• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Celebrity

সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

-নিৰ্মল ডেকা

by Anjan Sarma
June 13, 2021
in Celebrity, Cultural, Entertainment
Reading Time: 2 mins read
0
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন
Share on FacebookShare on TwitterShare on LinkedIn

-নিৰ্মল ডেকা |

অসমৰ ভিন্ন প্ৰান্তে-প্ৰান্তে,গাৱে-ভূঞে,চহৰে-নগৰে,দেশে-বিদেশে মাটি আৰু মানুহৰ গীত গাই মানুহৰ অন্তৰ জয় কৰা যাযাবৰ কিম্বা সাগৰ সংগমত সাঁতুৰি-নাদুৰি কাহানিও ক্লান্ত নোহোৱা ,উৰণীয়া মৌ দেখি জ্যোতিতেই বিলীন হ’ব খোজা ,লুইতৰ চাপৰিৰ নাৱৰীয়াৰ বাবে গীত গোৱা সুৰকাৰ,গীতিকাৰ,বোলছৱি পৰিচালক  ড˚ ভূপেন হাজৰিকা সকলোৰে এটি পৰিচিত নাম | ১৯২৬চনৰ ৮ছেপ্তেম্বৰ আজিৰ দিনতোতেই পিতৃ নীলকান্ত হাজৰিকাৰ ঔৰসত মাতৃ শান্তিপ্ৰিয়াই জন্ম দিয়ে এইগৰাকী মহান যুগনায়কক আৰু তেতিয়াই হয়তো অসমীয়া সাহিত্য-সংস্কৃতিয়ে এক নতুন বাটৰ সন্ধান পাবলৈ ধৰিছিলে|এনে কি বিষয় আছে যি ভূপেন্দ্ৰ সংগীতত নাই?অসমীয়া সংস্কৃতিৰ পৰা সামাজিক পটভূমিলৈ,অৰ্থনীতিৰ পৰা ৰাজনীতি বিষয়লৈ,বিশ্ব মানৱৰ সৈতে ঐক্যতা স্হাপনৰ পৰা আদি কৰি শাসক আৰু শোষিতলৈকে,দৰিদ্ৰ কৃষকৰ পৰা ধ্ৰুপদ বিষয়লৈকে কি নাই তেওঁৰ গীতত?কেতিয়াবা যদি স্বাধীনতা আন্দোলনৰ গীত গাইছে তেন্তে কেতিয়াবা বৰ্ণ-বৈষম্যৰ গীত গাইছে |কেতিয়াবা আকৌ মানৱীয় মূল্যবোধৰ বাবে |এই আটাইবোৰ বিষয় সমূলি অধ্যয়ন তথা অপ্ৰতিম আৰু অপ্ৰতিহত সুৰৰ সদাগৰ ভূপেন হাজৰিকাদেৱৰ গীত সমূহৰ প্ৰতি লক্ষ্য কৰি অসম তথা ভাৰতৰ সহস্ৰ জনসাধাৰনে কয় যে “যি ভূপেন্দ্ৰ সংগীতত নাই সেয়া ভাৰতত নাই “|

তেওঁৰ গীতৰ ভাষা বুজিবলৈ গভীৰ সাধনাৰ প্ৰয়োজন|সাধাৰণ হৈও যেন অসাধাৰণ তেওঁৰ সৃষ্টিৰাজি| উপযুক্ত ভাষাৰ জ্ঞান আৰু চৰ্চাৰ অবিহনে তেওঁৰ গীতৰ পৰিভাষা বুজিৱ পৰা বিধৰ নহয় |তেওঁৰ গীতৰ যি ৰুচিবোধ সেই ৰুচিবোধ কিন্তু আজিৰ শিল্পীৰ মাজত দেখিবলৈ নাপাওঁ (অৱশ্য দুই এটা গীত ব্যতিক্ৰম নোহোৱা নহয়)|প্ৰকৃতাৰ্থত কবলৈ গ’লে শংকৰ-মাধৱ,জ্যোতি-বিষ্ণু,পাৰ্বতী প্ৰসাদ বৰুৱা,ভূপেন-জয়ন্ত,প্ৰতিমা পাণ্ডে-ৰামেশ্বৰ পাঠক,খগেন মহন্ত-মহেন্দ্ৰ হাজৰিকাৰ পৰা বৰ্তমানৰ অংগৰাগ পাপন মহন্ত-তৰালি শৰ্মাৰ পৰা মানস ৰবীন লৈকে তেওঁলোকৰ গীতসমূহত কিন্তু ৰুচিবোধৰ প্ৰভাৱ কমা নাই |এই ক্ষেত্ৰত ভূপেন হাজৰিকা যথেষ্ট ব্যতিক্ৰম|ব্যতিক্ৰম এইকাৰণেই যে তেওঁৰ প্ৰতিটো গীতৰ সুৰ আৰু শব্দৰ যি সামঞ্জস্য লগতে উল্লেখযোগ্য দিশতো হ’ল তেওঁৰ নিজস্ব গায়ন পদ্ধতি |

