বিৰুবালা ৰাভা: সমাজক নতুন পথ দেখুওৱা কু-সংস্কাৰ ৰোধৰ অগ্ৰণী যোদ্ধা
যুগান্ত বায়ন

১৯৮৫ চন। আজিৰ পৰা ৩৯ বছৰ পূৰ্বৰ ঘটনা।
সামাজিক প্ৰথাৰে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত বিৰুবালা ৰাভাৰ সংসাৰ লৈ আহিছিল তেওঁৰ প্ৰথম সন্তান ধৰ্মেশ্বৰ ৰাভা। ল’ৰালি কালত সন্তানটিয়ে স্বাভাৱিকভাৱে জীৱন পৰিক্ৰমা পাৰ কৰিছিল।
ধৰ্মেশ্বৰ যেতিয়া শিক্ষা গ্ৰহণৰ বাবে পঞ্চমমান শ্ৰেণীত ভৰ্তি হ’ল, তেতিয়া কালৰ কুটিল গতিত গুৰুতৰভাৱে স্নায়ু ৰোগত আক্ৰান্ত হ’ল।
বিৰুবালা ৰাভাৰ বাসস্থান অতি ভিতৰুৱা অঞ্চলত অৱস্থিত হোৱাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত ধৰ্মেশ্বৰে সু-চিকিৎসা লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল। আৰ্থিক দৈন্যতাৰ বাবে বহু কষ্টৰ মাজেৰে ধৰ্মেশ্বৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিছিল যদিও স্নায়ু ৰোগৰ পৰা তেওঁ মুক্ত নহ’ল।
মৰমৰ পুত্ৰৰ এনে অৱস্থা দেখি বিৰুবালা ৰাভা একেবাৰে ভাঙি পৰিছিল। পুত্ৰ আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নেদেখি তেওঁ বেজ, দেওধানীৰ আশ্ৰয় লৈছিল। বেজে মঙল চাই কৈছিল যে, ধৰ্মেশ্বৰৰ গাত পৰী লম্ভিছে আৰু পৰীগৰাকী বৰ্তমান গৰ্ভৱতী। দুদিনৰ ভিতৰত পৰীগৰাকীয়ে সন্তান জন্ম দিব আৰু তিনি দিনৰ পিছত তেখেতৰ মৃত্যু হ’ব।
কিন্তু বেজৰ কথা নৰজিল। ধৰ্মেশ্বৰৰ মৃত্যু নহ’ল, বৰং তাৰ ৰোগ বাঢ়ি গৈ জটিল ৰূপ ধাৰণ কৰিলে। নৱম শ্ৰেণীৰ পাওঁতে সি বলিয়া হ’ল। বলিয়া ধৰ্মেশ্বৰৰ অত্যাচাৰৰ ফলত গাঁওবাসী সন্ত্ৰাসিত হৈ তাক হাত- ভৰি বান্ধি থ’ব লগা পৰিস্থিতিৰ সৃষ্টি হ’ল।
অৱশেষত বিৰুবালা ৰাভাই প্ৰশাসনৰ সহযোগত চিকিৎসাৰ বাবে পুত্ৰ ধৰ্মেশ্বৰক শ্বিলং লৈ পঠাই দিলে। জ্যেষ্ঠ পুত্ৰৰ এনে দুৰ্দশাৰ অৱসান নহওঁতেই বিৰুবালা ৰাভাৰ স্বামীও এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ব লগা হ’ল।
এনে শোকাকুল পৰিস্থিতিত গাঁওৰ একাংশ লোকে ঘৰতে ডাইনী, ভূটুনী থকা বুলি বিৰুবালা ৰাভাক প্ৰৰোচিত কৰিবলৈ ধৰিলে। গাঁওৰ একাংশ লোকৰ ধাৰণা বিৰুবালা ৰাভা নিজেই এগৰাকী ডাইনী। এনে অপ-প্ৰচাৰ আৰু অপযশক তীব্ৰভাৱে সমাজত প্ৰতিবাদ কৰাত দুষ্টচক্ৰৰ এনে পৰিকল্পনা ব্যৰ্থ হয়।
১৯৯৯ চনত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দাদান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত সেই অঞ্চলৰ ৫গৰাকী মহিলাক ডাইনী সজাই অভিযুক্ত কৰাত বিৰুবালা ৰাভাই সভাত সেই দুৰ্ভগীয়া মহিলা কেইগৰাকীৰ সমৰ্থনত বীৰদৰ্পে থিয় হৈ সযোৰে প্ৰতিবাদ কৰি কৈছিল- “তেওঁলোক কেতিয়াও ডাইনী হ’ব নোৱাৰে, এয়া অন্ধ বিশ্বাস।”
