• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

সাগৰ দেখিলোঁ—মন্দাৰমণি!

TRAVEL / Tourism / Assamese Section

by Sanjeev Kumar Nath
March 8, 2026
in Travel, ASSAMESE SECTION, Tourism
Reading Time: 3 mins read
0
সাগৰ দেখিলোঁ—মন্দাৰমণি!
Share on FacebookShare on TwitterShare on LinkedIn

সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ
ভালেমান দিন আগতে যেতিয়া মহাবাহুত ভৱেশ শর্মাৰ অতি সুন্দৰ লেখা “মন্দাৰমণিৰ জোৱাৰভাটা” পঢ়িছিলোঁ, তেতিয়াই ভাবিছিলোঁ যে পাৰিলে এবাৰ মন্দাৰমণিলৈ যাম। মই সাগৰ এনেয়ো বৰ ভাল পাওঁ। যোৱা বছৰ কন্নুৰৰ সাগৰৰ পাৰৰ এখন হোটেলত দুদিনমান থাকি আৰব সাগৰৰ প্রচণ্ড শক্তিশালী ঢৌ দেখা আৰু গর্জন শুনা মনত আছিলেই, আৰু এতিয়া সুবিধা পাই শ্রীমতী আৰু মই মন্দাৰমণিলৈ ওলালোঁ। প্রথমে গুৱাহাটীৰ পৰা কলিকতালৈ গৈ এৰাতি হোটেলত কটালোঁ। সেই দিনা সন্ধিয়া দক্ষিণেশ্বৰৰ মা ভৱতাৰিণী কালী মন্দিৰলৈ গ’লো। আমাৰ বাবে এই মন্দিৰৰ বিশেষ আকর্ষণ হ’ল তাত থকা শ্রীৰামকৃষ্ণ পৰমহংসৰ কোঠাটো। আগেয়ে তাত বহি থকাৰ অভিজ্ঞতা আছে, কিন্তু সেইদিনা সন্ধিয়া কোঠাটো বন্ধ পালোঁ। দর্শনার্থীৰ সংখ্যা খুব বাঢ়ি যোৱাবাবেই বন্ধ কৰি থোৱা হৈছে নে কি জনা নগল। কিন্তু বাকী বোৰ মন্দিৰ, বিশেষকৈ মা ভৱতাৰিণীৰ মন্দিৰ খোলা আছিল, আৰু বহুতো দশনার্থীয়ে ভিৰ কৰি আছিল। ভৱতাৰিণীৰেই কৃপা যে আমি ভালদৰে দর্শন কৰিব পাৰিলো। আৰতিৰ সময়ত সমুখৰ পৰা আৰতি চোৱাৰ হেপাহেৰে অনেক মানুহে ভিৰ কৰি আছিল। তাৰে কিছুমানে এক বিশেষ স্থানত বহি আটাইতকৈ ভালকৈ আৰতি চোৱাৰ বাবে সাজু হৈ আছিল। তাৰে দুগৰাকীমান বাংলাভাষী মহিলাই আমাৰ বাবেও অলপ ঠাই উলিয়াই দিছিল, কিন্তু মথুৰাৰ পৰা অহা বুলি জাহিৰ কৰি থকা হিন্দীভাষী কেইগৰাকীমানে আকৌ বহি থকা মানুহখিনিৰ সমুখত ঠিয়হৈ আনক আৰতি চোৱাৰ পৰা বঞ্চিত কৰাৰ উপৰি বিভিন্নজনৰ লগত তর্ক যুদ্ধত লিপ্ত হৈ আছিল।

মন্ডাৰমণিৰ জোৱাৰ-ভাটা

CLICK THE LINK ABOVE


ভক্তসকলৰ মাজত এনে ভক্তিৰ “প্রতিযোগিতা” দেখি মোৰ মনত বাজিছিল মান্না দে’ৰ যাদুকৰী কণ্ঠৰ সেই গীত:

আমায় একটু জায়গা দাও
মায়েৰ মন্দিৰে বশি
আমি অনাহত একজন, অনেক
দোষতে দোষী
আমায় একটু জায়গা দাও
মায়েৰ মন্দিৰে বসি
আমি সবাৰ পিছনে থাকবো
শুধু মনে মনে মাকে ডাকবো…..

