ভাৰত জোড়ো
কাকলি দাস
তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ বিক্ষোভ – নৱান্ন যাত্ৰা, কংগ্ৰেছেও বিশাল যাত্ৰা(মাৰ্চ) হাতত লোৱা, আৰু গুজৰাটত বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ যাত্ৰা আৰম্ভ হৈছে।
যেতিয়া বলীউডৰ পুৰণি সূত্ৰৰ সাময়িকী, নাটক, একচন আৰু ৰিমেকবোৰে কোনো কাম নকৰিলে, তেতিয়া তেওঁলোকে এখন ব্ৰহ্মাস্ত্ৰ (চলচ্চিত্ৰ) মুকলি কৰিলে।
মানুহে ছবিখন উপভোগ কৰিছে, ইমান একো বিশেষ গুৰুত্বপূৰ্ণ নহলেও। চিনেমাখনৰ মুঠ বাজেটৰ সেই ৪১০ কোটি টকা ক’লৈ গ’ল আমি বুজি পোৱা নাছিলো, কিন্তু মানুহে যেন বহুদিনৰ পিছত চিনেমাখন ভাল পাইছে – আৰু ‘বয়কট গেং’ ব্যৰ্থ হৈছে৷
বলীউডৰ দৰেই ৰাহুল গান্ধীয়েও বিভিন্ন লুক আৰু ষ্টাইল চেষ্টা কৰিছিল, কিন্তু কোনোটোৱেই কাম কৰা নাছিল, ৰিলাঞ্চৰ পিছত ৰিলাঞ্চ!
মাথোঁ হতাশ হৈছিল।
নিৰ্বাচনৰ ফলাফলবোৰ কেনে হ’ব সেয়া হয়তো আগতে একেবাৰে অনুমান কৰা নাছিল, গতিকে কংগ্ৰেছ পুনৰ মূল কথালৈ ঘূৰি আহিল।
ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ১৫০ দিনীয়া দেশক জোড়া( যোৰা) লগোৱা যাত্ৰাত নামিছে – ভাৰতক একত্ৰিত কৰাৰ বাবে এক ‘অৰাজনৈতিক’ আন্দোলন আৰম্ভ কৰিছে। কিন্তু, ৰাজনীতিত ‘অৰাজনৈতিক’ একো নাই। বিজেপিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে ৰাজনীতিত হেৰুৱাই পেলোৱা স্থান পুনৰ দখল কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে। বিজেপিৰ বিৰোধী কংগ্ৰেছে হঠাতে ‘এক্সন’ আৰম্ভ কৰি সতেজ হ’বলৈ যত্নপৰ হৈছে, যিটো শাসক দল বিজেপিৰ বাবে কাম্য নহয়।
সেইবাবেই বিজেপিয়ে হয় ৰাহুল গান্ধীৰ দামী টি-চাৰ্টলৈ আঙুলিয়াই দিয়ে, নহয় এচি কেবিন আঙুলিয়াই দিয়ে বা পিন্ধি থকা কাপোৰৰ ছৱিত অগ্নিসংযোগ কৰে । বিজেপিৰ জনৈক সম্বিত পাত্ৰই কয় যে এয়া একত্ৰিত হোৱাৰ যাত্ৰা নহয়, ভাঙিবলৈহে কৰা যাত্ৰা। কিন্তু সেই কথা সম্বিত পাত্ৰই কেনেকৈ জানে? আদৱানীৰ যাত্ৰাই দেশ বিভাজিত কৰিছিল নেকি?
তাতোকৈ ডাঙৰ কথাটো হ’ল যাত্ৰাৰ লক্ষ্য – প্ৰচাৰৰ বাহিৰেও কিবা সাধন কৰা নেকি? এই যাত্ৰাৰ দ্বাৰা কংগ্ৰেছ ৰাজনৈতিকভাৱে লাভৱান হ’বনে, নে লাভৱান হ’ব নিৰ্বাচনৰ ফলাফলত? এই লেখাটোত আমি তাকেই উন্মোচন কৰিম!
