• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

সত্যাগ্ৰহ এপাট অস্ত্ৰ নহয়

-সুৰেন্দ্ৰ নাথ মেধি

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 2 mins read
0
সত্যাগ্ৰহ এপাট অস্ত্ৰ নহয়
Share on FacebookShare on TwitterShare on LinkedIn

-সুৰেন্দ্ৰ নাথ মেধি |

[ অসম আন্দোলনৰ সেই সময়ৰ চৰকাৰী দমনমূলক পৰিস্থিতিত মহাবাহু আলোচনীত ১৯৮২ চনত সুৰেন্দ্ৰ নাথ মেধি (সৌৰভ কুমাৰ চলিহা নামেৰেও প্ৰখ্যাত)য়ে ‍‘‍‘সত্যাগ্ৰহ এপাট অস্ত্ৰ নহয়’’ নামৰ এক বিতৰ্কমূলক শক্তিশালী প্ৰবন্ধ লিখিছিল। পাঠক সমাজৰ জ্ঞাতাৰ্থে সেই প্ৰবন্ধটো তলত দাঙি ধৰিলো…]

RelatedPosts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026

জজফিল্ডত জুম বান্ধি বক্তৃতা দি থাকোতে ইপিনে মিলিটাৰীয়ে উত্তৰ কামৰূপৰ গাঁও-ভূঁই ধৰ্ষণ কৰি শেষ কৰি দিলে। তথাপি লাখ লাখ মানুহ টানি আনি ‘‘শান্তিপূৰ্ণ গণ-সমাৱেশ’’ পতাৰ আড়ম্বৰ আমাৰ এতিয়াও শেষ হোৱা নাই। যেন এতিয়াও আমি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছো যে আমি এটা শান্তিপ্ৰিয় জাতি, আমি অহিংস, আমি গান্ধীবাদী সত্যাগ্ৰহী মাত্ৰ। এতিয়াও আমি অহিংস সত্যাগ্ৰহীৰ চাৰ্টিফিকেট বিচাৰি চিঞৰি আছো, ‘সৰ্বভাৰতীয়’ নেতাসকলক কাতৰভাৱে অনুনয় কৰি কৈ আছো, ‘‘চোৱা, আমি আচলতে অতি নিৰীহ-নিপানী সৰল মানুহ, আমাক ভুল নুবুজিবা, চোৱা, লাইট মেচিনগানেৰে দুলিয়াজানত আমাৰ শ শ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী মাৰি মৰাশবোৰ দ’ম কৰি দিলে, নাৎসী কনচেনট্ৰেছন কেম্পত হিটলাৰে ইহুদি নিৰ্বংশ কৰাৰ দৰে, কিন্তু আমি কিমান শান্ত হৈ এতিয়াও বহি আছো, স্মাৰক-পত্ৰ দি আছো, সঁজাতী দল পঠিয়াই আছো, বাহিৰৰপৰা কোনোবা এইপিনে আহিলেই দৌৰি গৈ সবিনয়ে কৈছো, ‘চোৱাচোন আমাক এনেকৈ মাৰি আছে, আমাৰ মাইকী মানুহখিনিক এনেকৈ বেইজ্জত কৰিছে, তথাপি আমাকহে উগ্ৰপন্থী বুলি কৈ আছে, এইটো অবিচাৰ নহয় নে বাৰু?’ ’’

এতিয়াও আমি উপলব্ধি কৰিব পৰা নাই যে এইবোৰ কথাৰ–সত্য, অহিংসা, শান্তিপূৰ্ণ সত্যাগ্ৰহ, সংবিধান, যুক্তি, মানৱতাবাদ, নিয়ম কানুন—এইবোৰ কথাৰ কোনেও টোয়েক্কা নকৰে, আচল কথা হ’ল জোৰ যাৰ মুলুক তাৰ, বাহুবল যাৰ অধিকাৰ তাৰ, অনুনয়-বিনয়, আৱেদন-নিৱেদন, স্মাৰক-পত্ৰ, যুক্তিদৰ্শন এইবোৰ কথাৰ আজিৰ যুগত কোনো প্ৰাসংগিকতা নাই। এনে এটা আন্দোলন সফল হোৱা নাই যিটো সত্যাগ্ৰহ আৰু স্মাৰক-পত্ৰৰ যোগেদি হৈছে—সকলো দাবী (যেনে ধৰক, স্বাধীন ভাৰতবৰ্ষ দাবী, বা অন্ধ্ৰপ্ৰদেশ স্থাপনৰ দাবী বা আলজেৰিয়াক ফ্ৰান্সৰপৰা মুক্ত কৰাৰ দাবী, বা অসমৰ বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যম প্ৰচলনৰ দাবী, বা…) শেহলৈ হিংস্ৰ ঘটনাৱলীৰ মাজেদি গৃহীত হৈছে। ‘‘লাহে লাহে’’ৰ দেশৰ অসমীয়া মস্তিষ্কলৈ এতিয়াও এই কথা সোমাব পৰা নাই যে ‘‘অহিংস সত্যাগ্ৰহ’’ৰ অকাৰ্যকাৰিতা বহুদিন আগেয়েই প্ৰমাণ হৈ গৈছে—স্বয়ং গান্ধীয়ে এই কথা খেদ কৰি স্বীকাৰ কৰি থৈ গৈছে, যেতিয়া তেওঁৰ শান্তিপূৰ্ণ অহিংস সত্যাগ্ৰহৰ পৰিসমাপ্তি ঘটিল চৌৰী-চৌৰাৰ হিংসাত্মক ঘটনাৱলীত তাৰ ঘটনাৱলী এখন বুৰঞ্জীত সংক্ষেপে আমি এনেদৰে পাওঁ : চুৰাট জিলাৰ বাৰ্দৌলি তহচিলৰ ৰাইজৰ কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে আইন অমান্য আন্দোলন কৰিবলৈ অনুমতি দিলে ১৯২২ চনৰ ৩১ জানুৱাৰী তাৰিখে। গান্ধীয়ে ৰাইজৰ এই সিদ্ধান্ত অনুমোদন কৰি নিজে গণ-সংগ্ৰামৰ (Civil Disobedience) নেতৃত্ব দিব বুলি ঘোষণা কৰিলে, চৰকাৰৰ হাতৰপৰা বাতৰি-কাকতৰ নিয়ন্ত্ৰণ উঠাই নল’লে আৰু ৰাজনৈতিক বন্দীসকলক সাতদিনৰ ভিতৰত মুক্তি নিদিলে ৰাইজে চৰকাৰক কৰ দিবলৈ বন্ধ কৰিব বুলি সিদ্ধান্ত কৰা হ’ল, তেওঁ ক’লে যে এই সিদ্ধান্ত, ‘‘চূড়ান্ত আৰু অপৰিৱৰ্তনীয়’’। কিন্তু ফেব্ৰুৱাৰিৰ ৫ তাৰিখে উত্তৰপ্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী-চৌৰাত কংগ্ৰেছে উলিওৱা ৩,০০০ খেতিয়কৰ এটা শোভাযাত্ৰাৰ ওপৰত পুলিচে গুলীবৰ্ষণ কৰে, যাৰ ফলত জনতা উন্মত্ত হৈ পৰে আৰু পুলিচ থানা আক্ৰমণ কৰি জ্বলাই দিয়ে, তাৰ ফলত ২২ জন পুলিচৰ মৃত্যু ঘটে। আইন অমান্য গণ-আন্দোলনৰ এই পৰিণতিত গান্ধী মৰ্মাহত হয়, তেওঁ উপলব্ধি কৰে যে কৰ্মীসকলে অহিংসাৰ অৰ্থ বুজা নাই, অহিংসাৰ পদ্ধতি শিকিব পৰা নাই, আৰু—তেওঁৰ বিশ্বাস—অহিংসা বিনে আইন অমান্য আন্দোলন সফল হ’ব নোৱাৰে—হিংসাৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই, আৰু ব্ৰিটিছৰাজে এটা হিংস্ৰ আন্দোলন সহজেই দমন কৰিব পাৰিব (যিটো হয়তো প্ৰকৃততে অহিংস হ’লে নোৱাৰিব বুলি তেওঁৰ বিশ্বাস), আৰু সেয়ে তেওঁ এই জাতীয় আন্দোলন পৰিহাৰ কৰিবলৈ সিদ্ধান্ত ল’লে। গুজৰাটৰ বাৰ্দৌলিত কংগ্ৰেছ ৱৰ্কিং কমিটি বহিল (১২ ফেব্রুৱাৰি) আৰু আইন ভংগ কৰিব পৰা সকলো কাৰ্যপন্থা বন্ধ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে, কংগ্ৰেছীসকলক কোৱা হ’ল যে তেওঁলোকৰ এতিয়া কাম হ’ব যঁতৰৰ জনপ্ৰিয়তা বৃদ্ধি কৰা, জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা, মাদক দ্ৰব্য পৰিহাৰৰ কাৰ্যসূচী প্ৰচলন কৰা। এই একেদিনাই ‘‘চৌৰী-চৌৰাৰ পাপ’’ৰ প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাঁচদিনীয়া অনশন-ব্ৰত আৰম্ভ কৰিলে আৰু ১৬ তাৰিখে তেওঁ ‘‘ইয়ং ইণ্ডিয়া’’ কাকতত লিখিলে যে ভগৱানে এইলৈ তেওঁক তৃতীয়বাৰ (হিংসাৰ বিষয়ে) সাৱধান কৰি দিছে…। ‘‘চূড়ান্ত আৰু অপৰিৱৰ্তনীয়’’ সিদ্ধান্তৰপৰা এই আকস্মিক পশ্চাদপসৰণত জনসাধাৰণ ক্ৰুদ্ধ হৈ উঠিল আৰু জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আদি তৰুণ নেতাসকল অসন্তুষ্ট হৈ পৰিল, আৰু আনকি মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, লালা ৰাজপত ৰায় আদি প্ৰবীণ নেতাসকলো গান্ধীৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিল, স্বদেশপ্ৰেমত উদ্বুদ্ধ কংগ্ৰেছ কৰ্মীসকলে এটা নিৰ্মম আঘাত পালে। এই আঘাতৰ ক্ৰিয়া অসমৰ এজন কংগ্ৰেছ নেতা, কৰ্মবীৰ বুলি খ্যাত ৺ চন্দ্ৰ নাথ শৰ্মাৰ ভাষাত নিৰ্ণয় কৰিব পাৰি।  চন্দ্ৰ নাথ শৰ্মা সেই সময়ত অসুস্থ হৈ পুৰীত শয্যাগত আছিল, তেওঁ তেওঁৰ বন্ধু দুৰ্গা নাথ বৰুৱালৈ এখন চিঠিত লিখিলে (২২ ফেব্ৰুৱাৰি) : ‘‘…বাৰ্দৌলিৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰস্তাৱটো পাই হতভম্ব হৈ পৰিছো…কংগ্ৰেছ যে এটা ধৰ্মীয় অনুষ্ঠান নহয় সেই কথা মহাত্মা গান্ধীয়ে বেছ ভালদৰেই জানে…এই অসহযোগ আন্দোলন যদি সম্পূৰ্ণৰূপে এটা ধৰ্মীয় আৰু আধ্যাত্মিক আন্দোলনেই হয়, তেন্তে তেওঁ সেই কথা আগতেই নক’লে কিয়? বস্তুতঃ, ভাৰতীয় জনসাধাৰণৰ চিত্তশুদ্ধি কৰি তেওঁলোকক অহিংসামন্ত্ৰত দীক্ষিত কৰিবলৈ ব্ৰিটিছ চৰকাৰৰ লগত অসহযোগ কৰাৰ কোনো প্ৰয়োজন নাছিল। আৰু যিধৰণৰ স্বাধীনতা ভাৰতীয় মানুহক এতিয়া তেওঁ দিব খুজিছে সেই ধৰণৰ স্বাধীনতা লাভৰ কাৰণে সেই চৰকাৰৰ লগত যুদ্ধ কৰাৰো কোনো প্ৰয়োজন নাছিল।’’

