সংগ্ৰামী ভাতৃ মুকুল দাসৰ শেষ যাত্ৰাত …
কুমাৰ দীপক দাস

১৯৭৬ ত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বৰপেটাৰ ছাত্ৰ আন্দোলনৰ দ্বিগগ্বজ গজেন দা‘হতে আমাক প্ৰদান কৰে ।
তাৰ পিচতে জৰুৰী কালিন অৱস্থা(Emergency)ৰ পৰিপ্ৰেক্ষিতত বিধস্থ আছুৰ বিশাল সংগঠনটোক পুনৰ গঠনৰ কামত আমি সক্ৰিয়তাৰে কাম আৰম্ভ কৰোতে দুজন যুৱকে আমাক বিশেষ ভাবে সহায় কৰিব আগবাঢ়ি আহে তাৰে এগৰাকী গুনাদিত্য দাস, অন্য গৰাকী আছিল মুকুল দাস ।
লাহে লাহে সিহঁত দুয়োৱে বহু কেই গৰাকী যুবকক আমাৰ সৈতে চামিল কৰাই বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাকো শক্তিশালী কৰি তুলিলে ।

তাৰ পিচত আমি তেতিয়াৰ সমগ্ৰ বৰপেটা মহকুমাতে ছাত্ৰ ,জাতীয় তথা সামাজিক বিভিন্ন সমস্যাৰ সমাধানৰ বাবে যুঁজ আৰম্ভ কৰিলো ,পিচলৈ মুকুল সমুখত থিয় হৈ সেই সংগ্ৰামী যাত্ৰা আৰম্ভ কৰিছিল আৰু মৃত্যুশৰ্যাত পৰাৰ আগলৈকে অক্লান্ত ভাবে যুঁজ দি গ’ল ।
১৯৭৯ত অসম আন্দোলন আৰম্ভ হ’ল , মুকুল দাসো সেই আন্দোলনৰ জীয়া ইতিহাস হৈ ৰ’ল …
তাৰ পিচত আঞ্চলিকতাবাদত বিশ্বাসী মুকুল দাসে অসম গণ পৰিষদ দলত যোগদান কৰি সমগ্ৰ বৰপেটা জিলাত আঞ্চলিক দলটোক সৱল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সচেষ্ট হয়। পিচলৈ বৰপেটা পৌৰ সভাৰ নিৰ্বাচিত সভাপতি হিচাবে দায়িত্ব বহন কৰি বৰপেটা পৌৰ এলেকাক এক নৱ ৰূপ প্ৰদান কৰিছিল।
মুকুলৰ মৃত্যু ৰ খবৰে মনত বৰ দুখ দিছে ।গুৱহাটীলৈ এপল’ হস্পিটালত অহাৰ পিচত খৱৰ লওঁ ড• তন্ময় দাসে কয় –তাৰ বৰ কঠিন সময় চলিছে ।
সকলোৱে বিচৰা দৰে মইও ভাবিছিলো সুস্হ হৈ উঠিব । পিচলৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ লৈ আনা হ’ল ।
যোৱাকালি ৫.০০ বজাত মুকুলৰ ভন্টি তিলকাৰ সৈতে কথা পাতোতে ক’লে -ড• সংগীত দত্তই আহি এটা ইনজেক্চন দিয়াই কৈ গ’ল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক । কিন্তু মুকুলে যেন নিশা ৮.০০ বজাৰ পিচত লাহে লাহে বিদায় যাত্ৰা আৰম্ভ কৰিলে …
প্ৰিয়ৰজ্ঞনে লিখাৰ দৰে ‘ …কৈ বা লিখি শেষ কৰিব নোৱাৰি মুকুলৰ কথা! কি নাছিল তেওঁ! তেওঁ আছিল এক সংগ্ৰামী সত্ত্বা ৷অসম আন্দোলনৰ এক আগৰণুৱা যোদ্ধা ৷ নিৰ্বাচনী ৰাজনীতিৰ ক্ষেত্ৰখনৰ সহযোগী আছিলো মই আৰু বন্ধুবৰ শুভ ৷ বহু স্মৃতি, বহু কথাই এতিয়া মনত ভিৰ কৰিছে ৷ অসম আন্দোলনৰ সেই দিনবোৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দিনবোৰ চেলুলয়ডৰ পৰ্দাৰ দৰে চকুৰ আগত ভাহি উঠিছে ৷ বহু কথা, বহু স্মৃতি ! ‘
এটা সংগ্ৰামী সত্বা আৰূ বিশাল অধ্যায়ৰ সামৰণী পৰিল । প্ৰৱল জাতীয়তাবাদী সত্বাৰ গৰাকী ভাতৃপ্ৰতিম মুকুল দাসলৈ গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰিলো । তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই , শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
মুকুল দাস অমৰ হওক ।

30-05-2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)