• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAM

সাগৰৰ তলত হোৱা ঘটনাই কিদৰে অসমৰ জীৱনো স্তব্ধ কৰিব পাৰে!

ASSAMESE SECTION / Assam/ World / Politics

by Anjan Sarma
March 23, 2026
in ASSAM, ASSAMESE SECTION, Politics, World
Reading Time: 8 mins read
0
When Sea Chaos Hits Home: Assam’s Total Internet Blackout!
Share on FacebookShare on TwitterShare on LinkedIn

সাগৰৰ তলত হোৱা ঘটনাই কিদৰে অসমৰ জীৱনো স্তব্ধ কৰিব পাৰে!

সাগৰৰ তলত হোৱা ঘটনাই কিদৰে অসমৰ জীৱনো স্তব্ধ কৰিব পাৰে!

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা
[অৰূপ নামৰ এজন যুৱকক কেন্দ্ৰ কৰি লেখা এই কাহিনীটো কেৱল এক কাহিনী নহয়, কাহিনীৰ ভিত্তি আছে]

এই কাহিনীটো এতিয়া কেৱল মাত্ৰ অৰূপ নামৰ এজন ল’ৰাৰ কাহিনী নহয়, ই সমগ্ৰ অসমৰে অৰূপৰ প্ৰজন্মৰ কাহিনী – যেন পিয়াঁজৰ বাকলিৰ দৰে সেই প্ৰজন্মই বিভিন্ন ধৰণে বিভিন্ন স্থানত থাকিও একেধৰণে তৰপে তৰপে থুপ খাই থাকি সৃষ্টি কৰা এক কাহিনী, গুৱাহাটী মহানগৰীৰ ছাত্ৰাৱাসৰ পৰা ব্ৰহ্মপুত্ৰ নদৰ কাষৰ গাঁওখনলৈ যি ব্যপ্ত – য’ত অৰূপৰ প্ৰজন্মৰ লগতে অইন প্ৰজন্মৰো কোনোবা নহয় কোনোবাই বেলেগ ৰূপত অৰূপৰ দৰে হৈ পৰিছে।

সাগৰৰ তলত হোৱা ঘটনাই কিদৰে অসমৰ জীৱনো স্তব্ধ কৰিব পাৰে!

সৌ সিদিনালৈকে গুৱাহাটী মহানগৰীত অৰূপৰ ছাত্ৰাৱাসৰ দৰেই অইন ছাত্ৰাৱাসবোৰতো ফ্লুৰোছেন্ট টিউববোৰ নিশা গভীৰলৈ উজলি থাকিছিল আৰু ছাত্ৰাৱাসৰ কোঠাবোৰত তৎক্ষণাৎ প্ৰস্তুত হোৱা নুডলছ্-অৰ গোন্ধ আৰু ভালদৰে নুশুকোৱা তিতা কাপোৰৰ গোন্ধৰ লগতে কেচেমা -কেচেম গোন্ধৰ মাজত শাৰী শাৰীকৈ পাতি থোৱা বিচনাবোৰত অৰূপ আৰু অৰূপৰ দৰে বহু অৰূপে তলমুৱাকৈ থাকিলেও যেন তাতে নাছিল, কাৰণ স্মাৰ্টফোনৰ সৰু পৰ্দাত তেওঁলোকে নিজৰ নিজৰ দুচকু নিৱদ্ধ কৰি মানসিকভাবে অইন ক্ষেত্ৰসমূহত বিচৰণ কৰিছিল। ই এক অভ্যাসত পৰিণত হৈছিল।

একেদৰে একেসময়তে অসমৰ গাঁওবোৰতো বিশাল আকাশৰ তলত – য’ত তৰাবোৰ সৰি পৰে সৰি পৰে যেন লাগিছিল আৰু অন্ধকাৰত জোনাকী পৰুৱাই পোহৰ বিলাইছিল- সেইবোৰ স্থানতো পদূলিমুখত বা নিজৰ নিজৰ শেতেলীত সেইস্থানৰ অৰূপহতেও স্মাৰ্টফোনৰ নীলাভ পোহৰ নিৰ্গত কৰি ব্যস্ত হৈ আছিল আৰু নিজৰ গাঁওখনত তেওঁলোক মানসিকভাৱে নাছিল, তেওঁলোকে সেইসময়ত বিচৰণ কৰিছিল বিশ্বৰ বিভিন্ন স্থানত, বলিউদত, হলিউডত, তলিউদত, ফেচবুকত, হোৱাটছএপত, ইউ-টিউবত, ইন্ষ্টাগ্ৰামত। আনহাতে তৰাভৰা আকাশৰ তলত গাঁওখনৰ কাষেৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰখন নিজস্ব ধৰণে গম্ভীৰভাৱে প্ৰাচীনতম শৈলীৰে বৈ আছিল – যদিও নদখনৰ বিনন্দীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ গাঁওখনত থকা অৰূপৰ প্ৰজন্মৰ কাৰো সময় নাছিল।

কিছুবছৰ আগলৈকে এনে এক সময় আছিল, যিছোৱা সময়ত অসমৰ গাঁওবোৰ ইন্টাৰনেটৰ জালৰ পৰা মুক্ত আছিল আৰু এক চিৰাচৰিত ছন্দত চলিছিল। বজাৰবোৰ সূৰ্য উদয় হোৱাৰ কিছু সময়ৰ পিছতে আৰম্ভ হৈছিল। গৰুৰ হেম্বেলনি, ম’হৰ ডিঙিৰ টিলিঙাৰ শব্দ, চোতালৰ সৈতে ঝাৰুৰ ঘৰ্ষণৰ চিনাকি ধ্বনি, অদূৰৰ পৰা ভাহি অহা ‘তেজৰে কমলাপতি পৰভাতে নিন্দ/ তেৰি চান্দ মুখ পেখো…’; বজাৰত নগদ টকাৰ লেনদেন, শিক্ষা গ্ৰহণ কিতাপৰ জ্ঞান আৰু শিক্ষকৰ অভিজ্ঞতাৰ মাজেৰে প্ৰৱাহিত হৈছিল। এক বিশেষ অস্তিত্ব আছিল সমাজখনৰ, এক বিশেষ লয় আছিল জীৱনৰ যাত্ৰাৰ।

সেইছোৱা সময় এতিয়া আৰু নাই!

