• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

সুস্বাস্থ্যৰ বাবে দৈনিক কিমান পানী প্ৰয়োজন

-ডাঃ মনোজ শইকীয়া

by Anjan Sarma
June 17, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
woman drinking water from glass bottle

Photo by Arnie Watkins on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ মনোজ শইকীয়া |

পানীক প্ৰাণ কোৱা হয় । আহাৰ নোখোৱাকৈ থাকিব পাৰি কিন্তূ বায়ূ আৰ পানী অবিহনে এদিনো থাকিব নোৱাৰি‌ । সেয়েহে অষ্টাঙ্গ সংগ্ৰহ নামৰ গ্ৰন্থত বৰ্ণনাকৰিছে যে–

” পানীয়ং প্ৰাণীনাং প্ৰাণা বিশ্বমেৱ চ তন্ময়ম্  ।

   ন হি  তোয়াদ্ধিনা বৃত্তি: স্বস্থস্য ব্যাধিতস্য ৱা “।।

 পানী হৈছে জীৱৰ প্ৰাণ , পৃথিৱী পানীৰে পৰিপূৰ্ণ, ৰোগী আৰু নিৰোগী সকলোকে পানীৰ প্ৰয়োজন , পানী অবিহনে কোনো জীয়াইথাকিব নোৱাৰে।

   এজন প্ৰাপ্ত বয়সৰ ব্যক্তিক প্ৰতি দিনে চাৰি লিটাৰ খোৱা পানীৰ প্ৰয়োজন ।আমাৰ শৰীৰৰ দূই-তৃতীয়াংশ পানী । পানীৰ উপকাৰীতা সমূহ হৈছ– (১) পাচন প্ৰক্ৰিয়াৰ ৰাসায়নিক পৰিৱৰ্তন কাৰ্য্য পানীয়ে সমাপন কৰে।

(২) পানীয়ে শৰীৰৰ কোষত লৱণৰ যোগান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰি ৰাখে।

(৩) পানীখালে শৰীৰৰ অতিৰিক্ত মেদ কমি ওজন হ্ৰাস পায়।

(৪) মহিলাৰ মাহেকীয়া নিয়মীয়া হয়।

(৫) শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হৈ শোধিত হয়।

(৬) হজম আৰু বিপাক ভালদৰে হয়।

(৭) বাৰ্ধক্য চাপ পলম হয়।

(৮)শৌচ-পেচাব নিয়মীয়া হয়।

(৯) পাকস্থলী, যকৃত, কিডনী আদিকৰি আভ্যন্তৰীণ কোষ্ঠ আৰু গ্ৰন্থিৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

(১০)  চুলি সৰা বন্ধ হোৱাৰ উপৰিও চুলি গজাত সহায় কৰে আৰু উফি হোৱাটো বন্ধ হয়।

(১১) শৰীৰৰ উজ্জ্বলতা বৃদ্ধি হয়।

(১২) সদায় পানী এগিলাচ খোৱাৰ পিছত গাধুলে উচ্চৰক্তচাপ কমি ৰক্তচাপ নিয়ন্ত্ৰণ হৈ স্বাভাৱিক অৱস্থালৈ আহে

(১৩)  ৰাতি শোৱাৰ আগত এগিলাচ পানী খালে হাৰ্টষ্ট্ৰোক হোৱাৰ সম্ভাৱনা  কম হয়।

(১৪)  সকলো প্ৰকাৰ কিডনী ৰোগৰপৰা পৰিত্ৰাণ পোৱা যায়।

শৰীৰে পোৱা পানীৰ উ‌ৎস

**********************

আমি খোৱা খাদ্য যেনে ভাত ,ফল-মূল , শাক-পাচলি, ফলৰ ৰস ,খোৱা পানীৰ পৰা পাও ।

শৰীৰৰ পানী নিৰ্গমন

******************

(১) মূত্ৰ ত্যাগ-১২০০ পৰা ১৫০০ মিলি লিটাৰ প্ৰতি দিনে

(২) ছালৰ জৰিয়তে-৭০০-৯০০ মিলি লিটাৰ

(৩) উশাহ-নিশাহৰ জৰিয়তে ৩০০-৪০০।মিলি লিটাৰ ।

(৪) শৌচৰ জৰিয়তে  ১৫০-২০০ মিলি লিটাৰ পানী আমাৰ শৰীৰৰ পৰা ওলাই যায় ।

ৰাতিপুৱা কুহুমীয়া গৰম পানী খাওক

******************************

আয়ুৰ্বেদিক গ্ৰন্থ অষ্টাঙ্গ হৃদয়ত উল্লেখ আছে যে–

” দীপনং পাচনং কণ্ঠয়ং লঘূষ্ণং বস্তিশোধনং   (১৬)

