• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

শৰতৰ দুখন বিপৰীত ছবি

গৌতম শর্মা

by Anjan Sarma
October 24, 2023
in Environment, Nature, Special Report
Reading Time: 4 mins read
0
শৰতৰ দুখন বিপৰীত ছবি
Share on FacebookShare on TwitterShare on LinkedIn

শৰতৰ দুখন বিপৰীত ছবি

গৌতম শর্মা

Gautam Sarma 1
গৌতম শর্মা

(১)

“শাৰদী ৰাণী/তোমাৰ হেনো নাম/তুমি মোৰ নিচেই আপোন/সদ্যস্নাতা ৰূপহী মোৰ/পুৱতী নিশাৰ সপোন.. ৷” বিশ্ববিশ্ৰুত শিল্পী ভূপেন দাৰ কণ্ঠত নিগৰিত এই গীতেৰেই উপমাহীন ঋতুৰাণী শৰতৰ সৌন্দৰ্যৰ সৈতে আমি সুন্দৰ আৰু সাৱলীলভাৱে পৰিচিত।

শৰৎ আমাৰ সকলোৰে প্ৰিয় ঋতু। ঋতু চক্ৰৰ হিচাপত এই ঋতুৰ স্থান তৃতীয় আৰু সেই অনুসৰি ভাদ আৰু আহিন মাহত এই ঋতু পৰে৷ কিন্তু প্ৰকৃতিৰ বুকুৰ স্বাভাৱিক অৱস্থালৈ লক্ষ্য কৰি বহুতেই আহিন আৰু কাতি মাহহে শৰৎ কাল বুলি ধৰে। গ্ৰীষ্মৰ প্ৰখৰ ৰ’দৰ তাপত যেনেদৰে দগ্ধ আমাৰ হিয়া-মন ঠিক তেনেদৰে দগ্ধ প্রকৃতি জগতখনো।

সেয়েহে বৰ্ষাৰ মৌচুমী আগমনৰ ঠিক লগে লগেই যেন সজীৱ হৈ উঠে প্রকৃতি৷ জীৱ আৰু জড় জগতৰ সকলোলৈকে এই মৌচুমীয়ে কঢ়িয়াই আনে মধুৰ আশাৰ কিৰণ। বৰ্ষাই অনা অফুৰন্ত প্ৰতিশ্ৰুতিৰ ঠিক পাছতেই অসমীৰ বুকুলৈও শৰৎ নামি আহে স্ৰষ্টাৰ শ্যামলিমা ৰূপৰ মাধুৰ্য আৰু পবিত্ৰতাৰে হৃদয় জুৰোৱা মধুময় আৱেশৰ বাঙ্ময়তালৈ ৷

সেউজৰ সুকোমল বোল সানি প্ৰকৃতি শ্যামলী হয়, ৰিব-ৰিব মৃদু মধুৰ মলয়াৰ লহৰে লহৰে সেউজীয়া ধাননীডৰাই নৃত্য-গীতে মূৰ্চ্চনা তোলে৷ ইয়াৰ সুৰে সুৰে কৃষকৰ হৃদয় কাননত সপোন, আশা আৰু হেঁপাহৰ হেঙুলী ৰহণে খিলখিলাই হাঁহে আৰু খেলে। সুনির্মল আকাশৰ তলত বিবিধ বিহংগই আনন্দৰ মেলা পাতে। ভেট, পদুমৰ প্রস্ফুটিত ৰূপছাঁয়ায়ো যেন সমস্ত জীৱজগতৰ মন মোহিত আৰু সুৰভিত কৰি তোলে।

অসমীয়া জাতিৰ বাবেই শৰৎ এটি অতি পবিত্ৰ ঋতু। কিয়নো এই শৰততেই সুশোভিত ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত মহাপুৰুষ শ্ৰীহৰিদেৱৰ, আহিন মাহৰ শুক্লা দশমী তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। আকৌ ভাদৰ কৃষ্ণা পঞ্চমী তিথিত মহাপুৰুষ মাধৱদেৱৰ আৰু শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ ঘটিছিল।

