সুখী হ’ব নোৱৰা অসুখ
মনস্বিনী শৰ্মা
“সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ,সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ“- সৰুতে আমি পাঠ্যপুথিত পঢ়া উক্ত কবিতাটোৰ সঁচাকৈয়ে গভীৰ অৰ্থ আছে।
জীৱনটো সুখ-দুখৰ সমষ্টি।সুখ -দুখৰ অবিহনে জীৱন উপভোগৰ স্থলেই বা ক’ত?সুখ থাকিলে দুখ যে নাহিব বা দুখ থাকিলে সুখ যে নাহিব সেই কথা সত্য নহয়।
দুখৰ ৰাতি দীঘলীয়া হ’লেও সুখৰ ৰ’দ আহিবই।সেই ৰাতিটোৰ সময়ৰ বাবে লাগে মাথো ধৈৰ্য,সাহস আৰু মনোবল।দুখৰ ব্যাকৰণ আমাৰ বাবে বেছি।জীৱনৰ ওখোৰা- মোখোৰা পথত সুখতকৈ দুখৰ কাহিনীবোৰ বেছি দেখো।বেয়াখিনি কেৱল মোৰ লগতে হয় বুলি ভাবি বাৰে বাৰে ভাগৰি পৰো।
জীৱনত সুখী হ’ব পাৰে সেইচাম মানুহে যিয়ে আউঁসীৰ আন্ধাৰৰ মাজতো আকাশত তৰাৰ চিক্মিক্ণিক বিচাৰি পায়।আনহাতে সেইচাম মানুহ সদায় অসুখী হৈ থাকে যিয়ে জোনাকৰ মাজতো পোহৰৰ সন্ধান বিচাৰি ফুৰে।
গতানুগতিক সময়ৰ গতিধাৰাৰ মাজত আমাৰ জীৱনবোৰও হৈ পৰিছে জটিলৰ পৰা জটিল।বস্তুবাদী সুখেৰে জীৱনৰ অৰ্থ জুখিবলৈ শিকাৰ পৰা সুখৰ দাম বাঢ়িছে।পঙ্কিল পৃথিৱীত সময়ৰ গগণাৰে জীৱন অংকৰ ওলায় বাৰে বাৰে ভুল উত্তৰ।বিচৰা মতে নোহোৱা,বিচৰাটো নোপোৱা,অপ্ৰাপ্তি,অশান্তি, বিফলতা কত যে আছে আমাৰ সুখী হ’ব নোৱৰাৰ কাৰণ।
আনৰ সৈতে নিজক তুলনা কৰি নোপোৱাখিনিতে হেৰাই যোৱাতে আমি অধিক অসুখী হৈ পৰো।হাততে থকাখিনিক সামৰি ল’ব নাজানি,মুঠিতে থকাখিনিৰ মাজত সুখৰ পোহৰ বিচাৰিব নোৱাৰিয়ে আমি থমকি ৰওঁ।পাহৰি যাওঁ আমি শূন্য নহয়।আমাৰো নূন্যতম বুলিব পৰাকৈ এমুঠি সুখ আছে,আশা আছে,জীৱন আছে।
দীঘলীয়া জীৱনটোৰ পদে-পথে নতুন ৰং।বিচাৰিলেও ইয়াৰে কিছুমান ৰং জীৱনলৈ নাহে আৰু কিছুমান নিবিচৰাকৈয়ে আহে।নেতিবাচকতাৰ ক্ষেত্ৰখনটো আমি ইতিবাচক হৈ থাকিব লাগিব। জীৱনত সকলো প্ৰত্যাহ্বানৰ মাজত আমি সুখী হৈ তেতিয়াহে থাকিব পাৰিম যেতিয়া আমাৰ মন -মগজুত ইতিবাচক চিন্তাই বিৰাজ কৰি থাকিব পাৰে।
আমি আমাৰ সুখী হ’ব নোৱৰা অসুখৰ প্ৰথম ঔষধ হিচাপে ল’ব লাগিব ইতিবাচক চিন্তা ও দৰ্শন। ইতিবাচক চিন্তাই সকলো কামত যোগাত্মক শক্তিৰ যোগান ধৰে।যোগাত্মক মন লৈ কৰা কামবোৰৰ সফলতা সোনকালে আহে আৰু সফলতাই সুখ কঢ়িয়াই।সেইদৰে আধ্যাত্মিক চিন্তা-চৰ্চাইও মনৰ জগতত ধনাত্মক শক্তিৰ সৃষ্টি কৰি মন-মগজুত স্থিৰতা আনে।