১৯৩০ চনত, ৰাহুল গান্ধীৰ নিজৰ উপাধিৰ সৈতে মিল থকা মহাত্মা গান্ধীৰ ডাণ্ডী যাত্ৰাৰ পৰা প্ৰেৰণা লৈ ৰাহুল গান্ধীয়ে সেই কৃতিত্বৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্য ৰাখিছে। সৱৰমতীৰ পৰা দাণ্ডীলৈ ৩৮৫ কিলোমিটাৰ সেই যাত্ৰা আছিল – আৰু এবাৰ সাগৰৰ পাৰত উপস্থিত হোৱাৰ পিছতেই তেওঁলোকে নিমখ নিজেই প্ৰস্তুত কৰিছিল, যিটো তেতিয়া অপৰাধ আছিল।
ইয়াৰ পিছতে নিমখ আইন ভংগ কৰি আকৌ এবাৰ ভাৰতত মানুহে নিজাববীয়াকৈ নিমখ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছতে সত্যাগ্ৰহৰ সৃষ্টি হয়, আৰু গান্ধী দেশব্যাপী এক বিশাল ব্যক্তিত্বত পৰিণত হয় – যিটো আন্দোলনে ব্ৰিটিছক উৎখাত কৰাত বিপুল সফলতা লাভ কৰে, আৰু ফলত ১৯৪৭ চনত স্বাধীনতা লাভ কৰে।
আনকি গডছে ভক্তসকলেও স্বাধীনতা সংগ্ৰাম আৰু যাত্ৰাৰ মাজত এক সংযোগ কৰাৰ ক্ষেত্ৰত সন্মত হ’ব! ৰাহুল গান্ধীৰ এই যাত্ৰাই মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা বা সত্যাগ্ৰহৰ দৰেই গৌৰৱ লাভ কৰিবনে? ই কংগ্ৰেছ দলক পুনৰুজ্জীৱিত কৰিব পাৰিবনে? এই কথা বুজিবলৈ আহকচোন স্বাধীনতাৰ পাছৰ যাত্ৰাসমূহৰ বিষয়ে জানো আহক আৰু সেই যাত্ৰাসমূহৰ পৰিণতি কি হ’ল –
• আচাৰ্য বিনোবা ভাবেৰ এক সামাজিক আন্দোলন(ভূ-দান আন্দোলন) সকলোৰে পৰিচিত – জমিদাৰ(ভূমি মালিক)ক খেতিৰ বাবে মাটি দান কৰিবলৈ অনুৰোধ কৰা এক যাত্ৰা। ১৩ বছৰ দীঘলীয়া যাত্ৰা, ৬০,০০০ কিলোমিটাৰতকৈও অধিক খোজকাঢ়ি কৰা এই যাত্ৰা আছিল ঐতিহাসিক, এই প্ৰক্ৰিয়াত দৰিদ্ৰ লোকৰ বাবে প্ৰায় ৪৪ লাখ একৰ মাটি অধিগ্ৰহণ কৰা হৈছিল – এয়া আছিল অতি সফল যাত্ৰা।
• ১৯৮৩ চনত জনতা পাৰ্টিয়ে চন্দ্ৰ শেখৰৰ অধীনত যাত্ৰা আৰম্ভ কৰিছিল, যিদিনা তেওঁলোকে কৰ্ণাটকত ক্ষমতালৈ আহিছিল। তেওঁলোকে ভাৰতক ভালকৈ চিনি পোৱাৰ বাবে ৬ মাহৰ সময় লাগিছিল। এই যাত্ৰাৰ পৰিসৰ দেখি ইন্দিৰা গান্ধীও আচৰিত হৈ পৰিছিল, চন্দ্ৰ শেখৰৰ মতে – যিজন পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হৈছিল।
• ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ৰাজীৱ গান্ধীয়ে জয়লাভ কৰিছিল, আৰু তেওঁ কংগ্ৰেছ ‘সন্দেশ যাত্ৰা’ আৰম্ভ কৰিছিল – জনতা পাৰ্টিক দুৰ্বল কৰাৰ প্ৰয়াসেৰে। কিন্তু ১৯৮৯ চনত কংগ্ৰেছে পৰাজয়ৰ সন্মুখীন হৈছিল।
• ১৯৯০ চনত কংগ্ৰেছে আৰম্ভ কৰা আন এক যাত্ৰা – দ্বিতীয় শ্ৰেণীৰ ৰে’লৱে কোচত শ্লোগান লৈ: আধি ৰোতি খায়েঙ্গে/ ৰাজীৱ চৰকাৰ বনায়েঙ্গে( প্ৰয়োজনত আমি এখন ৰুটিৰ আধা টুকুৰা খাম , কিন্তু ৰাজীৱ গান্ধীৰ চৰকাৰ গঢ়িম)। কিন্তু জনসাধাৰণৰ মনোভাৱ এনেকুৱা আছিল- “আধা ৰুটি কিয় ? আমাৰ হাতত সম্পূৰ্ণ ৰুটিখন থাকিব লাগিব।” আৰু, যিয়েই নহওক, যাত্ৰা কৰা ৰে’লখন ষ্টেচনবোৰত বাৰে বাৰে পলম হোৱাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ৰেলত সেই যাত্ৰা কৰাটো মঙ্গলজনক নহ’ল – কংগ্ৰেছ আকৌ পৰাস্ত হ’ল৷ এই ৰাজীৱ গান্ধী যাত্ৰাক ফ্লপ বুলি গণ্য কৰা হৈছিল, কাৰণ তাত কেৱল প্ৰতীকবাদ আছিল, কিন্তু পদাৰ্থ নাছিল।
পিতৃ ৰাজীৱ গান্ধীৰ ভুলৰ পটভূমিৰ শিক্ষাৰে পুত্ৰ ৰাহুলে উন্নতি কৰিব পাৰিবনে? এই যাত্ৰাই কেৱল ফটোৰ সুযোগ দিয়াৰ বাবে নোহোৱাকৈ থাকিবনে?
