সততাৰ বিপনী আৰু শূন্য টকা : মূল্যবোধহীন সমাজলৈ প্ৰতীকধৰ্মী শিক্ষা
কল্যাণ কলিতা
“Honesty is the first chapter in the book of wisdom.” — Thomas Jefferson
আজিৰ সমাজত সততা শব্দটোহে সুলভ, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত ই যেন বৰ দুৰ্লভ হৈ পৰিছে ৷ যাৰ পৰিণতিত অসামাজিক কাৰ্যকলাপে আমাৰ সমাজখনক আগুৰি ধৰিছে ৷
এসময়ত শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীক নীতি শিক্ষা বা চৰিত্ৰবোধৰ পাঠ পঢ়োৱা হৈছিল ৷ যি পাঠ্যক্ৰমে কিছু পৰিমাণে হ’লেও শিক্ষাৰ্থীসকলক নীতি শিক্ষাৰ বোধ কৰাইছিল ৷
কিন্তু আজিৰ শিক্ষা পদ্ধতিত এইবোৰ নোহোৱা হৈ পৰাৰ লগতে সমাজ ব্যৱস্থাতো দুৰ্নীতিয়ে বেয়াকৈ গা কৰি উঠাত আজিৰ প্ৰজন্মৰ মাজত সততা বা মূল্যবোধ বহুক্ষেত্ৰত কেবল একো একোটা শব্দ হৈ পৰিছে ৷
কিন্তু পৃথিৱীত যদিহে সত্যতকৈও সুন্দৰ কিবা আছে সেয়া হৈছে সততা ৷ সততাক মানুহৰ নৈতিক গুণৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় যদিও ইয়াক বজাই ৰখাটো আটাইতকৈ কঠিন কামসমূহৰ ভিতৰত অন্যতম।
যদিও বেছিভাগ মানুহেই মাজে সময়ে মিছা কথা কয় বা কবলগীয়া হয়, ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে সততা অতি প্ৰয়োজনীয়, কিয়নো ই আস্থা গঢ়ি তোলা আৰু সম্পৰ্ক বজাই ৰখাৰ চাবিকাঠি। কিন্তু দুৰ্ভাগ্যজনকভাৱে সমসাময়িক দৰ্শনত সততাৰ গুণটোক আচৰিত ধৰণে অৱহেলা কৰা হৈছে ৷
এনে এক প্ৰেক্ষপটতে দুটা সৰু কিন্তু ডাঙৰ বিষয় মূল্যবোধহীন সমাজৰ বাবে এক প্ৰকাৰ সকীয়নি বুলিব পাৰি ৷ বিষয় দুটি হৈছে “সততাৰ বিপনী” আৰু “শূন্য টকা“৷
শিক্ষা-সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া আমাৰ দেশৰ অন্যতম ৰাজ্য হৈছে কেৰেলা৷ এই ৰাজ্যখনৰে কেৰালা আৰক্ষীৰ হাইস্কুল ভিত্তিক এক পদক্ষেপ হৈছে “শিক্ষাৰ্থী আৰক্ষী কেডেট” (চমুকৈSPC), যিটো পৰিবহণ, বন, আবকাৰী আৰু স্থানীয় স্ব-শাসন বিভাগৰ সহযোগত ৰাজ্যখনৰ গৃহ আৰু শিক্ষা বিভাগে যৌথভাৱে ৰূপায়ণ কৰে ৷
২০১০ চনত আৰম্ভ কৰা ছাত্ৰ আৰক্ষী কেডেট প্ৰকল্পই হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ব্যায়াম, পেৰেড, যোগাসন আদি কাৰ্য্যকলাপৰ জৰিয়তে তেওঁলোকৰ শাৰীৰিক, আৱেগিক, বুদ্ধিমত্তা, সামাজিক আৰু দক্ষতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছে ৷ শিক্ষাৰ্থীসকলক সমাজৰ একোগৰাকী দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গঠন কৰা ছাত্ৰ আৰক্ষী কেডেটৰ এক অভিলাষী পদক্ষেপ হৈছে “সততাৰ বিপনী“৷
