• ডা° সুকৃতি চৌধুৰী
জাপানৰ ওচাকাত এতিয়া ৰাতিপুৱা ৫ বাজি ৩৩ মিনিট৷ ভাবি চাওক খুউব ভাগৰ লাগি থকাৰ পিছতো মই আজি নুশুলো—–জাপানতে বহি নিশাটো লাগি আছিলো কাৰোবাৰ জীৱন বচাবলৈ——-৷ আকৌ চিপজৰী ল’ব খোজা কাৰোবাক মৃত্যুৰ শেষটো খোজ দিয়াৰ পৰা ঘুৰাই আনিলো——-৷
নিজৰ সুৰক্ষাৰ চিন্তা এৰি এঘন্টাৰ ওপৰকাল এগৰাকী মহিলাৰ সৈতে ভিডিও কলো কৰিব লগাত পৰিলো কেৱল তেওঁৰ জীৱনটো বচোৱাৰ স্বাৰ্থত৷ কিন্ত আজি মই গোটেইবোৰ ৰেকৰ্ড কৰি থৈছো৷ যদিও মই কোনোপধ্যেই তেওঁৰ গোপনীয়তা ভংগ কৰিব নোৱাৰো তথাপিও এয়া মোৰ হাতত ৰৈ যোৱা প্ৰমাণ যে মই এতিয়ালৈকে বহুবাৰ কৰাৰ দৰে আজিও এনেকৈ কাৰোবাৰ জীৱন বচালো৷ কাৰণ মোক ঘৃণা কৰা এচাম মহিলাই এই কথাকেই বাৰে বাৰে প্ৰচাৰ কৰি থাকে যে মই এইবোৰ মিছাকৈ কওঁ৷তেওঁলোকে নানা অপপ্ৰচাৰ চলাই মোক এক সন্দেহজনক ছোৱালীত পৰিণত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে৷ আজিৰ ভিডিও ফুটেজটো দৰকাৰ হ’লে মই অসম আহি আয়োজন কৰিব লগা সংবাদ মেলত দেখুওৱাম৷
মই অকণমান সময়ৰ বাবে হ’লেও ‘লাইভ’লৈ আহি গৈছো…নিজৰ স্পষ্ট ফটোও আপলোড কৰি থৈছো য’ত দুহেজাৰৰ অধিক লোকে লাইক দিছিল, মানে তেওঁলোকে মোক দেখিছে….জটিল মানসিক সমস্যাত ভোগা কতলোকৰ সৈতে কথা পাতিছো….কবিতাও শুনাইছো….নিজৰ ষ্টেটাছ দিছো…মই নিজৰ বিষয়ে যিমান কথা লিখিছো, ফেচবুকত কিমানে লিখে?….মোৰ দেউতাক লগ পোৱা মানুহো আছে মোৰ বন্ধুৰ তালিকাত যি নিজেই সেই কথা কৈছে ….দেউতাই পঢ়ুওৱা ছাত্ৰছাত্ৰীও আছে যি দেউতাৰ হত্যাৰ বাবে খুউব দুখ পোৱাৰ কথা কৈছে আৰু ইমান যুগ পাৰ হোৱাৰ পিছত মোক লগ পাই বৰ আনন্দ পোৱা বুলি কৈছে…..মোক সৰুতে লগ পোৱা মানুহো আছে যি কোনো কোনো পোষ্টত নিজেও সেই কথা কমেণ্ট কৰিছে…..মই আপোনাক বিশ্বাস দিয়াবলৈ আৰু একো নকৰো বা কৰিব নোবাৰো….সম্পূৰ্ণ প্ৰকাশিত নোহোৱাকৈ অলপ আঁৰে আঁৰে থাকো কেৱল নিজৰ সুৰক্ষাৰ বাবেই….মোৰ বাবে সুৰক্ষাৰ স্বসৃষ্ট বেহুত থকাটো জৰুৰী…কাৰণ মই নিৰ্দিষ্ট এটা আতংবাদী সংগঠনৰ টাৰ্গেট হোৱাৰ সম্ভাৱনা অনবৰতে বিৰাজমান…মোক দুবাৰকৈ হত্যাৰ চেষ্টা হৈছিল আৰু প্ৰাণ বচাই অৱশেষত অসম ত্যাগ কৰিছিলো, সেই কথা ইতিমধ্যে লিখিছো৷
তাৰপিছতো মোৰ ওপৰত বিশ্বাস নাই?
