সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ বঁটা ঘোষণা
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তলৈ সামাজিক বঁটা/ লেখক সাংবাদিক বুলন কুমাৰ শইকীয়ালৈ সাংবাদিকতা বঁটা/ যদুমণি শইকীয়ালৈ যুৱ সাংবাদিকতাৰ বঁটা/ ছয় গৰাকী বিশিষ্ট ব্যক্তিক জনোৱা হ’ব বিশেষ সম্বৰ্ধনা
বিক্ৰমাদিত্য দত্ত কাকতি
তৈলনগৰী দুলীয়াজানৰ সাংবাদিকৰ উমৈহতীয়া সংগঠন সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানে চলিত বৰ্ষৰ বাৰ্ষিক বঁটা সমূহ ঘোষণা কৰিছে।
এই উপলক্ষে যোৱা ২ নৱেম্বৰত দুলীয়াজানৰ মিডিয়া চেণ্টাৰত মঞ্চৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মঞ্চৰ সভাপতি জয়ন্ত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰাঞ্জল শইকীয়াই।
সভাত সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে মঞ্চই প্ৰতিবছৰে প্ৰদান কৰি অহা মঞ্চৰ প্ৰাক্তন উপ সভাপতি বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা এইবাৰ নাহৰকটীয়াৰ জ্যেষ্ঠ সাংবাদিক, লেখক, প্ৰবন্ধকাৰ বুলন শইকীয়ালৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
একেদৰে মঞ্চৰ প্ৰাক্তন সভাপতি অমল কুমাৰ হ’ৰ সোঁৱৰণী সামাজিক বঁটা ৰজত কমল বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তক আৰু আনগৰাকী প্ৰাক্তন সভাপতি প্ৰদীপ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা গুৱাহাটীস্থিত প্ৰতিদিন টাইমৰ যুৱ সাংবাদিক যদুমণি শইকীয়াক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অহা ৩০ নৱেম্বৰত দুলীয়াজান ৰটাৰী ক্লাবত অনুষ্ঠিত হবলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা প্ৰাক্তন শিক্ষক দুলীয়াজান মহ’মাৰীৰ জগত বৰুৱা, টিপলিঙৰ প্ৰাক্তন শিক্ষক তথা বিশিষ্ট ক্ৰীড়া সংগঠক ছবি গগৈ, ভাদৈ পাঁচআলিৰ প্ৰাক্তন কৃতী শিক্ষক বিষেশ্বৰ গগৈ, অইল ইণ্ডিয়া লিমিটেডৰ জন পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক নয়না মধু দত্ত, দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক ঘনকান্ত খনিকৰ আৰু নামৰূপৰ মহিলা সাংবাদিক স্মৃতি ৰেখা কলিতাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব।
সেয়েহে উক্ত অনুষ্ঠানত সকলো দ’ল সংগঠন তথা শুভাকাংক্ষী সকলৰ সহায় সহযোগ সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানে কামনা কৰিছে।
বিক্ৰমাদিত্য দত্ত কাকতি, ১৮নৱেম্বৰ
[Headline image is an imaginary trophy]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.