• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

ASSAMESE SECTION / Cooch / Cooch Behar

by SATYAKAM BORTHAKUR
October 29, 2025
in ASSAMESE SECTION, Culture, History, Indigenous Peoples, Literature
Reading Time: 5 mins read
0
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
Share on FacebookShare on TwitterShare on LinkedIn

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

ড॰ সত্যকাম বৰঠাকুৰ

Satyakam Barthakur
ড॰ সত্যকাম বৰঠাকুৰ

প্ৰাচীন কামৰূপৰ ইতিহাসৰ এক সমৃদ্ধ অধ্যায় জড়িত হৈ আছে কোচসকলৰ সৈতে ৷ এই কথা আমি দ্বিধাহীনভাৱে ক’ব পাৰোঁ যে, প্ৰাচীন অসমীয়া ভাষা-সাহিত্যৰ বিকাশত কোচসকলৰ বৰঙণিয়েই আছিল সৰ্বাধিক ৷

শংকৰদেৱৰ পূৰ্বৰ যিসকল কবিয়ে অসমীয়া ভাষাত কবিতা ৰচনা কৰিছিল, সেইসকলৰ ভিতৰত একমাত্ৰ মাধৱ কন্দলিহে আছিল মধ্য অসমৰ ৷ বাকী সকলো আছিল কোচ-কমতা ৰাজ্যৰ বাসিন্দা ৷ কমতাৰাজ দুৰ্লভ নাৰায়ণৰ পৰা কোচৰজা হৰেন্দ্ৰনাৰায়ণৰ ৰাজত্বকাল পৰ্যন্ত কোচসকলে অসমীয়া ভাষা সাহিত্যক অন্তঃকৰণেৰে পৃষ্ঠপোষকতা আগবঢ়াই আহিছিল ৷

মহাৰাজ নৰনাৰায়ণে মহাপুৰুষ শংকৰদেৱক পৃষ্ঠপোষকতা আগ নবঢ়োৱা হ’লে অসমীয়া ভাষা সাহিত্যৰ ইতিহাসেই সুকীয়া হৈ পৰিলেহেতেন৷ কোচ সাম্ৰাজ্যৰ পৃষ্ঠপোষকতাতে পীতাম্বৰ কবিয়ে ভাগৱতৰ দশম স্কন্ধ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল আৰু এই অনুবাদ আজি পৰ্যন্ত কোচবেহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰতে সংৰক্ষিত হৈ আছে ৷
সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

এই কথা ক’লে হয়তো বহু লোক মোৰ সৈতে একমত নহ’ব যে, কোচসকলৰ মুখৰ ভাষাটোৱেই চতুৰ্দশ-পঞ্চদশ শতিকাৰ মান্য অসমীয়া ভাষাটো গঢ় দিয়াতো মুখ্য ভূমিকা পালন কৰিছিল ৷ আজি অসমীয়া ভাষাতত্ত্ববিদসকলে অসমীয়া ভাষাৰ উপভাষা ৰূপে যি গোৱালপৰীয়া উপভাষাৰ কথা কয়, সেয়া কোচসকলৰ মুখৰ ভাষাৰে এটা ৰূপ, যিটো অসমীয়া ভাষাৰ সৈতে সমাহৃত হৈ পৰিছে৷

অম্বিকাচৰণ চৌধুৰীকে ধৰি পণ্ডিতসকলে যি কামৰূপৰ ৰত্নপীঠৰ ঐতিহ্য প্ৰতিষ্ঠাৰ কথা কৈ গৈছে, সেয়া প্ৰাচীন কামৰূপ অৰ্থাৎ পুৰণি অসমৰ পশ্চিম অংশ ৷ এই কোচসকলৰ সৈতে অসমীয়া জাতিসত্তাৰ কোনো বিৰোধ নাই ৷ বৰং অসমীয়া জাতিসত্তাৰ বৈচিত্ৰ্যপূৰ্ণ ঐতিহ্যক প্ৰতিষ্ঠা কৰাত কোচসকলৰ বৰঙণি উজনিৰ আহোমসকলৰ সমানেই গুৰুত্বপূৰ্ণ ৷