ভূপেন হাজৰিকাদেৱে অসমীয়া সাহিত্যৰ ছাত্ৰ নাছিল যদিও শৈশৱতে জ্যোতি-বিষ্ণু-নটসূৰ্য ফনী শৰ্মা-পদ্মনাথ গোহাঞি বৰুৱা,দন্দীনাথ কলিতাৰ সান্নিধ্যই তেওঁক যেন এক নতুন বাটৰ সন্ধান দিলে আৰু তাৰেই ফলস্বৰূপে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়ালো চহকী কৰি থৈ গ’ল আমাৰ ভূপেন হাজৰিকাই|

শিশু ভূপেন হাজৰিকাই ৫বছৰ বয়সতে ১৯৩০চনৰ ৩০অক্টোবৰত কটন কলেজিয়েট হাইস্কুলৰ এক ৰাজহুৱা অনুস্হানত প্ৰথম সংগীত পৰিৱেশন কৰি সাহিত্যৰথীৰ আশিস মূৰ পাতি লৈছিল|সপ্তমমান শ্ৰেণীত থাকোতেই প্ৰথম সুৰ প্ৰদান কৰি সদৌ অসম সংগীত প্ৰতিযোগিতাত ‘বনগীত’ত প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা হাজৰিকাদেৱক ‘বনগীত’ৰ সম্ৰাট আনন্দিৰাম দাস ডাঙৰীয়াই যথেষ্ট অনুপ্ৰেৰণা যোগাইছিলে বুলি তেওঁ কৈছিলে|আৰম্ভ হ’ল ভূপেন হাজৰিকাৰ শিক্ষা জীৱন ১৯৩০চনত গুৱাহাটীৰ সোণাৰাম হাইস্কুলত নামভৰ্তি কৰে |পিতৃ চাকৰিৰ সূত্ৰে ভূপেন হাজৰিকাই তেজপুৰত থাকিবলৈ লয় |তেজপুৰ হাইস্কুলৰ পৰাই ১৯৪০চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় |তেজপুৰৰ ভাষাটো সন্দৰ্ভত ড˚ অমৰজ্যোতি চৌধুৰীৰ সৈতে হোৱা এক সাক্ষ্যাৎকাৰত ভূপেন হাজৰিকা দেৱে কৈছিলে যে “মোৰ সকলো ভাষাই ভাল লাগে বা সকলো ভাষাই ভাল |তথাপিও তেজপুৰৰ ভাষাটো বেছি ভাল লাগে, আঞ্চলিকতা নাই যদিও |”

এনেকৈ ১৯৪১চনত কটন মহাবিদ্যালয়ৰ পৰা আই.এ পৰীক্ষাত উত্তীৰ্ণ হয়|লুইতক ভাল পোৱা হাজৰিকাদেৱে ১৯৪৬চনত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা  ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে|তাৰে পিছতেই ১৯৪৯চন অৰ্থাৎ স্বাধীন ভাৰতৰ পঞ্চদশ শতিকাত লুইতপৰীয়া ডেকাজনে বিদেশ অভিমূখে ৰাওনা হয় আৰু ১৯৫২ চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি ড˚ ভূপেন হাজৰিকাই নিজ দেশলৈ উৰা মাৰে |বৰ্তমানৰ আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কোনো গীতিকাৰৰ মাজত তেওঁৰ দৰে উচ্চ শিক্ষিত গায়ক বিচাৰি পাবলৈ নাই |সেইবাবেই হয়তো তেওঁৰ সৃষ্টিৰাজি অন্যতকৈ পৃথক |তেওঁৰ গীতৰ শ্ৰোতা হিচাপে এটা কথা নিশ্চয়কৈ উপলব্ধি কৰিছো যে ভূপেন্দ্ৰ সংগীতৰ পৰিভাষা উপলব্ধি কৰাৰ বাবে বৌদ্ধিক পৰিমণ্ডলেৰে সিঁচৰিত এটি মন আৰু মগজুৰ নিতান্তই আৱশ্যক |

