সমষ্টি পুনৰ নিৰ্ধাৰণ : কংগ্ৰেছ, এ.আই.উ.ডি.এফ.ৰ চতুৰালি নে ভণ্ডামী?
যুগান্ত বায়ন

ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ বিধান সভা আৰু লোকসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে প্ৰকাশ কৰা খচৰা সন্দৰ্ভত যোৱা ২০ জুনৰ পৰা ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ তীব্ৰ ৰূপত উত্তাল হৈ আছে।
খচৰাখনক শাসক দলসমূহকে ধৰি বিভিন্ন পক্ষই সমৰ্থন জনোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু ইউ.ডি.এফকে ধৰি কেতবোৰ ৰাজনৈতিক দল আৰু সংগঠনে খচৰাখনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে।
কেতবোৰ মহলে আকৌ ন্যায়ালয়ৰ মজিয়া পাইছে গৈ।
কিন্তু বাস্তৱ ক্ষেত্ৰত কেতবোৰ ৰাজনৈতিক দলৰ ভূমিকা সন্দেহৰ আৱৰ্তত।
অতি সম্প্ৰতি গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰত ভাৰতৰ নিৰ্বাচনী আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দল এটাই খচৰাখনৰ সন্দভৰ্ত বিভিন্ন পক্ষৰ মতামত পোনপটীয়া কৈ গ্ৰহণ কৰি থকা সময়ত একাংশ ৰাজনৈতিক দলৰ আচৰণে সচেতন মহলক স্তম্ভিত কৰি তুলিছে।
বিশেষকৈ কংগ্ৰেছ আৰু ইউ.ডি.এফ নামৰ ৰাজনৈতিক দল দুটাই সমষ্টি পুনৰ গঠনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰি প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলৈ নিৰ্বাচনী আয়োগক দাবী জনাই অহাৰ লগতে ৰাজ্যখনৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণে উত্তেজনা পূৰ্ণ বক্তব্য ৰাখি আহিছে।
সেই সময়তে উক্ত ৰাজনৈতিক দলকেইটাৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাৰ লগতে কেইবাগৰাকীও বিধায়কে নিৰ্বাচনী আয়োগৰ শুনানিত অংশগ্ৰহণ কৰি নিজৰ নিজৰ ৰাজনৈতিক সুবিধা সূচল কৰাৰ বাবে বিভিন্ন সংশোধনী আগবঢ়াই এক প্ৰকাৰ নিৰ্বাচনী আয়োগৰ সিদ্ধান্তক সমৰ্থন জনাইছে।
এই সকল চতুৰ নেতাই ইফালে ৰাইজক বিভিন্ন ধৰণে উত্তেজিত কৰি ৰাখি আনফালে নিজৰ ৰাজনৈতিক ভবিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত শাসক পক্ষক পদলেহন কৰা কাৰ্য্যত লিপ্ত হৈছে।

এক কথাত ক’বলৈ গ’লে এই ৰাজনৈতিক নেতাসকলে চূড়ান্ত চতুৰালী আৰু ভণ্ডামীৰ আশ্ৰয় লৈ ৰাইজক বিপথে পৰিচালিত কৰিছে।
বিশেষকৈ ইউ.ডি.এফ আৰু কংগ্ৰেছৰ সংখ্যালঘূ সম্প্ৰদায়ৰ নেতাসকলে সংখ্যালঘূ জনসাধাৰণৰ দুখৰ সমভাগী হোৱাৰ যি নাটক আৰম্ভ কৰিছে সেই নাটক যেন বাস্তৱ ৰূপ পাবলৈ সক্ষম হ’ব যে নোৱাৰে বৰ্তমান ঘটি থকা ঘটনাৱলীয়ে প্ৰমাণ কৰিছে।

১৯৮৩ চনৰ পিছৰ পৰা বৰ্তমানলৈ প্ৰতিটো নিৰ্বাচনত ২০ৰ পৰা ২৫ জন লৈ বিধায়ক নিৰ্বাচিত হৈ অহা মুচলমান বিধায়কসকলে এই সম্প্ৰদায়ৰ লোকসকল আজি লৈ বিশেষ কৈ সামাজিক, অৰ্থনৈতিক, শিক্ষা আৰু সাংস্কৃতিকভাৱে অৱহেলিত আৰু পিছ পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো ধৰণে ব্যৱস্থা গ্ৰহণ নকৰি এতিয়া সমষ্টি পুনৰ গঠনৰ আলম লৈ সংখ্যালঘূ মুছলমান ৰাইজক আকৌ এবাৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰা কাৰ্য্যত লিপ্ত হৈছে।

আন এখন নতুন আংগিকৰ নাটক অৱতাৰণা কৰা হৈছে।
সংখ্যালঘূ মুছলমান সমাজৰ অংগ্ৰসৰতাৰ মূল কাৰক হ’ল যুগে যুগে প্ৰতিনিধিত্ব কৰা মুছলমান জন প্ৰতিনিধিসকলৰ ভণ্ডামী আৰু চতুৰালি।

সেয়েহে আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত এই লোকসকলে তেওঁলোকৰ স্বজাতীয় প্ৰতিনিধিসকলৰ ঘৰিয়ালৰ চকু পানী টোকা চৰিত্ৰক বিশ্লেষণ কৰি এখন নতুন সমাজ গঢ়াৰ ক্ষেত্ৰত আগভাগ লোৱাটো সময়ৰ আহ্বান।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)