RelatedPosts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

কিন্তু পৰিতাপৰ কথা যে, কোচসকলে নিজৰ ঐতিহ্য ধাৰণ কৰি অসমীয়া সত্তাটোক সমৃদ্ধ কৰিব বিচৰা সামাজিক প্ৰক্ৰিয়াটো চুবুৰীয়া সম্প্ৰসাৰণবাদীসকলৰ গ্ৰাসত পৰি বাৰম্বাৰ বাধাগ্ৰস্ত হৈছে ৷ মাত্ৰ সিমানেই নহয়, স্বয়ং কোচসকলৰ ঐতিহ্য আৰু পৰিচয়ো আজি সংকটৰ গ্ৰাসত পৰিছে৷

দুটামান উদাহৰণেৰে আলোচনাটো আৰম্ভ কৰিব বিচৰা হৈছে ৷ ভাৰতবৰ্ষৰ বৌদ্ধিক জগতত ক’লকাতাৰ এছিয়াটিক চ’চাইটিৰ নাম বিশেষভাৱে লোৱা হয় ৷ এই এছিয়াটিক চ’চাইটিয়ে ১৯৬৩ চনত প্ৰকাশ কৰা এখন কিতাপ হৈছে চাৰু চন্দ্ৰ সান্যালৰ ‘দি ৰাজবংশীজ অৱ নৰ্থ বেংগল’’৷ চাৰু চন্দ্ৰ সান্যাল আছিল কোচবেহাৰক পশ্চিম বংগৰ সৈতে চামিলকৰণৰ বাবে বৌদ্ধিক কচৰৎ কৰি কোচৰ ঐতিহ্যক বিকৃত কৰা বুদ্ধিজীৱিসকলৰ ভিতৰত এগৰাকী অগ্ৰণী ব্যক্তি ৷ কোচসকলৰ সংস্কৃতিৰ ক্ষেত্ৰত এই গ্ৰন্থখনত ভালেমান গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট হৈ আছে৷ কিন্তু কোচসকলৰ ভাষিক পৰিচয়ৰ ক্ষেত্ৰত এই গ্ৰন্থত যিবোৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে, সেয়া ভয়ংকৰ ৷

গ্ৰন্থখনৰ ২৫০ পৃষ্ঠাত ছপা হোৱা দ্বাদশ অধ্যায়টোৰ প্ৰথম বাক্যটোৱেই হৈছে– The dialect of Rajbansis of Siliguri Sub-division of Darjeeling, undivided Jalpaiguri, Cooch-Behar, Goalpara of Assam and North Rangpur of East Pakistan is a local dialect of Bengali. গ্ৰন্থখনিৰ এই অধ্যায়টোৰ মূল কথাখিনি সজাওঁতে এই কথা সমুখত ৰাখি কৰা হৈছে যে, কোচ ৰাজবংশীসকল মূলতঃ বাঙালি৷

সান্যালৰ মতে গোৱালপৰীয়াসকলো মূলতে বাঙালী ৷ এইগৰাকী লেখককে ধৰি বহু বাংলা লেখকৰ মতে গোৱালপাৰা অঞ্চলৰ ভাষা বাংলা ভাষাহে ৷ এই কথাটো একাধিক ভাষাবিদেও প্ৰতিষ্ঠা কৰিব বিচাৰি আছে ৷ বহু ভাষাবিদৰ বাবে বাংলা ভাষাটো যিদৰে মেদিনীপুৰ, ঢাকা, বাখৰগঞ্জ, মালদহ, ক’লকাতা আদিত কিছু আঞ্চলিক বিশেষত্বৰ সৈতে ব্যৱহৃত হৈ আহিছে, সেইদৰেই কোচসকলৰ ভাষাটোও বাংলাৰে এটা ৰূপ মাত্ৰ ৷

