সাংবাদিক ধনী হ’ব নোৱাৰে নেকি?
মানস প্ৰতিম কলিতা
১. সৰ্বজনবিদিত সাংবাদিক এগৰাকীৰ ব্যক্তিগত বিষয়ৰ পৰা আৰম্ভ হোৱা সম্পত্তিকেন্দ্ৰীক বিতৰ্কই সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ সময়তে এটা মজাৰ প্ৰশ্ন (অৰ্ধ)সচেতন ৰাইজৰ মাজলৈ দুই এজন সাংবাদিকে ঠেলি দিছে।
প্ৰশ্নটো হ’ল ‘সাংবাদিক ধনী হ’ব নোৱাৰে নেকি? তেওঁ ভাল বেতন এটা পাব নোৱাৰে নেকি?’
প্ৰশ্নটো অতি উত্তম।
প্ৰশ্নকৰ্তাৰ বৌদ্ধিক উৎকর্ষতাৰ চূড়ান্ত প্ৰমাণ দাঙি ধৰি এই প্ৰশ্নটো সত্যান্বেষণৰ মৌলিক আৰু লগতে এক উজ্জ্বল চানেকি বুলি স্বীকৃতি লাভৰ প্ৰৱল দাবীদাৰ হৈ উঠা দেখা গৈছে।
উত্তৰটো হ’ল – নোৱাৰে।
দেশ দুনীয়াত জুই লাগি যোৱাৰ সময়ত, ধৰ্মীয় মেৰুকৰণ চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়ত, মূল্যবৃদ্ধিত অতিষ্ঠ হৈ সৰু দোকানীয়ে দোকানৰ শ্বাটাৰ বন্ধ কৰি দিন হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়ত, ৯৯ শতাংশ সাংবাদিকে বাতৰিকাককত নিম্নতম বেতনত, চৰম পৰ্যায়ত শোষিত হৈ দৈনিক নিমখ তেলেৰে ভাত খাই খাই পুষ্টিহীনতাত ভোগাৰ সময়ত,…..
মাটি কেলেংকাৰীৰ সময়ত অসমৰ সংবাদজগত পেঁপুৱা লাগি নিমাত নিতাল হৈ থকাৰ সময়ত, কোভিডৰ সময়ত স্বজন প্ৰীতিৰ অনিয়মৰ বিৰুদ্ধে কোনো সৰৱ হৈ নুঠাৰ সময়ত, চাকৰিৰ বাবে অনলাইন কেফেত দিন ৰাতি তাতবাতি কাঢ়ি কাঢ়ি নিবনুৱাই চেণ্ডেল ক্ষয় নিওৱাৰ সময়ত, ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেটে ইঞ্চিওৰেঞ্চ পলিচি বেচি থকাৰ সময়ত, ৰাজহুৱা লাভজনক উদ্যোগ পানীৰ দৰত ধাৰ লৈ ধনী হোৱা উদ্যোগপতিক হস্তান্তৰ কৰি থকাৰ সময়ত,….
এজন সাংবাদিকে ইমান টকা বেতন পাব নোৱাৰে, ইমান কম দিনৰ ভিতৰত ধনী হৈ উঠিব নোৱাৰে।
“ৰাজনীতিত (আমাৰ প্ৰচলিত ৰাজনীতিৰ কথাটো কৈছো) প্ৰায়বোৰেই চোৰ ডকাইত, এই কথাটো সমাজত প্ৰতিষ্ঠিত। কোনোৱেই ৰাজনীতি সুন্দৰ আৰু সুলভ, দুখীয়ায়ো ৰাজনীতি কৰিব পাৰে বুলি নাভাবে। এইটো এটা new normalcy। যদি সাংবাদিকতাও এই new normalcyত এক নৱতম সংযোজন, তেন্তে আমাৰ একো ক’বলগা নাই।”

সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ সূচাংকত তিনি অংকৰ সংখ্যাত পিছ পৰি ৰোৱা এখন দেশৰ ৰাষ্ট্ৰ যন্ত্ৰই কোনো সাংবাদিকক প্ৰতিষ্ঠান বিৰোধিতাৰ বাবে এগাল টকা আৰ্জিবলৈ সুযোগ নিদিয়ে। (বেল পাইছ?)চেনেলৰ মালিকক ৰাষ্ট্ৰই হৈ গুদু খেলিবলৈ ইমান স্পেছ দি থোৱা নাই। ৰাইজক বেলবুং বুলি নাভাবিব।
কোনোৱে কৈছে যে ৰাজনীতিকৰ সম্পত্তিৰ ক্ষেত্ৰত দেখোন একো আলোচনা নহয়?
