• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Media

শ্ৰীশ্ৰীদত্তদেৱ গোস্বামী আৰু ‘আসাম বিলাসিনী’

175 Years of Media in Assam & Beyond

by Anjan Sarma
May 30, 2023
in Media, History, News, Newspaper, Printing
Reading Time: 4 mins read
0
ছপাসাজত অসমীয়া ভাষা-সাহিত্যৰ নব্যৰূপ দিওঁতা শ্ৰীশ্ৰীদেৱদত্তদেৱ গোসাঁই ঈশ্বৰ
Share on FacebookShare on TwitterShare on LinkedIn

175 Years of Media in Assam & Beyond

বদন দোলাকাষৰীয়া

175 Years of Media in Assam & Beyond

প্ৰাগজ্যোতিষপুৰ নামে এসময়ৰ বিশ্ববন্দিত অসম এটা সময়ত তমসাচ্ছন্ন হৈ পৰিল।

ইয়াকে কয়, ‘একালৰ বৃন্দাৱন একালত পৰে ছন।’

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত গঢ় লোৱা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰাণসঞ্চালনী শক্তি গুৰুজনাৰ আদর্শেৰে গঢ়ি উঠা সত্ৰসমূহৰ মাজত পাৰস্পৰিক হিংসা-দ্বেশ, অসূয়া-অপ্ৰীতি প্ৰসাৰূপ লোৱাৰ ফলশ্ৰুতিত অসমৰ জনজীৱনত বিভেদৰ অংকুৰ উদ্ভাসি উঠিল। মানুহৰ মন আকৌ প্ৰাক্-শংকৰী যুগৰ অৱস্থা লৈ প্ৰত্যাৱৰ্তন কৰিলে।

এইবোৰ কথা আজি লিখাৰ প্ৰয়োজন নাছিলেই, কিয়নো অসমৰ প্ৰতি জন সচেতন ব্যক্তিৰে এই কথা অৱগত। অসমৰ এনে দীনাৱস্থাৰ মাজতে ৰাজনৈতিক উত্থান-পতন, মৰাণ বিদ্ৰোহ, মানৰ আক্ৰমণ আৰু সৰ্বশেষত বৃটিছৰ কৰাল গ্ৰাসৰ অসমৰ আধ্যাত্মিক আৰু বৌদ্ধিক জগতখনলৈ অন্ধকাৰ নামি আহিল।

অসমৰ জনসাধাৰণ হৈ পৰিল নিষ্কৰ্মা, পদলেহনকাৰী স্বভাৱৰ আৰু নিচাসক্ত। সমাজ-জীৱন পুনৰবাৰ বিষবাষ্পৰে দোলায়িত হৈ পৰিল। লগতে বৃটিছৰ সহায়কাৰী হিচাপে অসমলৈ প্ৰব্ৰজন কৰা আমাৰে প্ৰতিৱেশী বংগ সমাজে অসম আৰু অসমীয়া ভাষাৰ লগতে এইবাৰ অসমৰ মানুহৰ ধৰ্মৰ ওপৰতো শেনচকু পেলোৱাৰ সুযোগ দিলে ।

স্বদেশী-বিদেশীৰ সন্মিলিত প্ৰচেষ্টাৰ চক্ৰান্তত বহুতো নিঃস্ব অসমীয়াই আত্মজাহ দিয়াৰ লগেত বৃটিছৰ প্ৰিয়ভাজন হ’বলৈ যত্ন কৰা বহুজন স্বনামধন্য অসমীয়ায়ো এই ষড়যন্ত্ৰ নিৰ্বিবাদে স্বীকাৰ কৰি লোৱা যেন লাগে। অসমৰ হাবি ভাঙি সুশোভন উদ্যান গঢ়াৰ কামনা কৰাসকলে অসম আৰু অসমীয়াৰ অবাধ লুণ্ঠনক প্ৰশ্ৰয়হে দিয়া যেন ধাৰণা জন্মে।

175 Years of Media in Assam & Beyond

বহুতো অসমীয়াই খৃষ্ট ধৰ্মীয় গীত ৰচনা কৰি অসমৰ গাঁৱে গাঁৱে মানুহক আহ্লাদিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। সুচতুৰ বৃটিছ উপনিৱেশবাদীৰ চক্ৰবেহুত অসমীয়া জাতি প্ৰায় আবদ্ধ হৈয়ে পৰিলহেঁতেন যদিহে বহুজন অসমহিতৈষী সুসন্তানে সময় চাই খোজ নেপেলালেহেঁতেন।

