• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

সত‍্যবাদী ৰামৰ ভক্তসকল সচাকৈয়ে মিছলীয়া

-মূল: সুনীল গঙ্গোপাধ‍্যায়, অনুবাদ: অঞ্জন শৰ্মা

by Anjan Sarma
August 25, 2018
in Poetry
Reading Time: 9 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-মূল: সুনীল গঙ্গোপাধ‍্যায়, অনুবাদ: অঞ্জন শৰ্মা |

ল’ৰালিকালত মই নিজেও কিমানবাৰ ৰামৰ মূৰ্তিক

                                   প্ৰণাম কৰিছো

জোনাকশুভ্ৰ সীতা আৰু লক্ষ্মণৰ মাজত দন্ডায়মান

                      এজন নীলা ৰঙৰ মানুহ

মানুহ নে, দেৱতা, কিম্বা স্বয়ং ভগৱান

মই অৱশ্যে উপেন্দ্ৰকিশোৰৰ শিশুসকলৰ ৰামায়ণ পঢ়িবলৈ শিকি

ৰামতকৈ লক্ষ্মণকেই বেছিকৈ পছন্দ কৰিছিলো

বাঁহৰ কামিৰে ধনু-শৰ তৈয়াৰ কৰি লক্ষ্মণ হৈ

           কচুবনত কিমান যে শূৰ্পনখাৰ নাক কাণ কাটিছিলো……

দহ-এঘাৰ বছৰ পৰ্যন্ত মনৰ ভিতৰত ঘূৰি ফুৰিছিল

                           কেইটামান দুৰ্বোধ‍্য প্ৰশ্ন

কোনোৱেই প্ৰশ্নবোৰৰ উত্তৰ কৈ দিয়া নাছিল, কাকো সুধিবও পৰা নাছিলো

যেনে, বিয়াৰ পিছত যে ছোৱালীবোৰৰ সন্তান জন্ম হয়, আগতে কিয়

                                       জন্ম নিদিয়ে?

                ইয়াৰ মাজত কি ৰহস্য আছে?

তেনেধৰণৰেই এটা প্ৰশ্ন, ভগৱান প্ৰকৃততে কোনজন?

ৰামমন্দিৰলৈ গ’লে শুনিছিলো, ৰামেই স্বয়ং ভগৱান

তেনেহলে শ্ৰীকৃষ্ণ কি?

সকলোৱে দেখোন শ্ৰীকৃষ্ণকো প্ৰণাম কৰে, ৰাধা থাকক বা নাথাকক

মোৰ মাই কেলেণ্ডাৰত থকা বিষ্ণুৰ ছৱি বন্ধাই

        ওলোমাই থৈছিল বেৰত

শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী সেই বিষ্ণুই হেনো ভগৱান

মাই ধুপ জ্বলাইছিল সেই ছৱিৰ কাষত

আমাৰ ঘৰৰ মালিকৰ জীয়ৰী ইতু, মোতকৈ মাত্ৰ দুবছৰ ডাঙৰ

ছোৱালীবোৰ ল’ৰাৰ তুলনাত অকালপক্ক হয়, বহু কথা বহু

                          আগতেই শিকি পেলায়

সম্ভৱতঃ ছোৱালীবোৰৰ সন্তান জন্মাৰ সাঁথৰটোও মোতকৈ বহু

                               আগতেই জানিছিল

তেওঁলোকৰ দুমহলীয়া ঘৰৰ মন্দিৰত আছিল খুব ডাঙৰ কৃষ্ণৰ মূৰ্তি

বাহিৰৰ পূজাৰী আহি সেই মূৰ্তিক নিতৌ পূজা কৰিছিল

ইতুক সুধিছিলো, তোমালোকে বিষ্ণু ভগৱানক পূজা নকৰা

                                             কিয় বাৰু?