আন এখন বাংলা গ্ৰন্থৰ বক্তব্য আৰু ভয়ংকৰ ৷ অশ্ৰুকুমাৰ সিকদাৰ নামৰ কোনোবা এগৰাকী লেখকে লেখা বাংলাভাষাঃ কিছু ভাৱনা নামৰ গ্ৰন্থখনৰ কেইবাটাও পৃষ্ঠাত আছে কোচসকলৰ প্ৰতি চৰম অৱমাননাৰে ভৰি থকা কথা তথা কোনো কোনো প্ৰসংগত অসমীয়াৰ প্ৰতিও তীব্ৰ শ্লেষোক্তি ৷ এইগৰাকী পণ্ডিতৰ মতে কোচৰাজবংশীসকলে একমাত্ৰ ৰাজনৈতিক কাৰণতহে নিজৰ ভাষাটোৰ কথা দোহাৰি থাকে ৷

cooch Behar2
Cooch Behar4

তেওঁৰ ভাষাত–‘‘কামতা রাজ্যের দাবির জন্য আজ বলা হচ্চে কামতাপুরি ভাষা বাংলা নয়, স্বতন্ত্ৰ ভাষা৷ কিন্তু ভাষাতাত্ত্বিক বিচারে এই ভাষা বাংলারই একটি আঞ্চলিক রূপ৷’’ এইগৰাকী লেখকে সদম্ভে ঘোষণা কৰিছে– ‘‘যে রাজবংশী মানুষ বাড়িতে কামতাপুর/ কামরূপীতে কথা বলেন, তিনিও রেডিও-টিভিতে মান্য বাংলা শোনেন, বইতে পত্ৰিকায় পড়েন৷ বাঁকুড়া-পুরুলিয়া-মালদার সংগে রাজবংশী বাঙালির পরিস্থিতির এই বাবদ কোনও পাৰ্থক্য নেই৷’’

লেখকগৰাকীৰ মতে, কোচসকলে নিজৰ ভাষা ৰাজবংশী ভাষা বুলি লোকপিয়লৰ তথ্যত লিপিবদ্ধ কৰাৰ আঁৰত ৰাজনৈতিক কাৰণহে লুকাই আছে ৷ লেখকগৰাকীৰ স্পৰ্ধা ইমান পৰ্যন্ত পাইছেগৈ যে, ঐতিহ্যমণ্ডিত কোচ সাম্ৰাজ্যৰ উত্তৰাধিকাৰীসকলক তেওঁ অসমৰ বাংলাদেশীমূলীয় লোকসকলৰ লগত ৰিজাবলৈকো কুণ্ঠাবোধ কৰা নাই ৷

তেওঁ বাংলাদেশীমূলীয়সকলে মৌলানা ভাসানীৰ দৰে পাকিস্তানপন্থী সাম্প্ৰদায়িক নেতাৰ পৰামৰ্শত নিজৰ মাতৃভাষা অসমীয়া বুলি পিয়লত লিপিবদ্ধ কৰোৱা আৰু কোচসকলে নিজৰ মাতৃভাষা ৰাজবংশী ভাষা বুলি পিয়লত লিখোৱা কথা দুটাক একেটা শাৰীতে থৈছে ৷

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট
সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

তেওঁ কৈছে, ‘‘রাজনৈতিক কারণে পরৱৰ্তী জনগণনায় রাজবংশী নেতৃত্ব হয়তো তাঁদের মানুষকে পৰামৰ্ষ দেবেন, নিজেদের মাতৃভাষা বাংলা না বলে কামতাপুরি বলা জানাতে৷ রাজনৈতিক কারণে এইভাবে মাতৃভাষাকে সেনসাসে ব্যবহাৰ বারে বারেই হয়েছে৷ পূৰ্ববঙ্গ থেকে যে যব বাঙালি মুছলমান অসমের পতিত জমিতে বসতি স্থাপন করেছিলেন, তাৰা ১৯৫১ সালের জনগণনাই প্ৰাণের দায়ে নিজের মাতৃভাষা অসমীয়া বলে লিখিয়েছেন৷ বাঙালি মুছলমানদের রাজনৈতিক নেতার পৰামৰ্শ দিয়েছিলেন অসমীয়াদেৰ সঙ্গে সংঘাতে না গিয়ে নিজের ভাষা অসমীয়া বলে লেখানোই ভালো৷ পূৰ্ববাংলায় বাংলা ভাষা আন্দোলনের অন্যতম নেতা মৌলানা ভাসানিও এই পৰামৰ্শ দিয়েছিলেন ৷’’