“জীৱনত সুখী হ’ব পাৰে সেইচাম মানুহে যিয়ে আউঁসীৰ আন্ধাৰৰ মাজতো আকাশত তৰাৰ চিক্মিক্ণিক বিচাৰি পায়।আনহাতে সেইচাম মানুহ সদায় অসুখী হৈ থাকে যিয়ে জোনাকৰ মাজতো পোহৰৰ সন্ধান বিচাৰি ফুৰে।”
স্থিৰ মনে কৰা কামত সাফল্য আহে। সেইদৰে আন বহুতো সৰু-বৰ সোপান আছে যাৰ দ্বাৰা সুখী হ’ব নোৱৰা অসুখৰ পৰা সুস্থ হ’ব পাৰো। আমাৰ সকলোৰে কৰি ভালপোৱা কিছুমান কাম আছে।গতানুগতিক জীৱনৰ অত্যন্ত ব্যস্ততাৰ মাজত আমি পাহৰি পেলাওঁ আমাৰ ভাললগা ধুনীয়া কামবোৰ।ব্যস্ততাৰ মাজতো যিসকলে নিজৰ ভাললগা কামবোৰ নিয়াৰিকৈ চলাই নি থাকিব পাৰে তেওঁলোকে নিজৰ ক্ষুদ্ৰমান কামটোতে সুখী অনুভৱ কৰি থাকিব পাৰে।
ইতিবাচকতা জীৱনক সজাব পৰা অলংকাৰ। আমি কিমানে পাৰো নিজক ইতিবাচকতাৰ ভাৱেৰে সজাই ৰাখিবলৈ।জীৱনত হৈ যোৱা নেতিবাচক ঘটনাক ইতিবাচকতাৰে বিশ্লেষণ কৰিব নোৱাৰো।
এয়া কিয় মোৰ লগত হ’ল?
এয়া কিয় নহ’ল?
ইত্যাদিক লৈ আমি ডুলি থাকো হুমুনিয়াহ, হতাশাৰ মাজত।কিন্তু তাৰ মাজত কেতিয়াও গ্ৰহণ কৰিবলৈ সততে আগবাঢ়ি নাহো যে যি হৈছে ভালৰ বাবে হৈছে বা যি হ’ব আমাৰ ভাল হ’ব।পাৰ হোৱা ধুমুহাজাকৰ সৈতে খোপনি পুতিব পাৰিলে এজাক ৰ’দ নিশ্চয়কৈ আহে।লাগে মাথো ধৈৰ্য-সহ্যৰ সৈতে ইতিবাচক এটি মন। ইতিবাচক চিন্তা,কথা-বতৰা,দৃষ্টিভঙ্গীৰে আমাৰ জীৱনটো পৰিচালনা কৰিব পাৰিলে আমি সুখী হৈ থাকিব পাৰো।
ক্ষমা মহৎ দান।ক্ষমাৰ সমানে ত্যাগও মুঠৰ ওপৰত ধুমুহাৰ মাজতো খোপনি নেহেৰুৱাকৈ থাকি,চকুলোক হাঁহিৰে ঢাকি যি নিজক নিজৰ মাজত ভাগি নপৰাকৈ সজাই ৰাখিব পাৰে তেওঁৱে সুখী হ’ব নোৱৰাৰ অসুখত নোভোগে। আমি প্ৰত্যেকে নিজক নিজে ভালে ৰাখিব জানিলে সুখী হ’ব নোৱৰাৰ অসুখৰ পৰা সদায় নিলগত থাকি মনেৰে নিৰোগী হৈ থাকিব পাৰিম।
সকলোৰে ঊৰ্ধত সুখী হৈ থাকিবলৈ হ’লে নিজক নিজে ভালে ৰখাটো সবাতোকৈ প্ৰয়োজন। নিজক সুখী কৰি ৰাখিবলৈ হ’লে নিজে ভালপোৱা কামবোৰ ভালদৰে কৰিব জানিব লাগিব।মানসিক শান্তি নিজে আহৰণ কৰিব পাৰিব লাগিব।চলি থকা সময়ক স্বীকাৰ কৰিব পাৰিব লাগিব।
জীৱনত ভালতকৈ বেয়া সময় অধিক পোৱা,বাটে বাটে উজুটি খোৱা,খামুচি ধৰাবোৰও হেৰাই যোৱা, গঢ়িবলৈ লৈ বাৰে বাৰে ভাঙি যোৱা আদিৰ মুখামুখি হৈও একাংশ মানুহে সদায় নিজক কুশলে ৰাখে, আনকো কুশলে ৰাখে আৰু কুশলে থাকে।আৰু এয়া কৰিব পাৰে মনৰ ইতিবাচকতাখিনিৰ বাবে।