বৃটিছ অধ্যুষিত অসমত আমেৰিকান মিছনেৰীৰদ্বাৰা বৰ্জিত প্ৰথম বাতৰি-কাকত ‘অৰুনোদই’ কি লক্ষ্য লৈ প্ৰকাশ পাব লগা হ’ল চিন্তা কৰিবলগীয়া। ‘অৰুনোদই’ অসমৰ প্ৰথম অসমীয়া বাতৰি-কাকত হিচাপে ১৫০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰি অসমীয়া ভাষাৰ ত্ৰাণকৰ্তাসকলে কৃতজ্ঞতা প্ৰকাশ কৰাটো অসমীয়া মাত্ৰেই গৌৰৱ কৰিবলগীয়া।

কিন্তু অতি পৰিতাপৰ কথা ‘অৰুনোদই’ৰ লগত ফেৰ মাৰি এজন অসমীয়াই এযুগ কাল ধৰি এখন বাতৰি-কাকত চলালে। তাৰ প্ৰসংগ কোনো অসমীয়াই উত্থাপন কৰা দেখা নাযায়।হয়তো ‘সীতা অশ্ৰু-সাগৰত উৰ্মিলা’ ডুব যোৱাৰ দৰে ‘অৰুনোদই’ৰ ওচৰত ‘আসাম বিলাসিনী’ও ঢাক খালে। যাই নহওক; সত্যৰ মৃত্যু নাই; ই এদিন স্ব-প্ৰকাশ হ’বই।

আমাৰ আলোচ্য বিষয় ‘আসাম বিলাসিনী’ আৰু শ্ৰীশ্ৰী দত্তদেৱ গোস্বামীৰ কথালৈ আহো । আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ হিচাপে ২০ বছৰ বয়সতে ধৰ্মাধিকাৰৰ পদ অলংকৃত কৰি যি জন অসাধাৰণ ব্যক্তিয়ে কেৱল নিজৰ সত্ৰ বা সত্ৰৰ শিষ্য-প্ৰশিষ্যৰ মংগল সাধনাতে নাথাকি সমগ্ৰ অসমৰ কল্যাণৰ হকে কাম কৰি গ’ল, তাৰ খতিয়ান পলমকৈ হ’লেও লোৱাৰ প্ৰয়োজন।

175 Years of Media in Assam & Beyond

দশম সত্ৰাধিকাৰ শ্ৰীশ্ৰী কুশদেৱ গোস্বামীলৈকে গঢ়ি থৈ যোৱা আউনীআটী সত্ৰৰ প্ৰাচীন কীৰ্তি চিৰযুগমীয়া কৰি থৈ গ’ল শ্ৰীশ্ৰীদত্তদেৱ গোস্বামী প্ৰভুৱে। তেখেত কোনো বিদ্যায়তনিক শিক্ষাৰে উচ্চ শিক্ষিত নহ’লেও এগৰাকী বিদ্যানুৰাগী পণ্ডিত ব্যক্তি আছিল। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ ‘ৰুদ্ৰগীত’ অধ্যায়টিত তেখেতে আত্ম-পৰিচয় এনেদৰে ব্যক্ত কৰিছে —

অত্ৰিৰ গৃহত খ্যাত। বিষ্ণু অংশে ভৈলাজাত।।

সেহি নামে নাম যাৰ। দ্বিজকুলে জন্মসাৰ।।

শ্ৰীপূৰ্বক দেৱ অন্ত। বিৰচিলা সিটো সন্তে।।

আউনীআটীত বাস। গোবিন্দত যাৰ আশ।। (৩৮৪৯-২৯৬ পৃঃ )

এইজন দত্তদেৱ প্ৰভুৱেই আউনীআটী সত্ৰৰ দ্বিতীয় সৰ্বাধিক কাল (৬৬ বছৰ) ধৰ্মাসনত থাকি একেবাৰে অন্তিম মুহূৰ্তলৈকে জনসেৱা কৰি গ’ল। সত্ৰৰ সকলো অপায়-অমংগলৰ নিৰ্বিবাদে সন্মুখীন হৈ কোনো কামতেই পৃষ্ঠ ভংগ নিদি প্ৰভুৱে অসম মাতৃৰ সেৱাত ব্ৰতী হ’বলৈ মন মেলিলে। ৰাজনৈতিকভাৱে ৰাজপথলৈ ওলাই নহয়, ধৰ্মাধিকাৰ হিচাপে নিজৰ শক্তিৰ সামৰ্থ্য কলিকতাৰপৰা ছপাযন্ত্ৰ আনি মাজুলীত প্ৰতিষ্ঠা কৰিলে — নাম দিলে ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’।

