• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

পৰেশ বৈশ্য

by Anjan Sarma
July 9, 2023
in Inspiration, Remembrance, Special Report
Reading Time: 5 mins read
0
সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী
Share on FacebookShare on TwitterShare on LinkedIn

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

পৰেশ বৈশ্য

Paresh Baishya
 পৰেশ বৈশ্য

দুই অক্টোবৰ। গান্ধীজয়ন্তী। আমাৰ সকলোৰে বাবে চিৰস্মৰণীয় দিৱস। কাৰণ এইটো মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। কিন্তু সেই একেটা দিনতেই ভাৰত মাতৃৰ বুকুত আৰু এজন মহান ব্যক্তিয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁ হ’ল লালবাহাদুৰ শাস্ত্ৰী( ২ অক্টোবৰ,১৯০৪) ।

তেওঁ অৱশ্যে মহাত্মা গান্ধীৰ জন্মৰ প্ৰায় ৩৫ বছৰ পাছত জন্ম হৈছিল।  লালবাহাদুৰ শাস্ত্ৰী হ’ল ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধান মন্ত্ৰী ( ১৯৬৪-৬৬), তৃতীয় গৰাকী বৈদেশিক মন্ত্ৰী ( ১৯৬৪ ), তৃতীয় গৰাকী ৰে’ল মন্ত্ৰী ( ১৯৫২-৫৬) আৰু ষষ্ঠ গৰাকী গৃহমন্ত্ৰী(১৯৬১-৬৩)। ১৯৬৬ চনৰ ১১ জানুৱাৰীত মৃত্যু বৰণ কৰা এইগৰাকী বৰেণ্য ৰাজনীতিবিদক ১৯৬৬ চনত ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে ভাৰত ৰত্ন সন্মান প্ৰদান কৰে।

ভাৰত ৰত্ন সন্মান পোৱা লালবাহাদুৰ শাস্ত্ৰী হ’ল চতুৰ্দশ গৰাকী ভাৰতীয়। কিন্তু এইগৰাকী ব্যক্তিৰ বিষয়ে তুলনামূলকভাৱে কম চৰ্চা হয়। অথচ তেখেত এগৰাকী অতি উচ্চ আদৰ্শৰ ব্যক্তি আছিল । সততাৰ ক্ষেত্ৰত লেখমানো আপোচ নকৰা ৰাজনীতিবিদ হিচাপে লাল বাহাদুৰ শাস্ত্ৰী আছিল  অনন্য।

শাস্ত্ৰীৰ দৰে  অভাৱনীয় সততাৰে নিজৰ দায়িত্ব পালন কৰা ৰাজনীতিবিদ আজিৰ মলুকত পাবলৈ বিৰল। কিন্তু নতুন প্ৰজন্মৰ মাজত এই সঁচা মানুহজন বহুলভাৱে পৰিচিত নহয়। 

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026

            এগৰাকী ৰাজনীতিবিদ হিচাপে লালবাহাদুৰ শাস্ত্ৰীয়ে ভাৰতত কেবাটাও উল্লেখযোগ্য কাম কৰি থৈ গৈছে।

গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে তেখেতে আৰম্ভ কৰা দুগ্ধ আন্দোলন( White Revolution), কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে সেউজ বিপ্লৱ ( Green Revolution ) , ১৯৬৫ চনত ভাৰত -পাকিস্তান যুদ্ধত দক্ষতাৰে নেতৃত্ব দিয়া, দেশৰ সামৰিক শক্তি ৰাষ্ট্ৰ সেৱাৰ প্ৰতি  উদ্বুদ্ধ কৰিবলৈ আৰু কৃষক সমাজক উৎপাদনশীল কামৰ প্ৰতি উৎসাহিত কৰিবলৈ সৃষ্টি কৰা তেওঁৰ অমৰ শ্লোগান ” জয় জোৱান, জয় কিষাণ” আদি এই ক্ষেত্ৰত উল্লেখযোগ্য।

মহামানৱ মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰু এনী বেছাণ্টৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামতো অনন্য ভূমিকা লোৱা লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯২০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। হৰিজনসকলৰ কল্যাণৰ হকে সেৱা আগবঢ়োৱা শাস্ত্ৰীয়ে লালা লাজপত ৰায়ে প্ৰতিষ্ঠা কৰা লোকসেৱক মণ্ডলৰো সভাপতিৰ পদ অলংকৃত কৰিছিল।

