• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

‘সুকী দেচু’: প্ৰথম মৰমৰ সুবাস

ASSAMESE

by Pushpanjali Shivom Sarma
December 18, 2025
in ASSAMESE SECTION, Literature
Reading Time: 16 mins read
0
‘সুকী দেচু’: প্ৰথম মৰমৰ সুবাস
Share on FacebookShare on TwitterShare on LinkedIn

‘সুকী দেচু‘: প্ৰথম মৰমৰ সুবাস

পুষ্পাঞ্জলি শিৱম শৰ্মা 

Pushpanjali
পুষ্পাঞ্জলি শিৱম শৰ্মা 

“তুঝে চুনে ক’ দিল কৰে

তুঝে পানে ক’ দিল কৰে

জ’ বাত মেৰী দিলমে চুপি

ব’ বতানে ক’ দিল কৰে৷’’

ফেব্ৰুৱাৰী মাহৰ উমসনা কুঁৱলীৱে ঢকা এটি চিকুণ ৰাতিপুৱা৷

ফুটো নুফুটোকৈ ৰ’দ এদৰাই সলাজ চাৱনিৰে ধৰাক চুমাৰ সুতীব্ৰ প্ৰচেষ্টা চলাইছিল সেইদিনা৷

 এখন দ্ৰুতবেগী টাটা-চুমো কুঁৱলী ফালি আগবাঢ়িছিল কাজিৰঙা অভিমুখে৷
বুকুত সুমুৱাই লৈ প্ৰায় বাৰজনমান বুদ্ধিদীপ্ত ল’ৰা-ছোৱালীৰ এটা দল৷

অলপতে ঘোষণা কৰা সদৌ অসম ভিত্তিক বিভিন্ন প্ৰতিযোগীতাত বিজয়ী প্ৰতিযোগীসকলক লৈ এটা দল বনাই তেওঁলোকক পুৰস্কাৰ হিচাপে “গ্ৰীণ চচাইটি“ বুলি এটা প্ৰকৃতিৰ সুৰক্ষাৰ লগত জড়িত স্বেচ্ছাসেৱী অনুষ্ঠানে দুইদিন দুইৰাতি কাজিৰঙাৰ বুকুত কটোৱাৰ বাবে লৈ গৈছিল৷

কঁহৰা ৰেঞ্জৰ এটা গেষ্টহাউচ’ত ল’ৰাছোৱালী কেইজনক তেওঁলোকৰ দুগৰাকী ‘মেন্টৰ’ৰ সতে থকাৰ সু ব্যৱস্থা কৰা হৈছিল৷

চাৰিওপিনে সেউজীয়াৰ লাৱণ্য ৰূপে আৱৰি ধৰিছিল৷ 

তাতে ফেব্ৰুৱাৰী মাহৰ উম লগা কাজিৰঙাৰ মায়াসনা গধূলি৷

হাতত কফিৰ কাপটো লৈ গেষ্টহাউচটোৰ বাহিৰৰ বাহৰ চাংখনত বহি লৈছিল তাই৷

Vehicle

স্কাৰ্ফখন জোৰকৈ ইখন হাতেৰে গাত মেৰিয়াই লৈ কফিকাপত এটা চুমুক দিলে৷

উফ কি আমেজ৷

সুকী দেচু: প্ৰথম মৰমৰ সুবাস

লগতে ধোঁৱাই থকা সেই কফিকাপৰ সান্নিধ্যতকৈ উত্তম একোকে নাছিল তাইৰ বাবে সেইমুহূৰ্তত৷

