সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশন সমীপেষু
যুগান্ত বায়ন
এখন দেশ বা এখন ৰাজ্যৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ ভূমিকাই অতীতৰে পৰা বৰ্তমান লৈ এক শক্তিশালী আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে।
ছাত্ৰ ৰাজনীতি উত্থান পতনৰ মাজেৰেই এখন দেশৰ এখন ৰাজ্যৰ সমসাময়িক ঘটনাৱলী তথা ৰাজনৈতিক পৰিক্ৰমা কোন দিশে গতি কৰিছে তাৰ উমান ল’ব পাৰি। স্বাধীনতা আন্দোলনৰ পৰাই ভাৰতবৰ্ষৰ ছাত্ৰ ৰাজনীতিয়ে জন জীৱনক প্ৰভাৱিত কৰি ৰাখিছে।
এই ক্ষেত্ৰত তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালা লৈকে এইসকল পুৰোধা ব্যক্তিৰ অৱদানে অসমৰ ছাত্ৰ শক্তিক আজিও প্ৰাণবন্ত কৰি ৰাখিছে। সত্তৰ দশকৰ পৰাই শাসক পক্ষৰ জন বিৰোধী নীতিৰ বিৰোধিতা কৰিবলৈ ভাৰতবৰ্ষৰ ছাত্ৰ শক্তিয়ে এক নতুন পথৰ সন্ধান বিচাৰি পাইছিল।
১৯৬৭ চনত আনুষ্ঠানিকভাৱে জন্ম গ্ৰহণ কৰা অসমীয়া জাতিৰ আবেগ অনুভূতি আৰু স্বাভিমানক প্ৰতিনিধিত্ব কৰা সদৌ অসম ছাত্ৰ সন্থাই (আছু) ভাষা ৰক্ষা, শিক্ষাৰ মাধ্যম অসমীয়া কৰা,অসমত শোধনাগাৰ স্থাপন, মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা খাদ্য আন্দোলনে সমগ্ৰ অসমবাসীয়ে “আছু” নামৰ এই সত্তাটোক নিজৰ সন্তানৰ দৰে আঁকোৱালি লৈছিল।
সূৰ্য্য বৰা, ৰঞ্জিত বৰপূজাৰী, অনিল বৰা, মোজাম্মিল হক, গজেন ইংতি, প্ৰতুল শইকীয়াৰ আত্ম বলিদানে আছুক অসমৰ জাতীয় জীৱনত এক উল্লেখযোগ্য স্থানত অসমৰ ৰাইজে স্থান দিছিল।
পিছত ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিশ্ব কপোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনে এটা সময়ত আছুক বিশ্বৰ সবাতোকৈ শক্তিশালী ছাত্ৰ সংগঠন হিচাপে পৰিচিত কৰিছিল। স্বাধীনতা আন্দোলনৰ পিছত এই অস্তিত্ব ৰক্ষা আন্দোলনত আছুৰ এটা আহ্বানতেই ৰাজ্যখনৰ আবাল, বৃদ্ধ, বনিতা ৰাজপথ লৈ ওলাই আহিছিল। ৮৫৫ গৰাকী তেজাল যুৱকে প্ৰাণ দিছিল। হেজাৰ হেজাৰ লোক নিৰ্যাতিত হৈছিল।
কিন্তু আজি আছুৰ অষ্ঠাদশ বাৰ্ষিক অধিৱেশনৰ সময়ত সংগঠনটোৰ প্ৰতি একালত সংগঠনটোক নেতৃত্ব দি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আছুক শক্তিশালী ৰূপত অৱস্থান কৰোৱা অভিজ্ঞ লোকসকলে সংগঠনটোক সমালোচনা কৰা পৰিৱেশে আছু নামৰ সত্তাটোক জীৱনে মৰণে আঁকোৱালি লোৱা লোকসকলক স্তম্ভিত আৰু ব্যথিত কৰি তুলিছে।
মনলৈ আহিছে অসমৰ প্ৰতিটো বিপৰ্যয়ৰ সময়ত উদাত্ত কণ্ঠৰে মাত মাতি অহা সংগঠনটো দুৰ্বল হ’লে জাতিটোৰ কি হ’ব? পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে আছুৰ সাংগঠনিক দিশৰ বিষয়টো আদালত পৰ্যন্ত পাইছে। যিটো আছুৰ বুৰঞ্জীত কেতিয়াও কাহানিও নোহোৱা নোপোজা ঘটনা।
অতীতত এনে এক সময় আছিল আছুৰ নেতৃত্ব নৰিয়াত পৰিলে আই মাতৃসকলে গোসাঁই ঘৰত চাকি জ্বলাই আৰোগ্য কামনা কৰিছিল। এনে এটা অতি আদৰৰ জাতীয় সংগঠনৰ নেতৃত্বৰ প্ৰতি আজি ৰাইজে এক আস্থাহীনতাৰ মনোভাৱ প্ৰকাশ কৰাৰ পৰিৱেশ উন্মোচিত হোৱাটোৱে জাতিটোৰ ভৱিষ্যতৰ বাবে চিন্তনীয় বিষয়। আশংকা হৈছে ৰাষ্ট্ৰীয়তাবাদৰ হেঁচাত জাতীয় চেতনাই বাট হেৰুৱাব নেকি?