আৰু প্ৰকৃততে, ‘‘সেই ধৰণৰ স্বাধীনতা’’ অৰ্থাৎ গান্ধীৰ ‘‘ৰামৰাজ্য’’ তেওঁ আমাক দিব পৰাও নাই, কাৰণ তেওঁৰ আদৰ্শৰ ‍‘‍‘কায়-মনো-বাক্যে অহিংস, কামত আৰু চিন্তাত অহিংস, সত্যনিষ্ঠ আৰু অহিংস’’ কোনো ব্যক্তি (আনকি দেৱতা) তেওঁ কেতিয়াও কাকো দেখুৱাব পৰা নাই (নিজকে ধৰি)—মানুহ ঋষি-মুনি নহয়, আৰু বস্তুতঃ ঋষি-মুনি, দেৱ-দেৱীৰ ক্ৰোধৰ কাঠামোৰ ওপৰতে মহাভাৰত আৰু ৰামায়ণ ৰচিত। তেওঁৰ কল্পনাৰ ৰামৰাজ্যতো বাদেই ‘‘আচল’’ (অৰ্থাৎ ৰামায়ণৰ) ৰামৰাজ্যতো তেনেকুৱা প্ৰকৃতি সম্পূৰ্ণ অনুপস্থিত, অনৰ্গল কাম ক্ৰোধ-লোভ-মোহ-যুদ্ধ, মাৰ-কাট, গতিকে অহিংস আন্দোলনৰপৰা পলায়ন কৰাৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাছিল (মূলতঃ, ‘নিষ্ক্ৰিয় প্ৰতিৰোধ’ৰ ধাৰণাটোৱেই অ-ভাৰতীয়। এইটো ৰাস্কিন, টলষ্টয় আদিৰ লিখনিৰপৰা লোৱা, বিজতৰীয়া গুটি এটা ভাৰতৰ মাটিত ৰোৱাৰ অপচেষ্টা), ভাৰত চৰকাৰৰ এখন বিজ্ঞপ্তিত (৮ মে’ ১৯৩৩) জনোৱা হৈছিল :— ‘‘…(গান্ধীয়ে) আইন অমান্য আন্দোলনত সকলো আগ্ৰহ হেৰুৱাইছে আৰু এতিয়া তেওঁ অস্পৃশ্যতাৰ সামাজিক আৰু ধৰ্মীয় সমস্যাবোৰৰ লগত জড়িত কাৰ্য-কলাপত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিবলৈ ইচ্ছুক…, আৰু ১৯৩২/৩৩ চনৰ গণ-আন্দোলনো গান্ধীয়ে তেনেদৰেই জলাঞ্জলি দিলে, যদিও তেওঁ ‘একক (ব্যক্তিগত) সত্যাগ্ৰহ’ বুলি এটা বস্তু আৰম্ভ কৰিছিল (১.৮.১৯৩৩), আৰু অৱশেষত ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৩৪ চনৰ ২০ মে’ তাৰিখে আনুষ্ঠানিকভাৱে ‘আইন অমান্য’ আন্দোলন সামৰণি পেলালে…।’’

পৃথিৱীৰ ইতিহাসত শান্তিপ্ৰিয় অহিসা আন্দোলন সফল হোৱাৰ কোনো উদাহৰণ নাই। ভোটাৰ তালিকাৰপৰা বিদেশী নাগৰিকৰ নাম বাদ দিয়াৰ এই আন্দোলন আৰম্ভ হোৱাৰ আগে আগে যিসকল ছাত্ৰই আমাক এই বিষয়ে সুধিছিল তেওঁলোকক আমি কৈছিলো যে গণ-সত্যাগ্ৰহ এটা অস্ত্ৰ নহয়, অৰ্থনৈতিক হেঁচা এটা অস্ত্ৰ (তেলৰ কথা আমি অৱশ্যে কোৱা নাছিলো, সেইটো কথা আমাৰ মূৰলৈ অহা নাছিল), আদালত এটা অস্ত্ৰ। অন্য কোনো জাতিয়ে এটা বিৰাট জনশক্তি (মেনপাৱাৰ) এনেকৈ শ্ল’গান দি শোভাযাত্ৰা কৰি অপচয় হ’ব নিদিলেহেঁতেন—তেওঁলোকে গৈ হয়তো নিৰ্বাচনী অফিচটোকে উৰাই দিলেহেঁতেন, বচ, নিৰ্বাচন বন্ধ। জজফিল্ডত শ্ল’গান দি থকা সহজ, বাহিৰৰ নেতাই ‘‘অসমীয়া মানুহবোৰ ইমান শৃংখলাবদ্ধ, ইমান শান্তিপূৰ্ণ’’ বুলি আমাক বাহ্-বা দিয়াটো সস্তা, আমাৰ দাবী সংবিধানসন্মত; ন্যায়সংগত বুলি যুক্তি দি থকাটো মামুলি—কিন্তু এইবোৰলৈ কোনে পৰোৱা কৰে, চৰকাৰে নিৰ্বাচন পাতিব খুজিলে পাতিবই! আমি ছাত্ৰসকলক কৈছিলো যে সকলো জানি-বুজিও চৰকাৰে নিৰ্বাচন পাতিবলৈ বদ্ধ-পৰিকৰ হৈছে, জজফিল্ডত সংবিধানৰ যুক্তি দিলে চৰকাৰ নিৰস্ত্ৰ হ’ব বুলি ভবাটো অলীক। এইটো প্ৰেমিক-প্ৰেমিকাৰ মান-অভিমানৰ খেলা নহয় যে আমি ৰোহ পাতি ৰাস্তাত ধৰ্ণা দি বহি থাকিলে চৰকাৰে গজাল লগোৱা বুটেৰে আমাৰ বুকুত গচকি পাৰ হৈ নাযাব, আমি তেওঁলোকক ‘‘তুমি ইমান অন্যায় কৰিব ধৰিছা’’ বুলি ক’লে তেওঁলোকে ‘‘অ, হয়তো, আমাৰেই ভুল হৈছে, বেয়া নেপাবা দেই, এনেকুৱা নকৰো আৰু’’ বুলি নিৰ্বাচন বন্ধ কৰি দিব (বা বিদেশী নাগৰিক বিচাৰি উলিয়াই অসমৰপৰা বাহিৰ কৰি দিব)। ভোটত জিকি থাকিবৰ বাবে আৰু অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীবোৰক নিশকতীয়া কৰি ৰাখিবৰ বাবেই পূৰ্ববংগৰ মানুহ আজি ইমানবছৰ ধৰি আমদানি কৰি থকা হৈছে, আমি আব্দাৰ ধৰিলেই চৰকাৰে পূৰ্ববংগীয় খেদি নিদিয়ে, সিহঁতৰ ভোটাধিকাৰো ৰদ কৰি নিদিয়ে, চৰকাৰ বুৰ্বক নহয়। এই পিকেটিং, ঘেৰাও, সত্যাগ্ৰহ—এইবোৰ চৰকাৰে তেতিয়ালৈকে সহ্য কৰি যাব, যেতিয়ালৈকে চৰকাৰৰ স্বাৰ্থ গুৰুতৰৰূপে বিপদাপন্ন নহয়—তাৰ পাছত দমননীতি প্ৰয়োগ কৰিব (কৰিবই)—৫২৬ জনীয়া সংসদত অসমৰ মাত্ৰ ১৪ জন এম. পি. অৱশ্যে ধৰ্তব্যই নহয়, কিন্তু চৰকাৰী ন্যস্ত স্বাৰ্থৰ লগত জড়িত আছিল নগাঁও আৰু বৰপেটা সমষ্টিৰ দুজন প্ৰাৰ্থী, তেওঁলোকক মনোনয়ন-পত্ৰ দিয়াবলৈ চৰকাৰে যুক্তি-কৰণ-সহনশীলতা লথিয়াই দি কাৰ্ফিউ, চি.আৰ.পি., পুলিচ-মিলিটাৰী প্ৰয়োগ কৰিবলৈ কোনো দ্বিধাই নকৰিলে, যদিয়ো অৱশ্যে নগাঁৱত জনতাই কাৰ্ফিউ ভাঙি দিলে আৰু বৰপেটাত মনোনয়ন-পত্ৰৰ ত্ৰুটিৰ ফলত নিৰ্বাচন স্থগিত থাকিল। কিন্তু বৰপেটা সমষ্টিত গুৱাহাটীৰপৰা বৰপেটালৈকে মানুহ-দুনুহ লথিয়াই-কোবাই হাড়-মূৰ ভাঙি, এনেকি এজন ছাত্ৰক হত্যা কৰি হ’লেও মনোনয়ন-পত্ৰ দাখিল কৰাইহে এৰিলে (কাছাৰৰ দুটা সমষ্টিততো জজফিল্ডৰ শ্ল’গান আৰু বাতৰি-কাকতৰ যুক্তিগধুৰ বিবৃতিয়ে গৈ স্পৰ্শই নকৰিলে)। অৰ্থাৎ, আমি সত্যাগ্ৰহ কৰি থাকিলো, মাৰ-ধৰ খাই থাকিলো, কলিকতীয়া কাগজ আৰু নিখিল ভাৰতীয় ৰেডিঅ’ৰ অপপ্ৰচাৰ সহ্য কৰি থাকিলো, কিন্তু চৰকাৰ আৰু বিৰোধী পক্ষ যুক্তি-সংবিধান গান্ধীবাদৰ ধাৰে-কাষেও নগ’ল।

