহৰূপ হুয়া পাছে ইন্দ্ৰ দুৰাচাৰ।
পায়ে ধৰি কৰন্তাক কৰিলা সংহাৰ॥
ভ্ৰাতৃ-বধ দেখি পাছে শোকে ৰম্ভাবীৰ।
অগ্নিত পাতিতে চাইলা কাটি নিজ শিৰ॥
দেখা দিয়া অগ্নি তাক মৰিতে বাধিলা।
হৈবে তযু পুত্ৰ বুলি সিবেলাত কৈলা॥
বাঞ্ছিত বৰক পায়া ৰম্ভা গৈলা পাছে।
বি থানত শালবট নামে বক্ষ আছে॥
তহিতে বনত মহিষীক লাগ পাই।
আলিঙ্গি ধৰিয়া ৰমিলেক দৈত্যৰায়॥
ঋতুকাল পূনু ভৈলা ৰম্ভাৰ ভাৰ্য্যাৰ।
দেখি তাইক ধাইলা আউৰ মহিষ দুৰ্ব্বাৰ
পলাইলা মহিষী পাছে ৰাখি সতী-ধৰ্ম্ম।
হেন দেখি ৰম্ভে ধাইলা ধৰি খড়্গ-চৰ্ম্ম

                [ ৫১ ]

মহিষে ৰম্ভাক শৃঙ্গে হিয়াত তাৰিলা।
ভূমিত পৰিয়া ৰম্ভে প্ৰাণক চাড়িলা॥
পতি মৰিবাৰ দেখি ভয়হুয়া মনে।
যক্ষত মহিষী গৈয়া পশিলা শৰণে॥
নিবাৰিলা মহিষক যক্ষ মহাবলী।
তৈৰ নিবৰ্ত্তিয়া মহিষীয়ো গৈলা চলি॥
ঘোৰ মদনৰ পীড়া দহে সৰ্ব্বকায়া।
দিব্য সৰোবৰে সিটো জাপ দিলে যায়া॥
প্ৰাণ ছাড়ি মহিষেয়ো তীৰ্থৰ প্ৰভাৱে।
জনম লভিলা সিটো দৈত্য এই ভাৱে॥
ভৈলেক নমৰ নামে দৈত্য সেহি ঠাৱ।
ৰক্তবীজ বুলি তাক জগতে জানয়॥
তৈতে থাকি বীৰবৰ অনেক কৰয়।
দেখিয়া সকলে তাক ভয়তে কম্পয়॥
পাছে সে মহিষাসুৰে দেবাসুৰ জিনি।
তিনিয়ো জগত বাহু-বলে লৈলা কিনি॥
আমি দুয়ো সেনাপতি ভৈলোঁহে তাহাৰ।
পাছে মহিষকো দেৱী কৰিলা সংহাৰ॥
নমৰ পৰিলা ৰণে পলাইলোঁহোময়।
চণ্ড মুণ্ড দুয়ো জনে পশিয়া (জলত) আছয়॥ [১৬]

                  [ ৫২ ]

আমাৰ বৃত্তান্ত কথা কৈলোঁ তযু আগে।
তোমাসাৰ নাম কিবা কহিবাক লাগে॥
কত বল বীৰ্য্য কিবা তোমাসাৰ নাম।
কাহাৰ তনয় তোৰা কৈতে নিজ ধাম॥
শুম্ভ নিগদতি কথা শুনিয়ো আতাই।
কাশ্যপে আমাৰ পিতা দনু হওয়ে আই॥
মই শুম্ভ ইটো মোৰ নিশুম্ভ কনিষ্ঠ।
সকলো লোকত কৰি আমিসে বলিষ্ঠ॥
সবে দেৱ যুঝে বৱে হুয়া এক ঠাই।
তথাপি সবাকো জিনো একে একে ভাই।
ইকথা থাকোক পোছোঁ কথা কোয়ো এক।
মহাবলী মহিষক কোনে বধিলেক॥
কহিয়োক তাৰ আনি সাধোঁ প্ৰতিকাৰ।
ৰক্তবীজ বোলে ইটো অকাৰ্য্য দুৰ্গাৰ॥
এহিমতে তিনি সেৱে সম্ভাষন্তে আছে।
সিথায়তে চণ্ড মুণ্ড পশিলেক পাছে॥
নৰ্ম্মদা-জলত হন্তে উঠি দুয়ো জন।
ৰক্তবীজ দানবক বুলিলা বচন॥
আৰো দুই কোন বীৰ কহিয়ো সকল।
ৰক্তবীজে বোলে তোৰা পাইলি আসি ভাল॥
আঙ্কে শুম্ভ বোলে তান নিশুম্ভ অনুজ।
দনুৰ তনয় দুয়ো শৰীৰ নিৰুজ॥
আৰা দুই বাহু বলে জিনি দেৱ-বৰ্গ।
আপুনি বাসব ভৈলা কাঢ়ি লৈলা স্বৰ্গ॥

                   [ ৫৩ ]

আবাকে উপসি থাকি হওঁ সেনাপতি।
আজি ধৰি আমাৰ খণ্ডেক দুৰ্গতি॥
তিনি দৈত্যে এহিমতে লাগ লৈয়া তাৰ।
সবে মিলি মহা পীড়া দিলা দেৱতাৰ॥[১৭]

যুদ্ধ হাৰি দেৱে স্বৰ্গ হন্তে হৈয়া ভ্ৰষ্ট।
দেৱীক স্মৰিবে লৈলা পায়া মহা কষ্ট॥৫
অন্য অন্য দেৱে বোলে নেদেখি উপায়।
একখানি কথা মাত্ৰ পাইলোঁ অবগাই॥[১৮]
বৰ দিলা ভগৱতী আমাক পূৰ্ব্বত।
বোলে মোক স্মৰিবেক আপদ কালত॥
তোমাৰ আপদ ময়ি নাশিবোহো তেৱে।
আকে জানি তাঙ্কে আমি সবে ভজোঁ এৱে॥৬
এহি চিন্তি দেৱবৰ্গে হিমালয়ে গৈলা।
তথাতে দেৱীক স্তুতি কৰিবাক লৈলা॥৭-৮
নমো নমো মহাদেৱী গৌৰী মহামায়া।
ভুমি নিত্য তুমি সত্য শঙ্কৰৰ জায়া॥
তুমি ৰাজলক্ষ্মী তুমি কান্তি চন্দ্ৰমাৰ।
দুখীক তুমিসে কৰা দুৰ্গতিৰ পাৰ॥
তুমি সিদ্ধি তুমি বৃদ্ধি তুমি দুঃখ-দাতা।
সমস্তৰে কৰ্ত্তা তুমি ভগৱতী মাতা॥

                   [ ৫৪ ]

আধাৰ-শকতি-ৰূপা তুমি জগতৰ।
অতি শান্তমতি ঘোৰ ধৰা কলেৱৰ॥
চেতনা শকতি বুদ্ধি ক্ষমা দয়া ছায়া।
ক্ষুধা তৃষা নিদ্ৰা লজ্জা কান্তি বিষ্ণুমায়া॥
ইসব নামক ধৰি ধৰি জগতৰ মাৱে।
সমস্তে প্ৰাণীতে থাকা ন মা তযু পাৱে॥
অধিষ্ঠাত্ৰী দেৱী তুমি ইন্দ্ৰিয়গণৰ।
চৈতন্য-স্বৰূপে আছা ব্যাপি চৰাচৰ॥
তোমাক সেবিলোঁ‌ চিৰকাল দেৱৰাজ।
স্মৰণ মাত্ৰতে সাধা দেৱতাৰ কাজ।
লভিয়া তোমাত হন্তে ইষ্ট প্ৰয়োজন।
তোমাকে সেবিলোঁ‌ আমি পূৰ্ব্বে দেৱগণ॥৯-৮ *
হদানীকে ঊৰ্দ্ধত দৈত্যৰ পীড়া পায়া।
প্ৰণামো ঈশ্বৰী তুমি কৰিয়োক দয়া॥
কুশলৰ হেতু তুমি অগতিৰ গতি।
আপদ নাশিয়া শুভ দিয়োক সম্প্ৰতি॥৮২

চণ্ডীত সাত শ’ শ্লোক থকাৰ উল্লেখ আছে। কিন্তু আচল মতে হিচাব কৰিলে মুঠতে ৫৫০টি মান হে হয়। কিন্তু প্ৰাচীন সকলে সাত শ’ বুলি শুনি ঠিক সাত -শ মিলাবৰ কাৰণে একেটা শব্দকে বহু ঠাইত এটা শ্লোক ধৰিছে! এই খণ্ডত এক শব্দৰ শ্লোক বৰ বেছি- প্ৰায় ৬০টা মান-গুণেহে ইমান শ্লোকৰ পদ ইমান সংক্ষেপে হ’ল। আৰু চণ্ডীৰ পদত এইটি চাবলগীয়া কথা যে অন্য ঠাইৰ অনুবাদ ঠিক মূলানুযায়ী; কিন্তু স্তুতি-খণ্ডৰ পদত গ্ৰন্থকাৰে নিজৰ বহু কথা সুমুৱাই দি মূলৰ মুঠতে সাৰ কথা খিনিহে দি থৈছে।

                    [ ৫৫ ]

কহন্ত মধসে কথা সুৰথৰ কাছে।৮৩
এহিৰূপে দেৱগণে স্তুতি কৰি আছে॥
সিবেলাত সি থানক লাগিয়া পাৰ্ব্বতী।
আপুনি আসিলা গঙ্গা স্নানিবাক প্ৰতি॥৮৪
পাৰ্ব্বতী বদতি হেৰা শুনা দেৱঝাক।
ইঠাইতে তোৰা সবে স্তুতি কৰা কাক॥
এত হন্তে পাৰ্ব্বতীৰ দেহাৰ পৰাই।
এক জনা দেৱী জাত ভৈলা সেহি ঠাই॥
সেহি জনা দেৱী বোলে পুছিব নালাগে॥৮৫
দেৱ তাৰ কাৰ্য্য আমি জানি আছোঁ আগে॥
শুম্ভ নিশুম্ভৰ যুদ্ধে হাৰি দেৱ-ঝাক।
ৰাজ্যক হেৰাই স্তুতি কৰিছে আমাক॥৮৬
দেব-দেহাহন্তে তিন জনা ভৈলা ৰাজ।
তেহন্তে কৌষিকী নাম ভৈলেক প্ৰখ্যাত।৮৭
যেখানে কৌষিকী দেৱী ভৈলন্ত বাহিৰ।
কৃষ্ণ বৰ্ণ দেহা ভৈলা তেখনে দেৱীৰ॥
যিহেতু কালিকা নাম ভৈলেক তাহান।
হিমালয় পৰ্ব্বতত তেন্তে লৈলা থান॥৮৮
পাছে অম্বিকায়ে দেৱ-কাৰ্য্য অনুসৰি।
তথাতে থাকিলা অতি দিব্য ৰূপ ধৰি॥
চণ্ড মুণ্ড নামে দুই দৈত্য সি বেলাত।
ভ্ৰমিয়া ফুৰন্তে তাঙ্ক দেখিলা তথাত॥৮৯
অদভুত ৰূপ দেখি সিটো দুই জন।
ৰজাত জনাইবা লাগি গৈলা তেতিক্ষণ॥

                    [ ৫৬ ]

শুম্ভ নিশুম্ভৰ ভৃত্য সিটো দৈত্য দুই।
শুম্ভত জনাইবা গৈলা অবনত হুই॥
চণ্ড-মুণ্ডে বোলে শুনিয়োক দৈত্যপতি।
দেখিলোঁহো আজি এক সুন্দৰী যুৱতী॥৯০
(পূৰ্ণিমাৰ চন্দ্ৰ জিনি মুখে ধৰে কান্তি।
তাতে প্ৰকাশয় দন্ত-মুকুতাৰ পান্তি॥
উন্ন্‌ত কঠিন পীন শোভে দুই স্তন।
কামৰ চাবুক-বাৰি কামুকৰ ধন॥
তাৰ ভৰে হালে যেন খিন মধ্য কায়।
বহল নিতম্বদেশে অধিকে শুৱাই॥
কটাক্ষ-ভঙ্গিয়ে চাওঁতে লৰয় কুণ্ডল।
তাৰ কান্তি লাগি শোভা কৰে গণ্ডস্থল॥
ভ্ৰব-যুগ শোভা যেন মদনৰ ধনু।
তপ্ত সুবৰ্ণৰ বৰ্ণ প্ৰকাশয় তনু
মুখে মন্দ মন্দ হাসি আয়ত লোচন।
গুণে বন্দী কৰিবাক পাৰয়ে পবন (?)॥
তান যেহি অঙ্গে দৃষ্টি পৰে একবাৰ।
তাক ছাড়ি আৰ অঙ্গে নপাৰে চাবাৰ॥
দেহৰ শোভায়ে শোভি আছে দিশ পাশ।
হিমৱস্ত পৰ্ব্বতকো কৰিছে প্ৰকাশ॥
আছোক পুৰুষ যদি হোৱে নাৰীজন।
তাহাঙ্কো দেখিলে তাসম্বাৰ ছলে মন।)[১৯]

                  [ ৫৭ ]