কেৰেলাৰ এৰ্নাকুলাম জিলাৰ ১৫খন বিদ্যালয়ত শিক্ষাৰ্থী আৰক্ষী কেডেট (SPC) প্ৰকল্পৰ অংশ হিচাপে ২০২২ চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা ‘সততাৰ বিপনী’সমূহে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বাস, সত্য আৰু সততাৰ ওপৰত কিছু মূল্যৱান পাঠ উপহাৰ দিছে।
দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীৰ বাবে খোলা এই বিপনীসমূহত বা তাৰ আশে পাশেও নাথাকে কোনো বিক্ৰেতা বা দোকানী৷ বহী, কলম, পেঞ্চিল, পেঞ্চিল বক্স, ইৰেজাৰ, চাৰ্পনাৰ, চাৰ্ট পেপাৰ আদি শিক্ষার্থীৰ বাবে প্রয়োজনীয় বিভিন্ন সামগ্ৰী উপলব্ধ থকা বিপনীৰ পৰা নিজৰ প্ৰয়োজন অনুসাৰে সংগ্ৰহ কৰিব পাৰে যদিও সামগ্ৰীৰ বাবদ দিবলগীয়া ধন গ্ৰহণ কৰিবলৈ নাথাকে কোনো বিক্রেতা ৷
বিপণীসমূহত প্ৰতিটো সামগ্ৰীৰ দাম নির্ধাৰণ কৰি সামগ্ৰীসমূহৰ লগতে ওলমাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। বিক্রেতাবিহীন এই বিপণীসমূহত শিক্ষার্থীয়ে তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰি ক্ৰেতা বা গ্ৰাহকৰ বাবে নির্দিষ্ট কৰি ৰখা ধন সংগ্ৰহৰ বাকচত ধন জমা দিব লাগে ৷
শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলে উল্লেখ কৰিছে যে যিহেতু সংগ্ৰহ কৰা ধন ক্ৰয় কৰা সামগ্ৰীৰ সৈতে মিল খাইছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে এতিয়ালৈকে সততা প্ৰদৰ্শন কৰিছে।
এই সন্দৰ্ভত ৰামমংগলামৰ হাইস্কুলৰ কমিউনিটি পুলিচ অফিচাৰগৰাকীয়ে এনেদৰে কয়, “সততা দোকানখনৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক সততাৰ গুণ অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰা। আমাৰ বিদ্যালয়ত যদিও চিচিটিভিৰ সুবিধা আছে, তথাপিও আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাস জগাই তুলিবলৈ দোকানখনৰ ফালে আঙুলিয়াই দিয়া কেমেৰাটো বন্ধ কৰি দিছো।”
আনহাতে চোৱাৰাৰ কমিউনিটি পুলিচ অফিচাৰ গৰাকীয়ে কয়, “মই প্ৰথম অৱস্থাত কৌতুহলী হৈ পৰিছিলো যে ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ কনিষ্ঠসকলে এই বিষয়ে কেনেদৰে কাষ চাপিছে। মই লক্ষ্য কৰিলোঁ যে তেওঁলোকে লোৱা বস্তুবোৰৰ বাবে পৰিমাণ গণনা কৰি আছিল। আমি সঁচাকৈয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ভাল সঁহাৰি পাইছিলোঁ।”
ইপিনে বিপনীসমূহ খোলাৰ পূৰ্বে প্ৰস্তুতিমূলকভাৱে ছাত্ৰ ছাত্ৰীসকলক সততাৰ বিষয়ে গল্প আৰু কবিতা লিখিবলৈও কোৱা হৈছিল।
আনহাতে মূল্যবোধ পাহৰি দূৰ্নীতিত নিমজ্জিত সকলৰ বিৰুদ্ধে অন্য এক যুঁজ হৈছে “শূন্য টকাৰ প্ৰচলন“৷