আমি ছাত্ৰসকলক আৰু কৈছিলো যে ৰক্তহীন অসমীয়া মানুহৰ ঠাইত অন্য জাতিয়ে এনে পৰিস্থিতিত যি কৰিলেহেঁতেন সেয়া দুইৰকমৰ : (এক) চৈধ্যটা সমষ্টিত চৈধ্যটা কমাণ্ডো’ বা গৰিলা দলে নিৰ্বাচনী অফিচ উৰাই দিলেহেঁতেন, পলিং-বুথ জ্বলাই দিলেহেঁতেন, নিৰ্বাচন প্ৰাৰ্থী অপহৰণ কৰি বন্ধ কৰি ৰাখিলেহেঁতেন বা জখম কৰি পেলাই ৰাখিলেহেঁতেন, ইত্যাদি, অৰ্থাৎ সম্পূৰ্ণ হিংসাত্মক প্ৰতিৰোধ। গাঁৱে-ভূঁয়ে হাইৱে’ৰ মোৰে মোৰে অহিংস সত্যাগ্ৰহ বুলি মাৰ-ধৰ খাই খাই পৰি নাথাকিলহেঁতেন, কাৰণ তেওঁলোকে বুজিলেহেঁতেন যে শ্ল’গানে চৰকাৰক নটলায়; বিবৃতি আৰু বক্তৃতা শুনি আৰু স্মাৰক পত্ৰ পঢ়ি চৰকাৰে কাম নকৰে। (তেওঁলোকৰ ত্যাগ আৰু নিৰ্ভীকতা সকলো জাতিৰে শ্ৰদ্ধাৰ বস্তু, কিন্তু তেওঁলোকৰ বিশ্বাস অন্য জাতিৰ বিশ্বাস নহয়।) (দুই) তেওঁলোকে সংসদত বা আদালতৰ সাহায্য ল’লেহেঁতেন (অৱশ্যে সংসদ তেতিয়া নাই, কিন্তু থকালৈকে সংসদ অচলাৱস্থা সৃষ্টি কৰি পেলাব পাৰি যাতে চৰকাৰে কিবা কৰিবলৈ বাধ্য হয়)। এই নিৰ্বাচন অবৈধ আৰু সংবিধান বিৰোধী বুলি অকল বিবৃতি দি থাকি কোনো লাভ নাই, কাৰণ সেইবোৰ বিবৃতি ‘‘সৰ্বভাৰতীয়’’ কাকতে প্ৰকাশ নকৰে, চৰকাৰী অনাতাঁৰে প্ৰচাৰ নকৰে, চৰকাৰে গ্ৰাহ্য নকৰে। যদি সঁচাকৈয়ে ই অবৈধ আৰু অসাংবিধানিক, তেন্তে তাক ৰোধ কৰাৰ ৰাস্তা হ’ল মোকৰ্দমা, যুক্তি-তৰ্কৰ স্থান আদালত, আৰু এই মৰ্মে দুই-এখন চিঠিও সেই সময়ত কাকতত প্ৰকাশ হৈছিল, কিন্তু কোনেও ন্যায়ালয়ত নিৰ্বাচনী আয়োগৰ নিৰ্বাচন-সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গোচৰ নতৰিলে, ‘‘অহিংস সত্যাগ্ৰহ’’ৰ ‘‘অভূতপূৰ্ব গণ-জাগৰণ’’ৰ আত্মপ্ৰসাদৰ ঢৌত সেইবোৰ চিন্তা ভাহি গ’ল, সেইটো জজফিল্ডতেই ৰৈ গ’ল, তাৰ নিচেই ওচৰৰ আদালত সকলোৰে উপেক্ষিত হৈ থিয় দি থাকিল। এই মৰ্মে আমি যি চিঠি কাকতলৈ লিখিছিলো—আৰু লগতে কাছাৰতো নিৰ্বাচন-বিৰোধী প্ৰচাৰ চলোৱাত জৰুৰী গুৰুত্ব আৰোপ কৰি—সেই চিঠি আমি প্ৰকাশ কৰাব নোৱাৰিলো (তাৰ কাৰণ হয়তো এয়ে যে আমি পঞ্চমুখ হৈ ‘‘অহিংস গণ-সত্যাগ্ৰহ’’—পদ্ধতিৰ জয়গান কৰা নাছিলো)। অৱশ্যে, প্ৰশ্ন উঠিব যে এয়ে যদি আমাৰ অভিমত আছিল, আমিয়েই তেনেহ’লে ন্যায়ালয়ত গোচৰ নতৰিলো কিয়? উত্তৰত মাথোঁ ইয়াকেই ক’ব পাৰো যে আমি মোকৰ্দমা ৰুজু কৰিবলৈ উদ্যত হৈছিলো, কিন্তু পি, এল’ পিয়ে আমাক এই কামত নিৰস্ত্ৰ কৰালে, আৰু অন্যান্য লেঠাৰ চাপত সময়মতে আদালতৰ ওচৰ চপা নহ’ল; আন আন কেইবাজনো ব্যক্তিয়ে আৰু কেইবাটাও সংগঠনে মোকৰ্দমা তৰিবলৈ উদ্যোগ কৰিছিল, কিন্তু বিভিন্ন দল আৰু তেতিয়াৰ ক্ৰমবৰ্ধমান সত্যাগ্ৰহ-আন্দোলনৰ ব্যাপকতাৰ হেঁচাত কাৰো মোকৰ্দমা তৰা হৈ নুঠিল। কিন্তু অৱশ্যেই, এইটো কোনো চাফাই হ’ব নোৱাৰে যে কোনোবাই আমাক কিবা ভাবি বাধা দিলে বুলিয়েই আমাৰ নিজৰ বিচাৰ আৰু বিবেকৰ বিৰুদ্ধে গৈ আমি কামটো নকৰিলো। এইটো সঁচা, আৰু এইটো আমি স্বীকাৰ কৰিবলৈ বাধ্য যে আমাৰ এই গাফিলতি—কাৰণ যিয়েই নহওক—অক্ষমনীয়, ইতিহাসৰ বিচাৰত আমি দোষী; আমি মাথোঁ ইয়াকেই ক’ব খুজিছো যে আশ্চৰ্য আৰু লজ্জাকৰ কথা এইটোৱেই যে সমস্ত জাতিটোৰ কোনো এজন ব্যক্তিয়েও নিৰ্বাচন চেলেঞ্জ কৰি এটা গোচৰ নতৰিলে (যিটো কৰাহেঁতেন নিৰ্বাচন বাতিল বা স্থগিত হৈ গ’লহেঁতেন আৰু তাৰ পৰৱৰ্তী ঘটনাপ্ৰৱাহ সম্পূৰ্ণ বেলেগ ধৰণৰ হৈ পৰিলহেঁতেন)। কিয় নকৰিলে?