কাষৰ ল’জটোতো ভালেমান ল’ৰাছোৱালীৰ হট্টগোল তাইৰ কাণত পৰিছিলহি৷

শুনামতে সেই ল’ৰাছোৱালীৰ

দলটো গুৱাহাটীৰ পৰা অহা৷

যিকি নহওক 

তেতিয়া ‘ৱাকমেন’ৰ দিন ৷

চনু নিগমৰ নতুনকৈ ৰিলিজ হোৱা গানটো বাজি আছিল 

‘হেডফোনে’ৰে মগজুলৈ তাইৰ৷

হৃদয়ত এটি মৃদু লহৰে কপনি তুলিছিল৷

ইমান মিঠা সেই কন্ঠ আৰু সুৰটি৷

“তুঝে চুনে ক’ দিল কৰে’’৷

তুঝে পানে ক’ দিল কৰে’’৷

হঠাৎ লগৰ এজনী আহি তাইক কলে ‘মেন্টৰ’ বাইদেৱে মাতিছে ৷

কাষৰ ল’জটোত থকা গুৱাহাটীৰ দলটোৰ লগত হেনো ৰাতিৰ আহাৰ একেলগে খাব৷

সোনকালে ওলাব দিছে৷

পাতল নীলা আৰু শুভ্ৰ নেটলগোৱা মখমলীয়া ফ্ৰকটো উলিয়াই পিন্ধি ললে তাই৷

ফ্ৰকটোৰে তাইক বৰকৈ শুৱাইছিল৷

সিমান এটা মন নাছিল যাবলৈ তাইৰ, কাৰণ স্বভাৱতে লাজুকী আৰু অকলশৰে থাকি ভালপোৱা বিধৰ ছোৱালী এজনী আছিল ৷

তথাপিও উপায় নাই, যাবই লাগিব৷

থাউকতে তাইৰ মৰমৰ কণমানি ‘ৱাকমেন’টো লগত নিবলৈ নাপাহৰিলে৷

সুকী দেচু: প্ৰথম মৰমৰ সুবাস

চুলিখিনি চুটি চুটি আৰু ঢৌ-খেলোৱা আছিল ল’ৰাটোৰ৷ 

ঠিক যেন ৰাতিপুৱা দেখা দিয়া সূৰুযৰ কোমল সোণোৱালী বৰণৰ আভাৰ দৰেই৷

 একে চিকমিকনি৷ ইমান উজ্জ্বল৷

তাইৰ চকুত পৰিছিল এজন ল’ৰা৷

একেথৰে চাই ৰৈছিল ল’জটোৰ দুৱাৰমুখতে থিয় দি থকা ল’ৰাজনক তাই৷

গাখীৰত সেন্দুৰ মিহলোৱা হেন গাৰ ৰঙটোৰ লগত সোণোৱালী চুলিয়ে আৰু সোণত সুৱগা চৰাইছিল ল’ৰাটোৰ ৰূপ৷

তিলফুলটো যেন নাকটো তাৰ ।

যেন কোনোবা ৰূপকথাৰ নায়ক৷

গ্ৰীক দেৱতাসকলৰ মাজৰ শ্ৰেষ্ঠতম দেৱতা সাইলাখ “জিউচ” সদৃশ ল’ৰাটো ৷

ইলিয়াড আৰু ওদিচিৰ কিতাপৰ পাতত যিদৰে তাই পঢ়িবলৈ পাইছিল একেই দেহবল্লভৰ বৰ্ণনা৷

সপোন নে?

কিন্তু এয়া চোন দিঠক৷

 এপলক দেখাৰ লগে লগেই যিকোনো ছোৱালীয়ে মোহান্ধ নহৈ নোৱাৰিব। 

সেই ল’ৰাজনক

চকুৰ পতাত একান্ত নিজৰ কৰি লোৱাৰ হেপাঁহটোৱে যেন উকমুকাই উঠিব যিকোনো ছোৱালীৰে৷

ইমান সমাহিত শান্ত মুখ৷

হাৰে , এয়া তাইৰ কি হব ধৰিছে?

হঠাৎ তায়ো উচপ খাই উঠিল৷ 

সুকী দেচু: প্ৰথম মৰমৰ সুবাস

সিয়ো দেখোন তাইৰ পিনেই চাই আছিল

চকুৰ পলক নমৰাকৈ৷

ইফালে সিফালে চাইছিল তাই৷

তায়েই হয়নে?

তাইকে চাইচেনে?

নিজকে চিকুটি দি চাইছিল৷

হয়৷

তাইৰ ভুল হোৱা নাই৷

মিঠা সেই চাৱনিৰ এক শীতল শিহৰণে সংগোপনে হেচুকি দিছিল অজানিতে৷

ইমান সুদৰ্শন ল’ৰাটোৱে বাৰু তাইকে চাইছেনে?