তেওঁ তাচ্ছিল‍্যৰে কৈছিল, কৃষ্ণ আৰু বিষ্ণু একেই

মই গভীৰ সন্দেহেৰে কৈছিলো, ধেৎ, সেয়া কিদৰে হ’ব

শ্ৰীকৃষ্ণ ক’লা আৰু বিষ্ণু ইমান বগা

ইতুই কৈছিল, ক’লাই হ’ল জগতৰ জ‍্যোতি।

মোৰ মূৰটো পুনৰ ঘোলা হৈ পৰিছিল, যিদিনা দেখিছিলো

সৰু মামাই এখন কিতাপ পঢ়ি আছে। সমগ্ৰ ৰাতিপুৱাটোত শাৰীত থিয় হৈ

               কিতাপখন কিনি আনিছিল তেওঁ

সেইখন কিতাপৰ নাম পৰমপুৰুষ শ্ৰীৰামকৃষ্ণ

তেতিয়া পৰমপুৰুষ মানে কি নুবুজিছিলো

সৰু মামীয়ে এবাৰ পাকঘৰৰ পৰা হাত মছি মছি ওলাই আহি

পৰম আগ্ৰহেৰে ক’লে, তুমি কিতাপখন পালা? আজি দুপৰীয়া

মই পঢ়িম, তুমি অফিচলৈ লৈ নোযোৱা যেন।

ডাঙৰ মানুহে কিতাপ পঢ়িবলৈ ভাল পায়, সেইবাবেই তেওঁলোক ইমান ডাঙৰ

মই সুধিলো, সেইখন কি গল্পৰ কিতাপ, মামী?

সৰু মামীয়ে ক’লে, গল্পৰ কিতাপ নহয় ভোদা, কিতাপখনত আছে

                         ভগৱান শ্ৰীৰামকৃষ্ণৰ কথা

মই ভালকৈ নুবুজি আকৌ সুধিলো,

শ্ৰীৰামকৃষ্ণও ভগৱান নেকি? সচাকৈয়ে ভগৱান?

এইবাৰ সৰুমামাইও ক’লে, সচাঁ নহৈ মিছা হ’ব নেকি?

যি ৰাম, তেৱেঁই কৃষ্ণ, সম্প্ৰতি ৰামকৃষ্ণ হিচাপে লীলা কৰিবলৈ আহিছে

মই দক্ষিণেশ্বৰলৈ মা-দেউতাৰ সেতে কেইবাবাৰো গৈছো

মন্দিৰৰ কাষৰ এটা ঘৰত ৰামকৃষ্ণৰ ছৱি ওলোমাই থোৱা দেখিছো

            ওচৰত আছিল তেওঁৰ চাদৰ আৰু ছেন্দেল

তেতিয়া নাজানিছিলো, ৰামকৃষ্ণ ঠাকুৰো ভগৱান

সেই ঘৰটোত ভগৱান আছিল, সেইযোৰ ছেন্দেল পিন্ধিছিল?