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

তেওঁ ১৯৫১ চনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰিছিল। ১৯৫২ চনত তেওঁ উত্তৰ প্ৰদেশ বিধান সভাত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ চৰকাৰৰ সংসদীয় সচিব পদতো আছিল। গোবিন্দ বল্লভ পন্ত মন্ত্ৰীসভাত তেওঁ আৰক্ষী আৰু পৰিবহণ মন্ত্ৰী আছিল। তেৱেঁই বাছত প্ৰথম মহিলা কণ্ডাক্টৰ নিযুক্তি দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিল।

      মোগল চৰাইত কায়স্থ পৰিয়ালত  জন্মগ্ৰহণ কৰা শাস্ত্ৰী আছিল শিক্ষকৰ সন্তান। দেউতাক সাৰদা প্ৰসাদ শ্ৰীবাস্তৱ প্ৰথমতে আছিল এজন স্কুলৰ শিক্ষক,পিছত যেনিবা ৰাজহ বিভাগৰ কেৰাণী হৈ উপ তহছিলদাৰ হয়। মাক ৰামদুলাৰী  দেৱী আছিল এগৰাকী হেডমাষ্টৰৰ দুহিতা।

শাস্ত্ৰী আছিল পিতৃ মাতৃৰ  দ্বিতীয় সন্তান। জন্মৰ ১৮ মাহতেই পিতাকৰ মৃত্যু হয়। স্কুলত পঢ়ি থকা সময়তেই তেওঁ গান্ধীৰ আন্দোলনত যোগদান কৰিছিল। শেষত তেওঁ বেনাৰসৰ কাশী বিদ্যাপীঠৰ পৰা প্ৰথম শ্ৰেণীসহ  স্নাতক ডিগ্ৰী লাভ কৰে। তাতেই তেওঁ শাস্ত্ৰী উপাধি লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ শ্ৰীবাস্তৱৰ সলনি নাম শেষত শাস্ত্ৰী লিখে।

১৯২৮ চনৰ ১৬ মেত মিৰ্জিপুৰৰ জীয়ৰী লভিতা দেৱীৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হয়। শাস্ত্ৰী দম্পতীয়ে  চাৰিটা ল’ৰা সন্তান আৰু দুগৰাকী ছোৱালী জন্ম দিয়ে। পাঁচ ফুট দুই ইঞ্চি উচ্চতাৰ শাস্ত্ৰীয়ে সদায় ধুতি পিন্ধিছিল।  সদায় সহজ সৰল জীৱন যাপন কৰা শাস্ত্ৰীৰ মৃত্যু হোৱাত  নতুন দিল্লীৰ বিজয় ঘাটত তেওঁৰ স্মৃতি স্মাৰক নিৰ্মাণ কৰা হৈছে।  শাস্ত্ৰীৰ মৃত্যু হৈছিল উজবেকিস্তানৰ তাচখাণ্ডত। কিন্তু তেখেতৰ কেনেকৈ মৃত্যু হৈছিল সেই বিষয়টো আজিও বিতৰ্কিত হৈয়ে ৰ’ল। 

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

       লালবাহাদুৰ শাস্ত্ৰীয়ে কিদৰে  সততাৰ জীৱন অতিবাহিত কৰিছিল তাৰ  অনেক কথা আছে। সেইসমূহ হয়তো আজিৰ এচাম ৰাজনীতিবিদৰ বাবে সাঁথৰ যেন লাগিলেও সেয়া বাস্তৱ সত্য। তেওঁৰ এই সততাৰ নিদৰ্শন সমূহে আমাক সদায় পুলকিত কৰি আহিছে। তাৰে কিছুমান উল্লেখ কৰিবলৈ বিচৰা হৈছে।

        প্ৰায় ১৯৪০ চন মানৰ কথা। লালবাহাদুৰ শাস্ত্ৰী তেতিয়া জেলত আছে। সেই সময়ত জেলত থকা অভাৱগ্ৰস্ত সকলৰ পৰিয়ালৰ ভৰণ পোষণৰ উদ্দেশ্য আগত ৰাখি লালা লাজপত ৰায়ে  লোক সেৱা মণ্ডল ( Servants of the people society ) নামৰ এটি সংগঠনৰ জন্ম দিছিল। জেলত থকা ব্যক্তিৰ পৰিয়ালক এই অনুষ্ঠানটোৰ পৰা সহায় কৰাৰ ব্যৱস্থা ৰখা হৈছিল।