অনুগ্ৰহ কৰি মোক আপোনাৰ বন্ধুৰ তালিকাৰ পৰা বহিস্কাৰ কৰি ব্লক কৰি দিয়ক৷ কথা শেষ৷ অনাহক টেনচন নল’ব৷
ফেচবুক কৰিবলৈ লোৱাৰ পিছৰে পৰা মোৰো কিছু শিক্ষা হ’ল৷ মই এই শপত লৈ থৈছো যে কাকো কোনো স্বীকাৰোক্তি দি বুজাই থাকিবলৈ আৰু নাই৷ মই আপোনমনে নিজৰ পথেৰে অকলেই গৈ থাকিম৷ দিব লগা উত্তৰবোৰ এবাৰেই দিম৷ গুৱাহাটীত নিজেই উপস্থিত হৈ৷ মুখামুখিকৈ৷
—-যদি তোৰ ডাক কেউ সুনে না –একলা চলো ৰে….
এতিয়া আহো আজি মৰিবলৈকে ওলোৱা মহিলা গৰাকীৰ কথালৈ ….তেওঁৰ মদপী গিৰিয়েকে দুটাকৈ সন্তান কোলাত দি অৱশেষত ইহ সংসাৰৰ পৰা মেলানি মাগে৷ তেতিয়া বেচেৰী মহিলাগৰাকীৰ বয়স ৩০ বছৰো হোৱা নাছিল৷ অনেক দুখ কষ্টৰ মাজেৰে তেওঁ ব্লক অফিচতে কিবা এটা সৰু চাকৰি পালে৷ টুকটাককৈ সংসাৰখন চলি আছিল৷ কিন্তু সকলো শেষ কৰিলে ফেচবুকে…..তেওঁক পুনৰ বিবাহত বহিবলৈ কোনোবা মহিলাই ফেচবুকতেই মন্ত্ৰণা দিলে৷ আমাৰ নায়িকাৰ মন গলিল৷ সৰল-সহজ মানুহজনীয়ে নিজকে সজাইপৰাই তুলিলে৷ ফেচবুকতে তেওঁৰ দুজনমান প্ৰেমিক গোটালে৷ পিছে তেওঁ এইটো ভবাই নাছিল যে কি মাৰাত্মক এক ভুল পথত ভৰি দিছে….৷ দিন গৈ থাকিল৷ আৰম্ভ হ’ল অন লাইন প্ৰেমিকৰ সৈতে দুপৰ নিশালৈকে ভিডিঅ’ কলৰ অধ্যায়……বিশ্বাস কৰক এই অধ্যায় ইমানেই মাৰাত্মক যে ক’বলৈকো ভাল লগা নাই….সেই প্ৰেমিকে লাহে লাহে তেওঁৰ এখন দুখনকৈ কাপোৰ খোলাই অৱশেষত একেবাৰে নগ্ন কৰিহে কথা পতা হ’ল….এদিন দুদিন বহু দিন এই মাৰাত্মক কথা চলিল….সকলো ৰেকৰ্ড কৰি গ’ল সেই ভুৱা প্ৰেমিকে…..ইয়াৰ পিছৰ খিনি বৰ দুখ লগা কাহিনী, যাৰ বাবে মোৰ আগত স্বীকাৰোক্তি দি তেখেতে চিপজৰী ল’বলৈ ওলাইছিল আৰু মই এনিশা টোপনি ক্ষতি কৰি তেওঁক চৰম পদক্ষেপ লোৱাৰ পৰা ঘুৰাই আনিলো..৷
সকলোকে হাতযোৰ কৰিছো, কোনো অনলাইন চিনাকিৰ সৈতে Video calling নকৰিব৷ Video calling কৰাটো কেৱল পৰিয়ালৰ মানুহ আৰু মুখামুখিকৈ লগপোৱা ঘনিষ্ঠ বন্ধু-বান্ধৱীতে সীমাৱদ্ধ ৰাখক৷ কিবা কাৰণে যদি অনলাইন চিনাকি মানুহৰ লগত Video calling কৰে নিজৰ কাপোৰ আদিৰ খেয়াল ৰাখিব৷ কেতিয়াবা সুন্দৰ মুখ এখনৰ আঁৰত মাৰাত্মক ষড়যন্ত্ৰও থাকে৷