• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Bhupen Hazarika

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

ASSAMESE SECTION / Bhupen Hazarika

by Anjan Sarma
September 8, 2025
in Bhupen Hazarika, ASSAM, ASSAMESE SECTION, Inspiration, Music, Remembrance
Reading Time: 5 mins read
0
‘দ্য লাষ্ট প’ষ্ট’
Share on FacebookShare on TwitterShare on LinkedIn

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজেৰে প্ৰকাশ হয় অসমীয়া চহা জীৱনৰ গাঁথা, সামাজিক জীৱন, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰেক্ষাপটৰ প্ৰকৃত ছবি।

হাজৰিকাদেৱৰ গীতৰ মাজেৰে গুঞ্জৰিত হয় অসমীয়াৰ সুবাস। নদীমাতৃক দেশ অসমৰ ব্ৰহ্মপুত্ৰ হৈছে প্ৰধান নদী। এই নদীৰ পাৰত গঢ়ি উঠা সভ্যতা-সংস্কৃতিক হাজৰিকাদেৱে তেখেতৰ গীতৰ মাজেৰে তুলি ধৰিছে।

ব্ৰহ্মপুত্ৰ নদীক লৈ ৰচিত হাজৰিকাদেৱৰ প্ৰতিটো গীতৰ মাজত ফুটি উঠিছে অসমীয়া জনজীৱনৰ ছবি,সমাজ জীৱনৰ ছবি।    

অসমৰ মাজেদি বৈ যোৱা অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰই অসমৰ ভৌগলিক,অৰ্থনৈতিক,সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে। ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে গঢ়ি উঠিছে অসমৰ কৃষ্টি-সভ্যতা।

এই ব্ৰহ্মপুত্ৰক লৈয়ে কবিয়ে কবিতা লিখিছে,গীতিকাৰে গীত লিখিছে। ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰাই গঢ়ি উঠিছে এক বৃহৎ অসমীয়া সংস্কৃতি।

এই ব্ৰহ্মপুত্ৰক লৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই কেইবাটাও গীত ৰচনা কৰিছে। তেখেতে গীতৰ মাজেৰে দাঙি ধৰিছে ব্ৰহ্মপুত্ৰৰ অস্তিত্ব আৰু অসমীয়া জীৱনৰ ওপৰত পৰা প্ৰভাৱ।                                                

                 ব্ৰহ্মপুত্ৰক লৈ লিখা সুধাকণ্ঠৰ এটি বিখ্যাত কালজয়ী গীত হৈছে:

                    “মহাবাহু ব্ৰহ্মপুত্ৰ

                      মহামিলনৰ তীৰ্থ,

                      ক’ত যুগ ধৰি আহিছে প্ৰকাশি                     

                      সমন্বয়ৰ অৰ্থ।”

Brahmaputra

         – গীতটিৰ মাজেৰে তেখেতে ব্ৰহ্মপুত্ৰক মহামিলনৰ তীৰ্থ আখ্যা দিছে। কাৰণ এই ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে বহু যুগ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিশ্ৰণেৰে গঢ়ি উঠিছে সভ্যতা। এনেদৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ়ি উঠিছে সমন্বয়।

                   “সুদূৰ কাণ্য ভোগজৰে পৰা

                    বাৰভূঞাঁ আহিছিলে,

                    সেই বংশতে শংকৰদেউ

                     ইয়াতে জনমিলে,

                    মৰুৰ দেশৰে আজান ফকিৰে

                    মধুৰ জিকিৰ ৰচিলে।“

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

             – এইকেইশাৰীৰ যোগেদি তেখেতে শংকৰ- আজানৰ কথাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লোৱা সম্প্ৰীতিৰ কথা বাখ্যা কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰতে শুনা যায় শংকৰদেৱৰ হৰিনাম আৰু ফকিৰৰ আজানৰ ধব্বনি।

                     “দূৰৰ লাচিতে শৰাইঘাটতে

                      শতৰু আগচিলে,

                      জাতি-ধৰ্ম-ভাষা সবাকে

                      স্বদেশ প্ৰেমেৰে বান্ধিলে।“

               এই শাৰীকেইটাৰ যোগেদি হাজৰিকাদেৱে লাচিতৰ শৰাইঘাটৰ ৰণত ব্ৰহ্মপুত্ৰৰ গুৰুত্বৰ কথা কৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত লাচিতে শৰাইঘাটৰ ৰণ কৰি অসমীয়া জাতি-ধৰ্মক স্বদেশপ্ৰেমেৰে একত্ৰিত কৰিলে।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

        ব্ৰহ্মপুত্ৰৰ পাৰত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি উঠাৰ পাছত বিশ্ববিদ্যালয়খনৰ গুণ-গৰিমা বৰ্ণনা কৰিবলৈ তেখেতে “জিলিকাব লুইতৰে পাৰ” গীতটো ৰচনা কৰিছিল। গীতটিৰ মাজেৰে তেখেতে প্ৰকাশ কৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়া, ৰাজনৈতিক ইত্যাদি সকলো দিশৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ উজ্বলাই তুলিব।  