প্ৰকৃততে কি এই শূন্য টকা আৰু ইয়াৰ ব্যৱহাৰ ক’ত কৰা হয়? অতি দুখ আৰু পৰিতাপৰ বিষয় যে ভাৰত এখন বিশ্বৰ ভিতৰতে অন্যতম দূৰ্নীতিগ্ৰস্থ দেশ৷ দূৰ্নীতিৰ শিপা দিনক দিনে এনেদৰে পোখাইছে যে বহু ভাৰতীয় লোক বিশ্বৰ ভিতৰতে অন্যতম ধনী যদিও ভাৰতে আজিও এখন আৰ্থিকভাৱে দুখীয়া দেশৰ ভিতৰত স্থান লাভ কৰি আহিছে৷ এই ব্যাপক হাৰত সংঘটিত দূৰ্নীতিৰ বাবে অধিকাংশ ভাৰতীয় আজি দুৰ্দশাগ্ৰস্থ ৷
দূৰ্নীতিগ্ৰস্থসকলৰ যেতিয়ালৈকে বিবেক দংশন নহব তেতিয়ালৈকে তেওঁলোক এই ভয়ানক অসামাজিক কাৰ্যকলাপত নিমজ্জিত হৈয়েই থাকিব আৰু সমাজৰ অধিকাংশ লোক দৰিদ্ৰ হৈয়েই থাকিব৷ বিশেষকৈ ৰাজহুৱা খণ্ডত নিয়োজিত এই দুৰ্নীতিগ্ৰস্থসকলক অনুশোচনা কৰোৱাৰ বাবে, তেওঁলোকক প্ৰতীকধৰ্মীৰূপত শিক্ষা প্ৰদান কৰাৰ বাবে 5th Pillar নামৰ সংস্থাটোৱে আৰম্ভ কৰে “zero rupee note” অৰ্থাৎ “শূন্য টকা”ৰ প্ৰচলন ৷
শূন্য টকাৰ নোট হৈছে ভাৰতত ব্যৱস্থাগত ৰাজনৈতিক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ মাধ্যম হিচাপে জাৰি কৰা বেংকনোটৰ এক অনুকৰণ। এই নোটসমূহ ক্ষুব্ধ নাগৰিকে বিনামূলীয়া হ’বলগীয়া সেৱাৰ বিনিময়ত উৎকোচ বিচৰা চৰকাৰী কৰ্মীসকলক এক প্ৰতীকাত্মক প্ৰতিবাদ হিচাপে প্ৰদান কৰে ৷
ভাৰতৰ নিয়মীয়া ৫০ টকীয়া নোটৰ সৈতে মিল থকা কিন্তু ইয়াতকৈ ডাঙৰ আকাৰত তৈয়াৰ কৰা শূন্য টকাৰ নোট “5th Pillar” নামৰ এটা বেচৰকাৰী সংস্থাটোৱে ২০০৭ চনৰ পৰা পৰা প্ৰচলন কৰে ৷ 5th Pillarৰ প্ৰতিষ্ঠাপক বিজয় আনন্দই জিৰ’ ৰুপী নোটৰ ধাৰণা প্ৰস্তুত কৰাৰ পিছতে এন জি অ’টোৰ স্বেচ্ছাসেৱকসকলে বজাৰ স্থান, ৰে’ল ষ্টেচন, বাছ ষ্টপ, শ্বপিং মল আদিত এই নোট বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল ৷
নোটখনত সংগঠনটোৰ যোগাযোগৰ তথ্যৰ লগতে উৎকোচ বিৰোধী বাৰ্তাও ছপা কৰা হৈছে য’ত লিখা আছে – “যদি কোনোবাই উৎকোচ দাবী কৰে, তেন্তে এই টকাখন দিয়ক আৰু গোচৰটো ৰিপ’ৰ্ট কৰক”।
ইতিমধ্যে ত্ৰিশ লাখতকৈ অধিক নোট বিতৰণ কৰাৰ পিছত নোটসমূহ বৰ্তমানো প্ৰতীকিৰূপত ব্যৱহাৰ হৈয়েই আছে আৰু প্ৰতিমাহে হাজাৰ হাজাৰ নোট বিতৰণ কৰা হয়। নোটখনত “সকলো স্তৰতে দুৰ্নীতি নিৰ্মূল কৰক” আৰু “মই ঘোচ গ্ৰহণ নকৰো বা নিদিওঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো” লেখীয়া দুৰ্নীতি বিৰোধী শ্লোগানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ৷
5th Pillarৰ তৰফৰ পৰা কোৱা হৈছে যে, “এই ‘জিৰ’ ৰূপী নোট হৈছে যিকোনো মানুহেই কৰ্তৃত্বশীল ব্যক্তিৰ সৈতে মুখামুখি হোৱাৰ ভয় নোহোৱাকৈ দুৰ্নীতিৰ প্ৰতি নাকচ কৰাৰ উপায়।’ বিজয় আনন্দই এই কাৰ্যসূচীৰ কাৰ্যকাৰিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে মানুহে ইতিমধ্যে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু ই কাম কৰি আছে।
