সাম্প্ৰতিক সময়ৰ ছাত্ৰ ৰাজনীতি
গৌতম শৰ্মা
সাম্প্ৰতিক সময়ত আমাৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহত দেখিবলৈ পোৱা কু-কৰ্ম তথা ইয়াৰ নেতিবাচক ফলাফলসমূহে আমাক আজি বহুবোৰ কথা নতুনকৈ চাবলৈ, ভাবিবলৈ বাধ্য কৰাইছে।
এই ছাত্ৰ একতা সভাৰ সময়ত সৃষ্টি হোৱা নিবাৰ্চনকেন্দ্ৰিক উত্তপ্ত পৰিস্থিতিসমূহে আমাক বহু কথাই শিকাই গৈছে।
দেশৰ বিভিন্ন প্ৰান্তলৈ নাযাওঁ আমাৰ অসমতেই বহু উচ্চ শিক্ষানুষ্ঠানত প্ৰতিবছৰে ছাত্র একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই বহু বেমেজালি, কাজিয়া, কেতিয়াবা কেতিয়াবা ভয়ংকৰ সংঘৰ্ষসমূহৰো সূত্ৰপাত ঘটি অহাটো সততে প্রায় দৃষ্টিগোচৰ হৈ আহিছে। যিবোৰে বহুসময়ত চৰম সীমা অতিক্ৰম কৰি বহু শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশৰ লগতে আন বহু আনুষংগিক দিশসমূহকো বহু বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি আহিছে।
ছাত্র আৰু ৰাজনীতি দুটা পৃথক বিষয় হ’লেও পৰস্পৰৰ মাজত নিবিড় এক সম্পৰ্ক আছে। ছাত্র-ছাত্ৰী তথা আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ আৰু আকৌ ৰাজনীতিৰ ওপৰতো আমাৰ নতুন প্ৰজন্ম তথা ছাত্ৰশক্তিৰ প্ৰভাৱ দুটা ভিন্ন বহু গুৰুত্বপূৰ্ণ আলোচ্য বিষয়। কিয়নো এই কোনোটোকেই এৰি আমি আজি থাকিব নোৱাৰোঁ। ছাত্ৰই ৰাজনীতি কৰিবই লাগিব। ছাত্ৰই ৰাজনীতি কৰিবলৈ ওলাই নাহিলে কোন ওলাই আহিব?
কিন্তু সাম্প্ৰতিক সময়ছোৱাত ৰাজনীতি আৰু ইয়াৰ মানসপুত্ৰ দুৰ্নীতিৰ পাকচক্ৰত সকলো শক্তি যেন নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে। আজি সমগ্র দেশখনৰ ছাত্ৰশক্তিও এই পাকচক্ৰৰ বলি হৈ দিক-বিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে যেন আজি আমাৰ অনুমান হৈছে। দেশৰ ন-পুৰণি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল, সংগঠনৰ লগতে বিভিন্ন মতাদৰ্শসমূহে ক্ৰমাৎ চহকী কৰি গঢ়িছে সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ পথাৰখন।
বহু দল-সংগঠনৰ বেনাৰৰ তলত থিয় হৈ বহুজনে নিজকে প্ৰতিষ্ঠা কৰোৱাত আজি উঠি পৰি লাগিছে। তাৰ বিপৰীতে খুব কমসংখ্যকেহে অলপ আন্তৰিকতাৰে জনসেৱা কৰিবলৈ কিছু প্ৰয়াস কৰিছে।