দুৰ্ভাগ্যবশতঃ ইয়াৰ কাৰণটো হ’ল—আমাৰ ধাৰণা মতে—আমাৰ বহুদিনীয়া ‘‘কথা-সৰ্বস্ব ট্ৰেডিছন; যাক আমি নাম দিব পাৰো ‘‘সাহিত্য সভা-প্ৰবৃত্তি’’ বা সাহিত্য সভা-‘‘Syndrome”। সাহিত্য সভা বুলিলে যিখন ছবি আমাৰ মনত ভাহি উঠে সেইখন হৈছে এটা খিচিমিচি বজৰুৱা ভিৰ, ধূলি-বোকা-লেতেৰা-পেতেৰা-বিশৃংখল-হট্টগোল, তাৰ মাজত এমূৰে এখন মঞ্চত চৌগা-চাপকান-চাদৰ পাঞ্জাবী পিন্ধি সুভূষণ কোনোবা গঙাটোপে বুকু ফিন্দাই গদ গদ কণ্ঠে অসমীয়া ভাষা-সংস্কৃতিৰ বিষয়ে কিবা চিঞৰি আছে, কোনেও একো শুনাও নাই, শুনাৰ চেষ্টাও কৰা নাই, সেয়ে সাহিত্য। এইটো সৰ্বজনবিদিত যে কাছাৰ আৰু গোৱালপাৰা জিলা অসমৰপৰা ফালৰি কাটি যাব ধৰাৰ, alienated হৈ যাব ধৰাৰ এটা প্ৰধান কাৰণ হ’ল অসম সাহিত্য সভা : প্ৰসংগতঃ অ.সা.স.ৰ এগৰাকী সভাপতিক কাছাৰলৈ নিবৰ বাবে আমি বহু চেষ্টা কৰিছিলো (আনকি তেখেতক কিছু তেলো দিছিলো) কিন্তু তেখেতে ‘‘এতিয়া পৰিস্থিতি ভাল নহয়’’ জাতীয় অজুহাত দেখুৱাই বাৰে বাৰে কামটো পিছুৱাই দিলে (বোধহয় পৰিস্থিতি ভাল হ’লে তেখেতে তাত মালা পিন্ধি ফিতা কাটিবলৈ যাব)। কাছাৰত আজিলৈকে সা.স.ৰ অধিৱেশন বহুওৱাৰ সাহস তেওঁলোকৰ নহ’ল—বোধহয় তাত বহিৰাগত বঙালী মানুহ (চহৰকেইখনত) সংখ্যাগৰিষ্ঠ কাৰণে তেওঁলোকে কাছাৰখন অসমৰ মেপৰপৰা বাদ দিছে, যিটো যুক্তিৰে দুদিন পাছত মালিগাঁও আৰু লামডিং (আৰু পাণবজাৰো) বাদ দিব লাগিব। সা.স.ৰ বহুকেইজন সভাপতিৰ নৈতিকতা আৰু সৎসাহসৰ প্ৰশ্ন তুলি নানানটা অভিযোগ কাকতত ওলাই থাকে। (কোনোজনে হয়তো বাংলাদেশীক মাটিৰ পট্টন দি দি নিজৰ বেংক-বেলেন্স পূৰণ কৰিছে, কোনোজনে হয়তো ভুল-তথ্যপাতিৰে পাঠ্যপুথি লিখি সেই ভুলবোৰ আঙুলিয়াই দিয়া সত্ত্বেও বজাৰত চলাইয়ে আছে, কোনোজনে হয়তো…)।[1] প্ৰতিটো আন্দোলন প্ৰথমতে কোনো ব্যক্তি বা প্ৰতিষ্ঠানে সূচনা কৰে, তাৰ পাছত ছাত্ৰ সন্থাই আন্দোলন ব্যাপক কৰি তোলে, তাৰ পাছত সা.স.ৰ টোপনি ভাগে, লাহে লাহে চুচুক-চামাককৈ তেতিয়া সা.স.য়ো আন্দোলনত যোগ দিবলৈ বাধ্য হয়। হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটাই লৈ বক্তৃতা দিব লাগে, ঢোলে-দগৰে শোভাযাত্ৰা কৰি হাতী-ঘোৰা-দোলাত উঠি, ‘‘একদিনকা চুলতানৰ’’ৰ আড়ম্বৰ মানুহক দেখুৱাব লাগে, তাৰ মাজে মাজে ঠেলা ঠেলি কৰি ভোজভাত খাই উগাৰ তুলি ল’ব লাগে (অভ্যৰ্থনা সমিতিৰ টকা-পইচাৰ হিচাপৰ চিৰন্তন গণ্ডগোলবোৰ বাৰু পাছতো ওলাব) আৰু মানুহৰ মনত এই ধাৰণাটোকেই সুমুৱাই দিব লাগে যে এয়েই সাহিত্য-চৰ্চা। ভূপেন হাজৰিকাই তাচ্ছিল্য কৰি সুধিছে, ‘‘সাহিত্য সভাই কিডাল কৰিছে?’’ তাৰ উত্তৰত আচৰিত হৈ ব্যথিত মুখে সা.স.ই ক’ব পাৰে, ‘‘কিয়, দেখিছেই দেখোন, আমি এইডাল কৰিছো।’’

‘‘এইডাল’’ ভাবধাৰা বছৰৰ পাছত বছৰ ধৰি ব্যাপ্ত হৈছে : আড়ম্বৰ আৰু পৰাক্ৰমৰ প্ৰদৰ্শন; সাহিত্য-চৰ্চা মানে হ’ল সমিতি, উপসমিতি, কাৰ্যালয়, সভাপতি, উপসভাপতি, কাৰ্যনিৰ্বাহক কমিটি, ছাব-কমিটি, অধিৱেশন, অভিভাষণ, জনসমাৱেশ, গণ-সমদল, প্ৰদৰ্শনী, উদ্বোধন, উন্মোচন, বিবৃতি, বক্তৃতা, শ্ল’গান, স্মৃতিগ্ৰন্থ, অভিনন্দন, অভিৱৰ্তন, অভ্যৰ্থনা-সমিতি, সম্বৰ্ধনা, মৃত্যু-তিথি, জন্মোৎসৱ, অমুক দিৱস, তমুক সপ্তাহ, তৰ্পণ, আলোচনা-চক্ৰ, ৰূপালী জয়ন্তী, সোণালী জয়ন্তী,…আমি সাহিত্যিক নহওঁ, কিন্তু আমাৰ ক্ষুদ্ৰ বুদ্ধিৰে আমি যি বুজো সেইটো এই যে সাহিত্য এটা বাৰোৱাৰী হৈ- চৈ ব্যাপাৰ নহয়, এটা সমবায় কাণ্ড নহয়, নিজস্ব পৰিৱেশত নিজস্ব ৰুচি আৰু আনতি অনুযায়ী লেখক লেখিকাই লিখি যাব লাগে আৰু ব্যৱসায়িক মনোবৃত্তিৰে কিতাপ, আলোচনী প্ৰকাশ হৈ থাকিব লাগে (সা.স.ই আজি আধাশতিকা কালত কেইখন কিতাপ প্ৰকাশ কৰিলে?) ‘ব্যৱসায়িক’ মানে আমি ইয়াত আংশিকভাৱেই বাণিজ্যিক বুজাইছো, প্ৰকৃততে আমি কথাটো বুজাব খুজিছো ইংৰাজীত যাক কয় ‘In a businesslike manner’ অৰ্থত। যি হওক, এইটো (সা.স.) এটা পাৰ্শ্ব-প্ৰসংগ, মূলতে আমি যি ক’ব খুজিছো সেইটো এই যে ‘‘এইডাল’’ বাৰোৱাৰী আড়ম্বৰ পৰাক্ৰমৰ মনোবৃত্তিয়ে ছাত্ৰসকলকো প্ৰভাভিত কৰিছে, সেয়ে প্ৰশংসনীয় সাহসী আঁচনিৰ লগত তেওঁলোকে কিছুমান অবান্তৰ প্ৰদৰ্শনমূলক কাৰ্যও সংমিশ্ৰিত কৰি পেলাইছে (‘‘আমি যি ভাবিম সেয়েই ঠিক; আমাৰ আঙুলি জোকাৰত জনসাধাৰণ উঠিব-বহিব’’), যাৰ ফলত ‘‘গছৰ কাৰণে হাবি নেদেখা’’ বিভ্ৰান্তি এটাৰ সৃষ্টি হৈছে; কথাই কথাই ‘অসম বন্ধ, কিবা অসহযোগ, কিবা বৰ্জন, ব্যাপক হাৰত শ্বহীদৰ শ্ৰাদ্ধ, স্মৃতি-সৌধ, মৌন-সমদল, সৰব-সমদল, ইত্যাদি ইত্যাদি, যিবোৰত দিনৰ পাছত দিন অজস্ৰ জনশক্তি অবাবতে নষ্ট হৈছে[2], আৰু নিতান্তই অপ্ৰয়োজনীয়ভাৱে ‘‘বাড়াবাঢ়ি’’ হাৰত শ্বহীদ পৰিয়ালৰ বাবে, দান-বৰঙণি সংগ্ৰহৰ আতিশয্য, যি টকাৰে—এটা হিচাপ মতে—সংগ্ৰহ কৰিব পৰা গ’লহেঁতেন আন্দোলনৰ বাবে অন্ততঃ তিনিখন ডিজেল-জীপ, এটা সৰু ছপাখানা, এটা চাইক্ল’ষ্টাইল মেশ্বিন, কেইবাটাও টেলিফোন আৰু টাইপৰাইটাৰ, আৰু যি টকাৰে কেইবাটাও মোকৰ্দমা ৰুজু কৰি কলিকতীয়া বাতৰি-কাকতৰ কঁকাল ভাঙি দিব পৰা গ’লহেঁতেন। এইটো ঠিক যে ৰাইজে ছাত্ৰ সন্থাৰ নিৰ্দেশমতে উঠে-বহে, কাৰণ সকলোৱে বুজিছে যে ৰাজনৈতিক নেতাবোৰৰ অধিকাংশই বদমাচ, ছাত্ৰ সন্থা নিস্বাৰ্থ আৰু আন্তৰিক, কিন্তু যুক্তি-অযুক্তি উচিত-অনুচিতৰ টোৱাক্কা নকৰি যি ইচ্ছা তাকে কৰি যাবলৈ ছাত্ৰসকলক ‘ব্লেংক-চেক’ কোনে দিলে? এটা মাত্ৰ উদাহৰণ ইয়াত দিয়া যাওক, যিটোৰ বিষয়ে আমি জনাত বহুতে সেই সময়ত আপত্তি তুলিছিল, কিন্তু আমাৰ কোনোখন কাকতে যি আপত্তি প্ৰকাশ কৰিবলৈ সাহস নকৰিলেঃ কাছাৰত নিৰ্বাচন বন্ধ কৰাৰ দাবীত ৩ দিন জোৰা তথাকথিত ‘অসম বন্ধ’। যদি সঁচাই কাছাৰত নিৰ্বাচন বন্ধ কৰিব খুজিছা তেন্তে কাছাৰলৈ যোৱা, তাত কাছাৰ বন্ধ কৰা, সেইটো বোধগম্য; কিন্তু অকল ব্ৰহ্মপুত্ৰ উপত্যকা বন্ধ কৰি তাক ‘অসম বন্ধ’ বুলি দাবী কৰাটো সাহিত্য সভাজাতীয় আত্মপ্ৰসাদ মাত্ৰ—(কাছাৰত ছাত্ৰ সন্থাৰ বা গণ সংগ্ৰাম পৰিষদৰ শাখা নাই কিয়?); আৰু, ৩ দিন কিয়? যদি এইটো এটা প্ৰতীক প্ৰতিবাদ, তেনেহ’লে ১২ ঘণ্টা বা ২৪ ঘণ্টাই যথেষ্ট, ৩ দিন কিয়? ৩ দিন ব্ৰহ্মপুত্ৰ উপত্যকা বন্ধ কৰি হয়তো ভাবিব পাৰি—‘‍‘চোৱা, আমি কিমান পৰাক্ৰমী, আহ্বান দিলো, ৩ দিন দেশ বন্ধ হৈ গ’ল।’’ কিন্তু তাৰ ফলত কাছাৰৰ নিৰ্বাচনত কি প্ৰভাৱ পৰিব? একো নপৰে, সকলোৱে জানে। গোটেই কাণ্ডটো সম্পূৰ্ণ অবান্তৰ, অযুক্তিকৰ, অনুচিত  আৰু অসামৰ্থ্যৰ উপলব্ধিৰ প্ৰতিক্ৰিয়া মাত্ৰ। কিন্তু কোনোখন বাতৰি-কাকতে এই আপত্তি প্ৰকাশ কৰিবলৈ সাহস নকৰিলে[1].     এনেবোৰ অভিযোগ কাকতত বাহিৰ হ’ব লগা কথাটো পীড়াদায়ক—অৱশ্যে আমাৰ সকলোৰে নৈতিকতা আৰু সৎসাহসৰ অভাৱ কম-বেছি পৰিমাণে আছে, কিন্তু সাহিত্য সভাৰ সভাপতিৰ ক্ষেত্ৰত তাৰ উদাহৰণ দৃষ্টিকটু।[2]. আন্দোলনৰ আৰম্ভণিত হয়তো ব্যাপক জনসমৰ্থনৰ প্ৰদৰ্শনৰ প্ৰয়োজন আছিল। কিন্তু গোটেই পৃথিৱীয়ে স্বীকাৰ কৰি লৈছে যে এইটো এটা সৰ্বাত্মক গণ আন্দোলন (Mass movement), ইংৰাজীত যাক কয় “The point has been made”। তাৰ বাৰংবাৰ পুনৰাবৃত্তি কিন্তু আমনিদায়ক আৰু ক্ষতিকৰ (ইংৰাজীত যাক কয় “Counter Productive”)।

