সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ
মনস্বিনী শৰ্মা

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজেৰে প্ৰকাশ হয় অসমীয়া চহা জীৱনৰ গাঁথা, সামাজিক জীৱন, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰেক্ষাপটৰ প্ৰকৃত ছবি।
হাজৰিকাদেৱৰ গীতৰ মাজেৰে গুঞ্জৰিত হয় অসমীয়াৰ সুবাস। নদীমাতৃক দেশ অসমৰ ব্ৰহ্মপুত্ৰ হৈছে প্ৰধান নদী। এই নদীৰ পাৰত গঢ়ি উঠা সভ্যতা-সংস্কৃতিক হাজৰিকাদেৱে তেখেতৰ গীতৰ মাজেৰে তুলি ধৰিছে।
ব্ৰহ্মপুত্ৰ নদীক লৈ ৰচিত হাজৰিকাদেৱৰ প্ৰতিটো গীতৰ মাজত ফুটি উঠিছে অসমীয়া জনজীৱনৰ ছবি,সমাজ জীৱনৰ ছবি।
অসমৰ মাজেদি বৈ যোৱা অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰই অসমৰ ভৌগলিক,অৰ্থনৈতিক,সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে। ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে গঢ়ি উঠিছে অসমৰ কৃষ্টি-সভ্যতা।
এই ব্ৰহ্মপুত্ৰক লৈয়ে কবিয়ে কবিতা লিখিছে,গীতিকাৰে গীত লিখিছে। ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰাই গঢ়ি উঠিছে এক বৃহৎ অসমীয়া সংস্কৃতি।
এই ব্ৰহ্মপুত্ৰক লৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই কেইবাটাও গীত ৰচনা কৰিছে। তেখেতে গীতৰ মাজেৰে দাঙি ধৰিছে ব্ৰহ্মপুত্ৰৰ অস্তিত্ব আৰু অসমীয়া জীৱনৰ ওপৰত পৰা প্ৰভাৱ।
ব্ৰহ্মপুত্ৰক লৈ লিখা সুধাকণ্ঠৰ এটি বিখ্যাত কালজয়ী গীত হৈছে:
“মহাবাহু ব্ৰহ্মপুত্ৰ
মহামিলনৰ তীৰ্থ,
ক’ত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ।”

– গীতটিৰ মাজেৰে তেখেতে ব্ৰহ্মপুত্ৰক মহামিলনৰ তীৰ্থ আখ্যা দিছে। কাৰণ এই ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে বহু যুগ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিশ্ৰণেৰে গঢ়ি উঠিছে সভ্যতা। এনেদৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ়ি উঠিছে সমন্বয়।
“সুদূৰ কাণ্য ভোগজৰে পৰা
বাৰভূঞাঁ আহিছিলে,
সেই বংশতে শংকৰদেউ
ইয়াতে জনমিলে,
মৰুৰ দেশৰে আজান ফকিৰে
মধুৰ জিকিৰ ৰচিলে।“

– এইকেইশাৰীৰ যোগেদি তেখেতে শংকৰ- আজানৰ কথাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লোৱা সম্প্ৰীতিৰ কথা বাখ্যা কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰতে শুনা যায় শংকৰদেৱৰ হৰিনাম আৰু ফকিৰৰ আজানৰ ধব্বনি।
“দূৰৰ লাচিতে শৰাইঘাটতে
শতৰু আগচিলে,
জাতি-ধৰ্ম-ভাষা সবাকে
স্বদেশ প্ৰেমেৰে বান্ধিলে।“
এই শাৰীকেইটাৰ যোগেদি হাজৰিকাদেৱে লাচিতৰ শৰাইঘাটৰ ৰণত ব্ৰহ্মপুত্ৰৰ গুৰুত্বৰ কথা কৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত লাচিতে শৰাইঘাটৰ ৰণ কৰি অসমীয়া জাতি-ধৰ্মক স্বদেশপ্ৰেমেৰে একত্ৰিত কৰিলে।

ব্ৰহ্মপুত্ৰৰ পাৰত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি উঠাৰ পাছত বিশ্ববিদ্যালয়খনৰ গুণ-গৰিমা বৰ্ণনা কৰিবলৈ তেখেতে “জিলিকাব লুইতৰে পাৰ” গীতটো ৰচনা কৰিছিল। গীতটিৰ মাজেৰে তেখেতে প্ৰকাশ কৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়া, ৰাজনৈতিক ইত্যাদি সকলো দিশৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ উজ্বলাই তুলিব।
আৰু এটি প্ৰখ্যাত গীত হৈছেঃ
“বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
হাহাকাৰ শুনিও নিশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়।“
-গীতটিত হাজৰিকাই ব্ৰহ্মপুত্ৰক লক্ষ্য হিচাপে লৈ সমাজখনৰ দুখ-দুৰ্গতি অন্যায়ৰ কথা ক’ব বিচাৰিছে ৷