অসম চুক্তি ৰূপায়ন, ৬ নম্বৰ দফা প্ৰতিবেদনৰ ওপৰত ব্যৱস্থা গ্ৰহণ, অসমীয়া মাধ্যমৰ বিদ্যালয় সংকুচিত হৈ আহি আই মুখৰ ভাষাটোৰ হেৰুওৱাৰ আশংকাত জৰ্জৰিত হৈ থকা ৰাইজক সকাহ দিয়া বা অনেক জাতীয় সমস্যাৰ সমাধানৰ প্ৰতি বৰ্তমানৰ নেতৃত্বৰ আপোচমূলক স্থিতিয়ে ৰাইজক সন্দিহান কৰি তুলিছে।
কুৰিৰ দশকত অসম চুক্তি ৰূপায়নত ব্যৰ্থতা, গুপ্তহত্যা আদিত অভিযুক্ত কৰি শাসনত থকা প্ৰাক্তন আছু নেতাসকলক কলা পতাকা দেখুওৱা আজিৰ নেতৃত্বই এই জাতীয় বিষয়সমূহ সমাধানৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাটো এক লাখটকীয়া প্ৰশ্ন। কিহৰ তাড়নাত আজিৰ নেতৃত্ব আপোচকামী হৈছে।
অতি সম্প্ৰতি বয়সৰ বিতৰ্কই আছুক বিপৰ্যস্ত কৰি ৰখাৰ সময়তে সংবাদ মাধ্যমত প্ৰকাশ হৈ থকা কেতবোৰ আৰ্থিক লেনদেন সম্পৰ্কীয় গুৰুতৰ অভিযোগ সম্বলিত বাতৰিয়ে সংগঠনটোক ৰাইজৰ মাজৰ পৰা বহু আঁতৰাই লৈ গৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সংবিধান বহিভূতভাৱে কাৰ্য্যনিৰ্বাহ কৰি থকা বয়স্ক নেতাসকলৰ জীৱন ধাৰণ প্ৰণালী দেখি আজি সংগ্ৰামী ৰাইজ হতবাক হৈ পৰিছে।
অতি স্বচ্ছল জীৱন অতিবাহিত কৰা, বিলাসী ফ্লেটত থকা, বিলাসী বাহন ব্যৱহাৰ কৰা নেতাসকলে লাখ-লাখ লোক দুখীয়া জনতাৰ দুখ-দুৰ্দশাক কেনেদৰে উপলব্ধি কৰিব? অসমীয়া ৰাইজে হিয়াৰ মাজত ঠাই দিয়া এই সত্তাটোৰ বৰ্তমানৰ কামকাজৰ ওপৰত ৰাইজে কিন্তু সতৰ্ক দৃষ্টি ৰাখি আছে। কোনোবাই যদি ভাবিছে ৰাইজ অবোধ শিশু তেনেহ’লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।
এই অধিৱেশনৰ মূহুৰ্তত নানান ব্যৱসায়, ঠিকা-থুকুলিৰে এক স্বচ্ছল জীৱন কটোৱা বুলি অভিযোগ উত্থাপন হোৱা নেতৃত্বই বৰ্তমান পৰিস্থিতিৰ উমান লওঁক। নিজকে বিশ্লেষণ কৰক। নতুন প্ৰজন্মক ঠাই উলিয়াই দিয়ক। অহংকাৰ-অহমিকা বৰ্জন কৰক। আছুৰ জন্ম লগ্নৰ পৰা সংগঠনটোৰ প্ৰতি সমৰ্পিত লোকসকলক কৰা আচাৰ-ব্যৱহাৰ মাৰ্জিত হওঁক। জাতিটোৰ সুন্দৰ ভৱিষ্যতৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰক। তেওঁলোকৰ জীৱন বুৰঞ্জী অধ্যয়ন কৰক। এইখিনি কথা এই কাৰণে উল্লেখ কৰা হৈছে শ্বহীদসকলৰ মৃত্যু বাৰ্ষিকী পালনৰ বাবেও সময় উলিয়াব নোৱাৰা ছাত্ৰৰ দ্বাৰা আজিৰ সংগঠনটো পৰিচালিত হৈছে।
এনে এক দুৰ্যোগপূৰ্ণ সময়ত আছুৰ মৰিগাঁও অধিৱেশনৰ পৰাই এক বাৰ্তা প্ৰেৰণ কৰা হওঁক যি বাৰ্তাত থাকিব নতুন তেজৰ নতুন নেতৃত্ব। আজিৰ এই দুৰ্যোগপূৰ্ণ সময়ত স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত এক আপোচবিহীন নেতৃত্বই
আছুৰ মেৰুদণ্ড পোন কৰি ৰখাৰ ক্ষেত্ৰত হাজাৰ বাধা নেওচি দৃঢ় আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি অসম আৰু অসমীয়া জাতিক বিশ্বৰ বুকুত জিলিকাই ৰখাৰ বাবে সময়ৰ আহ্বানক সন্মান জনাওক।
20-11-2023যুগান্ত বায়ন /৮৮৭৬৪১৫০৮১
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)