নে ভ্ৰম?

কি জানো ভাবি হঠাৎ তাই মনতে পাঙিলে

আঁৰ হৈ দিওঁ এবাৰ৷

দেখা যাওঁক কি হয়৷

প্ৰমাণ পোৱা যাব তেতিয়া যে সি তাইকে চাইছেনে বাৰু?

কোঠাটোত ইতিমধ্যে সকলো ল’ৰাছোৱালী গোট খাই ভৰি পৰিছিল আৰু হাইউৰুমিৰ মাজতো লাহে লাহে সকলোৱে সকলোৰ লগত চিনা পৰিচয় হব ধৰিছিল৷

কিন্তু

ইফালে সিফালে তাইৰ চকুৱে  

ল’ৰাটোকহে বিচাৰি ফুৰিছিল, কত জানো হেৰাই গ’ল৷

চেহ ৷

থাকক দে, ভবামতে

কাম নহল৷ নিজে লুকাই তাকহে দৃষ্টিৰ পৰা হেৰুৱালে৷

কিখন ভাবনাত যে তাই ডুব যাব ধৰিছে৷

হঠাৎ সম্বিৎ ঘুৰাই পোৱা মানুহৰ দৰে নিজকে অলপ বুজাই কিনো কৰি আছে বুলি

পুনৰ ‘হেডফোন’ ডাল লৈ গানত নিমগ্ন হল৷

“য়ে ৰূপ মেহকা

য়ে জুল্ফ বিখৰা

ইউ দি লুভানা তেৰা৷

মদহ’চ মুঝকো কৰনে লগা হে

ইউ মুস্কুৰানা তেৰা’’৷

‘মেন্টৰ’ বাইদেউৰ মাতত হেডফোনডাল আঁতৰাই ভাতৰ পাতত তায়ো বহিল সকলোৰে লগত৷

সুকী দেচু: প্ৰথম মৰমৰ সুবাস
Photo by cottonbro on Pexels.com

কিন্তু এয়া কি?

আকৌ সপোন নে দিঠক?

কাষতে দেখোন সেই অথনিৰে পৰা কুকভাক খেলি থকা সুদৰ্শন ল’ৰাটো৷

ঢক ঢককৈ

কিমান জোৰেৰে হৃদয়ৰ ঢপঢপনি বোৰে কলৈ জানো ঢাপলি মেলিছিল সেইকণ সময়তে ৷

তাই তলকিবই নোৱাৰিলে৷

কিবাকৈ ভাত দুগৰাহমান খাই ‘গেষ্টহাউচ’ পালগৈ সিহঁতে৷

ৰাতিপুৱাই উঠিব লাগিব ‘এলিফেণ্ট চাফাৰী’ৰ বাবে৷

যাওঁতে পিছলৈ এবাৰ ঘুৰি নোচোৱাকৈ নেৰিলে কিজানি এবাৰ এপলক দেখা পাই তাক ৷

নাই নাপালে৷

আকৌ হেৰাল৷

লুকাভাকু যেন সময়বোৰৰ উচপিচনি৷

ৰাতিপুৱাই হাহাঁকাৰ কৰি লগৰজনীয়ে বাহিৰত জীপত বহি চিঞৰি চিঞৰি তাইক মাতিব ধৰিছিল৷ 

“অ’ই হলনে তোৰ৷

 আহ জল্দি৷

গুৱাহাটীৰ দলটো পালেগৈ ৷

কি বিচাৰি আছ’ তই৷’’

আমি ৰখি আছো তোলৈ৷’’

উফ ‘ৱাকমেন’টো কত?

