সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া (১২২৮-২০২৮) জয়ন্তী উদ্যাপন সমিতিৰ গোহাৰি
গোহাৰি-১
শ্ৰদ্ধাভাজন ৰাইজ,
সন্মান জনালোঁ৷ এই কথা আপোনাসৱৰ জ্ঞাত যে চাওলুং ছ্যুকাফাই গঠন কৰা অসমীয়া মহাজাতি আৰু বৰ অসমৰ বাবেই আমি আজি নিজকে চিনাকি দিব পাৰিছোঁ৷ সেয়ে এই আপাহতে কিছু কথা আপোনাসৱক জনাব বিচাৰিছোঁ৷
পাটকাই পাৰ হৈ, নগাসকলৰ মাজেদি চাওলুং ছ্যুকাফাই ১২২৮ চনত লুইত উপত্যকাত ভৰি দি মৰাণ, বৰাহী আদি থলগিৰী সমাজক লগ পালে ৷ একালৰ কামৰূপ-কমতা, জিতাৰীসকল, ভূঞাসকল, চুতীয়াসকল, শদিয়াল-হেড়েম্বিয়াল কছাৰীসকল, জয়ন্তীয়াসকল, খাছি-গাৰোসকল, অঁকা-ডফলাসকলক সামৰি বিশাল ৰূপ লোৱা লুইত-পাটকাই সমাজ-সংস্কৃতি, সভ্যতাৰ পটভূমিত, চাওলুং ছ্যুকাফাৰ পদাৰ্পণ এক ঐতিহাসিক ক্ৰান্তিলগ্ন ৷


লুইত পাটকাই সভ্যতাৰ সাংস্কৃতিক আধাৰত শৈৱ-শক্তি ব্ৰজধ্যানী বৌদ্ধ, প্ৰকৃতি উপাসনাৰ সাংস্কৃতিক পৰিমণ্ডল গঢ় লৈ আছে৷ লোকগাথা আৰু শিলালিপিৰ মাজেৰে গঢ় লোৱা ভাষাই যোগসূত্ৰৰ ভূমিকা পালন কৰি আছে৷ বৃহৎ কামৰূপ, পৰৱত¹ সময়ত গঢ়লৈ উঠিছে, কমতা, কছাৰী, চুতীয়াসকলৰ ৰাজ্য-ব্যৱস্থা আৰু স্থানীয়ভাৱে গঢ় লোৱা সৰু-বৰ ৰাজ্য; যাৰ প্ৰতীকী ৰূপ সাতৰাজ৷
চাওলুং ছ্যুকাফাই এনে সাতৰাজ সামৰি এক ৰাজ কৰাৰ বাবেই আৰম্ভ কৰিলে বান-মুঙপাতি এক অৰ্থনৈতিক ভেটি৷ তাই দৰ্শনৰ ওমফা ৰীতি-নীতিৰে বৰদেওশাল, হিন্দুশাল, হাবিদেওশাল আদি তিনি শালপাতি আওহাম’ৰ মাজেৰে এক নতুন সমন্বয়ৰ গাঁথনি গঢ়িলে৷ এইকেইটা দিশৰে বিকশিত ৰূপ আহোম প্ৰশাসনীয়-ব্যৱস্থা; য’ত গুণ অনুসাৰে সকলোৱে বিষয়বাব গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আছিল৷
সেয়ে এই আহোম প্ৰশাসনীয়-ব্যৱস্থাৰ মাজত সোমাই পৰিল লুইত উপত্যকাৰ থলগিৰী সমাজ৷ পৰৱৰ্তী সময়ছোৱাত চাওফাসকলৰ ধৰ্ম-ঊধ্বৰ্ জাতীয়তাৰ নীতি, মোমাই তামুলী বৰবৰুৱাৰ বিস্তাৰিত অৰ্থনৈতিক গাঁথনি, মোগলবিৰোধী প্ৰতিৰোধ সংগ্ৰামৰ মাজেৰে আহোম প্ৰশাসনৰ ভেটি সুদৃঢ় আৰু বিকশিত হ’ল৷