ইয়াৰ দুই-এবছৰ পিছত বঙালী চিনেমালৈ আহিছিল এগৰাকী নতুন নায়িকা

তেওঁৰ নাম সুচিত্ৰা সেন

আলোড়ণৰ সৃষ্টি কৰা তেওঁৰ প্ৰথম চিনেমা ৰ নাম ভগৱান শ্ৰীকৃষ্ণ চৈতন‍্য

পৰিচালক দেৱকী বসু খুব বিখ্যাত

দল বান্ধি নাইট-শ্বোলৈ গৈ তেওঁলোকে চাই আহিল সেই চিনেমাখন

আৰু মাজনিশালৈ ধন‍্য ধন‍্য বুলি থাকিল কৈ

আমাৰ বয়সৰ বিলাকৰ অৱশ্যে তেতিয়াও চিনেমা চোৱাৰ অনুমতি নাছিল

কিন্তু খন্ড-বিখন্ড কথাবোৰ শুনি প্ৰথমতে ভাবিছিলো

                বোধহয় এইখনো ভগৱানৰেই চিনেমা

দুই-তিনিদিন পিছত হে বুজিছিলো, এয়া দেখোন চুবুৰীৰ গৌড়ীয় মঠত

         যাৰ মূৰ্তি আছে, দুহাত ডাঙি নাচিছে

                        সেই চৈতন‍্যদেৱৰ গল্প, বৰ দু:খৰ ছৱি

তেনেহ’লে চৈতন‍্যদেৱো ভগৱান

সেই বয়সতে মনে মনে এটা ধাৰণা গঢ় লৈ উঠিছিল

আকাশত বহুত দেৱতা, তেওঁলোকৰ ‘বৰবাবু’ৰ নামেই ভগৱান

এতিয়া যি দেখি আছো, এজন তো নহয়েই, ভগৱানেই ভগৱান!

বয়স কম হৈ থাকোতে নাজানিছিলো, মই হিন্দু নে মুছলমান, নে

                      অইন কিবা প্ৰাণী

ক্ৰমশ: ঘৰৰ মানুহেই বুজাই দিয়ে, আমি হিন্দু, আৰু

খালপাড়াৰ ৰহিমহত, চুলেইমানহত মুছলমান

সিহঁতৰ এজনেই ভগৱান, তেওঁৰ নাম আল্লা, সেয়া লৰচৰ নাই

আৰু হিন্দুসকলে যাকে যেতিয়াই ইচ্ছা ভগৱান কৰি পেলায়

তাৰ মানে কি হিন্দুসকলৰ আচলতে কোনো ভগৱানেই নাই, অতি আশ্বৰ্য!

যি কি নহওক, কৈশোৰত ভৰি দিয়েই ভগৱানৰ এনে গোলমালত কেতিয়াও

                             মূৰেই নোসোমালো

বামুণৰ ল’ৰা হৈও ধৰ্মক একেবাৰে নিৰ্বাসন দিলো

                              মনোজগতৰ পৰাই

ঈশ্বৰ আৰু ধৰ্মবিশ্বাসক সম্পূৰ্ণ অপ্ৰয়োজনীয় কৰি পেলালেও যে

         মানুহে সৎ, শুদ্ধ জীৱন যাপন কৰিব পাৰে, সেই সোৱাদ মই পালো

সেইখিনিৰেই মনটো যে কিমান স্বাধীন হৈ পৰিল

নানান সংস্কাৰক কেন্দ্ৰ কৰি অনৰ্থক সময় নষ্টও নহ’ল!