নে কালি ৰাতি তাতেই এৰিলো৷

দে বাদ দে গল আৰু সময়ো নাই বিচাৰিবলে৷

মনতে ভোৰভোৰাই তাই জীপত বহিলহি৷

বেজাৰ লাগিছিল যদিও উপায় নাই৷

jeep safari

দিনটো ‘এলিফেণ্ট চাফাৰী’ ‘জীপ চাফাৰী’ কৰি ভাগৰত লেতুসেতু দি আটায়ে গধুলি গেষ্টহাউচ পালেহি৷

কালি হেনো এট নিজৰা দেখুৱাবলৈ নিব কহৰা ৰেঞ্জত থকা পাহাৰখনৰ কাষলৈ ৷

সোনকালে আটাইবোৰে খাই বৈ শুই থাকিল৷

বহু ৰাতিলৈকে তাইৰ টোপনি অহা নাছিল৷

কিবা যেন এক উচপিচনি! কিন্তু কি নাজানে তাই৷

ৰাতিপুৱাল৷

সকলোৰে উথপথপ ৷

এই হাইউৰুমি কোলাহলৰ মাজতো তাইৰ মনটো অলপ বেয়া লাগি আছিল৷

তাইৰ অতি মৰমৰ ‘ৱাকমেন’টো হেৰাই থাকিল৷

ল’ৰাজনকো দুনাই দেখা নাপালে৷

কি হব৷

মনটো সেমেকি উঠিছিল৷

আটায়ে নিজৰাৰ পাৰ পালেগৈ৷

 পাৰটো এজাক প্ৰাণোচ্ছল ল’ৰাছোৱালীৰ হাঁহিৰ খিলখিলনিৰে ভৰি পৰিছিল৷

ডাঙৰ ডাঙৰ শিলবোৰৰ বুকুত থেকেচা খাই পানীবোৰ মুকুতাৰ টোপাল হৈ পৰিছে৷

সেই টোপালবোৰৰ যেন অঘোষিত প্ৰতিযোগিতাহে৷

 কোনে কিমান ওপৰলৈ জপিয়াই এদৰা মেঘৰ সৈতে প্ৰেমালাপ কৰিব পাৰিব৷

তাইৰ লগৰবোৰে শিলবোৰত ইটোৰ পৰা সিটোলৈ জপিয়াইছিল,পানীবোৰ চটিয়াইছে ইটোৱে সিটোক চিঞৰিছে আৰু ‘ক’দাক কেমেৰা’ত বন্দী কৰিছে সেই মুহূৰ্তবোৰ৷

 এটি এটি সময়ক বন্দী কৰাৰ ক্লিক

“ক’চাক’’৷

kodak reel

আৰু তায়ো ডাঙৰ শিল এচটাত বহি ফ্ৰকটো আঠুলৈকে কোচাই ভৰিদুখনৰে পানী ঘোদালি আছিল৷

হাত দুখন বহলাই মেলি পিছফালে হালি৷ 

কোমল ৰ’দৰ আলফুলীয়া পৰশে চুমিছিল তাইৰ দুগাল,ৰঙা পৰি নোযোৱালৈকে৷

”তোমাৰ ‘ৱাকমেন’টো৷

কালি ৰাতি আমি থকা ল’জটোৰ ডাইনিং হলত এৰি থৈ গৈছিলা ৷

গানকেইটা ময়ো শুনিলো ৷

বেয়া নাপাবা৷

খুউব ধুনীয়া গানবোৰ আৰু 

তুমিও ধুনীয়া গানকেইটাৰ দৰে৷

বুলি কৈ চকুৰ পচাৰতে পপীয়াতৰাটোৰ দৰে আহি পুনঃ সেই লৰাটো নোহোৱা হল৷

তাই কিবা প্ৰতুত্তৰ দিব নৌপাওঁতেই৷

সৰগ পৰা মানুহৰ দৰে তাই থৰ লাগি শিলচটাতে বহি ৰল ৷

 হাতত সি এইমাত্ৰ দি থৈ যোৱা তাইৰ মৰমৰ ‘ৱাকমেন’টো৷

এজাক ল’ৰাছোৱালীৰ প্ৰানচঞ্চল হাঁহিৰ খিলখিলনিত নিজৰাৰ পানীবোৰো উচ্ছ্বসিত হৈ পৰিছিল তেতিয়া৷ আৰু কৰবাত তাইৰ মনটোও৷

  সেইশাৰী কথা- “তুমিও ধুনীয়া’’ কাণত অহৰহ বাজি আছে এতিয়া তাইৰ৷

কি যে মিঠা আছিল মাতটো৷

হুমুনিয়াহ কাঢ়ি দীঘলীয়া উশাহ এটা লৈ পুনৰ ‘হেডফোন’ দাল কাণত লৈ গীত এটাকে শুনো বুলি ভালকৈ বহি ললে তাই৷

