সংযুক্ত জীৱনৰ মাজত মানসিক শান্তিৰ সন্ধান

ছন্দাস্মিতা কাশ্যপ
আজিৰ এই উচ্চ প্ৰযুক্তিসম্পন্ন যুগত প্ৰায় প্ৰতিটো দিশতে ডিজিটেল মাধ্যমৰ উপস্থিতি মানুহৰ জীৱনধাৰাক একেবাৰেই ৰূপান্তৰ কৰি তুলিছে।
যদিও এই প্ৰযুক্তিৰ উন্নতিয়ে জীৱন সহজ আৰু তৎপৰ কৰিছে, তেনেও ইয়াৰ অধিক ব্যৱহাৰে মানসিক চাপ, উদ্বেগ আৰু বাৰ্নআউট (burnout) যেনে সমস্যাৰ বৃদ্ধি ঘটাইছে।
কাম আৰু ব্যক্তিগত জীৱনৰ সীমাৰেখা মচি যোৱাৰ লগে লগে, মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা আৰু সচেতনতা এতিয়া বিশ্বব্যাপী এক গুৰুত্বপূর্ণ আলোচনাৰ বিষয় হৈ পৰিছে।
দীৰ্ঘ সময় ধৰি স্ক্ৰীনৰ সন্মুখত কটোৱা, একেৰাহে ছচিয়েল মিডিয়াৰ অৱিৰত ভাৱে ব্য়বহাৰৰ ফলত, বহু লোকক মানসিকভাৱে পৰিশ্ৰান্ত কৰি তুলিছে। এই পৰিস্থিতিৰ প্ৰতি সজাগ হৈ বৰ্তমান মানুহে মানসিক সুস্থতাক সমগ্ৰ স্বাস্থ্য ব্যৱস্থাৰ এক অঙ্গ হিচাপে বিবেচনা কৰিবলৈ ধৰিছে, আৰু একেটাকৈ ডিজিটেল আচৰণো এই সুস্থতাৰ লগত ওতপ্ৰোতভাৱে জড়িত বুলি স্বীকাৰ কৰিছে।
“মানসিক স্বাস্থ্য আৰু ডিজিটেল ডিট’ক্সৰ এই প্ৰৱণতাই দেখুৱাইছে যে আজিৰ যান্ত্রিক যুগত সুস্থ থাকিবলৈ কেৱল ডিজিটেল সংযোগ যথেষ্ট নহয়—প্ৰয়োজন হয় অন্তৰ্নিহিত সংযোগ, মনৰ স্থিতি, আৰু নিজকে চিনাৰ সচেতনতা। এই সচেতনতা আৰু সাংস্কৃতিক পৰিৱর্তনে দেখুৱাইছে যে ডিজিটেল জীৱনতো সঁচাকৈয়ে সুস্থ থাকিব পৰা যায়,যদি আমি নিজেই সুস্থ হবলৈ সাহস কৰোঁ।”
এই ক্ষেত্ৰত ডিজিটেল ডিট’ক্স নামৰ এটা নতুন সংস্কৃতিৰ জন্ম হৈছে—অর্থাৎ কিছু সময়ৰ বাবে সচেতনভাৱে ফোন, লেপটপ, আৰু অন্যান্য ডিজিটেল ডিভাইচৰ পৰা আঁতৰি থাকি মানসিক শান্তি, একাগ্ৰতা আৰু সৃষ্টিশীলতা পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা।
এই প্ৰৱণতা কেবল ডিজিটেল জগতৰ পৰা আঁতৰি যাবলৈ নহয়, বৰঞ্চ ডিজিটেল উপকৰণবোৰ অধিক মনোযোগ সহকাৰে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। দৈনন্দিন জীৱনত নিৰ্দিষ্ট সময় স্ক্ৰীনমুক্ত ৰাখা, ছচিয়েল মিডিয়া ব্যৱহাৰৰ সীমা নিৰ্ধাৰণ কৰা, বা বাস্তৱিক অভ্যাসবোৰত মনোনিৱেশ কৰা এই ডিট’ক্স প্ৰৱণতাৰ অংশ।
এই চিন্তাধাৰাক আধাৰ কৰি বিভিন্ন প্ৰতিষ্ঠান, শিক্ষা সংস্থা আৰু স্বাস্থ্য সংস্থাও ডিজিটেল কল্যাণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। বহু কোম্পানীয়ে এতিয়া কৰ্মচাৰীৰ মানসিক স্বাস্থ্যক গুৰুত্ব দি ‘no-meeting hours’, মানসিক স্বাস্থ্যৰ বাবে ছুটি, আৰু ডিজিটেল আচৰণৰ ওপৰত কৰ্মশালা পৰিচালনা কৰিবলৈ ধৰিছে।

শিক্ষাক্ষেত্ৰতো ডিজিটেল সুস্থতা সম্পৰ্কীয় পাঠ্যসূচী সংযোজন কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সঠিকভাৱে নিজৰ অনলাইন আচৰণ পৰিচালনা কৰিব পাৰে।
ইপিনে, মানসিক স্বাস্থ্য সহায়ক নতুন প্ৰযুক্তি তথা এপ্লিকেচনৰো উন্মোচন হৈছে—যি মনৰ শান্তি বজাই ৰাখিবলৈ সহায় কৰে, স্ক্ৰীন টাইম পৰ্যবেক্ষণ কৰে, আৰু মনোসংযোগ উন্নত কৰে।
মানসিক স্বাস্থ্য আৰু ডিজিটেল ডিট’ক্সৰ এই প্ৰৱণতাই দেখুৱাইছে যে আজিৰ যান্ত্রিক যুগত সুস্থ থাকিবলৈ কেৱল ডিজিটেল সংযোগ যথেষ্ট নহয়—প্ৰয়োজন হয় অন্তৰ্নিহিত সংযোগ, মনৰ স্থিতি, আৰু নিজকে চিনাৰ সচেতনতা।
এই সচেতনতা আৰু সাংস্কৃতিক পৰিৱর্তনে দেখুৱাইছে যে ডিজিটেল জীৱনতো সঁচাকৈয়ে সুস্থ থাকিব পৰা যায়,যদি আমি নিজেই সুস্থ হবলৈ সাহস কৰোঁ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.