হেন মনোহৰ ৰূপ অতি অনিন্দিত।
দেখা নাই আমি কোনো মানে কদাচিৎ॥
থাকোক আমাৰ কথা বোলোঁ সত্য কৰি।
কেহোঁ জনে দেখা নাই এমত সুন্দৰী॥
এতেকেসে বোলোঁ আমি শুনা দৈত্যৰায়।
কোন সিটো নাৰী গোটা জানিতে যুৱাই॥
নাৰী সমস্তৰ মাজে ৰত্ন সিটো নাৰী৷ ৯১-৯২
সমস্ত ৰত্নৰ হোৱা তুমি অধিকাৰী॥
এহিহেতু তাঙ্ক তুমি বিহায়োক আনি।
তুমি বিনে তান যোগ্য আছে কোন প্ৰাণী॥
জাতিতে উত্তম ভৈলে তাকে ৰত্ন বুলি৷ ৯৩
বৃক্ষ ৰত্ন পাৰিজাত আনিলাহা তুলি॥
উচ্চৈঃস্ৰবা ঘোড়া আৰু ঐৰাবত নাগ।
ইন্দ্ৰ হন্তে কাঢ়ি আমি লৈলা মহাভাগ॥৯৪
হংসযুক্ত বিমানক ছাড়ি দিলা বিধি।
কুবেৰৰ কাঢ়ি লৈলা মহা পদ্মনিধি॥
অম্লান পঙ্কজ-মালা দিলন্ত সাগৰে॥৯৫-৯৬
ৰনৰ মহিষ আনি লৈলা অনন্তৰে॥
সুৱৰ্ণক সদা স্ৰবে চক্ৰে বৰুণৰ।
হেনয় চক্ৰক আনি আছা নিজ ঘৰ॥
প্ৰজাপতি হন্তে দিব্য ৰথ লৈলা কাঢ়ি৷ ৯৭
অগনিয়ো দিব্য অস্ত্ৰ দিলা আগ বাঢ়ি॥
মৃত্যুয়ে দেহাত হন্তে জীৱ বাহিৰায়।
তাৰ তুমি শক্তি সেহি লৈলা সমুদায়॥

                [ ৫৮ ]

তযু ভাতৃ নিশুম্ভৰ বিবাহ বেলাত।
লৈলা বৰুণৰ পাশ জগতে প্ৰখ্যাত॥৯৮-৯৯
সাগৰত যত নানা ৰত্ন অসংখ্যাত।
সমস্তকে আগ্ৰহেৰে লৈলা সিবেলাত॥
সমস্ত ৰত্নক এহিমতে লৈলা আনি।
কিহেতু নানিবা ইটো নাৰী ৰত্নখানি॥১০০
চণ্ডৰ মুণ্ডৰ মুখে শুনি হেন বাণী।
শুম্ভে আদেশিলা দূত সুগ্ৰীবক আনি॥ ১০১-২
মোৰ বোলে দূত তুমি হিমালয়ে যাহা।
সুন্দৰীৰ আগে মোৰ বাৰ্ত্তাক জানাহা॥
আমাৰ বিভব বীৰ্য্য় জনাবো কন্যাত।
যেন মতে তান প্ৰীতি ওপজে আমাত॥
প্ৰীতি যেন হয় শীঘ্ৰে আসে মোৰ পাশ।
সেহিমত কৰিবাহা কৰিয়া প্ৰয়াস॥
আসিলে সম্পদ সুখ সমস্তকে পাই।
নাসিলেও নেৰিবাহা কহিও বুজাই॥১০৩
শুম্ভৰ আদেশে দূত গৈলা শীঘ্ৰ কৰি।
দেৱীক মধুৰ বাক্য বুলিলা সাদৰি॥ ১০৪
সুগ্ৰীবে বোলন্ত মাও শুনিয়োক সতী।
শুম্ভ নামে এক জন আছে দৈত্যপতি॥
ত্ৰৈলোক্যত ৰাজা দেৱগণে যাক মানে।
তেওঁয়ে মোক দূত পাঞ্চি আছে তযু স্থানে॥১০৫-৬
শুনিয়োক যেন আজ্ঞা কৰিয়াছে স্বামী।১০৭
তেওঁয়ে বোলে ত্ৰৈলোক্যত অধিকাৰী আমি॥

                    [ ৫৯ ]

যুদ্ধে হাৰি আজ্ঞা পালি থাকে দেৱগণ।
মোৰ আজ্ঞা নমানয় নাহি কোন জন॥
যজ্ঞভাগ যত যত দেৱতাৰ যাগ।
সিসবক ভিন্নে ভিন্নে আসি কৰোঁ ভোগ॥ ১০৮
তিনিও লোকত যত ভাল বস্তু আছে।
সিসব পত্নক আনি আছোঁ মোৰ কাচ্ছ॥
বাসবৰ ঐৰাবত উচ্চৈঃস্ৰবা হয়।
দণ্ডবতে প্ৰাৰ্থি মোক দিলা দেৱচয়॥১০৯-১০
কি কৈবো বহুত দেৱ গন্ধৰ্ব্ব নাগত।
আনো যত ৰত্ন আছে সমস্ত লোকত॥
সমস্তে ৰত্নকে আছোঁ মোৰ ঘৰে আনি৷ ১১১
তোমাকো আমিতে চায়োঁ নাৰী ৰত্ন খানি॥ ১১২
মোক ভজা নতু ভজা ভ্ৰাতৃক আমাৰ।
আমি বিনে ৰত্নৰ নাহিকে অধিকাৰ॥১১৩
আমাক ভজিলে পাইবা ঐশ্বৰ্য্য অপাৰ।
হেন মনে চিন্তি কৰা আজ্ঞাক আমাৰ॥১১৪
মেধস বদতি কথা শুনা মহামানী।
সুগ্ৰীবৰ হেন বাক্য শুনিয়া ভবানী॥
ধীৰে ধীৰে অল্প হাস্য কৰি বুসিলেক।১৫৫-১৭
সবে সত্য হোৱে তুমি কহিলা যতেক॥
তিনিয়ো লোকত ৰাজা হোৱে তাৰ জয়
তোমাৰ বচন কিঞ্চিতোকে মিছা নয়॥১১৮
কিন্তু অল্পমতি ময় নকৰি বিচাৰ।
শুনা যেন কৰি আছো পূৰ্ব্বে অঙ্গীকাৰ॥ ১১৯

                  [ ৬০ ]

বলে বীৰ্য্য মোত নঘাটিবে যিটো জনে।
দৰ্প চূৰ্ণ কৰিবেক মোক জিনি ৰণে॥
সেহি জুন মোৰ স্বামী ময়োঁ তাৰ নাৰী।
এহি অস্বীকাৰ আমি ত্যজিতে নাপাৰি॥১২০
সিহেতু বোলোঁহো বিলম্বিত কাৰ্য্য নাই।
শুম্ভ বা নিশুম্ভ আসন্তোক এক ভাই॥
মোক যুদ্ধে জিনি বিহা কৰন্তোক আসি।১২১
দূতে বোলে কথা শুনি মোৰ উঠে হাঁসি॥১২২
তিনিয়ো লোকত নাই কেহোঁ হেন বীৰ।
তাৰা দুহন্তৰ আগে যিটো হৈবে থিৰ॥১২৩
একৈক দৈত্যৰ আগে বৰ্ণিতে না পাৰি।
সবে দেৱগণে বাৰ নহে লেহাৰী॥
এক গোটা নাৰী সিসবক কতো লাগে।
পুনঃ হেন কথা নকহিবি মোৰ আগে॥ ১২৪
লাগে সমৰ শুনা মোৰ হিত বোল।
আপুনি চলিয়ো শুম্ভ নিশুম্ভৰ কোল॥
কিন্তু হৰুৱাইবে এবে আপোনাৰ মান।
নগৈলেয়ো৷ চুলে ধৰি নিবোঁ সেহি খান॥১২৬
দেৱী বোলে সবে জানো কহিব নলাগে॥ ১২৭
কিন্তু ঘোৰ অঙ্গীকাৰ কৰি আছো আগে॥
আগে নালচিলোঁ এৱে কি হবো উপায়।১২৮
ৰাজাত ইসব কথা কহ তুমি যাই॥
যেনে যোগ্য হয় তেওঁয়ে কৰোক আপুনি।
খঙ্গিলা সুগ্ৰীব গোঁঁসানীৰ বাক্য শুনি॥১২৯

                      [ ৬১ ]


               । ষষ্ঠ মাহাত্ম্য।

শুম্ভৰ পাশক লাগি পাহে চলি গৈলা।
সিসব কথাক দূতে প্ৰপঞ্চিয়া কৈলা॥ ১-২
সেহি কথা শুনি শুম্ভে কোপ কৰি অতি।
বলে সেনাপতি ধূম্ৰলোচনক মতি॥ ৩
হেৰা সেনাপতি তুমি চলা সৈন্য লৈয়া।
দেৱীক চুলত ধৰি শীঘ্ৰে আনা গৈয়া॥ ৪
তাঙ্ক ৰাখিবাক প্ৰতি যদি আসে আন।
হৌক দেৱ যক্ষ তাৰ বধিবা পৰাণ॥ ৫
মেধস বদতি কথা শুনা আত পৰে।
হেন আজ্ঞা পাইয়া ধূম্ৰলোচন সত্বৰে।
যাঠি সহস্ৰেক বীৰ সঙ্গত ঘণ্টাই।
শীঘ্ৰে চলি গৈলা যৈত আছে মহামাই॥ ৬-৭
হিমালয় পৰ্ব্বতত আছে ভগৱতী।
দেখি ডাক দিয়া ধূম্ৰলোচন বদতী॥
শুনিয়ো সুন্দৰী তবু নুজুয়ে সাহস।
আপুনি চলিয়ে শুম্ভ নিশুম্ভৰ পাশ॥ ৮
প্ৰিয় বাক্যে নগৈলেও নেৰিবো সুন্দৰী।
চুলে ধৰি তোক তেবে নিবো বলকবি॥ ৯
দেবীয়ে বোলন্ত তুমি বীৰ বলবস্ত।
লগত আছয় তযু সেনা অপৰ্য্যন্ত॥
ৰাজাৰ আজ্ঞা বলে মোক নিয়ো ধৰি।
তেবে কি কৰিবো ময় নাৰী একেশ্বৰী॥ ১০-১১

                 [ ৬২ ]

মেধস বদতি পাছে সিটো দৈত্যৰাই।
দেবীৰ বচন শুনি বেগে গৈলা ধাই॥
পথত আসন্তে সিটো দৈত্যক ঈশ্বৰী।
হুহুঙ্কাৰ শব্দে থৈলা ভস্মীভূত কৰি॥ ১২-১৩
সেনাপতি হত দেখি সেনা নিৰন্তৰ।
দেবীক হানিলা থঙ্গে তীক্ষ্ণতৰ-সৰ॥ ১৪
সিবেলা দেবীৰ সিটো বাহন কেশৰী।
কেশক কম্পাইয়া কোপে ঘোৰ নাদ কৰি॥ ১৫
সৈন্যৰ মাজত পশি কৰাইলা ক্ৰন্দন।
চাপৰে বধিলা কাকো কতো দৈত্যগণ॥
আঞ্চুৰী কামুৰী কাকো কাকো জান্ঠি ধৰি।
কুঠাৰৰ ঘায়ে কাকো নিলেক সংহৰি॥ *
নখে হিয়া বিদাৰিয়া কাকো থৈলা মাৰি।
পিলেক শোণিত কাৰো হৃদয় বিদাৰি॥
চৰৰ ঘায়ত কাৰো মাথা চিণ্ডি থৈলা।
কাৰো বাহু উব্ধ শিৰ খণ্ড খণ্ড কৈলা॥ ১৬-১৮
এহি মতে মহা কোপে দৈত্য সেনাছৰ।
ক্ষণেক মাত্ৰতে সিংহে কৰিলেক ক্ষয়॥
দেবীয়ে বধিলা ধূম্ৰলোচন অসুৰ।
তাৰ সবে সেনা সিংহে নিলা যমপুৰ॥ ১৯
বাৰ্ত্তা শুনি খঙ্গে, শুম্ভে অধৰ কম্পাই।
বুলিবে লাগিলা চণ্ড মুণ্ডক আনাই॥ ২০-২১

*[সিংহ “জান্ঠি ধৰি” আৰু “কুঠাৰৰ ঘায়ে” মাৰা কিছু অস্বাভাবিক। মূলত এইটো নাই। হাতে লিখা পুথিত থকা দেখি ৰাখা হল। ৬৩ ]

হেৰা চণ্ড মুণ্ড তোৰা দুই মহাবল।
তোৰাৰ লগত যাউক দানব সকল॥
যৈতে দেবী আছে তৈকে যাও শীঘ্ৰ কৰি।
বান্ধিয়া আনিয়ো পাৰ্ব্বতীক চুলে ধৰি॥
যুদ্ধত সংশয় যদি দেখ আপনাৰ।
তেবে সবে মিলি তান চিন্তিবাহা মাৰ॥ ২২-২৩
দেবী যুদ্ধে হাৰে যেবে সিংহ হোৱে নাশ।
তেবেতো দেবীক বান্ধি লৈয়া শীঘ্ৰ আস॥ ২৪

                     [ ৬৪ ]

               । সপ্তম মাহাত্ম্য।

ঋষি নিগদতি কথা শুনা মহাৰাজ।
আজ্ঞা পায়া চণ্ডমুণ্ড ভৈলা সব সাজ॥
চতুৰঙ্গ সেনাগণ লগে লৈয়া বাচি।
অস্ত্ৰ ধৰি চলি গৈলা যুদ্ধ কাচে কাচি॥ ১-২
হিমালয় পৰ্ব্বতৰ সুবৰ্ণৰ শৃঙ্গ।
পৰম বহুল সিটো দেখিতে বিৰঙ্গ [২০]।
তথাতে সিংহত চৰি দিশক প্ৰকাশি।
বসি আছে ভগবতী মুখে মন্দ হাসি॥
দেখিলা দেবীক গৈয়া সিটো দৈত্যগণে।
লভিলা উৎসাহ তাক ধৰিবাক মনে॥
ধনুক আজুৰি খড়গ ধৰি গৈলা ধাই।
কতো কতো দৈত্যে কোল চাপিলেক গই॥ ৩-৪
পাছে নিজ বৈৰী দৈত্যসমস্তক প্ৰতি।
অতিশয় কোপ কৰিলেক ভগবতী॥
কোপে তান চক্ষু ভৈলা ওঢ়-পুষ্প [২১] সম। ৫
ভ্ৰকুটি কুটিল ভৈলা ললাট বিষম॥
হেন ললাটত হন্তে ঘোৰ মূৰ্ত্তি ধৰি।
তেতিক্ষণে বাজ ভৈলা কালিকা ঈশ্বৰী॥ ৬

