• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

সংগীত খনিকৰ পুৰুষোত্তম দাস

কল্যাণ কলিতা

by Kalyan Kalita
June 20, 2024
in Inspiration, Culture, Remembrance
Reading Time: 3 mins read
0
person playing an harmonium

Photo by Rahul Pandit on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়নৰ শ্ৰষ্টা সংগীত খনিকৰ পুৰুষোত্তম দাস

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

২০ জুন, আমি সকলোৱে জানো যে ২০ জুন “বিষ্ণুপ্ৰসাদ ৰাভা দিৱস“৷

অসমী আইৰ আটাইতকৈ সুযোগ্য সন্তানসকলৰ ভিতৰত অন্যতম “কলাগুৰু” হিচাপে পৰিচিত বিষ্ণুপ্ৰসাদ ৰাভাৰ ১৯৬৯ চনৰ ২০ জুনত পৰলোক গমন হৈছিল৷ যাৰ পৰিপ্ৰেক্ষিতত বৰেণ্য অসমীয়াগৰাকীৰ স্মৃতিত দিনটো সমগ্ৰ অসমতে “বিষ্ণুপ্ৰসাদ ৰাভা দিৱস” হিচাপে পালন কৰা হয়৷

সংগীত খনিকৰ পুৰুষোত্তম দাস
পুৰুষোত্তম দাস

বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সৰ্বগুণাকৰ শিল্পী এগৰাকীৰ বাবে অসমীয়াই কৰিবলগীয়া আৰু বহুত আছে৷ পিছে আজি আমি ৰাভাদেৱৰ বিষয়ে অৱতৰণা কৰিব বিচৰা নাই৷ আজিৰ এই একেটা দিনতে পৰলোক গমন কৰিছিল অসম মাতৃৰ আন এগৰাকী সুযোগ্য সন্তান, যিগৰাকীক আজিৰ প্ৰজন্মৰ অধিকাংশই নাজানে৷ জানিবই বা কিদৰে? কাৰণ তেওঁৰ বিষয়ে আমি চৰ্চা নকৰো, তেওঁক ভালদৰে স্মৰণ নকৰো৷

গুৱাহাটীৰ লতাশিল খেলপথাৰৰ কথা মনলৈ আহিলেই অৱধাৰিতভাৱে আহে অসমীয়াৰ বাপতি সাহোন, অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ ৰঙালী বিহুৰ কথা৷ কিয়নো লতাশিলৰ এই বিখ্যাত খেলপথাৰখনতেই অনুষ্ঠিত হয় ৰাজ্যৰ ভিতৰতে অন্যতম বৃহৎ এখন প্ৰতিযোগিতা ৷ অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় গুৱাহাটী মহানগৰীৰ হৃদপিণ্ডত অৱস্থিত লতাশিলৰ এই খেলপথাৰখনত ৷

আৰু এই ঐতিহ্যমণ্ডিত খেলপথাৰখনৰ মুখ্য দ্বাৰখনত জিলিকি আছে “শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন” শীৰ্ষক এটি সুমধুৰ গীত৷ যিটো গীতক অসমীয়াৰ বুকুত আলোড়নৰ সৃষ্টি কৰা সৰ্বকালৰ অন্যতম শ্রেষ্ঠ গীত হিচাপে বিবেচনা কৰা হয়৷

১৯৫১ চনত লতাশিলত আয়োজিত গুৱাহাটী বিহু সন্মিলনীৰ উদ্বোধনী গীত হিচাপে ৰচিত এই গীতটিৰ সৃষ্টিৰ আঁৰৰ মহান স্বাভিমানী ব্যক্তিগৰাকী আছিল অসমীয়া কলা সংস্কৃতিৰ এগৰাকী পুৰোধ্য, যিগৰাকীয়ে ১৯৪৮ চনত শ্বিলঙত প্রতিষ্ঠা কৰা অঁনাতাৰ কেন্দ্রৰ বিষয়া হিচাপে যোগদান কৰি অঁনাতাৰ যোগে অসমীয়া গীত মাত ৰাইজৰ ওচৰলৈ লৈ যোৱাত অগ্রণী ভূমিকা গ্রহন কৰিছিল।

তেওঁ হৈছে অসম গৌৰৱ পুৰুষোত্তম দাস, যি পুৰুষোত্তম দাসৰ কালজয়ী গীত “শ্রীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন” অসমৰ প্ৰতিখন ৰঙালী বিহুৰ পতাকা উত্তোলনৰ গীত হিচাপে স্বীকৃত হৈ আহিছে৷