এই যাত্ৰাত কিবা ভৱিষ্যদৰ্শন থাকিবনে?
আমি ইয়াৰ বিষয়ে জানিম, কিন্তু প্ৰথমে এটা ‘মাষ্টাৰষ্ট্ৰ’ক’ যাত্ৰাৰ কথা মনত পেলাওঁ আহক–
• চৰকাৰ গঠনত জনতা পাৰ্টীক সমৰ্থন কৰিছিল বিজেপিয়ে। আৰু আদৱানীয়ে সুযোগ গ্ৰহণ কৰি ৰাম মন্দিৰৰ বাবে যাত্ৰা আৰম্ভ কৰে। এখন ‘ম’ডিফাইড এয়াৰ কণ্ডিচনেড ট্ৰাক’ত উঠি আদৱানীয়ে এই যাত্ৰাৰ নেতৃত্ব দিছিল আৰু এই তাৰিখলৈকে বিজেপিক লাভৱান কৰা এক পৰিৱেশৰ সৃষ্টি কৰিছিল – সোমনাথৰ পৰা আৰম্ভ কৰিছিল যদিও বিহাৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
বিজেপি দলটোৱে এতিয়া হয়তো আদৱানীক পাহৰিলে, কিন্তু গ্ৰেপ্তাৰৰ কথা পাহৰা নাই বাবে আদৱানীক গ্ৰেপ্তাৰ কৰা সেইসময়ৰ বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে এতিয়াও তাৰ বাবে মাচুল দি আছে। ভাৰতৰ ৰাজনীতিত এই যাত্ৰাই সৰ্বাধিক প্ৰভাৱ আৰু সফলতা লাভ কৰিছে – বাবৰি মছজিদ ভাঙি, বিজেপি ক্ষমতালৈ অহা, ধৰ্মীয় ৰাজনীতিৰ সাফল্য!