পিছদিনা আমাৰ টেক্সি-যাত্রা আৰম্ভ হ’ল মন্দাৰমণিলৈ। সাগৰ তীৰতে থকা ৰিছর্ট এখনৰ এটা কোঠা আমি তিনি নিশাৰ বাবে বুক কৰি থৈছিলোঁ। কোঠাত সোমাই বৰ ভাল লাগিল। মন্দাৰমণিত থকালৈকে সাগৰক দৃষ্টিৰ আঁতৰত ৰখাৰ ইচ্ছা মোৰ মুঠেই নাছিল, গতিকে বেলকনিৰ পৰা সাগৰ চাই দিনটো পাৰ কৰিব পৰা কোঠা এটা বুক কৰি লৈছিলোঁ। অৱশ্যে যিমান সময় পাৰি সাগৰৰ পাৰত বহি আৰু খোজ কাঢ়িয়েই সময় কটোৱাৰ ইচ্ছাৰেহে মন্দাৰমণিলৈ গৈছিলোঁ। বাকী সময়তো যাতে সাগৰ চাই থাকিব পাৰোঁ, বা বতৰ বেয়া হ’লে সাগৰৰ পাৰত ফুৰিব নোৱাৰিলেও যাতে সাগৰ চাই থাকিব পাৰোঁ, তাৰ বাবেই বেলকনিৰ পৰা সাগৰ দেখা পোৱা এটা কোঠা লৈছিলোঁ। সাগৰৰ উপৰি আমাৰ কোঠাৰ পৰা ৰিছর্টখনৰ নিজা ছুইমিং পুল, ফুলনি আদিয়ো দেখা পোৱা গৈছিল। সুন্দৰ দৃশ্য।

ৰিছর্টৰ পিছফালৰ গেইটখনৰ সিপাৰেই সাগৰ। এইপাৰে এখন সৰু কিন্তু সুন্দৰ বননি আৰু ফুলনি। ফুলনিৰ কাষত থকা “ছানবে’দ”ত বহি, শুই সাগৰৰ দৃশ্য উপভোগ কৰিব পাৰি। আমাৰ ৰিছর্টখন শান্ত, কিন্তু কাষৰ কেবাখনো ৰিছর্টত বৰ হুলস্থুল। গেইট পাৰ হৈ সাগৰৰ পাৰত খোজ কাঢ়ি ফুৰোঁতে আমি সেই ৰিছর্টবোৰত চলি থকা কিছুমান হুলস্থুলীয়া “প্রগ্রেম” দেখা পাইছিলোঁ। এখনত প্রচণ্ড ডাঙৰ শব্দত বেসুৰীয়া কিবা গান বজাইলৈ এগালমান ল’ৰা-ছোৱালীয়ে “বৰষুণ-নৃত্য” কৰি থকা দেখিছিলোঁ। সাগৰ চাবলৈ সিহঁতৰ সময় নাই।

Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour

CLICK THE LINK ABOVE

মন্দাৰমণিৰ সাগৰ কেতিয়াবা বহু দূৰলৈ যায়গৈ। তেতিয়া সাগৰৰ বহু “ভিতৰ”লৈকে খোজ কাঢ়িব পাৰি। উৰিশ্যাৰ চণ্ডীপুৰ তীৰত আকৌ ভাটাৰ সময়ত সাগৰ ইমানেই (পাঁচ কিলোমোটাৰ পর্যন্ত) পিছুৱাই যাব পাৰে যে পাৰৰ পৰা পানী নেদেখা হৈ পৰে। সাগৰে যেন লুকা-ভাকু খেলে। মন্দাৰমণিৰ সাগৰ ইমান বেছি দূৰলৈ পিছুৱাই নাযায়।

A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

CLICK THE LINK ABOVE

মন্দাৰমণিৰ সমুদ্রতীৰত বালিতকৈ মাটি বেছি, গতিকে তাত গাড়ী চলাব পাৰি। কিন্তু গাড়ী চলোৱাৰ ফুর্টিত নিয়ন্ত্রণ হেৰুৱা কোনো লোকৰ দুই এটা দুর্ঘটনা ঘটাৰ পিছৰে পৰা তাত প্রশাসনে গাড়ী চলোৱা বন্ধ কৰি দিলে। অৱশ্যে এতিয়াও দুছকীয়া, তিনিচকীয়া বাহন কিছুমান চলাব পাৰি। খোজ কাঢ়ি ফুৰাৰ সময়ত তীব্র বেগত সেই মটৰ বাইক বোৰ আহিলে বাট এৰি দিয়াটোৱেই ভাল। সাগৰৰ পাৰতে আকৌ চাংঘৰৰ দৰে কিছুমান ৰেষ্টুৰেণ্ট আছে। তেনে ৰেষ্টুৰেণ্টত বহি সাগৰৰ দৃশ্য চাই চাই চাহ, কফি, ভাত, মাছ খাব পাৰি। প্রায় আটাইবোৰ ৰেষ্টুৰেণ্টতে বিভিন্ন সাগৰীয় মাছ পোৱা যায়। আমাৰ ৰিছর্টৰ ৰান্ধনীয়েও বেছ জুতি লগাকৈ মাছ ৰান্ধে। বহু দিন মাছ-মাংস নোখোৱা আমাৰ স্বভাৱ মন্দাৰমণিৰ সাগৰৰ মাছে সলাই পেলালে। ৰিছর্ট আৰু সাগৰ তীৰৰ ৰেষ্টুৰেণ্ট দুয়ো ঠাইতে বিভিন্ন সাগৰীয় মাছৰ জুতি ল’লোঁ। ভাগ্য ভাল কোনো শপত তপত খাই থোৱা নাছিলো মাছ নাখাওঁ বুলি।