কিন্তু অসমীয়া থলুৱা-লোকসংগীতক অন্য এক মাত্ৰা প্ৰদান কৰি ১৯৯৪ চনৰ আজিৰ দিনটোতে পাৰ্থিৱ পৃথিৱী ত্যাগ কৰা এইগৰাকী বৰেণ্য শিল্পীক যেন আমি মনত ৰাখিবলৈও চেষ্টা কৰা নাই৷ যিসময়ত আমাৰ ৰাজ্যত হিন্দী আৰু বঙালী গীতৰ আধিপত্য চলিছিল; অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি একপ্ৰকাৰ সংকটত পৰিছিল, সেই সময়তে অসমীয়া গান কিয় গাব নোৱাৰি বুলি বৰপেটা বিদ্যাপীঠত ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত স্বাভিমানী অসমীয়া ছাত্ৰ পুৰুষোত্তম দাসে নিজৰ সুন্দৰ ভাষাটোৰ প্ৰতি দায়বদ্ধ হৈ অসমীয়াত গীত লিখি, সুৰ কৰি পৰিৱেশন কৰিছিল৷

ছাত্ৰাৱস্থাৰ পৰাই অসমীয়া সংস্কৃতিৰ প্ৰতি দায়বদ্ধ পুৰুষোত্তম দাসে অসমত প্রচলিত লোক সঙ্গীতসমূহক মুল ধাৰাৰ সঙ্গীতজ্ঞসকলে নস্যাৎ কৰিব বিচৰাৰ সময়তে এই সুন্দৰ লোকসংগীতসমূহক অসমৰ সঙ্গীতপ্রেমী ৰাইজৰ হৃদয়ত প্ৰতিষ্ঠা কৰাৰ মানসেৰে প্ৰতিপল অহোপুৰুষাৰ্থ কৰি গৈছিল ৷

অসমৰ সত্ৰভূমি হিচাপে সুপৰিচিত, অসমীয়া সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান বৰপেটাৰ দহাটীত কৃষ্ণ দাসৰ ঔৰষত আৰু বৰদা দাসৰ গৰ্ভত ১৯১৮ চনৰ ১৫ নৱেম্বৰত জন্মগ্ৰহণ কৰা গীতিকাৰ, সুৰকাৰ পুৰুষোত্তম দাস আছিল কলিকতা তথা গুৱাহাটীত প্ৰতিষ্ঠা হোৱা আকাশবাণীৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট, যিগৰাকী স্বনামধন্য অসমীয়াৰ প্ৰচেষ্টাত দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কুইন হাজৰিকা, তুলতুল ভড়ালী আদি আগশাৰীৰ শিল্পীক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ’ত গোৱাৰ ব্যৱস্থা কৰিছিল৷

ইয়াৰোপৰি নামনি অসমত প্ৰচলিত বিভিন্ন স্থানীয় গীতকে ধৰি বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতৰ উপৰি ৰাভা, বড়ো আদি বিভিন্ন জনগোষ্ঠীৰ গীতসমূহ অনাতাৰ কেন্দ্ৰ যোগে প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ 

সংগীত খনিকৰ পুৰুষোত্তম দাস

আনহাতে ১৯৪৭ চনত মুক্তিলাভ কৰা “বদন বৰফুকন”ত গৌড় গোস্বামীৰ সৈতে যুটীয়াভাৱে, ১৯৪৯ত “পাৰঘাট”ত ভূপেন হাজৰিকাৰ সৈতে গন্ধৰ্ব ছদ্মনামেৰে যুটীয়াভাৱে আৰু ১৯৫৫ত “নিমিলা অঙ্ক”ত সংগীত পৰিচালনা কৰাৰ লগতে ১৯৪৯ চনত জ্যোতিপ্ৰসাদৰ দ্বিতীয় পৰ্যায়ৰ জয়মতীৰ সহকাৰী সঙ্গীত পৰিচালক হিচাপেও দায়িত্ব গ্ৰহণ কৰি দাসে অসমীয়া চিনেমাৰ জগতখনৈ আগবঢ়াইছিল বিশেষ অৰিহণা৷ 

১৯৩৭ চনত গুৱাহাটী স্কুল টুৰ্নামেণ্ট উপলক্ষে কেম্প ফায়াৰত গীত পৰিৱেশন কৰি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা পুৰুষোত্তম দাসে ১৯৩৮ চনত গীত বাণীবন্ধনৰ বাবে কলিকতালৈ ৰাওনা হয়৷ ইয়াৰ পিছতে ১৯৪৩ চনত বাল্যবন্ধু কমলনাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ’ত অসমীয়া গীতৰ প্ৰযোজক হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰত যোগদান কৰে৷

