সংকটত শিৱসেনা
দিলীপ দৈমাৰী
মহাৰাষ্ট্ৰত শিৱসেনা নেতৃত্বাধীন চৰকাৰ সংকটৰ মুখত পৰিছে।
শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ শিন্ডে( Eknath Shinde)ই নিজৰ অনুগামী ভালেসংখ্যক বিধায়কক লগত লৈ প্ৰথমে গুজৰাটৰ চুৰাটলৈ গৈ তাতে এখন হোটেলত বাহৰ পতাৰ পিছত হঠাৎ গুৱাহাটী অভিমুখে ৰাওনা হৈ গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত প্ৰৱেশ কৰে।
ইয়াকে লৈ মহাৰাষ্ট্ৰৰ, দিল্লীৰ ৰাজনৈতিক পৰিৱেশ তপত হৈ পৰিছে।
একনাথ শিন্ডেই এতিয়ালৈ কৈ আছে যে ‘ আমি বালাচাহেব ঠাকৰেৰ শিৱ সেনা ত্যাগ কৰা নাই। কৰাৰ মানসিকতাও নাই। মুঠ ৪০ জন বিধায়ক এতিয়া গুৱাহাটীত মোৰ সৈতে আছে। আমি সকলোৱে বালাচাহেবৰ হিন্দুত্বৰ পথ অনুসৰণ কৰি সেই পথেৰেই আগুৱাই যাম।’

কিন্তু হঠাৎ গুৱাহাটী অভিমুখে কিয়?
এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে,’ ভ্ৰমণৰ বাহিৰে অইন একো নহয়’!
অৱশ্যে ‘নাটক’ এতিয়াও বহুত বাকী বুলি পৰ্যবেক্ষক মহলে কৈছে।
এই মুহুৰ্তত মহাৰাষ্ট্ৰৰ মহা বিকাশ আগাড়ি ( MVA)ৰ চৰকাৰখন ৰক্ষা কৰা এক প্ৰৱল প্ৰত্যাহ্বান হৈ পৰিছে।
কাৰণ সময় যিমানেই অতিবাহিত হৈছে, সিমানেই মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰ ৰক্ষা কৰা কঠিন হৈ পৰিছে।

‘ আমি বালাচাহেব ঠাকৰেৰ শিৱ সেনা ত্যাগ কৰা নাই। কৰাৰ মানসিকতাও নাই। মুঠ ৪০ জন বিধায়ক এতিয়া গুৱাহাটীত মোৰ সৈতে আছে। আমি সকলোৱে বালাচাহেবৰ হিন্দুত্বৰ পথ অনুসৰণ কৰি সেই পথেৰেই আগুৱাই যাম।’
বিদ্ৰোহী নেতা একনাথ শিন্ডে শিবসেনাৰ জনপ্ৰিয় নেতাসকলৰ মাজৰেই এজন। দলত তেওঁৰ গুৰুত্ব কমি যোৱাত বহুদিন ধৰি অসন্তুষ্ট হৈ আছিল থানেৰ ‘ষ্ট্ৰংমেন’ একনাথ শিন্ডে। সঞ্জয় ৰাউটৰ গুৰুত্ব বৃদ্ধি হোৱাটোও এক অন্যতম কাৰণ।

শিন্ডেৰ বিদ্ৰোহৰ উমান পাই উদ্ধৱ ঠাকৰেই দলৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰিছিল যদিও ভালেকেইজন বিধায়ক অনুপস্থিত আছিল। তেতিয়াই গম পোৱা গৈছিল যে পৰিস্থিতি গম্ভীৰ।
কিন্তু উদ্ধৱ ঠাকৰেই আতংকিত নহৈ শিন্ডেৰ বিৰুদ্ধে পদক্ষেপ লৈ তেওঁক পৰিষদীয় দলনেতাৰ পদৰ পৰা আতৰ কৰি সেই স্থানত অজয় চৌধুৰীক অধিস্থিত কৰে। তেতিয়াই ‘নাটক’ আৰম্ভ হয়। শিন্ডে এতিয়া মূল চৰিত্ৰত আৰু তেওঁ এতিয়া গুৱাহাটীত।
এনে সময়তে আকৌ হঠাৎ অসুস্থ হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিংহ। তেওঁক ইতিমধ্যে দক্ষিণ মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি বাতৰি পোৱা গৈছে।

এনে অৱস্থাত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই পদত্যাগ কৰিলে কি হ’ব পাৰে – তাকে লৈ উত্তেজনা চৰম সীমা পাইছে। এতিয়া দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই মন্ত্ৰীসভাৰ বৈঠক আহ্বান কৰিছে। কিন্তু শেহতীয়াকৈ শুনা খবৰ অনুসৰি বৈঠকত শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে কোনো আলোচনা কৰা হোৱা নাই, বৰং অনুপস্থিত সকলৰ বিধায়ক পদ খাৰিজ কৰা হ’ব পাৰে বুলি কোৱা হৈছে। সঞ্জয় ৰাউটৰ মতে অসমৰ কাজিৰঙা অতি বিতোপন স্থান হেতুকে শিৱ সেনাৰ বিধায়ক সকল অসমলৈ গৈছে( এই বানৰ সময়ত)!

ইতিমধ্যে মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে অইন ৪ জন বিধায়ক লগত লৈ এখন চাৰ্টাৰ্ড বিমান লৈ চুৰাট হৈ গুৱাহাটীৰ অভিমুখে উৰা মৰা বুলি কোৱা হৈছে।
শিৱসেনাৰ এজন বিধায়ক নীতিন দেশমুখে চুৰাটৰ পৰা কিবাকৈ মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে আৰু তেওঁ কৈছে যে বলপূৰ্বক তেওঁক লৈ যাবলৈ চেষ্টা কৰা হৈছিল। তেওঁ টুইট যোগে কয় যে তেওঁ উদ্ধৱ ঠাকৰেৰ সৈতে আছে।

দেখা যাওক, এই ‘নাটক’খনে কেনে মোৰ লয়!
২২-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)