জেলত থকা সময়ত লালবাহাদুৰ শাস্ত্ৰীৰ পৰিয়ালেও মাহে ইয়াৰ পৰা পঞ্চাশ টকাকৈ পাইছিল। এবাৰ জেলৰ পৰা লালবাহাদুৰ শাস্ত্ৰীয়ে পত্নীলৈ এখনি চিঠি লিখি সেই টকাৰে পৰিয়াল চলিব পাৰিছে নে নাই সুধি পঠিয়ালে।

উত্তৰত পত্নী ললিতাই জনালে যে তেওঁ খৰচ কৰিও প্ৰতি মাহে ১০ টকাকৈ ৰাহি হৈ আছে। এই কথা জানিব পাৰি শাস্ত্ৰীয়ে লোক সেৱা মণ্ডললৈ চিঠি লিখি তেওঁৰ পৰিয়ালক পঞ্চাশ টকাৰ পৰিৱৰ্তে মাহে চল্লিশ টকাকৈহে দিবলৈ ক’লে। ৰাহি ধনখিনি ঘূৰাই ল’বলৈ কৈ সেই টকাৰে আন অভাৱী লোকক সহায় কৰিবলৈ অনুৰোধ কৰিলে।

   ১৯৪০ চন মানৰ আন এটা কথা। লালবাহাদুৰ শাস্ত্ৰী জেলত। খবৰ আহিল যে তেওঁৰ ছোৱালীজনীৰ বেমাৰ। দেউতাকক জৰুৰী ভাৱে প্ৰয়োজন হৈছে। এই কথা গম পাই লালবাহাদুৰ শাস্ত্ৰীয়ে ১৫ দিনৰ পেৰলত ঘৰলৈ অহাৰ অনুমতি জেল অধীক্ষকৰ পৰা আদায় কৰে। তেওঁ ঘৰলৈ আহিল যদিও ছোৱালীজনীক বচাব নোৱাৰিলে। তেওঁৰ মৃত্যু হয়।

ছোৱালীৰ সৎকাৰ কাৰ্য সম্পন্ন কৰি দেখে যে তেওঁৰ আৰু ইয়াত কাম নাই। গতিকে পেৰলৰ ম্যাদ উকলি যোৱাৰ আগতেই তেওঁ পুনৰ জেললৈ গুচি যায়। জেল অধীক্ষক আচৰিত। পেৰল যিহেতু ১৫ দিনৰ, গতিকে আগতে অহাৰ প্ৰয়োজন নাছিল। কিন্তু তেওঁ সেইটো বেয়া কাম বুলি বিবেচনা কৰিছিল। যিহেতু তেওঁ ছোৱালীৰ চিকিৎসাৰ বাবেহে গৈছিল, ছোৱালীজনী ঢুকাল যেতিয়া গতিকে জেলত অহাটো উচিত বুলি বিবেচনা কৰিছিল।

আৰু এবাৰ সৰু পুতেকৰ ভীষণ জ্বৰ। পেৰল বিচাৰিলে। জেল কৰ্তৃপক্ষই কলে যে ভৱিষ্যতে চৰকাৰ বিৰোধী ৰাজনৈতিক কৰ্মত জড়িত নহয় বুলি লিখি দিলে যাব পৰা যাব। কিন্তু তেওঁ সেইটো নকৰিলে। আনকি পুতেকৰ খবৰ লবলৈকে নাহিল। 

         ১৯৬২-৬৩ চন মানৰ কথা। তেওঁ তেতিয়া গৃহমন্ত্ৰী।‌ তেওঁৰ তিনিটা সন্তান তেতিয়া দিল্লীৰ চেণ্ট কলম্বাচ স্কুলত পঢ়ে। তেওঁলোক সদায় টঙ্গাত( ঘোঁৰাই টনা গাড়ী) স্কুলৰ পৰা অহা -যোৱা কৰে। কিন্তু তেওঁৰ অধীনত কাম কৰা বিষয়াৰ সন্তানে গাড়ীত স্কুললৈ অহা-যোৱা কৰে। এদিন তিনিওজনে দেউতাকক আপত্তি কৰিলে। কথাখিনি ক’লে।