সাগৰ দেখিলোঁ—মন্দাৰমণি

কাঠ-বাঁহেৰে সজা যিখন ৰেষ্টুৰেণ্টলৈ আমি গৈছিলোঁ, সেইখন সাগৰৰ ইমানেই কাষত যে জোৱাৰৰ সময়ত পানীৰ মাজেৰে যাব লাগে আৰু চিৰি বোৰৰ কেবাটা খোপ পানীৰ তলত থাকে। ভাটাৰ সময়ত সাগৰ কিছু দূৰলৈ যায়গৈ, আৰু ৰেষ্টুৰেণ্টলৈ যাওঁতে পানী খচকিব নালাগে। ৰেষ্টুৰেণ্টখনৰ কামকাজবোৰ এহাল স্বামী-স্ত্রীয়ে কৰে, আৰু মাজে মাজে তেওঁলোকৰ ১৫-১৬ বছৰীয়া ল’ৰাটোৱেও কামত সহায় কৰি দিয়েহি। কেতিয়াবা কাষৰ কোনো ৰিছর্টৰ পৰা আহি এজাক ডেকা-গাভৰু সোমায়হি আহে আৰু বৰ হুলস্থুল কৰে। সিহঁতৰ কিছুমানে আকৌ ৰেষ্টুৰেণ্টত বহি চিগাৰেট খোৱাতহে বেছি মন দিয়ে। দেখিলে এনে লাগে যেন ঘৰৰ বা হোষ্টেলৰ “শাসন”ৰ পৰা দূৰত, প্রয়োজনতকৈ বেছি স্বাধীনতা উপভোগৰ হেঁতাওপৰাত লাগিছে তেওঁলোক। ৰাজহুৱা স্থানত ধূমপান কৰি আনক কষ্ট দিয়াৰ “স্বাধীনতা”ত মছগুল ডেকা-গাভৰু……আমাৰ নতুন প্রজন্ম! স্বাধীনতা আৰু স্বেচ্ছাচাৰিতাৰ মাজৰ পার্থক্য তেওঁলোকৰ কিমানে বুজে? লগতে মন কৰিলোঁ যে মাক-দেউইতাকৰ কামত সহায় কৰা সেই ল’ৰাটোৰ মুখত এক বিশেষ ভাৱ—তাৰ ৰেষ্টুৰেণ্টৰ “আলহী” এই উৎপতীয়া, ধনী “বায়েক-ককায়েক”হঁতৰ পৰা যে তাৰ একো শিকিব লগীয়া নাই, সেই কথা যেন সি ভালদৰেই জানে।