  হিধ্মাধ্মানানিল  শ্লেষ্মসদ্য:  শুধ্বি নৱজ্বৰে   ।

  কাসামপীনস  শ্বাসপাৰ্শ্বৰুক্ষ  চ  শস্যত ”        (১৭)

            আয়ুৰ্বেদিক শাস্ত্ৰত উল্লেখ আছে যে পূৱা কফৰ আধিক্য , দূপৰীয়া পিত্তৰ আধিক্য আৰু ৰাতি বাতৰ আধিক্য থাকে। ৰাতিপুৱা কফৰ আধিক্য থাকে বাবে গৰম পানী বা উষ্নোদক খাব লাগে। ৰাতিপুৱা সদায় একলিটাৰ কুহুমীয়া পানী খালে  পাকস্থলী আৰু খাদ্যনলী পৰিস্কাৰ হয় । কফদোষ আতৰ হয় । জ্বৰ, কণ্ঠ ৰোগ, কাহ, নাকৰ পৰা পানী ওলোৱা, বুকু আৰু পাৰ্শ্ব বিষ ভাল হয়।  যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। গেষ্ট্ৰাইটিচ আদি কৰি পেটৰ ৰোগ ভাল হয়। শৌচ-পেচাব  নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।

  আহাৰৰ লগত পানীৰ সম্পৰ্ক

*************************

অষ্টাঙ্গ হৃদয়ৰ উল্লেখ আছে যে–

” সমস্থূলকৃশা  ভূক্তমধ্যান্ত প্ৰথমাম্বুপা:”

আহাৰ খোৱাৰ আগতে পানী খালে শৰীৰ খীনাই , ভাতৰ লগত অলপ পানী খালে শৰীৰ স্বাভাৱিক অৱস্থালত থাকে আৰু আহাৰ খোৱাৰ পিছত (এঘন্টাৰ পিছত) পানী খালে স্বাস্থ্যৰ উন্নতি বা শক্তিশালী হয় ।

          বৃদ্ধ চাণক্য গ্ৰন্থত  বৰ্ণনা কৰিছে যে—

” অজীৰ্ণে ভেষজং বাৰি ,জীৰ্ণে বাৰি বলপ্ৰদম্।

  ভোজনে চামৃতং বাৰি ,ভোজনান্তে বিষপ্ৰদম্।।

            অজীৰ্ণতা হৈ থকা সময়ত পানী খালে ঔষধৰ দৰে কাম কৰে , আহাৰ হজম হোৱাৰ পিছত পানী খালে বলশক্তি বাঢ়ে , আহাৰ খোৱাৰ সময়ত এধোক দোধোক পানী খাই থাকিলে ৰুচি বাঢ়ে আৰু অমৃতৰ দৰে কামকৰে ,আহাৰ খাই লগে লগেই পানী খালে বিষতুল্য হয়।

জলশূণ্যতা কাৰণ আৰু লক্ষণ

*************************

ডায়েৰীয়া, বমিৰ উপৰিও গৰমৰ দিনত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ঘাম নিৰ্গত হয় ।  ঘামৰ লগত লৱণ শৰীৰৰ পৰা নিৰ্গত হোৱাক জলশূণ্যতা বোলা হয় । জলশূণ্যত কাৰণে পিয়াহ লাগে, মূৰ ঘূৰাই ,ছাল শোতোৰা-শোতোৰ হয় , হাত-ভৰিৰ কঁপনি উঠে আৰু সিৰামূৰি ধৰে । কেতিয়াবা অতিপাত গৰমৰ বাবে হিটষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয় ।

প্ৰতিকাৰ ৰিহাইড্ৰেছন

******************

  এদিনত আমাক ৫ গ্ৰাম নিমখ প্ৰয়োজন। শৰীৰৰ পৰা ঘামৰ লগত লৱণ ওলাই যায় বাবে অতিৰিক্ত নিমখৰ প্ৰয়োজন  হয় । সেয়েহে নিমখ যূক্ত পানী অথবা ফলৰ ৰসৰ লগত ৰুচি অনূযায়ী নিমখ মিহলাই খাব লাগে ।