লালবাহাদুৰ শাস্ত্ৰীয়ে তেতিয়া তেওঁলোকক বুজালে যে  মন্ত্ৰী হৈ থাকোঁতে গ’লা বাৰু। কিন্তু মন্ত্ৰী হৈ নথকা দিনত আকৌ টঙ্গাত যাব লাগিব। তেতিয়া আৰু লাজ লগাহে হ’ব।  গতিকে গাড়ীত নোযোৱাই ভাল। সিহঁতে মানি ল’লে। আজিৰ দিনত গৃহমন্ত্ৰীৰ সন্তানে তেনেদৰে স্কুললৈ যোৱাৰ কথা কল্পনাই কৰিব নোৱাৰি। 

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

    ১৯৬৪ চনৰ কথা। লালবাহাদুৰ শাস্ত্ৰী তেতিয়া ভাৰতৰ প্ৰধান মন্ত্ৰী। পুতেক এজনে চেণ্ট কলম্বাচ স্কুলত পঢ়ে। পৰীক্ষাৰ ৰিপোৰ্ট কাৰ্ড আনিবলৈ  অভিভাৱক  যোৱাটো নিয়ম আছিল। লালবাহাদুৰ শাস্ত্ৰী নিজে গ’ল। স্কুলৰ চৌহদ পোৱাৰ লগে লগে তেওঁ গাড়ীৰ পৰা নামি ভিতৰলৈ খোজ কাঢ়ি সোমাই গ’ল। গাড়ীবোৰ চৌহদৰ বাহিৰত ৰাখিবলৈ দিলে।

স্কুলৰ চকীদাৰে দেখিলে যে প্ৰধান মন্ত্ৰী আহিছে।গাড়ী ভিতৰত পাৰ্কিঙ কৰাৰ ঠাই আছে। তেওঁ গাড়ী ভিতৰলৈ অনাৰ কথা ক’লে। তেতিয়া শাস্ত্ৰীয়ে ক’লে যে তেওঁ প্ৰধান মন্ত্ৰী হিচাপে স্কুললৈ অহা নাই, অভিভাৱকহে। তেওঁ চিৰি বগাই গৈ ওপৰ মহলাত শ্ৰেণীৰ শিক্ষকৰ পৰা ৰিপোৰ্ট কাৰ্ড ল’লে। শিক্ষকগৰাকীয়ে তেওঁৰ সলনি অন্য এজনক পঠিয়ালেও হ’লহেঁতেন বুলি কোৱাত তেওঁ অভিভাৱকৰ দায়িত্ব পালন কৰা বুলি জনালে।

  পাছত আৰু এবাৰ স্কুললৈ ৰিপোৰ্ট কাৰ্ড আনিবলৈ যাওতে বিদ্যালয়ত দীঘল শাৰী। তেওঁ নিজেও সেই শাৰীত থিয় হৈ থাকিল । সকলোৱে তেওঁক সন্মান জনাই আগুৱাই যাবলৈ ক’লে। তেওঁ কিন্তু নগ’ল। তেওঁ ক’লে যে তেওঁ সন্তানৰ অভিভাৱক হিচাপে আহিছে।  প্ৰধান মন্ত্ৰী বুলি আগুৱাই গ’লে ল’ৰা অহংকাৰী হ’ব। 

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

       আন এটা কথা। লালবাহাদুৰ শাস্ত্ৰী তেতিয়া ভাৰতৰ প্ৰধান মন্ত্ৰী। কিন্তু তেওঁৰ নিজা গাড়ী এখনো নাছিল। পৰিয়ালৰ লোকে এখন গাড়ী কিনাৰ বাবে খাটনি ধৰাত তেওঁ তলতীয়া কৰ্মচাৰী এজনৰ হতুৱাই নিজৰ বেংক একাউণ্টত কিমান টকা আছে চাবলৈ দিলে।

চাই দেখিলে যে বেংকত মাত্ৰ সাত হাজাৰ টকাহে আছে। দেশৰ প্ৰধান মন্ত্ৰী এজনৰ মাত্ৰ সাত হাজাৰ টকা থকা দেখি সকলো হতভম্ব। গাড়ীৰ দাম বাৰ হাজাৰ টকা।