আজি বৰপেটা, নলবাৰী, কোকৰাঝাৰ, শিৱসাগৰ, লখিমপুৰ, শোণিতপুৰ ইত্যাদি বিভিন্ন জিলাৰ বিভিন্ন গাঁওবোৰতো সেইছোৱা সময় আৰু নাই। এক নীৰৱ আগ্ৰাসনৰ পটভূমিত পৰিৱৰ্তনৰ প্ৰভাৱ পৰি জীৱনৰ ছন্দ সলনি হৈ পৰিছে। গাঁৱৰ যুৱকসকলৰ সৰহভাগেই বাঁহনিত বা গছৰ তলত বহি অথবা নিজৰ কোঠাত থকা বিচনাত দীঘল দি ইউটিউবত কৰে অনন্ত স্ক্ৰল, লগে লগে চলি থাকে ফেচবুক, হোৱাটছএপ, সংগীত।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

CLICK THE LINK ABOVE

আজিকালি বন্ধ হৈ থকা মোবাইললৈও নিজে নিজেই আঙুলিবোৰ গুচি যায় নিজৰ অজানিতে – পেশীৰ স্মৃতিয়ে লৈ যায় – মগজুক কোনো সংকেত নিদিয়াকৈয়ে! খেতিয়কসকলেও স্মাৰ্টফোনৰ পৰ্দাত চায় বতৰৰ পূৰ্বাভাস। ছাত্ৰ ছাত্ৰীয়ে বিনিময় কৰা মোবাইল ডাটাৰে কৰে ‘অনলাইন ক্লাছ’। গাঁৱতো সোমাই পৰিছে ফিজিক্সৱালা। পথাৰত দিবলগীয়া সাৰ ক্ৰয়, মোবাইল ৰিচাৰ্জ, সৰু সৰু দোকানৰ পৰা কিনা ঘৰুৱা সামগ্ৰী, পাচলি ক্ৰয় আদিৰ দৰে বিভিন্ন ক্ৰয়ৰ ক্ষেত্ৰত গুগল পে-ৰ দ্বাৰা ধন পৰিশোধ কৰা হয়। হোৱাটছএপৰ জৰিয়তে গাঁওবোৰৰ দূৰত্বও একেবাৰে কমি আহিছে। গাঁৱৰ সৰু সৰু ল’ৰা-ছোৱালীয়েও এতিয়া বুঢ়ী আইৰ সাধু নুশুনে, বৰং আইতাকক শুনায় ‘টম এণ্ড জেৰী’, হেৰী পটাৰৰ কাহিনী।

সাগৰৰ তলত হোৱা ঘটনাই কিদৰে অসমৰ জীৱনো স্তব্ধ কৰিব পাৰে!

গাঁওবোৰ এতিয়া আৰু আগৰ শৈলীৰ গাঁও হৈ থকা নাই, গাওঁবোৰকো ডিজিটেল বিপ্লৱে নিজৰ জালৰ মাজত সুমুৱাই ল’বলৈ সক্ষম হৈছে আৰু তাৰ ফলত জীৱনৰ ছন্দ সলনি হৈ পৰিছে। গাঁওৰ বাসিন্দাসকলো এতিয়া নগৰৰ বাসিন্দাৰ দৰে হৈ পৰিছে তথ্যৰ মহাসমুদ্ৰত নিজৰ তথ্য বিলীন কৰা একো একোটা সংখ্যা, ডিজিটেল সাম্ৰাজ্যবাদৰ অসহায় গোলাম!

সাগৰৰ তলত হোৱা ঘটনাই কিদৰে অসমৰ জীৱনো স্তব্ধ কৰিব পাৰে!

এনে পৰিস্থিতিত ধীৰে ধীৰে নিজৰ অজানিতে গাওঁ -চহৰ সকলোতে সুক্ষ্মভাৱে আৰু নীৰৱে অসমৰ সমাজ -সংস্কৃতি সলনি হ’বলৈ ধৰা নহয় – ইতিমধ্যে বহু সলনি হৈ পৰিছে। অৰূপহত আজি ডিজিটেল প্ৰযুক্তিৰ কেৱল ব্যৱহাৰকাৰী হৈ থকা নাই, তেওঁলোকক প্ৰযুক্তিয়ে আৰু আসক্তিয়ে বেলেগ ধৰণে গঢ়ি তুলিছে। তেওঁলোকৰ অভ্যাস, সিদ্ধান্ত, আকাংক্ষা, আনকি তেওঁলোকৰ পৰিচয়ো এনে ব্যৱস্থাৰ মাজেৰে নিয়ন্ত্ৰিত হৈছে – যিবোৰ তেওঁলোকে দেখা নাপায় বা নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

অৰূপ হ’ল এইসকলৰ মাজৰেই এজন।
Youth today

কিন্তু অৰূপে বা অৰূপৰ দৰে অলেখজনে ভাবিব পৰা নাছিল যে অসমখনক ডিজিটেল আন্তৰ্জালে মেৰিয়াই পেলোৱাৰ সময়তে অসমৰ সীমাৰ বাহিৰত এনে এক ঘটনা সংঘটিত হৈছিল যে পৃথিৱীখনে অস্থিৰতাৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছিল। 