পৰাপক্ষত মই কাৰো মনত আঘাত নিদিও, এয়াই হৈ পৰিল

                  মোৰ জীৱন ধাৰণৰ মূল নীতি।

অৱশ্যে ধৰ্মভিত্তিক সাহিত্য পঢ়িবলৈ মোৰ ভাল লাগে

সেইবোৰ গ্ৰন্হতো আছে কিমানবোৰ মনীষিৰ ষ্পৰ্শ

ৰামায়ণ যদিও ধৰ্মগ্ৰন্হ নহয়, তথাপিও মূল ৰামায়ণ পঢ়িছো বাৰম্বাৰ

ৰামায়ণ আৰু মহাভাৰত, এই দুয়োখন উপন‍্যাসেই মোৰ সবাতোকৈ প্ৰিয়

ইলিয়াদ, ওডিচিতকৈও মই এই দুখন উপন‍্যাসত বহুত বেছি

                 সূক্ষ্ম সাহিত‍্যৰসৰ সোৱাদ পাও

টলষ্টয়, ডস্টয়েভস্কিৰ উপন‍্যাসেও এই দুখনৰ কাষ চাপিবই নোৱাৰে

উপন্যাস নহয়, মহাকাব্য? সেই নামেৰেও নাম দিব পাৰি

কিন্তু এয়াও সঠিক, বাল্মীকি কিম্বা বেদব‍্যাসে যদি

                     আৰু ডেৰ-দুইহাজাৰ বছৰৰ পিছত ৰচিলেহেতেন

                         ৰামায়ণ আৰু মহাভাৰত

সেয়া হ’লে ছন্দৰ কলা-কৌশলক লৈ ইমান মূৰ ঘমাব লগা নহ’লহেতেন

পোনে পোনে গদ‍্যতেই লিখিলেহেতেন

যেনে কাৰ্ল মাৰ্ক্সে যদি জন্মিলেহেতেন কালিদাসৰ কালত

তেন্তে ‘দাচ্ কেপিটেল’ গ্ৰন্হখন বহুত কচৰৎ কৰি

          তেওঁ পদ‍্যতেই লিখিব লাগিলহেতেন

তেতিয়া পৃথিৱীৰ কোনো ভাষাতেই গদ্য নাছিল

কবিতাৰ ভাষাৰে মাৰ্ক্সে বুজাব পাৰিলেহেতেন নে তেওঁৰ দুৰূহ অৰ্থনীতি

টলষ্টয়েও কাব‍্যৰে ৰচিব পাৰিলেহেতেন নে ‘ৱাৰ এন্ড পিচ্’?

সেইবাবেই বাল্মীকি আৰু বেদব‍্যাসৰ কৃতিত্ব ইমান অসাধাৰণ বুলি ভাব হয়!

ৰামায়ণৰ যুদ্ধতকৈও কিছুমান নিসৰ্গ বৰ্ণনা অতি অপৰূপ

ৰামৰ ভগৱান বা দেৱতা হবলৈ নিজৰ কোনো দাবী নাই

          তেওঁ এক বন্ঞ্চিত, ক্ষুদ্র ৰাজ‍্যৰ ৰাজপুত্ৰ, সত‍্যৰ মহিমাক

                উচ্চস্হানলৈ নিয়াৰ বাবেই তেওঁ অসাধাৰণ

তেওঁ সাধাৰণ মানুহৰ দৰেই মাজে মাজে ভুল কৰিছে

মহা শক্তিশালী বালিৰ পৰা এটা অতি সামান্য ভেকুলী পৰ্যন্ত বহুতেই

             অভিযুক্ত কৰিছে ৰামক

ৰাৱণ বধৰ পিছতেই সীতাক অগ্নিপৰীক্ষাত অৱতীৰ্ণ কৰোৱা

             তেওঁৰ জীৱনৰ অতি কাপুৰূষোচিত কলঙ্ক

সেই দৃশ‍্যটো মই কেতিয়াও সহ‍্য কৰিব নোৱাৰিলো

স্বয়ং বাল্মীকিয়েও সেই সময়ত ৰামক নেত্ৰৰোগী বুলি

                                      দিছে ধিক্কাৰ

তথাপি এনেবোৰ মানৱিক দুৰ্বলতা আৰু অনুশোচনাৰ বাবেই ৰাম দেৱতা হৈ নাথাকি

              হৈ পৰিল আমাৰ কাষৰ মানুহ….

বাৰু, সেইবোৰ থাকক, এতিয়া কও সেতুবন্ধৰ কথা

মনত ৰাখিব লাগিব, সেইকালৰ মানুহৰ জ্ঞান আছিল সীমাবদ্ধ

আজিকালিৰ ষষ্ঠ-সপ্তম শ্ৰেণীৰ ছাত্ৰতকৈও কম

যেনে, পৃথিৱীৰ চাৰিওফালে সূৰ্য নুঘূৰে, বৰং পৃথিৱীহে সূৰ্যৰ

                       চাৰিওফালে ঘূৰে

        এই অতি সাধাৰণ জ্ঞানখিনি সেইকালত হোমাৰ কিম্বা

                              বাল্মীকিৰ নাছিল

সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ, চন্দ্ৰগ্ৰহণ প্ৰকৃততে একোৱেই নহয়, ছাঁয়াৰ খেলা