হিন্দুধর্মীয় বিশ্বাস মতে, এই শৰতৰে কৃষ্ণা অষ্টমী তিথিতেই ভগৱান শ্ৰীকৃষ্ণই অৱতাৰ গ্ৰহণ কৰে আৰু শুক্লা নৱমীতে শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা উৎসৱ অনুষ্ঠিত হয়। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীজীৰো এই শৰৎ কালতেই জন্ম হৈছিল। আকৌ শৰৎ যেনেদৰে এটি পবিত্ৰ ঋতু ঠিক তেনেদৰে উৎসৱৰো ঋতু। শৰতৰ আগমনে আনি দিয়া উৎসৱৰ আনন্দই এই ঋতুক দি যায় অনন্য এক মাত্ৰা।

শৰতৰ দুখন বিপৰীত ছবি

শৰততেই শ্ৰীৰামচন্দ্ৰই লংকাপতি ৰাৱণক নিশেষ কৰাৰ হেতু শক্তি লাভ কৰিবলৈ অকালতে ব্ৰহ্মাৰ হতুৱাই দূৰ্গাদেৱীক বোধন কৰাই পূজা কৰিছিল বুলি প্ৰচলিত প্ৰবাদে কয়; আৰু সেই অনুসৰিয়েই শক্তিৰ উপাসকসকলে সৌৰ আহিনত প্ৰতিবছৰে শক্তিৰ মহাউৎসৱ শাৰদীয় দুর্গোৎসৱ উদযাপন কৰি আহিছে৷ 

আহিনৰ সংক্ৰান্তিৰ দিনাই অসমী আইৰ প্ৰতিঘৰৰ চোতালে চোতালে তুলসীৰ তলত মাহপ্ৰসাদ দি লখিমীক আদৰাৰ বাবে কাতি বিহু পতা হয়। দেৱী দূৰ্গাই এই শৰততেই শম্ভু, নিশুম্ভ আৰু ৰক্তবীজক নিধন কৰিবৰ বাবে কালীৰূপ ধাৰণ কৰিছিল বুলি হিন্দুধৰ্মীয় আখ্যানে কয়। সেয়েহে ভক্তসকলে প্ৰতিবছৰে এই শৰৎ কালতেই কালীপূজা পাতি ভক্তি অর্ঘ্য আগবঢ়ায়।

প্রচলিত অন্য এক প্ৰবাদ অনুসৰি, কাতি মাহৰ আঁউসীৰ দিনাই শ্ৰীৰামচন্দ্ৰই যেতিয়া লংকা জয় কৰি সীতাক উদ্ধাৰ কৰি পুনৰাই যেতিয়া অযোধ্যা নগৰত প্ৰৱেশ কৰিছিল তেতিয়া অযোধ্যাবাসীয়ে তেওঁলোকক আদৰিবৰ বাবে নগৰখন আটকধুনীয়াকৈ সজাই-পৰাই ধূপ-দীপ জ্বলাই আনন্দ কৰিছিল৷ ইয়াৰ পাছৰপৰাই দীপাৱলী বা দীপান্বিতা উৎসৱৰ উৎপত্তি হৈছিল৷

আকৌ আন কোনো কোনোৰ মতে, শ্ৰীৰামচন্দ্ৰৰ ৰাজ অভিষেক উপলক্ষে এই পোহৰৰ উৎসৱ দীপাৱলী আয়োজন কৰা হৈছিল। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত পিতৃ পুৰুষসকলৰ তৰ্পণ, শ্ৰাদ্ধ আদি পাতি ৰাতি দীপমালাৰে অৰ্থাৎ পোহৰেৰে ঘৰ-দুৱাৰ, আলি-পদূলি আলোকিত কৰা হয়।

