–নৱজিৎ চেলেং |
কথাটো মোৰ মাৰ পৰাই আৰম্ভ কৰোঁ। বিগত কেইটামান দিনত মা লাভলীনাৰ ‘ফেন’ হৈ গৈছে। টি.ভি.ত লাভলীনাক চাবলৈ ৰৈ থাকে। লাভলীনাময় এক আবহাৱা ঘৰত। সম্ভৱতঃ অসমৰ প্ৰতিঘৰতে এতিয়া সেই একেই ঝংকাৰ- লাভলীনা লাভলীনা। খেল জগতৰ বাবে লাভলীনা এটা পুৰনি নাম হ’লেও বাতৰিনিৰ্ভৰ সাধাৰণজনৰ বাবে লাভলীনা এটা পষেক বা মাহেৰে পুৰনি হোৱা এটা তেনেই নতুন নাম। এইখিনিতে প্ৰশ্ন এটা আহে। মায়ে লাভলীনাৰ খেল ভাল পাইছে বা বাতৰিত দেখি ভাল পাইছে সেইটো খুব ভাল কথা। কিন্তু সেই একেটা খেলকে মাৰ দুজনী ছোৱালীৰ কোনোবা এজনীয়ে যদি দহ বাৰ বছৰ আগতে খেলিলহেতেন বা খেলাৰ হেঁপাহ কৰিলেহেঁতেন তেতিয়াও মায়ে ভাল পালেহেঁতেননে? ছাপৰ্ট কৰিলেহেঁতেননে? ঠিক আছে বাৰু। ধৰি ল’লোঁ মাৰ একো আপত্তি নাই। কিন্তু বিয়নী মেলৰ মহিলাসকল, ওচৰ-চুবুৰীয়া বা সমাজে কি ক’লেহেঁতেন?- ” বয়স থাকোতেই ছোৱালী এঘৰলৈ উলিয়াই দিয়া ভাল। এইবোৰ খেলনো ছোৱালী মানুহে খেলেনে। এনেকৈ খেলাৰ নামত গাভৰু ছোৱালী এজনী ঘৰৰ বাহিৰত থাকে?” ইত্যাদি কথাবোৰে মাৰ ছাপৰ্টক তচনচ কৰি নেপেলালেহেঁতেননে? মাৰ ক্ষেত্ৰত কি হ’লহেঁতেন নাজানো। কিন্তু এইখনেই এখন চিৰাচৰিত ছবি। যিকোনো এজন মানুহৰ চকুলৈ পৰিস্কাৰকৈ আহিব পৰা মধ্যবিত্তীয় মানসিকতাৰ ছবি।
আমি এনে এক সমাজ ব্যৱস্থাত থাকো য’ত “কোন কেনেকুৱা”টোতকৈ বেছি জৰুৰী কোন কেনেকুৱা হ’ব লাগে সেইটো। আমাক ষ্টেৰিঅ’টাইপ ( stereotype ) ল’ৰা ছোৱালী লাগে, ব্যক্তি লাগে, ব্যক্তিত্ব লাগে। কেনে এক বিড়ম্বনা সমাজে সজা। সমাজ নামৰ অনুস্থানেৰে উশাহ খাই থকা মানুহৰ কেনে ইচ্ছা-আকাংক্ষা। বস্তুতঃ এয়াই হৈছে মধ্যবিত্তৰ চৰিত্ৰ-ছবি। সমাজৰ নামত, সামাজৰ ভয়ত কিমান মানুহ ৰৈ যায় গুচি যোৱাৰ মসৃণ বাট সামৰি তাৰ কোনো লেখ-জোখ নাই। মধ্যবিত্তৰ ঘৰবোৰ পৰিয়ালৰ সদস্যসকলৰ পটেনছিয়েলিটীৰে ( potentiality ) নচলে। চলে সমাজে বান্ধি দিয়া নীতি নিয়েমেৰে। সমাজে কয়- what to do and what not to do. সমাজক সন্তুষ্ট কৰিবলৈকে আমি মিছা প্ৰতিযোগিতাত নামোঁ। হাৰিলে সমাজে হাঁহে। জিকিলে সমাজ মনে মনে থাকে। আৰু গোটেই জীৱন প্ৰতিজন মধ্যবিত্তই সেই একেটা প্ৰশ্নকে সুধি থাকে নিজক- ” মই কোন? মোৰ নিজাকৈ কি পৰিচয় আছে?” ভাৰতীয় ৰাজনীতিত অতি ‘ridiculous’ আৰু ‘satirical character’ হিচাপে পৰিচিত লালু প্ৰসাদ য়াদবে এবাৰ কিবা প্ৰসংগত ভাৰতীয় মধ্যবিত্ত