                     [ ৬৫ ]

অতিশয় বহল বদন ভয়ঙ্কৰ।
লহ লহ কৰে জিহ্বা দেখি লাগে দৰ॥
ধৰিছে খটাঙ্গ [২২] পাশ খঙ্গ এক খান।
সুখান শৰীৰ ব্যাঘ চৰ্ম্ম পৰিধান॥
আৰকত দুই আখি কোটৰত জ্বলে।
মনুষ্য মুণ্ডৰ মালা পৰি আছে গলে॥
আতাসে দিশক পূৰি বেগে খেদি যাই। ৭-৮
বধিলা অনেক দৈত্য খাইলা কাকো পাই॥ ৯
আগৰ মাহুতে গজ অঙ্কুশক ধৰে।
পাছৰ মাহুতে তান পিঠি ৰক্ষা কৰে॥
দুহন্তৰ মাজে বসি যুঝে দৈত্য বীৰ।
দুই ঘণ্টা শোভে তাহে হস্তীৰ শৰীৰ॥
ইসবে সহিতে হস্তী যত লাগ পাইলা।
এক হস্তে তুলি ধৰি মুখত পৌসাইলা [২৩]॥১০
মানুষে সহিতে ঘোড়া এক হস্তে তুলি।মুখে দিয়া তেতিক্ষণ চোবাইল সমুলী॥
সাৰথি সহিতে ঘোড়া এক হস্তে আনি।মুখত ভৰাইয়া দান্তে চোবাইলন্ত টানি॥ ১১
এগোটা দৈত্যেৰ কালী ধৰিল চুলত।আউৰ গোট কন্ধ দ্বাৰা ধৰিলা ত্বৰিত॥
পায়ে ধৰি এগোটাক নিলা যমপুৰ।হিয়ে জাৰ্ণ্ঠী আৰ গোট কৰিলন্ত চুৰ॥ ১২

[ ৬৬ ]

এহি মতে কালিকায়ো সমৰত কোপে।
চাৰি চাৰি দৈত্য বধিলন্ত একে কোৰে॥
দৈত্যগণে অস্ত্ৰ শস্ত্ৰ হানিলা অনেক।
খঙ্গে তাঙ্ক বেন্তবাইয়া [২৪]
কালীয়ে খাইলেক।
কতো অস্ত্ৰ চোবায়া কৰিণা মসিমুৰ।
খড়গ হানি চেদিলন্ত কতোহো অসুৰ॥
কাকো তাড়িলন্ত কাকো পিষি মাৰিলন্ত।
কাকো চোবাইলন্ত কাকো গোটে গিলিলন্ত॥
কাহাকো বধিলা হানি খটৃঙ্গাৰ বাৰি।
দশন অস্ত্ৰৰ ঘায়ে কাকো থৈলা মাৰি॥ ১৩-১৫
এহি মতে বহু দৈত্য সেনা নষ্ট ভৈলা।
দেখি চণ্ড মুণ্ড দুই বীৰ ধাই গৈলা॥ ১৬
ঘোৰ শৰ বৃষ্টি কৰি সিটো দুই বীৰ।
নিঃসন্ধি কৰি থৈলা চৌপাশে দেবীৰ।
হাজাৰে হাজাৰে চক্ৰ হানিলা অনেক। ১৭
কালীৰ মুখত সিটো সবে পশিলেক॥
মেঘত পশিলা যেন সূৰ্য্য বহুতৰ।
চক্ৰ সকলৰ ভৈলা সেহি পটন্তৰ॥ ১৮
কৰাল মুখৰ মাজে জলে দন্ত সাৰি।
দেখন্তে লাগয় ভয় চাহিতে নাপাৰি॥
মহাকোপে সেহি দন্ত কৰিয়া প্ৰকাশ।
কালীকা দেবিয়ে কৰিলন্ত ঘোৰ হাস॥ ১৯

                  [ ৬৭ ]

হুঙ্কাৰ শব্দক তুলি খড়গ গুৰুতৰ।
ধায়া গৈয়া ধৰিলন্ত চুলিত চণ্ডৰ॥
ছেদিলন্ত সেহি খড়গে তাৰ শীৰ গোট। ২০
দেখি মুণ্ডে ধায়া গৈলা কৰিয়া আস্ফোট॥
মুণ্ডে খেদি আসে দেখি ক্ৰোধ বিপৰীত।
খড়গে ছেদি তাকো দেবী ফেলাইলা ভূমিত॥ ২১
চণ্ড মুণ্ড হত দেখি মহা ভয় পাই।
অবশেষে দৈত্য সেনা গৈলেক পলাই॥ ২১
পাছে সিটো দুই দানবৰ কালীকাই।
দুই শীৰ লৈয়া গৈলা গোঁসানীৰ ঠাই॥
তৈতে গিয়া কৰিলা দাৰুণ অট্টহাস।
হাসন্তে হাসন্তে বুলিলন্ত চাপি পাশ॥ ২৩
সমৰ যজ্ঞত আজি তযু বলি কৰি।
দিলো চণ্ড মুণ্ড দুই পশুক ঈশ্বৰী।
শুম্ভ নিশুম্ভক নিজ অস্ত্ৰৰ সন্ধানে।
যুদ্ধত অপুনি তুমি বধিব পৰাণে॥ ২৪
মেধস বদতি কথা শুনিয়ো নৃপতি।
কালীকাৰ সিটো জন্ম দেখিয়া পাৰ্ব্বতী॥
সুললিত কৰি তাঙ্ক বুলিলা ভবানী। ২৫-২৬
যাতে চণ্ড মুণ্ড দুইকো আসি আছা আনি॥
সিকাৰণে আজি ধৰি সমস্তে লোকত॥
তোমাৰ “চামুণ্ডা” নাম হৈবেক বেকত॥

                     [ ৬৮ ]

             । অষ্টম মাহাত্ম্য।

ঋষি নিগদতি কথা শুনা এক মনে।
চণ্ড মুণ্ড বীৰ যদি পৰি গৈলা ৰণে॥
আৰু অসংখ্যাত সেনা যুদ্ধে গৈলা মৰি ১-২
শুনি শুম্ভে বুলিবে লাগিল ক্ৰোধ কৰি॥
অস্ত্ৰ শস্ত্ৰ ধৰি নিজ সেনা সমে সাজি।
যুদ্ধক লাগিয়া বীৰগণ যাউক আজি॥ ৩
মোৰ কাছে আছে পাত্ৰ মিত্ৰ যতমান।
চয়জনা অধিকাৰী যুদ্ধত সুজন॥
কম্বুজ দানব বংশে হুয়া আছে জাত।
চাৰিদিক আশী দৈত্য ত্ৰিভুবনে খ্যাত॥ ৪
কোটিধিৰ দানবৰ সন্ততি পঞ্চাশ।
আমাৰ আদেশে যাউক নকৰি আলাস॥
যাউক একশত ধূম্ৰ দৈত্যেব সন্তান। ৫
কালকাৰ বংশী যাউক যত আছে মান॥
দুৰ্হৃদ দৈত্যেৰ বংশ কৰবসন্ততি।
কালকাৰ পুত্ৰনাতি চলোক সম্প্ৰতি॥ ৬
এহিমতে শুম্ভে কৰি প্ৰচণ্ড আদেশ।
আপুনিয়ো চলি গৈলা ধৰি যুদ্ধ বেশ॥৭
নিশুম্ভে চলিলা সঙ্গে তান ছোট ভাই।
অনেক সহস্ৰ সৈন্য আবৰিয়া যাই॥

                  [ ৬৯ ]

শুনা সভাসদ পদ গোঁসানীৰ লীলা।
যাক সুমৰিয়া দেৱে দুৰ্গতি তৰিলা॥
যিটো জনে তান্ত কৰে একান্ত ভকতি।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পায় শুভ মতি॥
আকে জানি নৰলোক নকৰিবা হেলা॥
ৰক্ষা কৰে ভগবতী সঙ্কটৰ বেলা॥
বিপ্ৰ ৰুচিনাথে ভণে ত্যজি আন কাম।
পাতেক চাবোক ডাকি বোলা দুৰ্গাৰাম॥

                   ####

। ঝুমুৰি।

নিগদতি মুনি বৰ।
শুনা কথা নৰেশ্বৰ॥
দুৰ্জ্জয় দানব দল।
যেন কাল মেঘ দল॥
আসিয়া চাপিয়া পাশ।
যাক দেখি লাগে ত্ৰাস॥
হেন দেখি ভগবতী।
ক্ৰোধিয়া দৈত্যক প্ৰতি॥
আজুৰিয়া ধনুখান।
টঙ্কাৰিয়া কৰ্ণমান॥
ধনুৰ টঙ্কাৰ ৰোল।
লঘিলা আকাশ কোল॥ ৮

[ ৭০ ]

পাছে সিংহে অতিৰেক।
দিলা ঘোৰ আটাসেক॥
সিৰেলা ঘণ্টাক টানি।
বজাইলেক ঠাকুৰাণী॥৯
তিনি শব্দে মিশ্ৰ ভৈলা।
ৰোল উঠলিয়া গৈলা॥
পুৰিলা বিদিশ দিশ।
স্বৰ্গত দেব হৰিষ॥
অনন্তৰে চামুণ্ডাই।
বহল বেস্তাক বাই॥
সমৰত কৰি লীলা।
ঘোৰ আটাসেক দিলা॥১০
সেহি ঘোৰ নাদচয়।
শুনি দৈত্য সমস্তই॥
দেবিক সিংহকো যাই।
চামুণ্ডা লাগ পাই॥
কোপ কৰি অতিৰেক।
চতুৰ্দিশে বেঢ়িলেক॥১১
শুনিয়োক সভাসদ।
চণ্ডীৰ চৰিত্ৰ পদ॥
বৃথা এনে বহি যাই।
নাম বিনে ধৰ্ম্ম নাই॥
জানি নিৰন্তৰ লোক।
শিব দুৰ্গা ঘুষিয়োক॥

[ ৭১ ]

। পদ।

মেধস বদতি কথা শুনিয়ো নৃপতি।
সিবেলা দেবৰ বৈৰী বিনাশিবে প্ৰতি॥
দেবতা বৰ্গক দিতে নিজ অধিকাৰ।
ব্ৰাহ্মী আদি সাত মাতৃ ভৈলা অবতাৰ॥
মাতৃৰূপ ধৰি দেব বৰ্গৰ শকতি।
দেবতাৰ দেহা হন্তে ভৈলা উতপতি॥১২-১৩
যি গোটা দেবীৰ মুৰ্ত্তি হোৱে যেন ঠান[২৫]।
যেন মত অস্ত্ৰ শস্ত্ৰ তেন মত যান॥
উপজিলা মাতৃগণ সেহিৰূপ বেশে॥
শুনা কহো তাসন্থাৰ চৰিএ অশেষে॥১৪
ব্ৰহ্মাৰ শকতি যিটো তেহন্তে “ব্ৰাহ্মণী”।
হংস যুক্ত বিমানত চৰিয়া গোসাঁনী॥
জপ মালা কমণ্ডলু ধৰি আছে হাতে।
যেন নিজ ৰূপে ব্ৰহ্মা আসিলা সাক্ষাতে॥১৫
শিবৰ শকতি তেন্তে “মাহেশ্বৰী” নাম।
শিৰে অৰ্দ্ধ-চন্দ্ৰ হাতে শূল অনুপাম॥
হস্তত বলয়া পিন্ধি আছে মহানাগ।
বৃষত চৰিয়া লৈলা অম্বিকাৰ লাগ॥১৬
কাৰ্ত্তিক-শকতি দেবী নামত “কৌমাৰী”।
সঙ্গত কুক্কুট পক্ষী [২৬] শক্তি অস্ত্ৰ ধৰি॥

[ ৭২ ]

ময়ূৰ যানত চৰি কোপ কবি মনে।
দৈত্যক যুঝিতে প্ৰতি আসিল তেখনে॥১৭
বিষ্ণুৰ শকতি যিটো “বৈষ্ণবী” নামত।
শ্যাম-তনু পীত বস্ত্ৰ ধৰিছে গায়ত।
তেন্তে আসিলেক গৰুড়ৰ কন্ধে চৰি।
শঙ্খ চক্ৰ গদা পদ্ম সাৰক ধৰি॥১৮
যজ্ঞ বৰাহৰ ৰূপ পূৰ্ব্বে ভৈলা হৰি।
তাহানে শকতি আইলা হাতে চক্ৰ ধৰি॥
দন্তৰ অগ্ৰত তান শোভে বসুমতী।[২৭]
তেহান্তে “বাৰাহী” নাম দেবী ভগবতী॥১৯
যিটো নৃসিংহৰ শক্তি “নাৰসিংহী” আই।
অৰ্দ্ধ দেহ নৰ-ৰূপ সিংহ অৰ্দ্ধকায়॥
কেশৰ চাটিত তাৰাগণ উৰুয়াই।
দৈত্যক যুঝিতে তেন্তে আইলা সেহি ঠাই॥২০
আইলা “ইন্দ্ৰানী” পাছে যুঝিবাক মনে।
মাথাত কিবিট জলে সহস্ৰ লোচনে॥
ঐৰাবতে চৰি আছে ধৰি বজ্ৰ-বাণ।
ইন্দ্ৰৰ শকতি তেন্তে তাহাৰ সমান॥২১
বলে বীৰ্য্যে তাসম্বাৰ নহিক সৰি[২৮]।
সিসবে শিৱক লৈয়া চৌপাশে আবৰি॥

[ ৭৩ ]

