সংকটাপন্ন নাৰায়ণপুৰৰ মাঘনোৱা দ’ল
গৌতম শৰ্মা
ইতিহাসৰ পাতত উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ঐতিহাসিক লখিমপুৰ জিলাখনৰ এক সুকীয়া পৰিচয় আছে।
প্ৰাচীন কালৰে পৰা এইখন ঠাইৰ সৈতে বহিঃবিশ্বৰ এক সুন্দৰ যোগসূত্ৰ আছিল।
যিখিনি কথাৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ জিলাখনৰ বহু ঠাইত আজিও বহু ঐতিহাসিক ঠাই আৰু সম্পদসমূহ সগৌৰৱে থিয় হৈ আছে।
এইসমূহৰ ভিতৰত ৰজাবাৰী, হাৰ্হি দেৱালয়, গৰখীয়া দ’ল, নীল দেৱালয়, পঞ্চানন দেৱালয়, লোণপানী দ’ল, মাঘনোৱা দ’ল, ফুলবাৰী দেৱালয়, বুটিকুৰ, চাউলধোৱা, চুলুংমুখ, কদম, খগা, হাতীলুং, পকা দ’ল পিঠাগুৰি, হাৰমতী, ৰাজগড় আলি, বৈঠাৱতী দেৱালয়, মুঢ়াভঙা দ’ল, বুঢ়ী গোসাঁনীৰ থান, দেওঘৰ, ঘাৰমৰা সত্ৰ, নাহৰআটি সত্ৰ, বিষ্ণু বালিকুছি, লেতেকুপুখুৰী, বেলগুৰি থান, পুনীয়া সত্ৰ, চাঙীনি থান, বাঁহজেঙনী সত্ৰ আদিয়েই প্ৰধান।
উল্লেখিত লখিমপুৰ জিলাৰ এই ঐতিহাসিক ঠাই আৰু সম্পদসমূহে আজি সমগ্র জিলাখনৰ লগতে ৰাজ্য তথা দেশৰ বহুলোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈছে। যিসমূহ ঠাই আৰু সম্পদৰ প্ৰত্যেকৰে আছে এক নিজস্ব ইতিহাস, সৃষ্টিৰ এক জীৱন্ত কাহিনী।
আজি আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত ঐতিহাসিক মাঘনোৱা দ’লৰ বিষয়ে কিছু কথা উল্লেখ কৰিব বিচাৰিছোঁ। যিটো ঐতিহাসিক দ’ল আজি সংশ্লিষ্ট কৰ্তৃপক্ষৰ উপযুক্ত সংৰক্ষণ তথা সুৰক্ষাৰ অভাৱত জহি-খহি যোৱাটো আজি আমাৰ দৃষ্টিগোচৰ হৈছে।
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত মাঘনোৱা দ’ল বা ফুলবাৰী দ’লৰ (গাঁৱখনৰ নাম অনুসৰি বহুলোকে ইয়াক ফুলবাৰী দ’ল বুলি কয়) ইতিহাস বিচাৰিলে আমি পাওঁ যে এই দ’লটো কোনে, কেতিয়া, কি উদ্দেশ্যত নিৰ্মাণৰ কৰিছিল সেই বিষয়ে অদ্যাপী কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা হোৱা নাই।
যদিও পৰৱৰ্তী সময়ত বিভিন্নজন ঐতিহাসিক, পণ্ডিতে এই দ’লৰ ইতিহাস উদ্ধাৰ কৰিবলৈ গৈ বিভিন্ন তথ্য সূত্ৰৰ আশ্ৰয় লৈ বিভিন্ন মত দাঙি ধৰিছে; সেইসমূহৰ কোনোটোকেই আমি আনুমানিকতাৰ অবিহনে সম্পূৰ্ণ সত্য বা নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰিব নোৱাৰোঁ।
কিন্তু এইক্ষেত্ৰত এটা কথা সঁচা যে, এই দ’লটো মধ্যযুগৰ অসমত ৰাজত্ব কৰা আহোম ৰজাসকলৰ দিনতেই যে ৰজাঘৰীয়াৰৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা কৰা হৈছিল তাত কাৰো দ্বিমত নাই। কিয়নো বৈশিষ্ট্যগত দিশৰপৰা মাঘনোৱা দ’লটো অন্যান্য আহোম ৰজাদিনীয়া দ’ল-দেৱালয়সমূহৰ সৈতে বহু সাদৃশ্য থকা দেখিবলৈ পোৱা যায়।
