– সংগ্ৰহ: দিলীপ পাটগিৰি |
প্ৰখ্যাত ‘টাইম’ আলোচনীয়ে ২০১০ চনৰ নৱেম্বৰ মাহত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙক ১০ টা প্ৰশ্ন কৰিছিল। বিজ্ঞানীগৰাকীয়ে সেই প্ৰশ্নৰ কিদৰে উত্তৰ দিছিল জানো আহকচোন।
১৷ যদি ঈশ্বৰৰ অস্তিত্বই নাই তেন্তে কিয় বিশ্বজুৰি ঈশ্বৰৰ অস্তিত্ব থকা বুলি ভবা হয়?
►মই কোৱা নাই যে, ঈশ্বৰৰ অস্তিত্ব নাই। ঈশ্বৰ আছে বুলি ভাবে বাবেই মানুহে ঈশ্বৰক স্মৰণ কৰে। কিন্তু মই ব্যক্তিগত ভাবধাৰা বাদ দি এইটো কথা দৃঢ়তাৰে কও যে, পদাৰ্থ বিজ্ঞানৰ সূত্ৰ মতে ঈশ্বৰ অস্তিত্বহীন। অৰ্থাৎ, মহাবিশ্ব সৃষ্টিত ঈশ্বৰৰ কোনো প্ৰয়োজন নাই।
২৷ মহাবিশ্বৰ পৰিসমাপ্তি হ’ব নেকি ? যদি হ’ব তেন্তে তাৰ নেপথ্যৰ কাৰণ কি ?
►পৰ্যবেক্ষণৰ পৰা স্পষ্ট হৈছে যে, মহাবিশ্ব ক্ৰমাগতভাৱে সম্প্ৰসাৰণশীল। শূন্যতা আৰু অন্ধকাৰ বৃদ্ধি পোৱাৰ লগে লগে এয়া আৰু বাঢ়ি গৈ থাকিব। যদিও মহাবিশ্বৰ পৰিসমাপ্তি নাই, কিন্তু মহাবিস্ফোৰণৰ এটা আৰম্ভণি আছিল। কোনোৱে অৱশ্যে এই প্ৰশ্ন কৰিব পাৰে যে, ইয়াৰ পূৰ্বে কি আছিল ? উত্তৰ হৈছে ইয়াৰ পূৰ্বে একোৱেই নাছিল।
৩৷ আপুনি ভাবেনে যে, দূৰ-দিগন্তৰ মহাকাশলৈ যাব পৰাকৈ দীৰ্ঘকাল ধৰি আমাৰ সভ্যতা অটুত থাকিবনে ?
►মই ভাবো যে, সৌৰজগতত বসতি স্থাপনৰ বাবে বাচি থাকিব পৰাকৈ আমাৰ হাতত অনেক সুযোগ আছে। যদিও সৌৰজগতৰ অইন ক’তোৱেই পৃথিৱী সদৃশ উপযুক্ত ঠাই নাই। অৱশ্যে সেয়া পৰিষ্কাৰ নহয় যে, যদি পৃথিৱী বসবাসৰ অযোগ্য হৈ পৰে তেতিয়া আমি কিদৰে বাচি থাকিম ? আমি দীৰ্ঘকাল ধৰি বাচি থকাটো নিশ্চিত কৰিবলৈ আমি অইন নক্ষত্ৰলৈ যাব পাৰিব লাগিব। ইয়াৰ বাবে বহু সময়ৰ প্ৰয়োজন হ’ব, যি কি নহওক আশা কিন্তু কৰিব পাৰি।
৪৷ যদি আইনষ্টাইনৰ সৈতে আপুনি কথা কোৱাৰ সুযোগ পালেহেঁতেন তেন্তে তেওঁক কি বুলি ক’লেহেঁতেন ?
►মই তেওঁক প্ৰশ্ন কৰিলোঁহেঁতেন যে, কিয় তেওঁ কৃষ্ণগহ্বৰ সম্পৰ্কে নিশ্চিত নাছিল ? তেওঁৰ আপেক্ষিক তত্ত্বৰ সমীকৰণে ইংগিত দিয়ে যে, এটা বৃহৎ নক্ষত্ৰ কিম্বা গেছীয় মেঘ নিজে নিজেই সংকুচিত হৈ কৃষ্ণগহ্বৰৰ সৃষ্টি কৰে। আইনষ্টাইনে এই সম্পৰ্কে জানিছিল, কিন্তু কোনো ধৰণেৰে তেওঁক প্ৰলুব্ধ কৰা হৈছিল যে, মহাবিশ্বত বিস্ফোৰণৰ দৰে ঘটনা সকলো সময়তে সংঘটিত হয় আৰু কৃষ্ণগহ্বৰৰ সৃষ্টি হয়। কিন্তু যদি বিস্ফোৰণ নঘটে তেন্তে কি হ’ব ?