নেমু চৰ্বত

*********

নেমু চৰ্বত বৰ উপকাৰী । নেমুত এচকৰ্বিক এচিড থাকে বাবে শৰীৰৰ জলশূণ্যতা আঁতৰোৱাৰ উপৰিও শৰীৰৰ অতিৰিক্ত কেলচিয়াম পেচাবৰ সৈতে বাহিৰ কৰে । সেয়েহে ই কিভনী ষ্টোনৰ পৰাও ৰক্ষা কৰে । নেমু চৰ্বতত থকা এচকৰ্বিক এচিড উত্তম এন্টিঅক্সিডেন্ট। সেয়েহে নেমু চৰ্বত খালে শ্বাস-প্ৰশ্বাস জনিত ৰোগ উপসম হয়।নেমু চৰ্বত সদায় আইনা  গিলাচত বনাই খাব । ষ্টিলৰ গিলাচত বনাই নাখাব ,কাৰণ ষ্টিল বা লোহাই নেমুৰ চৰ্বতত থকা এচকৰ্বিক এচিড শোষণ কৰিব আৰু গুণাগুণ নোহোৱা হয়।

 তেতেলী চৰ্বত

************

তেতেলীৰ চৰ্বত বৰ উপকাৰী ।তেতেলীত টাৰটাৰিক এচিড  থাকে । শৰীৰৰ বিষাক্ত পদাৰ্থ পেচাবৰ সৈতে বাহিৰ কৰে । যকৃত সুৰক্ষা কৰি ৰাখে , ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ‌। তেতেলী যকৃতৰ মহৌষধ , গলব্লাডাৰৰ কাৰ্য্য ক্ষমতা ২০% বৃদ্ধি কৰে । তেতেলী নিয়মীয়াকৈ খালে হজম শক্তি বাঢ়ে আৰু গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা কমে । তেতেলীয়ে তেজ পৰিস্কাৰ কৰাৰ উপৰিও তেজ সথিক ভাবে সঞ্চালিত  কৰে । তেতেলীৰ আন এটা গুণ হৈছে  ই শৰীৰৰ অতিৰিক্ত মেদ কমায় । সেই দৰে বেলৰ চৰ্বত খালে পুৰণি পেটৰ ৰোগ নিৰাময় হয় । কুঁহিয়াৰ ৰস , নাৰিকলৰ পানী , লচ্ছি আৰু ভীমকলৰ চৰ্বত শৰীৰৰ বাবে উপকাৰী। কিন্ত্ত কুঁহিয়াৰ ৰস ডায়েবেটিচ ৰোগীৰ বাবে অপকাৰী , তেজত চুগাৰ বাঢ়িব ।

শীতল পানীয় অপকাৰী

***************** বজাৰত পোৱা শীতল পানীয় স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী । ইয়াত মাৰাত্মক ব্ৰমিনেটেত ভিজিটেবল অইল , অত্যাধিক কাৰ্বহাইড্ৰেত, ডি,ডি,টী ; কাৰ্বন আৰু নানা প্ৰকাৰ খতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে‌। শীতল পানীয় খালে যকৃত, অগ্ণাশয়, কিডনী, হাড় , দাঁত আৰু খাদ্যনলীৰ ক্ষতি কৰে । উল্লেখযোগ্য যে এটা শীতল পানীয় বটলত মানুহৰ দাঁত এটা এমাহ ভৰাই ৰাখিলে দাঁতটো গলি নোহোৱা হয় । গতিকে চিন্তা কৰি চাওক, কোনবিধ আপুনি খাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: পানীসুস্বাস্থ্য
Anjan Sarma

Anjan Sarma

Related Posts

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation
food

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

by Rituraj Phukan
September 7, 2026
0

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation RITURAJ PHUKAN The first Global...

Read moreDetails
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

September 5, 2026
Who Decided We Should Eat Three Meals a Day?

Who Decided We Should Eat Three Meals a Day?

September 3, 2026
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

September 3, 2026
The Brahmaputra Sings: An Unwavering Voice of Tezpur

The Brahmaputra Sings: An Unwavering Voice of Tezpur

August 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d