আমেৰিকা -ইজৰাইলৰ ইৰাণ আক্ৰমণ অভাৱনীয়ভাৱে এক দীঘলীয়া প্ৰচন্ড সামৰিক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল আৰু ই কেৱল ইৰাণৰ মাজতেই সীমাৱদ্ধ হৈ নাথাকি সমগ্ৰ মধ্য প্ৰাচ্যত বিয়পি পৰিছিল। ডুবাইত এই যুদ্ধৰ প্ৰভাৱ তাৎক্ষণিক বিশৃংখলতা হৈ পৰা নাছিল, বৰং লাহে লাহে এক অস্থিৰতা বিয়পি পৰিছিল।

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

CLICK THE LINK ABOVE

যিখন ডুবাইয়ে সুস্থিৰতা আৰু শান্তিৰ কলা নিখুঁতভাৱে আয়ত্ব কৰি বিভিন্ন দেশৰ মহাধনপতিসকলক আকৰ্ষিত কৰাৰ লগতে সকলোৰে বাবে এক নিশ্চয়তাৰ প্ৰতীক হৈ পৰিছিল, সেই ডুবাইৰ আকাশতো যেতিয়া যুদ্ধৰ ধোঁৱা বিয়পি পৰিল আৰু বাৰুদৰ গোন্ধ নাকত সোমাল- প্ৰৱাসীসকলকে ধৰি নাগৰিকসকলে অনিশ্চয়তাৰ বিষয়ে আলোচনা আৰম্ভ কৰিবলৈ ধৰিলে, যি আলোচনা বহুকাল অপ্ৰাসংগিক হৈ আছিল। ডুবাইত যোগানৰ শৃংখলা হৈ পৰিল দৈনন্দিন কথোপকথনৰ বিষয়। আকাশৰেখা অক্ষত হৈ থাকিলেও, বিজুলীৰ চাকিবোৰ জ্বলি থাকিলেও, বুৰ্জ খলিফা ক্ষেপনাস্ত্ৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত নহলেও, এক নিস্তব্ধ অস্থিৰতাই সকলোকে চেপি ধৰিছিল আৰু উপলব্ধি হৈছিল যে আটাইতকৈ উন্নত নগৰবোৰো ৰক্তাক্ত বিশ্বৰ সৈতে বান্ধ খাই আছে।

war

তুৰস্কৰ ইষ্টানবুলত এই উত্তেজনাই অৰ্থনৈতিক সংকটৰ ৰূপ ধাৰণ কৰিছিল। বজাৰ তীব্ৰভাৱে উঠা নমা কৰিবলৈ ধৰিছিল – যিয়ে মহাদেশসমূহৰ মাজত সেতু হিচাপে নগৰখনৰ আন্তৰ্জাতিক অৱস্থানক প্ৰতিফলিত কৰিছিল। বিশ্লেষকসকলে বাণিজ্য পথ বিঘ্নিত হোৱাৰ বাবে হোৱা প্ৰভাৱৰ বিষয়ে বিতৰ্ক কৰিছিল আৰু সাধাৰণ নাগৰিকে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি দেখি অনুভৱ কৰিছিল যে দূৰৰ সামৰিক সংঘৰ্ষই তেওঁলোকৰ চিৰাচৰিত জীৱনৰ প্ৰৱাহক সোলোক-ধোলোক কৰি পেলাইছে।

বেইৰুট হৈ পৰিছিল অশান্ত। লেবাননত ক্ষেপনাস্ত্ৰৰ আঘাতে সকলোকে অস্থিৰতাৰ মাজলৈ ঠেলি দিছিল, সংযোগ বিচ্ছিন্ন হৈ পৰিছিল, বিজুলীৰ চাকিবোৰ নুমাই গৈছিল, আকাশত মাদল বাজিছিল। সমগ্ৰ লেবাননত অনিশ্চয়তাৰ মানসিক বোজা অধিক গধূৰ হৈ পৰিছিল। এনে পৰিৱেশ বেইৰুটৰ বাবে কাল্পনিক নাছিল, আগৰ অভিজ্ঞতাৰে অভিজ্ঞ আছিল বেইৰুট।

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

CLICK THE LINK ABOVE

এই অকল্পনীয় প্ৰযুক্তিনিৰ্ভৰ সামৰিক সংঘৰ্ষৰ মূল কেন্দ্ৰবিন্দু তেহৰাণত পৰা চাপ কল্পনাতীত আছিল। অন্ধকাৰাচ্ছন্ন তেহৰাণৰ সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল, ইন্টাৰনেট কাটি পেলোৱা হৈছিল, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে খোৱাপানীৰ সমস্যা চম্ভালিবলৈ আৰু বোমা বিস্ফোৰণৰ পৰা প্ৰাণ বচাবলৈ তেহৰাণৰ নাগৰিকে চিন্তা কৰি দিগবিদিক হেৰুৱাই পেলাইছিল। তেহৰাণৰ মহিলাসকলে এক গভীৰ অনিশ্চয়তাত আছিল। গোড়া ইছলামিক শাসকক পাৰিবনে আমেৰিকাই উৎখাত কৰিব অথবা এই যুদ্ধৰ পিছত মহিলাসকলৰ দশা কেনে হ’ব! 