এইটো সম্ভৱ নহয় যে এবছৰ ধৰি চলা আন্দোলনত ছাত্ৰ সন্থাৰ (বা গণ সংগ্ৰাম পৰিষদৰ) প্ৰতিটো পদক্ষেপেই সুচিন্তিত বা নিৰ্ভুল হ’ব, কিন্তু কোনো কাগজৰে সেই পদক্ষেপৰ সমালোচনা বা বিৰোধিতা কৰাৰ সৎসাহস নাই। আমাৰ দৰে পত্ৰলেখকসকলৰ চিঠি-পত্ৰ তেওঁলোকে—যেনে ওপৰৰ উদাহৰণটোৰ ক্ষেত্ৰত—হেলাৰঙে ৱে’ষ্ট-পেপাৰ-বাস্কেটলৈ দলিয়াই পেলায়, কিন্তু ছাত্ৰৰ পিনৰপৰা অহা প্ৰতিটো বিবৃতি (লাগে পাণ্ডৱবৰ্জিত কোনো ঠাইৰ ছাত্ৰ শাখাৰে হওক) প্ৰাণৰ ভয়ত হেডলাইন দি প্ৰতিদিন বাহিৰ কৰে। এই বিজ্ঞাপন-কাকতবোৰে কলিকতাৰ চোৰাং বজাৰত তেওঁলোকৰ ভাল নিউজপ্ৰিণ্টখিনি বিক্ৰী কৰি মুনাফা লুটে, বিশ্বৰ ঘটনাপ্ৰবাহ আৰু ভাবধাৰাৰপৰা অসমীয়া পাঠকক পাৰ্যমানে অন্তৰিত কৰি ৰাখে। কোনোবা জকাইচুকৰ গৰুৰ পেটত ঠেং-নোহোৱা পোৱালি ওলোৱাজাতীয় খবৰ তেওঁলোকৰ প্ৰথম পৃষ্ঠাৰ চাঞ্চল্যকৰ ‘বক্স’ আৰু স্তম্ভৰ পাছত স্তম্ভ কোনো অবান্তৰ বাদানুবাদৰ অখাদ্য চিঠিপত্ৰ, অন্য কথাৰ বাবে তেওঁলোকৰ স্থান নাই, ধন নাই। ৰিপ’ৰ্টাৰ নাই, কেমেৰামেন নাই—পৃথিৱীৰ অন্য কথা জানিব খুজিলে কলিকতা বা দিল্লী-বোম্বাইৰ কাগজ কিনাৰ বাহিৰে উপায় নাই। পৃথিৱীৰ অন্য ঘটনাৱলীৰ আৰু ভাবধাৰাৰপৰা যে অসমৰ ঘটনাৱলী সম্পূৰ্ণ বিচ্ছিন্ন নহয়, অসম যে অকলে অকলে এটা ‘‘ভেকুৱাম’’ত ভাহি থাকিব নোৱাৰে, সেই কথাটোকে মিথ্যা প্ৰমাণ কৰিবলৈ যেন এই কাকতকেইখন দৃঢ়সংকল্প[1]। এনেকুৱা এটা অভূতপূৰ্ব আন্দোলন, কিন্তু এই ফাল্টু কাগজকেইখনৰপৰা তাৰ প্ৰকৃত মানসিকতা, Spirit আৰু বুৰঞ্জী বাহিৰ কৰাটো অসম্ভৱ হ’ব, ‍‘‘কাৰণ কথাবোৰ সঠিকভাৱে ব্যক্ত কৰাৰ সাংবাদিক নৈতিকতা (উদ্যমতো বাদেই) তেওঁলোকৰ নাই : যেনে এইটো নহয় যে বঙালী মানুহে ক’তো মাৰ-ধৰ খোৱা নাই, কিন্তু তাৰ কোনো আভাস এই কাগজবোৰে দিবৰ সাহস নকৰে—মাৰ্কিন কাকতে ভিয়েটনামত আমেৰিকাৰ বৰ্বৰতা বা ৱাটাৰগেটৰ কেলেংকাৰী ঢাকি নাৰাখে, ব্ৰিটিছ কাকতে উপনিৱেশবোৰত ব্ৰিটিছৰ কুকীৰ্তি গাপ দি নাযায়, বৰং তেওঁলোকে তাত আগভাগ লয়, কাৰণ তাতেই শক্তি আৰু আত্মবিশ্বাস নিহিত। অসমৰ প্ৰকৃত ঘটনাৱলীও কিন্তু চিৰদিন ঢাক খাই নাথাকিব; বাতৰি-কাকতৰ দায়িত্ব হৈছে য’ত যি হৈছে নিৰপেক্ষভাৱে প্ৰকাশ কৰা[2], য’ত যি ত্ৰুটি-বিচ্যুতি দেখা গৈছে তাক নিৰ্ভীকভাৱে সমালোচনা কৰা। কলিকতীয়া ‘‘সৰ্বভাৰতীয়’’ কাকতৰ অনৰ্গল মিথ্যাচাৰ আৰু বিষোদ্গৰ আৰু আমাৰ বি-ক্লাছ (চি-ক্লাছ?) ফাল্টু কাগজকেইখনৰ আড়ষ্ট নিৰ্বিকাৰ লুক-ঢাকৰ ফলত আন্দোলনৰ প্ৰকৃত ছবি মানুহে পোৱা নাই, নেপাব।