উদাহৰণ স্বৰূপে কোৱা হৈছে যে এজন অটো ৰিক্সা চালকক এদিন মাজনিশা এগৰাকী আৰক্ষীয়ে জবৰদস্তি টানি লৈ গ’ল আৰু ড্ৰাইভাৰে মুখেৰে প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে তেওঁক নোটখন দিলে। পুলিচজনে হতভম্ব হৈ হাঁহি এটা মাৰি তেওঁক এৰি দিলে। zero rupee note প্ৰদান কৰা ব্যক্তিজনৰ প্ৰতিবাদ পঞ্জীয়ন কৰাৰ উপৰিও ই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক এটা শিক্ষা প্ৰদান কৰে যে ব্যৱস্থাগত চৰকাৰী দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
নোটসমূহৰ ব্যৱহাৰৰ উদ্দেশ্য হৈছে এই বিষয়াসকলক উৎকোচৰ বিৰুদ্ধে আইন আছে বুলি সোঁৱৰাই আমোলাসকলক লজ্জিত বা ভয় খুৱাই সৎ আচৰণ কৰিবলৈ বাধ্য কৰোৱা ৷
শূন্য টকাৰ নোটবোৰ প্ৰকৃত ভাৰতীয় পঞ্চাশ টকাৰ নোটৰ দৰেই যেন লাগিলেও ভাৰত চৰকাৰে জাৰি কৰা নহয় আৰু সেয়েহে ই আইনী নিবিদা নহয়। আনহাতে নোটখনৰ এটা ফালহে মুদ্ৰাৰ দৰে ছপা কৰা হয় যাতে জাল আইন উলংঘা নকৰে।
সুত্ৰ অনুসৰি মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু এছ’চিয়েচন ফৰ ইণ্ডিয়াছ ডেভেলপমেণ্ট, ইনকৰ্পৰেটেড ইউ এছৰ সঞ্চালক ভাৰতীয় প্ৰবাসী সতীন্দৰ মোহন ভগতে ২০০১ চনত শূন্য টকাৰ নোটৰ ধাৰণাটোৰ উৎপত্তিৰ কৃতিত্ব লাভ কৰে।
ভাৰত ভ্ৰমণৰ বাবে উভতি অহাৰ লগে লগে ভগতে দৈনন্দিন জীৱনৰ অংশস্বৰূপ চৰকাৰী বিষয়াসকলৰ ঘোচ হিচাপে ক্ষুদ্ৰ ধন দাবীৰ বাবে হতাশ হৈ শূন্য টকাৰ নোটৰ ধাৰণাটো মনলৈ আনে আৰু 5th Pillar নামৰ বেচৰকাৰী সংস্থাটোৱে ভগতৰ ধাৰণা বাস্তৱায়িত কৰে। তেওঁলোকে ২০০৭ চনৰ আৰম্ভনিতে ২৫,০০০ খন নোটৰ প্ৰথম ছপা কৰি এই অভিযান আৰম্ভ কৰে, যিবোৰ ভাৰতৰ চেন্নাই চহৰত বিতৰণ কৰা হয়।
পাঁচটা ভাষা ক্ৰমে তামিল, হিন্দী, কানাড়া, মালয়ালম আৰু তেলুগুত শূন্য টকাৰ নোট জাৰি কৰা হৈছে৷ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰৰ বাবে এই ধাৰণাটো শেহতীয়াকৈ 5th Pillarৰ পৰা য়েমেন, ঘানা, বেনিন, মেক্সিকো আৰু নেপালকে ধৰি স্থানীয় চৰকাৰী উৎকোচৰ সমস্যাত ভুগি থকা আন কিছুমান ৰাষ্ট্ৰৰ লোকেও গ্ৰহণ কৰিব লৈছে৷
প্ৰকৃততে “সততাৰ বিপনী” বা “শূন্য টকা” হৈছে নুতন প্ৰজন্মৰ বাবে এক ধৰণৰ প্ৰতীকধৰ্মী শিক্ষা, আৰু সততাক বিসৰ্জন দি বিশ্বাসহীনতাক আকোৱালি লোৱা, অসৎ কামত নিয়োজিত, দুৰ্নীতিৰ সতে জড়িতসকলৰ বিৰুদ্ধে এক প্ৰচণ্ড প্ৰতিবাদ ৷
এনেকুৱা ধৰণৰ প্ৰতিকধৰ্মী ব্যৱস্থাৰ বহুল প্ৰচলন হোৱাটো জৰুৰী৷ দিনক দিনে দ্ৰূত গতিত অৱক্ষয় হবলৈ ধৰা সমাজখনত নতুন প্ৰজন্মক মূল্যবোধ আৰু সততাৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ বাবে হয়তো এনেকুৱা ব্যৱস্থা এদিন হৈ পৰিব অমোঘ অস্ত্ৰ ৷
কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)