আঞ্চলিক পৰ্যায়তো যাত্ৰা হৈছিল।উদাহৰণস্বৰূপে অন্ধ্ৰ প্ৰদেশত ৰাজশেখৰ ৰেড্ডীয়ে ২০০৩ চনত আৰম্ভ কৰিছিল। তেওঁ ২০০৪ চনত মুখ্যমন্ত্ৰী হৈছিল। তেওঁৰ সেই যাত্ৰাৰ সাফল্যই তেওঁৰ পুত্ৰ জগন ৰেড্ডীকো ‘প্ৰজা সংকল্প পদযাত্ৰা’ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল তথা তেওঁ ২০১৯ চনত মুখ্যমন্ত্ৰী হৈছিল। মমতা বেনাৰ্জীও হ’ল এগৰাকী পদযাত্ৰা বিশেষজ্ঞ – এইবাৰ আছিল তেওঁৰ ‘এখন হুইল চেয়াৰ যাত্ৰা’ – যাৰ ফলত নিৰ্বাচনত জয়লাভ হৈছিল।
গতিকে, বলীউডৰ মৰ্যাদা ঘূৰাই পোৱাৰ বাবে ব্ৰহ্মাষ্ট্ৰ,২০২২ (চলচ্চিত্ৰ) যেনেকৈ গুৰুত্বপূৰ্ণ, সেয়ে এই ভাৰত জোড়ো যাত্ৰা (ইউনাইট ভাৰত মাৰ্চ) যে কংগ্ৰেছৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ, তাত এক আউন্সো সন্দেহ নাই। মানুহে এই পদক্ষেপক প্ৰথম অৱস্থাত ভাল পাইছে, তথাপিও আগন্তুক দিনত কি হ’ব চাওঁ আহক। যদি ৰাহুলে বেংককলৈ নাযায় আৰু প্ৰকৃততে ১৫০ দিন খোজ কাঢ়ি যায়, তেন্তে এই যাত্ৰাই ৰাজনীতিত ভালদৰে প্ৰভাৱ পেলাব।
এই যাত্ৰাৰ প্ৰাৰম্ভিক সফলতাৰ বিচাৰ কৰিব পাৰি যে কংগ্ৰেছ যাত্ৰা কৰি থকাৰ সময়তে বিজেপিয়ে সক্ৰিয়ভাৱে সংবাদমেল কৰি যাত্ৰাটোক আক্ৰমণ চলাই আছে। কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে কংগ্রেছক ঠাট্টা কৰি বিজেপি শাসিত ৰাজ্যসমূহৰ পৰা ধন ৰাহি কৰিবলৈ পেট্রল ভৰোৱাৰ পৰামৰ্শ দি কংগ্রেছক ঠাট্টা কৰে৷ বিজেপিৰ যুগল ঠাকুৰে কয় যে এয়া ‘অনাফ্ৰত ফাইলাও যাত্ৰা’ (ঘৃণা বিয়পোৱাৰ এক সমদল)।
স্মৃতি ইৰাণীয়েও ৰাহুল গান্ধীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ সুযোগ হেৰুৱাব নোৱাৰিলে। বিজেপিৰ আক্ৰমণে কংগ্ৰেছক শিৰোনামত ৰাখিছে, যিটো কংগ্ৰেছে বছৰ বছৰ ধৰি বজাই ৰাখিব পৰা নাছিল। এটা কথা আছে, “বেয়া প্ৰেছৰ দৰে একো নাই, সকলো প্ৰেছ ভাল প্ৰেছ।”
একে সময়তে অৰবিন্দ কেজৰিৱাল গুজৰাট মিছনত আছে, তেওঁক গুজৰাটৰ ৰাজনৈতিক ব্যৱস্থাৰ সৈতে মুখামুখি হোৱা দেখা গৈছে আৰু তাৰ পিছত গুজৰাটৰ মানুহৰ মাজত খাদ্য গ্ৰহণ কৰাও দেখা গৈছে।
এইটো স্পষ্ট যে সংগঠন কৰাটো এটা আৱশ্যকীয় কথা, ৰাইজক উত্থাপিত স্বৈৰাচাৰীতাবাদৰ বিষয়ে অৱগত কৰাটোও প্ৰয়োজন। কিন্তু, যিদৰে এই ভাৰত জোড়ো যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে, সেইয়া এতিয়াও আগৰ যাত্ৰাৰ লগত তুলনা কৰিব নোৱাৰি।
কাৰণ হ’ল-
• মোদী চৰকাৰলৈ সমৰ্থন- মোদী চৰকাৰৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন আছে। এয়া কোনো স্বৈৰাচাৰী শাসন ব্যৱস্থা নহয়; মানুহৰ সমৰ্থন আছে। আৰু এই সমৰ্থনৰ মাজতে এই যাত্ৰাত কংগ্ৰেছ দলে পুনৰ মানুহৰ সমৰ্থন লাভ কৰিব পাৰিবনে?