কাৰণ, ৰাজনীতিত (আমাৰ প্ৰচলিত ৰাজনীতিৰ কথাটো কৈছো) প্ৰায়বোৰেই চোৰ ডকাইত, এই কথাটো সমাজত প্ৰতিষ্ঠিত। কোনোৱেই ৰাজনীতি সুন্দৰ আৰু সুলভ, দুখীয়ায়ো ৰাজনীতি কৰিব পাৰে বুলি নাভাবে। এইটো এটা new normalcy। যদি সাংবাদিকতাও এই new normalcyত এক নৱতম সংযোজন, তেন্তে আমাৰ একো ক’বলগা নাই।
এনে প্ৰশ্নৰ সমান্তৰাল প্ৰশ্ন হব পাৰে – ঠেলাৱালাই মাৰ্চিডিজ কিনিব নোৱাৰে নেকি, লোকগীতৰ শিল্পীয়ে বিহুমঞ্চত লাখ টকা মাননী ল’ব/পাব নোৱাৰে নেকি, মাফিয়াই বিপ্লৱী কবিতা লিখিব নোৱাৰে নেকি, ৰেপিষ্টে নাৰী স্বাধীনতাৰ কথা ক’ব নোৱাৰে নেকি, ইত্যাদি !

২. সদ্যহতে বহু জেহাদী পোৱা গৈছে। অসমৰ প্ৰতিটো চুক কোণ, কলতল,বাঁহতল, বিছনাৰ তলত জেহাদীয়ে ঘাটি পাতিছে।
ৰাইজ সাৱধান হওক, জেহাদী আহি গৈছে, শক্তিশালী টৰ্ছ এটাৰে বিছনাৰ তলখন ভালকৈ পৰীক্ষা কৰক।
বেংকাৰ, টেট শিক্ষক, সদ্য নিযুক্ত পুলিচ কনষ্টেবলক ৰিক্ৰুইট কৰিবলৈ জেহাদীয়ে কাণে কাণে সুধিছে ‘জেহাদ কৰিবিগৈ নেকি?’
উত্তৰত সিহঁতে হেনো নাযাওঁ বুলি কৈছে। চাকৰি থকা, কর্মসংস্থাপন থকা, খাই বৈ সুন্দৰকৈ চলি থকা মানুহবোৰে জেহাদ নকৰোঁ বুলি জনাই দিছে। বছৰি দুই কোটিৰ হিচাপত ১৮ কৌটিৰ সলনি ৮ লাখ নিবনুৱাক নিযুক্তি দিছে। সেয়েহে চকুচৰহাবোৰে মেল মাৰিছে যে নিবনুৱা মখাই যদি জেদ লাগি জেহাদত চামিল হয়, দোষ কাৰ হ’ব?
“এনে প্ৰশ্নৰ সমান্তৰাল প্ৰশ্ন হব পাৰে – ঠেলাৱালাই মাৰ্চিডিজ কিনিব নোৱাৰে নেকি, লোকগীতৰ শিল্পীয়ে বিহুমঞ্চত লাখ টকা মাননী ল’ব/পাব নোৱাৰে নেকি, মাফিয়াই বিপ্লৱী কবিতা লিখিব নোৱাৰে নেকি, ৰেপিষ্টে নাৰী স্বাধীনতাৰ কথা ক’ব নোৱাৰে নেকি, ইত্যাদি !“
অৱশ্যে এনে আপদীয়া পৰিস্থিতিৰ সন্দৰ্ভত কোনেও স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই বুলি এজন ছাল বাকলি এৰ খোৱা দুখীয়া জেহাদীয়ে কচুৱনী এডৰাৰ মাজৰ পৰা ভুটুংকৈ ওলাই আহি আমাক জানিবলৈ দিছে।
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)