সেইদিনা লক্ষ্মী দেৱীয়ে মানুহৰ ঘৰে ঘৰে ফুৰে আৰু যাৰ ঘৰত বন্তি জ্বলোৱা হয় সেই ঘৰৰ প্ৰতি সন্তুষ্ট হৈ ঐশ্বর্য-বিভূতি দান কৰে বুলি পৰম্পৰাগতভাৱে চলি অহা এক গভীৰ লোকবিশ্বাস আছে। 

শৰতৰ অলেখ সৌন্দৰ্যৰ বুকুত, জ্যোৎস্নাময়ী আলোকেৰে পূৰ্ণ পূৰ্ণিমাৰ ৰাতিত ভক্তসকলে কৃষ্ণভক্তিত আপ্লুত হৈ আজিও ভগৱানৰ লীলাসমূহক নিজে অভিনয় কৰি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰতিবছৰে মহা উলহ-মালহেৰে আয়োজন কৰি আহিছে।

শৰতৰ দুখন বিপৰীত ছবি

অন্যহাতেদি, শিখসকলৰ ধৰ্মগুৰু গুৰু নানকৰো জন্মজয়ন্তী এই শৰততেই অনুষ্ঠিত হয়। মুছলমানসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ আৰু ঈদ-উজ-জুহা পৰ্বও এই শৰৎ কালতেই অনুষ্ঠিত হয়। সেয়েহে হয়তো সমগ্ৰ ভাৰতভূমিৰ কাৰণে শৰৎ হৈছে এটি অতি পবিত্ৰ আৰু উৎসৱৰ ঋতু।

শৰৎ সুখৰ আৰু আশাৰো ঋতু। পূৰ্ণ চন্দ্ৰমাৰ ৰূপোৱালী জ্যোৎস্নাই ধৰাৰ বুকুত দীপালি পাতি চিৰ প্ৰশান্তিৰ অমিয়া বোৱাই। তলসৰা শেৱালিয়ে দূবৰিৰ সেউজীয়া দলিছাত সৰগৰ ফুল বাচে। অৰুণৰ হেঙুলী কিৰণে প্ৰতিটো পুৱাতেই দূবৰিৰ আগে আগে, তৰু-লতিকাৰ সেউজীয়া পাতে পাতে মুকুতাৰ থোপাবোৰ আঁৰে। ৰিব ৰিব শীতল মলয়াৰ বা ছাটিয়ে আবেলি পৰত ভাগৰুৱা হৃদয়খনকো জিৰণি পেলাই।

সন্ধিয়াৰ আকাশৰ নীড়মুখী বিহংগৰ জাক জাক শাৰীবোৰে দিগন্তৰ বুকুত আঁকি যায় ৰামধেনুৰ সাতো ৰং। আকৌ শৰততেই লহপহকৈ বাঢ়ি অহা শস্যডৰাই প্ৰতিজন কৃষকৰ আশাভৰা অন্তৰলৈ প্ৰদান কৰে অলেখ মধুৰতা। সঁচাই ঋতুৰাণী শৰতৰ বৰ্ণনা কৰি কোনোকালেই শেষ কৰিব নোৱাৰি। কবি, সাহিত্যিক, গীতিকাৰ সকলোৰে বৰ্ণনাত মুখৰিত শৰৎ।

অসম আৰু অসমীয়াৰ প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও তেখেতৰ ভাগৱতৰ দশম স্কন্ধত শৰতৰ মহত্ত্ব আৰু শৰতে প্ৰকৃতিৰ বুকুলৈ অনা বিভিন্ন পৰিৱৰ্তনৰ সৈতে কৃষ্ণ ভক্তিয়ে মানৱ জীৱনৰ প্ৰতিটো স্তৰতে কোনে পৰিৱৰ্তন সাধে তাৰে এটি সুন্দৰ তুলনামূলক বর্ণনা আগবঢ়াই ঋতুৰাণী শৰতৰ শ্ৰেষ্ঠতাৰ কথাকেই আমাক কৈ গৈছে। শৰৎ কাল সঁচাকৈয়েই এক অনুপম কাল। এই পবিত্ৰ ঋতুৰ পবিত্ৰতাই আমাৰ সকলোৰে দেহ, মন, প্ৰাণক পবিত্ৰ কৰি তোলক।