নিষেধাজ্ঞা, যুদ্ধ আৰু অশান্তিয়ে ইৰাণৰ অৰ্থনীতি বিধ্বস্ত কৰি তুলিছিল। ইৰাণত মুদ্ৰা ৰিয়ালৰ অৱস্থা ফটা কাগছৰ দৰেই হৈছিল। যুদ্ধৰ মাজতে ইৰাণৰ কেন্দ্ৰীয় বেংকে এক কোটি টকা মূল্যৰ নোট জাৰি কৰিছিল। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ আছিল ৭১৩ টকা। আমেৰিকান ডলাৰৰ হিচাপত ৭ ডলাৰ। এই এক‌ কোটি ৰিয়ালেৰে বজাৰৰ মোনা এখন ভৰ্তি নহয়। হাহাকাৰ সমগ্ৰ ইৰাণত। আটাৰ কিলো ৫.২ লাখ ৰিয়াল, গাখীৰৰ লিটাৰ ৬ লাখ ৰিয়াল, চাউলৰ কিলো ২ লাখ ৰিয়াল!

Dubai under smoke

ইজৰাইলৰ তেল-আভিভত চাইৰেণৰ শব্দ নিয়মীয়া হৈ পৰিছিল আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বাজি উঠিলেই নাগৰিকসকলে বাংকাৰত প্ৰৱেশ কৰিছিল। ইজৰাইলৰ সৈন্যবাহিনীৰ ওপৰত তেল-আভিভৰ নাগৰিকসকলৰ গভীৰ বিশ্বাস আছিল যদিও ইৰাণৰ যে ইমান ক্ষমতা আছে – সেয়া আগতে বুজিব পৰা নাছিল বাবে অনিশ্চয়তাৰ মাজলৈ নিজকে ঠেলি দিছিল। 

সুদূৰৰ সেই নগৰ আৰু দেশবোৰৰ দৰেই অসমকো আৰু সেই দেশবোৰৰ নাগৰিকসকলৰ দৰেই অৰূপকো এনে এবিধ জালে সংযোগ কৰি ৰাখিছিল – যি জাল কোনেও দেখা নাছিল আৰু যুদ্ধৰ পটভূমিত সেই সংযোগ যে বিঘ্নিত হ’ব পাৰে আৰু হ’লে কি হ’ব পাৰে তেনে চিন্তাও কোনো কাৰণতেই কাৰো মনলৈ বগুৱা বাই অহা নাছিল, অৰূপৰো অহা নাছিল।

মধ্যপ্ৰাচ্য অঞ্চলটোৱে দীৰ্ঘদিন ধৰি তেলক কেন্দ্ৰ কৰি নিজৰ পৰিচয় গঢ়ি তুলিছে – ই এনে এক অঞ্চল, যাৰ ভৌগোলিক-ৰাজনৈতিক গুৰুত্বই বিশ্বৰ শক্তিৰ বজাৰখনক দশক দশকজুৰি প্ৰভাৱিত কৰি আহিছে। কিন্তু ইয়াৰ অস্থিৰ সাগৰৰ তলত আন এক জাল বিস্তাৰিত হৈ আছে, যিখন জাল তেলৰ দৰে সমানেই গুৰুত্বপূৰ্ণ যদিও ই অদৃশ্য – ই হ’ল চাবমেৰিন কেবলসমূহৰ এক বিস্তৃত নেটৱৰ্ক, যি হ’ল আধুনিক বিশ্বৰ প্ৰাণস্রোত, অৰ্থাৎ ‘ডাটা’ বহনকাৰী ধমনী বা শিৰা।

Internet 4

আজিৰ দিনত, বিশ্বৰ প্ৰায় ৯৯ শতাংশ ইণ্টাৰনেট ট্ৰেফিক প্ৰায় ৬০০দাল চাবমেৰিন কেবলৰ জৰিয়তে প্ৰৱাহিত হয়, যিবোৰে সমুদ্ৰৰ তলত প্ৰায় ১৫ লাখ কিলোমিটাৰ দীঘল বিস্তৃতি লাভ কৰিছে। এই সূক্ষ্ম ফাইবাৰ-অপ্টিক কেবলবোৰ – যিবোৰ সাধাৰণতে এখন বাগিচাত থকা পাইপৰ দৰে ডাঙৰ – সেইবোৰে নীৰৱে আৰ্থিক লেনদেন, কূটনৈতিক যোগাযোগ, সামাজিক মাধ্যম, ক্লাউড কম্পিউটিং আদি সকলো ধৰণৰ ডিজিটেল তথ্য বহন কৰে।

এই ব্যৱস্থাৰ আটাইতকৈ ঘনীভূত আৰু একে সময়তে আটাইতকৈ দুৰ্বল অংশটো হৈছে মধ্যপ্ৰাচ্যৰ চাৰিওফালে থকা পানীৰ অঞ্চলসমূহ।

Iran harmuj

হৰ্মুজ প্ৰণালী হ’ল পাৰস্য উপসাগৰ আৰু আৰব সাগৰৰ মাজত থকা এক সংকীৰ্ণ জলপথ – এতিয়াও বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথসমূহৰ ভিতৰত এটা। বিশ্ব শক্তি তথ্য অনুসৰি, প্ৰতিদিনে বিশ্বৰ তেল যোগানৰ প্ৰায় ২০ শতাংশ- অৰ্থাৎ ১৭ৰ পৰা ২০ মিলিয়ন বেৰেল তেল – এই পথেৰে গমন কৰে। হৰ্মুজ প্ৰণালীৰ পশ্চিমফালে অৱস্থিত ৰেড চি (লোহিত সাগৰ) অঞ্চলটোও সমানেই গুৰুত্বপূৰ্ণ। ইয়াত থকা ঘনীভূত চাবমেৰিন কেবলসমূহে ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ মাজত সংযোগ স্থাপন কৰি বিশ্বৰ প্ৰায় ১৮ শতাংশ ডাটা ট্ৰেফিক বহন কৰে।