পাছে শিৱে গোসানীক বুলিলা বচন।
মোৰ প্ৰীতি সাধি সীঘ্ৰে মাৰা দৈত্যগণ॥২২
এত হন্তে মহা উগ্ৰ চণ্ডিৰ শকতি।
দেবীৰ দেহৰ হন্তে ভৈলা উতপতি॥
দুৰ্জ্জয় শৰীৰ অতি ৰূপ ভয়ঙ্কৰ।
সঙ্গত আৰাৱ কৰে শৃকাল বিস্তাৰ।২৩
শিবক সম্বুদ্ধি তেন্তে বুলিলেক বাণী।
মোৰ দুত হয় প্ৰভু চলা শূলপাণি॥২৪
মহা অভিমানি শুম্ভ নিশুম্ভ প্ৰধান।
যুঝিসে আসিছে আনো দৈত্য যত মান॥
সিসবব কাছে গৈয়া আমাৰ আদেশ।
আগ পাছ দৰশায়া কাহিয়ো আসেষ॥২৫
তোৰাসবে জিবে লাগি কৰা যদি আশ।
তেবে স্বৰ্গ চাৰি পাতালত কৰা বাস॥
তিনিও লোকৰ ৰাজা হৌক পুৰন্দৰ।
দেবে ভুঞ্জতোক যজ্ঞ ভাগ নিৰন্তৰ॥ ২৬
তোমাৰ কুশল অৰ্থে বুলিলোহো হিত।
বলৰ দৰ্পত যদি তাকো দেখা তিত॥
যুঝিবাক লাগি তেবে আসিও সত্বৰ।
তোমাৰ মাংসক খাউক শৃগাল আমাৰ॥২৭
সুৰথ ৰাজাৰ আগে মেধস বদতি।
চণ্ডিকা শক্তিৰ কথা শুনি পশুপতি॥
সেহি আদেশক দৈত্য সমস্ত কাছে।
আপুনি শঙ্কৰে গৈয়া কহিল পাছে॥

[ ৭৪ ]

যিতো দেবী গোসানীৰ শৰীৰ বজাই।
শিবক পাঞ্চিলা দূত দানবৰ ঠাই॥
আপুনি শিবক যাতো দূত কৰি লৈলা।
সিকাৰণে তান শিবদূতী নাম ভৈলা॥২৮
দৈত্যবৰ্গে শিবমুখে শুনি গৰ্ব্ব বাণী।
কোপে ধাইয়া গৈলা যৈত আচন্ত ভবানী॥২৯
দেবীক বেঢ়িয়া সবে দিলা শৰ ঝাক।
অস্ত্ৰে হাণি তাক দেবী কাটিলা সবাক॥
সমৰত অন্যে অন্যে কৰে সিংহনাদ।
ধনুৰ টঙ্কাৰ যেন বজ্ৰৰ সম্বাদ॥
ক্ষণেকতে শৰ বৃষ্টি চানে [*] দিশপাশ।
শৰকাটা গৈলে হোৱে ক্ষণেকে প্ৰকাশ॥৩-৩১
সিবেলাত দেবীৰ আগত কালী মাৱে।
বধিলা বহুত দানবক শৰ ঘাৱে॥
খট্টাঙ্গৰ ঘায়ে কতত দৈত বধিলেক।
বৈষ্ণবীও চক্ৰ ঘায়ে বধিলা অনেক॥৩২
ব্ৰহ্মাণীও কুশ ধৰি মন্ত্ৰ উচ্ছান্তে।
জল আনি প্ৰহাৰিলা কমণ্ডলু হন্তে॥
সেহি জল–বিন্দু পৰি দৈত্য আছে যত।
বল বীৰ্য্য হত হুয়া প্ৰাণে হৈলা হত॥
মহেশ্বৰী গোসানীয়ে হানিয়া ত্ৰিশূল।
অনেক দৈত্যক বধি কৰিলা নিৰ্ম্মুল॥

**চানে—আবৰি ধৰে; ‘আচ্ছন্ন’ সং।[ ৭৫ ]
মহ কোপে শক্তি গােট কৰিলা প্ৰহাৰ।
কৌমাৰীয়ে দানবৰ চিন্তিলন্ত মাৰ॥ ৩৪
ইন্দ্রানীয়ে বজ্ৰ গােট প্রহাৰিলা টানি।
শতে শতে দৈত্যগণ মাৰিলা গােসানী॥
কাটা দানবৰ তেজে ধাৰা বহি যাই।
পৃথিবী ঢাকিয়া শৰগণে সমুদাই ॥৩৫
বাৰাহী দেবীয়ে চক্ৰ কৰিয়া সন্ধান।
যুথে যুথে দানবৰ লৈলন্ত পৰাণ॥
দণ্ডৰ প্রহাৰে কাৰো ভাঙ্গিলা হৃদয়।
তুণ্ডৰ প্ৰহাৰে কাৰাে কৰিলা প্রলয়॥ ৩৬
নাদে দিশ পাশ পুৰি নাৰসিংহী মায়ে।
নখে বিদাৰিয়া দৈত্য দানবক খায়ে।৩৭
শিবদূতী কৰিলন্ত চণ্ড অট্টহাস ।
ভূমিত পৰিলা দৈত্যগণে পায়া ত্রাস॥
সিসবক ধৰি পাছে শিবদূতী খাইলা।
সেহি মতে দানবৰ সেনাক ভঙ্গাইলা॥৩৮
ব্রাহ্মী মাহেশ্বৰী আদি কৰি মাতৃগণে।
কালী শিবদূতী সমে এহি নব জনে॥
দানব সেনাত কোপে কৰিলা ক্রন্দন ।
দেখিয়া বিভঙ্গে পলাইলেক দৈত্যগণ॥ ৩৯

হেন দেখি ৰক্তবীজ দানব দুৰ্ব্বাৰ ।
কোপে গদা ধৰি আগ বাঢ়ি দিলা ধাৰ ।৪০
সিতো অসুৰৰ যেবে দেহাৰ শোণিত।
যতেক যতেক বিন্দু পৰয় ভূমিত॥

[ ৭৬ ]

সেহি ৰুধিৰৰ হন্তে আপুনি অনেক।
উপজিয়া উঠে দুষ্ট দানব যতেক॥
বলবীৰ্য্য ৰূপগুণ শৰীৰৰ ঠান।
সবেও হোৱয় ৰক্তবীজৰ সমান॥ ৪১
ভুমি হন্তে উঠি মাত্ৰ যুঝয় তেখন।
হেন ৰক্তবীজে ইন্দ্ৰাণীক দিলা ধাৰ॥
ইন্দ্ৰাণীও বজ্ৰে তাক তাৰিলা সন্ধানে।
বহিলা ৰুধিৰ তাৰ জত লাগে মানে॥
তাত হন্তে উপজিলা দানব অনেক।
অস্ত্ৰ ধৰি মাতৃসমে সবে যুঝিলেক॥৪২-৪৩
পুনু ইন্দ্ৰাণীয়ে বজ্ৰে ভেদিলেক শিৰ।
বাহৰে লাগিলা ৰক্তবীজৰ ৰুধিৰ॥
ভৈলা দৈত্য তাত হন্তে হাজাৰে হাজাৰ।
বৈষ্ণবীয়ে পাছে চক্ৰ কৰিলা প্ৰহাৰ॥
গদায়ে তাৰিলা ৰক্তবীজক ইন্দ্ৰাণী।
দিলন্ত খডগৰ ঘায়ো বাৰাহী গোসানী॥
কৌমাৰীয়ে তাক লাগি হানিলা শকতি।
হানিলা ত্ৰিশূল মাহেশ্বৰী ভগৱতী॥
পাছে কোপ কৰি ৰক্তবীজ গদা ঘায়ে।
মাতৃ সকলক তাৰিলন্ত গায়ে গায়ে॥
তাসম্বাৰ শস্ত্ৰে তাৰ ক্ষত ভৈলা কাই।
ধাৰাসাৰে শোণিত ভূমিত বহি যাই॥
শোণিতত হন্তে ৰক্তবীজৰ পৰাই।
উপজিলা দৈত্য তাৰ সীমা সংখ্যা নাই।

[ ৭৭ ]

হাজাৰে হাজাৰে উপজিয়া দৈত্য যত।
সিসবে ব্যাপিলা ইতত সমস্তে জগত॥
দেবগণে তাক দেখি মহা ভয় ভৈলা। ৪০-৫২
দেখি শীঘ্ৰে গােসানীয়ে বুলিবাক লৈলা॥
দেখা দেখা কালী কিনাে দানব দুৰ্ব্বাৰ ।
শােণিতত হন্তে দৈত্য উপজে ইহাৰ॥
নিঃশেষ ৰুধিৰ আৰ তুমি পীয়া যেবে।
পুনৰপি দুষ্ট দৈত্য নুপজিব তেবে॥
বেস্ত * গােট বাইয়া তুমি কৰিলা বহাল।
ধৰিতে পাৰাহ যেন শােণিত সকল॥
সাবধান হােৱা কালী কৰােহাে প্ৰহাৰ ।
বহিবে শােণিত আৰু কৰিয়া বিস্তাৰ ॥
অস্ত্র ঘায়ে যত আৰ স্ৰবিবে শােণিত।
মুখে ধৰি তাক তুমি পিয়াহা ত্বৰিত॥
এহিমতে অশেষ শােণিত হৈব ক্ষয়।
তেবেসে হৈবেক ৰক্তবীজৰ প্ৰলয় ॥৫৩-৫৬
এহি বুলি ভবানীয়ে ত্রিশূলক হানি।
ৰক্তবীজ অসুৰক ভেদিলন্ত টানি॥
শূল ঘায়ে বাজ ভৈলা শােণিত যতেক।
বেম্ভ বাইয়া চামুণ্ডায়ে তাক ধৰিলেক।
কালীৰ মুখত পৰি তাহাৰ শোণিত।
তৈতে উপজিলা দৈত্য হইয়া অসংখ্যাত।

বেস্তু -মেলা মুখ ; মুখ-গহ্বৰ।[ ৭৮ ]
সিত দৈত্য সমস্তক কালীয়ে ভুঞ্জিলা৷
দানবৰ শােণিতক সমস্তকে পীলা॥
গদা ধৰি ৰক্তবীজে দেবীক তাৰিলা।
কিঞ্চিতেকো পীড়া তাঙ্ক দিতে নপাৰিলা॥ ৫৭-৬০
পাছে শূল খড়্গ বজ্ৰ বাণ আদি হানি।
ৰক্তবীজ অসুৰক তাৰিলা ভবানী॥
শস্ত্র ঘায়ে স্ৰবি গৈলা শােতিত অপাৰ।
কালীয়ে পিলন্ত সৱে শােণিতক তাৰ॥
স্ৰবন্তে স্বৱন্তে শােণিতৰ ভৈলা ক্ষয়।
শােণিতে ৰহিত ভৈলা দানব দুর্জ্জয়॥ ৬২
অস্ত্র ঘায়ে মৰি পাচে ভুমিত পৰিলা।
দেখি দেবগণে বৰ আনন্দ পাইলা॥
শােণিতৰ গন্ধে মত্ত হয়া মাতৃগণে।
নাচিবে লাগিলা আতি আনন্দিত মনে॥
নচুয়াই অস্ত্র শস্ত্ৰ উপৰক তুলি।
চেৱ ধৰি ডেব কৰে জয় জয় বুলি ॥৬৩

                  [ ৭৯ ]

          । নবম মাহাত্ম্য।

              । নিশুম্ভ বধ।

ৰাজায়ে বােলন্ত ঋষি কি নাে অদভুত।
দেবীৰ মহিমা লীলা কহিলা বহুত॥
পুনু শুনিবাক চাওঁ গােসানীৰ লীলা।
শুনিলাে যে মতে ৰক্ত বীজক বধিলা॥
তাক শুনি মহাক্রোধী স্বভাবে দ্বন্দুৰ।
কি কৰিলা পাছে শুম্ভ নিশুম্ভ অসুৰ॥১-৩
মেধস বদতি কথা শুনা নৰেশ্বৰ ।
যুদ্ধত পৰিলা যেবে দানব বিস্তৰ ॥
মৰিলেক ৰক্তবীজ দৈত্য মহাবলী।
তেবে শুম্ভ নিশুম্ভৰ কোপ গৈলা জ্বলি ॥৪-৫
সমৰে মৰন্তে আছে নিজ সেনাগণ।
দেখিয়া নিশুম্ভে খঙ্গে বাঢ়ি দিলা ৰণ॥৬
নিশুম্ভৰ আগ পাছ দুয়ো পাসে যুৰি।
বৰ বৰ দৈত্য পাছে দশন কামুৰি॥
দেবীক বধিতে প্রতি আসিলেক ধাই ।
শুম্ভেয়াে আসিল নিজ সেনাক জন্তাই ॥৭
প্ৰথমতে মহাবীৰ শুম্ভ নিশুম্ভৰ ।
মাতৃগণ সমে ভৈলা দাৰুণ সমৰ॥
দুয়ো দৈত্যে প্রহাৰিলা নানাবিধ ৰাণ।
মাতৃয়ো কৰিলা নিজ অস্ত্ৰৰ সন্ধান॥

               [ ৮০ ]