গীতৰ মাজেৰে প্ৰকট কৰাৰ মূলতে হ’ল যে নদী হৈছে প্ৰতিটো সভ্যতাৰে সাক্ষী আৰু যুগ যুগ ধৰি মানৱ সভ্যতাৰ উত্থান-পতন এই নদীবোৰে দেখি আহিছে৷ সময় সলনি হৈছে; কিন্তু সলনি হোৱা নাই ধাৱমান গতিৰে বৈ থকা নদীৰ পানী, সোঁত আৰু ইয়াৰ প্ৰবাহ ৷
ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজেৰে বৈ যোৱা বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদীখনেই অসমৰ সামাজিক, সাংস্কৃতিক জীৱনৰ মূল কেন্দ্ৰবিন্দু৷ এই অঞ্চলৰ আৰ্থ সামাজিক অৱস্থা, যাতায়াত, যোগাযোগ ইত্যাদি প্ৰায় সকলো বিষয়তে ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা অপৰিসীম৷ কিন্তু হাজৰিকাই আক্ষেপ কৰিছে যে– বিস্তীৰ্ণ পাৰৰ অসংখ্য জনতাৰ হাহাকাৰ শুনিও নিশব্দে, নিৰলে বিনা প্ৰতিবাদে ব্ৰহ্মপুত্ৰ নদী বৈ আছে ৷
সেয়েহে তেওঁ প্ৰশ্ন কৰিছে– নৈতিকতা নষ্ট গোৱা স্বত্বেও, মানৱতা ভ্ৰষ্ট হোৱা স্বত্বেও মহাবাহু ব্ৰহ্মপুত্ৰ নিৰলে কেনেকৈ ব’ব পাৰিছে?
কাৰণ হাজৰিকাৰ মতে ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয়, সেই ব্ৰহ্মাৰ পুত্ৰ হৈ পৃথিৱীৰ অন্যায়-অবিচাৰ ব্ৰহ্মপুত্ৰই কিদৰে সহিব পাৰিছে?
নিজৰ অদম্য শক্তিৰে নদীখনে কিয় মানৱ সভ্যতাক ‘ভাল’ কৰি তুলিব পৰা নাই; সেই আক্ষেপ আৰু প্ৰতিবাদ হাজৰিকাৰ গীতটিত পোৱা যায় ৷ ড॰ ভূপেন হাজৰিকাই শোষিত-বঞ্চিত জনসাধাৰণৰ নিপীড়ন-বঞ্চনাৰ ওৰ পেলাবলৈ এখন শোষণ- বঞ্চনাহীন সমাজৰ কামনা কৰিছে৷ভূপেন হাজৰিকায়ো গীতটোত ব্ৰহ্মপুত্ৰ নদীক কেৱল প্ৰতীক হিচাপে লৈ ৰাজনৈতিক শক্তি বা শাসকীয় পক্ষ আৰু জনতাক উদ্দেশ্যি ক্ষোভ আৰু প্ৰতিবাদ ব্যক্ত কৰিছে ৷

আন এটি গীত হৈছে-
“ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে
চন্দ্ৰৰ বুকুলৈ মানুহ যাব ওলালে।“
– গীতটিৰ জড়িয়তে সুধাকণ্ঠই ব্ৰহ্মপুত্ৰৰ দুটি পাৰ যে এতিয়া পৃথক নহয় সেয়া বুজাইছে। দুয়ো পাৰ এতিয়া দলঙেৰে সংযোগ হৈছে। লগতে কৈছে মানুহ চন্দ্ৰলৈ গৈছে। অৰ্থাৎ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি সাধন ইমানেই হৈছে যে নদী এখনৰ দুয়োপাৰ এতিয়া লগ হৈছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হোৱা দলঙেৰে জিলাসমূহ সংযুক্ত হৈছে। অসমক দুভাগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে অসমৰ বিকাশ সাধন হৈছে।
এনেদৰে সুধাকণ্ঠই তেওঁৰ বিখ্যাত গীতসমূহৰ মাজেৰে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ অস্তিত্ব, অসমীয়াৰ জীৱনৰ ওপৰত পৰা প্ৰভাৱ,সভ্যতা- সংস্কৃতিৰ কথা প্ৰকট কৰিছে।
05-11-2023
মনস্বিনী শৰ্মা। স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক। অৰ্থনীতি বিভাগ। ডিব্ৰুগড় বিশ্ববিদ্যালয়।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)