• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা বিজয়ী জীতেন্দ্ৰনাথ প্ৰধানী লৈ অভিনন্দন

by Juganta Bayan
May 24, 2024
in News, Inspiration
Reading Time: 3 mins read
0
সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা বিজয়ী জীতেন্দ্ৰনাথ প্ৰধানী লৈ অভিনন্দন
Share on FacebookShare on TwitterShare on LinkedIn

সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা বিজয়ী জীতেন্দ্ৰনাথ প্ৰধানী লৈ অভিনন্দন

যুগান্ত বায়ন

Juganta Bayan
যুগান্ত বায়ন

১৫৭০ চনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ আৰু অন্যতম প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল। এই সুন্দৰীদিয়া সত্ৰ অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ অন্তৰ্গত নিকা সংহতিৰ অন্যতম এক পীঠস্থান।

অসমৰ সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে নিৰলস প্ৰচেষ্টা চলাই থকা ঐতিহাসিক সুন্দৰীদিয়া সত্ৰই ২০১৭ চনৰ পৰা সত্ৰীয়া কৃষ্টি-সংস্কৃতি আৰু গুৰুদুজনাৰ আদৰ্শ আৰু মতবাদক বহুল প্ৰচাৰৰ বাবে আত্মনিয়োগ কৰা অসমৰ বিশিষ্ট সত্ৰীয়া গৱেষক পণ্ডিতসকলক এই অমূল্য বঁটা প্ৰদান কৰি আহিছে।

সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা বিজয়ী জীতেন্দ্ৰনাথ প্ৰধানী লৈ অভিনন্দন
সুন্দৰীদিয়া সত্ৰ

চলিত ২০২৪ বৰ্ষৰ বাবে এই মাধৱদেৱ বঁটা সত্ৰশাল (ধুবুৰী)ৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ আৰু অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰনাথ প্ৰধানীক প্ৰদান কৰিবলৈ সুন্দৰীদিয়া সত্ৰই গ্ৰহণ কৰা এনে ঐতিহাসিক সিদ্ধান্ত অতি আদৰণীয় আৰু আদৰ্শনীয়।

RelatedPosts

Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025

সুন্দৰীদিয়া সত্ৰৰ এনে কাৰ্য্যই অসমৰ অনন্য সত্ৰীয়া তথা শংকৰী কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত জীতেন্দ্ৰনাথ প্ৰধানীয়ে যোৱা ৬টা দশক ধৰি যি অৱদান আগবঢ়াই আহিছে তাৰবাবে প্ৰধানী লৈ এই বিৰল স্বীকৃতি প্ৰদান কৰা কাৰ্য্যই সকলো ধৰ্মপ্ৰাণ লোকক আনন্দিত কৰাৰ লগতে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰিব। 

   জীতেন্দ্ৰনাথ প্ৰধানীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে, বিশেষকৈ পশ্চিম অসম আৰু উত্তৰবংগৰ কোচবিহাৰ, তুফানগঞ্জ, হৰিপুৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি আদি অঞ্চলসমূহৰ ৰাইজৰ মাজত একশৰণ নামধৰ্মৰ লগতে গুৰুদুজনাৰ অমূল্য অৱদান সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উপৰিও এইসমূহ অঞ্চলত সত্ৰ, নামঘৰ আদি নিজস্ব প্ৰচেষ্টাৰে প্ৰতিষ্ঠা কৰি অসমৰ বৰ্ণিল আৰু চহকী সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত অহৰহভাৱে আত্মনিয়োগ কৰি আহিছে।

গৱেষকগৰাকীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ উপৰিও ভাৰত-বাংলাদেশ সীমান্তৰ পাৰ্শ্বৱৰ্তী অঞ্চলটো সত্ৰীয়া সংস্কৃতিক প্ৰচাৰ কৰি গুৰুদুজনাক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়টো প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। 

       গুৱাহাটী বিশ্ববিদ্যায়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জীতেন্দ্ৰনাথ প্ৰধানী অসম চৰকাৰৰ সাংস্কৃতিক বিষয়া হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে যদিও সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ তাড়নাত ১৯৯০ চনত সাংস্কৃতিক বিষয়াৰ পৰা অব্যাহতি লৈ সত্ৰশাল উচ্চমাধ্যমিক বিদ্যালয়ত সংস্কৃতৰ শিক্ষক হিচাপে যোগদান কৰে।

তেতিয়াৰ পৰাই তেওঁ সত্ৰশাল, ৰামৰায়কুটি সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি গুৰুদুজনাৰ আদৰ্শ আৰু দৰ্শনক অধিক জনমুখী কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈও অগ্ৰণী ভূমিকা পালন কৰি আছে।

প্ৰধানীয়ে ২০১৫ চনৰ পৰা অসম সত্ৰ মহাসভাৰ সভাপতি আৰু ২০১৯ চনৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰা অতুলনীয় পদক্ষেপ অসমৰ জাতীয় জীৱনৰ বাবে এক আদৰ্শ হৈ ৰ’ব।

প্ৰধানীয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱন পৰিক্ৰমাৰ ওপৰত সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থ সংগীত নাটক অকাডেমীয়ে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা বিজয়ী জীতেন্দ্ৰনাথ প্ৰধানী লৈ অভিনন্দন
জীতেন্দ্ৰনাথ প্ৰধানী

       সুন্দৰীদিয়া সত্ৰই ইতিমধ্যে ২০১৭-১৮ বৰ্ষত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত হৰেকৃষ্ণ মহন্ত, ২০১৯-২০ বৰ্ষত ওদালগুৰিৰ দেৱৰাজ সাপকাটা আৰু ২০২১-২২ বৰ্ষত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া প্ৰয়াত বশিষ্ঠদেৱ শৰ্মাক এই বঁটাৰে বিভূষিত কৰিছে। 

       প্ৰণিধানযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰদান কৰিবলগীয়া এই বঁটাত আছে নগদ ২১ হেজাৰ টকা, এখন মানপত্ৰ, চেলেং চাদৰ, ফুলাম গামোচা আৰু সত্ৰীয়া পাগ।

সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা বিজয়ী জীতেন্দ্ৰনাথ প্ৰধানী লৈ অভিনন্দন

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Juganta Bayan

Juganta Bayan

Related Posts

Hypertension the Silent Killer
Health

Hypertension the Silent Killer

by Dr Pranab Bhattacharyya
May 17, 2025
0

Hypertension the silent killer Dr. Pranab Jyoti Bhattacharyya Dr. Pranab Jyoti Bhattacharyya Hypertension or high blood pressure (BP) is considered...

Read moreDetails
Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025
Trump’s Criticism of Apple’s India Plans Raises Trade Tensions

Trump’s Criticism of Apple’s India Plans Raises Trade Tensions

May 16, 2025
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Ukraine’s Fight for Justice: How to Stop Russian Atrocities in 2025

Ukraine’s Fight for Justice: How to Stop Russian Atrocities in 2025

May 14, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11265 shares
    Share 4506 Tweet 2816
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    718 shares
    Share 287 Tweet 180
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    6978 shares
    Share 2791 Tweet 1745
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    963 shares
    Share 385 Tweet 241
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5324 shares
    Share 2130 Tweet 1331
  • মিচিং সমাজ আৰু সংস্কৃতি

    2830 shares
    Share 1132 Tweet 708
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2146 shares
    Share 858 Tweet 537
  • বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

    347 shares
    Share 139 Tweet 87
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3019 shares
    Share 1208 Tweet 755
  • তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

    455 shares
    Share 182 Tweet 114
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d