সখি প্ৰসাদ কছাৰী আৰু আমাৰ মাজত নাই !
ৰেজাউল কৰিম
সখি প্ৰসাদ কছাৰী।
বিষ্ণুৰাভাৰ বিপ্লৱী সতীৰ্থ। ৰাভাৰ সৈতে সক্ৰিয়ভাৱে সংগ্ৰাম কৰা এজন অক্লান্ত সংগ্ৰামী আছিল। তেখেতে ৰাভাৰ সৈতে কাৰাবাসো খাটিছিল।
এবাৰ একেৰাহে চাৰি বছৰ জেইল খটা কছাৰী ডাঙৰীয়াই কৈছিল যে, তেওঁৰ সৈতে একেলগে গৌৰীশংকৰ ভট্টাচাৰ্য্যও জেইলত আছিল। অলপতে কেইজনমান বন্ধুৰ সৈতে শিৱসাগৰলৈ যাওঁতে ৰজা গাঁওৰ ওচৰৰ জামিৰা গাঁৱত সখি প্ৰসাদ কছাৰীক তেখেতৰ নিজা ঘৰত লগ ধৰি আহিছিলোঁ।
সেই সময়ত বাৰ্ধক্যজনিত কাৰণত তেখেত দুৰ্বল হৈ আছিল। তেতিয়া তেওঁৰ বয়স 96 বছৰ বুলি কৈছিল।
স্মৃতি শক্তি কমিলেও তেওঁৰ কণ্ঠ আছিল গদ্ গদীয়া। অতি সাধাৰণভাৱে জীৱন যাপন কৰা তেখেতক দেখিলেই কিবা এটা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী যেন লাগিছিল। ঘৰুৱা অৱস্থাও বৰ ভাল নহয়। নিস্বাৰ্থ সংগ্ৰামী লোকৰ অৱস্থা চাগে শেষৰ পিনে এনেকুৱাই হয়।
ৰাভাৰ সঙ্গী হিচাপে তেওঁ কৰা কামৰ দুই চাৰি কথা আমাক কৈছিল।
ৰাভা দেউৰ সঙ্গী এজনক এনেদৰে লগ পাই বৰ ভাল লাগিছিল। অচিৰেই আকৌ এবাৰ তেখেতৰ ওচৰলৈ যাম বুলি ভাবি আছিলোঁ। এনেতে আজি খবৰ পালোঁ যে তেখেত আৰু আমাৰ মাজত নাই। যোৱা ৰাতি 9.15 মান বজাত তেখেত ঢুকাল। বিষ্ণুৰাভাৰ সংগ্ৰামী সতীৰ্থ আৰু কোনোবা জীয়াই আছে নে নাই ভালদৰে নাজানোঁ।
তেখেতৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰক। তাকেই প্ৰাৰ্থনা কৰিলোঁ।
ছবিখন শয্যাগত অৱস্থাত তোলা হৈছিল।
16-03-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)