আঢ্যবন্ত অসমীয়া সংগীতৰ ক্ষেত্ৰখনক জনমানসত উজলাই তোলাৰ বাবে নিৰলস প্ৰচেষ্টা কৰি যোৱা স্বাভিমানী অসমীয়াগৰাকীয়ে আকাশবাণীৰ মঞ্চখনৰ সদব্যৱহাৰ কৰি অসমৰ নবীন-প্ৰবীণ শিল্পীসকলৰ জৰিয়তে অসমীয়া সংগীতৰ এক সুস্থ আৰু সবল ধাৰা গঢ়ি তুলিবলৈ যত্নপৰ হৈছিল৷ তেওঁৰ প্ৰচেষ্টাতে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ দৰে লোকশিল্পীসকলে বৰ্হিজগতৰ সৈতে পৰিচিতি লাভ কৰিছিল৷

 ১৯৭৬ চনত ‘এটি মনৰ জীয়া ইতিহাস’ শীৰ্ষক আলেখ্যৰ বাবে আকাশবাণীৰ সৰ্ব্বশ্ৰেষ্ঠ সংগীতালেখকৰ পুৰস্কাৰ লাভ কৰা পুৰুষোত্তম দাস ১৯৫৮ চনত অসম সংগীত-নাটক অকাডেমিৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল আৰু সেইখন সমিতিৰ উদ্যোগতে ‘স্বৰৰেখাত বৰগীত’ শীৰ্ষক গুৰুত্বপূৰ্ণ গ্ৰন্থখন প্ৰকাশ হৈছিল৷

 ১৯৭৯ চনত আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী বিশিষ্ট শিল্পীক অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ১৯৮৩ চনত ৰাজ্য চৰকাৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰে৷ ১৯৯৪ চনৰ ২০ জুনত ৭৬ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীয়ে ৰঙালী বিহু উদ্বোধন তথা পতাকা উত্তোলনৰ গীত ‘শ্ৰীময়ী অসমীৰ শীতল কোলাত’ ৰচনা কৰাৰ উপৰি কামৰূপ একাডেমি, বৰপেটা বিদ্যাপীঠকে ধৰি ভালেসংখ্যক অনুষ্ঠানৰ ৰূপালী আৰু সোণালী জয়ন্তীৰ উদ্বোধনী গীত ৰচনা কৰিছিল৷

সংগীত খনিকৰ পুৰুষোত্তম দাস

বহুসংখ্যক গীত ৰচনা কৰাৰ লগতে কেবাটাও গল্প আৰু প্ৰবন্ধ লিখি অসমীয়া সাহিত্য তথা গীতি সাহিত্যৰ ভড়াল চহকী কৰি থৈ যোৱা এইগৰাকী প্ৰকৃত অসম সন্তানক আজিৰ প্ৰজন্মৰ মাজত আমি জীয়াই ৰাখিব লাগিব৷ মহান অসমীয়া গৰাকীক আজিৰ প্ৰজন্মৰ মাজত দাঙি ধৰাৰ বাবে আমাৰ লগতে চৰকাৰৰো নিশ্চয় কৰণীয় আছে৷ 

এই ক্ষেত্ৰত বৰপেটাৰ “তাঁতীকুঁছি“, গুৱাহাটীৰ “সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি” আদি দুই এক সামাজিক-সাংস্কৃতিক সংস্থা নিশ্চয়কৈ শলাগৰ পাত্ৰ৷ তেওঁলোকৰ দৰে অসমৰ আন আন সংস্থাসমূহেও আগবাঢ়ি আহিব লাগিব৷

আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগেও যদি পুৰুষোত্তম দাসৰ দৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ পথাৰখন জীপাল কৰি তোলা পুৰোধাসকলৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰে তেন্তে ই হব তেওঁলোকৰ প্ৰতি অনন্য সন্মান৷

diya oil lamp

কল্যাণ কলিতা, ফোন-৯৯৫৭৩৪৮৬২৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Kalyan Kalita

Kalyan Kalita

Related Posts

How India’s ‘Cockroach’ Movement Reclaimed Democracy
Justice

How India’s ‘Cockroach’ Movement Reclaimed Democracy

by PAHARI BARUAH
July 26, 2026
0

How India’s ‘Cockroach’ Movement Reclaimed Democracy PAHARI BARUAH On July 22, 2026, in the pouring monsoon rain at Mumbai’s Shivaji...

Read moreDetails
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d