শ্ৰী ময়ী অসমীৰ স্ৰষ্টা পুৰুষোত্তম দাসক সুঁৱৰি
(২০ জুনৰ মৃত্যু তিথি উপলক্ষ্যে)
যুগান্ত বায়ন
যিটো সময়ত অসমৰ সংগীত জগতখন হিন্দী আৰু বঙালী গীতৰ আধিপত্যই আৱৰি ৰাখি অসমীয়া গীত-মাতৰ আদৰ একেবাৰে নোহোৱাৰ দৰে পৰিৱেশ বিৰাজ কৰিছিল, সেই সময়তেই নানান ঘাট-প্ৰতিঘাট আৰু অসমীয়া সংগীত সাহিত্য লৈ অহা প্ৰৱল প্ৰত্যাহ্বানক বলিষ্ঠ আৰু শক্তিশালীভাৱে প্ৰত্যাহ্বান জনাই “অসমীয়া গীত কিয় গাব নোৱাৰি” বুলি সৃষ্টি হোৱা মানসিকতাৰ দুৱাৰ খুলি দি অসমীয়া গীত লিখা আৰু গোৱাৰ বাবে যি সেন্দুৰীয়া পথৰ সন্ধান উলিয়াই দিছিল, সেইগৰাকী পুৰোধা শিল্পী আছিল পুৰুষোত্তম দাস।
অসমীয়া লোক সংগীতৰ কিংবদন্তি আৰু প্ৰবাদ পুৰুষ হিচাপে স্বীকৃতি লাভ কৰা শিল্পীগৰাকীৰ জন্ম হৈছিল ১৯১৮ চনৰ ১৫ নৱেম্বৰত সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটা জিলাৰ দহাটীত।
“১৯৩৮ চনত ২০ বছৰ বয়সতে গীত বাণী বন্ধনৰ বাবে কলিকতা লৈ গৈ ১৯৪৩ চনত বাল্য বন্ধু কমল নাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা অনাতাঁৰ কেন্দ্ৰত অসমীয়া গীতৰ প্ৰযোজক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ১৯৪৮ চনত গুৱাহাটী শ্বিলং অনাতাঁৰ কেন্দ্ৰত যোগদান কৰি তেওঁ সুচিন্তিত আৰু নিৰলস প্ৰচেষ্টাৰে সকলো নবীন-প্ৰবীণ শিল্পীক আকাশবাণীৰ মজিয়াত একত্ৰিত কৰি অসমীয়া গীতৰ এক সুস্থ আৰু সৱল ধাৰা গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখে। প্ৰতিমা পাণ্ডেৰ দৰে শিল্পীক পৃথিৱীৰ সৈতে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰৰ তেওঁ বিশেষ ভূমিকা পালন কৰাৰ লগতে বৰপেটাৰ সুপ্ৰভা পাঠক, স্বৰ্ণলতা দাস আদিৰ দৰে মহিলা শিল্পীক এখন মঞ্চ দিয়াৰ ক্ষেত্ৰটো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।”
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতে অসমৰ সমাজ জীৱন বঙালী ভাষা সংস্কৃতিয়ে গ্ৰাস কৰি থকা সময়ত পুৰুষোত্তম দাসে ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোতেই অসমীয়া গীত ৰচনা কৰি সুৰ কৰাৰ লগতে পৰিৱেশন কৰি সেই সময়ৰ অতি দুৰ্যোগপূৰ্ণ অসমীয়া লোকসংগীতৰ পথাৰখন জীপাল কৰি তুলিছিল। শিল্পীগৰাকীয়ে কলিকতা আৰু অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰত ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰি অসমীয়া গীত প্ৰচাৰ আৰম্ভ কৰিছিল।শিল্পীগৰাকীৰ উদ্যোগ আৰু প্ৰচেষ্টাৰ বাবে দিলীপ শৰ্মা, সুদক্ষিনা শৰ্মা, কুইন হাজৰিকা, তুলতুল ভৰালীকে আদি কৰি কেইবাগৰাকীও শিল্পীয়ে নিজে নিজে ৰচনা কৰা গীতসমূহ আকাশবাণীৰ দ্বাৰা পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছিল।
শিল্পীগৰাকীৰ আন এক অনন্য অৱদান হ’ল নামনি অসমত প্ৰচলিত পৰম্পৰাগত গীতসমূহৰ লগতে বৰগীত, কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত আকাশবাণীৰ জৰিয়তে প্ৰচাৰ কৰি সংৰক্ষণ কৰাৰ উপৰিও জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অভিনৱ পদক্ষেপ।