(২)

শৰতৰ দুখন বিপৰীত ছবি

শৰৎ মানেই উৎসৱৰ বতৰ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি আনন্দ কৰাৰ সময়। শৰতৰ আগমনৰ লগে লগেই শাৰদীয় দুৰ্গোৎসৱৰ লগতে পোহৰৰ উৎসৱ দিপাৱলীক আদৰাৰ হেতু এই সময়ত সকলো ব্যস্ত। কিন্তু আমি আজি বহুসময়ত এই উৎসৱৰ আনন্দত মচগুল হৈ প্ৰকৃতি আৰু মানুহৰ মাজত থকা সেই প্ৰাচীন নিবিড় সম্পৰ্কৰ কথা পাহৰি প্ৰকৃতি আৰু মানুহৰ সম্পর্কলৈ প্ৰবল এক প্ৰত্যাহ্বান নমাই আনিছোঁ।

এয়া শাৰদীয় দুৰ্গোৎসৱৰ সময়, য’ত দেৱী দূর্গাৰ লগতে অন্যান্য মৃণ্ময় মূৰ্তিবোৰ সজাই-পৰাই আটকধুনীয়া কৰি পূজা-অৰ্চনা কৰাৰ বাবে আমি সাজু হৈছোঁ। যিবোৰ মূৰ্তিত কাঠ, বাঁহ, প্লাষ্টিক, বোকামাটি, খেৰ, মৰাপাট, প্লাষ্টাৰ অব পেৰিছ, থাৰম’ক’ল, নানা ধৰণৰ ৰং তথা সংশ্লেষিত পদাৰ্থবোৰ ব্যৱহাৰ কৰা হৈছে।

আকৌ এই মূৰ্তিবোৰক আটকধুনীয়াকৈ সজাবৰ বাবে সেইবোৰত বস্ত্ৰ, ফুল, অলংকাৰ, ফুলৰ মালা, সেন্দুৰ, তেল আদিকো প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰি অহা হৈছে; যিবোৰ মূৰ্তিক পূজাৰ শেষত নদ-নদীবোৰৰ প্ৰতিবছৰৰ দৰে চাগৈ এইবাৰো বিসৰ্জন দি  দিয়া হ’ব।

কিন্তু বিসৰ্জিত এই মূৰ্তিবোৰে নদীৰ পানী কিমান প্ৰদূষণ কৰি আহিছে সেয়া কিন্তু আমি এবাৰো ভাবি চোৱা নাই। যিটো দিশে আমাৰ পৰিৱেশৰ ভাৰসাম্যতালৈ দিনকদিনে প্ৰবল প্ৰত্যাহ্বান নমাই অনাটো ব্যাপকহাৰত দৃষ্টিগোচৰ হৈছে। বিশেষকৈ জল প্ৰদূষণ তথা জলজ জীৱ আৰু উদ্ভিদৰ ক্ষতিসাধনৰ লগতে নদীৰ বুকু বাম কৰি বানপানী সৃষ্টিতো এইসমূহ প্ৰত্যক্ষ কাৰক হিচাপে পৰিগণিত হৈছে।