• বিৰোধীৰ প্ৰতি কোনো সমৰ্থন নাই – বিৰোধী দলটো বেছিভাগ সময়লৈকে বহুলাংশে নিষ্ক্ৰিয় আছিল। তদুপৰি মানুহে তেওঁলোকৰ জীৱন-যাত্ৰাৰ পথাৰখনত বিৰোধীৰ ভূমিকাক প্ৰত্যক্ষ কৰিব পৰা নাই – সেইবৈৰ সলনি হ’ব লাগিব৷ যি গতিৰে নেতাসকলে কংগ্ৰেছ দল ত্যাগ কৰিছে, সেইবাবেই গোলাম নবী আজাদে প্ৰথমে কংগ্ৰেছ জোড়ো যাত্ৰাৰ ওপৰত জোৰ দিছিল, ভাৰত জোড়ৈ যাত্ৰাৰ পূৰ্বে। এইটো, কিছু পৰিমাণে সঁচা – প্ৰথমে নিজৰ নাওখন নিজেই মেৰামতি কৰক, তাৰ পিছত যাত্ৰা কৰক।
• উদ্দেশ্য আছে, কিন্তু কোনো কাৰ্য্য নাই – বাৰ্তাটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কি ? উদ্দেশ্য আছে, কিন্তু পৰিকল্পনা, বা কাৰ্য্যৰ বিন্দুটো ক’ত? যাত্ৰাত কি বাৰ্তা আছে? ভাৰত জোড়ো মাথোঁ এটা শ্লোগান, আন একো নহয়।
আনহাতে সংঘ পৰিয়াল (সংঘ পৰিয়াল)ৰ এটা স্পষ্ট এজেণ্ডা আছে, যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। জনসাধাৰণৰ ওপৰত জাপি দিয়াও হোৱা নাছিল, মতাদৰ্শ স্বেচ্ছাই গ্ৰহণ কৰিছিল। উন্নত সাংগঠনিক দক্ষতাৰ বাবে তেওঁলোকৰ প্ৰতি মানুহৰ সমৰ্থন আছে।
কংগ্ৰেছেও আগতে সামৰি ল’ব লাগিছিল তিনিটা পূৰ্বচৰ্তঃ
• এটা স্পষ্ট পতিয়ন যোগ্য ৰাজনৈতিক-মতাদৰ্শগত আখ্যান – দৃষ্টিভংগী অবিহনে তেওঁলোকে এই যাত্ৰাৰ পৰা কেনেকৈ সৰ্বাধিক লাভ কৰিব?
• নিৰ্ভৰযোগ্য নেতৃত্ব – ৩ বছৰৰ ওপৰত, আৰু এতিয়াও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱা নাই – যাত্ৰাৰ পূৰ্বে নেতৃত্বৰ প্ৰশ্ন সমাধান কৰিব লাগিছিল।
• গভীৰভাৱে শিপাই থকা সাংগঠনিক উপস্থিতি – সংগঠন অবিহনে জনসাধাৰণে এনেবোৰ যাত্ৰাৰ কেৱল দৰ্শক হৈয়েই থাকিব। তেওঁলোকে কেনেকৈ দলত যোগদান কৰিব?
নব্বৈৰ দশকত ৰথযাত্ৰাই নিৰ্বাচনী লভ্যাংশ দিছিল, কিয়নো আদৱানী জীৰ এটা বাৰ্তা আছিল, যিটো সংঘ পৰিয়ালে আৰু অধিক প্ৰচাৰ কৰিছিল – লাহে লাহে কিন্তু শক্তিশালীভাৱে তেওঁলোকে দুৰ্গ গঢ়ি তুলিছিল। গতিকে, কংগ্ৰেছৰ যাত্ৰাত মানুহ আপ্লুত হ’লেও ই ভোটলৈ ৰূপান্তৰিত হ’বনে? নিৰ্বাচনী অভিযান্ত্ৰিক কৰ্মতকৈও অধিক এক সামাজিক ৰাজনৈতিক অভিযান্ত্ৰিক দৰ্শনৰ প্ৰয়োজন।
‘যদি’-‘কিন্তু’ এনেবোৰ কথা নাই, কাৰণ আৰু উদ্দেশ্য ভাল, ৰাহুল এজন ভদ্ৰলোক, কিন্তু ৰাজনীতিয়ে কেৱল ভাল উদ্দেশ্যৰে লাভ অৰ্জন নকৰে। ৰাজনীতিয়ে অধিক দাবী কৰে – কেৱল ১৫০ দিন নহয় – ৩৬৫ দিনৰ অদম্য কাম – ই স্থায়িত্বৰ দাবী কৰে। আমি আশা কৰোঁ যে এই যাত্ৰাৰ পিছত এক প্ৰবল বিৰোধৰ উত্থান ঘটিব যিয়ে জনসাধাৰণ আৰু গণতন্ত্ৰক উপকৃত কৰিব, কাৰণ ৰাজনীতি যেতিয়া একপক্ষীয় হৈ পৰে তেতিয়া কি হয় আমি দেখিছোঁ।
[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]
(Images from different sources)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)