সমসাময়িক সময়ছোৱাত এই ভূখণ্ডত হাজাৰ বছৰ ধৰি বসবাস কৰা কছাৰীসকলৰ ৰাজ্য গঠন প্ৰক্ৰিয়াও ডবাক ৰাজ্যৰ পৰা দৈয়াং-ধনশিৰি, ডিমাপুৰ, কপিলী-যমুনা, মাইবাং-খাচপুৰ আদি কেইবাটাও স্তৰত বিকশিত হৈ পূৰ্ণাংগ ৰূপ ধাৰণ কৰিলে৷ লুইতৰ নামনি অংশৰে কামৰূপ-কমতাৰ বুকুত বিকশিত হোৱা কোচ ৰাজ্য-ব্যৱস্থাই মহাৰাজ নৰনাৰয়ণ-চিলাৰায়ৰ সময়ত বিকাশৰ পূৰ্ণাংগ ৰূপ পালে৷
আহোম-ডিমাচা কছাৰী-কোচ এই তিনি ৰাজ্য-ব্যৱস্থাৰ ঘাই আধাৰত লুইত-পাটকাই সভ্যতাৰ থলগিৰী সমাজ সোমাই পৰিল আৰু তাৰ মাজেৰেই অসমীয়া জাতিৰ একীভূত প্ৰক্ৰিয়া সূচনা হ’ল৷ এই প্ৰক্ৰিয়াত অনুঘটকৰ ভূমিকা পালন কৰিলে লুইত-পাটকাই সভ্যতাৰ হাজাৰবছৰীয়া ঐতিহ্যৰে সমৃদ্ধ অসমীয়া আৰু আন থলজ ভাষা-কৃষ্টি, শ্ৰীমন্ত শংকৰদেৱে সূচনা কৰা মহাপুৰুষীয়া বৈষ্ণৱ বৌদ্ধিক আন্দোলন, মোগলবিৰোধী প্ৰতিৰোধ সংগ্ৰামৰ মাজেৰে সন্মিলিত থলগিৰী সমাজ, পানীখেতিৰ মাজেৰে আহল-বহল হোৱা কৃষি উৎপাদনী-ব্যৱস্থা আদি উপাদানসমূহে ৷
১২০৬ চনত আলী মেচৰ যোগেদি পশ্চিম প্ৰান্তত আৰম্ভ হোৱা, আজানদেউ চাহাবৰ চুফী ভাবধাৰাই এই প্ৰক্ৰিয়া আগুৱাই যোৱাত সহায় কৰিলে৷ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে নোসোমালেও; স্বকীয় সাংস্কৃতিক ৰূপৰে মহীয়ান লুইতপৰীয়া তিৱা-ৰাভা-বড়ো আৰু পাটকাইপৰীয়া গাৰো-খাছী-কাৰ্বি অঁকা, ডফলা, নগাসকল; জয়ন্তীয়া-ডিমাছা-মেইতে বা মণিপুৰী-ত্ৰিপ্ৰাইছাসকলৰ ৰাজন্যবৰ্গ– সকলো এক অনন্য ঐতিহাসিক সম্পৰ্কৰে সম্পৰ্কিত হৈ ৰ’ল৷
ভূখণ্ডৰ ৰাজ্য ব্যৱস্থাসমূহ বিশেষকৈ কোচ-আহোম-ডিমাচা ৰাজ্য-ব্যৱস্থাৰ আভ্যন্তৰীণ খেলি-মেলি, মানসকলৰ সাম্ৰাজ্য বিস্তাৰ নীতি, ব্ৰিটিছ শক্তিৰ ব্যৱসায়িক স্বাৰ্থই ১৮চ্ছ চনত ইয়াণ্ডাবু সন্ধিৰ যোগেদি ব্ৰিটিছ ৰাজ্যৰ অনুপ্ৰৱেশৰ বাট মুকলি কৰিলে৷ মান আৰু ব্ৰিটিছ-দুই বিদেশী শক্তিয়ে অসম, মণিপুৰৰ স্বকীয়তাক স্বীকাৰ কৰিছে ৷