আজিকালি আশে-পাশে থকা সকলো মানুহকেই দুখ,সমস্যাৰে জৰ্জৰিত হৈ থকা দেখা যায়।কিন্তু ইয়াৰ মাজৰ একাংশই এইসমূহ অতিক্ৰমী সদায় নিজক ইমান ভালদৰে ৰাখিব জানে।হৈ থকা অত্যন্ত বেয়া সময়খিনিকো আকোঁৱালি লৈ যুঁজিব জানে সকলো ভাল হোৱাৰ আশাৰে।
ইতিবাচক চিন্তা, দৃষ্টিভঙ্গীৰে জীৱনক জুখি চোৱা মানুহবোৰ সুখেৰে থাকে।বৰ্তমান সময়ৰ জটিল পৃথিৱীৰ জটিল মানুহৰ জটিল মনবোৰৰ মাজত নিজক কুশলে বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰাধান্য দিব লাগে নিজৰ ইতিবাচক চিন্তাক।ইতিবাচকতা মনৰ এক শক্তি।যিমানে এই শক্তি বাঢ়ে সিমানেই বেয়াবোৰ আঁতৰে আৰু সকলো সুন্দৰ দেখি মনবোৰ জীয়াই থাকে।
বাট ভুল হোৱা মানেই বাট হেৰুৱা নহয়, কঠিন মানেই অসম্ভৱ নহয়,নোপোৱা মানেই শেষ নহয়।অনিশ্চয়তা ভৱিষ্যতৰ চিন্তা কৰি বৰ্তমান হেৰুৱাই কি পাব পাৰি?আৰু এৰি অহা অতীতক খামুচি বৰ্তমানত থমকি ৰ’লে আগলৈ নো যাব পাৰি কেনেকৈ?গতিশীল জীৱনত গৈ থাকিবলৈ শিকা মানুহে ৰ’ব লগা নহয়।আগলৈনো কি আছে তাকে জানিবলৈ আগুৱাব লাগিব।জীৱনটো আগলৈ গৈ থকা পথহে।উভটি যোৱাৰ পথ নাই।যিখিনি চলি আছে সেয়াই জীৱন বুলি মানিব পাৰিব লাগে।
মুঠিতে পোৱা সময়খিনিক ভালদৰে সজাই গৈ থকা মানুহবোৰে ভাল সময়ক কাজলি পাতি ল’ব পৰা হয়।নিজৰ মাজত যুঁজি থাকিও আনৰ যুদ্ধখনটো যুঁজাৰু হ’ব পৰা মানুহবোৰৰ এনেদৰেই জীৱনটো জীয়াই থকাৰ বাবে সাহস দুগুণে বাঢ়ে।এনেবোৰ মানুহৰ জীৱনলৈ ভাল সময় নহাকৈ নাথাকে।চলি থকাখিনিহে জীৱন!
আগলৈ কি আছে ভাবি অনিশ্চিত হৈ থকা আৰু পাছত কি থাকি আহিল সেয়া ভাবি অনুতপ্ত হোৱাৰ মাজত পাৰ্থক্য নাথাকে।সেইদৰে সুখী হৈ থাকিবলৈ বহুত কিবাকিবিৰ প্ৰয়োজন নাই।
য’তেই নিজৰ মানসিক শান্তি আছে তাতেই সুখৰ বাসস্থান।বিচাৰি ল’ব জানিলে হাতত থকা সময়খিনিৰে সুখ গঢ়িব পাৰি, সুখ বিচাৰিব পাৰি,সুখী হ’ব পাৰি। সুখ থাকিও, সুখী হোৱাৰ কৌশল থাকিও সুখী হ’ব নোৱৰাসকলে সুখী হ’ব নোৱৰাৰ অসুখত ভোগে।
[মনস্বিনী শৰ্মা। স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক। অৰ্থনীতি বিভাগ। ডিব্ৰুগড় বিশ্ববিদ্যালয়।]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)