কোচসকলৰ দৰে জাতি এটাৰ প্ৰতি এই মনোভংগী মাত্ৰ এগৰাকী ব্যক্তিৰ কথা নহয়, এয়া হৈছে কোচ ৰাজবংশীসকলৰ মাটিভেটি দখল কৰি কোচসকলৰ ঐতিহ্য নোহোৱা কৰিব বিচৰা সম্প্ৰসাৰণবাদীসকলৰ সামগ্ৰিক মনোভংগীৰ প্ৰমাণ ৷ 

আমি এই কথা পাহৰিলে নহ’ব যে, প্ৰাচীন কামৰূপত যি কেইটা জনগোষ্ঠীয়ে নিজৰ পৰিচয় স্বাভিমানেৰে সৈতে জীয়াই ৰাখিছিল, সেই জনগোষ্ঠীকেইটাৰ ভিতৰত কোচসকল অন্যতম৷ অসমীয়া ভাষা সাহিত্যৰ ইতিহাস কোচসকলক বাদ দি সম্পূৰ্ণ হ’ব নোৱাৰে৷ বংগত চামিল হোৱা নহয়, বংগ দখল কৰাহে এটা সময়ত কোচ ৰাজবংশৰ সপোন আছিল ৷

সেই সপোনক সাকাৰ ৰূপ দিয়াৰ বাবে আগবাঢ়ি গৈয়ে কোচ ৰাজ্যৰ ধ্বজা বীৰ বিক্ৰমেৰে উত্তোলিত কৰি মহাবীৰ চিলাৰায়ে গংগা পৰ্যন্ত বিস্তাৰ কৰা কোচ সাম্ৰাজ্যৰ এক অংশ স্বৰূপে গংগাৰ পাৰতে ৰোগাক্ৰান্ত হৈ প্ৰাণ ত্যাগ কৰিছিল ৷

কোচ ৰাজবংশই ঐতিহাসিক ভাৱে বংগৰ সৈতে চামিল হোৱা নাছিল৷ বৰং কোচসকল আছিল অসমীয়া জাতি সত্তাৰহে এক অভিন্ন অংগ ৷ সম্পূৰ্ণ ৰূপত নিজৰ জাতীয় পৰিচয় বৰ্তাই ৰাখিও কোচসকলে অসমীয়া জাতিসত্তাক শক্তিশালী কৰাত বৰঙণি আগবঢ়াই আহিছে ৷ সেই বাবে আদি স্তৰৰ প্ৰাচীন অসমীয়া সাহিত্য সমৃদ্ধ আৰু বিকশিত হেছিল কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত৷ আনকি মহাৰাজ হৰেন্দ্ৰনাৰায়ণৰ ৰাজত্ব কাল পৰ্যন্ত কোচ ৰাজবংশই অসমীয়া সাহিত্যৰ অনুবাদ আৰু বিকাশৰ বাবে কাম কৰি আছিল ৷

মহাৰাজ হৰেন্দ্ৰনাৰায়ণে ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন কাণ্ড আৰু অধ্যায় অসমীয়ালৈ অনুবাদৰ বাবে বিভিন্ন কবিক পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰি নিজেও মহাভাৰতৰ ঐশিক পৰ্ব, শল্যপৰ্ব আৰু ৰামায়ণৰ সুন্দৰাকাণ্ড দেশী-অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ৷

