-ড০ ৰাস্না ৰাজখোৱা |
ত্ৰি-মাত্ৰিক জৈৱ প্ৰিণ্টাৰৰ দ্বাৰা জৈৱ চিঞাহী ব্যৱহাৰ কৰি শৰীৰৰ প্ৰয়োজনীয় অংগসমূহ প্ৰস্তুত কৰিবলৈ গৱেষক সকলে অবিৰাম চেষ্টা কৰি আছে৷ এই ক্ষেত্ৰত কিছু পৰিমাণে সফলো হৈছে৷ এনেদৰে প্ৰস্তুত কৰা অংগসমূহক সংশ্লেষিত অংগ বুলিও কোৱা হয়৷ গতিকে সংশ্লেষিত অংগ হ’ল শৰীৰত সংৰোপণৰ কাৰণে ত্ৰি-মাত্ৰিক জৈৱ প্ৰিণ্টাৰৰে জৈৱ-চিঞাহী ব্যৱহাৰ কৰি মুদ্ৰিত কৃত্ৰিম অংগ৷
বর্তমান মানৱ শৰীৰৰ লিভাৰ, কিডনী, হৃদপিণ্ডৰ দৰে জটিল অংগ প্ৰস্তুত কৰিবলৈ তীব্ৰ গতিত গৱেষণা চলি আছে আৰু কিছু পৰিমাণে সফল হৈছে যদিও এতিয়াও বহুতো জটিলতা আছে৷ ত্ৰি-মাত্ৰিক প্ৰিণ্টাৰৰ সহায়ত কলাজেনেৰে (এক বিশেষ ধৰণৰ গঠনাত্মক প্ৰটিন) বিশেষ অংগটোৰ গঠন কৰি লোৱা জঁকাটোৰ ওপৰত জৈৱ চিঞাহীৰে তৰপৰ ওপৰত তৰপ দি অংগটো প্ৰস্তুত কৰে৷
ত্ৰি-মাত্ৰিক প্ৰিণ্টাৰৰ আগমনে কৃত্ৰিম অংগৰ ভৱিষ্যত উজ্বল কৰিছে৷ যিকি নহওঁক সম্পূর্ণ কার্যক্ষম জটিল অংগ এটা বেমাৰী ব্যক্তি এজনৰ শৰীৰত ব্যৱহাৰ কৰিব পৰাকৈ বর্তমানলৈকে প্ৰস্তুত কৰিব পৰা হোৱা নাই, গৱেষকসকল এতিয়াও যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীনহৈ আছে৷ বর্তমান গৱেষকসকলে সম্পূর্ণ কাযক্ষম সৰু আৰু প্ৰতিৰূপ অংগ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে যদিও অযোগ্য ৰক্ত সংবহনীয় নলিকা জালিৰ কাৰণে সেই অংগৰ আয়ুস খুব কম৷ বর্তমান কৃত্ৰিম ধাতু আৰু প্লাষ্টিকৰ হাড়ৰ গঠন যেনে হনু (jaw), নিতম্ব (hips) আৰু আনকি ধাতু আঙুলিৰ গাঠি (যিটো সঁচাকৈয়ে যুদ্ধত যথেষ্ঠ প্ৰয়োজন) মুদ্ৰণ কৰাটো সম্ভৱ হৈছে৷ ছপা কৰা ছাল, জুয়ে পোৰা বা বেয়া হৈ যোৱা ছালৰ বাবে ব্যৱহাৰ কৰিব পৰা গৈছে৷ প্ৰসাধন দ্ৰব্য প্ৰস্তুত কৰোতা কিছুমান কম্পেনীয়ে প্ৰতিবছৰে বৃহৎ পৰিমাণে ত্ৰি-মাত্ৰিক মুদ্ৰিত গাৰ ছাল ব্যৱহাৰ কৰে৷ তেওঁলোকৰ প্ৰসাধন সামগ্ৰীসমূহ পৰীক্ষা কৰিবলৈ যাতে তেওঁলোকৰ গ্ৰাহকক সেই সামগ্ৰীসমূহ নির্ভয়ে বিক্ৰী কৰিব পাৰে৷ বর্তমান বহুতো গাইগুটীয়া ফার্ম আৰু কম্পেনী আছে যিবোৰে এই প্ৰযুক্তিত কাম কৰি আছে৷ কঠিন কোষীয় গঠনৰ প্ৰয়োজন হোৱা বেছি জটিল অংগবোৰৰ বিষয়ে বর্তমান গৱেষণা চলি আছে৷ দ্য আমেৰিকান হেলথ কেয়াৰ কম্পেনী, জনছন এণ্ড জনছন ইত্যাদিয়ে তেনেকুৱা ফার্মত যথেষ্ঠ ব্যয় কৰিছে৷