সম্পৰ্কে তাৎপৰ্য্যপূৰ্ণ মন্তব্য এটা দিছিল। তেওঁ কৈছিল- “ভাৰতীয় মধ্যবিত্তই জোতা-ছেন্দেল শ্ব’-ৰুমৰ পৰা কিনে আৰু আলু বেঙেনা কিনে ফুটপাথৰ পৰা।” কিছুদিন আগতে এগৰাকী বান্ধবীয়ে ৰগৰ কৰি কৈছিল আজিকালি ওচৰ চুবুৰীয়াই তেওঁৰ কাপোৰ-কানিবোৰ হেনো খুব ভাল দেখে। ক’ৰ পৰা ল’লে, কিমান টকা পৰিলে অন্যান্য কথাবোৰ সোধে। ৰগৰৰ কাৰণটো পিচে অন্যহে। কিছুবছৰ আগতে তেওঁ এটা চৰকাৰী চাকৰিত নিযুক্তি পালে। তাৰ আগতে সেই একেবোৰ কাপোৰকে পিন্ধি তেওঁ ভেন্সাৰ স্কুললৈ অহা-যোৱা কৰোতে কাৰো চকুতে পৰা নাছিল কাপোৰৰ ৰং-ডিজাইন। এইটো এটা উদাহৰণহে। কথাটো হ’ল এনে এক পৰিস্থিতিত গোলাঘাটৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অলিম্পিকলৈকে লাভলীনাৰ এই যাত্ৰা কেনেকুৱা হ’ব সেই কথা সহজ অনুমেয়। তাকো এগৰাকী বক্সাৰ হিচাপে। ভাল কথা এইটোৱে যে লাভলীনা বৰগোহাঞি ৰৈ যোৱা নাই। সমাজিক কটাক্ষই লাভলীনাৰ ভৰিত শিকলি লগাই বান্ধি থ’ব পৰা নাই। আৰু সেইবাবে লাভলীনা বৰগোহাঞি লাভলীনা বৰগোহাঞি। পিঞ্জৰাৰ চৰাই নহয়। “ছেলফ্” শব্দটোৰ বাবেও লাভলীনা এক উৎকৃষ্ট উদাহৰণ।
এনে উদাহৰণৰ সংখ্যা এই মুলুকত তেনেই কম। এনে নহয় যে ইয়াত ‘প’টেনছিয়েলিটী’ কম। কথাটো হ’ল- ইয়াত কাৰোবাৰ আত্মবিশ্বাস ভাঙি দিয়া মানুহৰ সংখ্যা বেছি। গান গাই ভাল পালে ক’ব গান গালে পেট নভৰে। ছবি আঁকি ভাল পালে ক’ব ছবি চালে ভোক নুগুচে। নিজকে ফিট আৰু ধুনীয়া কৰি ৰাখিব খুজিলে ক’ব- চেহেৰা চাই দোকানীয়ে বস্তু নিদিয়ে। কাণ পকি যাব। উৎসাহ ভাগি যাব। আৰু ” মই” নামৰ পৰিচয় একোটা আধাতে ভাগি কাললৈ পংগু হ’ব। আৰু এইবোৰ আওকাণ কৰি শীৰ্ষলৈ যাব পাৰিলে সকলোৰে বাবে ” আমাৰ গৌৰৱ” হৈ পৰিব এদিনতে। অনেক ৰাজনীতি চলিব। ডাঙৰ ডাঙৰ হৰ্ডিং লাগিব ৰাস্তাই ঘাটে। বিজয়ীজনৰ পাছপৰ্ট ছাইজৰ মুখখন আৰু বাকীখিনি ৰাজনৈতিক মেৰপেচেৰে ভৰি থকা ডাঙৰ ডাঙৰ হৰ্ডিং।
মধ্যবিত্ত অভিভাৱকসকলৰ চৰিত্ৰও বিচিত্ৰ। অভিভাৱকে মনত আশা পালিব- এদিন ল’ৰা/ ছোৱালীয়ে আমাৰ ” নাম ৰৌচন” কৰিব। আৰু তেওঁলোকেই দিনটোত দহবাৰকৈ ল’ৰা-ছোৱালীক ক’ব- “তুমি ডাক্টৰ হ’ব লাগিব, তুমি ইঞ্জিনিয়াৰ হ’ব লাগিব।” পাৰিলেতো একোটা ল’ৰা বা ছোৱালীয়ে ডাক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেছৰ চববোৰ একেলগে হৈ দিব পাৰিলে আৰু ভাল যেন প্ৰতিক্ৰিয়া এটাও দেখুৱাব। কিবা কৰি দেশত নোহোৱা-নোপজা কিবা এটা কৰিব পাৰিলে