মূৰ্তি বনাবৰ বাবে ব্যৱহাৰ হোৱা কাপোৰ, সংশ্লেষিত বিভিন্ন ৰঙৰ দ্ৰব্যবোৰ, প্লাষ্টাৰ অব পেৰিছ আৰু কৃত্ৰিম অলংকাৰসমূহত থকা ৰাসায়নিক তথা ধাতব পদাৰ্থসমূহ পানীত মিহলি হোৱাৰ ফলত এইবোৰে ব্যাপক জল প্ৰদূষণৰ সৃষ্টি কৰে। মূৰ্তিৰ গাত দিয়া ৰং, কাপোৰত ব্যৱহৃত ৰঞ্জকদ্ৰব্য তথা সেন্দুৰত অনেক তৰহৰ ধাতু বা ধাতুজাতীয় দ্ৰব্য যেনে সীহ, পাৰা, দস্তা বা জিংক, ক্ৰমিয়াম আদি থাকে। এই ধাতুবিলাকৰ অতি কম পৰিমাণে হ’লেও জীৱকূলৰ বাবে অপকাৰী।

শৰতৰ দুখন বিপৰীত ছবি

গতিকে পানীত বিসৰ্জিত মূৰ্তিৰ পৰা এই সকলো অপকাৰী ধাতু পানীত মিহলি হৈ পানীৰ গুণাগুণ নষ্ট কৰি জলজ জীৱৰ ক্ষতি কৰে। সাধাৰণতে মূৰ্তিত ব্যৱহৃত মাটি কেঁচাকৈয়ে থাকিলে সি পানীত মিহলি হৈ যায়। পূজাত ব্যৱহৃত ফুল, প্ৰসাদ জাতীয় দ্ৰৱ্য আদিবোৰ জৈৱজাত সামগ্ৰী বাবে পানীত পৰাৰ পাছত এইবোৰ পছিবলৈ আৰম্ভ কৰে। পৰিমাণ বহু বেছি হয় বাবে, এইবোৰে ক্ৰমান্বয়ে পানীত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰি আনে।

একেদৰে বাঁহ বা সৰু সৰু কাঠৰ কাঠি, থাৰ্ম’ক’ল আদিবোৰ নদী বা হ্ৰদৰ তলিভাগত জমা হ’বলৈ ধৰে। অন্যহাতে পূজাত ব্যৱহৃত তেলজাতীয় সামগ্ৰীৰ তৈলাক্ত অংশই পানীৰ ওপৰত চামনি সৃষ্টি কৰাই নহয়, জলজ জীৱ যেনে মাছৰ শ্বাসাংগ অৰ্থাৎ ফুল আদিত একোটা চামনিৰ তৰপ পেলায়। ফলত এই জীৱবিলাকৰ শ্বসন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়।

তদুপৰি মূৰ্তি বিসৰ্জনৰ ফলত নদী বা হ্ৰদৰ পানীত দ্ৰৱীভূত গোটা পদাৰ্থ, অদ্ৰৱণীয় গোটা পদাৰ্থ আদিৰো মাত্ৰা বাঢ়ি, পানী অধিক ঘোলা হয়। ইয়াৰ ফলত জলভাগৰ ভিতৰলৈ প্ৰৱেশ কৰা সূৰ্যৰ ৰশ্মিৰ পৰিমাণ কমি, শেলাই বা অন্য জলজ উদ্ভিদৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰে। অন্যহাতেদি, পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত অবাত শ্বসন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু পানীৰ গোন্ধ, স্বাদ ক্ৰমে বেয়া হ’বলৈ ধৰে।

শৰতৰ দুখন বিপৰীত ছবি

২০০৯ চনত গুৱাহাটীৰ কাছাৰী ঘাট আৰু পাণ্ডুঘাটত দূৰ্গাপূজাৰ মূৰ্তি বিসৰ্জনৰ আগত আৰু পাছত কৰা এক অধ্যয়ন অনুযায়ী মূৰ্তি বিসৰ্জনৰ পাছত এই দুই  স্থানত ব্ৰহ্মপুত্ৰৰ পানীত ১৮ শতাংশ অক্সিজেনৰ হ্ৰাস, পানীৰ অস্বচ্ছতা ৫০ শতাংশ অধিক তথা নিকেল আৰু দস্তাৰ দৰে গধুৰ ধাতুৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছিল।

