সমতাৰ দগা দুটা, লেডিছ ফাৰ্ষ্ট, ইত্যাদি
মামণি দাস

(১)
ৰৈ থকা গাড়ী এখনৰ পিছৰ ছিটত বহি থকা মহিলা এগৰাকীয়ে বাহিৰলৈ মুখৰ পৰা পানী পেলালে ।
চাৰিখোজমান পিছত মানুহ এজনে বাইকখন ষ্টাৰ্ট দি আহি আছিল, তেওঁৰ বাইকৰ আগৰ অংশ আৰু ভৰিত সামান্য পানী পৰিল ।
মানুহজনে ঘোপাকৈ আগুৱাই আহি চালে, দেখে মহিলা, মুখেৰে ভোৰভোৰাই গ’ল, ” অলপ চাব লাগে, মাইকী মানুহ বুলি একো নকৰিলো মতা হোৱা হ’লে ভালকৈ দিলোঁহেতেন ” ।
(২)
প্ৰায় একে ঘটনা । হ’ৰ্ণ দি গাড়ী এখন ঘূৰাবলৈ লওঁতে ছোৱালী এজনীৰ স্কুটিত লাগো লাগো হ’ল । অৱশ্যে লগা নাছিল । ছোৱালীজনীয়ে নাৰ্ভাছতে বাগৰি পৰাৰ উপক্ৰম হ’ল আৰু লগে লগে নামি আগুৱাই আহি গাড়ীচালকক জপটিয়াই ধৰিলে ।
গণ্ডগোল হ’ল, মানুহ গোট খালে ।
“ছোৱালী হয়, অলপ চাই-চিতি চলাব লাগে, গাড়ী চলাবলৈ শিকা নাই নেকি” বুলি দুই একে গাড়ীৰ মালিকক ছিটৰ পৰা উলিয়াই এজাউৰি দিলে ।
গ’ল কথা গুচিল ।
দুয়োটা ঘটনাটোৰ মতে এতিয়া কথা হ’ল, পুৰুষ হ’লে যেনেকৈ ইচ্ছামতে গালি পাৰিব পাৰি কোনো সীমা নাই, মাইকী মানুহ হ’লে চাব লাগে বা এৰি দিয়া হয় কিয়?
সমতাৰ সূত্ৰমতে যদি দোষ এটা এৰাব নোৱাৰাকৈ দোষণীয় তেন্তে লিংগভেদে গালি পৰা যাওক, আৰু যদি এৰিব পাৰি তেন্তে লিংগ নিৰ্বিশেষে একে ব্যৱহাৰ কৰা হওক । একেদৰে অপৰাধ কৰিলে প্ৰায়েই মহিলাৰ মুখখন ধোঁৱাময় (blurred) আৰু পুৰুষক লুকঢাক নকৰাকৈ দেখুওৱা হয় ।
যদি অপৰাধেই তেন্তে লিংগভেদে মুখ দেখুওৱা যাওক আৰু যদি পৰিস্থিতি সাপেক্ষে বিবেচনা কৰিব পাৰি পুৰুষৰো সন্মান আৰু গোপনীয়তা ৰক্ষাৰ্থে মুখ ব্লাৰ কৰা যাওক । এই যে সমতাৰ কথা কৈও এই দিশবোৰ চলি আছে, তাৰ কথা আছে । কথাটো পুৰুষতান্ত্ৰিকতাৰে ।

পুৰুষতান্ত্ৰিকতাৰ বাবে অকল নাৰীয়ে নহয়, পুৰুষেও ভুগে । মহিলা গৰাকীয়ে পানী পেলাওতে বাইকত অহা মানুহজনে চালে আৰু খং উঠা স্বত্বেও মাইকী মানুহ বুলি ভাবি-চিন্তি গুচি গ’ল, হয়তো গালি-গালাজ কৰিলে মহিলাগৰাকীয়েই প্ৰশ্ন তুলিলেহেতেন, মহিলাক দুৰ্ব্যৱহাৰ কৰিছে বুলি ।
তাত থকা পুৰুষ-মহিলাসকলেও হাত উজান দিলেহেতেন; যিটো আমি দ্বিতীয় ঘটনাটোত দেখিবলৈ পাওঁ ।