চেঁচা শিহৰণ এটাই আকৌ চুই গল যেতিয়া বাজি উঠিল

“তুঝে চুনে ক’ দিল কৰে’৷

তুঝে পানে ক’ দিল কৰে’৷

এই কথাই নহব ৷

ঘপকৈ বহা ঠাইৰ পৰা উঠি ইটো শিলৰ পৰা জপিয়াই সিটো শিললৈ যাব খোজোতেই চকুত যেন বিজুলী পোহৰ এচাটিয়ে চুই দিলে৷

 শব্দ এটাৰে “কচাআআআকক’’৷

কি পোহৰ সেইটো?

কেমেৰাৰ ফ্লাচ দেখোন এয়া আৰু সমুখত

সেই ল’ৰাটো৷

kodak camera

গছৰ আঁৰ হৈ সি তাইৰে ফটো তুলি আছিল ইমানপৰে৷

তাৰ কেমেৰাত বন্দী হৈ পৰিছিল তাই৷

তেতিয়া দেখা তাৰ ডিঙিত আৰি লোৱা ক’দাক কেমেৰাটোৰে অনৰ্গল তাইৰ ফটোকে তুলি আছে সি৷

সংসাৰৰ সমস্ত

লাজ ভয় দ্বিধাই তাইৰ মুখত থুপ খাই পৰিছিল৷ 

কি কৰিব কি নকৰিব ভাবি থাকোতেই

সি লুকাই লুকাই কিমান ফটো ললে হিচাপ নাই৷

তাই নিজকে লুকুৱাবলৈ যেন একো ঠায়ে বিচাৰি পোৱা নাছিল৷

এতিয়াৰ দৰে তেতিয়া মোবাইল সহজলভ্য আৰু হাতে হাতে নাছিল৷

গতিকে সংযোগ বা যোগাযোগৰো একো উপায় নাছিল৷

মনগলেই সকলো কথা পাতিবলে

মন গলেই উজাৰি দিবলৈ হৃদয়ৰ গোপন বেথা৷

 মনৰ মৃদু শিহৰণবোৰ মনতে সামৰি

 দুদিন দুইৰাতি কাজিৰঙাৰ বুকুত কটাই পিছদিনা ঘৰমুৱা হোৱাৰ সময় আহি পৰিল সিহঁতৰ৷

বৰ হেপাঁহ আছিল এবাৰ যদি দেখা পালে হয় সেই সপোনৰ কোঁৱৰজনক তাই!

কি যে অনামী শিহৰণ সানি দি গ’ল সি

 অন্তত নামটো যদি গম পালে হয়!

 গুৱাহাটীৰ কত থাকে জানিলে হয়!

বিদায়ৰ আগদিনা ৰাতি সিহঁতৰ লগতে পুনঃ খানা খোৱা হৈছিল৷

ৰাতি এপৰলৈকে ল’ৰাজনৰ চকুৰ চাৱনিয়ে তাইৰ হৃদয়তো খলকনি লগাইছিল৷

থানবান কৰি পেলাইছিল এক নামহীন উত্তেজনাৰ সোঁতে তাইৰ বুকু৷

three red heart balloons
Photo by Kristina Paukshtite on Pexels.com

কেৱল মাত্ৰ দুয়ো দুয়োকে চাই ৰৈছিল৷

চকুৰ নিমিষ নমৰাকৈ৷

কুৰুকি কুৰুকি যেন সোমাই যাব সেই চাৱনিৰ মাদকতাক সামৰি হৃদয়ৰ নিভৃততম কোণলৈ৷

এবাৰ হঠাৎ কাষলে আহি সি কাণৰ কাষত গুঞ্জন তুলি দুষ্টামিভৰা সুৰ এটাৰে তাইক জোকাই গৈছিল-

“জ’ বাত মেৰি দিল মে চুপি ৱ বতানে ক’ দিল কৰে’’৷

কি কথাই দোলা দি আছিল তাৰ বুকুত যি তাইক কব খোজে সি?