পঞ্চদশ শতিকাৰ পৰা অষ্টাদশ-ঊনবিংশ শতিকা পৰ্যন্ত কোচ ৰাজদৰবাৰত অসমীয়া ভাষা আছিল আদৰৰ ভাষা ৷ কোচ ৰাজদৰবাৰত বাংলা ভাষাৰ প্ৰৱেশ আন্তৰিকতাপূৰ্ণ প্ৰৱেশ নাছিল ৷ এয়া আছিল আগ্ৰাসনৰ বিপৰীতে কোচ ৰাজবংশই বাধ্য হৈ গ্ৰহণ কৰা পৰিস্থিতি ৷

নৰনাৰায়ণ-চিলাৰায়ৰ বিয়োগৰ পাছত দুভাগ হৈ পৰা কোচ সাম্ৰাজ্য ক্ৰমাৎ দুৰ্বল হৈ পৰা বাবেহে ১৮৭৩ চনত ভুটীয়াৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে কোচ ৰাজবংশই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে চুক্তি কৰিবলৈ বাধ্য হৈছিল ৷ বৃটিছৰ ষড়যন্ত্ৰত আৰু পূৰ্ববংগীয়সকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে কোচ ৰাজ্য অংগক্ষত কৰি ৰংপুৰক কোচবেহাৰৰ পৰা পৃথক কৰা হৈছিল৷

সম্পূৰ্ণ ক্ষমতাকেন্দ্ৰিক ষড়যন্ত্ৰৰ বাবে মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত ১৯৯০-১৯০৮ চনৰ সময়ছোৱাত কালিকা দাস দত্ত নামৰ দেৱানগৰাকীৰ চক্ৰান্তত জলপাইগুড়ি আৰু দাৰ্জিলিং কোচবেহাৰৰ পৰা পৃথক কৰা হৈছিল ৷

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

বৃটিছ চৰকাৰৰ আঁচনিমতেহে কোচসকলৰ মাজত পৰম্পৰাগত শিক্ষাৰ ওৰ পেলাই সম্পূৰ্ণ ৰূপত বঙলা ভাষাৰ শিক্ষা প্ৰৱৰ্তন কৰা হৈছিল৷ কোচ সাম্ৰাজ্যক সম্পূৰ্ণৰূপে ভোট আৰু ক্ষমতাৰ অংকত বিভাজিত কৰা হৈছিল৷

স্বাধীনতাৰ সময়ত কোচ সাম্ৰাজ্যৰ এটা বৃহৎ অংশ পাকিস্তানক গতাই দিয়া হ’ল ৷ মৌলানা ভাসানিৰ দৰে পাকিস্তানপন্থী মৌলবাদীৰ সপোন আছিল সমগ্ৰ কোচ সাম্ৰাজ্যক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা৷ কিন্তু অসমৰ সমকালীন ৰাজনৈতিক নেতৃত্ব আৰু কোচ ৰাজবংশৰ বাবে সেয়া সম্ভৱ নহ’ল ৷

কিন্তু ১৯৫০ চনৰ ১ জানুৱাৰীত যোতিয়া কোচবেহাৰক ভাৰতৰ সৈতে চামিল কৰা হৈছিল, তেতিয়া কোচ ৰজা জগদ্দীপেন্দ্ৰ নাৰায়ণক চুড়ান্তভাৱে প্ৰতাৰণা কৰা হৈছিল ৷

সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে কোচবেহাৰৰ ভৱিষ্যৎ সম্পৰ্কে প্ৰতিশ্ৰুতি দি কৈছিল যে, কোচসকলে অসমৰ লগত থাকিবনে, বংগৰ লগত থাকিব নে স্বতন্ত্ৰ হৈ থাকিব সেয়া গণভোটৰ যোগেদি নিৰ্ধাৰণ কৰা হ’ব৷ মহাৰাজ জগদ্দীপেন্দ্ৰ নাৰায়ণক নেহেৰু চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে, কোচবেহাৰ ভাৰত ৰাষ্ট্ৰত চামিল হোৱাৰ পাছত এখন ‘চি’ শ্ৰেণীৰ ৰাজ্য হৈ থাকিব ৷