অৱশ্যে সমগ্ৰ লুইত-পাটকাই অঞ্চলত ব্ৰিটিছ আধিপত্য স্থাপনৰ বাবে আন এক শতিকাৰো প্ৰয়োজন হয়৷ ব্ৰিটিছে লুইত উপত্যকাক ব্ৰিটিছ ভাৰতৰ প্ৰশাসনীয় গাঁথনিৰ ভিতৰত সুমুৱাই লোৱাৰ সমান্তৰালভাৱে পাটকাই অঞ্চলক ‘বহিৰ্ভূত এলেকা’ ‘আংশিকভাৱে বহিৰ্ভূত এলেকা’ আদি আৰু কোচ বিহাৰ-মণিপুৰ-ত্ৰিপুৰাত সুকীয়া নীতিৰে আধিপত্য স্থাপন কৰিছিল৷ ব্ৰিটিছে এক ব্ৰিটিছ অসম ভূখণ্ড সৃষ্টি কৰিলে আৰু ব্ৰিটিছ অসম ভূখণ্ডৰ ভূমি অৰ্থনীতি, প্ৰশাসনীয় গাঁথনি, ভাষা-নীতি, জনবিন্যাস আদিৰো ব্যাপক পৰিৱৰ্তন সাধন কৰিলে৷
ৰংপুৰৰ পৰা ডেভিদ স্কটে গোৱালাপাৰৰ মাজেদি আৰম্ভ কৰা এই ব্ৰিটিছ-অসম ভূখণ্ড বিগত শতিকাৰ এক উল্লেখনীয় পৰিঘটনা৷ ব্ৰিটিছ-অসম ভূখণ্ডত ব্ৰিটিছৰ সহযোগত খ্ৰীষ্টধৰ্ম প্ৰচাৰ-প্ৰসাৰ হ’ল৷ ফলত ধম¹য় সাংস্কৃতিক দিশৰে ব্ৰিটিছ অসম শৈৱ-শক্তি-শাক্ত-বৈষ্ণৱ-টাই-ইছলাম-খ্ৰীষ্টান- প্ৰকৃতি উপাসনা আদি নানান ধম¹য় সাংস্কৃতিক ধাৰাৰে জাতিষ্কাৰ হ’ল৷ থলগিৰী অবিকশিত ভাষা, অসমীয়া-মণিপুৰীৰ দৰে বিকশিত ভাষাৰ লগতে ইংৰাজী ভাষা, বাংলা ভাষাৰ দৰে ভাষাসমূহে আন এক ভাষাগত বৈচিত্ৰ্যৰো সৃষ্টি কৰিলে৷
ব্ৰিটিছসকলে ব্ৰিটিছ-অসম আৰু ব্ৰিটিছ-ভাৰত ত্যাগ কৰাৰ লগে লগে কোচবিহাৰ, মণিপুৰ, ত্ৰিপুৰা আদি অন্তৰ্ভুক্তিকৰণ চুক্তিৰ যোগেদি ভাৰত ৰাষ্ট্ৰ-ব্যৱস্থাত সোমাই পৰিল৷ ভাৰত ৰাষ্ট্ৰ-ব্যৱস্থাৰ মাজত অসম ভূখণ্ড, লুইত উপত্যকা আৰু কাৰ্বি-ডিমাচা পাহাৰত সীমাবদ্ধ হৈ অসম ৰাজ্য হ’ল ৷ পাটকাইপৰীয়া আন অঞ্চলসমূহ অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আদি ৰাজ্যৰূপে স্বীকৃত হ’ল৷ সমগ্ৰ ভূখণ্ড প্ৰশাসনীয়ভাৱে উত্তৰ-পূৱ ভাৰত আৰু সাংস্কৃতিকভাৱে সাতভনী ৰূপে পৰিগণিত হ’ল৷ এনে প্ৰক্ৰিয়াৰে আমি বৰ্তমান সময়ত ভৰি দিছোঁ৷
১২২৮ চনৰ পৰা ধৰিলে চাওলুং ছ্যুকাফাৰ বৰ-অসমৰ ঐতিহ্যমণ্ডিত অসমীয়া জাতিৰ এই প্ৰক্ৰিয়াই ২০২৮ চনত আঠশ বছৰত ভৰি দিব৷ লুইত-পাটকাই সভ্যতাত বিকশিত এই আঠশ বছৰীয়া পৰিক্ৰমা (১২২৮-২০২৮) আমাৰ সমকালীন প্ৰজন্মৰ বাবে এক ঐতিহাসিক ক্ষণ৷ জন্ম-মৃত্যুৰ প্ৰাকৃতিক নীতি অনুসাৰে আমাৰ প্ৰজন্মই অসমীয়া জাতিৰ সাতশ বছৰীয়া ঐতিহাসিক লগ্ন (১৯২৮) বা ন শ বছৰীয়া লগ্ন (২১২৮) লাভ নকৰো ৷ সেয়ে আমাৰ প্ৰজন্মৰ বাবে ২০২৮ চনৰ অসমীয়া জাতিৰ এই ঐতিহাসিক ক্ষণক স্মৰণ কৰা, উদ্যাপন কৰা; এই সম্পৰ্কে গৱেষণামূলক, বুৰঞ্জীমূলক আৰু সাংস্কৃতিক কাম-কাজ কৰাৰ কাৰ্য এক ঐতিহাসিক জাতীয় দায়িত্ব৷