জ্যোতি-বিষ্ণু-নটসূৰ্য ফণী শৰ্মাৰ সাংস্কৃতিক সান্নিধ্যই মন জীপাল কৰা ভূপেন হাজৰিকাদেৱে ষষ্ঠ শ্ৰেণীত থাকোতেই ১৯৩৬চনত কলিকতালৈ গৈ ‘জয়মতী’ আৰু ‘শোণিত কুৱৰী’ পালানাটৰ গীতৰ ৰেকৰ্ডিং কৰি অভিলেখ গঢ়িছিল|আৰম্ভ হৈছিল ভূপেন হাজৰিকাদেৱৰ সাংস্কৃতিক জীৱনৰ পৰিক্ৰমা |১৯৩৭ চন মাত্ৰ ১১বছৰ বয়সতে কিশোৰ ভূপেন হাজৰিকাৰ কলমেৰে নিগৰিছিল প্ৰথম গীতৰ কথা-

“কুসুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰু …………………………………………….. ………….. …………..”

পিতৃ নীলকান্ত হাজৰিকাৰ

“অ’ মইনা কেতিয়া আহিলা তই…………… ………………… ……………. …………………..”

শীৰ্ষক গীতটিৰে ভূপেন হাজৰিকাই সুৰকাৰ জীৱনৰ পাতনি মেলিছিল |তাৰ পিছতেই তেওঁ ১৯৩৯চনত ‘ইন্দ্ৰমালতী’ ছৱিত কন্ঠদান কৰিছিল লগতে তেওঁ অভিনেতা ৰূপেও আত্মপ্ৰকাশ কৰে|

১৯৪৩ চনৰ মহাযুদ্ধৰ সময়ত দেশ তোল-পাল লাগি থকা সময়তে ১৩/১৪ বছৰ বয়সত তেওঁৰ স্বৰচিত গীত –

“অগ্নিযুগৰ ফিৰিঙতি মই/নতুন ভাৰত গঢ়িম/নতুন ভাৰত গঢ়িম/নতুন ভাৰত গঢ়িম/সৰ্বহাৰাৰ সৰ্ব্বোচ্চো/সৰ্বহাৰাৰ সৰ্ব্বোচ্চো/পুনৰ ফিৰাই আনিম/নতুন ভাৰত গঢ়িম/”গীতটিত সুৰ প্ৰদান কৰি গীতটি ৰেডিঅ’ত বাণী বদ্ধ কৰে|তেওঁৰ ৰচিত প্ৰথম গীতটোতেই সমাজ সচেতনতাৰ দিশটো স্পষ্টকৈ ফুটি উঠিছিল কাৰণ তেওঁ যুদ্ধ দেখিছে,অনাহাৰে থকা মানুহ দেখিছে ,অৱহেলিত জাতিটোৰ কান্দোন শুনিছে |

পিছলৈ তেওঁ বহু ছৱিত সংগীত পৰিচালক ৰূপেও আত্মপ্ৰকাশ কৰে যাৰ ফলস্বৰূপে-১৯৪৮ চনত প্ৰসিত সেনৰ ‘সতী বেউলা’,নটসূৰ্য ফণী শৰ্মাৰ ‘চিৰাজ’,১৯৫৫চনত ‘পিয়লি ফুকন’,১৯৫৬চনত ‘এৰা বাটৰ সুৰ’,১৯৫৭চনত ‘ধুমুহা’ত সংগীত পৰিচালনা কৰা ভূপেন হাজৰিকাই ১৯৫৮চনত ‘মাহুত  বন্ধু ৰে’কথাছৱি নিৰ্মাণ কৰে|১৯৫৯চনত ‘কেঁচা সোণ’,’পুৱতি নিশাৰ সপোন’ত সংগীত পৰিচালনা কৰে|১৯৭৬চনত ‘মেৰা ধৰম মেৰা মা’ছৱিৰ সংগীত পৰিচালনা কৰে|’চামেলি মেমচাব'(১৯৭৫) আৰু খোজ ছৱিৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সম্নান আজুৰি অনা ভূপেন হাজৰিকাই ইমানৰ পিছতো ক্ষান্ত নেথাকি ১৯৬১চনত শকুন্তলা,১৯৬৪চনত ‘প্ৰতিধ্বনি’,লতি-ঘটি(১৯৬৬),চিক মিক বিজুলী(১৯৬৯),

তিটাছ একটি নদীৰ নাম(১৯৭৩),

আৰোপ(১৯৭৩),চামেলি মেমচাব(১৯৭৫),ৰূপকোৱৰ জ্যোতি প্ৰসাদ আৰু জয়মতী(১৯৭৬),মন প্ৰজাপতি(১৯৭৯),