তেওঁ ৰাইজক বুজাই দিছিল যে, তেওঁৰ পুত্ৰকো এটা সময়ত ডাইনীয়ে লম্ভা বুলি কৈ পুত্ৰৰ মৃত্যু হ’ব বুলি কোৱা হৈছিল। কিন্তু সি আজিও জীয়াই আছে। অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ কথা যে, বিৰুবালা ৰাভাৰ এনে আপোচহীন স্থিতিৰ বাবে তেওঁক সমাজৰ পৰা এঘৰীয়া কৰা হৈছিল।

বিৰুবালা ৰাভাৰ আছিল পৰিস্থিতি আৰু পৰিৱেশৰ লগত প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বান জনোৱাৰ অপাৰ শক্তি। নানান ঘাট-প্ৰতিঘাট সমাজৰ অশেষ বাধা-বিঘিনি অতিক্ৰম কৰি তেওঁ এনে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰাম চলাই গৈছিল।
এনেদৰে ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সফল হোৱাৰ স্বীকৃতি স্বৰূপে ২০০৫ চনত “Project Thousand Women”ৰ মনোনয়নত শান্তিৰ “নোবেল বঁটা”ৰ বাবে তেওঁ প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। লাহে লাহে বিৰুবালা ৰাভাৰ মতবাদক মানুহে বুজি উঠিবলৈ আৰু বিশ্বাস কৰিবলৈ ধৰিছিল। বিৰুবালা ৰাভাৰ সংগ্ৰাম সফল হৈছিল।
এনেধৰণৰ বিৰল স্বীকৃতিৰ পিছত ২০১২ চনত আনুষ্ঠনিকভাৱে জন্ম হয় “মিছন বিৰুবালা”। এই মিছনৰ বৰ্তমানৰ সদস্যৰ সংখ্যা ৮০০ৰো অধিক। ইতিমধ্যে বিভিন্ন সন্মানেৰে বিভূষিত হোৱা বিৰুবালা ৰাভাই ২০১০ চনত “Reliance Industry L.T.D”ৰ পৰা “Real Hero”ৰ খিতাপ, টাই আহোম যুৱ পৰিসৰ পৰা “বীৰাংগনা মূলা গাভৰু বঁটা”, “জয়মতী বঁটা”, “সমাজ প্ৰাণ সেৱা বঁটা”, হাউলী ৰাস মহোৎসৱৰ “হাউলী বঁটা” আৰু শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যায়ৰ পৰা পি.এইচ.দি ডিগ্ৰী লাভ কৰি নিজকে ধন্য কৰি তুলিছিল।
গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা অঞ্চল ঠাকুৰবিলা গাঁওৰ বিৰুবালা ৰাভাই ডাইনী, অন্ধ-বিশ্বাস, কু-সংস্কাৰক সমাজৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰত গোটেই জীৱেনজুৰি সংগ্ৰাম কৰি সমাজৰ পৰা এনে কুপ্ৰথা নাশ কৰিবলৈ ৰাইজক সদায় সচেতন কৰিবলৈ সফল হৈ ১৩ মে’ ২০২৪ৰ ৰাতিপুৱা এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল।
বিৰুবালা ৰাভাৰ আত্মাই তেতিয়াহে শান্তি পাব, যেতিয়া তেওঁৰ আদৰ্শ আৰু চিন্তা-চেতনাৰ দ্বাৰা সমাজখন পৰিচালিত হ’ব। তেখেতৰ মৃত্যুত আমি জনাইছোঁ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত।
*যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯*
১৩-০৫-২০২৪