এই জল প্ৰদূষণৰ সমান্তৰালকৈ শব্দ আৰু বায়ু প্ৰদূষণো হৈছে শাৰদীয় দুৰ্গোৎসৱৰ অন্য এক নেতিবাচক দিশ। পূজা স্থলীসমূহত উচ্চ স্তৰত মাইক বজোৱা, বন্দুক-বাৰুদ, ব’ম-ফটকা, পেঁপাৰ কাণ তালমৰা শব্দসমূহে বহুতকে বিপাঙত পেলায়। আকৌ দুৰ্গোৎসৱৰ ঠিক পিছতেই উদযাপিত দিপাৱলীৰ আতচবাজীয়ে অনা শব্দ আৰু বায়ু প্ৰদূষণৰ কথা নক’লেও সকলোৰে জ্ঞাত।

পোহৰৰ এই উৎসৱটিক যেন আমি আজিও কেনেদৰে উদযাপন কৰিব লাগে তাক ভালদৰে জনা নাই! কিয়নো এতিয়ালৈকে এবাৰো প্ৰদূষণমুক্ত দীপাৱলী পাতিবলৈ আমি সক্ষম হোৱা নাই। দীপাৱলীৰ আতচবাজীসমূহত মিহলি হৈ থাকে পটাছিয়াম নাইট্ৰেট, পটাছিয়াম ক্ল’ৰেট, পটাছিয়াম পাৰক্ল’ৰেট, এঙাৰ, ছালফাৰ, মেংগানিজ, ছডিয়াম অক্‌জেলেট, এলুমিনিয়াম আৰু আইৰণৰ গুড়ি, ষ্ট্ৰ্নছিয়াম নাইট্ৰেট তথা বেৰিয়াম নাইট্ৰেট আদিৰ দৰে উদ্বায়ী ৰাসায়নিক পদাৰ্থ।

যিবোৰ জ্বলোৱাৰ ফলত প্ৰবল শব্দ প্ৰদূষণৰ সৃষ্টি কৰাৰ লগতে বায়ুমণ্ডলত সেইসমূহে বিষাক্ত গেছবোৰ এৰি দি আমাৰ চৌপাশৰ বায়ুক প্ৰদূষিত কৰি তোলে। জ্বলন্ত আতচবাজীৰ পৰা ওলোৱা তথা উৎপন্ন হোৱা যৌগিক ক্ষুদ্ৰ কণিকা আৰু ধোঁৱাবোৰে প্ৰাণীকূলৰ শ্বাস-প্ৰশ্বাসলৈ অসুবিধা সৃষ্টি কৰে।

শৰতৰ দুখন বিপৰীত ছবি

অন্যহাতেদি এইসমূহ বিষাক্ত ধোঁৱা আৰু ধূলিকনাই উদ্ভিদৰ পাতৰ পত্ৰৰন্ধক বন্ধ কৰি দি সালোক-সংশ্লেষণ প্ৰক্ৰিয়াতো ব্যাঘাত জন্মায়। মুঠৰওপৰত, এইসমূহে আমাৰ চৌপাশৰ বায়ু, পানী, মাটি, শব্দ আদি সকলোকে প্ৰদূষণ ঘটাই আহিছে। যিবোৰ দিশৰ ওপৰত গুৰুত্ব দিয়াৰ বিশেষ প্ৰয়োজনীয়তা আছে।

এতিয়া পূজা মানেই যেন বৰ্হিমুখী, জাকজমকতাপূৰ্ণ আৰু বিলাসীতা। পূৰ্বে যি উৎসৱে প্ৰকৃতিৰ সৌন্দৰ্যক নকৈ বিচাৰি চোৱাৰ সুযোগ দিছিল, এতিয়া সেইবোৰ উৎসৱত প্ৰকৃতিৰ অৱস্থিতি শতযোজন দূৰৈত। পূজা বুলিলেই ব্যৱহৃত অলেখ-অসংখ্য বিজুলী চাকি, উচ্চশব্দৰ সংগীত, বিলাসী মণ্ডপৰ ধামখুমীয়াত আটাইতকৈ অপচয় হয় বিজুলী শক্তিৰ। ফলত পৰোক্ষভাৱে ই পৃথিৱীৰ সেউজ পৰিৱেশত বিৰূপ প্ৰভাৱ পেলায়।