চাওলুং ছ্যুকাফাৰ পৰা ধৰিলে আজিৰ পৰ্যায়লৈকে অসমীয়া জাতিৰ এই ঐতিহাসিক প্ৰক্ৰিয়াই আমাৰ সন্মুখত কেইবাটাও দিশ তুলি ধৰিছে৷ চমু কথাত, এয়া আমাৰ পুলিন-পুথাও; উপৰি পুৰুষসকলৰ আঠশ বছৰীয়া উপাৰ্জন বুলি ক’ব পাৰোঁ৷ এই উপাৰ্জনে আমাৰ প্ৰজন্ম আৰু আমাৰ পৰৱত¹ প্ৰজন্মৰ বাবেও বহু ইতিবাচক কথা বহন কৰি আনিছে৷ এনে কথাবোৰ চমুৱাই আলচ কৰিলে আমি নিম্ন লিখিত দিশকেইটা পাওঁ৷
ক) অসমীয়া মহাজাতি : মহাজাতিৰ ধাৰণাটো তেজপুৰৰ সাংসদ তথা অসমৰ বৌদ্ধিক সমাজৰ এগৰাকী অগ্ৰণী ব্যক্তি ড॰পূৰ্ণনাৰায়ণ সিংহদেৱে প্ৰয়োগ কৰিছিল৷ তেখেতে ‘মহাজাতি’ নামেৰে এখন কাকত কেইবাদশক ধৰি প্ৰকাশ কৰিছিল৷ এই ধাৰণাৰ আলমত চালে দেখা যায় যে সাংস্কৃতিক অসমৰ পৰিসীমাৰ মাজত অসমীয়া জাতিৰ এক মহাজাতিৰ ৰূপ আমি আঠশ বছৰীয়া পৰিক্ৰমাত পাও ৷
এই অসমীয়া মহাজাতিৰ ধাৰণাই ভাষিক অসমীয়াসকলৰ লগতে স্বকীয় ভাষা-কৃষ্টিৰে সমৃদ্ধ আন আন জনগোষ্ঠীকো আৱৰি সামৰি ল’ব পাৰে৷ ভাষাগত আৰু সাংস্কৃতিক দিশত বড়োসকল, ৰাভাসকল, তিৱাসকল, মিচিংসকল, কাৰ্বিসকল, ডিমাচাসকল স্বকীয় বৈশিষ্ট্যৰে মহীয়ান৷ সেইসকলে আজিৰ সময়ত স্বকীয়তা বিসৰ্জন দি অসমীয়া জাতি বুলি পৰিচয় দিয়াৰ প্ৰশ্নই নুঠে৷ অথচ সেইসকল এই ভূখণ্ডৰ সাবেক অধিকাৰী আৰু দীৰ্ঘদিন ধৰি অসমীয়াসকলৰ লগত এই ভূখণ্ডত উমৈহতীয়াভাৱে বসবাস কৰিছে ৷
বিশেষকৈ বিগত আঠশ বছৰৰ ঘটনাবহুল পৰিক্ৰমাত এইসকলে উমৈহতীয়াভাৱে সমন্বয়ৰ চানেকি তুলি ধৰিছে৷ এই দিশৰ পৰা সেইসকল অসমীয়া মহাজাতিৰ অংশ৷ অসমীয়া মহাজাতিৰ মাজত গণতান্ত্ৰিকভাৱে নিজা জাতীয় সত্তা অটুট ৰাখি অসমীয়া, বডো., ৰাভা, কোচ, তিৱা, মিচিং, কাৰ্বি, ডিমাচা সকলোৱে সাংস্কৃতিকভাৱে আগবঢ়াৰ থল আছে ৷