এই দুটা অঞ্চল একেলগে এতিয়া এক “দ্বৈত সংকীৰ্ণ পথ” হিচাপে পৰিচিত হৈছে – য’ত শক্তি আৰু ডিজিটেল পৰিকাঠামো দুয়োটা একে সময়তে এখন অত্যন্ত ৰাজনৈতিকভাৱে অস্থিৰ অঞ্চলত কেন্দ্ৰিত হৈছে। ইমান গুৰুত্বপূৰ্ণ হোৱাৰ পিছতো, চাবমেৰিন কেবলসমূহ যুদ্ধৰ পটভূমিত অক্ষত হৈ থকাকৈ নিৰ্মিত নহয়। সামৰিক সুৰক্ষিত ব্যৱস্থাৰ বিপৰীতে, এইবোৰ দক্ষতা আৰু খৰচ কমাবলৈ ডিজাইন কৰা হয়, স্থায়িত্বৰ বাবে নহয়। গ্লাছ ফাইবাৰ আৰু ষ্টীলৰ স্তৰৰে আবৃত এই কেবলসমূহ সহজেই ক্ষতিগ্ৰস্ত হ’ব পাৰে।

তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

CLICK THE LINK ABOVE

পূৰ্বতে, এইবোৰৰ ক্ষতি সাধাৰণতে প্ৰাকৃতিক কাৰণ বা মাছধৰা কাৰ্যকলাপৰ ফলত হৈছিল। কিন্তু এতিয়া এই ধাৰণাটো দ্ৰুতভাৱে সলনি হৈ আছে। ২০২৪ আৰু ২০২৫ চনত, ৰেড চি অঞ্চলত কেইবাটাও কেবল বিচ্ছিন্ন হোৱাৰ ফলত ভাৰত, পাকিস্তান, আৰৱ, কুৱেইট আৰু আন বহুতো দেশত ইণ্টাৰনেট ব্যৱস্থাত গুৰুত্বপূৰ্ণ বিঘ্ন ঘটিছিল। এই ঘটনাসমূহ গাজাৰ যুদ্ধৰ প্ৰেক্ষাপটত ইৰাণ-সমৰ্থিত হুথি গোটৰ কাৰ্যকলাপৰ সৈতে জড়িত বুলি ধৰা হৈছিল। তাৰ প্ৰভাৱ তাৎক্ষণিক আছিল – আৰ্থিক বজাৰত লেনদেন ধীৰগতি হৈছিল, কল চেণ্টাৰসমূহত সমস্যা হৈছিল, আৰু ডিজিটেল সেৱাসমূহ যথেষ্ট মন্থৰ হৈ পৰিছিল। এতিয়াৰ ডিজিটেল অৰ্থনীতিত, সামান্য বিলম্বেও বৃহৎ আৰ্থিক ক্ষতি ঘটাব পাৰে।

দীৰ্ঘদিন ধৰি চাবমেৰিন কেবলসমূহৰ ওপৰত এক অদৃশ্য সুৰক্ষা আছিল – কোনো দেশেই সচেতনভাৱে এইবোৰ লক্ষ্য কৰি আক্ৰমণ কৰা নাছিল। সকলো দেশেই এইবোৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে এক প্ৰকাৰৰ নীৰৱ বুজাবুজি চলি আছিল। কিন্তু এতিয়া এই ব্যৱস্থাটো প্ৰচন্ড চাপৰ সন্মুখীন হৈ পৰিছে।বিশেষজ্ঞসকলে কৈছে যে, সংকীৰ্ণ জলপথত কেবলসমূহৰ ঘনীভূত অৱস্থানৰ বাবে একেধৰণৰ ঘটনা বহু দেশলৈ একেলগে প্ৰভাৱ পেলাব পাৰে। হৰ্মুজ প্ৰণালী, ৰেড চি অঞ্চলত, বহুতো উচ্চ-ক্ষমতাসম্পন্ন কেবল একে ঠাইতে থকাৰ বাবে, এটা ঘটনাই একাধিক মহাদেশত প্ৰভাৱ পেলাব পাৰে।

Internet cables 2

প্ৰতিদিনে বিশ্বজুৰি প্ৰায় ১২০ জেটাবাইট ডাটা সৃষ্টি হয়, আৰু এই পৰিমাণ আগন্তুক সময়ত আৰু বাঢ়িব বুলি অনুমান কৰা হৈছে। এই ডাটাৰ এটা ডাঙৰ অংশ এই বিপদগ্ৰস্ত অঞ্চলসমূহৰ মাজেৰে পাৰ হয়। ভাৰতৰ দৰে দেশৰ বাবে, য’ত ৮০০ মিলিয়নৰো অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে, এনে বিঘিনিৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ।

বেংকিং, ই-কমাৰ্চ, চৰকাৰী সেৱা আৰু সমগ্ৰ ডিজিটেল অৰ্থনীতি এইবোৰৰ ওপৰত নিৰ্ভৰশীল। ডাটা অৰ্থনীতিৰ ক্ষেত্ৰখনত ই হ’ব পাৰে প্ৰচন্ড মাধমাৰ। যদিও এই বিশাল ব্যৱস্থাটো কোনো একক সংস্থাই নিয়ন্ত্ৰণ নকৰে, তথাপিও ইয়াক সচল ৰাখিবলৈ এক জটিল আন্তঃৰাষ্ট্ৰীয় সমন্বয় ব্যৱস্থা আছে। আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ সংস্থা (IMO)-ই ২০২১ চনৰ পৰা Red Sea Project নামৰ এক গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰিছে, যিটো ২০২৬ পৰ্যন্ত চলিব বুলি ধৰা হৈছে। এই প্ৰকল্পে জিবুটি, ইথিওপিয়া, চোমালিয়া, চুডান আৰু ইয়েমেন অঞ্চলত কেন্দ্ৰিত।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?