স্বীকাৰোক্তি(১৯৮৬),

দেৱদাস(১৯৭৯),

অপৰূপা(১৯৮২),

ৰ’দালি(১৯৯৩),

প্ৰতিমূৰ্তি(১৯৯৩),

গজদামিনী(২০০০),

চিঙ্গাৰি(২০০৬) ইত্যাদিৰ দৰে অসমীয়া-বাংলা আৰু হিন্দী ভাষাৰ বহু মূল্যাবান ছৱি নিৰ্মাণৰে অসমীয়া ছৱিজগতৰ ভড়াল শুৱনি কৰি গ’ল |

এনেকৈয়ে ধৰাৰ দিহিঙে-দিপাঙে জীৱনৰ গীত গাই লহৰি থাকোতেই তেওঁ পল ৰৱছনৰ দৰে বিপ্লৱী শিল্পীৰ সান্নিধ্য লাভ কৰে |তেওঁৰ সান্নিধ্যৰ পৰশে  যেন ভূপেন হাজৰিকাদেৱক আৰু এখোপ আগলৈ লৈ গ’ল |সৃষ্টি হ’ল বহু কালজয়ী (বৈপ্লৱিক)গীতৰ |পলৰৱছৰ ‘দ্য অল্ড মেন’গীতটোৰে অনুপ্ৰাণিত হৈ ১৯৬৫চনত ভূপেন হাজৰিকাৰ কলমেৰে নিগৰিছিল –

“বিস্তীৰ্ণ পাৰৰে

অসংখ্য জনৰে,

হাহাকাৰ শুনিও,

নিঃশব্দে-নিৰবে,

বুঢ়া লুুইত তুমি,

বুঢ়া লুইত বোৱা কিয়?”

দৰে চিৰসেউজ গীত |

জীৱন-যৌৱন আৰু সৃষ্টিশীলতাৰ সেই সময়খিনিতেই ১৯৫০চনত তেওঁৰ জীৱনলৈ আগমন ঘটিছিল তেওঁৰ জীৱন সংগী প্ৰিয়ম্বদা পেটেলৰ পিছলৈ প্ৰিয়ম হাজৰিকা |১৯৫২ চনত প্ৰিয়মৰ গৰ্ভত জন্ম ল’লে ভূপেন পুত্ৰ তেজ হাজৰিকাই |

কিন্তু ১৯৬৩চনত  তেওঁৰ সাংসাৰিক জীৱনলৈ যেন অমানিশা নামি আহিলে দেখা দিলে বিচ্ছেদৰ দুৰ্যোগে|তথাপিও কিন্তু তেওঁ থমকি ৰোৱা নাছিলে কিম্বা থমকি ৰোৱা নাছিল তেওঁৰ সৃষ্টিশীল মনটো|সৃষ্টি হ’ল বহু বিষাদ আৰু বিচ্ছেদৰ গীত |তেওঁৰ উদাত্ত কন্ঠেৰে টেমছ নৈৰ পাৰত চিঞৰিলে বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে  |নিজ পত্নীয়ে এৰি গুছি গলেও ভূপেদাই গৰ্বেৰে কৈছিলে যে ‘প্ৰিয়মে মোক এৰি গ’ল সঁচা কিন্তু তেওঁ মোক বনাই থৈ গ’ল ‘|

জীয়াই থাকোতে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মানেৰে সন্মানিত কৰা ন’হল যদিওঁ জীয়াই থাকোতেই হাতী ধৰি গাভৰু বলোৱা অথবা বেদুইন ভূপেন হাজৰিকাক দিয়া হ’ল – পদ্মশ্ৰী(১৯৭৭),পদ্মভূষণ(২০০১,সংগীত নাটক একাডেমী বঁটা(১৯৮৭),দাদা চাহেৱ ফাল্কে বঁটা(১৯৯২),অসম ৰত্ন(২০০৯),মুক্তিযোদ্ধা পদক(২০১১)দেশৰত্ন,প্ৰচাৰ ভাৰতী,National Artist  Award কে ধৰি অসংখ্য বঁটাৰে তেওঁক বিভূষিত কৰা হ’ল |২০১০চনত অসম চৰকাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত স্হাপন কৰে ভূপেন হাজৰিকা সংগ্ৰহালয় |যচা হ’ল তেওঁলৈ জীৱন যোৰা সাধনা বঁটা|কেৱল নিজ দেশৰ মাটিতেই নহয় আমেৰিকাৰ নিউ জাৰ্ছিৰ মেয়ৰেও দিছিল তেওঁক ‘Honorable citizenship award’ |আজুৰি আনিলে ১৯৭৯ চনত আমেৰিকাত স্কুল অৱ অনাৰৰ সন্মান|১৯৮০চনত এইচ.এম.ভি. কোম্পানীয়ে বাছি উলিওৱা ছ’জন সমসাময়িক শ্ৰেষ্ঠ কন্ঠশিল্পীৰ মাজত স্হান লাভ কৰে |আনকি ১৯৬২চনত তেওঁ অসম বিধান সভাৰ আসনো শুৱনি কৰিছিল|