তেওঁ বাকী প্ৰয়োজনীয় টকাখিনি পাঞ্জাব নেচনেল বেংকৰ পৰা ঋণ লৈ ফীয়েট গাড়ী এখন কিনিলে। কিনাৰ এবছৰ পাছত তেওঁৰ মৃত্যু হয়। তেতিয়া চৰকাৰে তেওঁৰ গাড়ীৰ অনাদায় ঋণখিনি মাফ কৰি দিব বিচাৰিছিল যদিও তেওঁৰ পত্নীয়ে সেই সুবিধা নলৈ পেঞ্চনৰ পৰা পোৱা ধনেৰে ঋণ পৰিশোধ কৰি আদৰ্শ দেখুৱাইছিল।

প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়তেই তেওঁৰ পুতেক এজনে প্ৰধান মন্ত্ৰীৰ বিষয়া এজনৰ জৰিয়তে উপযুক্ত বয়স নৌহওতেই আৰু ড্ৰাইভিং টেষ্ট নকৰাকৈয়ে ড্ৰাইভিং লাইচেন্স এখন একেদিনাই পৰিবহন বিষয়াৰ পৰা সংগ্ৰহ কৰিছিল। কথাটো প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে গম পাই তেওঁৰ তলতীয়া বিষয়াজনক মতাই আনি ড্ৰাইভিং লাইচেন্স ঘূৰাই দিবলৈ জৰুৰী নিৰ্দেশ দিয়ে। পাছত তেওঁৰ কৰ্মচাৰীজনে আৰু পৰিবহন বিষয়াই প্ৰধানমন্ত্ৰীৰ ওচৰত এনে কামৰ বাবে ক্ষমা বিচাৰে। 

        এবাৰ আন এটা ঘটনা ঘটিল। তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হৈয়েই আছে। তেওঁৰ ল’ৰাই প্ৰধানমন্ত্ৰীৰ গাড়ীৰ ড্ৰাইভাৰক মেনেজ কৰি প্ৰধানমন্ত্ৰীৰ গাড়ীখন প্ৰায় চৈধ্য কিলোমিটাৰ চলালে। কথাটো পাছত লালবাহাদুৰ শাস্ত্ৰীয়ে গম পাই, তেওঁৰ বিষয়াক মাতি নি নিজৰ দৰমহাৰ বিলৰ পৰা তেলৰ দাম কাটিবলৈ নিৰ্দেশ পত্ৰ দি পঠিয়ায়। 

       এবাৰ তেওঁৰ ল’ৰাই  স্কুলৰ কামত প্ৰখৰ ৰ’দত থিয় হৈ শাৰী পাতি থাকোঁতে মাটিত ঢলি পৰে। লগে লগে ডাক্তৰৰ ওচৰলৈ লৈ যায়। ডাক্তৰে দেউতাকৰ নাম সোধাত মাকৰ নামহে ক’লে। বাৰে বাৰে সোধাৰ পিছতো দেউতাকৰ নক’লে।

এনেতে খবৰ‌ পাই লালবাহাদুৰ শাস্ত্ৰী ডাক্তৰৰ ওচৰ পালে। দেখে প্ৰধানমন্ত্ৰী। তেওঁক ডাক্তৰে কথাখিনি কোৱাত লালবাহাদুৰ শাস্ত্ৰীয়ে ক’লে যে তেওঁৰ  পৰিয়ালৰ কাকোৱেই তেওঁৰ নাম ক’তো নক’বলৈ কোৱা আছে। যাতে ক্ষমতাৰ অপব্যৱহাৰ নহয়। 

        প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেওঁৰ ল’ৰা এজনে কোম্পানীৰ চাকৰি পালে। মেনেজাৰজনে পাছত গম পালে যে তেওঁ প্ৰধানমন্ত্ৰীৰ ল’ৰা। মেনেজাৰজনে লগে লগে কথাটো কোম্পানীৰ মালিকক জনালে। মালিকে তপৰাই তেওঁক পদোন্নতি দিলে।যাতে প্ৰধানমন্ত্ৰীৰ পৰা ভৱিষ্যতে কিবা সুবিধা ল’ব পাৰে। পুতেক আহি দেউতাকক জনালে। পুতেকে ভাবিছিল যে কথাটো শুনি দেউতাক আনন্দিত হ’ব। কিন্তু কথাটো বেলেগহে হ’ল। 