প্ৰকৃত সাংবাদিকে ছাত্ৰৰ ভয়ত পেপুৱা নালাগি প্ৰশ্ন তুলিলেহেঁতেন : অমুকটো উচিত নে? তমুকটো সমীচীন নে? সত্যাগ্ৰহ এটা অস্ত্ৰ নে? অহিংসা এটা অস্ত্ৰ নে? আজিৰ পৃথিৱীত গান্ধীবাদ এটা হাস্যৰস—এটা joke-ৰ বাহিৰে আৰু কি? আৰু তাৰ উত্তৰো সত্যনিষ্ঠ সাংবাদিকে দিলেহেঁতেন : নহয়, গান্ধীবাদ এটা ভাবাদৰ্শ, এটা ideal (হয়তো utopian), তাৰ কোনো ব্যৱহাৰিক কাৰ্যকাৰিতা নাই, ভাৰত চৰকাৰেও কেতিয়াবাই গান্ধীবাদ জলাঞ্জলি দিছে (গান্ধী জয়ন্তী আৰু ৰাজঘাটত তৰ্পণ কৰাৰ ভণ্ডামি অৱশ্যে অব্যাহত আছে)। আমাৰ ব্যক্তিগত বিশ্বাস যে গান্ধীবাদ আৰু পলায়নবাদ একেই কথা, হয়তো আমাৰ ধাৰণা ভুল, কিন্তু আমাৰ ব্যক্তিগত বিশ্বাসৰ কথা ইয়াত উঠা নাই, ইয়াত কথা উঠিছে এটা সফল আন্দোলনৰ বাবে কাৰ্যকৰী পদ্ধতি কি, অস্ত্ৰ কি? অস্ত্ৰ দুটা—হিংসাত্মক হ’লে যুদ্ধ-বিগ্ৰহ (গেৰিলা যুদ্ধ, সন্ত্ৰাসবাদ, খণ্ডযুদ্ধ, সৰ্বাত্মক যুদ্ধ), অহিংস হ’লে মামলা-মোকৰ্দমা, সংসদৰ প্ৰস্তাৱ-দাবী-বাক্‌যুদ্ধ, অথবা অৰ্থনৈতিক যুদ্ধ : অৰ্থনৈতিক বয়কট, স্বয়ংসম্পূৰ্ণ স্বাৱলম্বন প্ৰচেষ্টা (অৰ্থাৎ ঔপনিৱেশিক শোষণৰ প্ৰতিৰোধ), অৰ্থনৈতিক অৱৰোধ। অৰ্থাৎ, আইন সংহিতা এটা অস্ত্ৰ, তেল এটা অস্ত্ৰ—আৰু এই তেল-অৱৰোধৰ অস্ত্ৰ প্ৰয়োগ কৰাৰ লগে লগেই কেন্দ্ৰীয় চৰকাৰ সন্ত্ৰস্ত হৈ উঠিছে, যিটো তাৰ আগলৈকে কৰি যোৱা সত্যাগ্ৰহ-আন্দোলনৰ হাজাৰটা গণ-সমাৱেশৰ ৰেকৰ্ডে কৰিব পৰা নাছিল আৰু লগে লগে অসমত ৰাষ্ট্ৰপতিৰ শাসন! প্ৰকৃত দেশহিতৈষী কাগজে আৰু প্ৰশ্ন তুলিলেহেঁতেন : তৰুণ ছাত্ৰ-ছাত্ৰী অহিংস গান্ধীবাদী মহাপুৰুষ হ’ব পাৰে নে? এইটো তেওঁলোকৰ তেজৰ ক্ৰিয়াৰ, যৌৱনৰ ধৰ্মৰ বিপৰীতে যোৱা অস্বাভাৱিক কথা নহয় নে? বিপ্লৱী বেপৰোৱা ভাবধাৰা যিটো বয়সত সহজাত, সেই বয়সত তাৰুণ্যৰ প্ৰচণ্ড শক্তি বটলত ঠিলা দি থৈ ডেকা-গাভৰু একো- একোটা মিনিগান্ধী হৈ লাঠীৰ কোব খাবলৈ জুম বান্ধি সত্যাগ্ৰহ কৰি ৰৈ আছে, এইটো কি ধৰণৰ দৃশ্য? আৰু আমি পাহৰি যাওঁ কিয় যে ডেকা বয়সত মোহনদাস গান্ধী মহাত্মা গান্ধী নাছিল?

তাৰ ফল আমি অতদিনে দেখি আহিছো, এটাৰ পাছত এটাকৈ আমাৰ ল’ৰা-ছোৱালী প্ৰতিদিন মৰি শেষ হৈ আছে, শ্বহীদৰ তালিকা দীৰ্ঘৰপৰা দীৰ্ঘতৰ হৈ গৈছে, আমাৰ গাঁও-ভূঁই খেতি-মাটি ক্ৰমাৎ লুণ্ঠিত হৈ গৈ আছে, আমাৰ তিৰোতা মানুহ ধৰ্ষিতা হৈ আছে, অপপ্ৰচাৰ আৰু কুৎসা-ৰটনা পূৰ্ণোদ্যমে বাঢ়ি গৈ আছে, আচল কথা একো হোৱা নাই, আমি অইন একো কৰিব নোৱাৰি (অসমাপ্ত) আন্দোলনৰেই ‘খতিয়ান’ বাহিৰ কৰিছো, নতুন নতুন ক্ষুদ্ৰ ক্ষুদ্ৰ আলোচনী বাহিৰ কৰিছো, সংকল্প-শিখা জ্বলাইছো, স্মৃতি-তৰ্পণ কৰিছো, শ্ৰাদ্ধ পাতিছো, বিবৃতি দিছো, শ্ল’গান বনাইছো (ৰাস্তাত শুনিছো ‘আহ ঐ আহ, ওলাই আহ’! ওলাইতো আহিছো, সেয়ে আমি ৰাস্তাত—কিন্তু এতিয়া যাব লাগে ক’লৈ, কৰিব লাগে কি?), অৰ্থাৎ—সংক্ষেপে—শক্তি অপব্যয় কৰি গৈ আছো (অৰ্থনৈতিক বয়কট আৰু স্বাৱলম্বনৰ উদ্যোগকেই যদি তাতকৈ আমি ইমানদিনে পূৰ্ণ কৰি তুলিলোহেঁতেন!)। উত্তৰ কামৰূপৰ নাৰী-ধৰ্ষণৰ পাছত আমি ‘আছু’ৰ অফিচলৈ গৈ ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে কেইজনমান ছাত্ৰনেতাক লগ ধৰি টানি অনুৰোধ কৰিছিলো যেন জজ্‌ফিল্ডৰ গণ-সমাৱেশৰ আড়ম্বৰ ইয়াতেই বন্ধ কৰা হয় আৰু যেন সকলো বিবৃতিৰপৰা ‘‘অহিংসা’’ শব্দটো সম্পূৰ্ণৰূপে বাদ দিয়া হয়। জজ্‌ফিল্ড আৰু নেহৰুবালি অসম নহয়, তাত ভিৰ পাতি চিঞৰি থাকিলে হ’ব মাথোঁ জনশক্তিৰ অপচয়, ছাত্ৰ-ছাত্ৰীসকল গাঁৱে-ভূঁয়ে যাওক, আন্দোলনৰ কথা মানুহক বুজাওক (য’ত চৰকাৰী ৰেডিঅ’ৰ অপপ্ৰচাৰ খণ্ডাবলৈ আন কোনো ব্যৱস্থা নাই), অইন একো নালাগে, গাঁও-ভূঁইবোৰ অন্ততঃ আত্মৰক্ষাৰ কাৰণে সজাগ কৰি তোলক, বিবৃতিবোৰতো সেই মৰ্মে গুৰুত্ব দিয়া হওক। ‘‘অহিংস’’, ‘‘অহিংস’’ বুলি দোহাৰি থকাৰ ফলত মানুহৰ মন নিস্তেজ হৈ গৈছে, মানুহৰ বিবেচনা-বুদ্ধি বিভ্ৰান্ত হৈ গৈছে, ঘৰৰ মাইকী মানুহখিনি ধৰ্ষণ কৰি থৈ গ’লেও মানুহ অহিংস হৈ বহি আছে। ভোদা অসমীয়া মানুহে বুজি নাপায় যে মুখেৰে আমাক ‘‘সুশৃংখল, অহিংস, গান্ধীবাদী’’ বুলি বাহ্-বা দিলেও বাহিৰৰ মানুহৰ চকুত আমি তাচ্ছিল্যৰ পাত্ৰ, তেওঁলোকৰ মনত আমি এটা নপুংসক জাতি। অন্য কোনো ঠাইৰ মানুহে এনেদৰে অহিংস গান্ধীবাদৰ নামত নিজৰ নাৰী সমাজক অত্যাচাৰৰ বলি হ’বলৈ নিৰ্বিকাৰভাৱে এৰি নিদিয়ে; গান্ধীবাদেই যদি চলিছে, তেন্তে এই কথাও প্ৰচাৰ কৰিব লাগে অগ্ৰাধিকাৰ ভিত্তিত যে গান্ধীৰ মতে কোনো দুৰ্বৃত্তই নাৰীক বলাৎকাৰ কৰিব খুজিলে নাৰীয়ে নিজৰ দাঁত আৰু নখ ব্যৱহাৰ কৰিয়েই আত্মৰক্ষা কৰিব লাগিব, নাৰীৰ দেহ বা সতীত্বৰ ওপৰত আক্ৰমণ ঘটিলে তাক প্ৰচণ্ডভাৱে বাধা দিব লাগিব (গান্ধীয়ে এইবোৰ কথা ক’ত কৈছিল আমাৰ মনত নাই, কিন্তু গান্ধী-লিখনি বিচাৰিলে পোৱা যাব)। এই ক্ষেত্ৰত গান্ধীয়ে অহিংস হৈ থাকিবলৈ কোৱা নাই, আৰু আত্মৰক্ষাৰ বাবে খুন পৰ্যন্ত কৰিলেও আইনমতে দোষী নহয়। আমি কৈছিলো যে ভোটাৰ-তালিকা সংশোধন নহয় যদি নহওক, অসম দেশ বাংলাদেশীৰে ভৰি পৰে যদি পৰক, কিন্তু আন্দোলনৰ নামত আমাৰ বাই-ভনীৰ ধৰ্ষণ ঘটিব দিব নোৱাৰি—বাংলাদেশী এদিন খেদাব পৰা যাব (ইংৰাজ ভাৰতবৰ্ষত ২০০ বছৰ ধৰি আছিল), ভাৰতীয় সৈন্যবাহিনী এদিন খেদিব পৰা যাব, কিন্তু ধৰ্ষিতা নাৰীৰ কলংক কোনোদিনে মচ নাখাব। নিজৰ তিৰোতা মানুহখিনিক যদি ৰক্ষণাৱেক্ষণ দিব নোৱাৰো, তেন্তে আন্দোলন কৰাৰো আমাৰ অধিকাৰ নাই; ধৰ্ষণ কাৰ্যক বাধা নিদি আমি মাথোঁ তেওঁলোকক ‘‘সতী’’ আখ্যা দিম বা কবিতা লিখিম বা দুটা চিলাইকল দিম, এইটো এটা জাতি? গতিকে ‘‘অহিংস’’ শব্দটো নিষিদ্ধ কৰা হওক, বৰং হাতৰ খাৰু-বালাৰ জেং-জোং, ঘৰৰ দা-কটাৰী-মৈদা যিহেৰেই হওক সকলো প্ৰকাৰে আত্মৰক্ষাৰহে আহ্বান জনাই থকা হওক, যে অন্ততঃ পানী এগিলাছ মুখত মাৰি দিও দুৰ্বৃত্তক নাস্তানাবুদ কৰিব পাৰি[3]।—ভাৰতীয় সৈন্যবাহিনীৰ (যিটো অসম নামৰ উপনিৱেশখনত শোষণ অব্যাহত ৰখাৰ বাবে থকা এটা অৱৰোধ-বাহিনী বা Army of occupation, আমাৰ সুৰক্ষাৰ বাবে নহয়, এই কামুক বাহিনী দুটা চীনা সৈন্য দেখিলেই পলাই পত্ৰং দিব, ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত যেনেকৈ কৰিছিল) তথাকথিত ‘‘জোৱান’’ৰ যাৰ নাক-কাণ কটা যায় যাওক, য’ত যি অংগচ্ছেদ হয় হওক, তাত দোষৰ বা ভয়ৰ একো কাৰণ নাই, বৰং তাৰ ফলত আত্মৰক্ষাও হ’ব আৰু বহুতকেইটাৰ চিনাক্তকৰণো সম্ভৱ হ’ব, কাপুৰুষ ভাৰতীয় সৈন্যবাহিনীৰ স্বৰূপ হাতে-প্ৰমাণ পৃথিৱীয়ে দেখিব—[4]