এই মহিলাগৰাকী বা সামগ্ৰিকভাৱে মানুহখিনি পুৰুষতান্ত্ৰিক মনস্তত্ত্বৰে অংশ । দ্বিতীয় ঘটনাটোত চালকজন পুৰুষ হোৱা বাবে মানুহ গোট খাই গালি-গালাজ কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাটো আমাৰ চকুত স্বাভাৱিক । ইয়াত স্কুটিত থকা ছোৱালীজনীৰ নিৰাপত্তা আৰু গুৰুত্বই অধিক স্থান পাইছে ।
অপৰাধৰ ক্ষেত্ৰত মহিলাৰ মুখখন ধোঁৱাময় আৰু পুৰুষক লুকঢাক নকৰাকৈ দেখুৱাই দিয়াটোতো একেই কথা আছে । আমাৰ সমাজ ব্যৱস্থাত পুৰুষৰ লাজ, গোপনীয়তা ইত্যাদি বিষয় উন্মুক্ত আৰু উদাসীনভাৱে ৰাখি স্বাভাৱিক ভবা হয়, বিপৰীতে নাৰীৰ ক্ষেত্ৰত অধিক ৰক্ষণশীল আৰু সংবেদনশীল বুলি গণ্য কৰা হয় ।
সেইবাবে মুকলি স্থানত যৌনাংগ উলিয়াই প্ৰস্ৰাৱ কৰাটো পুৰুষৰ ক্ষেত্ৰত আমাৰ চকুত স্বাভাৱিক আৰু পিন্ধন-উৰণত নাৰীৰ কাপোৰে বাৰে বাৰে বিতৰ্কৰ স্থান লোৱাটোও অধিকাংশৰ বাবে খুব গুৰুত্বপূৰ্ণ(?) কথা । আচলতে এই অসমান ঢালখন উভয়ৰে স্বাধীনতা আৰু সুস্থ জীৱনৰ পৰিপন্থী । একে সামাজিক ব্যৱস্থাই বদনামী, চৰিত্ৰহীনা , নষ্ট ইত্যাদিৰ প্ৰভাৱ আৰু ঢালখন সমাজত নাৰীৰ ফালে টানি আনে আৰু পুৰুষৰ ফালে উদাসীন কৰি তোলে ।

পুৰুষতান্ত্ৰিকতাই নাৰীক অৱদমন আৰু বঞ্চনাৰ লগত কিছু কিছু ক্ষেত্ৰত অপ্ৰয়োজনীয় অধিকাৰ আৰু সহানুভূতিও দেখুওৱা নাইনে?
বাছৰ চিট, লেডিছ ফাৰ্ষ্ট, পিংক বাছ ইত্যাদি কথাবোৰ এই দিশত অৱস্থাপন কৰে । এগৰাকী সুস্থ সবল নাৰীক আছুতীয়াকৈ ছিট বা পিংক বাছৰ কিহৰ প্ৰয়োজন?
যদি সুৰক্ষাৰ কথাটো আহে তেন্তে মন কৰিব পিংক বাছত আদহীয়া ব্যক্তিসকলৰ পৰাও বা আছুতীয়া লেডিছ ছিট থকাৰ পিছতো নাৰীয়ে পুৰুষৰ বিকৃত যৌন আচৰণৰ বলি নোহোৱাকৈ থকা নাই । যি একবিংশ শতিকাতো নাৰীয়ে শোষণ, ধৰ্ষণ আদিৰ পৰাই মুক্ত হ’ব পৰা নাই, তাত অধিকাৰ, সংৰক্ষণ আদিৰ ব্যৱস্থা কৰাটো মূল সমস্যা আঁতৰাব নোৱাৰি উপটৌকন দিয়াৰ দৰে কথা।
শিক্ষা, চাকৰি ইত্যাদিত সংৰক্ষণ দি তেওঁ যে এতিয়াও পুৰুষতান্ত্ৰিক ব্যৱস্থাত দুৰ্বল আৰু অৱদমিত তাকেই বুজোৱা যেন লাগে । “নাৰীক সন্মান কৰিব লাগে” আপ্তবাক্যষাৰ একে ব্যৱস্থাৰ ফচল । ভুলে-ভালে নাৰীয়ে সদায় সন্মানৰ অধিকাৰী হোৱাটো তেনেই তুলুঙা কথা । তাৰ বিপৰীতে লিংগ নিৰ্বিশেষে মানুহক সৰুৰে পৰা আচাৰ, চৰিত্ৰ, প্ৰকৃতি, ব্যক্তিত্ব ইত্যাদি সংশোধন আৰু সুস্থমতে বিকাশ কৰিবলৈ শিকোৱাটো প্ৰয়োজন ।