          আৰু এটি প্ৰখ্যাত গীত হৈছেঃ                                                             

                   “বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

                    হাহাকাৰ শুনিও নিশব্দে নিৰৱে

                    বুঢ়া লুইত তুমি

                    বুঢ়া লুইত বোৱা কিয়।“

        -গীতটিত হাজৰিকাই ব্ৰহ্মপুত্ৰক লক্ষ্য হিচাপে লৈ সমাজখনৰ দুখ-দুৰ্গতি অন্যায়ৰ কথা ক’ব বিচাৰিছে ৷

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

গীতৰ মাজেৰে প্ৰকট কৰাৰ মূলতে হ’ল যে নদী হৈছে প্ৰতিটো সভ্যতাৰে সাক্ষী আৰু যুগ যুগ ধৰি মানৱ সভ্যতাৰ উত্থান-পতন এই নদীবোৰে দেখি আহিছে৷ সময় সলনি হৈছে; কিন্তু সলনি হোৱা নাই ধাৱমান গতিৰে বৈ থকা নদীৰ পানী, সোঁত আৰু ইয়াৰ প্ৰবাহ ৷

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজেৰে বৈ যোৱা বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদীখনেই অসমৰ সামাজিক, সাংস্কৃতিক জীৱনৰ মূল কেন্দ্ৰবিন্দু৷ এই অঞ্চলৰ আৰ্থ সামাজিক অৱস্থা, যাতায়াত, যোগাযোগ ইত্যাদি প্ৰায় সকলো বিষয়তে ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা অপৰিসীম৷ কিন্তু হাজৰিকাই আক্ষেপ কৰিছে যে– বিস্তীৰ্ণ পাৰৰ অসংখ্য জনতাৰ হাহাকাৰ শুনিও নিশব্দে, নিৰলে বিনা প্ৰতিবাদে ব্ৰহ্মপুত্ৰ নদী বৈ আছে ৷

সেয়েহে তেওঁ প্ৰশ্ন কৰিছে– নৈতিকতা নষ্ট গোৱা স্বত্বেও, মানৱতা ভ্ৰষ্ট হোৱা স্বত্বেও মহাবাহু ব্ৰহ্মপুত্ৰ নিৰলে কেনেকৈ ব’ব পাৰিছে?

কাৰণ হাজৰিকাৰ মতে ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয়, সেই ব্ৰহ্মাৰ পুত্ৰ হৈ পৃথিৱীৰ অন্যায়-অবিচাৰ ব্ৰহ্মপুত্ৰই কিদৰে সহিব পাৰিছে?

নিজৰ অদম্য শক্তিৰে নদীখনে কিয় মানৱ সভ্যতাক ‘ভাল’ কৰি তুলিব পৰা নাই; সেই আক্ষেপ আৰু প্ৰতিবাদ হাজৰিকাৰ গীতটিত পোৱা যায় ৷ ড॰ ভূপেন হাজৰিকাই শোষিত-বঞ্চিত জনসাধাৰণৰ নিপীড়ন-বঞ্চনাৰ ওৰ পেলাবলৈ এখন শোষণ- বঞ্চনাহীন সমাজৰ কামনা কৰিছে৷ভূপেন হাজৰিকায়ো গীতটোত ব্ৰহ্মপুত্ৰ নদীক কেৱল প্ৰতীক হিচাপে লৈ ৰাজনৈতিক শক্তি বা শাসকীয় পক্ষ আৰু জনতাক উদ্দেশ্যি ক্ষোভ আৰু প্ৰতিবাদ ব্যক্ত কৰিছে ৷  

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

                 আন এটি গীত হৈছে-          

          “ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে       

          চন্দ্ৰৰ বুকুলৈ মানুহ যাব ওলালে।“

– গীতটিৰ জড়িয়তে সুধাকণ্ঠই ব্ৰহ্মপুত্ৰৰ দুটি পাৰ যে এতিয়া পৃথক নহয় সেয়া বুজাইছে। দুয়ো পাৰ এতিয়া দলঙেৰে সংযোগ হৈছে। লগতে কৈছে মানুহ চন্দ্ৰলৈ গৈছে। অৰ্থাৎ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি সাধন ইমানেই হৈছে যে নদী এখনৰ দুয়োপাৰ এতিয়া লগ হৈছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হোৱা দলঙেৰে জিলাসমূহ সংযুক্ত হৈছে। অসমক দুভাগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে অসমৰ বিকাশ সাধন হৈছে।

        এনেদৰে সুধাকণ্ঠই তেওঁৰ বিখ্যাত গীতসমূহৰ মাজেৰে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ অস্তিত্ব, অসমীয়াৰ জীৱনৰ ওপৰত পৰা প্ৰভাৱ,সভ্যতা- সংস্কৃতিৰ কথা প্ৰকট কৰিছে।

05-11-2023

মনস্বিনী শৰ্মা। স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক। অৰ্থনীতি বিভাগ। ডিব্ৰুগড় বিশ্ববিদ্যালয়।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

“Once Upon a Time”- Revisiting Oral Traditions of Assam
ASSAM

“Once Upon a Time”- Revisiting Oral Traditions of Assam

by RODALI BARUAH
September 14, 2026
0

"Once Upon a Time"- Revisiting Oral Traditions of Assam RODALI BARUAH I have always heard folktales and stories orally from...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d