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

শাস্ত্ৰীয়ে তৎক্ষণাৎ কোম্পানীৰ স্বত্বাধিকাৰীক ফোন কৰি জনালে যে তেওৰ সন্তানৰ বে- আইনী পদোন্নতি যদি জৰুৰীভাৱে উঠাই নলয়, তেন্তে কোম্পানীৰ বিৰুদ্ধে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। লগে লগে কোম্পানীয়ে পদোন্নতিৰ হুকুম বাতিল কৰে।

          ১৯৬৫ চনৰ ছেপ্টেম্বৰ মাহৰ কথা। ভাৰত- পাকিস্তানৰ মাজত যুদ্ধৰ সময়। কিবা কাৰণত আমেৰিকাই ভাৰতক ঘেঁহু দিবলৈ অমান্তি হ’ল। ফলত দেশত খাদ্য সংকট। তেওঁ দেখিলে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জনসাধৰণৰ এসাজ এৰিবলৈ আহ্বান জনাব লাগিব। তেওঁ প্ৰতি সোমবাৰে সন্ধিয়াৰ সাজ এৰিবলৈ জনগণক আহ্বান জনোৱাৰ সিদ্ধান্ত ল’লে।

কিন্তু ঘোষণাৰ আগতে ইয়াৰ ফলত ৰাইজ কিবা অসুবিধা হ’ব নেকি তাৰ পৰীক্ষা নিজে কৰিলে। তেওঁ ঘৈণীয়েকক কলে যে তেওঁলোকে নিজে এসাজ নাখাই চাব। কি হয়। এইদৰে এসপ্তাহ মান এসাজ এৰি একো সমস্যা নোহোৱাত তেওঁ পোনচাটে ৰেডিঅ’ কেন্দ্ৰ লৈ দেশবাসীক কিছু দিনৰ বাবে এসাজ নাখাবলৈ আহ্বান জনায়। জনসাধাৰণৰে তেওঁৰ আহ্বান প্ৰতি বিপুল সঁহাৰি জনাইছিল। 

       তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এবাৰ বিহাৰৰ এটা প্ৰতিনিধি দলক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু যিদিনা সাক্ষাতৰ দিন পৰিল, সেইদিনা বিদেশৰ অতিথিৰ দল এটা আহিল। ফলত তেওঁলোকৰ লগত কথা পাতোঁতে বিহাৰৰ দলটোক সাক্ষাৎ দিয়াত পলম হ’ল। অতিষ্ঠ হৈ তেওঁলোক উভতি যায়।

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

পিছত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ খবৰ লোৱাত দলটো গুচি যোৱা বুলি জনায়। তেওঁ দলটো কিমান পালে  খবৰ লবলৈ দি গম পালে যে তেওঁলোক তেওঁৰ কাৰ্যালয়ৰ পিছপিনে থকা বাছষ্টেণ্ড পাইছে। তেওঁ ততাতৈয়াকৈ তেওঁলোকক লগ ধৰি ইয়াৰ বাবে দুখ প্ৰকাশ কৰিবলৈ লৰি গ’ল। ব্যক্তিগত সচিবে নিজে তেওঁলোকৰ ওচৰলৈ যাব খুজিছিল,কাৰণ প্ৰধানমন্ত্ৰী নিজে লগে অশোভনীয় হব বোধ কৰিছিল।

কিন্তু তেওঁ নিজে যোৱাটো উচিত বুলি ভাবি তেওঁলোকৰ ওচৰ পায়। পলম হোৱা বাবে তেওঁলোকৰ ওচৰত দুখ প্ৰকাশ কৰি নিজৰ কাৰ্যালয়লৈ মাতি আনে আৰু তেওঁলোকৰ কথাখিনি শুনে।  আজিৰ দিনত  ৰাইজৰ প্ৰতিনিধিৰ পৰা এনে আচৰণ আশা কৰিব নোৱাৰি।

        প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এদিন বন্ধৰ দিনত তেওঁ পত্নীৰ সৈতে দিল্লীৰ চৰকাৰী বাছত লালকিল্লালৈ গৈছিল। কেইদিনমান পাছত পত্নীৰ সৈতে প্ৰধানমন্ত্ৰীক পাই সাংবাদিক এজনে সুধিলে যে অলপতে আপোনাক লালকিল্লাৰ ওচৰত পত্নীৰ সৈতে বাছৰ পৰা নমা দেখিছিলোঁ। কথাটো কি?