CLICK THE LINK ABOVE

এই ডাটা পৰিবাহী কেবলবোৰ ইৰাণে কাটি পেলাব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু আমেৰিকা -ইজৰাইলৰ লগতে ইন্টাৰনেট নিৰ্ভৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। কাৰণ এই ডাটা পৰিবাহী কেবলবোৰ হ’ল সমুদ্ৰৰ তৰংগৰ তলত নীৰৱে দীঘল দি থকা ডিজিটেল জগতৰ অদৃশ্য ধমনী।

LPG

ইতিমধ্যে আমেৰিকা -ইজৰাইলৰ ইৰাণ আক্ৰমণৰ প্ৰভাৱ ভাৰতত পৰিল। ই যদিও ডিজিটেল জগতৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল, ই প্ৰভাৱ পেলালে ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত, ব্যৱসায়িক চিলিণ্ডাৰৰ ক্ষেত্ৰত, ইন্ধনৰ ক্ষেত্ৰত। দিল্লী, মুম্বাই, চেন্নাই, কলকাতাই নহয়, সৰু- ডাঙৰ নগৰ , গাওঁ সকলোতে ই প্ৰভাৱ বিস্তাৰ কৰাৰ ফলস্বৰূপে চিলিণ্ডাৰৰ বিতৰণ কেন্দ্ৰৰ বাহিৰত দেখা গ’ল উপভোক্তাৰ দীঘল দীঘল শাৰী। দৈনন্দিন জীৱনৰ যাত্ৰা ব্যাহত হৈ পৰিল। অসমতো সেই যুদ্ধৰ প্ৰভাৱ গভীৰ আৰু তাৎক্ষণিক হৈ পৰিল। বহুদিনৰ পিছত মানুহৰ মনত পৰিল অতীতৰ কাঠখৰি আৰু চৌকালৈ, কেৰাচিনৰ ষ্টোভলৈ ( যদিও কেৰাচিন নাই), বাতৰি-কাকতত ইনডাক্চন কুকাৰৰ বিজ্ঞাপন বাহিৰ হ’বলৈ ধৰিলে, ‘ৰাইচ কুকাৰ’ নো কি চাবলৈ ইউটিউবত হেতা-ওপৰা আৰম্ভ হ’ল, কোমল চাউল আৰু চিৰা হঠাৎ বজাৰৰ পৰা অদৃশ্য হৈ গ’ল, ৰেষ্টুৰেণ্ট আৰু হোটেলবোৰ বন্ধ হৈ গ’ল, চিঙৰাৰ দাম হঠাৎ বাঢ়ি গ’ল, বিয়া-সভা উপলক্ষে ভোজন পৰ্ব কিদৰে সমাপন কৰা সম্ভৱ হ’ব পাৰে তাকে লৈ চিন্তিত হ’ল আয়োজকসকল,…!

Firewood cook
এনে বিঘিনিৰ মাজতো ডিজিটেল জগতখন অটুত আছিল। অৰূপহত ব্যস্ত হৈ আছিল।

কিন্তু সকলোকে স্তম্ভিত কৰি ইৰাণে ডাটা পৰিবাহী কেবলবোৰ কাটি পেলালে। হয়, কাটি পেলালে বা ধ্বংস কৰি পেলালে (বুলি আমি ধৰি ললো)!

প্ৰথমতে অৰূপে একো ধৰিব পৰা নাছিল। ‘লোড’ হোৱা সময় বাঢ়িবলৈ ধৰিছিল, বাৰ্তা বিলম্বিত হৈছিল, লেনদেন বিফল হৈছিল; তাৰপিছত সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে পতিত হৈ পৰিছিল। অসমৰ সকলো ঠাইতে, গুৱাহাটীৰ পৰা দূৰ দূৰণিৰ গাওঁবোৰলৈ – ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। অৰূপ আৰু অৰূপৰ, অৰূপাহত , হঠাৎ পংগু হৈ পৰিল, নিথৰ হৈ পৰিল, সৰগ ভাঙি পৰিল তেওঁলোকৰ মূৰৰ ওপৰত…. ফেচবুক নাই, ইউটিউব নাই, ইন্ষ্টাগ্ৰাম নাই, গুগল নাই, ইন্টাৰনেট নাই….যেন শৰীৰৰ ভিতৰত বন্ধ হৈ গ’ল ৰক্তপ্ৰৱাহৰ, যেন বহুবছৰৰ পৰা কোকেইন মাৰিজুৱানা সেৱন কৰি কৰি হঠাৎ নোহোৱা হৈ গ’ল নাৰকোটিক ড্ৰাগছ! পৃথিৱী যেন স্তব্ধ হৈ পৰিল।

No internet

২০২৫ চনৰ তথ্য অনুসৰি, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ইণ্টাৰনেট ব্যৱহাৰকাৰী হ’ল (internet penetration) প্ৰায় ৪৫% । যিসকল ইতিমধ্যে সংযুক্ত হৈছে, তেওঁলোকৰ জীৱন সম্পূৰ্ণভাৱে ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে, কাৰণ – অসমৰ ৯১% ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰে, ৭০% মানুহে অনলাইন বেংকিং ব্যৱহাৰ কৰে, ৭৬% শিক্ষাৰ্থীয়ে অনলাইন শিক্ষা গ্ৰহণ কৰে ; শিক্ষা খণ্ডতো পৰিবর্তন সাধন হৈছে – ২০১৫-১৬ চনত মাত্ৰ ১৩.৭% বিদ্যালয়ত ইণ্টাৰনেট আছিল, আৰু ২০২৩-২৪ চনত বৃদ্ধি পাই ৫৩.৮% হ’ল। 

ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ পিছত, অসমত, ডিজিটেল পৰিশোধ ব্যৱস্থা বন্ধ হৈ পৰিল। গাঁওবোৰত য’ত সৰু বিক্ৰেতাসকলেও ‘কিউআৰ ক’ড’ ব্যৱস্থা গ্ৰহণ কৰিছিল, লেনদেন অসম্ভৱ হৈ পৰিল। নগদ টকা, যি লাহে লাহে দৈনন্দিন ব্যৱহাৰৰ পৰা আঁতৰি গৈছিল, হঠাৎ অতি প্ৰয়োজনীয় হৈ পৰিছিল – কিন্তু পৰ্যাপ্ত পৰিমাণে নগদ ধন উপলব্ধ নাছিল। বেংকসমূহেও সংগ্ৰাম কৰিবলৈ ধৰিলে। কেন্দ্ৰীয় ব্যৱস্থাৰ সৈতে সংযোগ নথকাত লেনদেন কাৰ্যকৰীভাৱে প্ৰক্ৰিয়াকৰণ কৰিব পৰা নাছিল। গ্ৰাহকসকলে উদ্বিগ্ন হৈ দীঘল শাৰী পাতিবলৈ ধৰিলে, কেৱল প্ৰয়োজনৰ বাবেই নহয়, বিভ্ৰান্তিৰ বাবেও। এ-টি-এম সেৱা বন্ধ হৈ গ’ল।

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

CLICK THE LINK ABOVE

ইতিমধ্যে যোগাযোগ খণ্ডিত হৈ পৰিছিল। বাৰ্তা প্লেটফৰ্ম নথকাত তথ্যৰ প্ৰবাহ নাটকীয়ভাৱে অদৃশ্য হৈ পৰিছিল। গাঁওবোৰত যিসকল মানুহে তাৎক্ষণিক আপডেটৰ সৈতে অভ্যস্ত হৈ পৰিছিল, সেইসকলে পুনৰ শাৰীৰিক উপস্থিতি আৰু মুখে মুখে বাগৰি অহা কথাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰিলে। শিক্ষা ব্যৱস্থা ভাঙি পৰিল। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে – চহৰত বা গাঁওত – অনলাইন ক্লাছ, অধ্যয়ন সামগ্ৰী আৰু শৈক্ষিক যোগাযোগ হেৰুৱাই পেলালে। দূৰৱৰ্তী অঞ্চলসমূহক বহল শৈক্ষিক সম্পদৰ সৈতে সংযোগ কৰি ৰখা ডিজিটেল সেতু ৰাতিপুৱাৰ ভিতৰতে অদৃশ্য হৈ গৈছিল। শিশুবোৰক চম্ভালিবলৈ অসুবিধা হৈছিল – যিহেতু সিহঁতৰ অভ্যাসত পৰিণত হোৱা কাৰ্টুনবোৰো বন্ধ হৈ পৰিছিল।

কৰ্মসংস্থান গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ৰাজ্যজুৰি যুৱকসকলে, যিসকলে ‘ৱৰ্ক ফ্ৰম হোম’, ‘ফ্ৰিলান্সিং’ বা ডিজিটেল উদ্যোগত নিয়োজিত হৈ আছিল, তেওঁলোকে তাৎক্ষণিকভাৱে জীৱিকা হেৰুৱালে। বিশ্ব সংযোগৰ ওপৰত নিৰ্ভৰশীলতা, যিটো এসময়ত সুযোগ যেন লাগিছিল, এতিয়া দুৰ্বলতা হিচাপে প্ৰকাশ পাবলৈ ধৰিলে।

Internet 1

অন্ধকাৰত নিৰ্বাচন: এই উন্মোচিত সংকটৰ মাজতেই আন এটা জটিলতাৰ স্তৰ উদ্ভৱ হৈছিল। অসম আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ নিৰ্বাচন ওচৰ চাপি আহিছিল। যদিও ভাৰতৰ মূল ভোটদান ব্যৱস্থা ‘ইলেক্ট্ৰনিক ভোটিং মেচিন’ – ইণ্টাৰনেট সংযোগৰ ওপৰত নিৰ্ভৰশীল নহয়, বহল নিৰ্বাচনী ব্যৱস্থা ইতিমধ্যে বহুবছৰৰ আগতেই ডিজিটেল পৰিকাঠামোৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছিল। ‘ভোটাৰ ডাটাবেইচ’, ‘লজিষ্টিক’ সমন্বয়, ‘মিডিয়া কভাৰেজ’ আৰু ‘তাৎক্ষণিক ৰিপ’ৰ্টিং’- সকলোৱে ডাটা নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰিছিল। সংযোগ বিঘ্নিত হোৱাত প্ৰক্ৰিয়াটো ভয়াৱহ সমস্যাৰ মাজত পৰিছিল।

অসমত ভোটকেন্দ্ৰসমূহৰ মাজৰ সমন্বয় একেবাৰে লেহেমীয়া হৈ পৰিছিল। দূৰৱৰ্তী অঞ্চলত যোগাযোগৰ বিলম্বই পৰিবহন কৰে ধৰি বিভিন্ন প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। চহৰীয়া কেন্দ্ৰত তাৎক্ষণিক আপডেটৰ অভাৱত বিভ্ৰান্তি আৰু জল্পনা বাঢ়িছিল। ‘লাইভ টেলিকাষ্ট’, যিটো গণতান্ত্ৰিক স্বচ্ছতাৰ অবিচ্ছেদ্য অংশ হৈ পৰিছিল, তীব্ৰভাৱে প্ৰভাৱিত হৈছিল। বাতৰি চেনেলসমূহে অবিৰত কভাৰেজ দিবলৈ সংগ্ৰাম কৰিবলৈ চেষ্টা কৰি হাবু-ডুবু খাইছিল। আধুনিক নিৰ্বাচনৰ তাৎক্ষণিকতা অনিশ্চয়তাৰে সলনি হৈ পৰিছিল।