অসমীয়া লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰাৰ উপৰিও শিল্পীগৰাকীয়ে অসমীয়া কথাছবিটো সংগীত পৰিৱেশন কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা কথাছবিসমূহ হ’ল গৌড় গোস্বামীৰ সৈতে যুটীয়াভাৱে “বদন বৰফুকন”(১৯৪৭), ভূপেন হাজৰিকাৰ সৈতে গন্ধৰ্ব ছদ্মনামেৰে “পাৰঘাট”(১৯৪৯) আৰু নিমিলা অংক (১৯৫৫)।
শিল্পীগৰাকীৰ বৰ্ণিল জীৱন আৰু সাহিত্যিক জীৱন আছিল বৈচিত্ৰতাৰে পৰিপূৰ্ণ। তেওঁ ১৯৩৭ চনত গুৱাহাটীত স্কুল টোর্ণামেণ্টত কেম্ব ফায়াৰৰ গীত পৰিৱেশন কৰাৰ লগতে ১৯৩৮ চনত ২০ বছৰ বয়সতে গীত বাণী বন্ধনৰ বাবে কলিকতা লৈ গৈ ১৯৪৩ চনত বাল্য বন্ধু কমল নাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা অনাতাঁৰ কেন্দ্ৰত অসমীয়া গীতৰ প্ৰযোজক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে।
পৰৱৰ্তী সময়ত ১৯৪৮ চনত গুৱাহাটী শ্বিলং অনাতাঁৰ কেন্দ্ৰত যোগদান কৰি তেওঁ সুচিন্তিত আৰু নিৰলস প্ৰচেষ্টাৰে সকলো নবীন-প্ৰবীণ শিল্পীক আকাশবাণীৰ মজিয়াত একত্ৰিত কৰি অসমীয়া গীতৰ এক সুস্থ আৰু সৱল ধাৰা গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখে।
প্ৰতিমা পাণ্ডেৰ দৰে শিল্পীক পৃথিৱীৰ সৈতে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰৰ তেওঁ বিশেষ ভূমিকা পালন কৰাৰ লগতে বৰপেটাৰ সুপ্ৰভা পাঠক, স্বৰ্ণলতা দাস আদিৰ দৰে মহিলা শিল্পীক এখন মঞ্চ দিয়াৰ ক্ষেত্ৰটো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
১৯৭৯ চনত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে ১৯৪৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় পৰ্য্যায়ৰ “জয়মতী”ত সংগীত পৰিচালক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৫২ চনত লতাশিল বিহু সন্মিলনৰ জৰিয়তে বিহু ‘মঞ্চ বিহু‘ লৈ অহাৰ আগতে মানুহে ১৯৫২ চনত বিহু সন্মিলনৰ পতাকা উত্তোলনৰ গীত “শ্ৰীময়ী অসমীৰ শীতল কোলাত” ৰচনা কৰিছিল, যিটো গীতে আজিও পহিলা বহাগৰ দিনা অসমৰ আকাশ বতাহ মুখৰিত কৰি ৰাখিছে।
তেওঁৰ কৰ্মজীৱনৰ স্বীকৃতি স্বৰূপে ১৯৫৮ চনত সংগীত নাটক অকাডেমিৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য, “এটি মনৰ জীয়া ইতিহাস” নামৰ আলেখ্যৰ বাবে ১৯৭৬ চনত আকাশবাণীৰ সৰ্বশ্ৰেষ্ঠ সংগীতালেখ্য পুৰস্কাৰ আৰু ১৯৮৩ চনত অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।
এই গৰাকী মহান শিল্পীৰ ১৯৯৪ চনৰ ২০ জুনত দেহাৱসান হৈছিল। আজি এই গৰাকী স্বনামধন্য শিল্পীৰ ৩০তম্ মৃত্যু তিথিত প্ৰণিপাত জনাইছোঁ। শিল্পী গৰাকীৰ মৃত্যুৰ এই পৱিত্ৰ ক্ষণত তেওঁ অসমীয়া লোক সংগীতৰ ধাৰাটো সুস্থ আৰু সৱল কৰাৰ বাবে দেখুৱাই যোৱা কালজয়ী পথটোৰে আজিও অসমে যাতে বাট বুলিব পাৰে তাৰ বাবে ঐকান্তিক প্ৰচেষ্টা গ্ৰহণ কৰাটো সময়ৰ আহ্বান।
যুগান্ত বায়ন; ৮৮৭৬৪১৫০৮৯ (Mobile)
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)