ব্যক্তিগত প্ৰচেষ্টাই এই দ’লটোৰ ইতিহাস অধ্যয়ন কৰিবলৈ গৈ আমিও কেতবোৰ ঐতিহাসিক তথ্যসূত্ৰৰ সহায় ল’ব লগা হৈছিল। উল্লেখ্য যে, ‘আৱাহন’ আলোচনীৰ পঞ্চম বছৰৰ এটি সংখ্যাত “কামৰূপ তীৰ্থৰ বিৱৰণ” শীৰ্ষক এক প্ৰবন্ধত আনন্দ চন্দ্ৰ আগৰৱালাই এই মাঘনোৱা দ’লৰ পাৰতেই বিভাণ্ডক নামৰ এজন মুনিৰ আশ্ৰম আছিল বুলি কৈছে।
পণ্ডিত মহেশ্বৰ নেওগৰ ‘পবিত্ৰ অসম’ৰ ৬৪, ৬৫ আৰু ৬৬ নং পৃষ্ঠাত মাঘনোৱা দ’ল সম্পৰ্কত এক উল্লেখযোগ্য বিৱৰণ পোৱা গৈছে। তেখেতে এই দ’লটোক পুৰণি অসমৰ শাক্ত ধৰ্মৰ প্ৰাদুৰ্ভাৱ কালত সৃষ্ট বুলি মতপোষণ কৰিছে। মাঘনোৱা দ’লৰ ইতিহাস সম্পৰ্কে তেখেতে কৈছে, “আহোম ৰাজত্বৰ কেইবাজনো স্বৰ্গদেৱে ইয়াত আহি বাহৰ পাতি থকা বুৰঞ্জীত উল্লেখ আছে।
মানৰ দিনত ইয়াৰ ধন, সম্পত্তি লুট কৰি ইয়াতে শিবিৰ পাতি থাকোঁতে মন্দিৰত গোহত্যা কৰা বাবে মন্দিৰ অশুচি হোৱাত মানৰ ভয়ত আগতে দলৈ আৰু দেউৰীবিলাকে বিগ্ৰহ লৈ পলাই গৈ কলাবাৰীত মূৰ্তি লুকাই থোৱা ঠাইৰপৰা মন্দিৰলৈ ঘুৰাই নানি কলাবাৰীতে সাধাৰণ ঘৰবাৰী সাজি ৰাখিলে। সেয়েহে এতিয়া কলাবাৰীৰ ‘বৰকালিকা গোসাঁনী’ বুলি খ্যাত হৈ আছে।”
ঔপনিবেশিক শাসনকালত জন পিটাৰ ওৱেদ চাহাবে তেখেতৰ বুৰঞ্জীত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পিছলা নৈত স্নান কৰি ফুলবাৰী দেৱালয়ত গোসাঁনী সেৱা কৰি ৪,০০০ ল’ৰা-ছোৱালীক কাপোৰ, টকা আৰু সোণ দান কৰিছিল বুলি উল্লেখ কৰিছে। উল্লেখ্য যে, ওৱেদ চাহাবে উল্লেখ কৰা এই পিছলা নৈখন এতিয়াও লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলেদি বৈ আছে; যিখন নৈৰ কাষতেই এই মাঘনোৱা দ’লসহ কালী গোসাঁনী থান অৱস্থিত।
মাঘনোৱা দ’লৰ ইতিহাস বিজড়িত অন্যান্য তথ্য সূত্ৰসমূহৰ সম্ভেদ ল’লে পাওঁ যে, কালিকা পুৰাণত মাঘনোৱা দ’লৰ কাষেদিয়েই বৈ যোৱা পিছলা নৈখনক “গৌতমস্য মহাফলা” তীৰ্থ বুলি উল্লেখ পোৱা যায়। অন্যহাতেদি কেতবোৰ পণ্ডিতৰ দৃষ্টিভংগীত এই পিছলা নৈৰ পাৰতে পুৰণি অসমৰ তান্ত্ৰিক বৌদ্ধধৰ্মৰ প্ৰভাৱত সৃষ্টি হোৱা “পিছলা তন্ত্ৰ” নামেৰে এখন তন্ত্ৰও আছে।
অৱশ্যে এই কথাটো কিমানদূৰ সত্য সেয়া সন্দেহৰ আৱৰ্তত। অন্যহাতেদি, দৰং জিলাৰ এখন গেজেটিয়ানে ফুলবাৰী এই দেৱালয় স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰায় ১৭০৫ খৃষ্টাব্দত নিৰ্মাণ কৰিছিল বুলি তথ্য প্ৰদান কৰিছে। কিন্তু এই তথ্যৰ আচল উৎস সম্পৰ্কে আমাৰ জ্ঞাত নোহোৱাত এই তথ্যটোতথ্যটোক শুদ্ধ বুলি আমি মানি লোৱাত বহু সমস্যা আহি পৰিছে। উৎসৰ অভাৱৰ লগতে এই দেৱালয়ৰ ভৌগোলিক অৱস্থিতিৰ দিশৰপৰাও এই তথ্যক আমি ঐতিহাসিক সত্য বুলি স্বীকাৰ কৰাত বহু সমস্যা আহি পৰিছে।