Kochbihar
Ambikacharan Choudhury book

ইতিহাসৰ এই সন্ধিক্ষণত কোচবেহাৰৰ জনতাৰ স্বাৰ্থত গঠিত ‘কোচবেহাৰ হিতসাধিনী সভা’ই ১৯৪৬ চনতে কোচবেহাৰৰ ভৱিষ্যতৰ বাবে তিনিটা বিকল্প খোলা ৰাখিছিল৷ প্ৰথম বিকল্প আছিল এখন স্বাধীন ৰাজ্য হৈ থকা৷ দ্বিতীয় বিকল্প আছিল ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য হৈ থকা৷ তৃতীয় বিকল্প আছিল অসমৰ সৈতে চামিল হোৱা ৷

কিন্তু আৰ্যকৰ কথা যে, যি জগদ্দীপেন্দ্ৰ নাৰায়ণৰ বাবে ভাৰত চৰকাৰে কোচবেহাৰক ভাৰতৰ সৈতে চামিল কৰি সমগ্ৰ উত্তৰ পূবৰ সৈতে ভাৰতৰ অন্য প্ৰান্তৰ ভৌগোলিক যোগাযোগৰ বাবে এটা ভূখণ্ড নিকপকপীয়া হৈ থাকিল, সেই কোচকলৰ ৰাজ্যৰ অৱশিষ্ট অংশক কোচ জনতাৰ ইচ্চাৰ বিৰুদ্ধে গৈ পশ্চিম বংগৰ সৈতে চামিল কৰা হ’ল ৷

মন কৰিবলগীয়া যে, ১৯৪৮ চনত অসমৰ ৰাজ্যপাল চাৰ আকবৰ হাইদৰীয়ে দেশৰ উপপ্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেললৈ এখন চিঠি লেখি জনাইছিল যে, কোচবেহাৰৰ ছয় লাখৰ পৰা সাত লাখৰ জনসংখ্যাৰ ভিতৰত মাত্ৰ প্ৰায় ত্ৰিশ হাজাৰ মান মানুহহে বাঙালী ৷ গতিকে কোচবেহাৰক হয় কেন্দ্ৰৰ সৈতে ৰাখিব লাগে, নহ’লে অসম কংগ্ৰেছৰ সৈতে চামিল কৰিব লাগে ৷

Cooch Behar

কিন্তু পেটেল ডাঙৰীয়াই হাইদৰীৰ মন্তব্য বা কোচসকলৰ জাতীয় চেতনাক গুৰুত্ব প্ৰদান নকৰি কোচবেহাৰক বংগৰ সৈতে চামিল কৰাৰ পোষকতা কৰে৷ নেহেৰু চৰকাৰে সম্পূৰ্ণ ৰূপত বিধান চন্দ্ৰ ৰায়ৰ নেতৃত্বৰ বংগ কংগ্ৰেছক নিৰ্বাচন জিকিবৰ বাবে এটা সুযোগ প্ৰদান কৰিবলৈকে ৰজা জগদ্দীপেন্দ্ৰনাৰায়ণক বিশ্বসঘাটকতা কৰি কোচ ৰাজবংশী জনতাৰ ইচ্চাৰ বিৰুদ্ধে গৈ কোচবেহাৰক পশ্চিমবংগৰ সৈতে চামিল কৰে৷ এয়া স্বাধীন ভাৰতবৰ্ষত এটা জনগোষ্ঠীৰ স্বকীয়ত্বৰ ওপৰত চলোৱা নিৰ্মম আঘাতৰ এক ট্ৰেজিক উদাহৰণ৷ 

এতিয়া কথা হ’ল যে, সম্পূৰ্ণ স্বকীয় অস্তিত্ব থকা আৰু অসমীয়া জাতিসত্তাৰ সৈতে সুদীৰ্ঘ দিন ধৰি অভিন্ন সম্পৰ্ক ৰক্ষা কৰি অহা কোচসকল আজিও যি অস্তিত্বৰ সংকটৰ সন্মুখীন হৈ আহিছে, তাৰ বাবে অসমীয়া জাতীয়তাবাদীসকলৰ একো কৰণীয় নাইনে?