যি কি নহওক, যিবোৰ নাজানিছিল, সেইবোৰ কবিয়ে কল্পনাৰে ভৰাই দিছিল

যেনে ডেউকা থকা পক্ষীৰাজ ঘোঁৰা, কল্পনাৰে চাই কিমান যে ভাল লাগে

যেনে বন্দিনী সীতাক উদ্ধাৰ কৰাই মূল কথা, ৰামে সসৈন‍্যে আক্ৰমণ

                               কৰিব শ্ৰীলঙ্কা

সমুদ্ৰ পাৰ হব কেনেকৈ?

হনুমানে যেনিবা পাৰেই অকলে জপিয়াই এশ যোজন পাৰ হবলৈ

অইনে তো নোৱাৰে, ৰামেও নোৱাৰে

তেন্তে এখন সেতু নিৰ্মাণ কৰিব লাগিব, ৰামেশ্বৰমৰ পৰা শ্ৰীলঙ্কা

যিখন সেতু নিৰ্মাণৰ বাবে ৰামৰ সমস্ত ভক্ত, আনকি এটা বনমেকুৰীয়েও সাহায্য

             কৰিব বিচাৰে সৰু শিলগুটি আনি

অতি চমৎকাৰ ৰূপক

কিন্তু ৰূপকক যিসকলে আক্ষৰিক অৰ্থত সত‍্য বুলি ভাবে, তেওঁলোক জধামূৰ্খ

যদি ধৰি লোৱা হয়, ৰামৰ সকলোবোৰ সেনা আছিল বান্দৰ

তেন্তে সেই সেতু নিৰ্মাণ কৰিব কোনে, বান্দৰবোৰে?

ইচ্ ৰাম, বেচেৰাহতৰ যে হাতেই নাই।

অৰ্থাৎ, বান্দৰবোৰ চতুষ্পদ প্ৰাণী, নে মানুহৰ দৰেই

            সিহতৰো হাত-ভৰিৰ সমান ব‍্যৱহাৰ?