তাসম্বক অতিক্ৰমে দৈত্য দুই ভাই।
দেবীক বধিতে প্ৰতি বেগে গৈলা ধাই॥৮
অনন্তৰে গোসানীয়ে সমে সিটো দুই।
লগাইলা সংগ্ৰাম কোপে বিয়াকুল হুই॥
বৰিসিলা সৰ দুয়ো বীৰে নিৰন্তৰে।
বৰিষা কালত যেন মেঘে বৃষ্টি কৰে॥৯
দানবৰ সিতো শৰ বৃষ্টিক ভবানী।
শীঘ্ৰে বিনাশিলা নিজ শৰচয় হানি।
পাছে দেবী নিজ অস্ত্ৰ হানিলা অনেক।
দুয়ো দানবৰ সৰ্ব্বাঙ্গত আসিলেক॥১০
নিশুম্ভে লৈলেক পাছে দিব্য চৰ্ম্মখান।
আঠ গোটা চন্দ্ৰে তাত শোভে স্থানে স্থান॥
তীক্ষ্ণ খড়্গ হানি ধৰি চানিলেক গায়।
দেবীৰ সিংহৰ মাথে দিলা এক ঘায়॥১১
দেখি দেবী শীঘ্ৰে প্ৰহাৰিয়া খুৰ বাণ।
তাৰ খড়্গ চৰ্ম্ম কৰিলন্ত খান খান।১২
কাটা গৈলা খড়্গ চৰ্ম্ম দেখি দৈত্য পতি।
হানিলা দেবীক লাগি প্ৰচণ্ড শকতি॥
চক্ৰে হাণি তাক খঙ্গে চেদিলা ভবানী।১৩
দেখিয়া নিশুম্ভে শূল প্ৰহাৰিলা আনি॥
তাকে মুষ্টি ঘায়ে দেবী কৰিলন্ত চুৰ।১৪
ভ্ৰমায়া গদাক পাছে হানিলা অসুৰ।
শূল ঘায়ে গদা গোট দহিলা ঈশ্বৰী।১৫
পাছে নিশুম্ভেয়ো ধাইলা পৰশুক ধৰি॥

                  [ ৮১ ]

আসন্তে দৈত্যক দেবী শৰঝাক দিলা।
নিশুম্ভো মুৰ্চ্চিত হুয়া ভুমিত পৰিলা॥ ১৬
ভাতৃ পৰিবাক দেখি মহা ক্ৰোধ কৰি।
ৰথত চৰিয়া শুম্ভে অস্ত্ৰ সস্ত্ৰ ধৰি॥
আঠ ভূজে সাবশেষ আকাশ বিয়াপি।
দেবীক বধিতে প্ৰতি আসিলেক চাপি॥১৭-১৮
শুভ আসে দেখি দেবী মহা ক্ৰোধ কৰি।
টঙ্কাৰিলা ধনুখান বজ্ৰ সম কৰি॥১৯
ঘণ্টাৰ সবদে দিশ পাশ পুৰি থৈলা।
যাক শুনি দৈত্যগণ তেজহীন ভৈলা॥ ২০
তাত পৰে সিংহে ঘোৰ তেজিলা আটাস।
শবদে পুৰিলা দিশ পৃথিবী আকাশ॥ ২১
চামুণ্ডায়ো ডেৱ দিয়া আকাশত চৰি।
দুই হাতে চাপৰ দিলা পৃথিবীত পৰি॥
চাপৰৰ নাদ গোট ভৈলা অতিৰেক।
সি সব শব্দক জিনি উঠলি গৈলেক॥
ঘোৰ অট্ট হাস শিবদূতীয়ে কৰিলা।
সিটো শব্দ সকলক দানবে শুনিলা॥
তাক শুনি অসুৰসকল ভয় ভৈলা।
দেখিয়া শুম্ভৰ মহা কোপ জ্বলি গৈলা॥ ২২-২৩
শুম্ভক সম্বুদ্ধি পাছে বুলিলা পাৰ্ব্বতী।
থাক থাক কৈক যাস দানব দুৰ্ম্মতি॥
সেহি বেলা আকাশত থাকি দেবগণ।
জয় জয় ভগবতী বুলিলা বচন॥ ২৪

                  [ ৮২ ]

পাচে শুম্ভে শক্তি গোট পঠাইলেক টানি।
অগনিৰ কুণ্ড যেন জ্বলি আসে চানি॥২৫
সিবেলা শুম্ভৰ অমঙ্গলক দেখাই।
বৰ উল্কা এক গোট পৰিলা তথাই॥
নাশিলা শক্তিক তাৰ সেহি উল্কা গোটে।
তেবে শুম্ভে সিংহনাদ কৰিলা আস্ফোটে॥
সেহি নাদে তিনি লোক বিয়াপিলা যেবে।
পৰিলা নিৰ্ঘাত আতি ভয়ঙ্কৰ তেবে॥
শুম্ভৰ আটাসে সেহি নাদে পুৰিলেক।২৬
পাছে দুহন্তৰো ঘোৰ যুদ্ধ লাগিলেক॥
দুয়ো দুইক হানে শৰ হাজাৰে হাজাৰ।
দুয়ো দুহন্তৰ শৰ চেদিলা অপাৰ॥ ২৭
পাচে কোপে শূল ঘাও দিলেক দুৰ্গাই।
ভূমিত পৰিলা শুম্ভ দৈত্য মুৰ্চ্চা যাই॥২৮
অনন্তৰে নিশুম্ভেয়ো লভিয়া চেতন।
ধনু ধৰি দেবীক হানিলা শৰগণ॥
কালীক সিংহকো দৈত্যে শৰে থাসি থৈলা।২৯
বাহু অযুতেক ধৰি মায়াসে যুৰিলা॥
হানিলা অনেক চক্ৰ গোসানীক বুলি।
তাৰ চক্ৰে গোসানীক চানিলা সমুলি॥৩০
মহা কোপে ভবানীয়ো হানি শৰচয়।
নিশুম্ভৰ শৰ চক্ৰ কৰিলা প্ৰলয়॥৩১
শৰ-চক্ৰ বৃথা ভৈলা দেখি দৈত্যৰাই।
দেবীক বধিতে গদা ধৰি গৈলা ধাই॥৩২

                   [ ৮৩ ]

মহা বেগে আসন্তে পথতে খড়্গ ঘায়ে।
ভাৰ গদা গোট শীঘ্ৰে কাটিলন্ত মায়ে।৩৩
তভো ধায়া গৈলা সিতো শূলক উচ্ছায়া।
দেবীয়ো হানিলা বেগে শূলক ভ্ৰমায়া॥
সেহি শূলে হৃদয়ক বিদাৰিলা তাৰ।৩৪
হৃদি হন্তে বাঝ ভৈলা পুৰুষেক আৰ॥
থাক থাক বুলি সিটো বাঝ হন্তে আছে।
দেখি দেবী খলখলি হাসিলন্ত পাছে॥
বঝাইবে নপাইলা দানবৰ সৰ্ব্বকায়।
তবে খড়্গে হানি শিৰ ছেদিলা দুৰ্গাই॥
ঢলিয়া নিশুম্ভ পাছে ভুমিত পৰিলা।৩৬
দানবী দলত পাছে প্ৰলয় মিলিলা॥
সিবেলাত কৌমাৰীয়ে শক্তিক প্ৰহাৰি।
অনেক দৈত্যক কৰিলন্ত মহা মাৰি॥
ব্ৰহ্মাণীয়ে মন্ত্ৰ পঢ়ি সিঞ্চিলন্ত জল।
তাতে নষ্ট ভৈলা কতো দানব সকল॥
শূল ঘায়ে কাকে বিদাৰিলা মহেশ্বরী।
ইন্দ্ৰাণীৰ বজ্ৰঘায়ে কেহো গৈলা মৰি॥
বৈষ্ণবীয়ে লাগ পাইলা যত দৈত্য মান।
চক্ৰে হানি তাক কৰিলেক খান খান॥
বাৰাহীৰ তুণ্ড ঘায়ে কেহো ভৈলা চুৰ।
ৰণ চাৰি কতো দৈত্য পলাই গৈলা দূৰ॥
যুদ্ধত দানব বৰ্গ বধিলা অনেক।
শিবদূতী মায়ে কতো শব ভুঞ্জিলেক॥
সিংহেও ভুঞ্জিলা কতো গলত কামুৰি।
চামুণ্ডায়ে কতো দৈত্য খাইলেক কামুৰি॥৩৭-৪১

ইতি নিশুম্ভ বধ।

                    [ ৮৪ ]

           । দশম মাহাত্ম্য।

                 শুম্ভ বধ

মেধস বদতি কথা শুনা মহাৰাই।
মৰিলা নিশুম্ভ বীৰ প্ৰাণ সম ভাই॥
সৈন্যৰ বিপত্তি দেখি কোপ কৰি আতি।
বুলিবে লাগিলা শুম্ভে গোসানীক মাতি॥১-২
কিসক বৃথারে গৰ্ব্ব কৰস পাৰ্ব্বতী।
মাৰিলি নিশুম্ভ মোৰ ভাতৃ মহামতি॥
মাতৃ সমস্তক লগে কৰিয়া সহাই।
যুদ্ধ কৰা তাতে তোৰ এতই বঢ়াই॥৩
দেবীয়ো বোলন্ত অৰে দানব দুৰ্ব্বাৰ।
ইতো জগতত কোন আছে মোত পৰ॥
মোহোৰ বিভুতি ইতো যত চৰাচৰ।
মোহোৰেসে কাৰ্য্য ইতো মাতৃ নিৰন্তৰ॥
সাক্ষাতে দেখিও আত নাহিকে সংশয়।
এতিক্ষণে মাতৃগণ মোত যাইবে লয়॥৪-৫
ঋষি নিগদতি কথা শুনা মহাশয়।
ব্ৰহ্মাণীক আদি কৰি পাছে মাতৃচয়॥
দেবীৰ দেহাত আসি সবে লয় ভৈলা।৬
একেশ্বৰী হৈয়া দেবী বুলিবাক লৈলা॥
যতেক বিভুতি ৰূপ দেখিলি আমাৰ।
ভৈলো একেশ্বৰী আবে কৰিও সংহাৰ॥৭-৮

                      [ ৮৫ ]

এবে থিয় হুয়া তুমি কৰিও সমৰ।
ঋষি বোলে পাছে কথা শুনা নৰেশ্বৰ॥৯
দুহন্তৰ ঘোৰ যুদ্ধ লাগি গৈলা পাছে।
দেবাসুৰগণে সবে ৰঙ্গ চাহি আছে॥১০
দুয়ো ঘোৰ অস্ত্ৰ শস্ত্ৰ হানিলা অপাৰ।
যুদ্ধ দেখি ভয় ভৈলা সমস্ত লোকৰ॥১১
দেবীয়ে হানিলা যত দিব্য অস্ত্ৰ ঝাক।
নিজ দিব্য অস্ত্ৰে শুম্ভে নিবাৰিলা তাক॥১২
শুম্ভেও হানিলা যত দিব্য অস্ত্ৰ চয়।
নিজ অস্ত্ৰে তাৰ দেবী কৰিলা প্ৰলয়॥১৩
অগনিক বৰুণৰ অস্ত্ৰে নিবাৰিলা।
বায়ুক পৰ্বত বাণে নিবাৰিয়া থৈলা॥
বৰুণ বাণক বায়ু বাণে নিবাৰিলা।
এহি মতে অন্যে অন্যে অস্ত্ৰ নষ্ট ভৈলা॥
হুঙ্কাৰ শবদে কতো কতো হানি বাণ।
দেবীয়ে নাশিলা তাৰ অস্ত্ৰ যত মান॥
পাছে শুম্ভে শৰ বৃষ্টি কৰিল অপাৰ।
ক্ৰোধিয়া দেবীয়ে ধনু কাটিলেক তাৰ॥
অনন্তৰে গোসানীয়ে শৰ বৃষ্টি কৰি।
দানবৰ শৰ বৃষ্টি নিলেক সংহৰি॥১৪
ধনু কাটা গৈলা শুম্ভে শক্তি লৈলা তুলি।
হাতত কাটিলা তাক দেবী চক্ৰে হানি॥১৫.
খড়্গ চৰ্ম্ম ধৰি পাছে ধাইলা দৈত্যপতি।
পথত আসন্তে তাক দেখি ভগবতী॥

                   [ ৮৬ ]

শৰে হানি খড়্গ চৰ্ম্ম কৰি থান থান।১৬-১৭
সাৰথি সহিতে ঘোটকৰো লৈলা প্ৰাণ॥
দেবীক বধিতে দৈত্যে তুলিলা মুদগৰ।১৮
ছেদিলা দেবীয়ে তাক হানি বহু শৰ॥
তথাপিতো মুষ্টি ধৰি দৈত্যে গৈলা ধাই।১৯
দেবীৰ হিয়াত মুষ্টি বৈসাইলেক যাই॥
দুৰ্গায়ো হিয়াত তাৰ দিলা চাপৰেক।২০
পীড়া পায় শুম্ভে পৃথিবীত পৰিলেক॥
তেতিক্ষণে শুম্ভে উঠি গোসানীক ধৰি।২১
তাঙ্ক লৈয়া আকাশক গৈলা ৰব কাৰি॥
শূন্যত থাকিয়া দুৰ্গা দানব সহিতে।
চিৰ কাল বাহু যুদ্ধ কৰিলা তহিতে॥২২
অদ্ভুত কৰ্ম্মক দেখি সিদ্ধ মুনিচয়।
মনত ভৈলেক আতি পৰম বিস্ময়॥২৩
কতত বোলি গোসানীয়ে তাৰ ছিদ্ৰ পাই।
শুম্ভক তুলিলা উপৰক আলগাই॥
আকাশত বহু পাক তাক ফুৰাইলন্ত।
পৃথিবীক লাগি পাছে ক্ষেপিয়া পঠান্ত॥২৪
ভুমিত পৰিয়া শুম্ভে দৃঢ় মুষ্টি ধৰি।
দেবীক বধিতে ধাইলা উঠি বেগ কৰি॥২৫
ধায়া আসে দেখি দৈত্য দেবীও ত্বৰিত।
শূলে হিয়া বিদাৰিয়া পেলাইলা ভুমিত॥২৬
প্ৰাণ চাৰি শুম্ভে যেবে ভূমিত পৰিলা।
সাগৰ পৰ্ব্বত সমে পৃথিবী লৰিলা॥

                  [ ৮৭ ]