৫৷ আপোনাৰ জীৱন কালত বিজ্ঞানৰ কি আৱিষ্কাৰ বা অগ্ৰগতি আপুনি চাব বিচাৰে ?
►ইন্ধনৰ উৎস হিচাপে পাৰমাণৱিক ফিউজন বিক্ৰিয়া। যিয়ে প্ৰদূষণ আৰু গোলকীয় উষ্ণতা অবিহনেই শক্তিৰ অফুৰন্ত সৰবৰাহ নিশ্চিত কৰিব পাৰিব।
৬৷ মৃত্যুৰ পৰৱৰ্তী অৱস্থা সম্পৰ্কে আপোনাৰ বিশ্বাস কি ?
►মই ভাবো যে, মস্তিস্ক হৈছে এটা কম্পিউটাৰ বা বিশেষ কম্পিউটাৰ প্ৰগ্ৰেম সদৃশ। এই কম্পিউটাৰটো বন্ধ হোৱাৰ লগে লগে স্তব্ধও হৈ পৰে। তাত্ত্বিকভাৱে নিউৰেল নেটৱৰ্কত ইয়াৰ পুনৰ সৃষ্টি সম্ভৱ হ’ব পাৰে, পিছে বিষয়টো অত্যন্ত কঠিন কিয়নো, ই একক স্মৃতিশক্তিৰ সৈতে জড়িত।
৭৷ এজন মেধাৱী পদাৰ্থ বিজ্ঞানী হৈয়ো আপোনাৰ মাজত এনে কি সাধাৰণ বিষয় আছে যিয়ে মানুহক বিস্মিত কৰিব পাৰে ?
►মই সকলো ধৰণৰ সংগীত পচন্দ কৰো- পপ, ধ্ৰুপদী, অপেৰা। পুত্ৰ টিমৰ সৈতে ফৰ্মুলা-১ ৰেচিং উপভোগ কৰি খুব ভাল পাওঁ।
৮৷ আপোনাৰ শাৰীৰিক অক্ষমতাই আপোনাৰ কামত কিভাবে সহায় বা বাধাৰ সৃষ্টি কৰে ?
►যদিও দুৰ্ভাগ্যক্ৰমে মই মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈছো, কিন্তু এই সকলোবোৰৰ বাবে মই ভাগ্যৱানো। তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ কাম কৰিবলৈ পাই মই সৌভাগ্যৱান। মুঠৰ ওপৰত এই অক্ষমতাই বাধাৰ পৰিৱৰ্তে মোক সহায়হে কৰিছে।
৯৷ জীৱনৰ ৰহস্য সন্ধানত মানুহে সকলো প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা জানিব বিচাৰে, সেয়ে আপুনি সকলো জনোৱাটো গুৰুদায়িত্ব বুলি ভাবেনে ?
►জীৱনৰ সকলো সমস্যাৰ সমাধান কোনোপধ্যেই মোৰ কাষত নাই। পদাৰ্থ বিজ্ঞান বা গণিতৰ মাধ্যমেৰে আমি মহাবিশ্বৰ আদি অৱস্থা সম্পৰ্কে জানিব পাৰো, কিন্তু ইয়াৰ মাধ্যমেৰে মানৱীয় আচৰণৰ ধাৰণা দিয়াটো সম্ভৱ নহয়, কিয়নো বহু সমীকৰণৰ সমাধান কৰিবলৈ এতিয়াও বহু বাকী আছে। মানুহক বিশেষকৈ নাৰীৰ মন বুজাৰ ক্ষেত্ৰত মই বাকী পুৰুষসকলতকৈ মুঠেই পৃথক নহয়।
১০৷ আপুনি এনে দিন আহিব বুলি ভাবেনে যেতিয়া মানুহে পদাৰ্থ বিজ্ঞান বুজিব পৰাকৈ প্ৰয়োজনীয় সকলোবোৰ আয়ত্ত কৰিব পাৰিব ?
►নাভাবো, তেতিয়া দেখোন মানুহৰ কৰিবলগীয়া কোনো কামেই নাথাকিব।