• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Heritage

শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য’ত

গৌতম শৰ্মা

by Anjan Sarma
November 3, 2023
in Heritage, Tourism, Travel
Reading Time: 3 mins read
0
শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য’ত
Share on FacebookShare on TwitterShare on LinkedIn

শ্ৰীসূৰ্যপাহাৰ

গৌতম শৰ্মা

শ্ৰীসূৰ্যপাহাৰ
গৌতম শৰ্মা

নামনি অসমৰ গোৱালপাৰা জিলাত অৱস্থিত ঐতিহাসিক সম্পদসমূহে বিশ্বৰ বুকুত জিলাখনৰ এক সুকীয়া পৰিচয় দি আহিছে ৷

শ-শ বছৰ ধৰি সকলোৰে দৃষ্টিত বিশ্বাস, বিস্ময় আৰু ৰহস্যময় হিচাপে ধৰা দি অহা এই সম্পদসমূহে সদায় দেশী-বিদেশী বহু লোকক আকৰ্ষণ কৰি আহিছে ৷

সম্প্ৰতি গোৱালপাৰা জিলাত অন্তৰ্ভুক্ত এনে কেইখনমান প্ৰধান ঐতিহাসিক স্থানৰ ভিতৰত শ্ৰী সূৰ্যপাহাৰ, টুকেশ্বৰী দেৱালয়, বাঘেশ্বৰ দেৱালয়, ভূমিশ্বৰ শিৱ মন্দিৰ, অভয়াদেৱী থান, দুধনাথ দেৱালয়, গণেশ মন্দিৰ, নন্দেশ্বৰ দেৱালয়, গৰমপানী, শিৱগাম, চান্দৰডিঙা, চেংকাল মহাকালৰ মন্দিৰ, নেতাই ধুবুনী ঘাট, ভৈৰবনাথ, যোগীগোপাৰ পঞ্চৰত্ন গুহামন্দিৰ, পঞ্চানন দৰগাহ, দেগধোৱা পবিত্ৰ দৰগাহ, খোৰচানী পীৰৰ দহগাহ, মীৰজুমলাৰ মছজিদ, ৰঙামাটিৰ মছজিদ আদিৰ লগতে বেপ্টিছ মিছন গীৰ্জা, গুৰদ্বাৰ, লুথাবিয়ান আদি থকা ঠাইসমূহো বিশেষভাৱে উল্লেখযোগ্য ৷

মূলতঃ ধৰ্মকেন্দ্ৰিক তথা ধৰ্মীয় এই ঐতিহাসিক ঠাইসমূহৰ ভিতৰত সবাতোকৈ প্ৰখ্যাত আৰু গুৰুত্বপূৰ্ণ ঠাইখন হৈছে শ্ৰীসূৰ্য পাহাৰ ৷

শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য'ত

      ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ আৰু গোৱালপাৰা নগৰৰ পৰা দক্ষিণ-পূবে মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত বৈশিষ্ট্যগত দিশৰ পৰা ভাৰতৰ দ্বিতীয়খন অজন্তা-ইলোৰা হিচাপে সৰ্বসমাদৃত শ্ৰীসূৰ্য পাহাৰত প্ৰাক-আহোম যুগৰ তথা প্ৰাচীন অসমৰ বহু শৈল ভাস্কৰ্য উদ্ধাৰ হৈছে ৷

শিৱলিংগ, শিলামূৰ্তি, বৌদ্ধস্তূপ, বিগ্ৰহ, পুখুৰী ইত্যাদিসমূহে সমৃদ্ধ এই শ্ৰীসূৰ্য পাহাৰত সৰু-বৰ সাতটা পাহাৰ থকা বাবে এই পাহাৰক বহুতে ‘সাতালি পাহাৰ’ বুলিও কয় ৷ জনপ্রিয় এক কিংবদন্তি মতে, একালত ইয়াত ব্যাস ঋষিৰ আশ্ৰম আছিল; আৰু এই ব্যাসেই এই শ্ৰীসূৰ্য পাহাৰক ভাৰতবৰ্ষৰ দ্বিতীয়খন কাশী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ইয়াত ৯৯৯৯৯ টা শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল ৷

শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য'ত

যাৰ পৰিপ্ৰেক্ষিতত এই ঠাইক ‘ব্যাস কাশী’ হিচাপে জনা যায় ৷

      শ্ৰীসূৰ্য পাহাৰত শিলে কথা কয় সভ্যতা সংস্কৃতি আৰু সমন্বয়ৰ ৷ হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ ত্ৰিবেণীসংগমত শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য আৰু গৰিমা আজি বিশ্ববন্দীত ৰূপত সুপ্ৰতিষ্ঠা হৈছে ৷ কিয়নো শ্ৰীসূৰ্য পাহাৰেই হৈছে অসমৰ একমাত্ৰ পাহাৰ য’ত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শৈল ভাস্কৰ্য একেলগে দেখা পোৱা যায় ৷ সকলো দিশৰ পৰা দুটা চূড়া পথালিকৈ থকাৰ দৰে দৃষ্টিগোচৰ হোৱা এই শ্ৰীসূৰ্য পাহাৰক বহুতে প্ৰাক-ঐতিহাসিক যুগৰ বুলি ক’ব খোজে ৷

প্ৰচলিত প্ৰবাদে ইয়াক প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ বৰ্মন বংশৰ শেষ প্ৰবল প্ৰতাপী ৰজা ভাস্কৰবৰ্মনৰো আগৰ বুলি কয় ৷ কেতবোৰ পণ্ডিতে এই ঠাইখন প্ৰাচীন অসমৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্থল আছিল বুলিও ক’ব খোজে ৷ তেখেতসকলৰ মতে, শ্ৰীসূৰ্য পাহাৰত থকা সেই প্ৰকাণ্ড শিলডোখৰ জ্যোতিষ চৰ্চাৰ জ্যোতি ৰাশি চক্ৰ বুলি ধাৰণা কৰিব পাৰি ৷ যিটো শিলত খোদিত চক্ৰটোৰ সোঁমাজত কাশ্যপ মুনি আৰু তাৰ চাৰিওফালে বহি থকা অৱস্থাত থকা দ্বাদশ আদিত্যৰ বাৰটা মূৰ্তি আছে ৷ য’ত অলপতে এখন চালি দি মন্দিৰৰ দৰে সজা হৈছে ৷

শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য'ত

আকৌ প্ৰচলিত অন্য এক জনপ্ৰিয় প্ৰবাদ মতে, মহৰ্ষি বশিষ্ঠই কামাখ্যা দৰ্শন কৰাৰ বহু আগতেই এই শ্ৰীসূৰ্য পাহাৰ দৰ্শন কৰিছিল ৷ শ্ৰীসূৰ্য পাহাৰৰ পূব দিশৰ নামনিত এটা আয়তাকৃতিৰ পুখুৰী আৰু দক্ষিণ দিশে চক্ৰাকৃতিৰ শিলৰ মূৰ্তি এটা আছে ৷ যিটো মূৰ্তি জনপ্ৰিয় হিন্দু ধৰ্মীয় এজন দেৱতা সূৰ্যৰ প্ৰতীক বুলি বিশ্বাস কৰা হৈ আহিছে; আৰু এই মূৰ্তিটোক কেন্দ্ৰ কৰিয়েই এই পাহাৰটোৰো নাম শ্ৰীসূৰ্য পাহাৰ হিচাপে জানি অহা হৈছে ৷

উল্লেখযোগ্য যে, প্ৰাচীন অসমক প্ৰাগজ্যোতিষপুৰ নামকৰণে এটা কথা স্পষ্ট কৰে যে পুৰণি কালত এই দেশ জ্যোতিষ চৰ্চাৰ এক প্ৰধান কেন্দ্ৰভূমি আছিল; যাৰফলত সেইকালত এই শ্ৰীসূৰ্য পাহাৰৰ দৰে ঐতিহাসিক ঠাইসমূহৰ উত্থান ঘটিছিল বুলি অনুমান কৰিব পৰা যায় ৷

      হাজাৰ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ শ্ৰীসূৰ্য পাহাৰৰ উত্তৰ-পশ্চিম দিশত ১৯৯৩ ৰ পৰা ১৯৯৬ চনৰ মধ্যছোৱাত চলোৱা খনন কাৰ্যত অসংখ্য শৈল ভাস্কৰ্য উদ্ধাৰ হৈছিল; য’ত শিলত কটা মূৰ্তি, শিৱলিংগ আৰু স্তূপসমূহ ওচৰা-ওচৰিকৈ পোৱা গৈছে ৷ অন্যহাতে কেইবাটাও কোঠাযুক্ত ইটা বেৰৰ এক ভগ্নাৱশেষো ইয়াত আৱিষ্কৃত হৈছে, যিটো ঘৰৰ ভেটি প্ৰায় এক মিটাৰমান ওখ আছিল ৷ পাহাৰৰ কাষেদি বৈ যোৱা এটি নিজৰাৰ পাৰতো বহুতো মূৰ্তি একেলগে পোৱা গৈছে ৷

শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য'ত

দুটা ডাঙৰ শিলত এটা বিষ্ণু আৰু এটা শিৱমূৰ্তি আৰু অন্যান্য প্ৰায় তেৰটা দেৱ-দেৱীৰ মূৰ্তি ইয়াত পোৱা গৈছে ৷ আকৌ পাহাৰৰ গাতে লাগি থকা অন্য এটা শিলত এপাহ পদুম ফুলৰ ওপৰত দুফালে দুডাল ত্ৰিশূলসহ থকা প্ৰকাণ্ড দ্বাদশ ভূজা মূৰ্তিটো বৰ চকুতলগা; আৰু এই মূৰ্তিৰ সন্মুখভাগত প্ৰকাণ্ড এক দুলানি শিলত কটা অন্য এক মূৰ্তি আছে ৷ যিটো মূৰ্তিক দুৰ্গা দেৱীৰ বুলি পূজা কৰা হয় যদিও বহুতেই ইয়াক কিন্তু বৌদ্ধ ধৰ্মবিশ্বাসৰ ‘অৱলোকিতেশ্বৰ’ বুলি কয় ৷

      মূৰ্তিসমূহৰ সমান্তৰালকৈ শিলত কটা গুহাসমূহ হৈছে শ্ৰীসূৰ্য পাহাৰৰ অন্য এক বিশেষ আকৰ্ষণ ৷ শিলত কটা প্ৰকাণ্ড গুহাসমূহৰ ভিতৰত একোটাকৈ শিৱলিংগ আছে ৷ হয়তো ভূমিকম্পৰ দৰে কিবা প্ৰাকৃতিক পৰিঘটনাত এই গুহাকেইটা মাটিৰ তললৈ খহি যোৱাত আগৰ উচ্চতাতকৈ চাপৰ হৈ পৰে বুলি ঐতিহাসিকসকলে কয় ৷ শ্ৰীসূৰ্য পাহাৰৰ ‘চেপাশিল’ নামৰ গুহাটোত অন্য কেতবোৰ মূৰ্তি পোৱা গৈছে; ইয়াতে এটা গণেশৰ আৰু অন্য এটা চন্দ্ৰ আকৃতিৰ মূৰ্তি আছে ৷

পাহাৰটোৰ অন্য এটা দিশত এটা প্ৰকাণ্ড প্ৰাকৃতিক গুহা আছে ৷ যিটো গুহাৰ ভিতৰত শিলত কটা কেইটামান মূৰ্তি পোৱা গৈছে ৷ ইয়াৰ সকলোকেইটা মূৰ্তি এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই যদিও দুটা মূৰ্তি জৈন ধৰ্মৰ প্ৰচাৰক তীৰ্থংকৰ এজনৰ বুলি অনুমান কৰা হৈছে ৷

ইয়াতে থকা এটা মূৰ্তিত ধৰ্মচক্ৰ সংযোজিত হৈ থকা হেতু প্ৰত্নতত্ববিদ ৰাজমোহন নাথে এই মূৰ্তিটোক বুদ্ধদেৱৰ মূৰ্তি হিচাপে নামকৰণ কৰিছে ৷ এই গুহাৰ উত্তৰে চাৰি ফুটমান ওখত শিলত কটা এক বৌদ্ধস্তূপ আছে ৷ ইয়াৰ কাষেদিয়েই ৩৬০ টা খটখটিয়েদি ওপৰলৈ উঠি গ’লেই জৈন মন্দিৰটো পোৱা যায় ৷ 

