সহনশীলতা, মূল্যবোধৰ চৰম অৱক্ষয় আৰু “চৰিত্ৰ পাঠ“ৰ অধ্যয়ন
যুগান্ত বায়ন
শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত পুৰণি “চৰিত্ৰ পাঠ” নামৰ পাঠ্যপুথিখন অন্তৰ্ভুক্ত কৰাৰ বাবে ঘোষণা কৰা সময়তে সাম্প্ৰতিক অসমত যোৱা এটা মাহত ঘটি থকা কেতবোৰ বিক্ষিপ্ত ঘটনাই সমাজখনৰ সহনশীলতা আৰু মূল্যবোধ ৰক্ষাৰ ক্ষেত্ৰত চৰম অৱক্ষয় ঘটোৱা কাৰ্য্যই সচেতন লোকসকলক চিন্তিত কৰি তুলিছে।
ডিব্ৰুগড়ৰ জেৰাই গাঁওত পৰকীয়া প্ৰেমৰ বাবে পত্নী হত্যা, ছিপাঝাৰত সতীৰ্থ ছাত্ৰত হাতত সহপাঠী ছাত্ৰৰ হত্যা, নলবাৰীত নিচাসক্ত পুত্ৰৰ হাতত পিতৃৰ মৃত্যু, ২৭ ছেপ্টেম্বৰত গুৱাহাটীত জীয়ৰীৰ হাতত মাতৃৰ মৃত্যু, মাজনিশা ছাত্ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত ছাত্ৰৰ মাজত সংঘৰ্ষ, মদৰ বটল দলিয়াই আক্ৰমণ, প্রতি আক্ৰমণৰ ঘটনাই গোটেই মাহটো ধৰি ৰাজ্যখনৰ সমাজ জীৱনক জোঁকাৰি গৈছে।
এনে দুৰ্ভাগ্যজনক আৰু ভাঙোনমুখী প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত আদৰণীয় যদিও, শেহতীয়াভাৱে সংঘটিত হৈ থকা ঘটনাৱলীয়ে মানুহৰ মন-মগজু ভাৰাক্ৰান্ত কৰি ৰাখিছে।
যেতিয়ালৈকে মানুহে নিজে নিজৰ অন্তৰখন ধুই নিকা কৰিব নোৱাৰে, চৰিত্ৰ কেনেকুৱা হোৱা উচিত তাক হৃদয়্যংগম কৰিব নোৱাৰে তেতিয়ালৈ কোনো এখন পুথিয়ে সমাজখনৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰে।
যেতিয়া যৌতুকৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি প্ৰশাসনৰ শীৰ্ষ পদ শুৱনি কৰা বিষয়াই নিজৰ বিয়াত পেড়া ভৰাই যৌতুক দাবী কৰে, বনাঞ্চল ৰক্ষাৰ বাবে শপত লৈ বিষয়াই যেতিয়া নিজেই বন ধ্বংস যজ্ঞত লিপ্ত হয়, চৰকাৰ গঠনৰ জৰিয়তে আইন প্ৰণয়ন কৰা ৰাজনৈতিক দলৰ নেতাসকলে যেতিয়া নিৰ্বাচনী প্ৰচাৰত অতি নিম্ন স্তৰলৈ গৈ ব্যক্তিগত পৰ্য্যায়ত আক্ৰমণ কৰাৰ যুদ্ধত লিপ্ত হয় তেতিয়া এনে হেজাৰখন পুথি অধ্যয়ন কৰাৰ বাবে বাধ্য কৰালেও সমাজখনত যে কিবা এটা পৰিৱৰ্তন হ’ব সেইটো আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন।
অতীতত এনে এটা সময় আছিল ছাত্ৰ এজনে চাইকেল চলাই যাওঁতে সন্মুখত শিক্ষকক দেখিলে অতি ভক্তিভাৱে চাইকেলৰ পৰা নামি শিক্ষকগৰাকীক শ্ৰদ্ধা জনাইছিল। মহাবিদ্যালয়ৰ “কেণ্টিন”ত জ্যেষ্ঠ ছাত্ৰই চাহ খাই থাকিলে কনিষ্ঠ ছাত্ৰই অলপ সময় অপেক্ষা কৰিছিল। অতীতৰ সেই পৰিৱেশৰ লগত আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য বৰ্তমান আমি দেখিবলৈ পাওঁ।
সমাজৰ গুৰিধৰোঁতাজনে অলক্ষিতে কেতিয়াবা ভুল কৰিলেও শুধৰাই নিদি এক তোষামোদকাৰীৰ ভূমিকা গ্ৰহণ কৰা লোক আজিৰ সমাজত অতি সুলভ। এনে পৰ্য্যায়ৰ লোকে সমাজৰ পুৰোধা ব্যক্তিসকলক তেওঁলোকৰ এনে কাৰ্য্যৰ দ্বাৰা ক’ব নোৱাৰাকৈয়ে বিস্তৰ ক্ষতি সাধন কৰে। ফলত সমাজখনক অৱক্ষয়ৰ কলা ডাৱৰে আৱৰি ধৰে। আচলতে আমি সকলোৱে পহু মাংসৰ লোভ দেখুৱাই বাঘৰ কথা কোৱা লোকৰ দৰে আচৰণ কৰিবলৈ লৈছোঁ।
প্ৰসংগক্ৰমে প্ৰণিধান যোগ্য যে, ভাৰতৰ আগশাৰী ইংৰাজী বাতৰি কাকত “Indian Express”ৰ এক প্ৰতিবেদনত মোবাইল ফোন ব্যৱহাৰ হোৱাৰ পিছৰ পৰা আৰু বৰ্তমানে পৰিয়ালসমূহৰ মাজত দেখা দিয়া একাকীকত্ত ব্যৱস্থা প্ৰচলন হোৱাৰ ফলত ভাৰতবৰ্ষত মানসিক ৰোগ এক মহামাৰী হিচাপে চিহ্নিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।