এই অসমীয়া মহাজাতিৰ পম খেদিলে আমি চাওলুং ছ্যুকাফাই প্ৰতিষ্ঠা কৰা বৰভেটিৰ ওচৰ পাব পাৰোঁ৷ চাওলুং ছ্যুকাফা আৰু আন চাওফাসকলৰ নীতিত মৰাণ-বৰাহী-কছাৰী-ভূঞা-কমতা-কোচ-চুতীয়া-নগা-জয়ন্তীয়া-ডিমাচা-তিৱা-মিচিঙৰ সৈতে সকলোকে একতাৰে সন্মিলিত হোৱাৰ উদাহৰণ আছে৷ কাহানিবা যদি উমৈহতীয়া শতৰুক প্ৰতিহত কৰিবৰ বাবে ঐক্যবদ্ধ হৈছিল, কাহানিবা আহোম প্ৰশাসনৰ মাজত গুণ আৰু কৰ্ম অনুসাৰে সোমাই গৈছিল৷ কাহানিবা বিয়া-বাৰুৰ যোগেদি, আদান-প্ৰদানৰ যোগেদি আকৌ কাহানিবা ৰজাঘৰীয়া বৰমেলত ভাগ লৈ সকলো এক হৈ পৰিছিল৷
খ) বৰ অসম : চাওলুং ছ্যুকাফাৰ পৰা চুহুংমুঙ চাওফাৰ দিনলৈকে মন কৰিলে দেখা যায় যে এই সময়ছোৱাত বহু ক্ষুদ্ৰ ৰাজ্য সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে মিলি বৰ-অসমৰ ভেটি প্ৰতিষ্ঠা হৈছিল৷ পৰৱত¹ চাওফাসকলৰ দিনত এই বৰ-অসমৰ পৰিসীমাত চুতীয়াসকল, ডিমাচাসকল, কোচসকল, জয়ন্তীয়াসকল সোমাই পৰিছিল ৷
আনকি নগা, মণিপুৰী, ত্ৰিপুৰীসকল আৰু দুৱাৰসমূহৰ যোগেদি আন সকলো বৰ-অসমৰ পৰিসীমাত সোমাই পৰিছিল৷ ই এক প্ৰশাসনীয় সম্পৰ্কৰ গাঁথনি হৈ আছিল৷ পৰৱত¹ পৰ্যায়ত ব্ৰিটিছসকলে সমগ্ৰ বৰ-অসম ভূখণ্ডক এক কেন্দ্ৰীভূত ব্যৱস্থাৰ মাজলৈ আনিলে যদিও এই ব্যৱস্থাৰ মাজতো প্ৰশাসনীয় স্বকীয়তা আছিল৷
সেয়ে এই ঐতিহাসিক প্ৰক্ৰিয়াক যথাৰ্থভাৱে মূল্যায়ন কৰি বিপ্লৱী গৱেষক বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ‘কৰতোৱাৰ পৰা দিক্কৰ বাসিনীলৈকে বৃহত্তৰ আসাম’ৰ কথা কৈছিল৷ বুৰঞ্জীবিদ ড॰ সূৰ্য্যকুমাৰ ভূঞাকে ধৰি অসমৰ বৌদ্ধিক সমাজে বৰ-অসমৰ প্ৰসংগ দোহাৰিছিল৷ বৰ্তমান পটভূমিত বৰ-অসমৰ ৰাজনৈতিক বাস্তৱতা নাই যদিও সাংস্কৃতিক বাস্তৱতা আছে৷ সেয়ে লুইত-পাটকাই সভ্যতা সমাজ-সংস্কৃতিত বৰ-অসমৰ বিষয়টো এক আনুভূতিক সাংস্কৃতিক সমন্বয়ৰ দিশৰে উজ্জীৱিত হৈ আছে৷
গ) অসমীয়া আৰু খিলঞ্জীয়া ভাষা : আঠশ বছৰীয়া এই পৰিক্ৰমাত ঘাইকৈ বুৰঞ্জী সাহিত্য, বৈষ্ণৱ সাহিত্য আৰু আধুনিক সাহিত্যৰ মাজেদি হাজাৰ বছৰীয়া লিপিৰ ইতিহাস, মৌখিক, লোক-সাহিত্যৰ পৰম্পৰা থকা অসমীয়া ভাষাই পূৰ্ণতা পাইছে৷ বৰ্তমান অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰূপে স্বীকৃত আৰু সংযোগী ভাষাৰূপে সৰ্বজন সমাদৃত৷ অসমীয়াৰ সমান্তৰালভাৱে বড়ো ভাষাই স্বীকৃতিৰ এটা পৰ্যায় পাইছে ৷