সময়ে সময়ে আকৌ এনেধৰণৰো কিছুমান বাতৰি আমি পঢ়িবলৈ পাওঁ । যেনে: “ছাত্ৰক চেৰ পেলাই ছাত্ৰীৰ সাফল্য“, “সুৰাপানৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক” ইত্যাদি । এই কথাবোৰ আমাৰ পুৰুষতান্ত্ৰিক মনোবৃত্তিৰে লক্ষণ ।

লিংগ নিৰ্বিশেষে কৰিব পৰা কাম এটাত যেতিয়া এটা লিংগ আন এটাৰ বিপৰীত বা তুলনাৰে প্ৰতীকী হৈ মানুহৰ মনত স্থান পায় তেতিয়া বুজা যায় যে সমতাৰ বাস্তৱ দুৱাৰখন মেল খাবলৈ এতিয়াও বহুদূৰ বাকী আছে । ভিতৰি এতিয়াও এই চেতনাৰ শিপা কটা যোৱা নাই ।
অৰ্থনৈতিকভাৱে বা আপাত দৃষ্টিত সমান হৈও মনস্তাত্বিক দিশত বহু অসমতাৰ আঁচোৰ আমাৰ মাজত আছে , যি বাৰে বাৰে বাস্তৱৰ পৰ্দাত দেখিবলৈ পাওঁ ।
প্ৰচলিত সমাজ ব্যৱস্থাত মন কৰিলে দেখিব,ঘৰুৱা কাম-কাজৰ ক্ষেত্ৰত পুৰুষ বন্দী হৈ থকাটো লাজৰ বিষয় আৰু মহিলাই বাহিৰৰ কাম-কাজত আত্মনিয়োগ কৰাটো গৌৰৱৰ বিষয় বুলি ধৰা হয়।
অৰ্থাৎ তাহানিৰ দিনৰে পৰা কাম-কাজক নাৰী-পুৰুষৰ মাজত বিভক্ত কৰি এটাক তেনেই লঘূ দৃষ্টিৰে আৰু আনটোক সন্মানৰ দৃষ্টিৰে চাবলৈ শিকাইছে আৰু সেয়া আজিও অব্যাহত আছে। দাম্পত্য জীৱনত এতিয়াও মহিলাগৰাকীয়ে পুৰুষজনৰ তুলনাত বেছি উপাৰ্জন কৰিলে বা উচ্চপদস্থ স্থানত কাম কৰিলে পুৰুষজনক মহিলাগৰাকীৰ বহতীয়া বা “ঘৈণীয়েকৰ উপাৰ্জন খোৱা” বুলি মস্কৰা কৰা হয় ।
এটা স্বাচ্ছন্দ্য জীৱন অতিবাহিত কৰিবলৈ প্ৰাপ্তবয়স্ক প্ৰত্যেক ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হোৱা আৰু উপাৰ্জন কৰাটো নিজস্ব দায়িত্ব । কিন্তু নাৰীৰ উপাৰ্জনৰ গধুৰ ঢালখনে পুৰুষতান্ত্ৰিক ইগ’ত আঘাত সনাটো পুৰুষতান্ত্ৰিকতাৰ পৰা মুক্ত নোহোৱাটোকে সূচায় ।
পুনৰ কওঁ, পুৰুষতান্ত্ৰিকতাৰ বাবে কেৱল নাৰী নহয়, পুৰুষেও ভুগে । উভয়ে এই ব্যৱস্থাৰ চিকাৰ ।
মানুহৰ মনস্তাত্বিক সংশোধন আৰু বাস্তৱ ক্ষেত্ৰত তাক ৰূপায়ন কৰিব নোৱাৰিলে এই শিপাডাল কটাটো সম্ভৱ নহ’ব । মানুহৰ মন-মগজুৱে ভুল-দোষ, সাফল্য, অধিকাৰ, দায়িত্ব ইত্যাদি সকলো ক্ষেত্ৰতে লিংগ নিৰ্ৱিশেষে সমভাৱে সঁহাৰি দিবলৈ শিকিব লাগিব ।
সেয়া কৰিব নোৱাৰিলে সমতা নামৰ বৃহৎ শব্দটোৰ হ’ৰ্ডিং আৰু শিৰোনামত ওলমি থকাৰ বাদে অন্য গতি নাই ।
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)