সভ্যতা আৰু সমাজ উত্তৰণত শিক্ষকৰ ভূমিকা অনবদ্য
Mahabahu Desk
গুৱাহাটী প্ৰেছ ক্লাৱত জীৱনৰ অভিজ্ঞতা আৰু অনুভৱ শীৰ্ষক গ্ৰন্থ উন্মোচন
দোহোৰাৰ প্ৰয়োজন নাই যে শিক্ষকসকলৰ জীৱন বহু বিচিত্ৰ অভিজ্ঞতাৰে সমৃদ্ধ।
সমাজৰ উত্তৰণত অন্ধৰ লাখুটিসদৃশ এই মহান শিক্ষকসকলৰ সমাজৰ প্ৰতি থকা অৱদান অনস্বীকাৰ্য।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত শিশু সাহিত্য উত্তৰণৰ সৌজন্যত ড৹ জগদীন্দ্ৰ ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসমৰ ভিন্নপ্ৰান্তৰৰ দেৰকুৰি অৱসৰী শিক্ষক শিক্ষয়িত্রীৰ জীৱন আধাৰিত লিখনিৰে পুষ্ট “জীৱনৰ অভিজ্ঞতা আৰু অনুভৱ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ সঞ্জীৱ কুমাৰ শৰ্মাই এনেদৰে মন্তব্য প্ৰকাশ কৰে।
অনুষ্ঠানত উপস্থিত থকা শিক্ষক শিক্ষয়িত্রীসকলে নিজৰ নিজৰ এৰি অহা জীৱনৰ বিৰল আৰু মনোজ্ঞ অভিজ্ঞতা ব্যক্ত কৰি বিমল আনন্দ উপভোগ কৰে।
এই অনুষ্ঠানতে যথাক্ৰমে হাজো নাট্য সন্মিলন আৰু বংশৰ যাত্ৰা গ্ৰাম্য পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত হোৱা “ঠাইতে ৰং সনা আৰু ছবি অঁকা প্ৰতিযোগিতা“ৰ বিজয়ী প্ৰতিযোগীসকলক একোটাকৈ গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।
উত্তৰণৰ যুটীয়া সচিব ৰবীন পাঠকে আঁত ধৰা এই অনুষ্ঠানটিৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় প্ৰকাশন সচিব দিলীপ শৰ্মাই।
04-09-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)