শুনিয়োক সভাসদ চিত্ত কৰি স্থিৰ।
ৰচিলো চণ্ডীৰ পদ কথা ভবানীৰ॥
শুম্ভ আৰ দানবৰ জন্ম কৰ্ম্ম যত।
সিটো কথা আচয় বামণ পুৰাণত॥
তাকে চাই আত কিছো দিল মিসলাই।
পদ বাহুল্যক, ভয়ে নলেখিলো মই॥
নিৰন্তৰে আছা যত সামাজিক প্ৰাণী।
আক শুনি শিব দুৰ্গা ঘুষিয়োক চানি।

               ####

।। ছৱি।।

যি বেলাত নিশাচৰে, দাৰুণ সমৰ কৰে,
ভৈলা উতপাত সিবেলাত।
উল্কা পৰে ঘনে ঘন, আকাশত মেঘ গণ,
দেখয় দৈত্যৰ যে বিঘাত॥
নদী নদ সমুদাই উভতিয়া বহি যাই
চাৰিলেক পথ আপোনাৰ।
কাৰো নাই সুখ শান্তি, সূৰ্য্যেও নকৰে কান্তি
দশোদিশ দেখি অন্ধকাৰ॥
অগনিয়ো পূৰ্ব্ববত, নজ্বলয় সিঠায়ত,
মহাভয় লোকত দেখায়ে।
অমঙ্গল লোক ঠিশ,[২৯] শব্দ কৰে দশো দিশ;
নিৰ্ঘাত পৰয় ঠায়ে ঠায়ে॥

                  [ ৮৮ ]

বহুবিধ উতপাত মিলিলেক সিবেলাত
বহিলেক প্ৰচণ্ড বতাস।
শুম্ভ হত ভৈলা যেবে, সি সব গুচিলা তেবে,
প্ৰসন্ন ভৈলেক দশোদিশ॥
অমঙ্গল নষ্ট গৈলা আকাশ নিৰ্ম্মল ভৈলা,
সুস্থ ভৈলা সবে চৰাচৰ।
লোকৰ বহায়া আয়ু, বহে সুমঙ্গল বায়ু
উজ্জ্বলিত ভৈলা দিবাকৰ।
অশুভ লক্ষণ চয়, অগনিৰ ভৈলা ক্ষয়
শান্ত হুয়া জ্বলিবাক লৈলা। ২৮-২৯ আৰু ৩২
নষ্ট ভৈলা শক্ৰচয়, দেখি দেব সমস্তয়
আনন্দ সাগৰে মগ্ন ভৈলা॥
সি বেলাত মনোনীত, সুললিত কৰি গীত
গাইবে লৈলা গন্ধৰ্ব্ব সকলে।
কতোহো গন্ধৰ্ব্বগণে, চেৱ ধৰি সেহি ক্ষণে,
বাদ্য বজাইলন্ত কৌতুহলে॥
উৰ্ব্বশীক আদি কৰি, যত দেব অপসৰি,
নাচিলন্ত মনত হৰিষে।
চাৰণ কিন্নৰ গণে, স্তুতি কৰিলন্ত ঘনে,
দেবগণে পুষ্পক বৰিষে॥৩০-৩১
পাচে ইন্দ্ৰ চন্দ্ৰ সমে, অগণি বৰুণ যমে,
আনো দেবগণো সমুদাই।
প্ৰসন্ন ভৈলেক বিধি, পাইলা যেন নবনিধি
মনৰ বাঞ্ছিত ফল পাই॥

                  [ ৮৯ ]

গুচিলা আপদ দুঃখ বিকসিত ভৈলা মুখ
কৃতাঞ্জলি কৰি ভক্তি ভাৱে।
জানু শিৰে নমস্কাৰ, কৰিয়া অনেক বাৰ
স্তুতি আৰম্ভিলা সেহি ঠাৱে॥১-২
শুনিয়োক সভাসদ, হুয়া আতি নিশবদ;
চণ্ডিকা মায়ৰ পুণ্য কথা।
অনৰ্থতে গৈলা কাল, কেনে কৰা আলজাল
কৰা কিয় আয়ুক অন্যথা॥
শুম্ভ আদি দৈত্য চয়, ক্ষণেকে ভৈলেক ক্ষয়
সামান্য জনৰ কোন কথা।
জানি চাড়া আন কাম, বোলা দুৰ্গা শিব ৰাম
তেবে ভব তৰিবা সৰ্ব্বথা॥

                    ###

                   [ ৯০ ]

          । একাদশ মাহাত্ম্য।

। দেবী স্তুতি।

।পদ।

দেবগণে বোলে নমো ত্ৰৈলোকায় ঈশ্বৰী।
পৃথিবী স্বৰুপে আছা জগতকে ধৰি॥
জল ৰুপে বৃষ্টি কৰি আছা সবে লোক।
সবাহাঙ্ক প্ৰতি তুমি প্ৰসন্ন হুয়োক॥ ৩-৪
অবিদ্যা স্বৰুপে আচা সবাকো মুহিয়া।
তুষ্ট হুয়া জ্ঞান কপে মুকুতিক দিয়া॥৫
তোমাৰেসে অংশ যত শাস্ত্ৰ যত নাৰী।
কিমতো তোমাক স্তুতি কৰিবাক পাৰি॥৬
জাতো তুমি বাক্য ৰুপা তুমি দেবচয়।
সমস্তকে ব্যাপি আচা তুমি সৰ্ব্বময়॥৭
বুদ্ধি ৰুপে সমস্তৰে থাকা হৃদয়ত।
স্বৰ্গ সুখ দাতা তুমি পালিও জগত॥
কালৰূপে বৃদ্ধাদি অবস্থাক কৰা।
পৰম মঙ্গল তুমি নানাৰূপ ধৰা।৯-১০
সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ সকতি।
গুণাশ্ৰয় গুণময় তুমি ভগবতী॥১১
ভুখিত শৰণাগত ৰোগী বিবাজন।
সবাৰ পালক তুমি সাধা প্ৰয়োজন॥১২

                     [ ৯১ ]

ব্ৰহ্মাণী বৈষ্ণবী নাৰসিংহী মাহেশ্বৰী।
বাৰাহী কাৰ্ত্তিকী আৰো চামুণ্ডা ঈশ্বৰী॥
শিবদূতী সমে যিতো মাতৃ নবজন।
সেহিৰুপে অসুৰক কৰিলা কদন*॥
খণ্ডিলা শত্ৰুৰ ভয় বধিয়া অসুৰ।
এহিমতে শত্ৰু ভয় কৰিবাহা দূৰ॥
খঙ্গ শূল ঘণ্টা ইতো তজু অস্ত্ৰচয়।
এহি তিনি আমাৰ হৰন্তোক ভয়॥
পূৰ্ণ চন্দ্ৰ সম মুখ শোভে তিনি আখি।
ভয় হন্তে আমাসাক থাকস্তোক ৰাখি॥
সৰ্ব্ব সঙ্কতত মায়ো কৰা পৰিত্ৰাণ।
তোমাক ভজিলে পাই সমস্তৰে মান॥১৩-২৮
তুমি তুষ্টি ভৈলে নাহি আপদ.কিঞ্চিত।
কষ্ট ভৈলে নষ্ট কৰা সকলে বাঞ্চিত॥২৯
বেদান্ত আগম আদি শাস্ত্ৰৰ পথত।
লৌকিক বৈদিক ব্য়বহাৰ সকলত॥
সবাক মুহিচা কেহো তত্ত্বক নজানে।
মুহিবাক পাৰে তুমি বিনে আন কোনে॥
সমস্তে লোকক তুমি বিমোহিত কৰি।
সংসাৰ গৰ্ত্তত ভ্ৰমাৱাহা গলে ধৰি॥
বধিলা দৈত্যক আনে নপাৰয় আক।
হুমোক প্ৰসন্ন মায় প্ৰণামো তোমাক॥

                 [ ৯২ ]

উতপাত পাপ তাপ শোক নিৰন্তৰ।
বিনাশিয়ো জগতৰ দিয়ো ইষ্ট বৰ॥
তোক প্ৰণামো দেবাসুৰ নৰ লোক।
প্ৰণত জনত মাও প্ৰসন্ন হুয়োক ৩০-৩৫ *
দেবী বোলে বৰদাতা হুয়ো দেবগণ †।
জগতৰ হিত বৰ লৈও যেন মন॥৩৬-৩৭
দেবগণে বোলে মাও মাগো এহি মান।
এহি মতে দুষ্ট দৈত্য কৰিবা নিৰ্য্যাণ॥
তাত হন্তে খণ্ডিবেক তিনিয়ো লোকৰ।
সমন্তে দুৰ্গতি দুখ পীড়া নিৰন্তৰ॥৩৮-৩৯
দেবীয়ো বোলন্ত যুগে যুগে অবতৰি। ৪০
সাধিবো তোমাৰ হিত দৈত্যক সংহৰি॥
যিকালত যেন যত যিবাৰূপ ধৰি।
সাধিবো হিতক তাক শুনিয়ো সাদৰি॥
বৈবস্বত মন্বন্তৰ যেবে আসি পাইব।
সপ্ত বিংশ দিব্য যুগ তাৰ বহি যাইব॥
আঠাইশ যুগত পুনৰপি মহা ক্ৰৰ।
হৈব দুই গোটা শুম্ভ নিশুম্ভ অসুৰ॥৪১
নন্দ গোয়ালৰ ঘৰে মই সি বেলাত।
যশোদা মায়ৰ গৰ্ভ হন্তে হৈবো জাত॥

                 [ ৯৩ ]

বিন্ধ্য পৰ্ব্বতত পাছে কৰিবো নিবাস।
তেবে সিতো দুই দৈত্য কৰিবো বিনাশ॥৪২
বিপ্ৰচিত্তি দানবৰ সন্ততি অপাৰ।
ভুমিত বধিতে তাক হৈবো অবতাৰ॥
পৃথিবীত মানুসে স্বৰ্গত দেবলোকে।
ৰক্তদন্তি বুলি মোক সুমৰিব লোকে॥৪৪-৪৫
সৰ্ব্বকালে স্তুতি নাতি কৰিব আমাক।
পুনু শুনা আৰো অবতাৰৰ কথাক॥
ঘোৰ অনাবৃষ্টি হৈব শতেক বৎসৰ।
মুনিগণ মিলি স্তুতি কৰিবে বিস্তাৰ॥
সিবেলা অযোনিজাত হৈবে অবতাৰ। ৪৬
একশত চক্ষু পাছে হৈবে আমাৰ॥
চাহিবো ঋষিক পাছে শতেক লোচনে।
হৈবেক শতাক্ষি নাম মোৰ সিকাৰণে॥ ৪৭
মোৰ দেহ হন্তে পাছে হৈব শাকচয়।
যাবদেক অনাবৃষ্টি দোষ নুণ্ডচয়॥
সেহি শাকে পুসিবোহো নিৰন্তৰ লোক।৪৮
সিকাৰণে শাকস্তৰী বুলিবেক মোক॥৪৯
দুৰ্গম দৈত্যক বধিবোহো সিবেলাত।
তেবে দুৰ্গাদেবী হেন নাম হৈব খ্যাত ॥৫০
পুনৰপি মহা ভয়ঙ্কৰ ৰূপ ধৰি।
হিমালয় পৰ্ব্বতত ময় অবতৰি॥
ঋষি সমস্তক ৰক্ষা কৰিবাক প্ৰতি।
বধিয়া ৰাক্ষসগণ সাধিবো জয়তি॥৫১

                  [ ৯৪ ]

ঋষিগণে কৰিবেক স্তুতি অনুপাম।
সি বেলাত হৈব মোৰ ভীমা দেবী নাম॥৫২
বিবেলাত অৰুণাক্ষ দানব দুৰ্ব্বাৰ।
উগ্ৰ পীড়া কৰিবেক তিনিও লোকৰ॥
বধিবো ভ্ৰমৰা যুথ হৈয়া পাছে তাক।
ভ্ৰামৰী বুলিয়া লোকে বৰ্ণাবে আমাক॥৫৩-৫৪
বিস্তাৰ কৰিয়া শুনা মোৰ হিতবাক্য।
যেখনে যেখনে দৈতে পীড়ে তোমাসাক॥
তেখনে তোমাৰ শত্ৰু কৰিবো সংহাৰ। ৫৫
শুনিয়োক দেবগণ বৰ দেওঁ আৰ॥

                       [ ৯৫ ]

               । দ্বাদশ মাহাত্ম্য।

               ।চণ্ডী পাঠৰ ফল।

প্ৰতিদিনে মোৰ এহি স্তুতি যিতো নৰে।
ধাসাবন হুয়া ভক্তি ভাৱে পাঠ কৰে॥
তাৰ পীড়া গুচে ভুতহস্তে ভয় নাই।
যৈত পঢ়ে তাৰ গৃহ নচাৰো সদাই॥১-২
উতপাত গ্ৰহ পীড়া বালগ্ৰহ চয়।
ৰাক্ষস পিশাচ দুঃস্বপ্ন বিনাশয়॥
সংহতি ভাগিলে পুনু মিত্ৰবতী সাধে।
দুষ্ট সকলৰ বল বিক্ৰমক বাধে॥
মহিষ অসুৰ মধু কৈতভ অসুৰ।
দানব নিশুম্ভ শুম্ভ দানব দম্পূৰ॥
ইসবৰ বধ কথা দেবীৰ চৰিত্ৰ।
গোসানীৰ স্তুতি তাতে পৰম পবিত্ৰ॥
অষ্টমী নবমী চতুৰ্দ্দশী তিথি পাই।
ভক্তি ভাৱে আক যিতো শুনে সমুদাই॥
নাহিকে আপদ নাহি মিত্ৰৰ বিয়োগ।
নুহিবে দাৰিদ্ৰ তাৰ নাহি পাপ ৰোগ॥
ৰাজ অগ্নি অস্ত্ৰ শস্ত্ৰ শত্ৰুজন চোৰ।
আত হন্তে তাৰ নুপুজিবে ভয় ঘোৰ॥
শ্ৰবণ কীৰ্ত্তন আক যি জনে কৰয়।
গুচে উতপাত দোষ তাৰ মাৰি ভয়॥৩-৯

