-পল্লৱী কৌশিক শৰ্মা |
বৰ্তমান বিধস্ত মোৰ চহৰ …
মৃত্যুৰূপী ভাইৰাছৰ কৱলত দিনে দিনে স্তব্ধ হৈছে বহুতৰ উশাহ…
খিৰিকী খন খুলি ভুমুকিয়াই চাওঁ ..
দেখা পাম নেকি কেনেবাকৈ সাত সাগৰৰ সিপাৰে মোৰ পিতাইৰ চিন্তাক্লিষ্ট মুখ খনি …!!
আইয়ে হয়তো চাঁদৰৰ আচলেৰে চকু পানী টুকিয়েই পাৰ কৰি দিছে দিন ৰাতি… ।
আই অ’.. নকৰিবিচোন তেনেখন ।
মোৰ চিন্তাত জুহালৰ জুইকুৰা নুমোৱাই নাৰাখিবি ,
নাৰাখিবি পিতাইক লঘোণে ।
মোৰে শপত …তইয়ো খাই ল’বি এমুঠি ।
চিন্তা নকৰিবি তহঁতে …
বৰ্তমানলৈকে কুশলে আছো মই ।
যদিওবা নাজানো আৰু কিমান দিন থাকিম …!!
বৰকৈ মন গৈছে আই ….
তোৰ আঙুলিত ধৰি প্ৰথম খোজ পেলোৱা আপোন ঘৰৰ চোতালখনত ভৰি দিবলৈ …
তোৰ বুকুত সোমাই তোৰ মৰমবোৰত নিজকে হেৰুৱাই দিবলৈ ।
বহুত দিন হ’ল জান’..
পেট ভৰাই এসাজ খাবলৈ নোপোৱা… ।
মোৰ চহৰত আজি খোৱা বস্তুৰ অভাৱ …!!
ঘৰৰ অমিতা, ৰঙালাও ..
পুখুৰীৰ মাছ কেইটা …
কলি গাইজনীৰ গাখীৰ ক’ণ খাবলৈ কিমান যে খতবান নকৰিছিলি তই …!!
মনত পৰিছে ..
সেই দিনবোৰলৈ …!!
তোক জনাব মন নাছিল ,
তথাপিও কওঁ শুন ….
মুকলি আকাশৰ তলত আপোন মনে উশাহ নোলোৱা ও বহুত দিনেই হ’ল বুজিছ’..
এদিন হয়তো ওলাব পাৰিম বন্ধ দুৱাৰৰ সিপাৰলৈ ..!!
প্ৰাণ ভৰি উশাহ ল’ম সেইদিনা ।
যি দিনা ওলাব পাৰিম দৌৰি যাম তোৰ কাষলৈ ।
এইবাৰ গৈয়েই বিয়া খন ও পাতি ল’ম ..
হ’ব ল’গা বোৱাৰীয়েৰক বুজাবি ,
এতিয়া প্ৰেমত ও ল’ক ডাউন ।
অনুভৱ বোৰ জীয়াই ৰাখিব ক’বি মনৰ গভীৰত ।
স্পৰ্শ নিষিদ্ধ এতিয়া প্ৰেমৰ গলিত ।
আন্ধাৰবোৰ আতঁৰিব দে …
পুনৰ গাম নতুন দিনৰ গান ,
আশাৰ গান …
সপোনবোৰক পুনৰ সাৰ পানী দি জীয়াই তুলিম…. ।
কথা দে আই ….,
মই উভটি নহালৈকে তহঁত ও ভালে থাকিবি ।
ঘৰৰ চালৰ তলত সুৰক্ষিত আমিবোৰ ..
দূৰত্ব মানি চলিলে নিৰাপদ সকলো …
আৱেগতে সাৱটি নধৰিবি আক’ যাকে তাকে …
কোৱাৰিৰ ফাঁকেৰে তামোলৰ ৰং বোৱাই থকা ওঁঠৰে
টপচকৈ গালত চুমাটো দিবলৈ ।
পিতাইক ক’বি পাৰিলে নঙলা ডাল আঁতি আঁতি বান্ধি থব ..
ক’ৰোণাক শেষ হৈ যাব দে …
ইঘৰ সিঘৰলৈ পিছে পৰেও যাব পাৰিব ।
আমি জীয়াই থাকিব লাগিব আই ..
সকলোবোৰ জীয়াই থাকিব লাগিব ।
আৰু নালাগে মৃত্যু ,
নোৱাৰো সহিব আৰু কোনো মাতৃৰ সন্তান হেৰুৱাৰ বেদনা ,
নোৱাৰো চাব কোনো ভগিনীৰ উকা সেউতা ,
কোনো পুৰুষৰ চকুপানী সহিব নোৱাৰো আৰু আই ..
ঈশ্বৰক জনাবিচোন প্ৰাৰ্থনা ..
শেষ হওক সকলো আতংক…,
মৃত্যুৰ ভাৰ বৈ অস্থিৰ হৈ পৰা পৃথিৱীত গতানুগতিক হওক জীৱন …
আজিকালি দিনে নিশাই মইয়ো ঈশ্বৰকে খাটিব শিকিছো জান’ …
তই যে লিখি দি পঠাইছিলি ডায়েৰীৰ পাত খিলাত “মহা মৃত্যুঞ্জয় মন্ত্ৰটো…….
“ওঁ ত্রম্বকম যজামহে সুগন্ধিং
পুষ্টি বর্ধনাম।।
ঊর্বারু কমিব বন্ধনাৎ
মৃত্যুমক্ষীয় মামৃতাৎ’।।…..”
আজিকালি মই সদায় আওৰাউ সেইটো…
নেদেখাজনক কাকূটি কৰো….
আমাক শকতি দিয়া প্ৰভু ..
মৃত্যুৰ সৈতে যুঁজিব সাহস দিয়া ..
অকাৰণত উশাহবোৰ শেষ হ’ব নিদিবা ঈশ্বৰ …
মই উভটি আহিমেই আই …
যিদিনা খোজ দিব পাৰিম সুবিশাল আকাশৰ তলত ,
হাতে-হাতে ধৰি…!!
সেইদিনা লৱৰি আহিম তোৰ বুকুলৈ ।
কাবৌ কৰিছো আই..
নঙলা ডাল সেইদিনা হে খুলি দিবি দেই ..
মই আহিম আই …
সকলো প্ৰাচীৰ ফালি..
সাত সাগৰ, তেৰ নদী পাৰ হৈ উভটি আহিম এদিন ..
তোৰ ওচৰলৈ, পিতাইৰ ওচৰলৈ …
মোৰ আপোন ঘৰ খনলৈ … ।
ভালেৰে থাকিবি তহঁত …
মইয়ো থাকিম ..
ইজনে সিজনৰ বাবেই জীয়াই থাকিম আমিবোৰ ।
মোৰে শপত আই…
মোৰ চিন্তাত নিজকে নামাৰিবি… ।
লঘোণে নমৰিবি… ।
মোকো জীয়াই থাকিবলৈ দিবি …. !!