এই নামেই প্ৰমাণ কৰে ১৮৫০ চনমানৰপৰাই অসমত প্ৰচলিত ধৰ্মৰ অৱলুপ্তিৰ প্ৰচেষ্টা চলিছিল যাৰ কাৰণে ধৰ্ম উদ্ধাৰ কৰিবলৈ ধৰ্ম প্ৰকাশ যন্ত্ৰ প্ৰতিষ্ঠা হ’ল। প্ৰাচীন অসমীয়া ধৰ্ম গ্ৰন্থ কীৰ্ত্তন ঘোষা, বৰগীত আদি পুথি ছপা কৰি প্ৰকাশ কৰাৰ লগতে নতুন নতুন সাহিত্য সম্ভাৰ সৃষ্টি হ’বলৈ ধৰিলে। অসমীয়াই যেন নতুন ৰূপত উজ্জীৱিত হোৱাৰ কাৰণে কঁকালত টঙালি বান্ধি ওলাল।

সত্ৰাধিকাৰে ১৮৭১ চনৰ প্ৰথম ব’হাগত অসমৰ ৰাইজলৈ উলিয়াই দিলে প্ৰথম অসমীয়াৰ সৃষ্টি ‘আসাম বিলাসিনী’ মাহেকীয়া কাকত। সুদীৰ্ঘ ১২ বছৰ কাল এই কাকত মাজুলীৰপৰা প্ৰকাশ পালে । ১৯১৩ চনৰপৰা ১৯২৫ চনলৈ এই কাকত সাপ্তাহিক হিচাপে যোৰহাটৰ কৃষ্ণকান্ত ভট্টাচাৰ্যদেৱৰ সম্পাদনাত প্ৰকাশ পাই অসমৰ জাতীয় চেতনা উদ্ৰেককাৰী বা-বাতৰিৰে গোটেই অসম খলক লগালে । (এই প্ৰসংগত কৃষ্ণকান্ত ভট্টাচাৰ্যদেৱৰ নিৰ্ভীকতাকো অসমৰ ৰাইজে সোঁৱৰণ কৰাটো একান্ত প্ৰয়োজনীয় বোধ হ’ব।)

Auniati satra
কলিকতাৰপৰা ছপাযন্ত্ৰ আনি মাজুলীত প্ৰতিষ্ঠা কৰিলে — নাম দিলে ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’

‘আসাম বিলাসিনী’ত প্ৰকাশিত দেশৰ বা-বাতৰি আৰু ধৰ্ম সম্বন্ধীয় আলোচনাই মানুহৰ মন এনেদৰে আকৰ্ষিত কৰি পেলালে যাৰ ফলত বৃটিছ চৰকাৰে কোপ দৃষ্টিৰে কেইবাবাৰো এই কাকত বন্ধ কৰিছিল। নিৰ্ভেজাল সম্বাদ সেৱাৰ আদৰ্শত অবিচল থাকি সত্ৰাধিকাৰে ৰাইজৰ স্বাৰ্থত সকলো বিপদ-বিঘিনি নিজে মূৰ পাতি লৈ কাম কৰি গ’ল।

প্ৰভুজনাক এই ক্ষেত্ৰত সহায় কৰিবলৈ কেইবাজনো অখ্যাত অথচ সাহিত্যানুৰাগী পণ্ডিতৰ সমাৱেশ ঘটিছিল। যাৰ ফলত প্ৰভুৱে সুদীৰ্ঘ কাল সম্বাদপত্ৰ চলোৱাৰ মানসিক বল পালে। সেইসকলৰ ভিতৰত ধৰ্ম গ্ৰন্থসমূহৰ মুদ্ৰক ঘিনাৰাম ফুকন এজন লোকগীতৰ ৰচক-গীতিকাৰ আৰু শ্ৰীধৰ বৰুৱাই (ঋতু বিহাৰ কাব্য গ্ৰন্থৰ ৰচক) প্ৰধান।

