–বুবুল শৰ্মা
সুসজ্জিত প্ৰসাদ এটা সাজিবলৈ,এখন বিলাসী বিদেশী গাড়ী কিনিব পৰাকৈ তেওঁ আৰ্থিকভাৱে সক্ষম আছিল৷ কিন্ত তেওঁৰ মতে উন্নত প্ৰসাদ এটাতকৈ ঘৰটোত থকা মানুহজনৰ মন বা আত্মাটো ধনী বা মহৎ হোৱাটো বেছি প্ৰয়োজন৷ তেওঁৰ আছিল এটা আসাম টাইপৰ ধুনীয়া ঘৰ, এখন সাধাৰণ গেট , ঘৰটোৰ চোতাল, দেৱালত বিভিন্ন সেউজীয়া উদ্ভিদ,লতা-বন৷ ইফাল সিফাল কৰিবলৈ এখন সাধাৰণ ত্ৰিশ বছৰীয়া অথচ তজবজীয়াকৈ ৰখা মাৰুতি কাৰ৷ দামী চোফা, আচবাবৰ সলনি তেওঁৰ ঘৰটোত বৰ ধুনীয়াকৈ ৰাখিছিল – দেশ-বিদেশৰ মূল্যবান আলোচনী,কিতাপ,চলচ্চিত্ৰ৷ শতবৰ্ষ অতিক্ৰম কৰা চকী, দেৱাল ঘড়ী৷ তেওঁ আছিল ডা° পাৰ্থসাৰথি বৰুৱা, অনন্য ৰুচিবোধ,সততা আৰু সাহসেই যাৰ পৰিচয়৷ তেওঁ পৰিবেশ তথা পাৰিপাৰ্শ্বিকতাৰ প্ৰতি আছিল দায়বদ্ধ আৰু সচেতন৷
তেওঁৰ ঘৰৰ সন্মুখেৰে যোৱা নৰ্দমাটোৰ মজিয়াখন নগাঁও পৌৰসভাক পকী কৰিবলৈ নিদিলে,তেওঁ সবল যুক্তি – নৰ্দমাটোৰ মজিয়াখন মাটিৰ হ’লে, নদৰ্মাৰ পানীবোৰ মাটিয়ে শুহি উৰ্বৰ কৰিব পৰিবেশ, কৃত্ৰিম বানৰ সৃষ্টি নহ’ব৷ তেওঁৰ বৈজ্ঞানিক চিন্তা আৰু যুক্তিৰ সন্মুখত পৌৰসভা সন্মত হ’বলৈ বাধ্য হ’ল৷ নগাঁও চহৰৰ আমোলাপট্টিৰ ৰেডক্ৰছ চাৰিআলিৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় দুশ মিটাৰ বাট৷ তেওঁ নিতৌ পুৱা হাতত দা-ঝাৰুলৈ বাটটো চাফা কৰি ৰাখিছিল৷ ক’তো আৰ্বজনা অকণ পৰি থাকিবলৈ দিয়া নাছিল৷ আমোলাপট্টি অঞ্চলটোৰ জনবসতি ঘন, জনবসতি ঘন এই অঞ্চলটোত মোবাইল টাৱাৰ নিৰ্মাণ কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে তেওঁ অকলেই যুঁজি, টাৱাৰ নিৰ্মাণ বন্ধ কৰি দিছিল৷ চিকিৎসক হিচাপে তেওঁ জানিছিল এই টাৱাৰে মানুহৰ স্বাস্থ্যৰ লগতে পশু-পক্ষী আৰু পৰিবেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব৷ মানুহজন ক্ৰমান্বয়ে এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হ’ল৷ অতি সূক্ষ্মভাৱে সমাজৰ ইতিবাচক আৰু ৰুচিদায়ক কামবোৰলৈ তেওঁ আৰ্থিক সহায় আগবঢ়াইছিল ৷ আত্মপ্ৰচাৰৰ পৰা দূৰৈত আছিল তেওঁ৷
কান্ধত কেমেৰাটোলৈ পুৱাই তেওঁ ওলাই গৈছিল – জিলাখনৰ জলাশয়,পথাৰ,নৈসৰ্গিক দৃশ্যবোৰৰ ফটো সংগ্ৰহ কৰি এইবোৰৰ সংৰক্ষণৰ স্বাৰ্থত ফটোবোৰ ৰাজহুৱা কৰিছিল৷ তেওঁৰ কেমেৰাত, তেওঁৰ ফাইলত,আলমিৰাত সংৰক্ষিত কৰি ৰাখিছে নগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰত্নতত্ত্ব,স্মৃতিচিহ্ন,অসমৰ ইমূৰৰ পৰা সিমূৰে থকা পুৰণি আসাম টাইপৰ ঘৰ,অট্টালিকাৰ ফটো, তথ্যপাতি৷ তেওঁৰ ঘৰটোৰ দেৱালত আজোককাকৰ পৰা নাতি-পুতিৰ ফটো ফ্ৰেম কৰি সংৰক্ষণ কৰিছে৷ নগাঁও জিলাৰ ইতিহাসৰ বহু সমল তেওঁ সংৰক্ষণ আৰু প্ৰচাৰ কৰি আহিছিল৷ তেওঁৰ পৃথিৱীৰ যিকোনো ঠাইৰ তথা চুবুৰীয়া ৰাজ্যৰ যিকোনো পৰিবেশ হকে হোৱা ভাল কাম-কাজৰ প্ৰচাৰ কৰি ফুৰিছিল৷
তেওঁ ইংৰাজী ২৩/১১/২১ তাৰিখে শেষ নিশ্বাস পেলোৱাৰ আগেয়ে এখন ইচ্ছাপত্ৰ লিখি থৈ পৰিয়ালৰ হাতত দি গৈছে৷ ইচ্ছাপত্ৰখনত তেওঁ তিনিটা ইচ্ছা স্পষ্টকৈ লিখি থৈ গৈছে, তেওঁৰ তিনিটা ইচ্ছা ক্ৰমে –
১/ মৰণোত্তৰ দেহদান৷ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মেডিকেল কলেজত তেওঁৰ শ দান কৰিব লাগে৷
২/ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ চৌহদত কোনো ধৰণৰ ধৰ্মীয় পাৰলৌকিক ক্ৰিয়া-কৰ্ম বা নাম-প্ৰসংগ অনুষ্ঠান পাতিব নালাগে৷
৩/ সময় আৰু সুবিধা অনুযায়ী এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা৷
মৃত্যুৰ পিছতো মানৱ সমাজৰ স্বাৰ্থত বিজ্ঞানক তেওঁ শৰীৰটো পৰিয়ালে গতাই দিলে৷ মহান ব্যক্তিৰ আত্মীয়-স্বজনৰ মহানতা প্ৰকাশ পালে৷ তেওঁৰ অভাৱ প্ৰতি খোজতে অভাৱ হ’ব৷ এজন প্ৰিয় ব্যক্তিৰ হেৰুৱাৰ দুখত ম্ৰিয়মাণ মই৷ শ্ৰদ্ধাৰ পাৰ্থ দা! আপোনাৰ সান্নিধ্যই চহকী কৰি থৈ গ’ল আমাক৷ আমি চিৰঋণী আপোনাৰ কাষত!