কিন্তু সম্প্ৰতি গৰিষ্ঠসংখ্যক লেখক, গৱেষক, ঐতিহাসিকে এই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই মাঘনোৱা দ’লৰ ঐতিহ্য সম্পৰ্কে এই তথ্যক সত্যৰূপে মানি লৈ এক সিদ্ধান্তত উপনীত হ’বলৈ যত্ন কৰা দেখা গৈছে; আৰু ইয়াৰ বাবে যে উপযুক্ত তথা নিৰ্ভৰযোগ্য ঐতিহাসিক তথ্যপাতিৰ অভাৱ আৰু লগতে অদূৰ ভৱিষ্যতে এই দ’লটোৰ সম্পর্কে কিবা তথ্য পোৱাৰ থল নথকাৰ দিশটোৱেই একমাত্ৰ জগৰীয়া সেই কথা সহজেই অনুমেয়।
তথাপি আমি আশা কৰিম, মাঘনোৱা দ’লৰ আচল ইতিহাস উদ্ধাৰত আমাৰ ঐতিহাসিক, গৱেষকসকল এদিন সফল হ’ব।
ঐতিহাসিক এই মাঘনোৱা দ’লৰ বাহ্যিক দিশটো পৰ্যবেক্ষণ কৰিলে আমি দেখোঁ যে, এই দ’লটোৰ উচ্চতা প্ৰায় ৫০ ফুটমান হ’ব। অৰ্থাৎ আঠকোণীয়া এই মাঘনোৱা দ’লটো আনুমানিক ৩০ হাতমান ওখ, দ’লৰ সন্মুখত এটা বুলনিঘৰ আছে। বাহিৰ ফালৰ দীঘ প্ৰায় ৯ হাত। আঠকোণীয়া দ’লটোৰ প্ৰত্যেক বাহুৰ প্ৰায় এফুটৰ ব্যৱধানত দুটা কৰ্ণিচ আছে।
দ’লৰ বেৰৰ সাত হাতমান ওখত ১০ ইঞ্চি x ১০ ইঞ্চি x ১ ফুট ৪ ঘন ইঞ্চিৰ চটা-চট ইটাৰ ফুল আছে দুয়োটা কৰ্ণিচৰ মাজত। ইটাৰ চটাৰ ভিতৰত এটা বৃত্তৰ মাজত আঠকোণীয়া আৰু ছয়পহীয়া ফুলকটা আছিল। দ’লৰ বেৰবোৰ সাত ফুটমান ডাঠ। বুলনিঘৰ দীঘে ১২ হাত, পথালিয়ে ৯ হাত আৰু ওখই ৩ হাতমান হ’ব। দ’লৰ বাটচ’ৰাৰ বেৰ দীঘে ১২ হাত, পথালিয়ে ৯ হাত আৰু ওখই ৮, ১/২ হাত আৰু বাটচ’ৰাৰ বেৰ ২,১/২ ফুট ডাঠ।
দ’লটো নিৰ্মাণত ইটাৰ সৈতে সম্ভৱত বৰা চাউল, মাটিমাহ, কণী, শিল, চূণ আদি মিশ্ৰিত কৰি অৰ্থাৎ পুৰণি অসমৰ স্থাপত্য-ভাস্কৰ্য নিৰ্মাণৰ কাৰিকৰী দিশবোৰ প্ৰয়োগ কৰা হৈছিল।
দ’লৰ পকা ডাঠ পকা বেৰবোৰত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি খোদিত কৰা আছে। দ’লৰ বাহিৰত আইৰ থানৰ বিগ্ৰহত এতিয়াও তেল, সেন্দুৰে ভক্তসকলে পূজা-অৰ্চনা কৰা দেখা যায়। প্ৰাপ্ত তথ্য অনুসৰি, হৰিমিশ্ৰ নামৰ এজন বৈষ্ণৱ ধৰ্মাৱলম্বী লোকে অলপতে ইয়াত পৃথকে থকা গুৰু আসনখন প্ৰতিষ্ঠা কৰিছে। যিখন গুৰু আসনৰ বাবে সম্প্ৰতি মাঘনোৱা দ’লটো বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ হৈছে।
মাঘনোৱা দ’লৰ ভিতৰভাগ গুহাসদৃশ, ঘোপমৰা আন্ধাৰ, আন্তঃস্থলত আছে ‘নাগ বিগ্ৰহ’। ভিতৰত থকা ওখ দেৱালসমূহ বোৱতী নদীৰ শিলাখণ্ডৰ শেলুৱৈৰ দৰে মসৃণ, পকী মজিয়াখনো অত্যন্ত চেঁচা; য’ত অনবৰতে ক্ৰিয়া কৰে এক জয়াল পৰিৱেশে।
