সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ
ডাঃ মনোজ শইকীয়া
আমি ব্যৱহাৰ কৰি অহা সুগন্ধি পদিনাৰ চাতনী অকনমান পালে যিকোনো খাদ্য জুটি লগাই খাব পাৰি। বিশেষকৈ আম আৰু পদিনাৰ চাতনী বেয়া পোৱা মানুহ বৰ কম।
আমি পদিনা খাওঁ যদিও ইয়াৰ গুণাগুণ হয়তো বহুতে নাজানো। পদিনা স্মৃতি বৰ্ধক, বীজাণু নাশক, বিষনাশক, কৰ্কট ৰোগ নাশক, হজম শক্তি কাৰক আৰু কফদোষ নাসক ।
পদিনাত মিথাইল চিলিকেট (methyl silicate), মেন্থল (menthol) , কেলছিয়াম, ফছফৰাচ, ভিটামিন – বি,চি,ডি,ই থাকে। পদিনাৰ পাত আৰু কোমল ঠাৰি খোৱা হয়।

পাতৰ চাতনী , পাতৰ ৰস, পাত পানীত সিজাই তৈয়াৰ কৰা চাহ বা ক্বাথ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পদিনাৰ পৰা ঔষধ প্ৰস্তুত কৰাৰ উপৰিও খাদ্য বস্তুত সুগন্ধি বা ফ্লেভাৰ হিচাবে ব্যৱহাৰ কৰা হয়।
পদিনাৰ গুণাগুণ আৰু ব্যৱহাৰ
(১) ভোক নলগা, হজম নোহোৱা, পচা পচা উগাৰ অহা, পেট ফুলা, ওকালি, বমি আদি নানানটা পেটৰ গণ্ডগোল হ’লে পদিনা পাতৰ ৰস এক-ডেৰ চামুচ নাইবা ১০-১২ টামান পাত এগিলাচ পানীত সিজাই চেকিলৈ পানী খাব লাগে । নিমিষতে পেটৰ গণ্ডগোল নোহোৱা হয়।
ফাৰ্মাছীৰ পৰা কিনি অনা পদিনা কেপচুল, টেবলেত বা পদিনাৰ চিৰাপতকৈ ঘৰতে বনোৱা ঔষধ বেছি উপকাৰী। পদিনাই পাকস্থলীৰ হাইড্ৰক্লৰিক এচিড নিয়ন্ত্ৰণ কৰাৰ উপৰিও এনজাইয সঠিক ৰূপত নিসৰণ কৰি হজম আৰু বিপাকত সহায় কৰে। পুৰণি পেটৰ গণ্ডগোল থকা ৰোগীয়ে নিয়মিত দুই-তিনিবাৰ ওপৰোক্ত ধৰণেৰে কিছুদিন পদিনা খালে সকলো ধৰণৰ পেটৰ ৰোগ নোহোৱা হয়।
(২) যকৃত, হাওঁফাওঁ , চাল আৰু অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত পদিনাই বাধা দিয়ে। পদিনাই কেঞ্চাৰ কোষলৈ তেজ চলাচলত বাধা দি এই ৰোগ বিস্তাৰ নোহোৱাকৈ ৰাখিব পাৰে। কেমোথেৰাপী বা ৰেডিয়েচন থেৰাপী লৈ থকা কেঞ্চাৰ ৰোগীয়ে পদিনা খোৱাটো উপকাৰী।
(৩) যিকোনো ধৰণৰ মূৰৰ বিষ হ’লে পদিনাৰ পাত কেটামান পিহি কপালত লেপ দিলে নাইবা ৰস কপালত সানি লাহে মালিছ কৰিলো কপালৰ বিষ নোহোৱা হয়। পৰাপক্ষত ফাৰ্মাছীৰ পৰা বিষৰ ঔষধ কিনি আনি খাই আন এটা ৰোগ উৎপত্তি নকৰি পদিনা ব্যৱহাৰ কৰাটোহে ভাল।