কিন্তু কোৱা নহল৷

আৰু তাইৰ শুনা নহল৷

পিছদিনা এবুকু বিষাদ বিৰহ সামৰি বিদায় ললে সিহঁতে কাজিৰঙাৰ বুকুৰ পৰা৷

লগৰজনীয়ে বাটত তাইক কলে

তাইৰ ‘ৱাকমেন’টো ঘুৰাই দিয়া

ল’ৰাটো গুৱাহাটীৰ৷

ভাল ছবি আঁকে৷

প্ৰথম পুৰস্কাৰ পাইছিল সি৷

গুৱাহাটীৰ দলটোৰ লগত আহিছে৷

“তোক তাৰ ভাল লাগিছিল হেনো আৰু চাই আছিল বহুত সময় তোলৈ৷

তোৰ নামটো সুধিছিল৷’’

“আৰু তাৰ নামটো’’? লগৰজনীৰ কথা 

শেষ হবলৈ নিদি পৰম উৎকণ্ঠাৰে তাই সুধি পেলালে৷

তীব্ৰ ইচ্ছা এটা তাইৰো গৈছিল, কিন্তু কিয় জানো সাহস গোটাব নোৱাৰিলে এবাৰ মাতিবলে৷

তাৰ নামটো সুধিবলে৷

এক অজান মিঠা লাজে তাইক বাধ্য কৰিছিল নেকি?

লগৰজনীয়ে কৈছিল তাৰ নামটো

“অসীম’’৷

person standing near lake
Photo by Lukas Rychvalsky on Pexels.com

সীমাহীন ভাবনাৰ আকাশত তাইক বুৰাই পেলাবলৈকে কিজানি আহিছিল সি তাইৰ জীৱনত সেইকণ সময়ত৷

আকৌ এবাৰ চাবলৈ বৰ হেপাঁহ জাগিছিল৷

ভগৱানে যদি মাত্ৰ এবাৰ দেখুৱালেহেতেন!

কিন্তু কি হব, গুৱাহাটীৰ দলটো পুৱাই গুচি গৈছিল সিহঁততকৈয়ো আগতে৷

লগতে অসীমো৷

উদাস মন এটা সামৰি সিহঁতো

তেজপুৰ পাইছিল লাহে লাহে৷

‘ৱাকমেন’ৰ বেটাৰীও শেষ হৈছিল৷

কিমানবাৰ যে শুনিছিল তাই গানটো৷

যিটোৰে সি তাইক এপলক জোকাইছিল৷

“জ’ বাত মেৰী দিল মে চুপি ৱ’ বতানে ক’ দিল কৰে৷’’

কিন্তু শুনাও নহল আৰু কবলগা জনেও নোকোৱাকৈয়ে গুচি গল হৃদয়ত এটি মৃদু লহৰ তুলি৷

love

ৰাষ্টাৰ দাঁতিত চোন এখন বলেৰ’৷

অ’ হয়তো !

গুৱাহাটীৰ দলটোৰে দেখোন বলেৰ’খন৷

কিবা বিজুটি হ’ল বোধকৰো৷

আৰু

সেইয়া চোন অসীম৷

ৰাষ্টাৰ কাষত দ্ৰাইভাৰৰ লগত কিবা কথা পাতি আছে৷

সিহঁতৰ গাড়ীখন ৰখাইছিল আৰু গুৱাহাটীৰ ল’ৰাছোৱালীকেইটাক কিবাকৈ মেনেজ কৰি সিহঁতৰখনতে উঠাই লোৱা হল৷

সদ্যহতে ঠেলাহেঁচা কৰি যেনেতেনে মঙলদৈলৈ যোৱা যাওঁক তাৰ পিছত সিহঁতক গুৱাহাটীলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব৷

তাই মাজৰ চিটত বহিছিল৷

অসীম ঠিক তাইৰ পিছফালৰ চিটত বহি ললে৷

সি তাৰ হাতখন তাইৰ চিটৰ ওপৰত ভাঁজ লগাই ৰাখিছে৷

তাইৰ মুৰৰ চুলিকেইডালে বোধকৰো বতাহৰ দুষ্টামিত কেবাবাৰো তাৰ মুখত কোবাইছিল৷

সি বেয়া পাইছিল নেকি বাৰু?