                  [ ৯৬ ]

              ।শ্ৰীশ্ৰীচণ্ডী।

পূজা হোম বলিদান উৎসৱ বেলাত।
শ্ৰবণ কীৰ্ত্তন আক কৰয় যথাত॥
সেহি কৰ্ম্ম ময়ি লয়ো লভিয়া সন্তোষ।
নজানিয়া কৰিলেও নধৰোহো দোষ॥
মহা পূজা সময়ত আক শুনি নৰে।
ধন ধান্য পুত্ৰ পায়ে পীড়াক নিস্তাৰে॥
ইহাৰ শ্ৰবণে ৰোগ শক্ত হোৱে ক্ষয়।
যুদ্ধত নিৰ্ভয় হোৱে বিক্ৰম পাৱয়॥
উপজে কল্যাণ কুল আনন্দিত হই।
দুঃস্বপ্ন গ্ৰহ পীড়া পাপ হোৱে লয়।
বৰিষেক ভবানীক পুজে নানা ভাৱে।
আক একবাৰ শুনি তাৰ ফল পায়ে॥
সৰ্ব্ব সঙ্কটত তাক ৰাখে মহেশ্বৰী।
বাহুল্যক দৰে পদে কৰিলো সংহৰি *॥১০-৩০

মেধস বদতি কথা শুনা নৰপতি।
এহি বুলি অন্তৰ্ধ্যান ভৈলা ভগবতী॥১১-৩২
দেবগণে পূৰ্ব্বমত পায়া অধিকাৰ।
ভুঞ্জিলন্ত সুখে যজ্ঞ ভাগ আপোনাৰ॥ ৩৩
যুদ্ধত নিশুম্ভ শুশু যদি হত ভৈলা।
অবশেষ দৈত্য সব পাতালক গৈলা॥
নিত্য হুয়া এহিমতে জগত ঈশ্বৰী।
লোকক পালন্ত বাৰে বাৰে অবতৰি॥৩৪-৩৬
সংহৰি-সংক্ষেপ কৰি।

               [ ৯৭ ]


           । শ্ৰীশ্ৰীচণ্ডী।

তেন্তে সমস্তকে মোহে তেন্তে জ্ঞান দেই।
তেন্তে তুষ্ট ভৈলে ধন সম্পদক পাই॥৩৭
সকলে ব্ৰহ্মাণ্ড ব্যাপি আছা মহেশ্বৰী।
ব্ৰহ্মাদিকো সংহৰন্ত কাল অনুসৰি॥৩৮
কাল অনুসৰে কৰা সৃষ্টি স্থিতি লয়।
আপদ সম্পদ তেন্তে কালত দিয়য়॥৩৯
উপহাৰ বলি দিয়া স্তুতি যিতো কৰে।
ধন পুত্ৰ সমস্তকে পায়ে সিতো নৰে।
ধৰ্ম্মত উৎপত্তে তাৰ আতি শুভ মতি।
শুম্ভ নিশুম্ভৰ বধ ভৈলা সমাপতি॥৪০-৪১

                   [ ৯৮ ]

            । ত্ৰয়োদশ মাহাত্ম্য।

                । বৰ-দান।

দেবী প্ৰভাব লীলা কহিলো সম্প্ৰতি।
তোমাকো বৈশ্যকো তেন্তে মুহিচে পাৰ্ব্বতী॥
মুহিচে এমতে আনো বিবেকী অনেক।
উৰ্দ্ধ সকলকে পূৰ্ব্বে মুহিচা প্ৰত্যেক॥
পাচকো লাগিয়া যত উপজিবে জ্ঞানী।
সি সবকো এহি মতে মুহিবো গোসানী॥১-৪
তাহান্তে শৰণাগত স্থিৰ কৰি মতি।
ভুকৃতি মুকুতি স্বৰ্গ দিবা ভগবতী।৫
ভাগুৰীৰ আগে মাৰ্কণ্ডেয় কহে মুনি।৬
মেধসৰ এহি বাক্য ভূপতিয়ে শুনি॥
পৰে লৈলা ৰাজ্যভাৰ মনত অসুখ।
অকাৰ্যত বাঢ়ে স্নেহ তাত পায় দুঃখ॥
ঋষিক প্ৰণামি ৰাজা উদবিগ্ন মনে।
তপস্যাক লাগি চলি গৈলেক তেখনে॥
মেধসক প্ৰণামিয়া বৈশ্য চলি গৈলা।৭-৮
নদী পুলিনত দুয়ো জনে বাস লৈলা॥
দেবীক দেখিতে প্ৰতি আৰম্ভিলা তপ।
দেবীৰ সূক্তক দুয়ো কৰিলন্ত জপ॥৯
তৈতে মৃত্তিকাৰ মূৰ্ত্তি কৰিয়া দুৰ্গাৰ।
পূজিলন্ত দুয়ো জনে দিয়া উপহাৰ॥১৭

                     [ ৯৯ ]


                 ।শ্ৰীশ্ৰীচণ্ডী।

দেহৰ শোণিত সিঞ্চি দিলা বলিদান।
কৰিলন্ত হোম দুয়ো জনে সাৱধান॥১১
আহাৰক নিয়মিয়া দুয়ো আসৰিস *।
আধিল গোসানীক ত্ৰিতয় বৰিষ॥
পাচে তুষ্ট হুয়া দেবী দেখা দিয়া আগে।
ৰাজক বোলন্ত লৈয়ো কিবা বৰ লাগে॥
বৈশ্যকো বোলন্ত শুনা কুবেৰ নন্দন।
কোন বৰ লাগে দেওঁ লয়ো এতিক্ষণ॥১৩-১৪
ৰাজায়ো বোলন্ত মায়ো মাগো এহিবৰ।
শত্ৰুগণে কাঢ়ি লৈলা মোৰ ৰাজ্যভাৰ॥
পুনু পূৰ্ববত হৌক মোৰ অধিকাৰ।
নষ্ট হৌক মোৰ শত্ৰু কৃপাত তোমাৰ॥
পৰ জনমতো আৰো হৈবেক আমাৰ।
তোমাৰ প্ৰসাদে অখণ্ডিত ৰাজ্যভাৰ॥১৫-১৬
বৈশ্যে বোলে তত্ত্ব জ্ঞান মোক দিয়া আই।
অহম্মম আসকতি যেবে নষ্ট যাই॥
গোসানীয়ে বোলে ৰাজা দিলো এহি বৰ।
অনায়াসে নষ্ট হৈব শক্ৰ নিৰন্তৰ॥
অল্পকালে নিজ ৰাজ্য পাইবা অপ্ৰয়াসে।
অখণ্ডিত হৈব সিতো আমাৰ প্ৰসাদে॥
ভোগ অবসানে পাচে চাৰি এহি তনু।
সূৰ্য্য হন্তে জন্মি হৈ সাবৰ্ণিক মনু॥১৮-২২

আসৰিস-অসাধাৰণ; সং অসদৃশ।[ ১০০ ]
শুনিয়োক বৈশ্য জ্ঞান হুইবেক তোমাৰ।
হৈব সিদ্ধি যেন মত বাঞ্ছা আপোনাৰ॥ ২৩-২৪
মাৰ্কণ্ডেয় নিগদতি শুনা মুনিবৰ।
দুহন্তকো গোসানীয়ে দিলা এহি বৰ॥
গোসানীক স্তুতি কৰিলন্ত দুয়োজন।
ভবানীয়ো অন্তৰ্দ্ধান ভৈলা সেহি স্থান॥২৫-২৭
এহিমতে চৈত্ৰ বংশী সুৰথ ৰাজাই।
এক মনে দেবী আৰাধন্তে বৰ পাই॥
সূৰ্য্যহন্তে পাচে জন্ম লভি অনুপাম।
হৈবেক অষ্টম মনু সাবৰ্ণিক নাম॥

                  [ ১০১ ]

               উপসংহাৰ

মাৰ্কণ্ডেয় পুৰাণৰ স্তব সপ্তশতী।
দেবীৰ মহিমা কথা ভৈলা সমাপতি॥
প্ৰকৃতি খণ্ডক চাই কৰিয়া উদ্ধাৰ।
নিবন্ধিলো এহি কথা বৈশ্যৰ ৰাজাৰ॥
যি বেলাত ভগবতী অন্তৰ্দ্ধন ভৈলা।
পাচে দুয়োজনে সিতো মুৰ্ত্তি তুলি লৈলা॥
বিসৰ্জ্জন কৰি সেহি প্ৰতিমা দুখানি।
গহিন জলৰ মাঝে ক্ষেপিলন্ত টানি॥
জলত ভ্ৰমিয়া মূৰ্ত্তি তল গৈলা যেবে।
দেখি দুয়োজনে কান্দিবাক লৈলা তেবে॥
অনন্তৰে সমাধিয়ে পুস্কৰক যাইয়া।
তপ কৰি গতি পাইলা তেজি নৰ-কায়া॥
সুৰথেও গৈয়া পাছে ৰাজ্যে আপোনাৰ।
অকণ্টকা পৃথিবীৰ ভৈলা অধিকাৰ॥
ভোগক ভুঞ্জিয়া ষষ্টি হাজাৰ বৎসৰ।
আপোন পুত্ৰক ৰাজ্য দিলা তাত পৰ॥
পুস্কৰত কৰি তপ ৰাজা মহাবীৰ।
নিজ কৰ্ম্ম অবসানে চাৰিলা শৰীৰ॥
পাছে কাল অনুসৰি পুনু হৈব জাত।
হৈবন্ত অষ্টম মনু দেবীৰ কৃপাত॥

               [ ১০২ ]

এহিমানে সাবৰ্ণিক মনুৰ আখ্যান।
পৰম পবিত্ৰ কথা ভৈলা অবসান॥

কালিকা পুৰাণ চাই কৰিয়া বিচাৰ।
প্ৰসঙ্গত কহো দুৰ্গা আদি অবতাৰ॥
পূৰ্ণিমা তিথিত পূৰ্ব্বে আষাঢ় মাসৰ।
দক্ষে যজ্ঞ আৰম্ভিলা বাঢ়য় বৎসৰ॥
দক্ষৰ দুহিতা সতী শঙ্কৰৰ জায়া।
বজ্ঞ চাহিবাক লাগি গৈলা মহামায়া॥
সমস্তে দেবব তাত দক্ষে ভাগ দিলা।
দ্বেষ কৰি শঙ্কৰৰ ভাগ নকৰিলা॥
স্বামীৰ নেদেখি ভাগ পাইয়া অপমান।
শোকে দুখে কোপে সতী চাৰিলা পৰাণ॥
দক্ষৰ যজ্ঞক গৈলা বিনাসিতে প্ৰতি।
উগ্ৰ চণ্ডাৰূপে অবতাৰ ভৈলা সতী॥
আশ্বিন মাসৰ কৃষ্ণা নবমী তিথিত।
উপজিলা দেবী কোটি যোগিনী সহিত॥
অষ্টাদশ ভুজা দেবী কৰি আতি খঙ্গ।
শঙ্কৰে সহিতে কৰিলেক যজ্ঞ ভঙ্গ॥
ক্ৰোধ শান্ত ভৈলা পাচে জানি দেবগণে।
বিধিবতে গোসানীক পুজিলা তেখনে॥
মহিষাসুৰক তেন্তে প্ৰথম সৰ্গত।
শূলে হিয়া বিদাৰিয়া কৰিলন্ত হত॥

               [ ১০৩ ]

পুনু ক্ষীৰ সমুদ্ৰৰ উত্তৰ তীৰত।
ভদ্ৰকালী ৰূপ ভৈলা দ্বিতীয় সৰ্গত॥
মহিষাসুৰৰ হন্তে দেবে পীড়া পাই।
আশ্বিনৰ কৃষ্ণা চতুৰ্দ্দশীত তথাই॥
গোসানীক জগাইলন্ত স্তুতি নতি কৰি।
বধিলা মহিষ তেন্তে ষোল্ল ভুজ ধৰি॥
তৃতীয় সৰ্গত হিমালয়ৰ কাচত *।
দুৰ্গাৰূপে দশভুজা ভৈলেক তথাত॥
কাত্যায়ন-আশ্ৰমত তেবে ভৈলা জাত।
সি কাৰণে কাত্যায়নী নাম ভৈলা খ্যাত॥
আশ্বিন মাসৰ শুক্লা সপ্তমী তিথিত।
দেবতাৰ তেজহন্তে ভৈলেক বিদিত॥
অষ্টমীত দেবে তাঙ্ক দিলা অলঙ্কাৰ।
নবমীত পূজিলন্ত দিয়া উপহাৰ॥
সেহি দিনে সময়ত দৰ্প কৰি চুৰ।
মহিষাসুৰক দেবী নিলা যমপুৰ॥
দশমীত তাঙ্ক বিসৰ্জ্জিলা দেবগণে।
পাছে চলি গৈলা সবে আপোন ভুবনে॥
এহিমতে দেবী তিনি অবতাৰ ধৰি।
মহিষাসুৰক নিলা যমৰ নগৰী॥
পুনৰপি দেব শত্ৰু কৰিয়া সংহাৰ।
কহিবো বৈষ্ণবী নামে সিতো অবতাৰ॥

                [ ১০৪ ]