বিজুলী শক্তিৰ অপচয় মানেই অধিক কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন আৰু পৰিৱেশৰ প্ৰদূষণ। তদুপৰি অপচয় হয় খাদ্যসামগ্ৰীৰ, অপচয় হয় জলসম্পদৰ। আমি অনুধাৱন নকৰিলেও এনে অপচয়ৰ সামগ্ৰিক পাৰিৱেশিক পৰিণতি অতি গভীৰ আৰু বিপদজনক। 

সমাজ আছে মানে উৎসৱ থাকিবই। পিছে মন কৰিবলগীয়া কথাষাৰ হ’ল, এসময়ত এনে পূজা-পাৰ্বন আদিত ব্যৱহৃত সামগ্ৰীবোৰ আছিল কম ক্ষতিকাৰক বা ক্ষতিশূণ্য। মূৰ্তিত ব্যৱহৃত হৈছিল হেঙুল-হাইতালৰ দৰে প্ৰাকৃতিক ৰং, ফাকুৱাৰো ৰং আছিল প্ৰকৃতিদত্ত। পিছে আজিৰ তাৰিখত বজাৰত উপলব্ধ আৰু বহুলভাৱে ব্যৱহৃত সামগ্ৰীবোৰৰ অধিকাংশই কৃত্ৰিমভাৱে সংশ্লেষিত আৰু পৰিৱেশৰ বাবে প্ৰতিকূল।

শৰতৰ দুখন বিপৰীত ছবি

সেইবাবেই এনেবোৰ ক্ষেত্ৰত উৎসৱত মতলীয়া হোৱাৰ আগতে কিছু কথা আমি চিন্তা কৰি চোৱা উচিত।

মূৰ্তি নিৰ্মাণত যিমান পাৰি প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ, মণ্ডপত বিজুলী-বতিৰ সুচিন্তিত প্ৰয়োগ, প্ৰতীকি ৰূপত জলভাগত মূৰ্তি বিসৰ্জন দি উঠাই আনি সেই মূৰ্তিক ভালদৰে পেলাই দিয়া, পৰাপক্ষত কাঠ বা বাঁহৰ স্থায়ী মূৰ্তি নিৰ্মাণ, মণ্ডপ তথা মূৰ্তিৰ উচ্চতা বা আকাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ, পূজাত ব্যৱহৃত ফুল-তুলসী তথা ফুলৰ মালা আদিক পচন সাৰ নিৰ্মাণত ব্যৱহাৰ; নিম, নাৰ্জী, হালধি আদিৰ ৰঙক ফাকুৱাত ৰং হিচাপে প্ৰয়োগ; ফটকা-ব’ম আদিৰ বিক্ৰী নিয়ন্ত্ৰণ  আদিৰ জৰিয়তে উৎসৱৰ স’তে জড়িত বিপদবোৰকো নিয়ন্ত্ৰণ কৰিব পৰা যায়।

একেদৰে পৰম্পৰাৰ নামত নদীৰ দৰে অতি মূল্যৱান জলসম্পদক আৱৰ্জনাস্থলীলৈ ৰূপান্তৰিত কৰাৰ বিষয়টোতো নিয়ন্ত্ৰণ আৰোপ কৰাৰ প্ৰয়োজন। কিয়নো সত্যটো হ’ল, আমি কৰা প্ৰতিটো কামেই প্ৰকৃতি তথা আমাৰ পৰিৱেশক নানাধৰণে প্ৰতিকূলতাৰ মুখামুখী কৰিছে। গতিকে উৎসৱৰ বতৰত প্ৰকৃতিৰ এই দূৰ্গতিক নোহোৱা কৰিবলৈ প্ৰয়োজন সাপেক্ষে প্ৰচলিত ৰীতি-নীতিৰ সময়-সাপেক্ষ সংশোধন বা পৰিমাৰ্জনহে প্ৰকৃততে আধুনিকতা আৰু প্ৰগতিশীলতাৰ চানেকি।

