সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু অসম সাহিত্য সভা
যুগান্ত বায়ন

জাতীয় সমস্যাৰ পৰা পথচ্যুত নেকি অসম সাহিত্য সভা ??
নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ বাবে যি খচৰা প্ৰকাশ কৰিছে সেই সন্দৰ্ভত শেহতীয়াভাৱে অসম সাহিত্য সভাৰ একো কৰণীয় নাই বুলি সাহিত্য সভাৰ সভাপতি ড⁰ সূৰ্য্যকান্ত হাজৰিকাই প্ৰকাশ কৰা মন্তব্যই সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ থকা এটা অতি গুৰুতৰ বিষয়ৰ পৰা ফালৰি কাটি গৈ এক সুবিধাজনক স্থানত অৱস্থান কৰা কাৰ্য্য অতি চিন্তনীয় আৰু ৰহস্যজনক হিচাপে সচেতন মহলত বিবেচিত হৈছে।
কাৰণ এটা জাতিৰ ৰাজনৈতিক ক্ষেত্ৰখন সুৰক্ষিত হ’লেহে জাতিটোৰ সাহিত্য কৃষ্টি-সংস্কৃতি জীয়াই থাকিব।
” সভাপতিগৰাকীয়ে কোৱাৰ দৰে যদিহে সাহিত্য সভা অৰাজনৈতিক সংগঠন তেতিয়া হ’লে সভাৰ অধিৱেশনবোৰত ৰাজনৈতিক নেতাৰ অবাধ গতিত হোৱা সমাগমে কি সূচায়? অসম আন্দোলনৰ পটভূমি আছিল ভোটাৰ তালিকাৰ সংশোধন । আন্দোলনৰ অংশীদাৰ আছিল অসম সাহিত্য সভা । এইয়া ৰাজনৈতিক প্ৰক্ৰিয়া নাছিল জানো ? “
বিষয়টো ৰাজনৈতিক বিষয় বুলি অভিহিত কৰি অৰাজনৈতিক সংগঠন সাহিত্য সভাই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগটোৰ ভিতৰলৈ যোৱাৰ ইচ্ছা নাই বুলি কৰা মন্তব্য জাতিটোৰ অস্তিত্বৰ প্ৰশ্ন জড়িত হৈ থকা এটা অতি স্পৰ্শকাতৰ বিষয়ক লঘূ কৰাৰ সভাপতিগৰাকীৰ যি প্ৰচেষ্টা ই অতি ৰহস্যজনক ।
যিটো বিষয়ত লগত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাৰ কথা জড়িত হৈ আছে, সেই বিষয়টোৰ পৰা সভাপতিগৰাকীয়ে চল চাই কঠিয়া পৰা নীতি অৱলম্বন কৰি সাহিত্য সভাৰ সমগ্ৰ সত্তাটোক অবিশ্বাসৰ মাজলৈ ঠেলি দিছে।
সভাপতিগৰাকীয়ে কোৱাৰ দৰে যদিহে সাহিত্য সভা অৰাজনৈতিক সংগঠন তেতিয়া হ’লে সভাৰ অধিৱেশনবোৰত ৰাজনৈতিক নেতাৰ অবাধ গতিত হোৱা সমাগমে কি সূচায়? অসম আন্দোলনৰ পটভূমি আছিল ভোটাৰ তালিকাৰ সংশোধন । আন্দোলনৰ অংশীদাৰ আছিল অসম সাহিত্য সভা । এইয়া ৰাজনৈতিক প্ৰক্ৰিয়া নাছিল জানো ?
সাহিত্যক ৰাজনীতিৰ উৰ্ধত কিয় ৰাখিব বিচৰা হৈছে ?
ৰাজনীতিকৰ সতে মিতিৰালি কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব খোজা সকলৰ এইয়াও এক ৰাজনৈতিক চতুৰালি নহয়তো ?

অসম সাহিত্য সভাৰ কান্ডাৰীসকলে কিয় পাহৰি গৈছে যে দেশে দেশে, যুগে যুগে সাহিত্যই ৰাজনীতিক বাট দেখুৱাই আহিছে । সাহিত্যই জন-সাধাৰণক সঠিক ৰাজনৈতিক সিদ্ধান্ত লোৱাত সহায় কৰি আহিছে । ইয়াৰ অলেখ উদাহৰণ সাহিত্যৰ ইতিহাসৰ পাতে পাতে ।
উদাহৰণ, আঙ্কল্ টম’স কেবিন (Uncle Tom’s Cabin) নামৰ বিশ্ব বিখ্যাত উপন্যাসখন । দাস প্রথাৰ বিৰুদ্বে লিখা এখন এনেকুৱা উপন্যাস যিখনে সলনি কৰি দিছিল আমেৰিকাৰ ইতিহাস যিখন প্রকাশিত হৈছিল ১৮৫২ চনত । এই উপন্যাসখনত মুক্তিৰ গান গোৱা ‘আঙ্কল টম’ নামৰ এজন কষ্টসহিষ্ণু নিগ্রো ক্রীতদাসৰ কথা কোৱা হৈছে । এই উপন্যাস খনে আমেৰিকাৰ তৎকালীন গৃহযুদ্ধৰ মূল ভিত্তি হিসাবে কাম কৰিছিল বুলি কোৱা হয় ।
আব্ৰাহাম লিংকনে এবাৰ এই উপন্যাসখনৰ লেখিকা হ্যাৰিয়েট বিচাৰ স্টোক লগ পাই কৈছিল “ So this is the little lady who started this great war.”