সাগৰ দেখিলোঁ—মন্দাৰমণি

কেতিয়াবা এনে হয় যে নিৰলে বহিম বুলি আপুনি সাগৰ তীৰলৈ যাব আৰু তাত গৈ গোটেই চহৰ খনকে লগ পাব। তেতিয়া ঘৰতে থকা ভাল আছিল যেন লাগিব পাৰে। কিন্তু আমি থকা কেইদিনত বেছিভাগ সময়তে আমাৰ ৰিছর্টখনত মানুহ কম আছিল। গতিকে ৰিছর্টৰ ভিতৰত বেছিভাগ সময়ত মই আৰু শ্রীমতীয়েই ঘূৰি ফুৰিছিলোঁ। বৰ বেছি ধনী কোনো মানুহে যে সমগ্র হোটেল বা ৰিছর্ট এখনকে বুক কৰি পেলায়..…প্রায় তেনেকৈ! মাজে মাজে অৱশ্যে অন্য মানুহ লগ পাইছিলোঁ–আনন্দ কৰিবলৈ আহি আনক নিৰানন্দ কৰা মানুহ আৰু লগ পাই ভাল পোৱা মানুহ, দুয়োবিধ। আনন্দ কৰি আনকো আনন্দ দিয়াত আটাইতকৈ পাকৈত কোন বাৰু? জীৱ-জন্তু আৰু সৰু ল’ৰা-ছোৱালী। দুটামান মেকুৰীয়ে আমাৰ সৈতে বন্ধুত্ব কৰিছিল। ফুলনিৰ কাষত বহি থাকোঁতে আহি ভৰিত মুৰেৰে ঠেলা মাৰিলৈ লাগি লৈছিল। পিছত বহু বাৰ সিহঁতক লগ পাইছিলোঁ, আৰু প্রতি বাৰেই দৌৰি আহি মৰম বিচাৰিছিল। হাতেৰে পিটিকি মোহাৰি দিলে চকু মুদি, ঘোৰঘোৰণিৰ শব্দ উলিয়াই সিহঁতে আনন্দ প্রকাশ কৰিছিল। ক’ৰ মানুহ কি কথা সিহঁতে নোসোধে, কেৱল মৰম পালেই হ’ল। এদিন সন্ধিয়া আকৌ আমি বননি খনত সৰু ল’ৰা ছোৱালীয়ে খেলিবৰ বাবে থৈ দিয়া কোমল ফুটবল এটা দেখিলোঁ। সৰু, ডাঙৰ কোনো ল’ৰা-ছোৱালী ওচৰে পাজৰে দেখিবলৈ নাই, গতিকে বলটো লৈ আমিয়েই খেলিবলৈ ধৰিলোঁ। এতিয়া “ছিনিয়ৰ ছিটিজান” হোৱাৰ পিছত বলটো কোমল পাই ভাল পাইছিলোঁ, কিন্তু শ্রীমতীক তেনেকৈ কোৱা নাছিলোঁ, তেওঁক কৈছিলোঁ কেনেকৈ ডেকা কালত ডাঙৰ, কঠোৰ, চামৰাৰ ফুটবল খেলিছিলোঁ।

সাগৰ দেখিলোঁ—মন্দাৰমণি

ফুটবলটো লৈ আমি কিছু দেৰী খেলি আছোঁ, তেনেতে এহাল স্বামী-স্ত্রী আৰু তেওঁলোকৰ ৪/৫ বছৰ মান বয়সৰ কণমানি এজনী আহিল। আমি ফুটবল খেলি থকা দেখি কণমানি ওচৰ চাপি আহিল, আৰু আমিয়ো নতুন খেলুৱৈ পাই ভাল পালোঁ। মাক দেউতাকে কিছু উৎসাহ দিয়াত ছোৱালী জনীয়ে আমাৰ সৈতে খেলিবলৈ ধৰিলে। শিশুৰ সহজ বন্ধুত্ব! কোনো পৰিচয় নাই, কিন্তু লগে লগে বন্ধু। মাজে মাজে আকৌ তাই বলটো ভৰিৰে মৰাৰ সলনি সাবটি ধৰি দেউতাকৰ ফালে দৌৰি যায় আৰু “পাপা”কো খেলিবলৈ মাতে। দেউতাকে পিছে নেখেলিলে। কিছু সময় তাইৰ সৈতে খেলি আমি আকৌ অন্য ফালে গ’লো আৰু কণমানিৰ পৰিয়ালো তাৰ পৰা আঁতৰিল।

সাগৰ দেখিলোঁ—মন্দাৰমণি

মন্দাৰমণিৰ পৰা ওভতাৰ দিনা ৰিছর্টৰ কর্মচাৰী সকলে আমাৰ বেগবোৰ গাড়ীত উঠাই দিওঁতে কৈছিল “আবাৰ আসবেন”। তেওঁলোকৰ নিমন্ত্রণ ৰক্ষা কৰোঁ বা নকৰোঁ, তেওঁলোকেতো নাজানে যে সাগৰে মাতিয়েই থাকে মোক! কেতিয়াবা ভাবো মন্দাৰমণি, পুৰী, পণ্ডিচেৰী, কন্যাকুমাৰী কন্নুৰ, ৱর্কলা, ৱৈকালৰ দৰে ঠাইৰ ওচৰত কোনো মাছমৰীয়া গাঁৱত এটা সৰু পঁজা সাজি লৈ দিনৰ দিনটো সাগৰৰ পাৰত বহি থাকিম…..কবি য়েটছে ক’বৰ দৰে, “I will arise and go now, go to Innisfree…” কিন্তু এতিয়া সাগৰৰ পৰা হেজাৰ কিলোমিটাৰতকৈয়ো দূৰত থাকি সাগৰৰ পাৰত অনুভৱ কৰা মুক্ততা নিজৰ ভিতৰতে অনুভৱ কৰাৰ বাহিৰে গত্যন্তৰ নাই….Innisfree…. “In” is free!

Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

group of people in public toilet using smartphones
Business

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

by Anjan Sarma
August 13, 2026
0

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন! TIMEPASS ECONOMY অঞ্জন শৰ্মা স্মাৰ্টফোন এতিয়া মাথো কেৱল যোগাযোগৰ সজুঁলি...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d