কথা যদিও ছাত্ৰসকলে প্ৰতিবাদ নকৰি মূৰ দুপিয়াই দুপিয়াই শুনিছিল (যিখিনি সৌজন্যৰ বাবে আমি তেওঁলোকক ধন্যবাদ দিওঁ), কিন্তু তাৰ বহুদিন পাছলৈকে আমাৰ এই অনুৰোধৰ কোনো ফল আমি নেদেখিলো। বেছ কিছুদিন পিছতহে জানিব পাৰিলো যে গাঁৱে-ভূঁয়ে গৈ সংগঠন কৰাৰ উদ্দেশ্যে ‘‘স্বেচ্ছাসেৱক বাহিনী’’ গঠন কৰা হৈছে, আৰু প্ৰচুৰ অশান্তি-লুণ্ঠন-নৰহত্যা-নাৰী ধৰ্ষণৰ পাছতহে অৱশেষত ‘‘আত্মৰক্ষা বাহিনী’’ গঠনৰ বাবে আহ্বান দিয়া হৈছে। বোধকৰো তাৰ কাৰণ এয়ে যে মানুহে অৱশেষত উপলব্ধি কৰিছে যে অহিংস সত্যাগ্ৰহৰদ্বাৰা অপকাৰৰ বাহিৰে আন একো নহয়, আমি অহিংস হৈ থাকিলে বিৰোধী পক্ষই ভালেই পাব, সিহঁতৰেই সুবিধা[5]। ফলত : ‘‘আত্মৰক্ষা বাহিনী’’ (নতুন শ্ল’গান : ‘‘আত্মৰক্ষা আমাৰ কৰ্তব্য’’), কিন্তু আত্মৰক্ষা মানে হ’ল মোক কোনোবাই আক্ৰমণ কৰিলে ময়ো প্ৰতি-আক্ৰমণ কৰিম; প্ৰতি-আক্ৰমণ মানে হাত সাবটি বহি থকা নহয়, অহিংস নহয়, সত্যাগ্ৰহ নহয়। অৰ্থাৎঃ ‘‘অহিংসা’’ বাদ দিবলৈ ছাত্ৰ সন্থা এতিয়া বাধ্য হৈছে।

আমি ঋষি-মুনি বা পীৰ-পয়গম্বৰ নহওঁ, কিন্তু সাধাৰণ জ্ঞানৰপৰা নিৰ্ভয়ে এই ভৱিষ্যদ্বাণী কৰিব পাৰো যে ‘‘অহিংস সত্যাগ্ৰহ’’ৰদ্বাৰা কোনোদিনেই বিদেশী সমস্যা সমাধান নহ’ব। আপাতদৃষ্টিত হয়তো দেখিম যে ‘‘আলোচনা’’ সফল হৈছে, সকলো দাবী চৰকাৰে মানি লৈছে, কিন্তু কাৰ্যক্ষেত্ৰত একো নহ’ব, কাৰণ চৰকাৰে পূৰ্বাঞ্চলৰ মানুহক নিশকতীয়া কৰি ৰাখিবলৈ প্ৰতিশক্তি হিচাপে বিদেশীৰ আমদানি ঘটাই আছে, আমাক সবল কৰিবৰ বাবে চৰকাৰে বিদেশী বাহিৰ কৰি নিদিয়ে, ভোটাৰ তালিকা সংশোধন কৰি আমাৰ মানুহক সংসদ বা বিধানসভাত প্ৰাধান্য ল’ব নিদিয়ে (ভুৱা নিচুকনি ব্যৱস্থা কিছুমান হয়তো চলি থাকিব, যেনেকৈ বিদেশীবিতাড়নৰ বাবে বছৰি এক কোটি টকা বহু বছৰ ধৰি আহি আছে, সীমান্তত পহৰা আছে, তালাচী চকি আছে, ট্ৰিবিউনেল আছে, হেন আছে, তেন আছে—আচলতে ছব ধাপ্পাবাজি, ছবেই জানে; চৰণ সিঙে ক’বৰ দৰে, ‍‘‘যি দেশৰ প্ৰধানমন্ত্ৰীয়ে দিনে অন্ততঃ এটাকৈ মিছা কথা কয়…’’)।