কিবা এটা মৃদু গুণগুণনি উঠিছিল সৰু গাড়ীখনত৷

love1

অসীমৰ লগকেইটাইয়ো যেন ফিচিঙা ফিচিঙিকৈ তাইকে উদ্দেশ্য কৰি কিবা কৈ আছিল৷

অসীমকো জোকাই আছিল৷

ফাট মেলা বসুমতী পাতালে লুকাও অৱস্থা হৈছিল যদিওঁ কিবা এটা আমেজ আৰু উৎকণ্ঠাত তাইৰ হৃদয়খন আন্দোলিত হৈছিল৷

এয়াই নেকি ভালপোৱাৰ প্ৰথম উম৷

কুহুমীয়া!

তাতে ঠাণ্ডাৰ দিন৷

সোনকালে বেলিটোৱো হেঙুলীয়া ৰহণ এসোপা সানি পশ্চিমত ডুবিল ৷

সাজ লাগি আহিছিল৷

ভাগৰত সকলো লেবেজান হৈছিল

টোপনি আহো নাহো সকলোৰে চকুত৷

শীতৰ উমাল গধূলি৷

তাইৰো চিলমিলকৈ টোপনি আহিবলৈ ধৰিছিল ৷

আলফুলকৈ বৈ যোৱা সমীৰনে এটা দুষ্টামিৰে যেন চুলিকেইডালক উৰুৱাই বাৰে বাৰে তাইৰ মুখখন চুমি গৈছিল৷

হঠাৎ যেন তাই অনুভৱ কৰিছিল কাৰোবাৰ দুহাতৰ এক মৃদু স্পৰ্শ তাইৰ চুলিকেইডালত৷

 খোলা চুলিকেইডালৰ আতিশয্য তাইৰ মুখত কোনোবাই যেন

সহ্য কৰিব পৰা নাই৷

চুলিকেইডালৰ ইমান সাহসনে?

ঈৰ্ষাত জ্বলিপুৰি এক মৃদু স্পৰ্শৰে মুখৰ পৰা চুলিকেইডাল আতৰাই দিলে সযতনে

আলফুলে৷

কতো দুখ নোপোৱাকৈ৷

পৃথিৱীৰ সমস্ত কোমলতাক সানি৷

কোনোবাই যেন কাণৰ কাষত মৃদু সুৰেৰে

 গুনগুনাইছিল “তুঝে চুনে ক’ দিল কৰে

তুঝে পানে ক’ দিল কৰে

য’ বাত মেৰী দিলমে চুপি ৱ’হ বতানে ক’ দিল কৰে৷

অ’ পু’’৷

shadow of woman with crown on head
Photo by Kristal Tereziu on Pexels.com

সপোনবোৰ কিয় ইমান মিঠা৷

তাইৰ আমেজ লাগি গৈছিল৷

এনেকুৱা সপোনটো তাই আগতে দেখা মনত নপৰে৷

খপজপকৈ সাৰ পাইছিল হঠাৎ তাই৷ চিলমিলীয়া টোপনিৰ পৰা ৷

গাড়ীৰ ভিতৰৰ লাইটকেইটা জ্বলি উঠি তাইৰ চকুত চাট মাৰি ধৰিছিল৷

চকুকেইটা মোহাৰি লুকাই চুৰকৈ কিয় জানো এবাৰ অসীমলৈ চোৱাৰ তীব্ৰ হেপাহ এটা জাগি উঠিছিল তাইৰ৷

আৰু লাহেকৈ মুৰতো বেকা কৰি এপলক চাওঁতে দেখিলে

অসীমেও দেখোন পলক নমৰাকৈ তাইকে চাই আছে৷

উফ এই চাৱনি!