মাৰ্ক টোৱেইনৰ সমাধিত বহি গৰ্কীৰ সৈতে কথা পতা,কন্ঠৰুদ্ধ গায়কৰ কন্ঠ হ’ব খোজা,আলোসোৱা মাটিৰ কথাৰে বকুৱে বিচৰা জনলৈ বাট চাই বিৰক্তি নোপোৱা,চেনেহৰ এনাজৰীৰে বাতি কাঢ়িবলৈ ভূপেন দা তুমি আজি আমাৰ মাজত নাই যদিওঁ তোমাৰ সৃষ্টিৰাজিৰে অসম তথা অসমীয়া জাতিটোক যিখিনি দি গলা তাৰ বাবে তোমাক বৰলুইতৰ পৰা আৰম্ভ কৰি অসমীয়া প্ৰতিজন ব্যক্তিয়েই বুঁটা বচা নীলা চাদৰখনিৰে তোমাক আমাৰ মাজতেই চিৰদিনৰ বাবে  আৱৰি ৰাখিব মোৰ বিশ্বাস|তুমি বিহীন

কথাষাৰ বিশ্বাস কৰিবলৈ টান পাওঁ অ’ ভূপেন দা |তথাপিওঁ যে এয়াই সত্য|তুমি ন’হলে ব’হাগে যেন হুমুনিয়াহ কাঢ়ে,সৌ বালিমাহী জাকেও নিদিয়ে ৰ’দৰ বাঁহীত ফুঁ ,স্বতন্ত্ৰতা আনিবা বুলি,শোষণ-জৰ্জৰ আৰ্তনাদ নুশুনা বুলি জনন্ত্ৰৰ অস্ৰ সাজিবলে তুমি ন’হলে যে আজি কোনো নাই!’জীৱন সিন্ধু বহু বিন্দুৰে হয় ,যদি সেই বিন্দু কৰ্মেৰে হয় পূৰ্ণ,অলস চিন্তাই,অগভীৰ আচঁনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ’ কথাষাৰেৰে আমাৰ ন-পুৰুষ সকলক নতুন বাটৰ সন্ধান কোনে দিব ভূপেন দা? এৰা তোমাক আমি পাহৰিব নোৱাৰো  |তথাপিও কাতৰ অনুৰোধ ভূপেন দা অইন নহলেওঁ তোমাৰ আইৰ বুকুৰ ন-সুৰুযৰ উম ল’বলৈ,তেজৰ চাকি জলাই কাল এন্ধাৰ নাশিবলৈ কিম্বা কপৌ ফুলৰ চাকি সাজি তোমাৰ আইক পিন্ধাবলৈ অথবা মানৱতাৰ পতন দেখিও নিমাত ব্ৰহ্মপুত্ৰখনক গালি পাৰিবলৈ হ’লেও তুমি কিন্তু আহিবা ভূপেন দা!

শেষত শুভজন্মদিনৰ হিয়া ভৰা ওলগ জনালো ভূপেন দা |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ভূপেন হাজৰিকাসুধাকন্ঠ
Anjan Sarma

Anjan Sarma

Related Posts

‘দ্যা টেমপেষ্ট’ৰ ক্যালিবানৰ বোবা আৰ্তনাদ
Poetry

‘দ্যা টেমপেষ্ট’ৰ ক্যালিবানৰ বোবা আৰ্তনাদ

by Anjan Sarma
September 15, 2026
0

'দ্যা টেমপেষ্ট'ৰ ক্যালিবানৰ বোবা আৰ্তনাদ অঞ্জন শৰ্মা সমুদ্ৰৰ লুণীয়া গোন্ধ লৈ তুমি এই দ্বীপৰ বুকুলৈকে আহিছিলা, হে প্ৰস্পেৰ’! তোমাৰ জহি-খহি...

Read moreDetails
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

August 11, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d