সংবাদ মাধ্যমৰ স্বাধীনতা
দিলীপ দৈমাৰী
‘সংবাদ মাধ্যমৰ স্বাধীনতা‘ ( Press Freedom)ৰ নিৰিখত অধিক তললৈ নামি গ’ল ভাৰত। বিশ্ব সংবাদ মাধ্যম স্বাধীনতা সূচক ( World Press Freedom Index)ৰ নিৰিখত আৰু ৮ ধাপ তললৈ নামিল ভাৰত। ১৮০ খন দেশৰ তালিকাত ভাৰতৰ স্থান ১৫০ নম্বৰত। ইমানেই সংবাদ মাধ্যমৰ স্বাধীনতাহীনতা!
প্ৰতিৱেশী নেপাল, ভূটান, শ্ৰীলংকাৰ স্থান ভাৰততকৈ ওপৰত। যোৱা বছৰ ভাৰতৰ স্থান আছিল ১৪২ , এইবাৰ ১৫০! প্ৰতিবেদনত কোৱা হৈছে, মোডীৰ দিনত ক্ৰমশঃ সংকুচিত হৈছে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা।
সংবাদ মাধ্যমৰ স্বাধীনতাৰ মাপকাঠি সম্পৰ্কীয় এই তালিকাখনত কোন দেশৰ স্থান ক’ত, যোৱাকালি মঙলবাৰে ৩ মে’ ২০২২ তাৰিখে সেই প্ৰতিবেদন প্ৰকাশ কৰিছে আন্তৰ্জাতিক সংগঠন ‘ ৰিপোৰ্টাছ উইডাউট বোৰ্ডাৰ’ ( Reporters Without Boarders)-এ। এই প্ৰতিবেদনত কোৱা হৈছে, ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সংকটৰ মুখত!
“ভাৰতত সাংবাদিকৰ ওপৰত অবিৰাম আক্ৰমণ চলি আছে। ইয়াৰ লগতে সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰা হৈছে। মুক্ত সংবাদ সেৱা এতিয়া দুৰ্লভ হোৱাৰ পথত। প্ৰতিবেদনত কোৱা হৈছে, গণতান্ত্ৰিক দেশৰ জাতীয়তাবাদী বা একনায়কতান্ত্ৰিক চৰকাৰে সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। সাংবাদিকৰ কন্ঠৰোধ কৰিছে।”
এই প্ৰতিবেদনত আৰু কোৱা হৈছে যে ভাৰতত সাংবাদিকৰ ওপৰত অবিৰাম আক্ৰমণ চলি আছে। ইয়াৰ লগতে সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰা হৈছে। মুক্ত সংবাদ সেৱা এতিয়া দুৰ্লভ হোৱাৰ পথত। প্ৰতিবেদনত কোৱা হৈছে, গণতান্ত্ৰিক দেশৰ জাতীয়তাবাদী বা একনায়কতান্ত্ৰিক চৰকাৰে সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। সাংবাদিকৰ কন্ঠৰোধ কৰিছে।

প্ৰতিবেদনত পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ অনুগামী ‘ভক্ত’ সকলৰ বিষয়েও উল্লেখ কৰা হৈছে। যিসকল সাংবাদিকে কেন্দ্ৰীয় চৰকাৰৰ, মোডীৰ সমালোচনা কৰিছে, তেওঁলোকক নানান ধৰণে হাৰাশাস্তি কৰা হৈছে, মাৰ-পিট কৰা হৈছে, লঘু-লাঞ্চনা কৰা হৈছে, মিছা গোচৰ জাপি দিয়া হৈছে।
কেৱল ভাৰত নহয়, সংবাদ মাধ্যমৰ স্বাধীনতাৰ নিৰিখৰ ক্ষেত্ৰত অৱনমিত হৈছে প্ৰতিৱেশী বাংলাদেশ (১৬২), পাকিস্তান ( ১৫৭), আফগানিস্তান ( ১৫৬), শ্ৰীলংকা ( ১৪৬)।
04-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.
![]() | ReplyForward |