যেন বেছি ভাল- এনে ভাব। মুঠতে সমাজে পতা প্ৰতিযোগিতাখনত সকলোতকৈ ওপৰত থাকিব লাগে অভিভাৱকৰ নাম- ” অমুকৰ জীয়েক,তমুকৰ পুতেক…।” আৰু এই ব্যৱস্থাটোত ” তুমি কি হ’ব বিচাৰা?” প্ৰশ্নটো আটাইতকৈ অলাগতীয়াল কথা। এই প্ৰশ্ন কোনেও নুসোধে। না অভিভাৱকে না সমাজে। মধ্যবিত্তৰ ঘৰৰ বেছিভাগ ল’ৰা-ছোৱালীয়েই সি বা তাই কি হ’ব সেইটো নিজে নিশ্চিত কৰিব নোৱাৰে। কৰিবলৈ সুবিধা নাপায়। ভিতৰি ভিতৰি ভীষণ এক প্ৰতিযোগিতাত নামি পৰে মধ্যবিত্তীয় পিতৃ্-মাতৃ সকল। তুমি ” অমুকৰ নিচিনা হ’ব লাগিব, তমুকক দেখিছা কিমান ভাল ৰিজাল্ট কৰিছে ” আদি ইত্যাদি। আৰু তাতেই শেষ। দেখিব ফটোগ্ৰাফাৰ হ’ব খোজা ল’ৰাটোৱে ডাঙৰ ডাঙৰ ” কনট্ৰেক্ট” কৰি আছে। মডেল হ’ম বুলি ভাবি থকা ছোৱালীজনী “ভাল শিক্ষয়ত্ৰী” হৈ আছে। এক নিৰন্তৰ ঘটনা প্ৰবাহ। ‘জেন্দাৰ’ৰ কথাটো নকলোৱেইবা। ‘জেন্দাৰ ইকুৱেলিটী’ৰ ওপৰত তৰহে তৰহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰ প্ৰেজেন্ট কৰা জনেও ক’ব- “ল’ৰা মানুহে এইবোৰ কৰিলে ভাল নেদেখি। ছোৱালী মানুহ এনেকৈ থাকিলে ভাল নালাগে।” আচলতে আমাক একোটা মেছিন লাগে। ল’ৰা মেছিন। ছোৱালী মেছিন। নিৰ্দিষ্ট কিছুমান কামহে কৰিব পৰাকৈ সক্ষম হৈ থকা মেছিন। সমাজে থাৱৰ কৰা ছুইচ বোৰত আঙুলি থ’লেই নাচিব পৰা একো একোটা পুতলা লাগে। ‘ভিন্ন ব্যক্তিৰ ভিন্ন ব্যক্তিত্ব’ আমাৰ বাবে কেৱল কিতাপৰ কথা। তাৰপাছতো আমি নিজক “প্ৰগতিশীল” বুলি ভাবোঁ। ভাবি ভাল পাওঁ। কিন্তু সত্যটো এনেকুৱা যে প্ৰগতিশীল বুলি ভবাটো আৰু কোৱাটো যিমান সহজ প্ৰগতিশীল হোৱাটো সিমানেই টান।
শেষত অলিম্পিক কেন্দ্ৰিক দুটা ভাললগা কথা নক’লেই নহ’ব। এক- গোলাঘাটৰ পিছপৰা গাঁও ( যিহেতু সেইখন গাঁৱৰ ৰাস্তাটো ২০২১, অলিম্পিকৰ সুবাদতে ৰাতা-ৰাত পকী হৈ উঠিছে )ৰ পৰা গৈ এজনী ছোৱালীয়ে সকলো প্ৰত্যাহ্বান নেওচি ইতিহাস ৰচনা কৰিছে। আৰু ইতিহাসেও কথা দিছে- আমি তোমাৰ নাম লিখি থ’ম লাভলীনা- লাভলীনা বৰগোহাঞি। দুই- অলিম্পিক চলি থাকোতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ব্ৰিটিছ সাঁতোৰবিদ টম দেলিৰ ফটোখন। টম দেলিয়ে ( এজন পুৰুষে) ঊল গুঁঠি আছিল খেল বিৰতিত। তেওঁলোকৰ বাবে সেইটো চিন্তনীয় কথা নহয়। তাত ‘কোন কেনেকুৱা হ’ব লাগিব’ ৰ দৰে সামাজিক এজেন্দা নাই। অথচ পজিটিভ অৰ্থতে ভাইৰেল হৈছে ভিডিঅ’টো । এয়াও যেন এক সকাহ। যেন “ষ্টেৰিঅ’টাইপ” ৰ বিৰুদ্ধে এক নতুম মিছাল।