কিন্তু সৰহসংখ্যকেই ৰাজনীতিৰ কুটিল মেৰপাকৰ সোমাই সামূহিক স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থকহে বেছি প্ৰাধান্যতা দি সৰ্বসাধাৰণৰ মনত এই ‘ৰাজনীতি’ শব্দটোৰ প্ৰতি প্ৰবল ঘৃণাৰ ভাবসমূহহে সৃষ্টি কৰাত প্ৰভূত বৰঙণি যোগাইছে। যাৰ পৰা মুক্ত নহয় আজি আমাৰ ছাত্র সমাজখন; মুক্ত নহয় আজি আমাৰ দেশৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি উচ্চ শৈক্ষিক শিক্ষানুষ্ঠানসমূহত আয়োজন কৰা ছাত্র একতা সভাৰ নিৰ্বাচনসমূহো।
আজি আমাৰ শিক্ষানুষ্ঠানসমূহত আয়োজন হোৱা এনেবোৰ নিৰ্বাচনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা উঠি অহা নৱপ্ৰজন্মই কোনোবা বিশেষ দল, সংগঠন নাইবা মতাদৰ্শসমূহৰ প্ৰতি নিজকে সম্পূৰ্ণৰূপে অৰ্পণ কৰি ৰাজনীতিৰ মানসপুত্ৰ দুৰ্নীতিৰ বোকাত সৰ্বস্ব হেৰুৱাই পেলোৱাৰ ছবিসমূহ ক্ৰমাৎ বহু সুলভ হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এইসকল বহিঃ জগতৰ (যেন অদৃশ্য) শক্তিৰ প্ৰভাৱত শিক্ষানুষ্ঠানসমূহত আয়োজন হোৱা ছাত্র একতা সভাসমূহত আজি আমি সততে অভাৱনীয় পৰিস্থিতিসমূহ সৃষ্টি হোৱাটো দেখিবলৈ পাইছোঁ।
নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এনেবোৰ তথাকথিত ৰাজনৈতিক দল, সংগঠনসমূহে কিমান তললৈ নামিম পাৰে সেয়াও আজি আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। য’ত কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ জড়িত হৈ থাকে তাত বহুসময়ত, বহুঠাইত সংঘৰ্ষৰ দৰে জঘন্য অপৰাধসমূহৰো সূত্ৰপাত হোৱাটো আৰু য’ত সামূহিক স্বাৰ্থ জড়িত হৈ থাকে তাত সকলোৱে উমৈহতীয়াভাবে অংশগ্ৰহণ কৰাটো তেনেই স্বাভাৱিক।
কিন্তু আজি আমি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনতেই ভোট কিনা-বেচা কৰা নিজ চকুৰে দেখিবলৈ পাইছোঁ। মদ, মাংস আৰু টকা বিলাই ভোটাৰক প্ৰলোভিত কৰাৰ অপচেষ্টাসমূহ দেখিবলৈ পাইছোঁ। নিৰ্বাচনৰ আগৰ এনে অপচেষ্টাসমূহ আমি অচিৰেই প্ৰতিৰোধ কৰিব পাৰিবই লাগিব। কিয়নো এনেবোৰ নেতিবাচক কৰ্মসূচীয়ে ৰাজনীতি কৰাসকলক দুৰ্নীতি কৰিবলৈ সদায় বাধ্য কৰি আহিছে।
তদুপৰি, বহুসময়ত বহু মেধাৱী ছাত্ৰই আকৌ ৰাজনীতিৰ মেৰপাকত সোমাই নিজক চম্ভালিব নোৱাৰি নিজৰ সোণোৱালী জীৱনটোক ব্যৰ্থতা আৰু অকৃতকাৰ্যৰে ভাৰাক্ৰান্ত কৰি তুলিছে। এইবোৰ কৰ্ম-কাণ্ডই দেশৰ উপযুক্ত মানৱ সম্পদসমূহ প্ৰবলভাবে অপচয় হোৱাৰ লগতে বহুবোৰ বিৰল প্ৰতিভাকো অকালতে নিঃশেষ কৰি পেলাইছে।