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

CLICK THE LINK ABOVE

অৰুপক এইবোৰে গভীৰভাৱে অস্থিৰ কৰি তুলিছিল। অৰূপে সমগ্ৰ পৰিস্থিতি দেখি এয়া উন্মোচন কৰিছিল যে গণতন্ত্ৰও – যিটো এসময়ত শাৰীৰিক প্ৰক্ৰিয়াৰ ওপৰত মূলতঃ নিৰ্ভৰশীল আছিল – এতিয়া অদৃশ্য ডিজিটেল ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলত ইন্টাৰনেৰ গোলাম হৈ পৰিছে।

এক প্ৰজন্মৰ দ্বিধা: সংকট উন্মোচিত হোৱাৰ লগে লগে অৰূপ গাঁওলৈ ঘূৰি আহিছিল। কিন্তু নিজৰ গাঁওত তেওঁ এনে এটা বাস্তৱতা দেখিছিল যিয়ে তেওঁক সান্ত্বনা দিয়াৰ লগতে অধিক অস্থিৰ কৰি তুলিছিল।

গাঁওত জীৱন চলি আছিল।
Village 2

অতি সহজে নহয়, কিন্তু স্থিৰভাৱে চলি আছিল। গাঁওত মানুহে এনে অনাহুত পৰিস্থিতিৰ মাজত নিজকে খাপ খুৱাই লৈছিল। কথোপকথনে বাৰ্তাৰ ঠাই লৈছিল। নগদ টকাই ডিজিটেল পৰিশোধৰ ঠাই লৈছিল। 

কিন্তু যুৱকসকল – অৰূপৰ দৰে যুৱকসকল – এই বিঘিনিক অধিক গভীৰভাৱে অনুভৱ কৰিছিল। তেওঁলোকৰ জীৱন ডিজিটেল ব্যৱস্থাৰ চাৰিওফালে গঢ় লৈ উঠিছিল।তেওঁলোকৰ শিক্ষা, আকাংক্ষা আৰু সামাজিক সংযোগ ইণ্টাৰনেটৰ সৈতে জড়িত আছিল।তেওঁলোক ডিজিটেল জগতৰ পৰা পৃথক নাছিল। তেওঁলোক তাৰ দ্বাৰা গঠিত হৈছিল।

মগজু আকাশতকৈও বিশাল••••

CLICK THE LINK ABOVE

অৰূপে লিখিবলৈ আৰম্ভ কৰিছিল – ফোনত নহয়, কাগজত লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ নোটবুকত তেওঁ ঘটি যোৱা কথাবোৰ বুজিবলৈ চেষ্টা কৰি লিখিবলৈ ধৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে অসমৰ পৰিৱৰ্তন দেখা যোৱাতকৈ অধিক গভীৰ আছিল। অঞ্চলটোৱে কেৱল প্ৰযুক্তি গ্ৰহণ কৰা নাছিল; ই নিজকে প্ৰযুক্তিক কেন্দ্ৰ কৰি পুনৰগঠন কৰিছিল আৰু নিজৰ স্বকীয় সত্বা হেৰুৱাই পেলাইছিল।

অৰূপৰ উপলব্ধি: বহু মাহ পিছত সংযোগ লাহে লাহে ঘূৰি আহি থকাৰ লগে লগে জগতখন ‘স্বাভাৱিক’ অৱস্থালৈ উভতি যোৱা যেন লাগিছিল। লেনদেন আকৌ আৰম্ভ হৈছিল। ব্যৱস্থাসমূহে কাম কৰিবলৈ ধৰিছিল।

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

CLICK THE LINK ABOVE

কিন্তু কিবা এটা সলনি হৈ গৈছিল।

অৰূপ আৰু অসমৰ অগণন যুৱকৰ বাবে ডিজিটেল নিৰ্ভৰশীলতাৰ মায়া বহুপৰিমাণে ভাঙি পৰিছিল। তেওঁলোকে দেখিছিল যেতিয়া অদৃশ্য ডাটা পৰিবাহী কেবলবোৰ বিকল হয়, তেতিয়া কি হয়!

বহুদিনৰ পিছত ব্ৰহ্মপুত্ৰৰ কাষত থিয় হৈ অৰুপে লিখিলে:

“আমি ভাবিছিলো যে আমি আধুনিক হৈ উঠিছিলো। কিন্তু আমি অত্যধিক নিৰ্ভৰশীল হৈ পৰিছিলো। গাঁও সলনি হৈছিল, চহৰ সলনি হৈছিল, কিন্তু আমি কেতিয়াও নিজকে সোধা নাছিলো, ভবা নাছিলো – আমি যিখন ডিজিটেল জগতৰ ওপৰতেই নিৰ্ভৰ কৰো, সেই জগতখন যদি হঠাৎ অদৃশ্য হৈ যায় তেতিয়া কি হ’ব পাৰে?”

ব্ৰহ্মপুত্ৰ প্ৰৱাহিত হৈ আছিল, যেনেকৈ সদায় হৈ আহিছিল – নীৰৱে, নি:শব্দে, যুদ্ধ আৰু অৰূপহতৰ সংযোগবিচ্ছিন্নতাৰ প্ৰতি উদাসীন হৈ, খলখলাই, নিজৰ ছন্দেৰে, গহীন হৈ , আৰু সেই নীৰৱ ধাৰাবাহিকতাত এটা সত্য লুকাই আছিল যাক ডিজিটেল জগতে প্ৰায় মচি পেলাইছিল: সহনশীলতা গতি বা সুবিধাৰ ওপৰত নিৰ্মিত নহয়। ই নিৰ্মিত হয় যেতিয়া সকলো বন্ধ হৈ যায় তেতিয়াও চলি থকাৰ ক্ষমতাৰ ওপৰত।

Mahabahu Climate Logo
 
MAHABAHU CLIMATE FORUM

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d