যিসকল কোচ ৰাজবংশীয়ে এটা সময়ত আমাৰ ভাষা-সাহিত্যৰ সমৃদ্ধিত বিস্তৰ বৰঙণি আগবঢ়াই গ’ল, যি কোচ ৰাজবংশীৰ পূৰ্বপুৰুষক লৈয়ে কুমাৰ ভাষ্কৰবৰ্মাই আমাৰ গৌৰৱময় ঐতিহ্য প্ৰতিষ্ঠা কৰিছিল, সেই কোচ ৰাজবাশীসকলক সম্প্ৰসাৰণবাদী ৰাজনীতিৰ স্বাৰ্থত ভূ-ৰাজনৈতিক ভাবে খণ্ড খণ্ড কৰি পেলোৱা হ’ল৷

নৰনাৰায়ণৰ দিনৰ পৰা হৰেন্দ্ৰনাৰাণৰ দিনলৈকে এই পৃষ্ঠপোষকতাৰ পৰম্পৰা লক্ষ্য কৰিলে দেখা যায় যে, কোচ ৰাজবংশীসকলৰ ঐতিহ্য আৰু পৰিচয়ৰ ওপৰত স্বাধীনতাৰ আগে পাছে যি বৃহৎ আক্ৰমণ হৈছে সেয়া এটা জাতিৰ বাবে অতি ভয়াবহ৷ এটা সময়ত এই ঐতিহ্যময় সত্তাটোৰ ওপৰত চাৰু চন্দ্ৰ সান্যালৰ দৰে বুদ্ধিজীৱিয়ে যি বৌদ্ধিক আক্ৰমণ আৰম্ভ কৰিছিল সেই আক্ৰমণ এতিয়াও শেষ হোৱা নাই৷

অশ্ৰুকুমাৰ সিকদাৰৰ দৰে তথাকথিত পণ্ডিতে আজিও কোচৰ ঐতিহ্যক বাংলাবাদত চামিল কৰাৰ কচৰৎ অব্যাহত ৰাখিছে৷ আজি মহাপুৰুষ শংকৰদেৱৰ শেষ জীৱনৰ ঐতিহ্যবিজড়িত মধুপুৰ ধামো অসমীয়াৰ বাবে ‘বহুদূৰ’ হৈ পৰিল ৷ এতিয়াও কোচৰ স্বতন্ত্ৰ পৰিচয় উগ্ৰ আগ্ৰাসনবাদীৰ গ্ৰাসৰ পৰা ৰক্ষা পোৱা নাই৷

আনহাতে সমান্তৰালভাৱে বিচ্চিন্ন কোচসকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে চলি আছে না না ৰাজনৈতিক কুচকাৱাজ৷ এনে সময়ত অসমীয়া জাতীয়তাবাদী শিৱিৰ কিন্তু বালিত মূৰ গুজি থাকিলে নহ’ব৷

Cooch Bihar

The writer is a Professor, Dibrugarh University.

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
SATYAKAM BORTHAKUR

SATYAKAM BORTHAKUR

Related Posts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা
ASSAMESE SECTION

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

by Sanghamitra Kashyap
March 7, 2026
0

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা সংঘমিত্ৰা কাশ্যপ সেইদিনা এটা বাতৰিত পঢ়িলো যে ২৫ বছৰীয়া এগৰাকী কৰ্মৰত মহিলা অনবৰতে ওচৰৰ চুবুৰীয়াই...

Read moreDetails
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d