ৰাভা, তিৱা, মিচিং, দেউৰী, কাৰ্বি, ডিমাচা আদি খিলঞ্জীয়া ভাষাসমূহো বিকাশৰ একোটা স্তৰত আছে৷ আঠশ বছৰ ধৰি এনেদৰে অসমীয়া, বড়ো, ৰাভা, তিৱা, মিচিং, দেউৰী, কাৰ্বি, ডিমাচাৰ দৰে ভাষাৰ সম্ভাৰ লাভ কৰাতো অসমীয়া মহাজাতিৰ পৰম বৈশিষ্ট্য৷ আজিৰ সময়ত এই সকলো ভাষাৰ বিকাশ, চৰ্চা আৰু যুগোপযোগী ব্যৱস্থাপনা কৰাতো এক জাতীয় উমৈহতীয়া দায়িত্ব৷ ইয়াৰ লগতে এতিয়াও গৱেষণাৰ আকৰ হৈ থকা তথা বৌদ্ধিক শ্ৰেণীৰ মাজত চচাৰ্ হোৱা টাই ভাষা আৰু সংস্কৃতি বিকাশ আৰু চৰ্চা আমাৰ কাম্য৷
ঘ) বিহু আৰু জনগোষ্ঠীয় কৃষ্টি : আঠশ বছৰীয়া এই পৰিক্ৰমাত আমি যেনেদৰে বিহু কৃষ্টি পাইছোঁ, তেনেদৰে ভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিও লাভ কৰিছোঁ৷ এয়া আমাৰ অন্যতম জাতীয় সম্পদ৷ সেয়ে এনে কৃষি সম্পদৰ চচাৰ্ আৰু যুগোপযোগী বিকাশ কৰাতো কাম্য৷
বিহুৰ কথাকে ধৰা যাওক৷ ঘাইকৈ ব’হাগ বিহুৰ সাতদিনৰ ভিতৰতে সকলো বিহু কৃষ্টিক সামৰি এক উৎসৱলৈ ৰূপান্তৰিত কৰিব পৰা যায়৷ তেনেদৰে সকলো জনগোষ্ঠীয় কৃষ্টিকো উমৈহতীয়াভাৱে উদ্যাপনৰ দিহা কৰিব পাৰি৷ এনে উদ্যাপনৰ প্ৰক্ৰিয়াৰ লগত কৃষ্টি-পৰ্যটন, গ্ৰাম্য পৰ্যটন সংযোগ কৰি অৰ্থনৈতিক দিশৰেও টনকিয়াল হোৱাৰ থল আছে৷
ঙ) সত্ৰীয়া আৰু বৈষ্ণৱী সংস্কৃতি : আঠশ বছৰৰ এই পৰিক্ৰমাৰ মাজত আমি ঘাইকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন আৰু সত্ৰীয়া সংস্কৃতিৰ মাজেৰে অসমীয়া গ্ৰাম্য-জীৱনক সমৃদ্ধ কৰা নামঘৰলৈকে এক আহল-বহল ধ্ৰnপ¸দী সংস্কৃতি লাভ কৰিছোঁ৷ এই ধ্ৰুপদী সংস্কৃতিয়ে অসমীয়া সমাজক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ সেয়ে সত্ৰ-সভাসমূহৰ সংৰক্ষণ তথা মধুপুৰৰ দৰে ক্ষেত্ৰসমূহৰ বিকাশৰ কথা ভাবিব লাগিব৷ বিলাতত শ্বেইক্সপীয়েৰৰ স্মৃতিস্থান গৰিমামণ্ডিত কৰাৰ দৰে আমাৰ বৈষ্ণৱ গুৰুসকলৰ পূত স্মৃতিস্থানসমূহকো মহিমামণ্ডিত কৰাৰ প্ৰয়োজন আছে৷