খ্যাতিমান লেখক ম্যক্সিম গৰ্কিৰ বিখ্যাত উপন্যাস ‘মা’ৰ ৰাজনৈতিক গুৰুত্ব বুজি লেনিনে কৈছিল-“ ‘মা’ এখন ৰাজনৈতিক ভাবে অতি গুৰুত্বপূৰ্ণ উপন্যাস । ‘মা’ পঢ়ি বহু মজদুৰ বিপ্লবীয়ে আন্দোলনত যোগ দিছিল অৱচেতন আৰু স্বতঃস্ফ’র্তভাবে।”
অ্যাৰিষ্টোটলৰ মতে যিকোনো মানুহ চৰিত্ৰগতভাবে শেষ পর্যন্ত ৰাজনৈতিক প্রাণীমাত্র।
বাৰ্টলট্ ব্রেখটে কৈছিল, ‘অশিক্ষিতৰ ভিতৰত নিকৃষ্ট হৈছে সেইসকল, যিসকল ৰাজনৈতিকভাবে অশিক্ষিত। তেওঁলোকে নুশুনে, নকয়, আৰু জীবনৰ মূল্য কি সেইয়া নাজানে”
ৰাজনীতি যিহেতু জীৱনৰ সৈতে ওতপ্রোতভাবে জড়িত আৰু জীৱন যিহেতু সাহিত্যৰ আধাৰ গতিকে সাহিত্যক ৰাজনীতিৰ পৰা আতৰাই ৰাখিব বিচৰাতো অজ্ঞতা নে ধূৰ্ত্ত পন্ডিতালি ? প্লেটো- অ্যাৰিষ্টোটলৰ পৰা আৰম্ভ কৰি উইলিয়াম ব্লেক–জা পল ছাত্ৰেঁ- জৰ্জ অৰৱেল হৈ ভার্গাস য়োছা – অ্যাঞ্জেলা ডেভিস-মায়া অ্যাঞ্জেলো-মার্গাৰিট অ্যাটউডলৈ আৰু আমাৰ নিজৰেই জ্যোতিপ্ৰসাদ – বিষ্ণু ৰাভালৈ সকলোৱেই সাহিত্যৰ বৰেণ্য ব্যক্তি হোৱাৰ উপৰিও ৰাজনৈতিক ক্ষেত্ৰখনতো বৰণীয় ব্যক্তি নাছিল জানো ?

জাতিটোৰ অস্তিত্বৰ আজিৰ এই অতি স্পৰ্শকাতৰ মূহুৰ্তত সাহিত্য সভাই অসমীয়া জনগণৰ কাষত থিয় হোৱাৰ সলনি এই নিৰাপদ স্থানত থিয় হোৱাৰ যি প্ৰৱণতা সেই প্ৰৱণতাই জাতিৰ প্ৰতি কৰা বিশ্বাসঘাতকতাকে প্ৰতিপন্ন কৰে। যদি সভাৰ কৰ্মক্ষেত্ৰখন খিলঞ্জীয়া লোকৰ মাজতেই নাথাকে তেতিয়া সাহিত্য সভাই কোন সকলক লৈ নিজৰ কৰ্মসূচী ৰূপায়ণ কৰিব।
সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি জনোৱাৰ বিপৰীতে সভাপতি গৰাকীৰ এনে কৌশলী আৰু ৰহস্যজনক স্থিতি জাতিটোৰ হিতৰ বিৰুদ্ধে।
অসমৰ প্ৰতিটো জাতীয় সমস্যাৰ লগত জড়িত হৈ থকা সাহিত্য সভাৰ পূৰ্বৰ ইতিবাচক স্থিতি বা পদক্ষেপক আজিৰ সময়ত সভাৰ একাংশই নস্যাৎ কৰাৰ বাবে সাহিত্য সভাৰ যি এক পৰিৱেশ গঢ়ি উঠাৰ লক্ষণ দেখা গৈছে সেয়া অতি দূৰ্ভাগ্যজনক।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)