এই প্ৰশ্নৰ উত্তৰ অতিকৈ সহজ

পৃথিৱীৰ অইন সকলোবোৰ প্ৰাণীতকৈ মানুহ পৃথক, কাৰণ মানুহে

                     বুঢ়া আঙুলিৰ ব‍্যৱহাৰ জানে

বুঢ়া আঙুলিৰেই অস্ত্ৰ, কিবাকিবি কঠিন আৰু কলম যিদিনাই ধৰিবলৈ শিকিছিল

সিদিনাৰ পৰাই মানুহৰ সভ‍্যতাৰ অগ্ৰগতিৰ সূত্ৰপাত

বান্দৰবোৰে এতিয়াও সেই বুঢ়া আঙুলিৰ ব‍্যৱহাৰ শিকা নাই বাবেই সিহত

                         এতিয়াও বান্দৰ হৈ আছে

সেয়ে এখন সেতু নিৰ্মাণৰ টেকনোলজী আয়ত্ব কৰা সিহতৰ বাবে অসম্ভৱ

আৰু এটা কথা, ব্ৰিজ তৈয়াৰ কৰি সমুদ্ৰ অতিক্ৰমি অন্য দেশ আক্ৰমণ কৰা

                       অতি ভুল যুদ্ধনীতি

শত্ৰুপক্ষই বাৰম্বাৰ ব্ৰিজ ভাঙি দিব, ব্ৰিজৰ পৰা সৈন‍্যবোৰক নামিবই   নিদিব

হেলেন অফ ট্ৰয়ক যেতিয়া অপহৰণ কৰা হয় তেতিয়া তেওঁৰ উদ্ধাৰৰ বাবে

                   একহাজাৰ ৰণনৌকা ভাঁহিছিল

আৰু সীতাক উদ্ধাৰৰ বাবে ইমান সৰু পক প্ৰণালীত

                     এখনো জাহাজ ভাঁহি নুঠিল

অথচ ৰণনৌকাৰে আক্ৰমণ কৰাই আছিল উপযুক্ত ৰণনীতি

অৰ্থাৎ জাহাজ নিৰ্মাণৰ কোনো জ্ঞানেই নাছিল ৰামচন্দ্ৰৰ দিনৰ

                   ভাৰতীয়ৰ, বান্দৰৰ তো নাথাকিবই

ৰামৰ জন্মস্থান যিদৰে বাল্মীকিৰ কল্পনাত, তেনেবোৰ

                সেতু-ফেতুৰ যুদ্ধও সেয়াই!

মাজে মাজে ভাবো, বাল‍্যকালত যি মুগ্ধতাৰে ৰামৰ সাধু শুনিছিলো

লালকৃষ্ণ আদৱানী কি এতিয়াও সেই বাল‍্যকালতেই ৰৈ থাকিল?

অথবা আটাইবোৰ ৰাজনৈতিক ভন্ডামি, নিদে ঠিকেই জানে কোনটো কি?

কিন্তু দেশৰ মানুহক ৰাখিবলৈ বিচাৰে শৈশৱৰ স্তৰত।

অটলবিহাৰী বাজপায়ী শিক্ষিত ব‍্যক্তি, কবিতা আদিও লিখে, তেওঁ

           নাজানে নে ইতিহাসৰ সৈতে ৰামৰ কোনো সম্পৰ্ক নাই?

                               বিশ্বাস নহয়‌।

কেৱল তেওলোকেই নে, কংগ্ৰেছৰ ছোনিয়া-মনমোহনৰ মুখ শুকাই গৈছে

শীঘ্ৰে বক্তব্য সলনি কৰাত ব‍্যস্ত

আৰু বামপন্থী বাবুসকল, আমেৰিকাৰ সৈতে পৰমাণু বিৰোধিতাৰ

                       নকল যুদ্ধত ব‍্যস্ত

অথচ, দেশৰ মাজত এইবোৰ সমস্যাক লৈ একেবাৰে চকু জপাই থকা

হিন্দু ছোৱালী আৰু মুছলমান ল’ৰাৰ বিয়াক লৈ গন্ডগোল, আপোনালোক মনে মনে

থাকিব, মুছলমানৰ ভোট পাব লাগিব নহয়!

ৰাম কিম্বা ৰামসেতু এটাও ঐতিহাসিক সত্য নহয়,

এই শপতনামা দিয়া হেতুকে জিওলজিকেল চাৰ্ভেৰ দুজন

বিষয়াই অন‍্যায়ভাৱে শাস্তি পাবলৈ আগবাঢ়িছে

সেয়াও আপোনালোকে মানি লৈছে হিন্দু ভোটৰ প্ৰলোভনত

বিপ্লৱী দলবোৰৰো এতিয়া ইমান ভোটৰ মায়াত আদৰ্শ বিসৰ্জন আৰু

আন্তৰ্জাতিক ৰাজনীতি সামান্য অপেক্ষা কৰক

এই দেশৰ সমাজ আৰু ধৰ্ম সংস্কাৰৰ বাবে এই সময়ত প্ৰয়োজন

                   ডাৰউইনৰ সৃষ্টি তত্ত্বৰ বিজ্ঞানসন্মত বিচাৰ

সমগ্ৰ দেশৰ মানুহক এবাৰ পৰিষ্কাৰভাবে জনাই দিয়া হওকচোন

                   আধুনিক বিজ্ঞানৰ ভাষ‍্য তাৰপিছত দেখা যাওক কিমান ধৰ্মভিত্তিক হয় নিৰ্বাচন!

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: সত‍্যবাদী ৰামৰ ভক্তসকল সচাকৈয়ে মিছলীয়া
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
মই খটখটী

মই খটখটী

April 11, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
মায়াৱী কুকুৰা

মায়াৱী কুকুৰা

September 16, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d