(৪) সন্তানক স্তনপান কৰোৱা মহিলাৰ কেতিয়াবা স্তন উখহি বিষাবলৈ ধৰে। পদিনা পাত পিহি প্ৰলেপ দিলে বা পাতৰ ৰস সানিলে উখহা আৰু বিষ নোহোৱা হয়। কাৰণ পদিনা বিষনাশক আৰু বীজাণু নাশক ।
(৫) পদিনা খালে স্মৃতি শক্তি বাঢ়ে আৰু যিকোনো কাম কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।
(৬) পদিনা খালে শৰীৰৰ অতিৰিক্ত চৰ্বি কমে। এনজাইম সঠিক ৰূপত উৎপাদন, নিসৰণ আৰু সঞ্চালন কৰে।
(৭) পদিনাত থকা কেলচিয়াম, ফচফৰাচ আৰু ভিটামিন-বি,চি,ডি,ইৰ কাৰণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ নিৰোগী হয়।

(৮) কাম কৰাৰ উদ্যম আৰু একাগ্ৰতা বাঢ়ে ।
(৯) পদিনা বিষনাশক আৰু বীজাণু নাশক হোৱা বাবে টুঠপেষ্ট আৰু মাউথৱাশ্ব প্ৰস্তুত কৰোঁতে পদিনা ব্যৱহাৰ কৰে। মুখৰ ঘা, দাঁতৰ বিষ, আলুৰ বিষ আৰু উখহিলে পদিনা পাত কেটামান চোবাই ভালদৰে দাঁতৰ গুৰি আৰু আলুত মালিছ কৰিলে সোনকালে ভাল হয়।
(১০) পদিনাৰ এটা প্ৰধান গুণ হৈছে কফনাশক। চৰ্দি, কাহ, হাচি,নাকৰ পৰা পানী ওলোৱা , কন্ঠ আৰু শ্বাস-প্ৰশ্বাস ৰোগৰ কাৰণে পদিনা উপকাৰী।
(১১) পদিনাত ফাইবাৰ থাকে কাৰণে ই তেজৰ কলেষ্টেৰল কমাই ৰাখিব পাৰে।
(১২) পদিনাত থকা মেগনেছিয়ামে শৰীৰৰ হাড় মজবুত কৰি ৰাখিব পাৰে।
(১৩) পদিনাৰ শুকান পাতৰ গুৰি এচামুচৰ সৈতে আধাচামুচ মৌ মিহলাই দিনে দুই তিনিবাৰ খালে যুৱতী আৰু মহিলাৰ মাহেকীয়া নিয়মীয়া হয়।
(১৪) খৰ, খজুৱতি, একজিমা ইত্যাদি বিভিন্ন চৰ্মৰোগত পদিনাৰ ৰস দিনে তিনিবাৰ সানিলে চৰ্মৰোগ ভাল হয়।
(১৫) মাত ভাগিলে পদিনাৰ শুকান পাতৰ গুৰি এচামুচ আৰু আধাচামুচ নিমখ এগিলাচ গৰম পানীত মিহলাই দিনে তিনিবাৰ কুলি কৰিলে সোনকালে ভাল হয়।
(১৬) গৰমৰ দিনত পদিনাৰ শুকান পাতৰ গুৰি এচামুচ নাইবা পদিনাৰ ৰস এচামুচৰ সৈতে আধাচামুচ ইলাচি গুৰি এগিলাচ পানীত মিহলাই খালে শীঘ্ৰে ঠাণ্ডা লাগে।
(১৭) পদিনাৰ ৰস মূলতানি মাটিৰ সৈতে মিহলাই ফেচিয়েল কৰিলে মুখৰ তেলেতীয়া নাইকিয়া হয়, মুখৰ উজ্জ্বলতা বাঢ়ে আৰু শালমন নুঠে বা শালমন থাকিলেও সোনকালে ভাল হয়।
পদিনা খাওক সুস্বাস্থ্য অটুট ৰাখক।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.


