চ) আজান পীৰ আৰু চুফী পৰম্পৰা : আঠশ বছৰীয়া এই প্ৰক্ৰিয়াৰ আন এক সাবেক উপাৰ্জন হ’ল আজান পীৰ চাহাবৰ চুফী পৰম্পৰা আৰু জিকিৰসমূহ৷ এই পৰম্পৰাই ভিন্ন ক্ষেত্ৰৰ দৰগাহ-মাজাৰবোৰৰ মাজেদি এক উদাৰবাদী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটাই আহিছে৷ পীৰ-পয়গম্বৰ-চুফী, আউলিয়াসকলৰ চিন্তা-দৰ্শনৰ মাজেদি এক জাতীয় সমন্বয় ভাব বিদ্যমান হৈ আছে৷
এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে এনে দীঘলীয়া ইতিহাসসন্মত পৰিক্ৰমা থকা সত্ত্বেও অসমীয়া মহাজাতিৰ অসমীয়া আৰু আন খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহ এক সাংস্কৃতিক-মানসিক অৱদমনৰ সন্মুখীন হৈছে৷ বহু সময়ত অসমতে ‘অসমীয়া কোন’ বুলি প্ৰশ্ন কৰাৰ লগতে ‘অসমীয়াৰ কৰ্ম সংস্কৃতি নাই’ জাতীয় এক বাগধাৰাৰ সৃষ্টি কৰি থকা হৈছে ৷
এনে ক্ষেত্ৰত অসমীয়া মহাজাতিৰ মাজত এক উদ্দীপনা সৃষ্টি কৰি আজিৰ বিশ্বায়নৰ পটভূমিত স্বাভিমানৰে জীয়াই থকা পৰিৱেশ গঢ়ি তুলি লাগিব৷ তাৰ বাবে চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ এই আঠশ বছৰীয়া পৰিক্ৰমাক যথাৰ্থভাৱে হৃদয়ঙ্গম কৰি তথা এই আঠশ বছৰীয়া উপাৰ্জনসমূহৰ আলোকপাতৰ মাজেৰে এক বৌদ্ধিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন আছে ৷
ইয়াৰ লগে লগে লুইত-পাটকাই সমাজ-সভ্যতা-সংস্কৃতিত দীৰ্ঘদিন ধৰি বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মাজত এক আনুভূতিক সাংস্কৃতিক সমন্বয় গঢ়ি তুলিব লাগিব৷ জাতীয় সংহতি, অৰ্থনৈতিক প্ৰগতিৰ বাবে এলানি কৰ্মসূচীকো প্ৰণয়ন কৰাৰ বাবে যাৱতীয় পদক্ষেপ হাতত ল’ব লাগিব৷ ইতিমধ্যে কৰ্মসূত্ৰে বিশ্বৰ বিভিন্ন দেশত থিতাপি লোৱা প্ৰৱাসী অসমীয়াসকলৰ উঠি অহা প্ৰজন্মৰ মাজতো এক জাতীয় সমন্বয় গঢ়ি তুলিব লাগিব৷