তেতিয়া তেওঁ উত্তৰ দিছিল যে গাড়ীখন প্ৰধানমন্ত্ৰীৰহে, ব্যক্তিগত চফৰ কৰিবলৈ মোৰ গাড়ী নাই। কথাষাৰ ঘৈণীয়েকে জানি লাজ পালে। পিছত যেনিবা ঋণ লৈ ফীয়েট এখন  কিনিলে। এবাৰ চৰকাৰী ভ্ৰমণত প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে ৰাছিয়ালৈ ওলাল। লগত পত্নীও যাবলৈ ইচ্ছা কৰিলে। তেওঁ নিজৰ টকাৰে পত্নীৰ টিকট কিনিহে লগত লৈ গৈছিল। চৰকাৰৰ টকা খৰচ কৰাটো তেওঁ বিচৰা নাছিল।

সততাৰ প্ৰতীক  লালবাহাদুৰ শাস্ত্ৰী

       আন এদিনৰ কথা। লালবাহাদুৰ শাস্ত্ৰী তেতিয়া ৰে’ল মন্ত্ৰী। তামিলনাডুত এক ৰে’ল দুৰ্ঘটনা হ’ল। তেওঁ  খবৰ পাই তৎক্ষণাৎ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওচৰলৈ গৈ নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰে’ল মন্ত্ৰীৰ পৰা পদত্যাগ কৰে। চৰকাৰী গাড়ীত গৈ পদত্যাগ কৰা লালবাহাদুৰ শাস্ত্ৰীয়ে আহোঁতে  ৰাজহুৱা বাছত উঠি ঘৰলৈ আহে।  তেওঁ মন্ত্ৰীৰ আবাস গৃহটো ত্যাগ কৰি আন এটা সৰু ঘৰত থাকিবলৈ লয়।

লালবাহাদুৰ শাস্ত্ৰীৰ আন এক আমোদজনক কথা। তেওঁ ৰে’ল মন্ত্ৰী। এদিন ৰে’ল মন্ত্ৰী হিচাপে এখন সভালৈ গ’ল। ৰে’ল মন্ত্ৰীক চাবলৈ সেই সভালৈ তেওঁৰ মাকো গৈছে। লালবাহাদুৰ শাস্ত্ৰীয়ে আগতে তেওঁ যে ৰে’ল মন্ত্ৰী হৈছে সেই কথা মাকক কোৱা নাছিল। সভালৈ গৈ তেওঁ দেখে যে তাত মাক আছে। তেওঁ মাকক মাতি আনি তৎক্ষণাৎ সভা এৰিবলৈ ক’লে।

তেওঁ ক’লে যে অলপ পাছতেই ৰে’ল মন্ত্ৰী আহিব, সভাত হেঁচা ঠেলা হ’ব। কষ্ট পোৱা যাব। এই বুলি তেওঁ মাকক বিদায় দিয়ে। তেওঁ ভয় কৰিছিল যে ৰাইজে গম পালে মাকৰ জৰিয়তে কিবা কাম কৰি দিবলৈ খাটনি ধৰিব। তেতিয়া হয়তো মাকৰ কথা ৰাখিবলৈ গৈ তেওঁ নকৰিবলগীয়া কাম কৰিব লাগিব। তেওঁৰ সততাৰ এনে বহুতো নিদৰ্শন আছে। 

        সঁচা অৰ্থত ক’বলৈ গ’লে লালবাহাদুৰ শাস্ত্ৰীয়ে ওৰে জীৱন সততাৰে অতিবাহিত কৰিছিল। গাত কোনো দিনেই চেকা লাগিব দিয়া নাছিল। সদায় মৰ্যাদা আৰু সন্মান সহকাৰে জীয়াই থাকিব বিচাৰিছিল। সঁচাকৈয়ে লালবাহাদুৰ শাস্ত্ৰী আমাৰ সকলোৰে বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 14, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d