প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতিসাধনৰ সমান্তৰালকৈ সামাজিক পৰিৱেশকো ওপৰোক্ত উৎসৱসমূহে বহু ক্ষতিসাধন কৰি আহিছে। বিশেষকৈ পূজাৰ নামত চলা অদ্ভুত বলি প্ৰথাই বহু জীৱ-জন্তু আৰু পক্ষীলৈ প্ৰবল সংশয় নমাই আনে। ঘৰচীয়া হ’লেও সেই অবুজ, অবোধ প্ৰাণীবোৰক ধৰ্মক দোহাই দি বলি দি নিজৰ মংগল বিচৰা কাৰ্য কেতিয়াও সামাজিকভাৱে সভ্য সমাজৰ দ্বাৰা স্বীকৃত আৰু মানৱীয় হ’ব নোৱাৰে।

শৰতৰ দুখন বিপৰীত ছবি

যিবোৰ অৰ্থহীন ব্যৱস্থাই আমাৰ চৌপাশৰ সামাজিক পৰিৱেশৰ লগতে অৰ্থনৈতিক দিশটোকো যথেষ্ট পৰিমাণে দুৰ্বল কৰাত সহায় কৰি আহিছে। আকৌ উৎসৱৰ বতৰত তথা পূজা আহিলেই দেশীয়েই হওক, বিদেশীয়েই হওক বহুতেই ডিঙিত এটুপি নেপেলালে যেন তেওঁলোকৰ পূজাই নহয়; যিটো দিশে উৎসৱৰ বতৰত বহুসময়ত সামাজিক বিশৃংখলতা সৃষ্টিতো প্ৰভূত অৰিহণা যোগাই আহিছে।

উৎসৱ উদযাপনৰ প্ৰকৃতি যিয়েই নহওক, ইয়াৰ মূল লক্ষ্য হোৱা উচিত শান্তি, সম্প্ৰীতি আৰু সমন্বয় স্থাপন তথা সমাজ সংগঠন। এইসমূহ উদ্দেশ্যৰ পৰা ফালৰি কাটি আহি উৎসৱ উদযাপন কৰিবলৈ গ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বহু বেছি; যিটো প্ৰবল হাৰত বৃদ্ধি হৈছে। আমাৰ বোধেৰে, উৎসৱ মানেই উলাহ-আনন্দ, মন মুকলি হোৱাৰ সময়।

গতিকে এই উৎসৱৰ বতৰত নিজৰ লগতে প্ৰকৃতিকো সুন্দৰ আৰু সেউজীয়া কৰি তুলিব পাৰিলেহে প্ৰকৃততে উৎসৱৰ অৰ্থ ৰক্ষা হ’ব;  আৰু সেইটোৱেই হৈছে মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজিৰ পৰিৱেশ-পৰিস্থিতিৰ হকে আমাৰ এক বৃহৎ দাবী। এতেকে আগন্তক শাৰদীয় দুৰ্গোৎসৱ আৰু আগন্তক পোহৰৰ উৎসৱ দীপাৱলী হওক সমন্বয়ৰ উৎসৱ।

প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশক প্ৰদূষণ কৰিব পৰা দিশসমূহৰ পৰা সকলো আঁতৰি থাকি সকলোৱে প্ৰতিটো উৎসৱক আঁকোৱালি লওক, আনন্দমনেৰে উদযাপন কৰক।

(লেখক হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক। ফোন: ৯৯৫৪০-০০২০০)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

September 2, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d