বৌদ্ধিক-আৰ্থিক-সামাজিক-সাংস্কৃতিকভাৱে সক্ৰিয় আজিৰ প্ৰজন্মই স্বকীয় মেধা আৰু কৰ্মদক্ষতাৰে গঢ়ি তোলা বৌদ্ধিক-সাংস্কৃতিক পৰিমণ্ডলৰ মাজেদিয়ে বৰ অসমৰ অসমীয়া মহাজাতিয়ে আগত এশ বছৰ [২০২৮-২১২৮]ৰ এক চিন্তা-গাঁথনি গঢ়ি তোলাটো এক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিব পাৰি ৷
এনে এক জাতীয় দায়িত্বৰ কথা অনুধাৱন কৰিয়ে আমি সমবেত হৈ সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া (১২২৮-২০২৮) জয়ন্তী উদ্যাপন সমিতি গঠন কৰিছোঁ৷ এই সমিতিয়ে অহা তিনিবছৰ ব্যাপী এলানি বৌদ্ধিক-সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ যো-জা কৰিছোঁ৷
সমিতিৰ ঘাই উদ্দেশ্য
১) আঠশ বছৰীয়া ঐতিহ্যৰ ভিত্তিত অসমীয়া মহাজাতিৰ সাংস্কৃতিক সমন্বয়, জাতীয় সংহতি আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবে এক সামাজিক-বৌদ্ধিক পৰিৱেশ গঢ়ি তোলা৷
২) লুইত-পাটকাই সভ্যতাৰ ভিন্ন জাতি, জাতিসত্তা, জনগোষ্ঠীৰ মাজত আনুভূতিক সমন্বয় গঢ়ি তোলা৷
৩) প্ৰৱাসী অসমীয়াসকলৰ লগতো এক সাংস্কৃতিক সেতু নিমাৰ্ণ কৰা৷
৪) এই উদ্দেশ্য পূৰণৰ অৰ্থে; আলোচনা সভা, বুৰঞ্জী সন্মিলন, লেখক-সাহিত্যিক-সমাজকম¹-সাংবাদিক-সাংস্কৃতিক কম¹সকলৰ সমাৰোহ আয়োজন, জাতীয় সংগঠনক সামৰি অভিৱৰ্তন আহ্বান, গ্ৰন্থ প্ৰকাশ, গ্ৰন্থকাৰক প্ৰেৰণা প্ৰদান, সমন্বয় সভা-আদি এলানি কাৰ্যসূচী ৰূপায়ণ কৰা৷ ছ্যুকাফাৰ নামেৰে এটি চাহ-পথ স্থাপনৰ বাবে চিন্তা কৰা, চাওলুং ছ্যুকাফাক ছত্ৰপতি শিৱাজীৰ লেখীয়াকৈ সৰ্বভাৰতীয় স্তৰত প্ৰতিষ্ঠা কৰাকে ধৰি এলানি কাম পৰিকল্পিতভাৱে ৰূপায়ণ কৰা৷ সেই এই প্ৰক্ৰিয়াত সকলো ধৰণৰ দিহা-পৰামৰ্শ, সহায়-সহযোগ বিচাৰি গোহাৰি জনালো৷
সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰঅসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া (১২২৮-২০২৮) জয়ন্তী উদ্যাপন সমিতিৰ হৈ সাধাৰণ সম্পাদক জয়ন্ত পাতৰ (শিৱসাগৰ, ৯৩৯৪৮৩৮০০৯)ৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰ সম্পাদক এনামুদ্দিন আহমেদ (শিৱসাগৰ, ৭০০২২৪৩৯১১) ৰ দ্বাৰা প্ৰচাৰিত
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.
