পূৰ্ব্বতো আছিলা স্বায়ম্ভুব মনু নাম।
ৰাম-ৰাবণৰ ভৈলা তৈসানি সংগ্ৰাম॥
যিবেলা দক্ষিণায়ন দেবতাৰ ৰাত্ৰি!
নিদ্ৰা গৈয়া আছিলন্ত দেবতাৰ মাতৃ॥
দুৰ্জ্জয় ৰাবণ-বীৰ বধন নজাই।
দেখি ৰাঘবৰ হিত সাধিয়া ব্ৰহ্মাই॥
ৰাবণ বধ পাছে চিন্তিয়া উপাই।
অকালত গোসানীক জগাইলন্ত জাই॥
আশ্বিনৰ শুক্লা প্ৰতিপদ আসি ভৈলা।
নিদ্ৰা চাৰি গোসানীয়ে লঙ্কা লাগি গৈলা॥
অন্তৰ্দ্ধান হুয়া থাকিয়া দিলা মাত।
ৰাম ৰাবণৰ যুদ্ধ কৰিলা লঙ্কাত॥
ৰাক্ষসৰ বাণ যুদ্ধে মৰিলা যতেক।
সিসবৰ তেজ মাংস দেবী ভুঞ্জিলেক॥
সেহি সাত দিবসত দেবতা যতেক।
উপহাৰ দিয়া গোসানীক পূজিলেক॥
নবম দিনত পাছে দেবীও তথাতে।
মাৰাইলন্ত ৰাবণক ৰাঘবৰ হাতে॥
সেহি নব দিনত সমস্ত দেৱ ঝাক।
পূৰ্ব্বাতে বিশেষ কৰি দেবী পূজিলেক॥
দশমীত গোসানীক বিসৰ্জ্জন কৰি।
দেবগণে স্বকি স্বকি স্থানে গেলা চলি॥
যিবেলা ৰাবণ সমে ৰামে কৰে ৰণ।
সিবেল ভৈলন্ত ভয়াতুৰ দেবগণ॥

             [ ১০৫ ]

হেন দেখি ইন্দ্ৰে পাছে বিষ্ণুৰ আদেশে।
সিতো দেবতাৰ সেনাগণ সাৱশেষে॥
লঙ্কা নগৰৰ সসন্যত * নিয়া থৈলা।
যুদ্ধত ৰাবণ বীৰ যেবে হত ভৈলা॥
তেবে দশমীত সিতো দেব সেনাবৰ্গে।
নিৰাজন কৰি ইন্দ্ৰে চলি গৈলা স্বৰ্গে॥
এহিমানে থৈলো ইতো কথা পুৰাণৰ।
নিৰন্তৰে নৰে বোলা ভবানী শঙ্কৰ॥

                 [ ১০৬ ]

    । গ্ৰন্থকাৰৰ আত্ম-পৰিচয়।

সংক্ষেপে ৰচিলো পাদ বাহুল্য পৰিহৰি।
এহি কৰ্ম্মে তুষ্ট হৌক জগত ঈশ্বৰী॥
পদ ৰচি সমৰ্পিলো গোসানীৰ পায়ে।
মই অজ্ঞানীৰ দোষ ক্ষমিয়োক মায়ে॥
নমো নমো ত্ৰৈলোক্য ঈশ্বৰী ভগবতী।
নষ্ট কৰা পাপ তাপ দিও শুভ গতি॥
ব্ৰহ্মাদিয়ো নজানয় তোমাৰ ভকতি।
কিমতে জানিবো মই অতি মুঢ়মতি॥
কেবলে পতিত আমি দুষ্ট দুৰাচাৰ।
তুষ্ট হুয়ো মাও তুমি গুণে আপোনাৰ॥
পতিত পাবনী তুমি জানে সৰ্ব্বলোক।
মই পতিতক মাও প্ৰসন্ন হুয়োক॥

লোহিত্যৰ উত্তৰ কলুত অনুপাম।
দেশ এক আছে নাৰায়ণীপুৰ * নাম॥
মৃগাঙ্ক ৰাজাৰ সিতো স্থান প্ৰিয়তৰ।
বিশেষে বসতি স্থান বিপ্ৰ সকলৰ।
তথাতে আছিলা ৰত্ন কন্দলী ধৰ্ম্মাদি।
কাশ্যপ গোত্ৰত জাত বিপ্ৰ সত্যবাদী॥
তান বংশে জাত ভৈলা বিপ্ৰ ৰমাপতি।
তামোলবাৰীত তান ভৈলেক বসতি॥

               [ ১০৭ ]

পদক কৰন্তে বিপ্ৰ আছিল প্ৰধান [৩০]।
প্ৰথম কালত পুত্ৰ নাছিলা তাহান॥
তাতে নাম ভৈলা বন্ধ্যা কটকী প্ৰক্ষাত।
পাছে তান পুত্ৰ ৰঘুপতি হৈল জাত॥
তানে পুত্ৰ বলোৰাম গুণে আতিৰেক।
বলোৰ তনয় ৰাম নায়িক ভৈলেক॥
ভৈলা তান পুত্ৰ কৃষ্ণ আচাৰ্য্য প্ৰখ্যাত।
তাত হন্তে ৰুক্মিণীৰ গৰ্ভে ময়ি জাত॥
সেহি মই ৰুচিনাথ বিপ্ৰ অল্প মতি
পণ্ডিত জনক বোলা কৰিয়া মিনতি॥
আমাৰ বাক্যৰ দোষচয় ক্ষমা কৰি।
সাৰ বাচি কথা ৰস পিয়োক সাদৰি॥
ধুলিয়ো মিশ্ৰিত হুয়া ‘প ৰস থাকে।
ভ্ৰমৰে পিবন্ত সাৰ বিচাৰিয়া তাকে॥
তাত হন্তে ভ্ৰমৰাৰ কিবা হোৱে দোষ।
আকে জানি কথা ৰসে হুয়োক সন্তোষ॥
কল্কি পুৰাণৰ [৩১] পদ কৰিলোহো আগে।
ৰচিলো চণ্ডীৰ পদ আবে অনুৰাগে॥
পূৰ্ব্ব কৰি সকলৰ কবিতাক দেখি।
আৰম্ভিলো পদ নিজ সকতি নাপেক্ষি॥

               [ ১০৮ ]

খোৰা হুয়া পৰ্ব্বতত লঙ্ঘিবে কৰি সাস।
সেহিমতে ভৈলা ইতো আমাৰ প্ৰয়াস॥
তথাপিতো বৃথা নুহি মোৰ ইতো কৰ্ম্ম।
যাতো পাইবো দেবীগুণ কীৰ্ত্তনসে ধৰ্ম্ম॥
যাক সুমৰিলে পাইবে ভূকুতি মুকুতি।
সংসাৰক তৰিবাৰ এহিসে যুগুতি॥
ঘোৰ অন্ধকাৰে শ্ৰতি বুদ্ধি ভৈলা ভ্ৰষ্ট।
ধৰ্ম্ম প্ৰদীপক কলি কৰিলেক নষ্ট॥
সংসাৰ সাগৰে মগ্ন হৈ আছি সমুলি।
তাত হন্তে আন কোনে আনিবেক তুলি॥
গোসানীৰ নাম বিনে বন্ধু নাই জানি।
নিৰন্তৰে নৰে বোলা শঙ্কৰ ভবানী॥
চণ্ডীৰ চৰণ চিন্তি মই মূঢ়মতি।
একাহি শকত [৩২] পদ লেখিলো সম্প্ৰতি॥

অন্ত।

                  #####

                   ।জাননী।

শিল্প প্ৰদৰ্শনী আদি ও দেশবাসিৰ দ্বাৰা উচ্চ প্ৰশংসিত।

অসমীয়া বড় চিয়াঁহী।
ব্যবহাৰ কৰক

১ নং ব্ৰাইট ব্লুব্লেক
২ নং কমাৰ্চ্চিয়েল ব্লুব্লেক
৩ ন ষ্টুডেণ্টচ্ ব্লুব্লেক
৪ নং কলপতীয়া
৫ নং বেঙুনীয়া
৬ নং ৰঙা

১০০ শত ৸৹
১০০ শত ॥৹
১০০ শত ৷৵৹
১০০ শত ৸৹
১০০ শত ৸৹
১০০ শত ৷৵৹

ডাক খৰচ আদি বেলেগ। পাইকাৰী হিচাবে একেগে ৫০০শ বা সৰহীয়া কৈ নিওঁতাক উপযুক্ত কমিচন দিয়া হয়।

পৰীক্ষা প্ৰাৰ্থনীয়।
ঠিকানা-লক্ষ্মীগোপাল এজেঞ্চী কোং।
পোঃ আঠঘৰীয়া-আসাম।

               ####

** [৭৬ আৰু, ৭৭ শ্লোকৰ অনুবাদ নাই। সেই শ্লোক দুটিৰৰ অৰ্থ এই ৰকমৰেই।
এইখিনি কথা “পূৰ্ব্বকথা”ৰ তলত হব লাগিছিল হব পায়।

এইকেইটা শ্লোকৰ পদখিনি মূল চণ্ডীৰ লগত ধাৰাবাহিক-ৰূপে নিমিলিলেও, মূলৰ গোটেইখিনি কথা ইয়াত আছে।
মূলত “মাৰুতো দত্তবাংশ্চাপং” আছে।

মূলত আছেঃ

কালদণ্ডাদ্ যমো দণ্ডং পাশঞ্চাম্বুপতিৰ্দ্দদৌ৷
প্ৰজাপতিশ্চাক্ষমালং দদৌ ব্ৰহ্মা কমণ্ডলুম্৷৷
সাগৰে “পদ্ম” দিয়াতকৈ “পাশ” দিয়াহে যুক্তিযুক্ত৷ ইয়াত “প্ৰজাপতি” আৰু “ব্ৰহ্মা” দুজনা দেৱতা; পদত দুয়োকো “সৃষ্টিকৰ” বুলিছে৷

মুলৰ ২৩ শ্লোকৰ কথাঃ

মূলৰ এই শ্লোকৰ, “অদদজ্জ্বলধিস্তস্যৈ পঙ্কজঞ্চাতিশোভনম্”
এই খিনিৰ অনুবাদ পদৰ ২৩ শ্লোকতে দিলে।
মূলত “গজবাজিসহস্ৰোঘৈৰনেকৈঃ পৰিবাৰিতঃ” আছে
দৈত্যৰ নাম “পৰিবাৰিত” হে।
পাঠান্তৰ-শূলৰ চোটত কাৰো ভৈলা তেজ বান্তি॥

এইখিনি মূলৰ বাহিৰা কথা।

এই শ্লোকৰ পাছৰ দুটা শ্লোকৰ অনুবাদ নাই।
১৮-১৯এই শ্লোকৰ পাছতো ২০ শ্লোকৰ অনুবাদ পোৱা নগল।

মূলত আছেঃ “তাং তুষ্টুবুঃ প্ৰণতিনম্ৰশিৰোধৰাংসাঃ।”

এইখিনি ৪ৰ পৰা ১১ শ্লোকৰ সাৰাংশ হে; পূৰ্ণ অনুবাদ নহয়।
ইহাৰ পাছত ১৪ শ্লোকৰ অনুবাদ নাই। তাৰ অৰ্থ এইঃ

হ দেৱি! জগতৰ হিতৰ বাবেই তোমাৰ অৱতাৰ। তুমি অসুৰ-
ল নিৰ্মূল কৰি আমাৰ মঙ্গল কৰা।”
পদ কেইফাকিৰ পৰা আখ্যানটি ভালকৈ বুজিব নোৱাৰি। ৰম্ভাৰ ভাৰ্য্যাৰ যি পুত্ৰ হ’ল তাৰ নাম ৰক্তবীজ; আৰু যক্ষই যি ম’হক মাৰিলে সি পুনৰ্জন্ম ধৰি নমৰ নাম পালে। চণ্ড আৰু মণ্ড ইহঁত দুটায়ো মহিমাসুৰৰ সেনাপতি আছিল। দেৱতাৰ ভয়ত সিহঁত নৰ্ম্মদা নদীৰ জলত লুকাই আছিল।
এই খণ্ড মূলৰ বাহিৰা কথা।

অবগাই—সং “অবগাহি”ৰ পৰা—দকৈ ভাৱি চাই।

বন্ধনীৰ ভিতৰত থকা পদখিনি কবিৰ নিজৰ।
ইয়াৰ পৰা ভালকৈ বুজা যায় যে গ্ৰন্থকাৰ কবিত্বত সুপটু আছিল।

বিৰিঙ্গ-সং, বিডিঙ্গ, নিপুণ; তাৰ পৰা উৎকৃষ্ট, চমকলগা কীৰ্ত্তন—“দেখি জাম্ববন্ত বীৰ বিৰিঙ্গ।”

ওঢ়-পুষ্প- সং ওড্ৰ, ৰঙ্গা জবা।

খটাঙ্গ-মুঠিটোত মানুহৰ মুৰৰ খোলা থকা যাঠি-শিৱৰ অন্ত। কোনো কোনো যোগীয়ে লৈ ফুৰে।

পশাইলা আৰু পৌছাইলা দুয়োৰো মাজতে।
বেন্তবাইয়া-মুখ মেলি। মুখ মেলিলে কোৱাৰি আৰু ওঠৰ মাজত যি ঘূৰণীয়া গহ্বব হয়, সেয়ে বেন্ত। কীৰ্ত্তন—“বাইলে বেন্ত
সম্যকে গহ্বৰ।”

ঠান—ঠগ, ৰূপ। হিঃ ঠাম, গঢ়।
এইটো মুলৰ বাহিৰা। কাৰ্ত্তিকৰ লগত কুকুৰা চৰাই থকা প্ৰসিদ্ধ বৰ জনাজাত নহয়।

কীৰ্ত্তন—দিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি।
লীলায়ে দম্ভৰ অগ্ৰে উদ্ধাৰিলা ভূমি॥
সৰি—সং, সদৃশ
ঠিশ—কি অৰ্থ?

ৰমাপতিৰ কৃত কোনো পদ এতিয়াও আমাৰ পোৱা হোৱা নাই।

কল্কি পুৰাণ – এই পুথিৰ পদো আমি দেখা নাই। আনে পাইছে বুলিও শুনা নাই।

একাহি শক-পাতনিত আলোচনা চাওক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: শ্ৰীশ্ৰীচণ্ডী
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d