হেজাৰ কঠিন শিলকো ভেদি যেন তাত এদৰা তৰাফুল ফুলাই দিব৷

তাইৰ হৃদয়ত ঝংকাৰিত হল

বাখৰুৱা

চিকুণ কবিতা যেন তুমি৷

থুপিচনীয়া ফুলবোৰৰ

সুবাসবোৰ

আমাৰ উশাহত

সিচৰিত হওক৷

অফুলন এমোকোৰা ৰ’দৰ

দৰেই স্নিগ্ধ

আকোঁৱালি ল’ব পাৰিনে

 হেপাঁহৰ

এবাকচ আমৰণ মৰম৷

লাজটো অলপ কমি আহিছিল নেকি তাইৰ৷

ৰৌতাত নামি অলপ ভাগৰ জিৰাই

চাহ-তাহ খাব ললে সকলোৱে৷এইবাৰ একচেকেণ্ডৰ বাবেও অসীম তাইক চকুৰ আঁতৰ হোৱা নাছিল৷

 যেন দৃঢ় প্ৰতিজ্ঞা৷

যিমানকণ সময় বাকী ৰৈছিল চকুৰ আঁৰ হব নিদিব আজি সি৷

হেপাহ পলুৱাই চাব তাইক আৰু চকুৰ পতাত বহুৱাই লৈ যাব দুৰ দিগন্তলৈ৷ 

ইমান গভীৰ চাৱনি৷

কেনেকৈ বুকুলৈ শিপাব পাৰে৷

চকুৰে প্ৰেমৰ মদিৰা নিগৰিছিল তাৰ আৰু 

সেই নিচাত নিচাসক্ত হৈ পৰিছিল তাই৷

অপলক সস্নেহে তায়ো চাই ৰৈছিল ৷

নিজক আৰু বাধা নিদিলে তাই৷

লাজবোৰ একাষৰীয়া কৈ থৈ৷

আবেগত হৃদয়বোৰ থৰকবৰক এতিয়া দুয়োৰে৷

crop couple tenderly touching hands
Photo by Wallace Chuck on Pexels.com

কিন্তু

কিমানলৈ সাৱটি

অপ্ৰাপ্তিৰ সপোনটোক কঢ়িয়াই

ঘৰমুৱা পখীটি উৰি যায়৷

দুৰনিৰ ৰিণিকি ৰিণিকি

কোলাহলত

অবাধ্য চকুলো

নীৰৱে নিগৰে

মনগহনত৷

মঙলদৈ পালে আৰু সিহঁতবোৰ নামি দিলে৷

গুৱাহাটীৰ দলটোক লৈ চুমুখনেও ঢাপলি মেলিলে৷

কেৱল ইটোৱে সিটোৰ চাৱনিৰ সুধা পান কৰিয়েই ঘৰমুৱা হ’ল দুই প্ৰেমিক চৰাই ৷

কথাও বিশেষ একো পতা নহল৷

কত থাকে কি ঠিকনা কেনেকৈ বিচাৰিব তাই এতিয়া!

এতিয়াৰ দৰে যে সহজলভ্য নাছিল সংযোগবোৰ যোগাযোগবোৰ৷

দিনবোৰ এনেকৈয়ে পাৰ হৈ যাব ধৰিলে৷

মিঠা সোৱঁৰনী বোৰ বুকুতে জহি পমি গ’ল৷

envelope

এদিন ডাকোৱালে আহি এটি নীলাখাম দি থৈ গৈছিল৷

 তাত তাইৰ বহুকেইখন ফটো আছিল নিজৰাৰ পাৰত অসীমে তোলা৷

আৰু………

ইতি 

তোমাৰ অসীম ৷

বুলি লিখা আছিল, কিন্তু তাৰ ঠিকনাটো নিদিলে সি৷

এবুকু হুমুনিয়াহক সামৰি দুচকুৰে দুটোপাল অশ্ৰু নিগৰি বৈছিল তাইৰ গালেদি৷

হেৰাই যোৱা সপোনটোৰ স্মৃতিত৷

কেতিয়াবা জানো দেখা হব ?

love4

নে অসীমৰ সীমাত হেৰাই গ’ল কাহানিও লগ নোপোৱাৰ সাধুটোকহে সামৰি তাইৰ সপোনকোঁৱৰ!

ফটোকেইখন এলবামটোত ভৰাই থলে তাই এটি সপোনক বুকুত সামৰি৷

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Pushpanjali Shivom Sarma

Pushpanjali Shivom Sarma

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d