এনেধৰণৰ পৰিৱেশৰ বাবেই সমাজখনত মূল্যবোধ আৰু সহনশীলতাৰ অভাৱ ঘটা বুলি বিবেচিত হৈছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ “Insius Generation” নামৰ এখন কিতাপত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৭ চনৰ পৰা স্মাৰ্টফোন ব্যৱহাৰ হোৱাৰ ফলত ২০১০ চনৰ পৰা ২০২০ চনলৈ আমেৰিকা আৰু কানাডাত মানসিক হতাশাত ভোগা স্ত্ৰীৰ সংখ্যা ১৪৫ শতাংশ আৰু পুৰুষৰ সংখ্যা ১৬১ শতাংশ লৈ বৃদ্ধি পাইছে।
ঠিক তেনেদৰে যোৱা ১০ বছৰত মহাবিদ্যালয়ৰ ছাত্ৰৰ মাজত মানসিক ৰোগ ১৩৪ শতাংশ আৰু উদ্বিগ্নতা ১৩৯ শতাংশ বৃদ্ধি পাইছে। আত্মহত্যাৰ প্ৰৱণতা আৰু অতি ভয়াৱহ। আত্মহত্যাৰ প্ৰৱণতা ল’ৰাৰ ক্ষেত্ৰত ৯১ শতাংশ আৰু ছোৱালীৰ শতাংশ ১৬০ শতাংশ বৃদ্ধি হৈছে।
সমগ্ৰ বিশ্বৰ লগতে অসমৰ যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা এনে ভয়াৱহ উশৃংখল প্ৰৱণতাৰ মাজত ছাত্ৰ-ছাত্ৰীসকলক “চৰিত্ৰ পুথি”ৰ দৰে এখন অতি মূল্যৱান গ্ৰন্থ অধ্যয়ন কৰাৰ বাবে গঢ়ি তুলিব খোজা প্ৰচেষ্টাক ছাত্ৰ-ছাত্ৰী আৰু বিশেষকৈ অভিভাৱকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰাটো সাম্প্ৰতিক পৰিস্থিতিত অতি প্ৰয়োজন হৈ পৰিছে। সেয়েহে এই ক্ষেত্ৰত বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এক অনুভৱী চিন্তাধাৰাক আমি পথৰ পাথেয় হিচাপে বিবেচনা কৰিব পাৰি।
ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈছিল– চৰিত্ৰৰ আটাইতকৈ ভাল গুণটো কি ?চৰিত্ৰৰ আটাইতকৈ বেয়া গুণটো কি ? ৰবীন্দ্ৰ নাথ ঠাকুৰক এজনে সুধিছিল। ঠাকুৰে দুয়োটা প্ৰশ্নৰ উত্তৰ দিছিল একেটাই । চৰিত্ৰৰ আটাইতকৈ ভাল গুণটো হ’ল স্ববিৰোধ । চৰিত্ৰৰ আটাইতকৈ বেয়া গুনটো হ’ল স্ববিৰোধ।
মানুহে জীৱনত আনে কি কৰিছে তাক গুৰুত্ব দিয়াতকৈ নিজে কি কৰিছে সেই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিৎ। মানুহে আত্ম বিশ্লেষণ কৰিবলৈ শিকিব লাগিব । তেতিয়াহে নিজক জানিব পাৰিব। নিজক বুজি লৈ হে আনক বুজা বা আনক জনাটো সহজ। নিজক নজনাকৈ আনক জনা কিমান দূৰ সম্ভৱ ?
আচলতে নিজৰ পৰাই আৰম্ভ হ’ব লাগে আনক জনাটো। আনক সমালোচনা কৰাৰ আগতে নিজৰ সমালোচনা হ’ব লাগে। আত্ম বিশ্লেষণ বা আত্ম সমালোচনাই মানুহকৰ আত্ম জ্ঞান বঢ়ায় । যিটোক স্ব শিক্ষণ বুলিব পাৰি । স্বজ্ঞানেই বিশাল জ্ঞান লাভৰ বাট মুকলি কৰে। পণ্ডিত সকলক দেখা যায় তেওলোক স্ব জ্ঞানেৰে পুষ্ট। যোগ সাধনা কৰা সকলৰ স্বজ্ঞান হোৱা কথা জনা যায়।
দস্যু ৰত্নাকৰে গভীৰ তপস্যাত বহি জ্ঞান অৰ্জন কৰিছিল -সেয়া স্বজ্ঞান আছিল । ৰত্নাকৰ স্বজ্ঞান পোৱাৰ পাছত বাল্মিকীলৈ পৰিবৰ্তন হ’ল। স্বজ্ঞানেই মানুহক মহা মানৱলৈ পৰিনত কৰে। স্বামী বিৱেকানন্দয়ো যোগ সাধনাৰে অসীম জ্ঞানৰ অধিকাৰী হৈছিল। মানুহে জীৱন টোক সলনি কৰিবলৈ নিজৰ অনুভৱী শক্তিৰে স্বজ্ঞান লাভৰ ক্ষমতা অৰ্জন কৰিব লাগিব । আমি নিজৰ পৰাই এখন সুখী শান্তি পূৰ্ণ সমাজ গঢ়াৰ পথ ৰচিব পাৰো।
যুগান্ত বায়ন : ৮৮৭৬৪১৫০৮৯
Cartoon by : Nituparna Rajbanshi
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.