উল্লেখযোগ্য যে, ছাত্ৰ-ছাত্ৰীসকল তথা উঠি অহা আমাৰ নতুন প্ৰজন্ম হৈছে দেশৰ ভৱিষ্যত গঢ়াৰ খনিকৰ। তেওঁলোকে যদি অকল শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজতেই সদায় নিজক আবদ্ধ কৰি ৰাখি সমাজ, সংস্কৃতি, ৰাজনীতি আদি বহু গুৰুত্বপূৰ্ণ দিশসমূহলৈ পিঠি দিয়ে তেন্তে আমি সু-ভৱিষ্যত গঢ়োতাসকলৰ পৰা সদায় বঞ্চিত হৈ আহিম। সেয়েহে ছাত্ৰ অৱস্থাতেই সকলোৱে শৈক্ষিক দিশৰ লগতে অন্যান্য কেতবোৰ আনুষংগিক দিশৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰি নিজৰ ভৱিষ্যতক গঢ় দিয়াটো খুবেই প্ৰয়োজন। যিবোৰ আনুষংগিক দিশৰ ভিতৰত ৰাজনীতিও হৈছে অন্যতম।
আমি সদায় বিশ্বাস কৰোঁ যে ছাত্ৰ শক্তিয়ে সমাজত, দেশত তথা সমগ্ৰ বিশ্বখনতেই কৰিব নোৱাৰা কাম একো নাই। কিন্তু তেওঁলোকক সঠিক পথসমূহ দেখুৱাই আগবঢ়াই লৈ যাব পৰাকৈ উচিত শিক্ষা, উচিত নিয়ন্ত্ৰণৰ লগতে প্ৰয়োজনীয় হোৱা উচিত আদৰ্শসমূহক আমাৰ অগ্ৰজ, অভিভাৱক আৰু শিক্ষাগুৰুসকলে দেখুৱাব পাৰিব লাগিব। নতুন প্ৰজন্মই ৰাজনীতি কৰিবলৈ শিকিবই লাগিব, নিশিকিলে নহ’ব।
কিন্তু এই পথাৰখনত খোজ পেলাওঁতে সদায় প্ৰতিজন সজাগ আৰু সচেতন হ’ব লাগিব। ৰাজনীতিৰ পথাৰত দল, সংগঠন বা কিবা বিশেষ মতাদৰ্শসমূহেই সৰ্বস্ব নহয়। ৰাজনীতি কৰিবলৈ আগুৱাই অহাসকলৰ প্ৰত্যেকৰেই হৃদয়ত, চিন্তাত আৰু কৰ্মত নৈতিকতা, মানৱীয়তা, সততা আৰু দায়িত্ববোধ আদি গুণসমূহো থকাটো বিশেষ বাঞ্চনীয়।
আজি আমাৰ শিক্ষানুষ্ঠানসমূহত ছাত্র বন্ধুসকলৰ মাজত কিয় এনেবোৰ নেতিবাচক দুৰ্ভাগ্যজনক পৰিৱেশসমূহ সৃষ্টি হ’বলৈ পাইছে? নিশ্চিতকৈ এইবোৰ পৰিৱেশ সৃষ্টিত আমি পূৰ্বে উল্লেখ কৰাৰ দৰে কেতবোৰ বহিঃশক্তিৰ বিশেষ হাত আছে। যিবোৰ শক্তিয়ে অদৃশ্যৰূপত বহু আঁতৰৰপৰা তেওঁলোকক অতি তীক্ষ্ণতাৰে নিয়ন্ত্ৰণ কৰি আছে।
শিক্ষানুষ্ঠানসমূহৰ পৰা এনেধৰণৰ কু-কীৰ্তিবোৰ আঁতৰাবলৈ হ’লে আমি পোনপ্ৰথমে বহিঃশক্তিৰ নিয়ন্ত্ৰণৰ পৰা নিজক মুক্ত কৰি ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ ঘৰখনতে ভাই-ককাই, বাই-ভনী আদিৰ লগত হোৱা দ্বন্দ, বেমেজালি তথা সংঘৰ্ষসমূহক আমি নিৰ্মূল কৰিব পাৰিম।
এইক্ষেত্ৰত প্ৰতিখন শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ, শিক্ষক, অভিভাৱক, স্থানীয় সচেতন ৰাইজৰো যথেষ্টখিনি কৰণীয় আছে। প্ৰশাসনিক নিয়ন্ত্ৰণ ব্যৱস্থাসমূহক আমি কটকটীয়াকৈ যদি বান্ধি দিব পাৰোঁ তেন্তে কোনো এখন বিশেষ শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত যথেষ্ট মিলা-প্ৰীতি, শান্তি-শৃংখলাৰে আমি ছাত্র একতা সভাৰ নিৰ্বাচনসমূহ প্ৰতিবছৰে আয়োজন কৰাত সফল হ’ব পাৰিম বুলি অদূৰ ভৱিষ্যতে আশা কৰিব পাৰোঁ।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)