আমি কোৱা নাই যে সত্যাগ্ৰহ আন্দোলন সম্পূৰ্ণ ব্যৰ্থ হৈছে, বা তাৰ কোনো প্ৰয়োজনীয়তা নাছিল। আন্দোলনৰ আদিভাগত দৈত্যাকাৰ কিন্তু সুশৃংখল সমদলবোৰৰপৰা সঞ্চাৰিত হোৱা প্ৰেৰণাৰ উত্তাপ আমিও ব্যক্তিগতভাৱে অনুভৱ কৰিছো, সেই প্ৰৰণাত উদ্বুদ্ধ হৈ যিসকল ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধাই ধুমুহা-বৰষুণ, প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড শীত নেওচি দিনে-ৰাতি, দুখ-ভাগৰ জলাঞ্জলি দি পিকেটিং, ধৰ্ণা, অৱৰোধ আদি বিভিন্ন কাৰ্যসূচী চালু ৰাখি গৈছে ৰাইফল-বেয়নেটক তুচ্ছ কৰি, তেওঁলোকৰ নিৰ্ভীক নিস্বাৰ্থতাই সমগ্ৰ বিশ্বৰ শ্ৰদ্ধা আৰু বিস্ময় টানি আনিছে, ৰেকৰ্ড-পৰিসৰৰ গণ-সমৰ্থন নিঃসন্দেহে সত্যাগ্ৰহ আন্দোলনৰ ফলতে সম্ভৱ হৈছে, প্ৰকাশ্যে বা পৰোক্ষে প্ৰতিটো অনুষ্ঠান, প্ৰতিজন মানুহ—স্বাৰ্থন্যস্ত নগণ্য একসংখ্যক মানুহ বাদ দি—এই আন্দোলনৰ ঘূৰ্নাবৰ্তত জড়িত হৈ পৰিছে, পৰিবলৈ বাধ্য হৈছে (এনেকি সাহিত্য সভা পৰ্যন্ত!)। আমাৰ বাতৰি-কাকত নাই, ৰেডিঅ’ নাই, লোকসভাত এম-পি নাই, দিল্লীলৈ গৈ ‘‘হয় হুজুৰ’’ৰ বাহিৰে বুকু ফুলাই টেবুলত ঘোচা মাৰি কথা এটা ক’ব পৰা কোনো নেতা নাই, কিন্তু তথাপি ইমান ক্ষিপ্ৰ গতিত ইমান ব্যাপকভাৱে এই আন্দোলন বিয়পি গৈছে যে পশ্চিমবংগৰ পৰাক্ৰমী মিছলীয়া প্ৰেছ, ভাৰত চৰকাৰৰ সৰ্বসঞ্চাৰী মিছলীয়া ৰেডিঅ’ আৰু কেন্দ্ৰীয় নেতা-উপনেতাৰ নিৰন্তৰ নিৰ্লজ মিথ্যাচাৰৰ দুৰ্ভেদ্য জাল ভেদ কৰি আমাৰ ঢাল নাই-তৰোৱাল নাই অৱস্থা সত্ত্বেও এই আন্দোলনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, এইটো এটা কম ডাঙৰ সাফল্য নহয়। আৰু এই সুদীৰ্ঘ, সৰ্বাত্মক আন্দোলনৰ ফলতেই ক্ৰমান্বয়ে প্ৰকাশ হৈ পৰিছে অসমৰ ওপৰত চলি থকা অকথ্য শোষণ-লুণ্ঠনৰ সযত্ন-লুক্কায়িত অবিশ্বাস্য তথ্যপাতি, কোনে কি মতলবত ইমানদিনে কেনেকৈ কি কৰি আছে তাৰ প্ৰকৃত ছবি উদ্‌ঘাটিত হৈছে। ইমানদিনৰ ধাপ্পাবাজিৰ ৰাজনীতি যে অসমত আৰু নচলিব, এনেকুৱা এটা প্ৰত্যয় যেন মানুহৰ মনলৈ আহিছে এই আন্দোলনৰেই ফলত, যে এই শোষণ আৰু বৰদাস্ত কৰা নাযাব; মুঠতে, এটা ব্যাপক জাতীয় জাগৰণ (হয়তো ঠিক জাতীয় চেতনা নহয়, কিন্তু তাৰ অংকুৰ)। দিল্লীৰ জোতা চেলেকি থকাটোৱেই যে জীয়াই থকাৰ নিৰাপদ উপায় নহয়, সেই কথা এতিয়া হয়তো তথাকথিত ‘‘নেতা’’সকলেও হৃদয়ংগম কৰিছে, কাৰণ এই আন্দোলনে আমাক মুক্ত কৰিছে ‘‘দিল্লীয়েই প্ৰভু’’ — মনোবৃত্তিৰপৰা। দুটা মাথোন সৰু ঘটনা আমি ইয়াত সুঁৱৰিব পাৰো : ছাত্ৰ সন্থা প্ৰথমবাৰ দিল্লীলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত একমিনিট মৌনতাৰে থিয় দিছে, লগতে ইন্দিৰা গান্ধীকো একমিনিট থিয় দিবলৈ বাধ্য কৰাইছে (পশ্চিমবংগৰ প্ৰেছত সেই ছবি আমি দেখা নাই, কিন্তু ভাৰতৰ অন্যান্য কাকত-আলোচনীত সেই ছবি প্ৰকাশ হৈছে)—এইখন এখন সামঞ্জস্যপূৰ্ণ ছবি, যিখন ছবি ইমানদিনে দেখি অহা আমাৰ জোড়হস্ত, নতমূৰ, সাস্তাংগ প্ৰণিপাত সেমেনা-সেমেনি গদ্‌গদ্‌ ভংগী নেতাসকলৰ ছবিৰ পৰিপূৰ্ণ ব্যতিক্ৰম। ঘটনাটো সামান্য, ইন্দিৰা গান্ধীয়েও সাধাৰণ ভদ্ৰতা আৰু সৌজন্যৰ খাতিৰতে অনিচ্ছা সত্ত্বেও একমিনিট থিয় দিছে, কিন্তু অসমৰতো কথাই নাই, ভাৰতবৰ্ষৰ অইন কোনো নেতা বা মন্ত্ৰীয়ে ইন্দিৰা গান্ধীক তেওঁৰ অনিচ্ছা সত্ত্বেও থিয় কৰোৱাৰ কথা কোনোবাই শুনিছো নে? দিল্লীত গৈ আঁঠু কাঢ়ি নাথাকিলেও যে চলিব পাৰি এইখন তাৰেই ছবি—আজি ইমানদিনৰ পিছত! দ্বিতীয় ঘটনাটোও সৰু : ৰাজ্যসভাত ইন্দিৰা গান্ধীয়ে ‘অসমীয়া মানুহ উগ্ৰপ্ৰাদেশিকতাবাদী (Chauvinist)’ বুলি বিবৃতি দি থাকোতে এম-পি দীনেশ গোস্বামীয়ে উঠি Chauvinist শব্দটোৰ প্ৰতিবাদ কৰে আৰু সেই শব্দটো তুলি ল’বলৈ দাবী জনায়, ইন্দিৰা গান্ধীয়ে লগে লগে শব্দটো তুলি লয়। ইন্দিৰা বা আন কোনো কেন্দ্ৰীয় মন্ত্ৰীৰ কথাৰ মাজত প্ৰতিবাদ কৰি কথা উঠাই ল’বলৈ বাধ্য কৰাৰ মৰসাহস আমি ইমানদিনে অসমৰ কোনো মন্ত্ৰীৰ দেখিছোনে? মনত পেলোৱা উচিত হ’ব যে এই ঘটনা ঘটিছে আন্দোলন যেতিয়া শীৰ্ষবিন্দুত, সেই সময়ত—যি আন্দোলনে দেখুৱাই দিছে যে কেন্দ্ৰীয় চৰকাৰো আমাৰ দৰেই মানুহ, আমাতকৈ উচ্চ পৰ্যায়ৰ বা ভয়ংকৰ কোনো জীৱ নহয়, বস্তুতঃ বেছিভাগেই প্ৰকৃততে ‘কাগজৰ বাঘ’। হাতত ৰাইফল লৈ বীৰদৰ্পে গাঁৱৰ তিৰোতা ধৰ্ষণ কৰি ফুৰা ভাৰতীয় সৈন্যবাহিনী অন্য কিবা নে? মিছা কথা প্ৰচাৰ কৰি ফুৰা বাতৰি-প্ৰতিষ্ঠান, বাতৰি-কাকত আৰু ৰাজনৈতিক নেতা (যাৰ ফলত আন্দোলন ব্যাহত হৈ আছে) প্ৰতিৰোধৰ ঊৰ্ধত থকা কিবা ভয় লগা বস্তু নে, এইবোৰ আইন-আদালতৰ গণ্ডীৰ বাহিৰত নে?[1].     আৰু আনকি, গুৱাহাটীৰ মাজ-মজিয়াত ঘটা ঘটনাৱলীৰ ৰিপ’ৰ্টেই ভুল : তেনে, চানমাৰি চুকত ছাত্ৰ এজনে ব্লেডেৰে বুকু কাটি ‘‘তেজ দিম, তেল নিদিওঁ’’ বুলি তেজেৰে লিখি দিয়া ঘটনাটোৰ ৰিপ’ৰ্টটো ভুল, লগত কোনো ছবিও নাই—আনহাতে, স্বীকাৰ কৰিবই লাগিব যে অহৰহ অপপ্ৰচাৰৰ মাজতো কলিকতীয়া কাকতৰ তথ্য আৰু চিত্ৰ পৰিৱেশন (যেনে—এই ঘটনাটোৰ ক্ষেত্ৰত) অধিক আকৰ্ষণীয় ।[2].     ১৯৭১ চনৰ বাংলাদেশৰ যুদ্ধৰ সময়ত আমাৰ বক্তব্য আছিল যে কলিকতীয়া কাগজৰ সুৰত সুৰ মিলাই আমি পূৰ্ববংগৰ ঘটনাৱলী লৈ ভাবপ্ৰৱণ হোৱা উচিত নহ’ব, কাৰণ এই যুদ্ধৰ ফলত অসমলৈ আহিবই ভগনীয়াৰ সম্পূৰ্ণ সোঁত, আমাৰ অস্তিত্ব বিপন্ন হৈ পৰিব। কিন্তু সেই সময়ত আমাৰ কাগজবোৰো পূৰ্ববংগৰ দুখত চকুপানী টোকাত কাতৰ, আমাৰ চিঠি তেওঁলোকে ছপাবলৈ অমান্তি হৈছিল—এখন কাকতৰ সম্পাদকৰ লগত দস্তুৰমত তৰ্কা-তৰ্কি কৰিহে অৱশেষত চিঠিখন প্ৰকাশ কৰিব পৰা হৈছিল। তেওঁলোকৰ ঘোৰ অনিচ্ছাসত্ত্বেও (তেওঁলোকৰ ভয়, এনেকুৱা কথা ক’লে গোটেই পৃথিৱীয়ে আমাক কি বুলি ভাবিব।)

[3].     ভিয়েটনামৰ খেতিয়কৰ হাতত বাঁহৰ জোংকেইডালৰ বাহিৰে কি আছিল, কিন্তু ক’ত ছিটিকি গ’ল প্ৰবল পৰাক্ৰমী মাৰ্কিন সৈন্যবাহিনী?

[4].     ছাত্ৰ সন্থাই ক’ব নোৱাৰেনে যে এই অশ্লীল বাহিনীয়ে আমাৰ মানুহক বানপানীৰ কৱলৰপৰা উদ্ধাৰ কৰিব নালাগে, তাৰ বাবে আমাৰ স্বেচ্ছাসেৱক আছে, আমাৰ ৰাইজ আছে, এক কথাত, আমাৰ আত্মসন্মান আছে?

[5].     দুলিয়াজানৰ পাছত জজ্‌ফিল্ডৰ মিটিঙত মানুহে চিঞৰিছে—‘‘আমি বক্তৃতা শুনি থাকিব নোখোজো, আমি মৃত্যু-পণ কৰিছো, আমাক অস্ত্ৰ দিয়ক।’’ শেহতীয়া বাতৰিত শুনা যায় যে ‘আছু’ৰ সভাপতি প্ৰফুল্ল মহন্ত আদি যেতিয়া বাংলাদেশীৰদ্বাৰা আক্ৰান্ত নগাঁও অঞ্চললৈ যায় তাৰ মানুহে তেওঁলোকক কয় যে—‘‘আমাক অস্ত্ৰ দিয়ে যদি দিয়ক, নহ’লে ইয়ালৈ নাহিব, উভতি যাওক।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: সত্যাগ্ৰহ এপাট অস্ত্ৰ নহয়
Anjan Sarma

Anjan Sarma

Related Posts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves
Special Report

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

by Kakali Das
April 10, 2026
0

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves Ancient seas,...

Read moreDetails
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
UN Warns of Catastrophic 3.1°C Climate Warming !

How Climate Change Is Affecting Everyday Life in India: Stories from Delhi, Assam, Pune, and Odisha

April 6, 2026
What Does ‘No Ethical Consumption Under Capitalism’ Really Mean? Overconsumption, Fast Fashion Explained

What Does ‘No Ethical Consumption Under Capitalism’ Really Mean? Overconsumption, Fast Fashion Explained

April 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Elephants destroy homes and lives in Mirza, (Kamrup) Assam!

India’s Human-Wildlife Conflict Crisis: How Elephants, Wild Boars and Monkeys Are Destroying Farms and Livelihoods

April 11, 2026
মই খটখটী

মই খটখটী

April 11, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

April 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d