শ্ৰীসূৰ্যপাহাৰ: শিলে কথা কয় য'ত

      শ্ৰীসূৰ্য পাহাৰৰ দক্ষিণ-পূব দিশত একচালীয়া পাহাৰত থকা এটা শিলৰ ঘৰক ‘ৰঙাচান মহাপ্ৰভুৰ থান’ হিচাপে জনা যায় ৷ এটা প্ৰকাণ্ড শিল কাটি বনোৱা শিলৰ এখন চালৰ তলৰ মজিয়াখনৰ পশ্চিম অংশত এটা গাত আছে ৷ যিটো গাতত এঁৱা গাখীৰ ঢালি চাকি-বন্তি জ্বলাই ৰঙাচৰণ মহাপ্ৰভুলৈ নৈবেদ্য আগবঢ়োৱা হয় ৷ এই পাহাৰৰ অন্য এক ভাস্কৰ্য হৈছে এখন শৈল বেদী ৷ যিখন প্ৰায় সাত ফুটমান দীঘল আৰু বহল বৰ্গ আকৃতিৰ ৷

এই শৈল বেদীখন একালত পূজা-অৰ্চনাৰ বাবে ব্যৱহাৰ কৰা যেন অনুমান হয়, বেদীখনৰ কেইবাটাও স্তৰ আছিল আৰু পিছফালেদি পানী ওলাই যোৱাৰ বাবে নলাৰো ব্যৱস্থা আছিল ৷ ইতিহাসপ্ৰসিদ্ধ এই শ্ৰীসূৰ্য পাহাৰৰ বিস্তৃতি বহু দূৰলৈ বিয়পি থকাৰ উমান পোৱা গৈছে ৷ এই পাহাৰৰ উত্তৰে থকা মহাদেৱ পাহাৰত শম্বেশ্বৰ শিৱৰ দেৱালয় আৰু ইয়াৰ দাঁতি-কাষৰীয়া ডুবাপাৰা, মৰনৈ, শ্ৰীসূৰ্যগিৰী গাঁও, ডাকাই দল আদি অঞ্চলসমূহতো কেতবোৰ পুৰতাত্বিক সমল থকাৰ সম্ভেদ পোৱা গৈছে; আৰু ইয়াতে আকাশীগঙ্গা নামৰ এটা কুণ্ড আছে, যিটো কুণ্ডৰ পানী অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷

       অতবোৰ ঐতিহাসিক আৰু ধৰ্মীয় সম্পদেৰে চহকী শ্ৰীসূৰ্য পাহাৰ সম্প্ৰতি বহু লোকৰ সমাগমৰ আকৰ্ষণীয় থলীলৈ ৰূপান্তৰ হৈ আজি দেশী বিদেশী পৰ্যটকসকলকো আকর্ষণৰ প্ৰধান এখন ঠাই হিচাপে চিহ্নিত হৈছে ৷ হাজাৰ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ এই শ্ৰীসূৰ্য পাহাৰ বনভোজ প্ৰেমীসকলৰ বাবেও অতি উত্তম ঠাই হিচাপে বিবেচিত হৈ আহিছে ৷ যদিও ছেপ্টেম্বৰৰ পৰা জুন মাহলৈ শ্ৰীসূৰ্য পাহাৰ ভ্ৰমণৰ অনুকূল সময় হিচাপে গণ্য কৰা হয় তথাপিও বছৰৰ বাৰ মাহেই ইয়াৰ সৌন্দৰ্য অক্ষুণ্ণ থকাটো সততে দৃষ্টিগোচৰ হৈ আহিছে ৷

এই শ্ৰীসূৰ্য পাহাৰত পবিত্ৰ ধৰ্মীয় উৎসৱ মাঘী পূৰ্ণিমাক উলহ-মালহেৰে উদযাপন কৰা হয় ৷ য’ত যাগ-যজ্ঞ, পূজা-অৰ্চনা আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ বাবেও বহু লোক সমবেত হয় ৷ বহু আশা-প্ৰত্যাশা, বিশ্বাস-বিস্ময়ৰ প্ৰতীকৰ থলী শ্ৰীসূৰ্য পাহাৰৰ এই ঐতিহ্য অদূৰ ভৱিষ্যতে সম্ভাৱনাৰ এক অপূৰ্ব থলীলৈ ৰূপান্তৰ হওক ৷

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ।ফোন: +৯১৯৯৫৪০০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM
History

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

by Diganta Kumar Gogoi
May 16, 2026
0

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

Read moreDetails
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
CHARAIDEO

World Heritage Day: Preserving Culture, Protecting Identity

April 18, 2026
woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

April 5, 2026
What Is Persia and How Did It Shape the World We Live In Today?

What Is Persia and How Did It Shape the World We Live In Today?

March 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d