মাজুলীৰ সৰ্বকালৰ অৱহেলিত পৃথিৱীৰ ভিতৰতে দৰিদ্ৰতম এখন ঠাইত ছপাশাল প্ৰতিষ্ঠা কৰি ঊনৈছ শতিকাৰ বৈজ্ঞানিক বতাহ মাজুলীত বোওৱাটো ভাবিলে বিস্মিত হ’ব লগা কথা। স্বৰূপাৰ্থত প্ৰভুজনাই অন্তৰ্দৃষ্টিৰে দেখা পাইছিল অসমৰ মেঘাচ্ছন্ন বিপদসংকুল আকাশ আৰু দুৰ্দশাগ্ৰস্ত অনিশ্চিত ভৱিষ্যতৰ দুঃস্বপ্ন। সেয়ে সত্ৰীয়া বিধি-বান্ধোনৰ মাজত থাকিয়েই ভাষা জননীৰ সেৱাত ব্ৰতী হৈ অমৰ কীৰ্তি ৰাখি গ’ল।

এইজনা গোস্বামীৰ স্মৃতি কিছু স্থায়ী কৰাৰ প্ৰয়াস কৰা হ’লে আউনীআটী সত্ৰৰ বৃত্ততে আবদ্ধ নাথাকি কিছু বিস্তৃতি লভি ভৱিষ্যৎ প্ৰজন্মৰ পথ নিৰ্দেশকৰূপে গণ্য হোৱাৰ আশা কৰিব পাৰি। স্বদেশ আৰু স্বজাতিৰ মংগলকাংক্ষী সকলে স্বৰূপাৰ্থত অসম ভূমিত প্ৰাপ্য সন্মানৰপৰা বঞ্চিত হয়। এনে হোৱা অযুগুত।

‘আসাম বিলাসিনী’য়ে হিন্দু ধৰ্মৰ আৱেষ্টনীত থকা অসমীয়া লোকক ধৰ্মান্তৰিত হোৱাৰপৰা বিৰত ৰখাত প্ৰভূত বৰঙণি যোগালে। তাকে নকৰা হ’লে আত্মম্ভৰী অসমীয়া জাতি খৃষ্ট ধৰ্মৰ বলয়ত লীন গ’লহেঁতেন। তদুপৰি অসমীয়া মানুহে যে সংঘবদ্ধ হৈ কাম কৰিব লাগে, চাকৰি বৃত্তিতকৈ স্বাধীন বৃত্তি লাভজনক আৰু সন্মানজনক— এইবোৰ কথাৰ প্ৰচাৰে অসমীয়া মাত্ৰে আকৰ্ষণ কৰিব পৰাটো অসম আৰু অসমীয়াৰ কাৰণেই সৌভাগ্যজনক কথা।

175 Years of Media in Assam & Beyond

অৰুণোদয়ে অসমীয়া ভাষাৰ প্ৰকৃত চেহেৰাই নোহোৱা কৰি এক বিবৰ্জিত ভাষাত পৰিণত কৰিছিল। ‘আসাম বিলাসিনী’য়ে অসমীয়া ভাষাৰ উৎকৰ্ষ আৰু বিকাশৰ কাৰণে কাম কৰিছিল। সেই দৃষ্টিতো ‘আসাম বিলাসিনী’ৰ গুৰুত্ব কোনো গুণেই কম নহয়।

এজন সীমিত পৰিসৰত আবদ্ধ ধৰ্মাধিকাৰ হিচাপে নাথাকি শ্ৰীশ্ৰীদত্তদেৱ গোস্বামী প্ৰভুৱে আগবঢ়োৱা অৱদানৰ কথা দীৰ্ঘদিনৰ অন্তত হ’লেও সকলোৱে স্বীকাৰ কৰা উচিত। তেহে যোগ্য সন্মান প্ৰদৰ্শন কৰা হ’ব আৰু প্ৰভুৰ আত্মায়ো পৰম শান্তি ভোগ কৰিব।

This article is published in the Mahabahu‘s historical book :175 Years of media in Assam & Beyond

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Adaptation Without Agency Is Not Resilience
News

Adaptation Without Agency Is Not Resilience

by CHANDRALIM PHUKAN
July 15, 2026
0

Adaptation Without Agency Is Not Resilience CHANDRALIM PHUKAN When a milk chilling centre in rural India no longer depends on...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
 All the military experience of the last century is simply irrelevant!

 All the military experience of the last century is simply irrelevant!

July 13, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d