সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা আৰু নাই !
যুগান্ত বায়ন
“নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব” গীতেৰে সংগীত জগত শুৱনি কৰা সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মাৰ স্মৃতিত
ভাৰতৰত্ন ড⁰ ভূপেন হাজৰিকাৰ কনিষ্ঠা ভগ্নী সু-কণ্ঠৰ অধিকাৰী সুদক্ষিণা শৰ্মাৰ দীৰ্ঘদিন ধৰি অব্যাহত থকা অসুস্থতাৰ পিছত ৩ জুলাইত ৰাতিপুৱা ৮ বাজি ২৫ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে।
যোৱা ২৩ জুনৰ পৰা চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ দেহ আৰু চকু মানৱ কল্যাণৰ বাবে দান কৰি থৈ গৈছে। ১৯৩৬ চনৰ ৮ আগষ্টত জন্ম গ্ৰহণ কৰা শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৯ বছৰ।
জন্মৰ পিছত পৰিয়ালে তেওঁক নিৰুপমা হাজৰিকা নামেৰে অভিহিত কৰিছিল। পিছত তেওঁক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কুইনী হাজৰিকা নামেৰে বিভূষিত কৰিছিল। বিবাহৰ পিছত তেওঁৰ অতি বিনয়ী আৰু মৰমীয়াল স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক সুদক্ষিণা নামটো প্ৰদান কৰিছিল।
ইয়াৰ পিছৰ পৰাই শিল্পীগৰাকী অসমৰ সাহিত্য,সংস্কৃতি আৰু সংগীত জগতত সুদক্ষিণা শৰ্মা নামেৰে পৰিচিত হৈ সংস্কৃতিৰ পথাৰখন তেওঁৰ অনন্য সৃষ্ঠিৰাজিৰে জীপাল কৰি তুলিছিল।
শিল্পীগৰাকীয়ে ১০ বছৰ বয়সতে কলিকতাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত “নাহৰ ফুলে নুশুৱায়”, “বিশ্বৰ ছন্দে ছন্দে”, “অ’ মইনা কেতিয়া আহিলি তই” আদিকে ধৰি চাৰিটা গীতত কণ্ঠ দান কৰি সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।
১৯৪৭ চনত গুৱাহাটীৰ পাণবজাৰলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ “এই জয় ৰঘুৰ নন্দন” গীতটো পৰিৱেশন কৰিছিল। এই সংগীত যাত্ৰাৰ আৰম্ভণিৰেই শিল্পীগৰাকীয়ে মৃত্যুৰ আগমূহুৰ্ত লৈ শতাধিক কালজয়ী গীত পৰিৱেশন কৰি অসমৰ সংগীত জগতক মহীয়ান কৰি তুলিছিল।
আকাশ বাণী গুৱাহাটী কেন্দ্ৰত শিল্পীগৰাকীয়ে কুইনী হাজৰিকা নামেৰে গীত পৰিৱেশন কৰি গুৱাহাটী কেন্দ্ৰক উজ্বলাই তুলিছিল।
জীৱন পৰিক্ৰমা আৰম্ভ কৰাৰ সময়ৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু ককায়েক ড⁰ ভূপেন হাজৰিকাৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰি তেওঁৰ স্বভাৱজাত প্ৰতিভাৰে মৃত্যুৰ আগমূহুৰ্ত লৈকে সংগীত সাধনাত ব্যস্ত হৈ অসমীয়া বৰ্ণিল গীতি-সংস্কৃতিক আৰু অধিক স্বৰ্ণীল কৰি তুলিছিল।
বিবাহ সূত্ৰে অসমৰ আন এগৰাকী যশস্বী শিল্পী দিলীপ শৰ্মাৰ সৈতে সংযুক্ত হৈ কেইবাটাও কালজয়ী গীতেৰে অসমীয়া সংগীত আকাশ চিৰ উজ্জ্বল কৰি তুলিছিল। দিলীপ শৰ্মাৰ লগত “এন্ধাৰ কাতিৰ নিশাটিৰ” শীৰ্ষক গীতটিৰ জৰিয়তে অসমীয়া চহা জীৱনৰ দুখ-দুৰ্দশাৰ ছবিখন নিখুঁত আৰু সাৱলীল ৰূপত উপস্থাপন কৰি খাটি খোৱা অসমীয়া ৰাইজক অফুৰন্ত শক্তি যোগাইছিল।
শিল্পীগৰাকীয়ে চিকিৎসাধীন অৱস্থাটো সুধাকণ্ঠৰ চিৰসেউজ গীত “মানুহে মানুহৰ বাবে” গুণগুণাই সমগ্ৰ মানৱ জাতিক মানৱ সেৱাত ব্ৰতী হোৱাৰ বাবে প্ৰেৰণা জগোৱা কাৰ্য্যই তেওঁৰ মানৱ দৰদী জীৱন পৰিক্ৰমাক অধিক প্ৰাণবন্ত কৰি ৰাখিব। শিল্পীগৰাকীয়ে জীৱনকালত আগবঢ়োৱা অনবৈদ্য অৱদানৰ বাবে ২০০২ চনত স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল।
শিল্পীগৰাকীৰ মৃত্যুত আমাৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ আদৰ্শ আৰু প্ৰতিভাই নতুন পুৰুষক এখন শ্ৰেণীহীন সমাজ গঢ়াৰ ক্ষেত্ৰত প্ৰেৰণা যোগাই থাকিব বুলি আমি আশা কৰিব পাৰোঁ।
যুগান্ত বায়ন/ ফোন ৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)
ReplyForward |