ভিতৰত থকা নাগ বিগ্ৰহৰ পৰা এটা কথা নিঃসন্দেহে প্ৰতিপন্ন হয় যে এই মাঘনোৱা দ’লটো আদিতে ‘মনসা’ পূজাৰ কেন্দ্ৰস্থল আছিল। আহোম ৰজাসকলৰ সঘন ইয়ালৈ আহ-জাহ তথা তেওঁলোকৰ এই দ’লটোৰ সৈতে থকা ঐতিহাসিক যোগসূত্ৰই আহোম ৰজাসকল মনসা পূজাৰ প্ৰতি থকা আগ্ৰহ তথা দুৰ্বলতাৰ কথাকে সূচায়।
সম্প্ৰতি এই মাঘনোৱা দ’লটোৰ লগতে বহুকেইখন ঐতিহাসিক ঠাইক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলতো বহু জনপ্ৰিয় এখন ঠাইলৈ পৰ্যবেসিত হোৱাটো আজি আমাৰ দৃষ্টিগোচৰ হৈছে।
ইয়াৰ অনুৰূপধৰণে কেতবোৰ নতুন সম্ভাৱনায়ো নকৈ শিপাইছে। নিতৌ ন-ন ভক্তৰ আগমনে, প্ৰতিবছৰে ইয়াত পাতি অহা পূজা-যজ্ঞ আদিৰ জনপ্ৰিয়তাই, ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বহু ধৰ্মপ্ৰাণ, শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষামূলক ভ্ৰমণে আৰু ঐতিহ্যপ্ৰেমীৰ সঘন আগমনে এই সম্ভাৱনাক সুন্দৰৰূপত প্ৰকাশ কৰিছে।
মাঘনোৱা দ’লটোৰ লগতে এই অঞ্চলত থকা অন্যান্য ঐতিহাসিক আকৰ্ষণীয় ঠাইসমূহক সুন্দৰকৈ পৰিৱেশন কৰি নাৰায়ণপুৰ অঞ্চলটোত পৰ্যটন উদ্যোগটোৰ বিকাশৰ কথাও চিন্তা কৰিব পৰাও বহুখিনি থল তথা সম্ভাৱনা নথকা নহয়।
কিন্তু সম্ভাৱনাবোৰ তেতিয়াহে কাৰ্যকৰী হ’ব যেতিয়া সমস্যাবোৰক সমাধান কৰিবলৈ সংশ্লিষ্ট পক্ষই যথোচিত ব্যৱস্থা ল’ব; বহু সম্ভাৱনাৰে প্ৰকট যদিও সম্প্ৰতি এখন ওলোটা প্ৰতিচ্ছবিহে আজি আমি মাঘনোৱা দ’ল সুৰক্ষা, সংৰক্ষণৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ।
দ’লটো প্ৰত্যক্ষ কৰি ইয়াৰ কাষৰ জনসাধাৰণৰ বক্তব্যবোৰ সংগ্ৰহ কৰি এনে লাগিল যেন চৰকাৰ, পুৰাতত্ব বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই আজিকোপতি এই দ’লটোৰ সুৰক্ষা প্ৰদানৰ হেতু কোনো ফলপ্ৰসূ ব্যৱস্থা হাতত লোৱা নাই। উপযুক্ত চোৱাচিতাৰ অভাৱত ইতিমধ্যে দ’লটোৰ বেৰত থকা বহুবোৰ মূৰ্তি তাৰপৰা নাইকিয়া হৈছে।
তদুপৰি দ’লৰ বেৰত প্ৰত্যক্ষ কৰিবলৈ পোৱা কেতবোৰ অদ্ভুত ছবিয়ে আমাক এই দ’লটো অস্তিত্বৰ সংকটৰ যে শেষ পৰ্যায়ত তাকো কৈ গ’ল। একাংশ দুষ্টচক্ৰই দ’লটোৰ বেৰত অংকন কৰা অশ্লীল ছবিসমূহে দ’লটোৰ ঐতিহ্য আৰু মহত্বক ভেঙুচালি কৰিছে।
চকুৰ আগতে এনেকুৱা এটা ঐতিহাসিক জাতীয় সম্পদ ধ্বংসৰ মুখলৈ গতি কৰাটো সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেকৈ চাই থাকিব পৰিছে সেয়া ভাবি আজি আমি অতি আচৰিত হৈছোঁ! আমাৰ আহ্বান, অচিৰেই এই দ’লটোৰ সুৰক্ষাৰ হেতু অসম চৰকাৰে, পুৰাতত্ব বিভাগে যথোচিত ব্যৱস্থা গ্ৰহণ কৰক, স্থানীয় ৰাইজেও যৌথভাৱে মাঘনোৱা দ’লৰ সুৰক্ষা, সংৰক্ষণৰ বাবে হাতউজান দিয়ক।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন : ৯৯৫৪০০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)