সময়ৰ বালিত বন্ধুত্বৰ সংজ্ঞা !
ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী
অতীতৰ বন্ধু আৰু বৰ্তমানৰ বন্ধুৰ মাজত কিছু সাল-সলনি হোৱা দেখা যায়- কিয়নো এতিয়াৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনে ইয়াৰ মাজত ভিন্নতা আনি দিছে।
বৰ্তমান চহৰত বাস কৰা প্ৰায়বোৰ মানুহৰ জন্ম বা সৰুকালছোৱা কোনোবা এখন গাঁৱত অতিবাহিত হৈছিল যাৰ ফলত প্ৰাথমিক পৰ্যায়ত গাঁৱতে বন্ধুত্বৰ সূত্ৰপাত হৈছিল।
আজি কিছুবছৰ আগলৈকেও আমি শুনিছিলো যে বন্ধুত্বৰ মাজত যিজনৰ লগত বেছি আত্মীয়তা গঢ়ি উঠিছিল তাক বন্ধুৰ সলনি ‘সখী’ৰূপে নামকৰণ কৰা হৈছিল যি জীৱনৰ অন্তিম সময়লৈ সখীৰ সান্নিধ্য ল’বলৈ ইজনে আনজনৰ কাষ চাপি গৈছিল। এজন সখীৰ ল’ৰা-ছোৱালী আনজনৰ ল’ৰা লগতো মিলামিছা কৰিছিল আৰু দেউতাকৰ সখীজনক ‘তাৱৈ’ বুলি সম্বোধন কৰিছিল।
এনেধৰণৰ বন্ধুত্ব আগৰ দিনত প্ৰায় সকলো মানুহৰ মাজত দেখা গৈছিল আৰু সময়ৰ লগে লগে এইবোৰ সলনি হ’বলৈ ধৰিলে। আমি মা-দেউতাৰ মুখত শুনিছিলো যে এজন ধনী ঘৰৰ ল’ৰা আৰু দুখীয়া ঘৰৰ ল’ৰা এটাৰ মাজতো অতি গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল আৰু কোনো বিবাহ বা সকামলৈ যাব লগা হ’লে সখীৰ কাপোৰ পিন্ধিয়ে গৈছিল আৰু পাছত সযত্নে ঘূৰাই দিছিল।
ধীৰে ধীৰে দিন সলনি হৈ অহাৰ লগে লগে দেখা গ’ল যে সৰুকালছোৱা গাঁৱতে থাকি পঢ়া-শুনা কৰি উচ্ছ শিক্ষাৰ বাবে চহৰলৈ আহি বন্ধুত্ব গঢ়ি উঠাও দেখা যায়। এফালে শৈশৱৰ গাঁৱৰ বন্ধু আৰু আনপিনে চহৰৰ বন্ধুৰ নতুন সোৱাদ। কিছুমানে যিমানেই উচ্চৰ পৰা উচ্চস্তৰলৈ নাযাওক কিয় নিজৰ গাঁওখনৰ কথা বা সৰুকালৰ বন্ধুৰ কথা সদায়ে মনত ৰাখি থয় আৰু আনপিনে কিছুমানে পুৰণি বন্ধুৰ কথা পাহৰি নতুনক আঁকোৱালি লৈ নিজৰ মাজতে ব্যস্ত হৈ পৰে। গতিকে বন্ধুত্বৰ মাপকাঠি সলনি হৈ গৈ আছে।
বৰ্তমান সময়ত আমি দেখা পাওঁ যে যিবিলাকে গাঁৱেত বসবাস কৰি আছে তেওঁলোকৰ মাজত বন্ধুত্ব কিছু পৰিমাণে আগৰ দৰে থকা দেখা যায় মাথোঁ চহৰত নিগাজিকৈ থাকিবলৈ লোৱাক পাছত ইয়াৰ কিছুমান সলনি হোৱা দেখা যায়। বন্ধুত্বৰ সংজ্ঞা পূৰ্বতকৈ সলনি হৈ গৈছে। ইয়াৰ সংজ্ঞা সলনি হ’লেও বন্ধুত্ব যে আছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু কেতিয়াবা এই বন্ধুত্বৰ মাজৰ সম্পৰ্ক সকলোকে চিন্তিত কৰি তোলে।
বন্ধুৰ মাজতেই কেতিয়াবা সাময়িক উত্তেজনা, লোভ, ঈৰ্ষা, হীনমন্যতা ইত্যাদিৰ বশৱৰ্তী হৈ হত্যাৰ দৰে নৃশংস মৰ্মন্ত্তদ ঘটনাও সংঘটিত হোৱাৰ ঘটনা সংঘটিত হৈছে। বন্ধুত্বৰ মাজত মানদণ্ড কিদৰে অধঃপতন হৈছে সেয়া লৈ সচেতন মহল যথেষ্ট উদ্বিগ্ন হোৱা দেখা গৈছ। বন্ধুত্বৰ সংজ্ঞা যে এইদৰে সলনি হ’ব সেয়া কোনেও কল্পনা কৰিব পৰা নাই।
বৰ্তমান সময়তকৈ আগলৈ হয়তো এনে ঘটনা পুনৰাবৃত্তি ঘটিব সেয়েহে নৱ-প্ৰজন্মৰ বাবে সকলো মাক-দেউতাকে চিন্তা-চৰ্চা কৰিবৰ সময় আহি পৰিছে। নিজৰ ল’ৰা-ছোৱালীক খোৱা-কাপোৰ দিয়াৰ উপৰি তেওঁলোকক সাধ্যানুসৰি সময় দিব লাগে যাতে তেওঁলোকৰ মানসিকতা সুস্থিৰ হৈ থাকি সুপথে যোৱাত সহায় কৰে।
ল’ৰা-ছোৱালী জন্ম দিয়াৰ পাছত তেওঁলোকৰ আৱশ্যকতা পূৰণ কৰাৰ পাছতো তেওঁলোকক সঙ্গ দিব লাগে। এইবোৰৰ বাবে পূৰ্বতে থকা যৌথ পৰিয়ালৰ অনেক ধনাত্মক দিশ আছিল আৰু কেতিয়াবা মাক-দেউতাকৰ অনুপস্থিত খুৰাক, পেহীয়েক, ককাক, আইতাক আদিয়ে তেওঁলোকক সঙ্গ দিব পাৰিছিল।
যিহেতু বৰ্তমান সময়ত গাইগুটীয়া পৰিয়াল হৈছে সেয়েহ মাক-দেউতাকৰ দায়িত্ব বাঢ়ি গৈছে আৰু সৰু ল’ৰা-ছোৱালীক সঙ্গ দিয়াটো অত্যন্ত আৱশ্যক হৈ পৰিছে আৰু সময়ে সময়ে তেওঁলোকৰ লগত বন্ধুৰ দৰে কথা পাতি তেওঁলোকৰ মানসিকতা সম্বন্ধে জ্ঞাত হ’ব লাগে।
ল’ৰা-ছোৱালীক মাক-দেউতাকে দিয়া সঙ্গৰ পৰা তেওঁলোকৰ মানসিকতা সুপথে পৰিচালিত হ’ব আৰু এক সুস্থ, দৃঢ় মানসিকতা গঢ়ি উঠিব, যাৰ ফলত কেতিয়াও বিপথগামী বাটেৰে আগুৱাবলৈ সংকোচবোধ কৰিব বা ভয় কৰিব।
Dr.Jagadindra Raychoudhury. Mobile No. 8812011012
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.